শৈক্ষিক পৰিকল্পনা

1.What do you mean by Educational planning?

শৈক্ষিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণ অৰ্থত শিক্ষা পৰিকল্পনা হল শিক্ষা প্ৰক্ৰিয়াৰ বিকাশৰ বাবে যুক্তি আৰু শিক্ষাৰ পদ্ধতিগত বিশ্লেষণৰ জৰিয়তে সমাজ আৰু শিক্ষাৰ্থীক ফলপ্ৰসূ আৰু দক্ষতাৰে নিজ নিজ লক্ষ্যত উপনীত কৰোৱাৰ এটা পূৰ্ব নিৰ্ধাৰিত প্ৰক্ৰিয়া।

2. Define Educational Planning.

শৈক্ষিক পৰিকল্পনাৰ সংক্ষা লিখা।

উত্তৰঃ B. Das ৰ মতে- সাধাৰণ অৰ্থত শিক্ষা পৰিকল্পনা হল শিক্ষা প্ৰক্ৰিয়াৰ বিকাশৰ বাবে যুক্তি আৰু শিক্ষাৰ পদ্ধতিগত বিশ্লেষণৰ জৰিয়তে সমাজ আৰু শিক্ষাৰ্থীক ফলপ্ৰসূ আৰু দক্ষতাৰে নিজ নিজ লক্ষ্যত উপনীত কৰোৱাৰ এটা পূৰ্ব নিৰ্ধাৰিত প্ৰক্ৰিয়া।

3. Write the full form of MHRD, UGC, NCERT, SCERT

উত্তৰঃ MHRD= Ministry of human resource development

            UGC= University Grants Commission

            NCERT= National Council of Educational Research and Training

            SCERT= State Council of Educational Research and training

4. What are the characteristics of Educational Planning?

শৈক্ষিক পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ শৈক্ষিক পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ হল-

    ১) সংখ্যাগত আৰু গুণগত স্থিতিঃ সাধাৰণতে শিক্ষা প্ৰক্ৰিয়াৰ উন্নয়নৰ দিশটো শিক্ষানুষ্ঠানৰ সংখ্যাগত অৱস্থাৰ পৰিপূৰ্ণতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়। অৰ্থাৎ আশা কৰা অনুসৰি ভক্তিকৰণৰ লক্ষ্য পূৰণ হল নে নাই তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। কিন্তু সংখ্যাগত অৱস্থান বা স্থিতি পূৰণেই যথেষ্ট নহয়। পৰিকল্পনাৰ বাবে শিক্ষানুষ্ঠানৰ ভৌতিক, বিত্তীয় আৰু গুণগত দিশটো সমানভাৱে জৰুৰী। এখন উত্তম শিক্ষা পৰিকল্পনাৰ বাবে গুণগত দিশৰ মূল্যায়নৰ দিশসমূহ এনে ধৰণৰ-

    (ক) শিক্ষাৰ্থীৰ গুণগত দিশ, সিহঁতৰ আচৰণ, প্ৰমূল্যবোধ আৰু ব্যক্তিত্ব বিকাশৰ কাৰকসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে।

    (খ) অপচয় আৰু অন্নুয়নৰ পৰিসৰ সম্বন্ধে সম্যক ধাৰণা গ্ৰহণ কৰিব লাগে।

    (গ) শিক্ষকসকলৰ নতুন নতুন পাঠ্যক্ৰমৰ প্ৰতি ধাৰণা আৰু জড়িতকৰণ, শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে পদ্ধতি গ্ৰহণ,শাৰীৰিক শিক্ষা আঁচনি, তৰ্ক আৰু অন্যান্য কাৰ্য্যাৱলীত শিক্ষকৰ অংশগ্ৰহণ ইত্যাদি বিভিন্ন দিশসমূহ অধ্যয়ন কৰাটো শিক্ষা পৰিকল্পনাৰ বাবে নিতান্তই জৰুৰী।

