অধ্য়ায় : 2
এটা চলযুক্ত ৰৈখিক সমীকৰণ
অনুশীলনী-2 (C)
1. এটা আয়তৰ পৰিসীমা 90 চেমি আৰু ইয়াৰ প্ৰস্থ 15 চেমি। আয়তটোৰ দৈৰ্ঘ্য কিমান?
2. দুটা সংখ্যাৰ যোগফল 120। যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ তেন্তে সংখ্যা দুটা কি কি?
3. এটা পৰিমেয় সংখ্যা
। ইয়াৰ সমান হ'বলৈ
ৰ তিনিগুণৰ লগত কি সংখ্যা যোগ দিব লাগিব?
6. এটা আয়তাকাৰ ক্ষেত্ৰৰ দীঘ, প্রস্থৰ তিনিগুণ আৰু ক্ষেত্রফল 192 বর্গ মিটাৰ। এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট এটি বর্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্রফল আয়তাকাৰ ক্ষেত্ৰটোৰ ক্ষেত্রফলতকৈ কিমান বেছি হ’ব নিৰ্ণয় কৰা।
7. বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি 46 বছৰ। পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বছৰ বেছি। কাৰ বয়স কিমান?
৪. দুটা পূর্ণ সংখ্যার অনুপাত 3:5। যদি সিহঁতৰ সমষ্টি 160 তেন্তে সংখ্যা দুটা কি কি? 9. 7ৰ তিনিটা ক্ৰমিক গুণিতকৰ যোগফল 105 হ'লে সেই গুণিতককেইটা কি কি?
10. দুজন ব্যক্তি A আৰু B। Aৰ বৰ্তমান বয়স Bৰ বৰ্তমান বয়সৰ দুগুণ। 6 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ’ব 9:5। A আৰু Bৰ বৰ্তমান বয়স কিমান?
11. এটা সংখ্যাৰ 7 গুণৰ পৰা আন এটা সংখ্যাৰ 5 গুণ বিয়োগ কৰিলে বিয়োগফলটো প্রথম সংখ্যাটোৰ 4 গুণৰ সমান হয়। যদি সংখ্যা দুটাৰ যোগফল ৪ তেন্তে সেই সংখ্যা দুটা কি কি?
12. ঊর্ধ্বক্রমত থকা তিনিটা ক্রমিক পূর্ণ সংখ্যাক ক্ৰমে 5, 4 আৰু 3ৰে পূৰণ কৰিলে যি সংখ্যাকেইটা পোৱা গ'ল সেইকেইটাৰ সমষ্টি 142 হলে পূর্ণ সংখ্যাকেইটা নিৰ্ণয় কৰা।
13. 100 টকীয়া, 50 টকীয়া আৰু 10 টকীয়া নোট মিলি এজন মানুহৰ হাতত থকা টকাৰ পৰিমাণ 5,50,000 টকা। যদি এই নোটবিলাকৰ অনুপাত ক্ৰমে 3 : 4 : 5 তেন্তে প্ৰতিটো ভাগৰ কিমান সংখ্যক নোট মানুহজনৰ হাতত আছিল?
14. এখন ৰে'লগাড়ীয়ে বাটৰ কাষত থকা এটা চিগনেল পষ্ট অতিক্ৰম কৰিবলৈ 5 ছেকেণ্ড সময় লয় আৰু 540 মিটাৰ দীঘল দলং এখন অতিক্ৰম কৰিবলৈ 15 ছেকেণ্ড সময় লয়। ৰে'লগাড়ীখনৰ দীঘ আৰু গতিবেগ উলিওৱা।