শিক্ষাত সম্পদ



প্ৰশ্নাৱলী
1. What do you mean by Resources?

সম্পদ বুলিলে কি বুজা?

উত্তৰঃ সম্পদ হল জীৱনৰ মানদণ্ড উন্নতকৰণৰ বাবে ব্যৱহৃত হোৱা কিছুমান উৎস যিয়ে উপকাৰ লাভত সহায় কৰে।

2. What are the types of Resources?

সম্পদৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ সম্পদৰ প্ৰকাৰসমূহ হল-

     i) প্ৰাকৃতিক সম্পদ

     ii) মানৱ সম্পদ

3. What do you mean by Human Resources?

মানৱ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ মানৱ সম্পদ হল কাৰ্য্য সম্পাদনৰ এটা গোট যিয়ে সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান, সংস্থা ইত্যাদিৰ কাম কাজবোৰ সুচাৰুৰূপে সম্পাদন কৰাত সহায় কৰাত সহায় কৰে।

4. What are the qualities of an ideal teacher?

এজন আদৰ্শ শিক্ষকৰ গুণসমূহ কি কি?

উত্তৰঃ এজন আদৰ্শ শিক্ষকৰ গুণসমূহ হল-

    ১) ব্যক্তিত্বৰ সংলক্ষণঃ শিক্ষক এজনৰ ব্যক্তিত্ব সম্পৰ্কীয় গুণাৱলীৰ অতি প্ৰয়োজন যেনেঃ দৈহিক উপযুক্ততা, বৌদ্ধিক সক্ৰিয়াতা, আবেগিক নিয়ন্ত্ৰণ, বিনম্ৰতা, একাগ্ৰতা, মনোবৈজ্ঞানিক সচেতনতা, নিৰপেক্ষতা, নিয়মানুৱৰ্ত্তিতা, সহানুভূতিশীল মনোভাৱ ইত্যাদি গুণসমূহ ব্যক্তিত্বৰ সংলক্ষণে অন্তৰ্ভূক্ত কৰে।

    ২) শৈক্ষিক অৰ্হতাঃ শিক্ষক হবলৈ হলে শিকাবলগীয়া বিষয়বস্তু সম্পন্ধে গভীৰ জ্ঞান, ভাষা জ্ঞান, শিক্ষাদানৰ সূত্ৰসমূহৰ জ্ঞান, শিক্ষাদানৰ নীতি সমূহৰ জ্ঞান ইত্যাদি থাকিব লাগে।

    ৩) বৃত্তিগত অৰ্হতাঃ বৃত্তিগত অৰ্হতা দিশত বিশেষকৈ প্ৰাক-নিযুক্তিকালীন আৰু কৰ্মকালীন প্ৰশিক্ষণ, শিক্ষকতাৰ প্ৰতি অনুৰাগ, সহপাঠ্যক্ৰমিক কাৰ্যাৱলী ৰুপায়ন কৰাৰ বাবে সহযোগিতা, মূল্যায়নৰ কলা-কৌশলৰ জ্ঞান ইত্যাদি থাকিব লাগে।

    ৪) মনোবৈজ্ঞানিক দিশৰ প্ৰভাৱঃ শিক্ষকৰ মনোবৈজ্ঞানিক দিশৰ প্ৰভাৱ শিক্ষাৰ্থীৰ ওপৰত পৰে। কিয়নো, প্ৰতিগৰাকী আদৰ্শ শিক্ষক শিক্ষাৰ্থীৰ বাবে একো একোজন সন্মোহনকাৰী ব্যক্তি হিচাপে পৰিগণিত হয়।

5. What are the qualities that affects on student's life?

শিক্ষাৰ্থীৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা গুণসমূহ কি কি?

