শৈক্ষিক ব্যৱস্থাপনাৰ ধাৰণা


1. Define Management. ব্যৱস্থাপনাৰ সংঞ্জা লিখা।

উত্তৰঃ ব্যৱস্থাপনা হল পূৰ্ব-নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে মানুহৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য্য সম্পাদনৰ নিয়ন্ত্ৰণৰ বাবে প্ৰকাশ পোৱা এটা সাধাৰণ প্ৰক্ৰিয়া।

2. What do you mean by Management? ব্যৱস্থাপনা বুলিলে কি বুজা?

উত্তৰঃ ব্যৱস্থাপনা হল এটা বহুমুখী প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যৱসায়, পৰিচালক বা প্ৰবন্ধক, শ্ৰমিক বা কৰ্মচাৰী-সকলোকে নিয়ন্ত্ৰণ আৰু অনুশাসনৰ মাজত ৰাখিব পৰা যায়।

3. Mention three characteristics of Management. ব্যৱস্থাপনাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ব্যৱস্থাপনাৰ তিনিটা বৈশিষ্ট্য হল-

    ১) ব্যৱস্থাপনা হল জ্ঞানৰ এক প্ৰায়োগিক বিজ্ঞান।

    ২) ব্যৱস্থাপনাৰ লগত সামাজিক প্ৰক্ৰিয়া জড়িত হৈ থাকে।

    ৩) ই হল এটা দলীয় কাৰ্য।

4. Define Educational Management. শৈক্ষিক ব্যৱস্থাপনাৰ সংঞ্জা দিয়া।

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনা হল বৰ্তমান অৱস্থাত চলি থকা শিক্ষানুষ্ঠানৰ সাংগাঠনিক আৰু প্ৰশাসনিক পদ্ধতিৰ তাত্বিক আৰু ব্যৱাৰিক দিশৰ সংস্থাপন নিগাজী কৰাৰ এক পদ্ধতি।

5. What are the main characteristics of Educational Management? শৈক্ষিক ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহ হল- 

    ১) পথ নিৰ্দ্দেশনাঃ শৈক্ষিক ব্যৱস্থাপনাই শিক্ষানুষ্ঠান এখনৰ লক্ষ্য বা উদ্দেশ্যসমূহ পৰিচালনাত নিৰ্দেশনা দিয়ে।

    ২) পৰিকল্পনাঃ শিক্ষানুষ্ঠান বা শৈক্ষিক সংগঠনে গ্ৰহণ কৰা আঁচনিসমূহৰ উন্নতি কৰাত শিক্ষা ব্যৱস্থাপনাই সহায় কৰে।

    ৩) সংগঠনঃ শিক্ষাৰ ক্ষেত্ৰত পৰিপালন প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা সমূহ সা-সৰঞ্জাম আৰু কাৰ্য প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।

    ৪) বিস্তাৰিত প্ৰক্ৰিয়াঃ শৈক্ষিক ব্যৱস্থাপনা হল এটা বহল প্ৰক্ৰিয়া। ই এখন অনুষ্ঠানত কৰ্মপ্ৰৱাহ পদ্ধতিগতভাৱে আগবাঢ়ি যোৱাত গুৰুত্ব দিয়ে আৰু পূৰ্ব নিৰ্ধাৰিত  লক্ষ্যত উপনীত হোৱাৰ বাবে ব্যৱহাৰিক দিশৰ লগত জড়িত হৈ পৰে।

