পৰিশিষ্ট

(ক) সুৰসংযোজিত গীতি-কবিতা

চমু প্ৰশ্নউত্তৰঃ 

১। 'জোনাকী' যুগৰ গীতিকাৰ সকলে ৰচনা কৰা ৰচনাৱলীত দেখা দিয়া চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 'জোনাকী' যুগৰ গীতিকাৰ সকলে ৰচনা কৰা ৰচনাৱলীত দেখা পোৱা বৈশিষ্ট্য কেইটা হৈছে- (১) স্বদেশ প্ৰতি, দেশমাতৃকাৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ, শক্তি আহৰণ আৰু আত্মত্যাগৰ কাৰণে আহ্বান, (২) অসমৰ, স্থান বিশেষে ভাৰতৰ, প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা আৰু বিমুগ্ধতা প্ৰকাশ, (৩) বৈৰাগী বা দেহবিচাৰৰ গীতৰ আদৰ্শত ৰচনা কৰা গীত, (৪) বনগীতৰ ৰচনা আৰু সুৰৰ আদৰ্শত ৰচনা কৰা গীত।

২। একান্ত ৰোমাণ্টিকধৰ্মী, ব্যক্তিগত প্ৰেম-প্ৰীতি, সৌন্দৰ্যবোধ, আনন্দ-বেদনাক ৰূপদান কৰি নিজেই সুৰ সংযোজনা কৰি ৰচয়িত্ৰী এগৰাকী কোন?

উত্তৰঃ একান্ত ৰোমাণ্টিকধৰ্মী, ব্যক্তিগত প্ৰেম-প্ৰীতি, সৌন্দৰ্যবোধ, আনন্দ-বেদনাক ৰূপদান কৰি নিজেই সুৰ সংযোজনা কৰি ৰচয়িত্ৰী এগৰাকী  হ'ল লক্ষ্যহীৰা দাস।

৩। লক্ষ্যহীৰা দাসৰ গীতত সুৰ কি?

উত্তৰঃ লক্ষ্যহীৰা দাসৰ গীতত সুৰ হ'ল আত্মপ্ৰকাশৰ মাধ্যম।

৪। তফজ্জুল আলি তেওঁৰ গীতসমূহ তিনিখন গীতিগুচ্ছত লিপিবদ্ধ হোৱা গীতিগুচ্ছত লিখা।

উত্তৰঃ তফজ্জুল আলি তেওঁৰ গীতসমূহ তিনিখন গীতিগুচ্ছত লিপিবদ্ধ হৈছে- 'অনুষ্টুপ' (১৯৬২), 'মন্দাক্ৰাস্তা' (১৯৫৭) আৰু 'অঘৰী ককাইদেউৰ গীত' (১৯৫৯)।


(খ) শিশু-সাহিত্য

১। পুৰণি অসমীয়া শিশু সাহিত্য বুলি কলে কাক যোগাইছিল?

উত্তৰঃ পুৰণি অসমীয়া সাহিত্য বুলি বেলেগ একশ্ৰেণীৰ সাহিত্য় নাছিল যদিও, 'ভামচৰিত', 'কাণখোৱা', 'শিশুলীলা' আদি ৰচনাই  শিশু আৰু বয়স্ক দয়োশ্ৰেণীৰে মানসিক খোৰাক যোগাইছিল।

২। 'জোনাকী' যুগৰ লেখকসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাই শিশু-সাহিত্যৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি কোন কেইখন ৰসাল পুথি প্ৰণয়ন কৰিছিল লিখা।

উত্তৰঃ 'জোনাকী' যুগৰ লেখকসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাই শিশু-সাহিত্যৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি কেইবাখনো ৰসাল পুথি প্ৰণয়ন কৰিছিল আৰু সেইকেইখন হৈছে- 'ককাদেউতা আৰু নাতিল'ৰা',  'বুঢ়ী' আইৰ সাধু', 'জুনুকা' আদি উল্লেখযোগ্য। 


(গ) সংবাদ-পত্ৰ আৰু আলোচনী

১। 'ঊষা' আৰু 'বাঁহী' কোনে আৰু কিমান চনত প্ৰকাশ হয়?

উত্তৰঃ ১৯০৭ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ সম্পাদনাত  তেজপুৰৰপৰা 'ঊষা' আৰু ১৯০৯ চনত কলিকতাৰ বেজবৰুৱাৰ 'বাঁহী' প্ৰকাশ হয়।

২। চতুৰ্থ-পঞ্চম দশকৰ শতিকাৰ উল্লেখযোগ্য  আলোচনীখনৰ নাম কি?

উত্তৰঃ চতুৰ্থ-পঞ্চম দশকৰ শতিকাৰ উল্লেখযোগ্য  আলোচনীখনৰ নাম 'জয়ন্তী' (১৯৩৬-১৯৪৯)। 


(ঘ) অসমীয়া লিপি

১। ক্ৰমবিবৰ্তনৰ স্পষ্ট স্তৰ কেইটা লিখা।

উত্তৰঃ ক্ৰমবিবৰ্তনৰ স্পষ্ট স্তৰ কেইটা হৈছে- (১) খ্ৰীষ্টীয় ৫ম-৬ষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে। এই সময় ছোৱাত পৰে বংশ, শালস্তম্ভৰ বংশ আৰু ব্ৰহ্মপালৰ বংশ ৰজাৰ বিভিন্ন শাসনাৱলী আৰু শিলালিপিৰ আখৰ।

(২) খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰপৰা ঊন্নবিংশ শতাব্দীলৈকে দ্বিতীয় স্তৰ। ১২০৬ খ্ৰীষ্টাব্দত উৎকীৰ্ণ হোৱা কানাই বৰশীবোৱা শিলালিপিৰপৰা আহোম-কোঁচ ৰাজত্বত ৰচিত হোৱা বিভিন্ন সময়ৰ সাঁচিপতীয়া লিপি, ভুমিদানৰ তামৰ ফলি; মন্দিৰৰ গাত কটা  ৎকীৰ্ণ লিপিত দ্বিতীয় স্তৰৰ আখৰৰ বিৱৰ্তন দেখা যায়।



Author - Pompi Hazarika 


Post ID: DABP001786