প্ৰথম গোট                                                             

                                                                                কবিতা


১। আধুনিক কবিতাৰ স্বৰূপ কিমান চনৰ পৰা আৰম্ভ হয়? 

উত্তৰঃ আধুনিক কবিতাৰ স্বৰূপ ১৯৪০ চনৰ পৰা আৰম্ভ হয়। 


২।'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' সংকলন কোনে লিখিছে? 

উত্তৰঃ 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' সংকলন হীৰেণ গোঁহাই দেৱে লিখিছে।  


৩। আধুনিক শব্দৰ অৰ্থটো কেই ধৰণে নিৰ্ণয় কৰিব পাৰি?

উত্তৰঃ আধুনিক শব্দৰ অৰ্থটো দুই ধৰণে নিৰ্ণয় কৰিব পাৰি।     


৪। চন্দ্ৰ কটকীয়ে লিখা আধুনিক সম্পৰ্কে কবিতা এখনৰ নাম?

উত্তৰঃ  চন্দ্ৰ কটকীয়ে লিখা আধুনিক সম্পৰ্কে কবিতা পুথি খনৰ নাম হ'ল নিত্যনতুন অভিজ্ঞতা। 


৫। চন্দ্ৰ কটকীয়ে আধুনিক কিহৰ সম্পৰ্কে লিখিছে?

উত্তৰঃ চন্দ্ৰ কটকীয়ে আধুনিক কবিতা সম্পৰ্কে লিখিছে। 


৬। শোভযাত্ৰাত নিহতজনৰ কবিতাত ব্যৱহাৰ কৰা কোনটো প্ৰতীক চিত্ৰকল্প মূলক শব্দ?

উত্তৰঃ শোভযাত্ৰাত নিহতজনৰ কবিতাত ব্যৱহাৰ কৰা জুউকুৰা প্ৰতীক চিত্ৰকল্প মূলক শব্দ।


৭। কবিতাৰ বিষয়বস্তু কেই ধাৰাত বিভক্ত হৈছিল?

উত্তৰঃ কবিতাৰ বিষয়বস্তু দুই ধাৰাত বিভক্ত হৈছিল। 


৮। ৰাম গগৈ এজন কি আছিল?

উত্তৰঃ ৰাম গগৈ এজন ৰামধেনু যুগৰ প্ৰগতিশীল ধাৰাৰ এগৰাকী অন্যতম কবি আছিল।


৯। কবিতা ৰচনা কৰা কবি এজনৰ নাম লিখা?

উত্তৰঃ কবিতা ৰচনা কৰা কবি এজনৰ নাম হ'ল নীলমণি ফুকণ। 


১০। নিৰ্মলপ্ৰভা বৰদলৈৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰৰদলৈৰ এখন  কবিতা পুথিৰ নাম হ'ল  'দিনৰ পিছত দিন'।


১১। ২০১০ চনত কিহৰ বাবে অসমে সাহিত্য বঁটা পাইছিল? 

উত্তৰঃ ২০১০ চনত উপত্যকাৰ বাবে অসমে সাহিত্য বঁটা পাইছিল। 


১২। কাৰ বাবে বিপ্লৱ এটা শব্দ নহয়? 

উত্তৰঃ 'হীৰেণ ভট্টাচাৰ্য্যৰ বাবে বিপ্লৱ এটা শব্দ নহয়। 


১৩। কবিতাৰ সাৰ বা উপাদান কি ক্ষেত্ৰৰ পৰা গ্ৰহণ হয়?

উত্তৰঃ কবিতাৰ সাৰ বা উপাদান সকলো ক্ষেত্ৰৰ পৰা গ্ৰহণ হয়। 


১৪। আধুনিক কবিতাৰ প্ৰতি লক্ষ্য কৰি কবিতাৰ বৈশিষ্ট্যবোৰৰ কেই ভাগত ভাগ কৰিব পাৰি

উত্তৰঃ আধুনিক কবিতাৰ প্ৰতি লক্ষ্য কৰি কবিতাৰ বৈশিষ্ট্যবোৰৰ দুই ভাগত ভাগ কৰিব পাৰি। 


১৫। কবিতাৰৰ বৈশিষ্ট্যবোৰৰ দুই ভাগত ভাগ কৰিব পাৰি সেইকেইটা কি কি?

উত্তৰঃ সেইকেইটা হ'ল (ক) বিষয়বস্তুগত আৰু (খ) আংগিকতা। 


১৬। প্ৰীতক শব্দবোৰ কি?

উত্তৰঃ 'শৰ-সন্তান', 'মোৰ দেশ' অথবা 'যৌৱনৰ তোজী ঘোঁৰা, আদিয়ে হ'ল প্ৰীতক শব্দ। 

 

১৭।  অসমীয়া ৰোমান্টিক কবিতাৰ ভাৱ ৰাশি কেনেকে পৰিৰ্ৱতন হ'ল ? 

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলন তথা সাম্যবাদী ভাবাদৰ্শনৰ প্ৰভাৱত মানুহৰ দৈনন্দিন জীৱনধাৰা পৰিৰ্ৱতন হোৱা কাৰণে অসমীয়া ৰোমান্টিক কবিতাৰ ভাৱ ৰাশি পৰিৰ্ৱতন হ'ল। 


১৮। গণতান্ত্ৰিক মূলবোধৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া কেনেৈ আৰম্ভ হৈছিল?

উত্তৰঃ বৃটিছ সাম্ৰাজ্যবাদী কবলৰ পৰা ভাৰতৰবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনীতিক ব্যক্তি সকলৰ ভোগবাদী মানসিকতাৰ ফলত প্ৰকৃত গণতান্ত্ৰিক মূলবোধৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। 


১৯। হীৰেণ ভট্টাচাৰ্য্য কবিতা পুথি দুখনৰ  নাম কি?

উত্তৰঃ  হীৰেণ ভট্টাচাৰ্য্য কবিতা পুথি দুখন হ'ল 'ৰৌদ্ৰ কামনা, 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা।


২০। 'সুগন্ধি পখিলা' কবিতাটো কিমান চনত হীৰেণ ভট্টাচাৰ্য্যই ৰচনা কৰিছিল?

উত্তৰঃ 'সুগন্ধি পখিলা' কবিতাটো ১৯৬৬ চনত হীৰেণ ভট্টাচাৰ্য্যই ৰচনা কৰিছিল। 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Author By- Parina Hazarika