6. Write about the nature of Educational Management. শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকৃতি লক্ষ্য কৰিলে দেখা যায় যে ই হল এটা সামাজিক প্ৰক্ৰিয়া। কিয়নো ই ব্যক্তি আৰু সহযোগিতাৰ পাৰস্পৰিক দিশৰ ওপৰত নিৰ্ভৰ কৰি উপযোগিতাৰ পথ প্ৰশস্ত কৰে। শিক্ষা সংগঠনৰ পৰিকল্পনা, পৰিচালনা, সাংগঠনিক প্ৰক্ৰিয়া, নিয়ন্ত্ৰণ, অভিৰোচন, নেতৃত্বদান ইত্যাদি বিভিন্ন দিশৰ সু-সমন্বয়ৰ ফলস্বৰুপে শিক্ষা ব্যৱস্থাপনাই পূৰ্ণতা লাভ কৰে। শিক্ষা সংগঠন ব্যক্তি জড়িতকৰণ, সম্পদ আৰু পূৰ্ব নিৰ্ধাৰিত স্থায়ী লক্ষ্য ইত্যাদিয়ে শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকৃতি নিৰ্ণয় কৰে।

7. What are the main objectives of Educational Management? শৈক্ষিক ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ হল-

    ১) শিক্ষানুষ্ঠানৰ পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাটো শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰধান উদ্দেশ্য।

    ২) শিক্ষানুষ্ঠানৰ ফলপ্ৰসূ কৃতিত্ব লাভৰ বাবে পৰিকল্পনা যুগুত কৰা,

    ৩) সু-সংগঠিতভাৱে শিক্ষানুষ্ঠানৰ কাৰ্য্যপন্থা হাতত লোৱা,

    ৪) শিক্ষানুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তিৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা আৰু পৰিচালনা কৰা,

    ৫) শিক্ষানুষ্ঠানত সুস্থ পৰিৱেশ সৃষ্টি কৰা,

    ৬) সময়ৰ লগত খাপখোৱাকৈ শিক্ষাৰ্থীৰ বাবে উপযুক্ত বিষয় পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰা,

    ৭) শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সৰ্বাত্মক দিশৰ প্ৰতি লক্ষ্য ৰাখি সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰা,

    ৮) শিকোৱা-শিকা প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা শিকন সঁজুলিসমূহৰ যোগান ধৰা,

    ৯) শিক্ষক-শিক্ষাৰ্থীৰ জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ বাবে কাৰ্য্যকৰী আচঁনি প্ৰস্তুত কৰা,

    ১০) শিক্ষাৰ গুণগত মানৰ বিকাশ সাধন কৰা,

    ১১) শিক্ষাক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক উপযুক্তভাৱে প্ৰশিক্ষিত কৰি তোলা।

    ১২) শিক্ষানুষ্ঠানত প্ৰয়োজনীয় বৈজ্ঞানিক অৱস্থাসমূহৰ ব্যৱস্থা কৰা,

    ১৩) শিক্ষাৰ্থী অনুপাতে পুথিভঁৰাল, পৰীক্ষাগাৰ ইত্যাদিৰ সুবন্দবস্ত কৰা,

    ১৪) প্ৰতিগৰাকী ব্যক্তিৰ মাজত সুবন্বয় স্থাপন কৰা,

    ১৫) শিক্ষানুষ্ঠানৰ পৰিৱেশত সকলো ব্যক্তিকে সহযোগিতাৰ মনোভাৱেৰে কাৰ্য্য সম্পন্ন কৰিবলৈ অভিৰোচিত কৰা, ইত্যাদি।

8. Write about the scope of educational management. শৈক্ষিক ব্যৱস্থাপনাৰ পৰিসৰৰ বিষয়ে লিখা।

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনাৰ পৰিসৰ অতি বহল, আৰু সজীৱ। শিক্ষাৰ উচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি নিম্ন পৰ্যায়ৰ দিশলৈ ই সম্প্ৰসাৰিত হৈছে। শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক ব্যৱস্থাপনাৰ অধ্যয়নৰ বিষয় হিচাপে বিবেচনা কৰিলে দেখা যায় যে ই শিক্ষা সম্পৰ্কীয় সকলোবোৰ সমস্যাৰ লগত জড়িত হৈ লাকে।

