Chapter 1 

মনু আৰু কৌটিল্য (Manu and Kautilya)


প্রশ্নাৱলী 


১। অতি চমু প্রশ্নৰ উত্তৰ লিখা । (১/২ নম্বৰ) 

(ক) মনু কোন আছিল ? 

উত্তৰঃ মনু হ’ল জ্ঞান আৰু সহানুভুতিৰ প্ৰতীক।


(খ) মনু ৰচিত বিখ্যাত গ্রন্থখনৰ নাম কি ? 

উত্তৰঃ মনু ৰচিত বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল মনুস্মৃতি।


(গ) হিন্দু সামাজিক শৃংখলাক আইনগত ৰূপ দিয়া ব্যক্তিগৰাকীৰ নাম কি ? 

উত্তৰঃ হিন্দু সামাজিক শৃংখলাক আইনগত ৰূপ দিয়া ব্যক্তিগৰাকীৰ নাম হ'ল মনু।


(ঘ) মনুৱে সমাজক কি চাৰিটা বৰ্ণত ভাগ কৰিছে উল্লেখ কৰা । 

উত্তৰঃ মনুৱে মানৱ সমাজক চাৰিটা ভাগত বিভক্ত কৰা বৰ্ণ কেইটা হ’ল ব্রাহ্মণ ক্ষত্রিয় বৈশ্য আৰু শুদ্ৰ।


(ঙ) মনুৱে সমাজত কি কি শ্রেণীক ক্রম অনুসৰি নিম্ন মর্যাদা প্রদান কৰিছে ? 

উত্তৰঃ মনুৱে সামাজিক শৃংখলা অনুসৰি মহিলাসকলক এক ভিন্ন প্ৰকৃতিৰ স্থান দিছে। মনুৱে এগৰাকী মহিলাক ঘৰখনৰ প্ৰকৃত 

তত্ত্বাৱধায়ি হিচাপে তেওঁৰ ওপৰত বৃহৎ দায়িত্ব অৰ্পণ কৰিছে আৰু 

ঘৰখনৰ মুকুটবিহীন সম্রাজ্ঞী বুলিও অভিহিত কৰিছে। কিন্তু সমাজত 

মহিলাৰ কোনো স্বাধীনতা নাই। এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে 

বৈদিক যুগত সমাজত মহিলাৰ স্থান পুৰুষৰ সমানে আছিল আৰু 

গাৰ্গী মৈত্রেয়ী বাচাক্‌ভী ( Vachaknavi ) আদি মহিলাই যজ্ঞবাল্ক্য 

আদি দার্শনিকৰ সৈতে দৰ্শনৰ আলোচনাত অংশগ্ৰহণ কৰি বৈদিক 

সাহিত্য অধ্যয়ন কৰিছিল। কিন্তু মনুৱে মহিলাসকলক পৰিয়াল আৰু 

সন্তানৰ ৰক্ষণাবেক্ষণৰ কাৰণেহে সন্মান কৰিব লাগে বুলি মত প্ৰকাশ 

কৰিছে৷ পত্নীক পৰিয়ালৰ বৈষয়িক আৰু আৰ্থিক দিশৰ কৰ্তৃত্বহে 

প্ৰদান কৰিব লাগে। পৰিয়ালত মনুৱে পুৰুষজনৰ তুলনাত মহিলা 

গৰাকীৰ স্থান উচ্চত ৰাখিছে। কিন্তু মনুৰ অন্য কেতবোৰ শ্লোকৰ 

মতে যদি কোনো পত্নীয়ে তেওঁৰ স্বামীক অৱমাননা কৰে তেনেহলে 

তেওঁ বহুতো বেমাৰ আজাৰত আক্রান্ত হ’ব। অর্থাৎ ঘৰখনৰ সকলো 

কাৰ্য পৰিচালনা কৰা দায়িত্ব মহিলাগৰাকীৰ হাতত থাকিলেও সমাজত ।তেওঁৰ কোনো স্থান নাই। মনুৱে বৰ্ণনা কৰা সামাজিক শৃংখলা এক 

