ব্যৱস্থাপনাৰ নতুন ভাবধাৰা আৰু শিক্ষাৰ বিত্তীয় ভাব

1. What do you mean by educational finance?

শৈক্ষিক পুঁজি বুলিলে কি বুজা?

উত্তৰঃ 

2. Define educational finance. শৈক্ষিক পুঁজিৰ সংজ্ঞা লিখা।

উত্তৰঃ P.K Mishra ৰ মতে- শিক্ষাৰ বৃত্তীয় ধাৰণাটো শিক্ষাৰ প্ৰসাৰ, গুণগত মানদণ্ডৰ উন্নতি ইত্যাদি দিশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।

3. What are the sources of educational finance?

শৈক্ষিক  পুঁজিৰ উৎস সমূহ কি কি?

উত্তৰঃ শৈক্ষিক  পুঁজিৰ উৎস সমূহ হল-

    (ক) চৰকাৰঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে বিত্তীয় নিধি সৃষ্টি কৰে আৰু NCERT, UGC, NCTE, AICTE ইত্যাদি বিভিন্ন সংস্থাৰ জৰিয়তে বিত্তীয় নিধি বিতৰণ কৰে। মাধ্যমিক শিক্ষা পৰিষদ অন্যান্য সংগঠনেও অনুদান আৰু সহায় আগবঢ়াই। ভাৰতবৰ্ষৰ সংবিধান অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমবৰ্তী সূচীৰ অন্তৰ্ভূক্ত শিক্ষাৰ দায়িত্ব পালন কৰে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে অধিকাংশ বিত্ত বা আৰ্থিক অনুদান আগবঢ়ায়। তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ দিশত প্ৰস্তুত কৰা আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে পুঁজিৰ যোগান ধৰে। ৰাজ্য চৰকাৰে একে ধৰণে কিছুমান আচঁনি প্ৰস্তুত কৰি তৰ ৰূপায়ন কৰিবৰ বাবে বিত্তীয় নিধি প্ৰস্তুত কৰি বাজেটত সেই প্ৰস্তাৱ দাঙি ধৰে।

    (খ) স্থানীয় নিগমঃ শিক্ষা-ব্যৱস্থাপনাৰ বাবে স্থানীয় নিগম নিকায়সমূহে পুঁজিৰ ব্যৱস্থা কৰে। শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কৰ আৰু অন্যান্য উৎসৰ পৰা সংগ্ৰহ কৰা নিধিৰ পৰা আৰ্থিক অনুদান আগবঢ়ায়। জিলা পৰিষদ, পঞ্চায়ত সমিতি, গাওঁ পঞ্চায়ত, পৌৰনিগম নিকায় ইত্যাদি সংস্থাবোৰে গাওঁ তথা চহৰৰ অঞ্চলৰ বাবে সেৱা আগবঢ়ায়। এই সংস্থাবোৰে বিভিন্ন ক্ষেত্ৰৰ পৰা কৰ সংগ্ৰহ কৰে আৰু আঁচনি অনুসৰি পুঁজিৰ যোগান ধৰে।

    (গ) শিক্ষা মাচুলঃ শিক্ষা কৰ ৰাজ্যভেদে বেলেগ বেলেগ হয়। এই কৰ গাওঁ অঞ্চলত ভূমি আৰু চহৰ অঞ্চলত গৃহ কৰ আদিৰ পৰা শতকৰা হাৰত এটা অংশ সংগ্ৰহ কৰে শিক্ষাৰ বিকাশ আৰু উন্নয়নৰ বাবে এই পুঁজি খৰছ কৰে।

    (ঘ) সহায়ক অনুদানঃ শিক্ষানুষ্ঠানসমূহলৈ চৰকাৰে আগবঢ়োৱা বিত্তীয় সহায়ক অনুদান হিচাপে জনা যায়। শিক্ষাৰ সু-নিৰ্ধাৰিত উদ্দেশ্য সফল কৰাৰ বাবে চৰকাৰে বিভিন্ন সংস্থাৰ জৰিয়তে এই অনুদানৰ ব্যৱস্থা কৰে।