২) বিকল্পৰ পচন্দঃ শিক্ষা প্ৰক্ৰিয়াত পৰিৱৰ্তন অনাৰ বাবে অতীতত যিবিলাক পদ্ধতি ব্যৱহাৰ কৰা হৈছিল আধুনিক সময়ত শিক্ষা পৰিকল্পনাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। বৰ্তমান শিক্ষা পৰিকল্পনাৰ প্ৰক্ৰিয়া যুক্তিসংগত, পদ্ধতিগত আৰু বিজ্ঞানসন্মত। এতিয়াৰ সিদ্ধান্ত পদ্ধতিগত আৰু সুস্থ পৰিকল্পনাৰ ওপৰত প্ৰতিষ্ঠিত। শিক্ষাৰ্থীৰ বাবে বিভিন্ন বিষয় উল্লেখ কৰা থাকে আৰু পচন্দ অনুসৰি যিকোনো বিষয় নিৰ্বাচনৰ সুবিধা থাকে।

৩) অংশগ্ৰহণকাৰীঃ পৰিকল্পনা হল এটা বিস্তত প্ৰক্ৰিয়া। ইয়াৰ কৃতকাৰ্যতা পৰিকল্পনাকাৰী, প্ৰশাসক, শিক্ষক, শিক্ষাৰ্থী ইত্যাদিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে, ব্যক্তি লাভবান হবলৈ পৰিকল্পনা প্ৰস্তুতকৰণৰ অংশীদাৰ, কাৰ্য্যকৰীকৰণ আৰু প্ৰতিপুষ্টি প্ৰদান কৰিব পৰাকৈ এই প্ৰক্ৰিয়া প্ৰকাশ কৰিব লাগে।

৪) সহযোগিতাঃ সহযোগিতামূলক পৰিকল্পনাক পৰিকল্পনাৰ প্ৰধান বৈশিষ্ট হিচাপে বিবেচনা কৰা হয়। কিয়নো, পৰিকল্পনাৰ লগত সমাজৰ এটা বৃহত্তৰ শাখা জড়িত হৈ থাকে।

৫) দলীয় কাৰ্য্যঃ শিক্ষা পৰিকল্পনাত সকলো দায়িত্বশীল ব্যক্তিয়ে ঐক্যবদ্ধভাৱে আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰে। বিশেষজ্ঞ দল, দায়িত্বশীল ব্যক্তি আৰু অন্যান্য লোক যিসকলে শিক্ষাপৰিকল্পনাৰ আঁচনি প্ৰস্তুতকৰণৰ লগত জড়িত সেই সকলো ব্যক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাবে উপযুক্ত মাধ্যম নিৰ্ধাৰণ কৰিব লাগে।

৬) সামাজিক আৰু অৰ্থনৈতিক লক্ষ্যঃ আধুনিক শিক্ষা পৰিকল্পনাত কেৱল এটা গোটৰ অনুৰাগৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা নহয়। তাৰ পৰিৱৰ্তে এখন দেশৰ সকলো নাগৰিক কল্যাণ সাধনৰ বাবে সামাজিক আৰু অৰ্থনৈতিক দিশৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

৭) পূৰ্ব ধাৰণাঃ শিক্ষা পৰিকল্পনাই ভৱিষ্যতত কিছু পৰিৱৰ্তন আৰু বিকাশৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এটা পূৰ্ব ধাৰণা, প্ৰয়োজনীয় সম্পদ ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখি আঁচনি ফলপ্ৰসূভাৱে কাৰ্য্যকৰীকৰণত গুৰুত্ব দিয়ে।

৮) প্ৰতিকাৰমূলক পৰিমাপনঃ আধুনিক শিক্ষা পৰিকল্পনাৰ আন এটা বিশেষ বৈশিষ্ট হল প্ৰতিকাৰ মূলক আৰু নিৰ্দ্দেশনাত্মক দিশৰ অৱস্থা নিৰ্ণয় কৰা। শৈক্ষিক সমস্যাৰ সৃষ্টি কৰিব পৰা সকলোবিলাক দিশ উপযুক্ত পৰিকল্পনা প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰি সেইবোৰ প্ৰতিকাৰৰ বিষয়ে গঠনমূলক পৰামৰ্য প্ৰদান কৰিব লাগে।

5. Write about need and importance of Educational planning.

শৈক্ষিক পৰিকল্পনাৰ প্ৰয়োজন আৰু গুৰুত্বৰ বিষয়ে লিখা।

উত্তৰঃ শৈক্ষিক পৰিকল্পনাৰ প্ৰয়োজন আৰু গুৰুত্ববোৰ হল-

    ১) কৃতকাৰ্যতাঃ এখন শিক্ষানুষ্ঠানে প্ৰস্তুত কৰা শিক্ষাৰ আঁচনিসমূহৰ সফল ৰূপায়ন কৰি কৃতকাৰ্যতা লাভ কৰিবলৈ শিক্ষা পৰিকল্পনাৰ প্ৰয়োজন।