ব্যাপক অসমতাৰে চিহ্নিত হোৱা সামাজিক অনুষ্ঠানৰ ভেটিত 

প্রতিষ্ঠিত। এনে সামাজিক ব্যৱস্থাই সামাজিক অধিক্ৰমৰ সৃষ্টি কৰি 

শূদ্ৰ বৰ্ণসংকৰ আৰু মহিলাক সকলো ফালৰে পৰা বঞ্চিত কৰিছে। 

গতিকে মনুৱে সমাজত মহিলাৰ স্থান অতি নিম্ন পর্যায়ত ৰাখিছে।


(চ) চণ্ডাল আৰু বর্ণসংকৰ বুলিলে মনুৱে কাক বুজাইছে ? 

উত্তৰঃ  মনুৱে শূদ্ৰসকলতকৈও নিম্ন স্থানত ৰখা আন এক শ্রেণী হ’ল চণ্ডাল বা বৰ্ণসংকৰ লোক। যেতিয়া নিম্ন বৰ্ণৰ মহিলা এগৰাকীৰ এক 

উচ্চ বৰ্ণৰ পুৰুষৰ সৈতে বৈবাহিক সম্পর্ক গঢ় লৈ উঠে তেতিয়া 

তেওঁলোকৰ সন্তানক চণ্ডাল বা বৰ্ণসংখ্যাৰ আখ্যা দিয়া হয়। এনে 

লোকে গাঁৱৰ বাহিৰত বাস কৰিব লাগে ৷ জাতিবহির্ভুত এনে 

লোকসকলক অনগ্ৰসৰ নিষ্ঠুৰ লোক হিচাপে মনুৱে চিহ্নিত 

কৰিছে।


২। বহলাই উত্তৰ লিখা (৮/১০ নম্বৰ) 

(ক) 'মনুস্মৃতিৰ' বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ মনুস্মৃতি মনুৰ এক প্রজ্ঞাসম্পন্ন অতুলনীয় গ্রন্থ। সামাজিক আৰু ধৰ্মীয় গ্ৰন্থ হিচাপে হিন্দুসকলৰ প্ৰতিটো কালৰে বাবে মনুস্মৃতিৰ এক অভিনৱ মহত্ত্ব আছে। মনুস্মৃতি সামাজিক ধৰ্মীয় আৰু ৰাষ্ট্ৰীয় কাৰ্যৰ এক অতি গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈ আহিছে। এই গ্ৰন্থই পুৰণি ভাৰতবৰ্ষৰ আইনক এক শ্রেণীভুক্ত কৰিছে আৰু ই সামাজিক শৃংখলা চৰকাৰ দ্বণ্ড আইন আৰু ন্যায়ক ৰাজনৈতিক তত্ত্বত নতুনকৈ সংযোজন কৰিছে। মনুস্মৃতিয়ে প্রশাসনীয় ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে।


(খ) মনুৱে তৈয়াৰ কৰা সামাজিক শৃংখলাৰ ক্রম অনুসৰি বৰ্ণসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ মনুৱে মানৱ সমাজক বিভক্ত কৰা বৰ্ণ কেইটা হ’ল ব্রাহ্মণ ক্ষত্রিয় বৈশ্য আৰু শুদ্ৰ। তেওঁৰ মতে সৃষ্টিকৰ্তাৰ মুখৰ পৰা ব্ৰাহ্মণ বাহুৰ পৰা ক্ষত্রিয় উৰুৰ পৰা বৈশ্য আৰু ভৰিৰ পৰা শূদ্ৰ বৰ্ণৰ সৃষ্টি হৈছে। এই সম্পৰ্কত মনুৱে এক কঠোৰ পদ্ধতিৰ উদ্ভাৱন কৰি ইয়াক সমাজৰ আইনত পৰিণত কৰে। তেওঁ ব্রাহ্মণ বর্ণজাত লোকক উচ্চ স্থান দিছে আৰু ৰজাতকৈও তেওঁলোকৰ স্থান উচ্চ বুলি স্বীকৃতি দিছে। আনহাতে শূদ্ৰ বৰ্ণৰ লোকক সামাজিক শৃংখলা অনুসৰি সকলোতকৈ অৱহেলিত নিম্নখাপৰ বৰ্ণ হিচাপে চিহ্নিত কৰিছে। সামাজিক শৃংখলা অনুসৰি মনুৱে সৃষ্টি কৰা বৰ্ণকেইটাৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল।

