Chapter 2 

ৰাজা ৰামমোহল ৰায় আৰকু ফুলে (Raja Rammohan Roy and Phul)


প্ৰশ্নাৱলী 

উত্তৰ লিখাঃ (১ নম্বৰ)

(ক) কোন স্থানত ৰাজা ৰামমােহন ৰায়ৰ জন্ম হৈছিল । ? 

উত্তৰঃ কলিকতাৰ ৰাধানগৰৰ এক ধনী অভিজাত, গোড়া ব্রাহ্মণ পৰিয়ালত তেখেতৰ জন্ম হৈছিল।


(খ) মাতৃভাষাৰ উপৰিও ৰামমােহন ৰায়ে আয়ত্ত কৰা যিকোনাে তিনিটা ভাষা উল্লেখ কৰা । 

উত্তৰঃ  মাতৃভাষাত উপৰিও ৰামমোহন ৰায়ে কোৰাণ ইউক্লিড আৰু এৰিষ্টট’লৰ গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল।


(গ) ৰামমােহন ৰায়ে ধৰ্মৰ কি ধৰণৰ আলােচনা আৰম্ভ কৰিছিল ? 

উত্তৰঃ ৰামমোহনে কৈছিল যে একেশ্বৰবাদ পৃথিৱীৰ সকলো ধৰ্মতে আছে । কোৰাণ আৰু বেদান্তৰ পৰা শিক্ষা লাভ কৰি তেখেতে উপলব্ধি কৰিব পাৰিছিল যে সকলো ধৰ্মৰ শেষ কথা হৈছে অদ্বৈতবাদ । ৰামমোহনে যি ধৰ্মৰ প্ৰচাৰ কৰিছিল ই আছিল ব্ৰাহ্মধৰ্ম । এক ঈশ্বৰৰ উপাসনা আৰু জীৱৰ কল্যাণ সাধনকে প্রকৃত ধর্ম বুলি তেখেতে গণ্য কৰিছিল ।


(ঘ) ৰামােহন ৰায়ৰ যিকোনাে দুখন বিখ্যাত ৰচনাৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ৰামমোহন ৰায়ে পৌত্তলিক ধৰ্ম প্ৰণালী ” আৰু বাংলা ব্যাকৰণ ৰচনা উল্লেখ কৰিছিল।


(ঙ) ৰামমােহনৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ নাম কি আছিল ? 

উত্তৰঃ ৰামমোহনে যি ধৰ্মৰ প্ৰচাৰ কৰিছিল ই আছিল ব্ৰাহ্মধৰ্ম।


(চ) ১৮১৫ চনৰ পৰা ১৮২৮ চনৰ ভিতৰত কিমানটা সতীদাহ প্রথা চৰকাৰীভাৱে পঞ্জীভুক্ত হৈছিল ? 

উত্তৰঃ ,০০০ সতীদাহৰ ।

(ছ) সতীদাহ প্রথা নিৰােধক আইন কোন চনত বিধিবদ্ধ হয় ? 

উত্তৰঃ ১৮২৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে বিধিবদ্ধ হয়। 


(জ) "Ancient Rights of the Females" আৰু "Rights of the Hindus  over Ancestral Property" কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ ৰামমোহন ৰায়ে ৰচনা কৰিছিল।


(ঝ) ৰামমােহনৰ সমাজ দৰ্শনৰ মূল লক্ষ্য কি আছিল ? 

উত্তৰঃ বেদান্ত কলেজ প্রতিষ্ঠা কৰি এনে কলেজত বেদান্ত , অদ্বৈতবাদ , একেশ্বৰবাদ চৰ্চা আৰু প্ৰচাৰ আছিল ৰামমোহনৰ লক্ষ্য ।


(ঞ) টমাচ পেইনৰ কোন আদর্শই ফুলকে প্ৰভাৱান্বিত কৰিছিল ? 

উত্তৰঃ এই প্ৰশ্ন উত্তৰটো পাঠৰ ৪৪ পৰা ৪৯ পিষ্ঠাৰ ভিতৰত আছে।


(ট) জ্যোর্তিবাৰাও ফুলেক প্রভাৱান্বিত কৰা এজন চিন্তাবিদৰ নাম লিখা। 

উত্তৰঃ এই পাঠটো উত্তৰটো ৪৭ পৰা ৪৯ পিষ্ঠাৰ ভিতৰত আছে।


(ঠ) ফুলেৰ নতুন সমাজখনৰ নাম কি আছিল ?

উত্তৰঃ ফুলেৰ নতুন সমাজখনৰ নাম আছিল সত্যশোধক সমাজ”।

         

২। চমকৈ প্ৰশ্নৰ উত্তৰ লিখা ? 

(ক) হিন্দু পৌত্তলিকতাবাদ বা উগ্র হিন্দু আচাৰ বিচাৰৰ বিৰুদ্ধে ৰামমােহনৰ প্রতিক্রিয়া লিখা। 

উত্তৰঃ ৰামমোহন ব্ৰাহ্মণ্য ধৰ্মৰ বিৰোধী নাছিল বিৰোধিতা কৰিছিল ইয়াৰ পৌত্তলিকাৰ বিৰুদ্ধে ৷ মূর্তি পূজাৰ বিৰোধিতা কৰাৰ প্ৰধান কাৰণ হিচাবে তেখেতে কৈছিল যিজন ভগৱান সকলো দেশত সকলো সময়ত সকলো মানুহৰ ভগৱান হ’ব নোৱাৰে তেখেতক ৰামমোহনে দেৱতা বা ভগৱান বুলি স্বীকৃতি দিব খোজা নাই ৷ ৰামমোহনে বিশ্ব - মানৱৰ হৃদয় লৈ জন্মগ্ৰহণ কৰিছিল । তেখেতে দেখুৱাব খুজিছিল যে ব্ৰাহ্মণ্য ধৰ্মৰ পৌত্তলিকতাৰ সৈতে এই ধৰ্মৰ প্ৰাচীন সাধকসকলৰ ধৰ্মাচৰণৰ কোনো সম্পর্ক নাই।