    (ঙ) শিক্ষা মাছুলঃ শিক্ষাৰ্থীৰ পৰা শিক্ষা মাচুল সংগ্ৰহ কৰা হয়। এই মাচুল মূলত ভৰ্তিকৰণ মাচুল, পুথিভঁৰাল মাচুল, পৰীক্ষা মাচুল, খেল ধেমালি মাচুল, বিদ্যুৎ মাচুল, গৱেষণাগাৰ মাচুল, গৃহ মাচুল ইত্যাদিৰ ধৰণ হয়। উদাহৰণস্বৰূপে- শিক্ষাৰ্থীৰ ৰেজিষ্ট্ৰেচন আৰু পৰীক্ষা মাচুল সংগ্ৰহ কৰি উচ্চতম কৰ্তৃপক্ষলৈ এই মাচুল পঠিয়াই দিয়া হয়।

4. What are the principles of educational finance?

শৈক্ষিক পুঁজিৰ নীতিসমূহ কি কি ?

উত্তৰঃ শৈক্ষিক পুঁজিৰ নীতিসমূহ হল-

    (১) স্পষ্টতাৰ নীতিঃ শিক্ষাৰ বাবে চৰকাৰী ব্যয়, শিক্ষা আঁচনিৰ বাবে বাজেট নিৰ্ধাৰণ ইত্যাদি বিষয়সমূহ বাতৰি কাকতৰ যোগেদি স্পষ্টভাৱে প্ৰচাৰ কৰা হয়। শিক্ষানুষ্ঠানসমূহেও বছৰেকীয়া আয়-ব্যয়ৰ হিচাপ চৰকাৰৰ ওচৰত দাখিল কৰিব লাগে। ইয়ে, শিক্ষা নিধিৰ ব্যৱহাৰৰ স্পষ্ট ছবি দাঙি ধৰে। স্পষ্টতাৰ নীতি অবিহনে চৰকাৰ আৰু শিক্ষানুষ্ঠান উভয় দিশতে শিক্ষাৰ পুঁজিৰ দুৰ্নীতি হোৱাৰ অৱকাশ থাকে।

    (২) দায়বদ্ধতাৰ নীতিঃ শিক্ষা নীতিৰ জৰিয়তে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে শিক্ষা পুঁজি বিনিয়োগ কৰা। চৰকাৰৰ পৰা পোৱা বিত্তীয় অনুদানসমূহ শিক্ষানুষ্ঠানে দায়িত্ব সহকাৰে কাৰ্য্যত বিনিয়োগ কৰিব পাৰিছে নে নাই তাৰ মূল্যায়ন আৰু পৰ্যবেক্ষণ কৰাৰ বাবে দায়বদ্ধতাৰ নীতি অপৰিহাৰ্য। ইয়াত শিক্ষানুষ্ঠান, সংস্থা, যাবতীয় বিভাগ, ব্যক্তি ইত্যাদি সকলোৱে চৰকাৰী বা বেচৰকাৰীভাৱে লাভ কৰা পুঁজিৰ সদ্ব্যৱহাৰৰ বিষয়ে দায়বদ্ধ হৈ থাকে।

    (৩) স্ব-শাসনৰ নীতিঃ এই নীতিটোৱে কৰ্তৃত্বৰ বিকেন্দ্ৰীকৰণ কৰি শিক্ষা পুঁজিৰ ধন ব্যৱহাৰৰ দায়িত্ব শিক্ষানুষ্ঠানৰ স্থানীয় ব্যৱস্থাপনাক প্ৰদান কৰে। শিক্ষানুষ্ঠানৰ প্ৰয়োজন অনুসৰি পুঁজি বিনিয়োগ কৰাৰ বাবে স্থানীয় ব্যক্তিৰ ওপৰত দায়িত্ব ন্যস্ত কৰে। এই নীতিৰ জৰিয়তে স্থানীয় লোকক শিক্ষানুষ্ঠানৰ ব্যৱস্থাপনাত অংশ গ্ৰহণৰ সুবিধা দিয়ে।