ব্ৰাহ্মণঃ

      নুৰ মতে সকলো মনুষ্যৰে শীৰ্ষত হ’ল ব্ৰাহ্মণসকলৰ স্থান। ব্রাহ্মণসকল হ’ল আইনৰ দ্বাৰা সৃষ্টি হোৱা শ্বাশ্বত লোক। শিক্ষাদান অধ্যয়ন ত্যাগ আৰু পুৰোহিত হিচাপে অন্যৰ কাৰণে ত্যাগ কৰাই হ’ল ব্ৰাহ্মাণসকলৰ মুখ্য কর্ম। ধর্ম ৰক্ষাৰ কাৰণে ব্ৰাহ্মণ থাকে আৰু বেদ বাহ্মণসকলৰ অর্থেই আছে। ব্রাহ্মণ এজনে সকলো প্ৰাণীতকৈ উচ্চ হিচাপে জন্ম গ্রহণ কৰি ধৰ্ম ৰক্ষা কৰে। অর্থাৎ জন্মগতভাৱে ব্রাহ্মণসকলে পৃথিৱীৰ সকলো সম্পদৰ গৰাকী। ব্রাহ্মণসকলে পবিত্র উপনয়ন প্রথা মানে আৰু তেওঁলোকক দ্বিজ বোলা হয়। মনুৰ মতে এজন ব্ৰাহ্মণ হ’ল আইনৰ ব্যাখ্যা কৰ্ত্তা আৰু সেই কাৰণে ব্ৰাহ্মণ এগৰাকীয়ে পবিত্র আইন অতি যত্ন সহকাৰে অধ্যয়ন কৰিব লাগে। তেওঁ ব্রাহ্মণসকলক অন্য বৰ্ণৰ সৈতে বৈবাহিক সম্পর্ক স্থাপন কৰাত বাধা আৰোপ কৰিছে । এজন ব্রাহ্মণে ব্রাহ্মণ পৰিয়ালৰ কন্যাৰ লগত বৈবাহিক সম্পর্ক কৰিব পাৰে । ব্রাহ্মণ এজনে পৱিত্ৰতা ৰক্ষা কৰি বৈদিক নীতি নিয়ম মানি চলিব লাগিব । অন্যথা তেওঁ এজন কৃতী ব্ৰাহ্মণ হ’ব নোৱাৰিব । এজন ব্ৰাহ্মণৰ বাবে এইবোৰ হ’ল প্রধান নীতি। এজন প্ৰকৃত ব্ৰাহ্মণেহে ৰজাৰ পথ প্ৰদৰ্শক হ’ব পাৰে। ৰজাই ব্ৰাহ্মণসকলৰ প্ৰতি শ্রদ্ধাশীল হ’ব লাগিব।

       ব্ৰাহ্মণসকলৰ প্ৰতি মনু এনেদৰে পক্ষপাতিত্ব প্ৰদৰ্শন কৰি কৈছিল যে অগ্নি যেনেকৈ শ্মশানস্থলীত পৱিত্ৰ হৈ থাকে ব্রাহ্মণ এজন অজ্ঞ অথবা বিজ্ঞ মহৎ বা নীচ যেনে ধৰণৰ জীৱিকা নির্বাহৰ পথ গ্রহণ নকৰক তেওঁ সদায়ে শ্মশানস্থলীৰ অগ্নিৰ নিচিনা পবিত্ৰ। এনেদৰে মনুৱে ব্রাহ্মণসকলক প্ৰদান কৰা শ্রেষ্ঠ স্থানে আধুনিক যুগতো বিৰূপ প্রতিক্রিয়া প্ৰকাশ কৰি আহিছে। 