9. What are the main principles of educational management? শৈক্ষিক ব্যৱস্থাপনাৰ নীতিসমূহ কি কি?

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনাৰ নীতিসমূহ হল-

    ১) কামৰ বিভাজনঃ শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰধান নীতি হল কাৰ্য্যক্ষেত্ৰত সকলো কাম বিভিন্ন জনৰ মাজত ভগাই দিব লাগে শাতে প্ৰতিটো বিভাগতে কৰ্মীসকলৰ কাৰ্য্যদক্ষতাৰ উন্নতি হয়।

    ২) ক্ষমতাৰ ঐক্যবদ্ধতাঃ সংগঠনত প্ৰতিজন ব্যক্তিৰে এজন কৰ্তৃপক্ষ্য তাকে যিজনে সেই সংগঠন বা অনুষ্ঠানটোৰ সৈতে জড়িত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈ থাকে। যদি জ্যেষ্ঠজনৰ কোনো আদেশ বা ক্ষমতা নাথাকে তেনেহলে তাত সংঘৰ্ষৰ সৃষ্টি হব পাৰে।

   ৩) পৰিচালনাঃ ব্যৱস্থাপনাত পৰিচালনাৰ জৰিয়তে নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাৰ বাবে সকলোৱে কাম কৰে। সেয়ে, উপযুক্ত পৰিচালনাৰে কৰ্মীসকলক কাৰ্য্য সম্পাদনৰ বাবে অনুপ্ৰাণিত কৰিব লাগে, অন্যথা কাৰ্য্য সম্পাদনৰ সময় অবাবত নষ্ট হোৱাৰ আশংকা থাকে।

    ৪) অনুশাসনঃ অনুশাসন হল প্ৰতিটো অনুষ্ঠানৰ কৃতকাৰ্য্যতাৰ মূল বিন্দু। সকলো কৰ্মী বা কৰ্মচাৰীয়ে অনুশাসন ৰক্ষা কৰি কাম কৰিব লাগে।

   ৫) কৰ্তৃপক্ষ আৰু দায়িত্বঃ যি কোনো অনুষ্ঠানত প্ৰবন্ধকজনে হল কতৃপক্ষ আৰু দায়িত্ববোধ-দুয়োটা দিশৰ মাজত সহ-সম্বন্ধ থাকে।.

   ৬) বেতন বা দৰমহাঃ কৰ্মীসকলে কাম কৰিলে বেতন পাবই লাগিব। শৈক্ষিক ব্যৱস্থাপনাৰ এই নীতি অনুসৰি কাৰ্যদক্ষতা অনুসৰি প্ৰতিগৰাকী কৰ্মচাৰীয়ে সময়মতে যথাযোগ্য দৰমহা লাভ কৰিব লাগে।

    ৭) পদবীঃ অনুষ্ঠানত উপযুক্ত স্থানত উপযুক্ত ব্যক্তিক নিয়োগ কৰিব লাগে। কৰ্তৃপক্ষই সকলো ব্যক্তিৰ বিষয়ে যথাৰ্থ জ্ঞান আহৰণ কৰি উপযুক্ত ব্যক্তিক উপযুক্ত পদবীত নিয়োজিত কৰি অনুষ্ঠানৰ উন্নয়ন সম্ভৱ কৰি তুলিব পাৰে।

    ৮) ক্ষমতা কেন্দ্ৰীভূতকৰণঃ অনুষ্ঠান পৰিচালনা কৰাৰ বাবে ক্ষমতা কমসংখ্যক ব্যক্তিৰ বাবে থাকিব লাগে। অনুষ্ঠান এখন কেনেধৰণে পৰিচালনা কৰা হব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষৰ হাতত ক্ষমতা কেন্দ্ৰীভূত হব লাগে।