    (৪) পৰিপুষ্টি বিকাশৰ নীতিঃ পৰিপুষ্টি বিকাশৰ নীতিৰ অৰ্থ হল শিক্ষানুষ্ঠানখনে ধাৰাবাহিকভাৱে আৰু সময়মতে পুঁজি গ্ৰহণ কৰিব পাৰিছে নে নাই সেই বিষয়ে অৱগত কৰোৱা। অৰ্থাৎ অনুদান হিচাপে আগবঢ়োৱা পুঁজি ফলপ্ৰসূভাৱে শিক্ষা আঁচনিত ব্যৱহাৰ কৰাৰ নিশ্চিতি প্ৰদান কৰা। কেতিয়াবা কেতিয়াবা দেখা যায় যে শিক্ষানুষ্ঠানসমূহে পুঁজিৰ অভাৱত শিক্ষা প্ৰকল্প সম্পূৰ্ণ কৰিব নোৱাৰে। পুঁজি প্ৰদান প্ৰক্ৰিয়াৰ পৰিৱৰ্ত্তনেও কেতিয়াবা শিক্ষানুষ্ঠানসমূহত অসুবিধাৰ সৃষ্টি কৰে। সেয়ে, শিক্ষানুষ্ঠানৰ অগ্ৰগতি আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ প্ৰস্তুত কৰা শিক্ষা প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সমাপ্ত কৰাৰ বাবে শিক্ষা পুঁজিৰ ধাৰাবাহিকতা ৰক্ষা কৰা অতি দৰকাৰী।

    (৫) সময়মতে পৰিপালন বা কাৰ্যকৰীকৰণৰ নীতিঃ শিক্ষানুষ্ঠানে গ্ৰহণ কৰা পুঁজি সময়মতে নিৰ্ধাৰিত কামত বিনিয়োগ কৰিব লাগে। কিয়নো, নিৰ্ধাৰিত সময়ত শিক্ষা প্ৰকল্প শেষ কৰিব নোৱাৰিলে শিক্ষাৰ গুণগত আৰু সংখ্যাগত উভয় দিশতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি, সময়মতে শেষ কৰিব নোৱাৰা প্ৰকল্পৰ বাবে অধিক পুঁজিৰ দৰকাৰ হয়। উদাহৰণস্বৰূপে- শিক্ষানুষ্ঠানত এটা গৃহ নিৰ্মাণৰ বাবদ এবছৰৰ বাবে ২০ লাখ অনুদান দিয়া হৈছিল। যদি সেই গৃহ বা ঘৰটো এবছৰত সম্পূৰ্ণ কৰিব নোৱাৰে বা আৰু দুটা বছৰৰ প্ৰয়োজন হৈ পৰে তেনেহলে অনুদানৰ পৰিমানো বৃদ্ধি কৰিব লাগিব। কাৰণ এবছৰ আগতে সামগ্ৰীৰ দান যিমান আছিল পিছলৈ তাৰ দাম বৃদ্ধি পায়। সেয়ে, শিক্ষা প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত পুঁজি গ্ৰহণ কৰি সমাপ্ত কৰিব লাগে।

5. Define budget. বাজেটৰ সংজ্ঞা লিখা।

উত্তৰঃ 1. Taylor- ৰ মতে- বাজেট হল চৰকাৰৰ এটা নিৰ্দ্দিষ্ট সময়ৰ বাবে প্ৰস্তুত কৰা বিত্তীয় পৰিকল্পনা।

    2. Rene Storm- ৰ মতে- বাজেট হল ৰাজহুৱা ৰাজহ আৰু খৰছৰ প্ৰাৰম্ভিক অনুমোদিত এখন দলিল।

6. বাজেট শব্দৰ ব্যুৎপত্তিগত অৰ্থ কি?