(খ) সমাজ সংস্কাৰৰ বাবে ৰামমােহনৰ আন্দোলনৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ এই পাঠটোৰ উত্তৰটো ৪৪ নম্বৰৰ পৰা ৪৫ নম্বৰৰ ভিতৰত আছে।


(গ) মহিলাসকলৰ উন্নতিৰ বাবে ৰামমােহনে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে লিখা। 

উত্তৰঃ হিন্দু ধর্মীয় কুপ্ৰথাৰ বিৰুদ্ধে প্ৰচাৰ আন্দোলন, পুস্তক প্রকাশ, বিতর্ক, আবেদন আৰু শেষলৈকে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত তেখেতে দাবী জনায় ৷ 

ৰামমোহনৰ সমাজ সংস্কাৰৰ তৃতীয় পদক্ষেপ আছিল সা-সম্পত্তিৰ ক্ষেত্ৰত হিন্দু নাৰীৰ পূৰ্ণ অধিকাৰৰ বাবে সমর্থন আদায় কৰা ৷ তেখেতৰ "Ancient Rights of the Females ( 1822 )", "Rights of the Hindus over Ancestral Property (1830)" নামৰ গ্ৰন্থ দুখনে হিন্দু নাৰীৰ সম্পত্তিৰ অধিকাৰৰ পক্ষে তথ্যপূর্ণ যুক্তি দাঙি ধৰিছিল।


(ঘ) শিক্ষা সম্পর্কে জ্যোর্তিবাৰাও ফুলেৰ মতামত দাঙি ধৰা । 

উত্তৰঃ ফুলেয়ে বিশ্বাস কৰিছিল যে ইংৰাজী শিক্ষাৰ প্ৰসাৰে মানুহক অজ্ঞতা আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি পোহৰলৈ আনিব পাৰিব । কিন্তু এই শিক্ষাক সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই বুলি তেখেতে অভিযোগ কৰিছিল । ফুলেয়ে এই দেশৰ মানুহৰ দৰিদ্ৰতা আৰু অসমতাৰ বাবে ব্ৰিটিছ শাসকৰ ভুল শিক্ষানীতিক দায়ী কৰিছিল। ফুলেৰ মতে এই দেশত উচ্চ শিক্ষাৰ প্ৰসাৰৰ পৰিৱৰ্তে জনশিক্ষাৰ প্ৰসাৰ অধিক জৰুৰী । সাধাৰণ , দুখীয়া শ্ৰেণীৰ মানুহক শিক্ষাৰ সুযোগ সুবিধা প্ৰদান কৰিব লাগিব। সকলো বর্ণ বা জাতিৰ মানুহৰ বাবে শিক্ষা আৰু চৰকাৰী কর্মসংস্থানৰ ক্ষেত্ৰত সমানে সুবিধা আগবঢ়াব লাগিব ৷ 


(ঙ) ফুলেৰ “সত্য শােধক সমাজ” ৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ সেই যুগত সার্বজনীক সভা প্রার্থনা সমাজ বা জাতীয় কংগ্ৰেছে জাতিভেদ প্ৰথাৰ আঁৰত সমাজ সংগঠনৰ যি গণতান্ত্রিক ধাৰণাৰ প্ৰচাৰ কৰিছিল ইয়াৰ প্ৰতি ফুলেৰ সমৰ্থন নাছিল । হিন্দু ব্রাহ্মণ্যবাদ নহয় ফুলেৰ আদৰ্শ আছিল সত্য আৰু মানৱতাৰ নীতিৰ দ্বাৰা পৰিচালিত এক সমাজ । ফুলেৰ এই সমাজখনৰ নাম আছিল “ সত্যশোধক সমাজ ” ।


৩। ৰচনাধর্মী প্রশ্নঃ 

(ক) সমাজ সংস্কাৰক হিচাপে ৰাজা ৰামমােহন ৰায়ৰ মূল্যায়ন কৰা । 

উত্তৰঃ এই পাঠটোৰ উত্তৰটো ৪৪ নম্বৰৰ পৰা ৪৫ নম্বৰৰ ভিতৰত আছে।


(খ) প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয়বাদী হিচাপে ৰামমােহনৰ মূল্যায়ন কৰা । 

উত্তৰঃ এই পাঠটোৰ উত্তৰটো ৪৩ নম্বৰৰ পৰা ৪৫ নম্বৰৰ ভিতৰত আছে।


(গ) শিক্ষা সম্পর্কে ৰামমােহনৰ ধাৰণা বহলাই লিখা । 

উত্তৰঃ  এই পাঠটোৰ উত্তৰটো ৪৮ নম্বৰৰ পিষ্ঠাৰ পৰা ৪৯ পিষ্ঠাৰ ভিতৰত আছে।


(ঘ) জ্যোর্তিবাৰাও ফুলেৰ সমাজ সংস্কাৰ ধাৰণাৰ ওপৰত এটি ৰচনা লিখা ।

উত্তৰঃ  এই পাঠটোৰ উত্তৰটো ৪৮ নম্বৰৰ পিষ্ঠাৰ পৰা ৪৯ পিষ্ঠাৰ ভিতৰত আছে।



        Type 

Hirak Jyoti Bora.