(গ) মনুৱে কোন বর্ণৰ মানুহক তেওঁৰ সামাজিক ক্রমত উচ্চ আৰু কাক নিম্ন আৰু অতি নিম্ন বৰ্ণৰ লােক বুলি উল্লেখ কৰিছে আৰু এই বৰ্ণৰ লােকৰ কৰণীয় কি কি বুলি কৈছে চমুকৈ লিখা ? 

উত্তৰঃ মনুৱে মান্যতা দিয়া আইনত শূদ্ৰ বৰ্ণই সবাতোকৈ নিম্ন স্থানত থাকে। শূদ্র সকলে আন তিনিওটা বৰ্ণৰ মানুহলৈ সেৱা আগবঢ়াব লাগে। আন তিনিও বৰ্ণৰ লোকে সুবিধা পাইছে যদিও শূদ্ৰ বৰ্ণৰ লোক সদায় সকলো দিশতে বঞ্চিত। শূদ্রসকল দ্বিজ নহয়। কোনো ধৰণৰ পবিত্ৰ নীতিৰ জ্ঞান লাভৰ অধিকাৰ তেওঁলোকৰ নাই। প্লেটো আৰু এৰিষ্টটলে শাৰীৰিকভাৱে কষ্ট কৰা শ্রমিকৰ স্থান অৱনমিত কৰাৰ নিচিনাকৈ মনুৱেও শূদ্ৰবৰ্ণৰ লোকৰ গুৰুত্বৰ অৱনমিত কৰিছে। তেওঁৰ মতে শূদ্ৰসকলে কেতিয়াও এক সুস্থিৰ সমাজ গঠন কৰিব নোৱাৰে।

      মনুৱে সামাজিক শৃংখলা অনুসৰি মহিলাসকলক এক ভিন্ন প্ৰকৃতিৰ স্থান দিছে। মনুৱে এগৰাকী মহিলাক ঘৰখনৰ প্ৰকৃত তত্ত্বাৱধায়ি হিচাপে তেওঁৰ ওপৰত বৃহৎ দায়িত্ব অৰ্পণ কৰিছে আৰু ঘৰখনৰ মুকুটবিহীন সম্রাজ্ঞী বুলিও অভিহিত কৰিছে। কিন্তু সমাজত মহিলাৰ কোনো স্বাধীনতা নাই। এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে বৈদিক যুগত সমাজত মহিলাৰ স্থান পুৰুষৰ সমানে আছিল আৰু গাৰ্গী মৈত্রেয়ী বাচাক্‌ভী ( Vachaknavi ) আদি মহিলাই যজ্ঞবাল্ক্য আদি দার্শনিকৰ সৈতে দৰ্শনৰ আলোচনাত অংশগ্ৰহণ কৰি বৈদিক সাহিত্য অধ্যয়ন কৰিছিল। কিন্তু মনুৱে মহিলাসকলক পৰিয়াল আৰু সন্তানৰ ৰক্ষণাবেক্ষণৰ কাৰণেহে সন্মান কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে৷ পত্নীক পৰিয়ালৰ বৈষয়িক আৰু আৰ্থিক দিশৰ কৰ্তৃত্বহে প্ৰদান কৰিব লাগে। পৰিয়ালত মনুৱে পুৰুষজনৰ তুলনাত মহিলা গৰাকীৰ স্থান উচ্চত ৰাখিছে। কিন্তু মনুৰ অন্য কেতবোৰ শ্লোকৰ মতে যদি কোনো পত্নীয়ে তেওঁৰ স্বামীক অৱমাননা কৰে তেনেহলে তেওঁ বহুতো বেমাৰ আজাৰত আক্রান্ত হ’ব। অর্থাৎ ঘৰখনৰ সকলো কাৰ্য পৰিচালনা কৰা দায়িত্ব মহিলাগৰাকীৰ হাতত থাকিলেও সমাজত তেওঁৰ কোনো স্থান নাই। মনুৱে বৰ্ণনা কৰা সামাজিক শৃংখলা এক ব্যাপক অসমতাৰে চিহ্নিত হোৱা সামাজিক অনুষ্ঠানৰ ভেটিত প্রতিষ্ঠিত। এনে সামাজিক ব্যৱস্থাই সামাজিক অধিক্ৰমৰ সৃষ্টি কৰি শূদ্ৰ বৰ্ণসংকৰ আৰু মহিলাক সকলো ফালৰে পৰা বঞ্চিত কৰিছে। গতিকে মনুৱে সমাজত মহিলাৰ স্থান অতি নিম্ন পর্যায়ত ৰাখিছে।