উত্তৰঃ শিক্ষাৰ্থীৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা গুণসমূহ হল- 

    ১) অনুশাসনঃ শিক্ষাৰ্থীৰ প্ৰধান গুণটো হল শিক্ষানুষ্ঠানৰ নীতি-নিয়ম মানি লৈ শিক্ষানুষ্ঠানৰ প্ৰতি আনুগ্ৰত্য প্ৰকাশ কৰা।

    ২) সম্বন্ধ স্থাপনঃ শিক্ষাৰ্থী সদায় শিক্ষকৰ উপৰিও বন্ধু-বান্ধৱৰ লগত বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি তুলিব লাগে। আন্তৰিক আৰু মিলাপ্ৰীতিৰ সম্বন্ধই জটিল বিষয়বিলাক সহজে আয়ত্ব কৰাত সুবিধা হয়।

    ৩) সন্মানৰ প্ৰতি সচেতনঃ ভাল বা উত্তম শিক্ষাৰ্থীসকলে সন্মানৰ দিশটোৰ প্ৰতি অধিক সচেতন হয়। অকল যে পিতৃ-মাতৃ বা শিক্ষকক সন্মান প্ৰদৰ্শন কৰিব লাগে এনে নহয়। বিদ্যালয়, সমাজ, জাতি ইত্যাদি সকলো দিশৰ প্ৰতি সচেতন হৈ জাতীয় উন্নয়নৰ অংশীদাৰ হব লাগে।

    ৪) দায়িত্ব পালনঃ দায়িত্ব গ্ৰহণ শিক্ষাৰ্থীৰ বাবে এটা কাৰ্য সম্পাদনৰ উন্নত পন্থা। ভাল শিক্ষাৰ্থীয়ে নিজৰ দায়িত্ব পালন কৰি চৰিত্ৰৰ বিকাশ সাধন কৰিব পাৰে যাতে শিক্ষানুষ্ঠানত ফলপ্ৰসূ দক্ষতা লাভ কৰিবলৈ সক্ষম হয়।

    ৫) সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলীত অংশগ্ৰহণঃ ব্যক্তিত্বৰ সৰ্বাত্মক দিশৰ বিকাশৰ বাবে শিক্ষাৰ্থীসকলে সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীত অংশগ্ৰহণ কৰিব লাগে। বিভিন্ন প্ৰকাৰৰ খেল-ধেমালি, সাহিত্য বিষয়ক কাৰ্যাৱলী, তৰ্ক, আবৃত্তি, সংগীত, নৃত্য সমাজ সেৱা ইত্যাদি দিশবোৰত অংশগ্ৰহণ কৰি নিজ নিজ প্ৰতিভা বিকাশৰ লগতে অনুষ্ঠানলৈ গৌৰৱ কঢ়িয়াব পাৰে।

6. What are the elements of material resources?

ভৌতিক সম্পদৰ উপাদানসমূহ কি কি?

উত্তৰঃ ভৌতিক সম্পদৰ উপাদানসমূহ হল-

 7. What do you mean by Financial Resources?

বিত্তীয় সম্পদৰ বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক উৎসৰ পৰা উদ্যমশীল ব্যক্তিয়ে ব্যৱসায় জনিত কাৰণৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হয় তাকে বৃত্তীয় সম্পদ বোলে।

8. Write about the management of humane resources.

মানৱ সম্পদ ব্যৱস্থাপনাৰ বিষয়ে লিখা।

উত্তৰঃ মানৱ সম্পদ ব্যৱস্থাপনা হল এটা কৌশল। ইয়াৰ জৰিয়তে সংস্থা বা ব্যৱসায়ৰ লগত জড়িত থকা ব্যক্তিসকলক দক্ষতাৰে কাৰ্য্য সম্পাদনৰ বাবে প্ৰশিক্ষণ দিয়ে আৰু ব্যৱসায়ত প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত সুবিধা লাভ কৰিবলৈ সক্ষম হৈ পৰে। মানৱ সম্পদৰ ব্যৱস্থাপনাই কৰ্মত নিয়োজিত ব্যক্তিৰ অনুশীলনৰ দিশটোত প্ৰাধান্য দিয়ে।

    ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল হল সেই ব্যৱসায়টোৰ মূল্যবান সম্পদ। এই ব্যক্তিক মানৱ মূলধন স্বৰূপে বিবেচনা কৰা হয়। সেয়ে, মানৱ মূলধনক ফলপ্ৰসূভাৱে ব্যৱসায়ৰ দিশত নিয়োজিত কৰি ব্যৱসায়ৰ পৰা বিনিয়োগৰ বৃহৎ লাভৰ অংশ আকাংক্ষা কৰিব পাৰি। সেয়ে, মানৱ সম্পদৰ ব্যৱস্থাপনাৰ দিশটোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা উচিত।

    এটা সংস্থা বা অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলক অভিৰোচিত আৰু পৰিচালিত কৰাৰ কাৰ্য্যকে মানৱ সম্পদ ব্যৱস্থাকৰণৰ কাৰ্য্য বুলি কোৱা হয়। ই সংস্থাত মানুহৰ কাৰ্যাৱলীক প্ৰকাশ কৰে। মানৱ সম্পদ ব্যৱস্থাপনাৰ জৰিয়তে ব্যৱস্থাপনাৰ পদ্ধতিটোকে প্ৰতিফলন কৰি মানুহৰ প্ৰতিভা ফলপ্ৰসূভাৱে সংগঠনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ব্যৱহাৰ কৰে।

9. Write about the nature of HRM.

মানৱ সম্পদ ব্যৱস্থাপনাৰ প্ৰকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ মানৱ সম্পদ ব্যৱস্থাপনাৰ প্ৰকৃতি হল-

    (১) ব্যৱস্থাপনাৰ কাৰ্য্য আৰু নীতি প্ৰয়োগৰ লগত মানৱ সম্পদ ব্যৱস্থাপনা জড়িত সংস্থাৰ কৰ্মচাৰীসকলৰ বিকাশ, পৰিচালনা, দৰমহা প্ৰদান ইত্যাদি দিশৰ কাৰ্য্য সম্পাদন আৰু নীতি অনুশীলনৰ লগত জড়িত হৈ মানৱ সম্পদ ব্যৱস্থাপনাই লক্ষ্য পূৰণৰ চেষ্টা কৰে।

    (২) কৰ্মচাৰীৰ বাবে নিৰ্ধাৰণ কৰা নীতিসমূহ ঐক্যবদ্ধ কৰাত মানৱ সম্পদৰ ব্যৱস্থাপনা জড়িত। অৰ্থাৎ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত একে ধৰণৰ নীতি ব্যৱহাৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ লগত ই জড়িত।

    (৩) সংস্থাৰ কৃতকাৰ্য্যতাৰ বাবে মানৱ সম্পদ ব্যৱস্থাপনাৰ নীতি আৰু সিদ্ধান্তই প্ৰভাৱ বিস্তাৰ কৰে।

    (৪) মানৱ সম্পদ ব্যৱস্থাপনাৰ কাৰ্যাৱলী কেৱল ব্যৱসায়িক সংগঠনৰ লগত জড়িত নহয়। ই শিক্ষা, স্বাস্থ্যৰক্ষা আৰু যতন, আমোদ-প্ৰমোদ ইত্যাদি দিশৰ লগতে জড়িত হৈ থাকে।

10. What are the objective of HRM?

মানৱ সম্পদ ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ মানৱ সম্পদ ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ হল-

    ১) মানৱ সম্পদ ব্যৱস্থাপনাৰ প্ৰধান উদ্দেশ্য হল সংস্থাত উপযুক্ত মানৱ নিযুক্তি দি আকাংক্ষিত লক্ষ্য পূৰণ কৰা।

    ২) সংগঠন বা সংস্থাত কাৰ্য্য সম্পাদনৰ বাবে উপযুক্ত পৰিবেশ সৃষ্টি কৰা।

    ৩) উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ আৰু সংস্থাৰ মানদণ্ড ৰক্ষাৰ বাবে কাৰ্য্য সম্পাদন আৰু প্ৰতিপুষ্টি প্ৰদানৰ ব্যৱস্থা কৰা।