    ২) অনিশ্চয়তা হ্ৰাসকৰণঃ বিভিন্ন ঘটনা, চৰ্ত বা অৱস্থা আৰু ভৱিষ্যত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পৰিকল্পনাৰ আঁচনিসমূহ প্ৰস্তুত কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত অনিশ্চয়তা হ্ৰাসৰ বাবে ভবিষ্যতৰ পৰিকল্পনা হাতত লোৱা হয়।

    ৩) লক্ষ্য পূৰণঃ যিকোনো শিক্ষা সংগঠনৰ পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে শিক্ষা পৰিকল্পনাৰ প্ৰয়োজন।

    ৪) নিৰ্দ্দেশকৰূপেঃ শিক্ষা পৰিকল্পনাই শিক্ষাৰ বিভিন্ন দিশ কাৰ্য্যকৰীকৰণত নিৰ্দ্দেশক স্বৰূপে কাম কৰে।

    ৫) সিদ্ধান্ত গ্ৰহণঃ শিক্ষানুষ্ঠানৰ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ বাবে সিদ্ধান্ত গ্ৰহণত শিক্ষা পৰিকল্পনাই সহায় কৰে।

6. What are the differences between Macro and Micro level?

বৃহৎ আৰু অনুস্তৰৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ বৃহৎ স্তৰত পৰিকল্পনাৰ এই স্তৰটোৱে শিক্ষা পৰিকল্পনাৰ সকলোবোৰ দিশকে অন্তৰ্ভূক্ত কৰে। শিক্ষাৰ কিছুমান উপাদান, যেনে- নতুনকৈ স্থাপন কৰিবলগীয়া বিদ্যালয়ৰ সংখ্যা, বিদ্যালয়ৰ অৱস্থিতি, প্ৰয়োজনীয় বিত্তীয় অনুদান, প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা ইত্যাদি সকলোবোৰকে সামৰি লয়। কিন্তু অনু স্তৰটোত ব্যক্তিক বিশেষভাৱে প্ৰাধান্য দিয়া হয়। বাস্তৱ পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই স্তৰটো একেবাৰে নিম্ন স্তৰৰ পৰা আৰম্ভ কৰা হয়।

7. What do you mean by grass root level?

মুখ্য বা বুনিয়াদ স্তৰ বুলিলে কি বুজা?

উত্তৰঃ বুনিয়াদ স্তৰত একেবাৰে সৰু সম্প্ৰদায় বা গাওঁৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়। শিক্ষা পৰিকল্পনাই যাতে তেওঁলোকৰ প্ৰয়োজন বা চাহিদা পূৰণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। উদাহৰণস্বৰূপে সৰ্ব শিক্ষা আঁচনিয়ে একেবাৰে নিম্নস্তৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ সকলো দিশকে সামৰি লৈছে। অৰ্থাৎ স্থানীয় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পৰিকল্পনাৰ বিভিন্ন আঁচনি প্ৰস্তুত কৰি জনসাধাৰণৰ প্ৰয়োজন পূৰণত এই স্তৰটোৱে গুৰুত্ব প্ৰদান কৰে।

8. What are the types of Educational planning

শৈক্ষিক পৰিকল্পনাৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ শৈক্ষিক পৰিকল্পনাৰ প্ৰকাৰসমূহ হল-

    ১) ব্যক্তিগত পৰিকল্পনাঃ ব্যক্তিগত পৰিকল্পনাৰ সমগ্ৰ শিক্ষা পৰিকল্পনাৰ এটা অংশ। ই পৰিকল্পনাৰ বিষয়ে জনাৰ ওপৰত গুৰুত্ব দিয়ে।

    ২) দলীয় পৰিকল্পনাঃ দলীয় পৰিকল্পনা সহযোগিতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। দলবদ্ধভাৱে সকলোৱে শিক্ষা পৰিকল্পনাৰ অন্তৰ্ভূক্ত আঁচনিসমূহ কাৰ্য্যকৰীকৰণত দলীয় পৰিকল্পনাই সহায় কৰে।