(ঘ) মনুৱে গার্হস্থ্য জীৱনত মহিলাৰ ভূমিকা কেনেদৰে স্থিৰ কৰিছে লিখা ।

উত্তৰঃ এই উত্তৰ টো ৩৩ নম্বৰ পিষ্ঠাৰ পৰা ৩৫ নম্বৰ পেজৰ ভিতৰত আছে।


(ঙ) মনুৱে সমাজত মহিলাৰ স্থান কেনে হােৱা উচিত বুলি বিবেচনা কৰিছে বর্ণনা কৰা । 

উত্তৰঃ মনুৱে সামাজিক শৃংখলা অনুসৰি মহিলাসকলক এক ভিন্ন প্ৰকৃতিৰ স্থান দিছে। মনুৱে এগৰাকী মহিলাক ঘৰখনৰ প্ৰকৃত তত্ত্বাৱধায়ি হিচাপে তেওঁৰ ওপৰত বৃহৎ দায়িত্ব অৰ্পণ কৰিছে আৰু ঘৰখনৰ মুকুটবিহীন সম্রাজ্ঞী বুলিও অভিহিত কৰিছে। কিন্তু সমাজত মহিলাৰ কোনো স্বাধীনতা নাই। এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে বৈদিক যুগত সমাজত মহিলাৰ স্থান পুৰুষৰ সমানে আছিল আৰু গাৰ্গী মৈত্রেয়ী বাচাক্‌ভী ( Vachaknavi ) আদি মহিলাই যজ্ঞবাল্ক্য আদি দার্শনিকৰ সৈতে দৰ্শনৰ আলোচনাত অংশগ্ৰহণ কৰি বৈদিক সাহিত্য অধ্যয়ন কৰিছিল।


৩। অতি চমু প্রশ্নৰ উত্তৰ লিখা । (১/২ নম্বৰ) 

(ক) কৌটিল্যৰ “অর্থশাস্ত্র” কোনে, কোন চনত আৱিষ্কাৰ কৰে ?

উত্তৰঃ ভাৰতবৰ্ষত ১৯০৪ চনত ড° আৰ. কে. শৰ্মা শাস্ত্ৰী নামৰ পণ্ডিত গৰাকীয়ে কৌটিল্যৰ“ অৰ্থশাস্ত্ৰ ” আবিষ্কাৰ কৰি ১৯০৯ চনত অৰ্থশাস্ত্ৰ” প্ৰকাশ কৰি উলিয়ায়।


(খ) কৌটিল্যক আন কি কি নামেৰে জনা যায় ? 

উত্তৰঃ কৌটিল্যক চাণক্য নামেৰে জনা গৈছিল।


(গ) কোন সাম্রাজ্যৰ কোন ৰজাৰ তেওঁ বন্ধু, দার্শনিক আৰু পৰিচালক আছিল ? 

উত্তৰঃ মৌৰ্য্য সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত মৌর্যৰ তেওঁ বন্ধুদাৰ্শনিক আৰু পৰিচালক (Friend, Philosopher and guide) আছিল। 


(ঘ) ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ পিতৃ কোন ? 