    ৯) সম্বন্ধঃ শিক্ষাক্ষেত্ৰত নিয়োজিত সকলো ব্যক্তিৰ মাজত সু-সম্বন্ধ থাকিব লাগে। জ্যেষ্ঠতাৰ ভিত্তিত সম্বন্ধ স্থাপন কৰিব নালাগে। কনিষ্ঠ সকলে জ্যেষ্ঠসকলৰ পৰা মৰম স্নেহ পালেহে পূৰ্ণ-উদ্যমেৰে কাম কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে।

    ১০) ঐক্যতাই শক্তিঃ যিকোনো অনুষ্ঠান এখনত প্ৰতিজন কৰ্মচাৰীয়ে সু-সামঞ্জস্য আৰু সহযোগিতাৰ মনোভাৱেৰে কাম কৰিলেহে আকাংক্ষিত লক্ষ্যত উপনীত হব পৰা যায়। সেয়ে, প্ৰত্যেকজন কৰ্মচাৰীয়ে প্ৰত্যেকজনক কাৰ্য্য সম্পাদন কৰিবলৈ উৎসাহিত কৰিব লাগে।

10. What are the types of educational management? শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকাৰ বা ভাগসমূহ কি কি? 

উত্তৰঃ কেন্দ্ৰীকৰণ আৰু বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাঃ কতৃপক্ষৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱস্থাপনাক কেন্দ্ৰীকৰণ আৰু বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনা হিচাপে ভাগ কৰা হৈছে।

    কেন্দ্ৰীকৰণ ব্যৱস্থাপনাত শৈক্ষিক প্ৰশাসন, পৰিদৰ্শন, নিয়ন্ত্ৰণ ইত্যাদি বিভিন্ন দিশসমূহৰ নিয়ন্ত্ৰণৰ দায়িত্ব আৰু ক্ষমতা কেন্দ্ৰীকৰণ কৰা হয়। অৰ্থাৎ শৈক্ষিক দিশৰ উচ্চ কৰ্তৃপক্ষ বা দলৰ মূৰব্বীজনে প্ৰশাসনিক ক্ষমতা ব্যৱহাৰ কৰে। যেনেঃ সিদ্ধান্ত গ্ৰহণ, পৰিকল্পনা কাৰ্য্যকৰীকৰণ,

    উচ্চ তথা নিম্ন পৰ্যায়ত ক্ষমতা কাৰ্য্যকৰীকৰণ ইত্যাদি দিশবোৰ পৰিচালনাৰ দায়িত্ব কৰ্তৃপক্ষক দিয়া হয়। উদাহৰণস্বৰুপে- এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে তেওঁৰ ক্ষমতা অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰি সেই সিদ্ধান্ত কাৰ্য্যকৰীকৰণৰ বাবে অন্যান্য শিক্ষকক জড়িত কৰে। সিদ্ধান্ত কাৰ্য্যকৰী হলে শিক্ষকে প্ৰধান শিক্ষকজনক প্ৰতিবেদন দাখিল কৰিব লাগে। সমগ্ৰ শৈক্ষিক অনুষ্ঠানৰ দায়িত্ব প্ৰধান শিক্ষকজনৰ ওপৰত ন্যস্ত কৰা থাকে। ইয়ে হল কেন্দ্ৰীকৰণ ব্যৱস্থাপনা।

11. What are the main characteristics of decentralized management? বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাৰ বৈশিষ্টসমূহ কি কি?

উত্তৰঃ বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাৰ বৈশিষ্টসমূহ হল- 

    ১) ব্যৱস্থাপনাৰ নিম্ন পৰ্য্যায়ত সৰ্বাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    ২) নিম্ন স্তৰত প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰে।

    ৩) সিদ্ধান্ত গ্ৰহণত পৰ্য্যবেক্ষণ বা বিচাৰ কৰাৰ দিশত কৰ্তৃপক্ষই অধিক গুৰুত্ব প্ৰদান নকৰে।

    ৪) কেন্দ্ৰীকৰণ ব্যৱস্থাপনাতকৈ বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাত অনুষ্ঠানৰ মূৰব্বীজনৰ কম বোজা থাকে।