    ৩) হ্ৰস্বম্যাদী পৰিকল্পনাঃ সাধাৰণতে হ্ৰস্বম্যাদী পৰিকল্পনাৰ সময়সীমা ৩ বছৰৰ পৰা ৫ বছৰৰ ভিতৰত হয়। তাৎক্ষণিকভাৱে কাৰ্য্য সম্পাদন কৰিবলৈ এই আঁচনিসমূহ যুগুত কৰা হয়।

    ৪) দীৰ্ঘম্যাদী পৰিকল্পনাঃ দীৰ্ঘম্যাদী পৰিকল্পনাসমূহ ১০ ৰ পৰা ২০ বছৰলৈ বিস্তাৰিত হৈ থাকে। দীৰ্ঘম্যাদী পৰিকল্পনাসমূহে ৰাষ্ট্ৰীয় উন্নয়নত সহায় কৰে। প্ৰায় সকলো দেশতে দীৰ্ঘম্যাদী আঁচনিৰ পৰিকল্পনা কৰা হয়।

9. What do you mean by Administrative planning?

প্ৰশাসনিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে, এই বিভাগটো প্ৰশাসনীয় দিশৰ লগত জড়িত। শিক্ষাজগতত শিক্ষাৰ বিভিন্ন পৰ্যায়ত দায়িত্ব আৰু ক্ষমতাৰ বিভাজন প্ৰক্ৰিয়াৰ লগত প্ৰশাসনিক পৰিকল্পনা জড়িত। প্ৰাথমিক, মাধ্যমিক, উচ্চশিক্ষা, কাৰিকৰী শিক্ষা ইত্যাদি সকলো স্তৰৰ বাবে প্ৰয়োজনীয় পৰিকল্পনাৰ কাথামো প্ৰস্তুোতকৰণত ই সহায় কৰে।

10. What are the differences between Strategic and Instructional Planning?

কৌশলগত আৰু নিৰ্দ্দেশনামূলক পৰিকল্পনাৰ পাৰ্থক্য কি?

উত্তৰঃ কৌশলগত পৰিকল্পনা দীৰ্ঘম্যাদী প্ৰকৃতিৰ। এই ভাগটোৱে সমগ্ৰ পদ্ধতিটোকে প্ৰকাশ কৰে। শিক্ষানুষ্ঠানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়োজনীয় কাৰ্য্যৰ তালিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু লক্ষ্য পূৰণৰ বাবে ১০ ৰ পৰা ২০ বছৰলৈ ব্যাপকভাৱে কাৰ্য্য তালিকা প্ৰস্তুত কৰে। আনহাতে নিৰ্দ্দেশনামূলক পৰিকল্পনাৰ ভাগটোৱে বৃহৎ বা ডাঙৰ স্তৰৰ শিক্ষাৰ দিশটো সামৰি লয়। অনুশিক্ষাৰ পৰিবৰ্তে শ্ৰেণীকোঠাৰ সকলো শিক্ষাৰ্থীৰ বাবে বিশেষ বিষয়ৰ শিক্ষাদানৰ আঁচনি ৰূপায়ন কৰে।

11. What are the basic principles of Educational Planning?

শৈক্ষিক পৰিকল্পনাৰ প্ৰধান নীতিসমূহ কি কি?

উত্তৰঃ শৈক্ষিক পৰিকল্পনাৰ প্ৰধান নীতিসমূহ হল-

    ১) ই জাতীয় উন্নয়নৰ বাবে প্ৰস্তুত কৰা সমগ্ৰ পৰিকল্পনাৰ এটা অবিচ্ছেদ্য অঙ্গ।

    ২) শিক্ষা পৰিকল্পনা যথাৰ্যতে দীৰ্ঘম্যাদী প্ৰকৃতিৰ। গৱেষণা কাৰ্য্য হল এই আচনিৰ পূৰ্ব চৰ্ত।

    ৩) শিক্ষা পৰিকল্পনা হল এটা ধাৰাবাহিক প্ৰক্ৰিয়া।

    ৪) শিক্ষা পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় বিত্তীয় নিধিক সামাজিক কল্যাণসাধনৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় বিকাশৰ বাবে ব্যৱহাৰ কৰা ধনৰাশি হিচাপেহে বিবেচনা কৰা হয়।