উত্তৰঃ গ্রীক দার্শনিক এৰিষ্টটলৰ নিচিনাকৈ কৌটিলাইও ৰাজনীতিক শ্রেষ্ঠ বিজ্ঞান আৰু শ্রেষ্ঠ কলা বুলি বিবেচনা কৰিছিল। তেওঁক ভাৰতীয় ৰাজনৈতিক চিন্তাদ পিতৃ হিচাপে আখ্যা দিব পাৰি।


(ঙ) কৌটিল্য 'ৰাষ্ট্রবিদ্যা (State Craft) আখ্যা দিয়া গ্রন্থখনৰ নাম কি ?

উত্তৰঃ কৌটিলা ৰচিতঅর্থশাস্ত্ৰনামৰ গ্ৰন্থখন চৰকাৰী প্ৰশাসনৰ হাতপুথি বুলিব পাৰি।


(চ) ৰাষ্ট্ৰৰ সপ্তাঙ্গ বুলি কৌটিল্যই কি বুজাইছিল ? 

উত্তৰঃ কৌটিল্যৰ ৰাষ্ট্ৰৰ সপ্তাঙ্গৰ অন্তৰ্গত ৰাজ্যক্ষেত্ৰ শব্দটোৱে ৰাজ্যক্ষেত্ৰৰ প্ৰকৃতিৰ কথা বুজোৱাৰ লগতে ৰাষ্ট্ৰৰ জনসংখ্যাৰ কথাও বুজাইছে।


৪। উত্তৰ লিখা (৮/১০ নম্বৰ) 

(ক) কৌটিল্যৰ এটি চমু পৰিচয় দাঙি ধৰা । 

উত্তৰঃ ভাৰতবৰ্ষত ১৯০৪ চনত ড° আৰ. কে. শৰ্মা শাস্ত্ৰী নামৰ পণ্ডিত গৰাকীয়ে কৌটিল্যৰ “অৰ্থশাস্ত্ৰ” আবিষ্কাৰ কৰি ১৯০৯ চনত “অৰ্থশাস্ত্ৰ” প্ৰকাশ কৰি উলিয়ায়। ইয়াৰ লগে লগে ভাৰতবৰ্ষ অতীজৰে পৰা ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত যে বহুদিশৰে পৰাই আগবঢ়া আৰু নানা বিশ্লেষণাত্মক দৃষ্টিভংগীৰে পৰিপুষ্ট সেই কথা প্রমাণিত হ’ল। কৌটিল্য– চাণক্য আৰু বিষ্ণুগুপ্ত এই দুই নামেৰেও প্রখ্যাত। তেওঁ কেৱল অর্থনীতিবিদ হিচাপেই নহয় বিদগ্ধ ৰাজনৈতিক পণ্ডিত হিচাপেও জনাজাত।

(খ) কৌটিল্যই আগবঢ়োৱা ৰাষ্ট্রৰ সপ্তাঙ্গ তত্ত্ব সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ কৌটিলাই ৰাষ্ট্ৰ সম্পৰ্কে আগবঢ়োৱা সপ্তাঙ্গ তত্ত্ব তেওঁৰ এক উল্লেখযোগ্য অৱদান।' অর্থশাস্ত্র' গ্রন্থখনত কৌটিল্যই ৰাষ্ট্ৰত এজন শাসকে তেওঁৰ ৰাজাৰ সুৰক্ষাৰ বাবে কেনে দায়িত্ব পালন কৰিব সেই বিষয়ে উল্লেখ কৰাৰ উপৰিও শাসকজনে নিজ সাম্ৰাজ্যৰ পৰিধি বিসতিৰ কাৰণে কি নীতি আৰু উপায় অবলম্বন কৰিব তাৰে বৰ্ণনা কৰিছে। অর্থশাস্ত্ৰৰ প্ৰথম খণ্ডত কৌটিলাই ৰাষ্ট্ৰৰ প্ৰশাসন সম্বন্ধে আৰু দ্বিতীয় খণ্ডত সাম্রাজ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে অন্য দেশৰ লগত সম্পর্ক স্থাপন কৰা বিষয়টোৰ ওপৰত গুৰুত্ব দিছে। 