উত্তৰঃ বাজেট শব্দৰ ব্যুৎপত্তিগত অৰ্থ হল- সৰু চামৰাৰ মোনা।

7. What are the characteristics of Budget?

বাজেটৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ বাজেটৰ বৈশিষ্ট্যসমূহ হল-

    ১) ভবিষ্যত কাৰ্য্যৰ পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি বাজেট প্ৰস্তুত কৰা হয়।

    ২) পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে ভৱিষ্যতৰ খৰছৰ হিচাপৰ সম্ভাব্য খছৰা প্ৰস্তুত কৰে।

   ৩) উৰ্ধতম কৰ্তৃপক্ষই প্ৰস্তুত কৰা নীতিসমূহ কাৰ্য্যকৰী বাবে সংখ্যাগত বিৱৰণৰ তালিকাখনেই হল বাজেট।

    ৪) পৰিকল্পনা আৰু নিয়ন্ত্ৰণৰ কৌশল স্বৰূপে বাজেট ব্যৱহাৰ কৰা হয়।

    ৫) বাজেটে আঁচনি আৰু সম্ভাব্য ফলাফলৰ ধাৰণাৰ স্তৰসমূহ বৰ্ণনা কৰে।

    ৬) শিক্ষা আঁচনিৰ মূল্যায়ন আৰু পৰিমাপনত বাজেটে সহায় কৰে।

    ৭) সমূহীয়া উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিভাগৰ লগত সমন্বয় সাধন কৰি কাৰ্য্য সম্পাদন কৰাত বাজেটে সহায় কৰে।

    ৮) বাজেটে আগেয়ে অনুমান কৰা ৰাজহ আৰু তাৰ উৎসবিলাক জনাত সহায় কৰে।

    ৯) বিধান সভা বা সংসদত গ্ৰহণযোগ্য হোৱা আঁচনিসমূহ কাৰ্য্যকৰীকৰণৰ হব লগা সম্ভাব্য খৰছৰ প্ৰতিবেদন বাজেটত প্ৰকাশ পায়।

    ১০) বিভিন্ন উৎসৰ পৰা বৰ্ধিত হাৰত আহৰণ কৰিব পৰা পুঁজিৰ সম্ভাব্য পৰিমান বাজেটত সন্নিবিষ্ট হৈ থাকে।

8. What are the main factors of budget?

বাজেটৰ উপাদানসমূহ কি কি?

উত্তৰঃ বাজেটৰ উপাদানসমূহ হল-

    ১) আয়

    ২) খৰছ

    ৩) সমতুল বা ভাৰসাম্যতা

    ৪) লক্ষ্য

9. Write about the importance of budget.

বাজেটৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ বাজেটৰ প্ৰয়োজনীয়তা বোৰ হল-

    (১) সিদ্ধান্ত গ্ৰহণঃ বাজেটে কোনো এটা কাৰ্য্য সম্পাদনৰ বাবে সিদ্ধান্ত গ্ৰহণত সহায় কৰে। বাজেটৰ জৰিয়তে যিহেতু সম্ভাব্য খৰছৰ মাত্ৰা গম পোৱা যায় সেয়ে প্ৰতিজন ব্যক্তিয়ে নিজৰ আয়-ব্যয়ৰ হিচাপ কৰি কাৰ্য্য সম্পাদন কৰিব লাগে।

    (২) নিৰ্দ্দেশক হিচাপে কাম কৰেঃ বাজেটে নিদ্দেশক স্বৰুপে কাৰ্য্য সম্পাদনত সহায় কৰে। কিয়নো যি কোনো প্ৰকল্প এটা সম্পাদন কৰোঁতে হবলগীয়া পুঁজিৰ পৰিমাণ আৰু ইয়াক সংগ্ৰহ কৰাৰ বিকল্প পথৰো সন্ধান দিয়ে। অৰ্থাৎ প্ৰয়োজন অনুসৰি বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা থাকে।