    ৫) ন্যায্যতা আৰু ক্ষমতাৰ নীতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ ভাৰসাম্য বিকাশৰ বাবে শিক্ষা পৰিকল্পনাৰ আঁচনি প্ৰস্তুত কৰা হয়।

12. Write about the Role of MHRD in education

MHRD- এ শিক্ষাৰ দিশত গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ MHRD এ শিক্ষাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আয়োগ গঠন কৰি পৰামৰ্শ প্ৰদান কৰি আহিছে। এই আয়োগসমূহে শিক্ষাৰ উন্নতিৰ বাবে বহুতো মূল্যবান পৰামৰ্শ আগঢ়াইছে। তাৰ ভিতৰত ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগৰ কথা উল্লেখ কৰিব পাৰি এই আয়োগে শিক্ষাৰ বিকাশ আৰু সংস্কাৰৰ বাবে চাৰি খলপীয়া পৰামৰ্শ প্ৰদাদ কৰিছে। সেইবোৰ হল ক্ৰমে উৎপাদনশীলতাৰ বৃদ্ধি সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিকাশ সাধন, শিক্ষা আৰু আধুনিকীকৰণ আৰু নৈতিক, আধ্যাত্মিক আৰু প্ৰমূল্যবোধৰ বিকাশ সাধন। আকৌ, ১৯৮৬ চনৰ প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ প্ৰতিটো স্তৰৰ বিকাশৰ বাবে পৰামৰ্শ আগবঢ়াইছে। তাৰোপৰি স্ত্ৰী-শিজ্ঞা, বিশেষভাৱে সক্ষম লোকৰ বাবে শিক্ষা, বৃত্তীয় শিক্ষা, মুছলমানৰ বাবে শিক্ষা, সাংস্কৃতিক বিকাশৰ বাবে শিক্ষা, পৰিবেশ আৰু জনসংখ্যাৰ শিক্ষা ইত্যাদি বিভিন্ন দিশ সামৰি সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াইছে।

13. Write about the Powers and functions of UGC.

বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ষমতা আৰু কাৰ্য্যাৱলীৰ বিষয়ে লিখা।

উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ষমতা আৰু কাৰ্য্যাৱলী বোৰ হল-

    ১) নতুন বিশ্ববিদ্যালয় স্থাপনঃ নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে এই আয়োগে অনুমতি প্ৰদান কৰে আৰু প্ৰয়োজনীয় পূঁজিৰ যোগান ধৰে।

    ২) গুণগত মানদণ্ডৰ বিকাশ সাধনঃ বিশ্ববিদ্যালয়সমূহৰ গুণগত মানদণ্ড বিকাশৰ ওপৰত আয়োগে গুৰুত্ব প্ৰদান কৰে আৰু সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াবলগীয়া পূঁজিৰ পৰিমাণ নিৰ্ধাৰণ কৰে।

    ৩) সমন্বয় সাধনঃ এই আয়োগে বিশ্ববিদ্যালয়সমূহৰ মাজত সমন্বয় ৰক্ষা কৰি শিক্ষা ব্যৱস্থাক উন্নত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।

    ৪) বাজেট প্ৰস্তুতকৰণঃ বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষাৰ উন্নতিৰ বাবে বছৰেকীয়া বাজেট প্ৰস্তুত কৰে।

    ৫) সহায়ক অনুদানঃ এই আয়োগে বিশ্ববিদ্যালয়সমূহক পূঁজি আবণ্টন দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰে।

14. NCERT ৰ মূখ্য কাৰ্য্যসমূহ কি কি?

What are the main functions of NCERT?

উত্তৰঃ  NCERT ৰ মূখ্য কাৰ্য্যসমূহ হল- 

    ১) গৱেষণাঃ শিক্ষাৰ বিভিন্ন দিশৰ মুখ্য গৱেষণা-প্ৰকল্পসমূহৰ ওপৰত এই পৰিষদে গুৰুত্ব প্ৰদান কৰিছে আৰু শিক্ষামূলক গৱেষণা সমূহ সম্পাদন কৰাৰ বাবে সহায়ক অনুদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