    ৪) কৰ্মচাৰীসকলৰ মাজত সু-সামঞ্জস্য সম্বন্ধ স্থাপন কৰা।

    ৫) মানৱ সম্পদ ব্যৱস্থাপনাৰ আন এটা উদ্দেশ্য হল কাম কৰা বাবে সুস্থ পৰিৱেশ সৃষ্টি কৰা আৰু নিৰাপত্তা প্ৰদান কৰা।

    ৬) উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰী নিয়োগ কৰা।

    ৭) কৰ্ম জীৱনৰ মানদণ্ড আৰু গুণগত দিশ ৰক্ষা কৰা।

    ৮) কৰ্মচাৰীসকলক জীৱিকাৰ সন্তুষ্টি প্ৰদান কৰা।

    ৯) কৰ্মচাৰীসকলৰ সামাজিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ অৰ্থনীতি আৰু মনোবৈজ্ঞানিক নীতি আঁচনিৰ বিকাশ সাধন কৰা।

    ১০) নৈতিক নীতি আৰু আচৰণ ৰক্ষাত কৰ্মচাৰীসকলক সহায় কৰা ইত্যাদি।

11. Write about the importance of HRM.

মানৱ সম্পদ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ মানৱ সম্পদ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ দিশবোৰ হল -

    (১) কৰ্মজীৱনৰ গুণগত দিশঃ কৰ্মজীৱনৰ গুণগত দিশ ৰক্ষাত সহায় কৰে। জীৱিকাৰ স্বীকৃতি প্ৰদান, পুৰস্কাৰ, কৰ্ম স্বাধীনতা ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মীসকলৰ শাৰীৰিক আৰু মানসিক দিশৰ ভাৰসাম্য ৰক্ষা কৰাত কৰ্ম জীৱনৰ গুণগত দিশে সহায় কৰে। এক কথাত কবলৈ হলে কৰ্মচাৰী আৰু সমগ্ৰ কৰ্ম পৰিৱেশৰ মাজত সম্বন্ধ স্থাপন কৰাৰ বাবে ব্যৱস্থাপনাৰ প্ৰয়োজন।

    (২) উৎপাদনশীলতা আৰু মুনাফা বৃদ্ধিঃ উপযুক্ত কৰ্ম পৰিৱেশে কৰ্মচাৰীসকলক কঠিন শ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। ফলস্বৰূপে ব্যক্তিগতভাৱে সংস্থাপন বা জীৱিকাৰ উন্নতিসাধন হয় আৰু ই প্ৰত্যক্ষভাৱে সংস্থাৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। খৰছ কম আৰু মুনাফা বৃদ্ধয়ে হল উৎপাদনশীলতাৰ মূল কেন্দ্ৰবিন্দু। মানৱ সম্পদ ব্য়ৱস্থাপনাই এই দিশত বিশেষভাৱে সহায় কৰে।

    (৩) প্ৰশিক্ষণ আৰু বিকাশঃ মানৱ সম্পদৰ প্ৰশিক্ষণে কৰ্মচাৰীৰ দক্ষতা বৃদ্ধিত সহায় কৰে আৰু কৰ্মচাৰীক সংগঠনৰ কাৰ্য্যৰ প্ৰতি সক্ৰিয়া কৰি তোলে।

    (৪) মানৱ সম্পদৰ চাহিদা আৰু যোগান সমান কৰেঃ মানৱ সম্পদ ব্যৱস্থাপনাই কৰ্মৰ স্থানত প্ৰয়োজন হোৱা কৰ্মচাৰীৰ নিয়োগ কৰি যোগন আৰু চাহিদা সম পৰ্যায়ৰ কৰি তোলাত সহায় কৰে।