    ৫) কৰ্মচাৰীসকলক সিদ্ধান্ত গ্ৰহণৰ  পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ ফলত দক্ষতা আৰু সামথ্যৰ বিকাশ সাধন হয়।

    ৬) বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাই কৰ্মচাৰীসকলৰ নৈতিক দিশৰ বিকাশ সাধনত সহায় কৰাৰ উপৰিও কাৰ্য্য সম্পাদনৰ বাবে অভিপ্ৰেত কৰে।

    ৭) বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাত অনুষ্ঠানৰ বিভিন্ন বিভাগত সু-সমন্বয়ৰ মাজেৰে কাৰ্য্য সম্পাদনত গুৰুত্ব দিয়ে।

    ৮) কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ মাজত পাৰস্পৰিক বুজাবুজিৰ মনোভাৱ থাকে আৰু কাৰ্য্য সম্পাদনত অংশ গ্ৰহণ কৰে।

    ৯) বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনা গণতান্ত্ৰিক নীতি, আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।

    ১০) উচ্চ স্তৰৰ পৰা নিম্ন স্তৰৰ সকলো কৰ্মচাৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ব্যৱস্থা থকা হেতুকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি পৰৱৰ্তী কাৰ্য্য সম্পাদনৰ বাবে সকলোৱে প্ৰচেষ্টা হাতত লয়।

12. What are the characteristics of Autocratic management? স্বেচ্ছাচাৰী ব্যৱস্থাপনাৰ বৈশিষ্টসমূহ কি কি?

উত্তৰঃ স্বেচ্ছাচাৰী ব্যৱস্থাপনাৰ বৈশিষ্টসমূহ হল-

    ১) এই ব্যৱস্থাপনাত উচ্চ স্তৰত প্ৰবন্ধকজনে সিদ্ধান্ত গ্ৰহণ কৰে।

    ২) সিদ্ধান্ত গ্ৰহণৰ সময়ত তলতীয়া কৰ্মচাৰীৰ মতামত গ্ৰহণযোগ্য নহয়।

    ৩) কৰ্মচাৰীসকলক বিশ্বাসত লোৱা নহয়।

    ৪) কাৰ্য্যসম্পাদনৰ ক্ষেত্ৰত উচ্চস্তৰীয় প্ৰবন্ধকে আগবঢ়োৱা নীতি আৰু পদ্ধতিহে অনুশীলন কৰা হয়।

    ৫) স্বেচ্ছাচাৰী ব্যৱস্থাপনাত সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য্যকৰীকৰণত গতি ক্ষিপ্ৰতৰ হয়।

    ৬) এই ব্যৱস্থাপনাত দোধোৰ, মোধোৰ অৱস্থাৰ সৃষ্টি নহয়। কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ মাজত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ কৰ্মীসকল কাৰ্য্য সম্পাদনত ব্ৰতী হয়।

    ৭) প্ৰবন্ধকজনে নিজস্ব ব্যক্তিত্ব আৰু জ্ঞান-অভিজ্ঞতাৰ দ্বাৰা কৰ্মচাৰীসকলক অভিৰোছিত কৰিব পাৰে।

    ৮) জৰুৰীকালীন অৱস্থাত এই ব্যৱস্থাপনাৰ প্ৰয়োজন।

    ৯) প্ৰৱন্ধকজনক প্ৰকল্প বা কাৰ্য্য সম্পাদনৰ সমগ্ৰ দায়িত্ব অৰ্পণ কৰা হয়।

    ১০) প্ৰবন্ধক জনে স্বেচ্ছাচাৰী ব্যৱস্থাপনাত দল বা বিভাগৰ অন্যান্য কৰ্মচাৰী নিজৰ সামৰ্থ্যৰ প্ৰতি বিশ্বাসী কৰি তোলে।

    

13. What do you mean by Democratic management? 

গণতান্ত্ৰিক ব্যৱস্থাপনা বুলিলে কি বুজা?