    ২) প্ৰশিক্ষণঃ শিক্ষকৰ শিক্ষাৰ বাবে এই পৰিষদে ব্যৱস্থা হাতত লৈছে। প্ৰাক্- নিযুক্তিকালীন আৰু কৰ্মকালীন শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে গ্ৰীষ্মকালীন অনুষ্ঠান সংগঠিত কৰিছে।

    ৩) সম্প্ৰসাৰণঃ মাধ্যমিক স্কুলৰ শিক্ষকৰ প্ৰকৃত মনোভাৱ উন্নয়নৰ বাবে এই পৰিষদে কিছুমান সম্প্ৰসাৰণ শিক্ষা আচঁনি সংগঠিত কৰে। তাৰ ভিতৰত প্ৰশিক্ষণ মহাবিদ্যালয়ৰ লগত সংযোজিত কৰি সম্প্ৰসাৰণ সেৱা বিভাগে মাধ্যমিক স্কুলৰ শিক্ষকৰ বাবে প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰে।

    ৪) বিজ্ঞান শিক্ষাঃ এই পৰিষদে ছাত্ৰসকলৰ বিজ্ঞানসন্মত প্ৰৱণতাৰ উৎকৰ্ষ সাধনত সহায় কৰে। মেধাবী ছাত্ৰসকলক জলপানি দিয়াৰ বাবে বিজ্ঞানৰ প্ৰতিভাসন্ধানী পৰীক্ষাৰ আয়োজন কৰে।

    ৫) প্ৰকাশকৰণঃ NCERT ৰ এটা প্ৰধান কাম হল প্ৰকাশকৰণ। এই পৰিষদে পাঠ্যপুথি, শিক্ষকসকলৰ বাবে নিৰ্দেশক পুস্তিকা, হাতপুথি আৰু পৰিপূৰক শৈক্ষিক উপকৰণ ইত্যাদি প্ৰকাশ কৰে। তাৰোপৰি তিনিখন শিক্ষা সম্পৰ্কীয় সংবাদ-পত্ৰ প্ৰকাশ কৰে।

15. SCERT ৰ মূল ভাগকেইটা কি কি?

উত্তৰঃ SCERT ৰ মূল ভাগকেইটা হল-

    ১) শিক্ষকৰ শিক্ষা বিভাগ

    ২) শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কাৰৰ বিভাগ

    ৩) পাঠ্যক্ৰম উন্নতকৰণৰ বিভাগ

    ৪) বিজ্ঞান, গণিত আৰু ভাষা-শিক্ষণ বিভাগ

16. SCERT- ৰ অধীনত থকা শিক্ষকৰ শিক্ষাৰ অনুষ্ঠানসমূহৰ নাম লিখা।

উত্তৰঃ SCERT- ৰ অধীনত থকা শিক্ষকৰ শিক্ষাৰ অনুষ্ঠানসমূহ হৈছে-

    ১) শিক্ষকৰ শিক্ষা মহাবিদ্যালয়।

    ২) B.ED. মহাবিদ্যালয়।

    ৩) জিলা শিক্ষা আৰু প্ৰশিক্ষণ অনুষ্ঠান।

    ৪) নৰ্মাল স্কুল।

    ৫) বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ।

    ৬) প্ৰাক্-প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰ।

    ৭) হিন্দী প্ৰশিক্ষণ মহাবিদ্যালয়।

    ৮) হিন্দী প্ৰশিক্ষণ অনুষ্ঠান।

17. Write about the role of SCERT in educational development

শিক্ষাৰ বিকাশত  SCERT য়ে পালন কৰা ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ শিক্ষাৰ বিকাশত  SCERT য়ে পালন কৰা ভূমিকাবোৰ হল-

    ১) পৰীক্ষাৰ মূল্যায়ন আৰু সংস্কাৰ সাধন।

    ২) প্ৰয়োজন অনুসৰি শিক্ষাবিভাগক পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণ কৰাত সহায় কৰা।

    ৩) বিদ্যালয়ৰ শিক্ষা আৰু শিক্ষকৰ শিক্ষাৰ পাঠ্যক্ৰম আৰু বিষয় নিৰ্বাচনত সহায় কৰা।

    ৪) শিক্ষাৰ বিভিন্ন দিশত উদ্ভৱ হোৱা সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণাত সহায় কৰা।

    ৫) পৰীক্ষাৰ মানদণ্ড নিৰ্ধাৰণ কৰা। 


Answered by Leena Kakati  (05.05.2022)