    (৩) প্ৰতিবন্ধকতা দূৰ কৰেঃ বাজেটৰ জৰিয়তে যি কোনো কামৰ হ্ৰস্বম্যাদী বাধা বা প্ৰতিবন্ধকতা দূৰ কৰি দীৰ্ঘ ম্যাদী পৰিকল্পনা কৰাত সহায় কৰে। ই বিত্তীয় লক্ষ্য পূৰণত প্ৰয়োজনীয় মাপকাঠি হিচাপে কাৰ্য্য সম্পাদনত সহায় কৰে।

    (৪) আয়-ব্য়য়ৰ হিচাপঃ বাজেটে এটা বছৰত হবলগীয়া আয় আৰু ব্যয়ৰ এক সম্ভাব্য খতিয়ান দাঙি ধৰে। ফৱস্বৰূপে, কাৰ্য্য সম্পাদনৰ এক ৰূপৰেখা হিচাপে বাজেটক অভিহিত কৰিব পাৰি।

    (৫) সংবাদ প্ৰেৰণৰ তথ্যঃ বাজেট হল প্ৰয়োজনীয় সংবাদ লাভৰ এক উল্লেখযোগ্য আহিলা। ই বছৰটোৰ ভিতৰত সম্পাদন কৰিবলীয়া সকলোবোৰ কামত সামগ্ৰিক ছবি দাঙি ধৰাত সহায় কৰে।

10. Write about the process of preparing institutional budget.

আনুষ্ঠানিক জমা-খৰছৰ হিচাপ বাজেট প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে লিখা।

উত্তৰঃ বাজেট প্ৰস্তুতকৰণৰ বাবে প্ৰধান পৰ্য্যায়সমূহ হল-

    ১) প্ৰস্তুতকৰণ

    ২) জমাকৰণ

    ৩) অনুমোদন

    ৪) কাৰ্য্যকৰীকৰণ

    ৫) হিচাপ পৰীক্ষণ আৰু মূল্যায়ন

বাজেট প্ৰস্তুতকৰণৰ বাবে চৰকাৰী নীতি-নিৰ্দ্দেশনা প্ৰতিফলিত হোৱাটো নিতান্তই জৰুৰী। তাৰ পিছত কোনকেইটা দিশত খৰছৰ মাত্ৰা বেছি আৰু কোনকেইটা আঁচনিত খৰছৰ মাত্ৰা কম হব পাৰে সেই বিষয়ে এটা পূৰ্বাভাস গ্ৰহণ কৰি লব লাগে। শেষত বাজেট প্ৰস্তুত কৰিবৰ বাবে নিম্নোক্ত দিশত গুৰুত্ব দিব লাগে। যেনে-

    (১) বৃত্তীয় লক্ষ্যঃ যি কোনো আচঁনি এখন কাৰ্য্যকৰীকৰণৰ বাবে প্ৰয়োজন হোৱা খৰছৰ বিষয়ে নিৰ্ধাৰণ কৰি লৈহে বাজেট প্ৰস্তুত কৰিব লাগে।

    (২) নীতিৰ গাঁথনিঃ অধিক খৰছ হব পৰা নীতিসমূহৰ গাথঁনি সম্পৰ্কে সম্যক ধাৰণা কৰি লব লাগে।

    (৩) সম্পদৰ আবণ্টনঃ বাজেটত শিক্ষা আঁচনি আৰু বিত্তীয় লক্ষ্য পূৰণৰ বাবে সামগ্ৰিকভাৱে সম্পাদন আবণ্টন কৰে।

    (৪) প্ৰস্তুতকৰণ আৰু জমাকৰণঃ প্ৰস্তুতকৰণ আৰু জমাকৰণ পৰ্যায়টো বাজেটৰ এটা জটিল স্তৰ। বাজেট এখন প্ৰস্তুত কৰোঁতে সামগ্ৰিকভাৱে সকলো দিশৰ পৰা সংগ্ৰহ কৰিব পৰা ৰাজহৰ পৰিমাণ, সঞ্চিত মূলধন আৰু ব্যয়ৰ এটা হিচাপ কৰিব লাগে। আয়-ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ বাজেট প্ৰস্তুত কৰা হয়। শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো অনুদান, বিভিন্ন দিশৰ পৰা সংগৃহীত পুঁজি ইত্যাদিৰ হিচাপ কৰিহে আঁচনি প্ৰস্তুত কৰিব লাগে আৰু অনুমোদনৰ বাবে জমা দিব লাগে।