উত্তৰঃ গণতান্ত্ৰিক ব্যৱস্থাপনা স্বেচ্ছাচাৰী ব্যৱস্থাপনৰ বিপৰীতধৰ্মী শৈক্ষিক ব্যৱস্থাপনা। এই ব্যৱস্থাপনাত এজন ব্যক্তিৰ ওপৰত সমস্ত দায়িত্ব অৰ্পণ কৰা নহয়। তাৰ পৰিবৰ্তে বিকেন্দ্ৰীকৰণ ব্যৱস্থাপনাৰ নিচিনাকৈ কাৰ্য্যসমূহ ভাগ কৰা হয়।

14. What is the derivative meaning of '' Laissez Faire''? '' লাইচেজ ফেয়াৰ''ৰ ডেৰিভেটিভ অৰ্থ কি?

উত্তৰঃ '' লাইচেজ ফেয়াৰ''ৰ ডেৰিভেটিভ অৰ্থ হল- নেতৃত্ববিহীন ব্যৱস্থা।

15. What are the characteristics of Participatory Management? সহযোগী ব্যৱস্থাপনা বুলিলে কি বুজা?

উত্তৰঃ

16. Mention two characteristics of Participatory Management. সহযোগী ব্যৱস্থাপনাৰ দুটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ সহযোগী ব্যৱস্থাপনাৰ দুটা বৈশিষ্ট হল- 

    ১) গণতান্ত্ৰিক নীতি-আদৰ্শৰ ওপৰত এই ব্যৱস্থাপনাই বিশ্বাস কৰে।

    ২) সহযোগী ব্যৱস্থাপনাত কৰ্মবৃন্দই কামত সন্তুষ্টি লাভ কৰাত কৰ্তৃপক্ষই গুৰুত্ব দিয়ে।

17. Write about the functions of Educational Management. শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যাৱলীৰ বিষয়ে লিখা।

উত্তৰঃ শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যাৱলী বোৰ হল- 

    ১)পৰিকল্পনাঃ যিকোনো অনুষ্ঠান এখনে পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে আগতীয়াকৈ কাৰ্য্যপন্থা পৰিকল্পনা কৰি লব লাগে। ই হল অনুষ্ঠান বা সাংগঠনিক কৃতকাৰ্য্যতা লাভৰ নিৰ্ভৰযোগ্য আৰু যুক্তিসংগত পদ্ধতি। পৰিকল্পনা পদ্ধতিয়ে কিছুমান কাৰ্য্য অন্তৰ্ভূক্ত কৰে। যেনে-

    * লক্ষ্য বা উদ্দেশ্য সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ

    * বিৱৰণ

    * বিকল্প লক্ষ্যৰ সন্ধান

    * বিকল্প লক্ষ্যৰ মূল্যায়ন

    * পৰিকল্পনা নিৰ্বাচন

    * নীতি বা কৌশল নিৰ্ধাৰণ ইত্যাদি

    শিক্ষানুষ্ঠানৰ লক্ষ্যত উপনীত হবলৈ পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। ইয়াৰ জৰিয়তে বৰ্তমান সময়ত শিক্ষাৰ বিভিন্ন স্তৰত উদ্ভৱ হোৱা সমস্যাবোৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিকাৰৰ উপায় নিৰ্ধাৰণ কৰিব লাগে। এক কথাত কবলৈ হলে পৰিকল্পনাই বৰ্তমান আৰু ভবিষ্যত কাৰ্য্যপন্থাৰ মাজত যোগসূত্ৰ স্থাপন কৰে।