(গ) কৌটিল্যই ৰাষ্ট্রৰ লক্ষ্য কি হােৱা উচিত বুলি বিবেচনা কৰিছে লিখা। 

উত্তৰঃ কৌটিল্যই অৰ্থশাস্ত্ৰত ৰাষ্ট্ৰৰ দুটা মূল লক্ষ্যৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে ৰাষ্ট্ৰৰ প্ৰথমটো লক্ষ্য হৈছে এজন শাসকে তেওঁৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে কি কি কৰা উচিত আৰু দ্বিতীয় লক্ষ্য হ’ল কি নীতি আৰু উপায়েৰে তেওঁ নিজ ৰাজ্যৰ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে। কৌটিল্যৰ মতে এই দুই লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰ এখন সুস্থ ৰাজনীতিৰ দ্বাৰা পৰিচালিত হ’ব লাগিব ৷ 

  কৌটিল্যৰ মতে ৰাষ্ট্ৰই নিজ লক্ষ্যত উপনীত হ’বৰ বাবে তিনিটা দিশৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এই দিশকেইটা হ’ল ধৰ্ম , অৰ্থ আৰু কাম ৷ 
  ধৰ্মঃ ৰাষ্ট্ৰই নিজ ধর্ম মতে জনসাধাৰণে তেওঁলোকৰ নৈতিক আৰু ধাৰ্মিক কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰিছে নে নাই সেইটো লক্ষ্য কৰিব লাগে। এনে কর্তব্য পালন নকৰা লোকক ৰাষ্ট্ৰই শাস্তি প্রদান কৰিব লাগে। সমাজৰ কল্যাণ সাধন কৰাই হ’ল ৰাষ্ট্ৰৰ এক অন্যতম ধৰ্ম। 

অর্থঃ সমাজত বসবাস কৰা ব্যক্তিয়ে নিজৰ পৰিয়ালৰ ভৰণ - পোষণ দিবলৈ সমৰ্থবান হ’ব লাগে । তেনে সমর্থবান ব্যক্তিয়ে সমাজৰ কল্যাণ সাধন কৰিব লাগে ৷ গতিকে ৰাষ্ট্ৰৰ ধৰ্ম হ’ল জনসাধাৰণে এনেদৰে সমাজৰ কল্যাণ কৰিবলৈ যোগ্য হৈছে নে নাই তাৰ প্ৰতি লক্ষ্য ৰখা৷

কামঃ ৰাষ্ট্ৰৰ আন এক ধৰ্ম হ’ল নিজ লক্ষ্যত উপনীত হ’বৰ বাবে সমাজৰ কল্যাণৰ অৰ্থে কাম কৰি নাগৰিকসকলৰ আশা আকাংক্ষা পূৰণ কৰা। নাগৰিকে তেনে সুবিধা পালে সুখী জীৱন - যাপন কৰিব পাৰিব। 

এনেদৰে কৌটিল্যই ৰাষ্ট্ৰৰ লক্ষ্য ধৰ্ম , অৰ্থ আৰু কাম বুলি উল্লেখ কৰিছে আৰু ইয়াৰ জৰিয়তে ৰষ্ট্ৰত বসবাস কৰা জনসাধাৰণে যাতে উন্নত মানৰ জীৱন যাপন কৰিব পাৰে সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। 


(ঘ) কৌটিল্যই ৰাষ্ট্ৰৰ কাৰ্যৱলী কেনে ধৰণৰ হােৱা উচিত বুলি বর্ণনা কৰিছে আলােচনা কৰা । 