    (৫) অনুমোদনঃ বাজেট এখন প্ৰস্তুত কৰি অনুমোদনৰ বাবে উৰ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে। কৰ্তৃপক্ষৰ অনুমোদন অবিহনে বাজেট গ্ৰহণযোগ্য নহয়। অনুমোদনৰ পিছতহে শিক্ষানুষ্ঠানে নিৰ্ধাৰণ কৰা আঁচনি বা প্ৰকল্প সম্পাদনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

    (৬) হিচাপ পৰীক্ষণ আৰু মূল্যায়নঃ হিচাপ পৰীক্ষণ আৰু মূল্যায়ন বাজেট প্ৰস্তুতকৰণৰ শেষ পৰ্যায়। এই স্তৰত বাজেটৰ কিছুমান সংস্কাৰ সাধন কৰিব পাৰে। যদি আয়-ব্যয়ৰ ভাৰসাম্যতা ৰক্ষা নহয় বা আয়ততকৈ ব্যয়ৰ পৰিমাণ অধিক হাৰত বৃদ্ধি পায় তেনেহলে প্ৰকল্পৰ লক্ষ্যৰ কিছু সাল-সলনি কৰিব লাগে।

11. What are the types of budget? বাজেটৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ বাজেটৰ প্ৰকাৰসমূহ হল- 

    (১) বছৰেকীয়া বা দীৰ্ঘম্যাদী বাজেটঃ সাধাৰণতে বাজেট, বিশেষকৈ চৰকাৰী বাজেট বছৰেকীয়া অৰ্থাৎ এক বছৰৰ বাবে প্ৰস্তুত কৰা হয়। ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে বিত্তীয় বৰ্ষ হিচাপে বিবেচনা কৰা হয়। কিন্তু, আমেৰিকা, অষ্ট্ৰেলিয়া, ইটালী, চুইডেন আদি দেশত ১ জুলাইৰ পৰা ৩০ জুনলৈ আৰু ফ্ৰান্সত ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ বিত্তীয় বৰ্ষ হিচাপে পৰিগণিত হয়।

    (২) একক বা বহু বাজেটঃ যেতিয়া ব্যক্তি, অনুষ্ঠান, সংস্থা বা চৰকাৰে সকলোবোৰ সম্ভাৱনীয় কাৰ্য্যৰ পুঁজিৰ হিচাপ এখন বাজেটতে সন্নিবিষ্ট কৰে তেতিয়া তাক একক বাজেট বুলি কোৱা হয়। আনহাতে, সকলো নিৰ্ধাৰিত আঁচনি বা প্ৰকল্পৰ বাবে ভাগ ভাগকৈ প্ৰতিটো বিভাগৰ বাবে প্ৰস্তুত কৰা হয় তাক বাজেট বোলা হয়। উদাহৰণ স্বৰূপে ইংলণ্ডত একক বাজেট প্ৰস্তুত কৰে। কিন্তু ভাৰতবৰ্ষত এখন ৰেল বাজেট আৰু অন্যান্য দিশৰ বাবে আন এখন বাজেট প্ৰস্তুত কৰা হয়।

    (৩) উদ্ধত্ত, ঘাটি বা ভাৰসাম্যতাৰ বাজেটঃ যেতিয়া কোনো বাজেটত নিৰ্ধাৰণ কৰা পুঁজিৰ পৰিমাণ বেছি হয় বা প্ৰকল্প সম্পাদনৰ পিছতো পুঁজিৰ ধন ৰৈ যায়। তেতিয়া তাক উদ্ধত বাজেট বুলি কোৱা হয়।