    ২) সংগঠিত কৰণঃ সংগঠিত কৰণে সকৰ্তৃপক্ষ আৰু কৰ্মৰ মাজত সাকোঁ ৰুপে কাম কৰে। সংগঠিত কৰণৰ জৰিয়তে শিক্ষানুষ্ঠানৰ আনুষ্ঠানিক গাঁথনিৰ প্ৰতিফলন ঘটে। শৈক্ষিক ব্যৱস্থাপনাৰ সাংগাঠনিক কাৰ্য্যই নিৰ্বাচিত কাৰ্য্যাবলীৰ চিনাক্তকৰণত সহায় কৰে আৰু ব্যক্তিক কাৰ্য্য সম্পাদনৰ বাবে সক্ষম কৰি তোলে। তাৰোপৰি নিৰ্বাচিত কাৰ্য্যসমূহ কিছুমান উপ-শাখাত এনেদৰে বিভক্ত কৰা হয় যাতে প্ৰতিটো কাৰ্য্যৰে এটাৰ লগত আনটোৰ সম্পৰ্ক থাকে আৰু সাংগাঠিনিক উদ্দেশ্য পূৰণ কৰিবলৈ প্ৰতিজন ব্যক্তিয়ে কাম কৰিবলৈ অনুপ্ৰাণিত হয়।

    ৩) আদেশ কৰাঃ আদেশকৰণ বা পৰিচালনা কৰা প্ৰক্ৰিয়াটো শৈক্ষিক ব্যৱস্থাপনাৰ এটা উল্লেখনীয় কাৰ্য্য। এই কাৰ্য্যৰ জৰিয়তে সকলো ব্যক্তিক ফলপ্ৰসূ আৰু দক্ষতাৰে কাৰ্য্য সম্পাদনত ব্ৰতী কৰায় যাতে উদ্দেশ্য পৰিপূৰ্ণ হয়। ই হল গতি শক্তিৰ মূল কেন্দ্ৰ। ব্যক্তিৰ মাজত পাৰস্পৰিক যোগাযোগৰ ই মূখ্য উপাদান। ইয়াৰ লগত জড়িত হৈ থাকে কৰ্তৃপক্ষৰ নেতৃত্ব দানৰ দক্ষতা, ব্যৱস্থাপনাৰ ইতিবাচক যোগযোগ প্ৰক্ৰিয়া, অভিৰোচন প্ৰক্ৰিয়া, আৰু পৰ্য্যবেক্ষণৰ দিশসমূহ। শিক্ষানুষ্ঠান বা শৈক্ষিক সংগঠনৰ প্ৰতিটো দিশতে কৰ্তৃপক্ষই চকু দিব লাগে। উপদেশ তথা পৰামৰ্শমূলক ভূমিকা পালনেৰে ব্যক্তিক কাৰ্য্য সম্পাদনৰ বাবে উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব লাগে। তেতিয়াহে সাংগাঠনিক দিশৰ উদ্দেশ্যসমূহ সফল হব পাৰে।


18. Write about the role of the Head of the institution in management. ব্যৱস্থাপনাত অনুষ্ঠানৰ মূৰব্বীৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ এখন শিক্ষানুষ্ঠানত শৈক্ষিক মূৰব্বী বা প্ৰধান শিক্ষকজন হল শিক্ষানুষ্ঠানৰ মূল হোতা। সমগ্ৰ শিক্ষা পৰিৱেশটো তেওঁৰ কাৰ্য্যৰ মাজেৰে প্ৰতিফলিত হয়। শিক্ষানুষ্ঠানৰ কৃতকাৰ্য্যতা প্ৰধান শিক্ষকৰ দক্ষতা, সচেতনতা, অভিজ্ঞতা, ব্যক্তিত্ব ইত্যাদিৰ ওপৰত নিৰ্ভৰশীল। মূৰব্বীজন হল শিকোৱা-শিকা প্ৰক্ৰিয়াৰ মূল কেন্দ্ৰ বিন্দু। চকা এটা ঘূৰি থাকিবৰ বাবে যেনেদৰে চকাটোৰ মাদলীডাল শক্তিশালী হব লাগে একেদৰে বিদ্যালয় এখন সুচাৰুৰুপে, সুশৃংখলিতভাৱে পৰিচালিত কৰিবলৈ প্ৰধান শিক্ষকজনে অহোপুৰোষাৰ্থ কৰিব লাগে।