উত্তৰঃ কৌটিল্যই ৰাষ্ট্ৰ এখনৰ কাৰ্য কেবল ৰাজনৈতিক দিশতে সীমাবদ্ধ কৰি ৰখা নাই। প্ৰথমতে , তেওঁ ৰাষ্ট্ৰৰ প্ৰধান কাৰ্য হিচাপে ৰাষ্ট্ৰই নিজকে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়ো দিশতে সুৰক্ষা দিব লাগে বুলি উল্লেখ কৰিছে। তেওঁৰ মতে ৰাষ্ট্ৰৰ চাৰিসীমা সুৰক্ষিত ৰখা আৰু ধৰ্ম ৰক্ষা কৰা এই দুটা কাৰ্য অতি গুৰুত্বপূৰ্ণ। আভ্যন্তৰীণ অশান্তিৰ পৰা ৰাষ্ট্ৰই নিজকে মুক্ত ৰখাৰ উপৰিও বাহ্যিক ক্ষেত্ৰতো বহিঃ শত্ৰুৰ আক্ৰমণ বা ভাবুকিৰ পৰা ৰাষ্ট্ৰক ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছে। 

  দ্বিতীয়তে, কৌটিল্যই জনসাধাৰণৰ সুখী জীৱন নিৰ্বাহৰ কাৰণে পুৰণি ৰীতি-নীতি, পৰম্পৰা আৰু ধৰ্ম ৰক্ষা কৰি চলাৰ ওপৰতো গুৰুত্ব দিছে। শান্তিপূর্ণ আৰু সুখী জীৱন যাপনৰ বাবে সামাজিক নিয়ম শৃংখলা অতি অর্থবহ বুলি তেওঁ বিবেচনা কৰিছে। ৰাষ্ট্ৰই নাগৰিকক এনেবোৰ বিষয়ত সুবিধা প্রদান কৰা ৰাষ্ট্ৰৰ দায়িত্ব বুলি কৌটিল্যই উল্লেখ কৰিছে। 


(ঙ) কৌটিল্যই আগবঢ়োৱা গণৰাজ্যৰ ধাৰণা সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ কৌটিল্যই উল্লেখ কৰা গণৰাজ্যত সাৰ্বভৌম ক্ষমতা শাসকীয় পৰিয়াল বা ফৈদৰ প্রতিনিধিসকলৰ ওপৰত ন্যস্ত আছিল। কৌটিল্যই ‘ গণ ’ শব্দটো পৰিয়ালৰ সংঘক বুজাবলৈ ব্যৱহাৰ কৰা বুলি অনুমান কৰিব পাৰি। এই সংঘ এটা ফৈদ বা জনজাতিৰ হ'ব পাৰে । সংঘবোৰৰ কাম - কাজবোৰৰ পৰিচালনা কৰিবলৈ গণৰাজ্যসমূহত ‘ সংসদ বা কেন্দ্ৰীয় সভা আছিল । এই সংঘ বা ‘ গণ’ৰ সভ্যসকলে তেওঁলোকৰ মাজৰ পৰা কেইজনমানক মুৰব্বী হিচাপে নিযুক্ত কৰে । গণৰ প্ৰকৃত ক্ষমতা ইয়াৰ কেইজনমান সদস্যৰ হাততহে অৰ্পণ কৰা হৈছিল যদিও গণৰ সকলো সভ্যকে ‘ ৰাজন ’ বোলা হৈছিল ।


(চ) কৌটিল্যই আগবঢ়োৱা মণ্ডল তত্ত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ এই উত্তৰ টো ২৮ নম্বৰৰ পিষ্ঠাৰ পৰা ২৯ পিষ্ঠাৰ ভিতৰত আছে।


(ছ) কৌটিল্যই আগবঢ়োৱা গণৰাজ্যৰ ধাৰণা, মণ্ডল তত্ত্ব আদিৰ ওপৰত ভিত্তি কৰি কৌটিল্যৰ কার্যাৱলীৰ মূল্যায়ন কৰা ।

উত্তৰঃ এই উত্তৰটো ২৮ নম্বৰ পিষ্ঠাৰ পৰা ২৯ নম্বৰ ভিতৰত আছে।


        Type

Hirak Jyoti Bora.