অসমৰ পুৰণি খেল-ধেমালি 


আৰ্হি প্ৰশ্ন ঃ

১) চমু উত্তৰ দিয়া-

(ক) বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিয়া হৈছিল ।

খ) প্ৰথম আহোম ৰজাজনৰ নাম লিখা ।

উত্তৰঃ প্ৰথম আহোম ৰজাজনৰ নাম হল- চ্যুকাফা ।

গ) চীনত ছু-চু খেলাৰ প্ৰচলন থকাৰ সময়ত অসমত কিকি খেলৰ প্ৰচলন আছিল ?

উত্তৰঃ চীনত ছু-চু খেলাৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ, কড়ী যুঁজ আদি খেলৰ প্ৰচলন আছিল।

ঘ) ক্ৰীড়া কি ?

উত্তৰঃ ক্ৰীড়া হল এক আনন্দ, শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্ৰকাশ ।

ঙ) ' বিহু আকৌ আহিল ' গ্ৰন্থখন কোনে ৰছনা কৰিছিল ?

উত্তৰঃ  ' বিহু আকৌ আহিল ' গ্ৰন্থখন হেম বৰগোহাঞিয়ে ৰছনা কৰিছিল ।

চ) শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি কৰবালৈ গুচি যায়, তেন্তে শেনৰ গৰাকীক কি কৰা হৈছিল ? 

উত্তৰঃ শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি কৰবালৈ গুচি যায়, তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল ।

ছ) কণুৱা চৰাইৰ প্ৰিয় খাদ্য কি ?

উত্তৰঃ কণুৱা চৰাইৰ প্ৰিয় খাদ্য হল - মাছ ।

জ) ধেমনা খেল কেতিয়া অনুষ্ঠিত হয় ?

 উত্তৰঃ ধেমনা খেল শীতকালত অনুষ্ঠিত হয় ।

২) আহোম যুগৰ কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল তাৰ এটি চমু বৰ্ণনা দিয়া ।

উত্তৰঃ আহোম যুগৰ ৰুদ্ৰসিংহৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল। আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্ৰীড়াৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল।

৩) বিহু আৰু ক্ৰীড়াৰ মাজত সম্পৰ্ক আছেনে ? অসমীয়া জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ ঐতিহাসিক সম্পৰ্ক কেনেকুৱা- এই সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দেখা যায় যে বিহু আৰু ক্ৰীড়াৰ মাজত সম্পৰ্ক যুগমীয়া। কৃষিজীৱী লোকসকলে ধান কাটি বিহুৰ আনন্দত মতলীয়া হৈ কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কড়ি যুঁজ আদি খেল অনুষ্ঠিত কৰিছিল। ক্ৰীড়া হল আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্ৰকাশ। এই তিনিওটাৰ ওপৰত লক্ষ্য ৰাখি অসমীয়া জাতিয়ে বিভিন্ন খেল খেলিছিল।

    বিহুৰ মাজেৰে অসমৰ ক্ৰীড়াই শৈশৱত ভৰি দিলেও আহোম যুগত ক্ৰীড়াই গা কৰি উঠিছিল। আহোম স্বৰ্গদেউ বা ৰাজপৰিয়ালৰ পৰা খেলক যিদৰে পৃষ্ঠপোষকতা আগবঢ়োৱা হৈছিল, সেয়া বৰ্তমানৰ চৰকাৰেও আগবঢ়োৱা নাই।

৪) শেল মেলা কেতিয়া অনুষ্ঠিত হয় । সেই মেলাৰ বিশেষত্ব কি তাৰ বৰ্ণনা দিয়া ।

উত্তৰঃ শেন মেলা শীতকালত অনুষ্টিত হয়। শেন মেলাত শেনটোৱে যুঁজি যুঁজি এটা মৰা কণুৱাক ঠোটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে তললৈ নামি আহে। এনে সময়তে দুজন শেনচোৱাই এখন কাপোৰ মেলি ধৰে আৰু শেন আৰু প্ৰাণহীন কণুৱাটো কাপোৰত পৰে। এই শেন মেলাত কৃতিত্ব দেখুওৱা শেনৰ গৰাকীক বঁটা দিয়াৰ ব্যৱস্থা কৰা হয়। মাঘ মাহৰ পৰা বহাগ মাহলৈ অনুষ্ঠিত এই শেন মেলাত যদি শেন চৰাইটোৱে কণুৱাৰ সৈতে যুজঁ নকৰি কৰবালৈ পলাই যায় তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হয়।

৫) অসমৰ কোনবিধ খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত ?

উত্তৰঃ  অসমৰ হাউগুদু খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত।

৬) ঢোপ খেলৰ প্ৰচলন কত, কেনেকৈ হৈছিল বৰ্ণন কৰা ।

উত্তৰঃ ঢোপ খেলৰ জন্ম কত হৈছিল সেয়া কোনেও কব নোৱাৰে। এইবিধ খেল যে আহোম যুগতো জনপ্ৰিয় আছিল তাৰ অলেখ উদাহৰণ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰক্ষ নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহল ।


Type - Leena Kakati

Author - Leena Kakati