    (৪) ৰাজহ বাজেটঃ বিভিন্ন উৎসৰ পৰা অনুমোদিত আয় আৰু ব্যয়ৰ পৰিমাণ গ্ৰহণ আৰু খৰছ কৰিবলগীয়া পুঁজিৰ ধাৰণা ৰাজহ বাজেটত অন্তৰ্ভূক্ত হয়। অৰ্থাৎ এটা বছৰত কিমান ৰাজহ সংগ্ৰহ হয় আৰু কিমান খৰছ হয় তাৰ হিচাপ ৰাজহ বাজেটত থাকে।

    (৫) বিভাগীয় বা কাৰ্যকৰণ বাজেটঃ বিভাগীয় বাজেটত কোনো বিভাগৰ ৰাজহ সংগ্ৰহ আৰু খৰছৰ বিষয়ে উল্লেষ কৰা থাকে। এই বাজেটত কোনো নিৰ্ধাৰিত কাৰ্য্য বা আঁচনিৰ কথা উল্লেখ কৰা নহয় বা পুঁজিৰ নিৰ্দ্দিষ্ট ৰূপৰেখা নাথাকে। কিন্তু কাৰ্য্যকৰণ বাজেটত কোনো বিশেষ প্ৰকল্প সম্পাদনৰ বাবে সামগ্ৰিকভাৱে খৰছৰ কথা উল্লেখ কৰা হয়।

12. What do you mean by total quality management?

সম্পূৰ্ণ গুণগত ব্যৱস্থাপনা বুলিলে কি বুজা?

উত্তৰঃ সম্পূৰ্ণ গুণগত ব্যৱস্থাপনা হল- ব্যৱস্থাপনাৰ দীৰ্ঘম্যাদী অভিগমণৰ পৰা লাভ কৰা সন্তুষ্টি। এই ব্যৱস্থাপনাত সংগঠন বা অনুষ্ঠানৰ লগত জড়িত সকলো সদস্যই কাৰ্য্য সম্পাদন আৰু সেৱা আগবঢ়াই সমগ্ৰ ক্ৰিয়া বা প্ৰক্ৰিয়াৰ উন্নয়নৰ বাবে অংশগ্ৰহণ কৰে।

13. What do you mean by analysis of SWOT

SWOT ৰ বিশ্লেষণ বুলিলে কি বুজা ?

উত্তৰঃ SWOT ৰ সম্পূৰ্ণ ৰুপটো হল Strengths, Weakness, Opportunities আৰু Threats। ই হল পৰিবেশ আৰু সংস্থা বা অনুষ্ঠানৰ বিশ্লেষণ কৰা এটা পদ্ধতি। এই পদ্ধতিৰ সবলতা আৰু দুৰ্বলতাই অনুষ্ঠানৰ আভ্যন্তৰীণ আৰু সা-সুবিধা আৰু প্ৰত্যাহবানে ব্যাহ্যিক পৰিবেশক প্ৰতিনিধিত্ব কৰে। সৰলতা আৰু দুৰ্বলতাৰ দিশসমূহ আনুষ্ঠানিক ব্যৱস্থাপনাই নিয়ন্ত্ৰণ কৰে। কিন্তু, সা-সুবিধা আৰু প্ৰত্যাহবান আনুষ্ঠানিক ব্যৱস্থাপনাৰ নিয়ন্ত্ৰণৰ বিষয়বস্তু নহয়।

14. What are the aims of SWOT? SWOT উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ 

15. What are the factors of SWOT?

SWOT ৰ উপাদানসমূহ কি কি?

উত্তৰঃ SWOT ৰ উপাদানবোৰ বা কাৰকবোৰ হল- 

    (১) আভ্যন্তৰীণ কাৰক- সৰলতা, আৰু দুৰ্বলতা বা সীমাবদ্ধতা আভ্যন্তৰীণ কাৰক।

    (২) ব্যহ্যিক কাৰক- সা-সুবিধা আৰু প্ৰত্যাহবান বাহ্যিক কাৰকত অন্তৰ্ভূক্ত।