    প্ৰধান শিক্ষকজনে নিজকে এজন সু-সংগঠক, নেতা, পৰিচালক সমন্বয়ক, নিৰ্দ্দেশক, পৰামৰ্শদাতা, দাৰ্শনিক, বিছাৰক, সুবিধাদাতা, বন্ধু ইত্যাদি বিভিন্ন ৰুপত নিজৰ প্ৰতিভা প্ৰতিফলিতকৰণত গুৰুত্ব দিব লাগে। বিদ্যালয়ৰ নক্সা, আদৰ্শ, শিক্ষকবৃন্দ, পাঠ্যক্ৰম, শিকোৱা-পদ্ধতি, অনুশাসন, সহপাঠ্যক্ৰমিক কাৰ্য্যাৱলী, বিদ্যালয়ৰ দৈনন্দিনৰ কাৰ্য্যসূচী তথা পাৰিপাৰ্শ্বিকতা ইত্যাদি সকলো দিশতে প্ৰধান শিক্ষকজনৰ তাৎপৰ্য্যপূৰ্ণ ভূমিকা থাকে।

19. Write about the characteristics of successful Educational Management. কৃতকাৰ্য্য শৈক্ষিক ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা।

উত্তৰঃ কৃতকাৰ্য্য শৈক্ষিক ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহ হল-

    ১) সামৰ্থ্যঃ প্ৰবন্ধকজন সামৰ্থ্য বা সক্ষম হবলৈ হলে তেখেতৰ বুদ্ধি, চতুৰতা, সক্ৰিয়তা, ন্যায় বিচাৰ ইত্যাদ গুণসমূহ থাকিব লাগে।

    ২) কৃতিত্বঃ কৃতিত্ব অৰ্জনৰ বাবে শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা, জ্ঞান প্ৰদানৰ সু-ব্যৱস্থা অৰ্থ উপযুক্ত পৰিবেশ সৃষ্টি কৰাত গুৰুত্ব দিব লাগে।

   ৩) দায়িত্ববোধঃ প্ৰবন্ধকজন আত্ম-বিশ্বাসী, আনতকৈ শ্ৰেষ্ঠ হোৱাৰ আকাংক্ষা, অবিৰত প্ৰচেষ্টা, প্ৰথম আৰম্ভণকাৰী ইত্যাদি গুণৰ অধিকাৰী হব লাগে। অৰ্থাৎ নেৰানেপেৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ফলশ্ৰুতিতে শৈক্ষিক ব্যৱস্থাপনা কৃতকাৰ্য্যতা লাভ কৰিব পাৰে।

  ৪) অংশগ্ৰহণঃ সামাজিক কামত অংশগ্ৰহণ কৰি সহযোগিতা আৰু ৰসজ্ঞানৰ মাধ্যমেৰে শৈক্ষিক দিশৰ লগত জড়িত সকলো ব্যক্তিক আপোন কৰি লব লাগে।

    ৫) অৱস্থাঃ প্ৰবন্ধকজনে নিজৰ দক্ষতা, সামৰ্থ, যোগ্যতা অনুৰাগ ইত্যাদি গুণৰ জৰিয়তে শিক্ষানুষ্ঠানৰ উদ্দেশ্য সফল কৰি তোলাৰ বাবে প্ৰয়োজনীয় কাৰ্য্য সম্পাদন কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব লাগে।

    তাৰোপৰি, Peddler, Boydell, Cribbed ইত্যাদি বিশেষজ্ঞৰ মতে শৈক্ষিক ব্যৱস্থাপনাক ফলৱৰ্তী কৰি তোলাৰ বাবে আন কিছুমান বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দিব লাগে। 


Answered by- Leena Kakati