    (৫) সংগঠনৰ লক্ষ্য পূৰণঃ কোনো এটা সংগঠন বা সংস্থাৰ লক্ষ্য পূৰণত মানৱ সম্পদ ব্যৱস্থাপনাই সহায় কৰে। মানৱ সম্পদসমূহৰ সৰ্ব্বোৎকৃষ্ট ব্যৱহাৰত জৰিয়তে ফলপ্ৰসূভাৱে নিৰ্ধাৰিত লক্ষ্যত উপনীত হব পাৰি।

    (৬) সংঘাতৰ সমাধানঃ কেতিয়াবা কেতিয়াবা সংগঠন বা সংস্থাৰ অংশীদাৰসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়। মানৱ সম্পদ ব্যৱস্থাপনাৰ সহায়ত এই সংঘাত আঁতৰ কৰিব পাৰি। এই ক্ষেত্ৰত ব্যৱস্থাপনাই আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰি নিয়মিতভাৱে সমস্থাৰ কাৰ্য্য সম্পাদন কৰিবলৈ অভিপ্ৰেত কৰে।

    (৭) উপযুক্ত মানৱ সম্পদ নিযুক্তিঃ উপযুক্ত মানৱ সম্পদ উপযুক্ত কামত নিয়োগৰ দিশত মানৱ সম্পদ ব্যৱস্থাপনাৰ প্ৰয়োজন অধিক।

   (৮) সু-সামঞ্জস্য সম্বন্ধঃ কৰ্মচাৰীসকলৰ মাজত সু-সামঞ্জস্য স্থাপনৰ বাবে মানৱ সম্পদ ব্যৱস্থাপনাই সহায় কৰে। প্ৰতিটো স্তৰৰ কৰ্মচাৰীৰ মাজত সম্বন্ধ স্থাপনে সংস্থাৰ উন্নতিত সহায় কৰে।

    (৯) বজাৰত ব্যৱসায়ৰ ধাৰণক্ষম অৱস্থাঃ উপযুক্ত কৰ্মচাৰী নিযুক্তিৰে উপযুক্ত ফলাফল লাভ কৰাত মানৱ সম্পদ ব্যৱস্থাপনা অপৰিহাৰ্য্য। ই ভবিষ্যত সময়ত সংগঠনৰ কৃতকাৰ্যতাৰ পথ মপকলি কৰাত সহায় কৰে।

    (১০) উপযুক্ত পৰিৱেশ সৃষ্টিঃ মানৱ সম্পদ ব্যৱস্থাপনাৰ জৰিয়তে সংস্থাত উপযুক্ত পৰিৱেশ সৃষ্টি কৰি কৰ্মচাৰীসকলক আন্তৰিকতাৰে কাৰ্য্য সম্পাদন কৰাত সহায় কৰে।

12. What are the types of Material Resource management?

ভৌতিক সম্পদ ব্যৱস্থাপনাৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ ভৌতিক সম্পদ ব্যৱস্থাপনাৰ প্ৰকাৰসমূহ হল-

    (১) সম্পদ প্ৰয়োজনৰ পৰিকল্পনাঃ সংস্থা বা সংগঠনৰ মুনাফা নিৰ্ভৰ কৰে পৰ্যাপ্ত সম্পদৰ ওপৰত। প্ৰয়োজনীয় ভৌতিক সম্পদসমূহৰ প্ৰয়োজন পূৰণ কৰিব পাৰিলেহে অনুষ্ঠানৰ পৰা ভাল ফলাফল আশা কৰিব পাৰি। সেয়ে, সম্পদ যোগানৰ বাবে সুস্থ পৰিকল্পনাৰ প্ৰয়োজন।

    (২) কিনা কাৰ্যঃ ভৌতিক সম্পদসমূহ যোগান ধৰোঁতে মিতব্যয়ী হব লাগে। সময়মতে সম্পদ যোগান ধৰি মুনাফা লাভত গুৰুত্ব দিব লাগে।

    (৩) নিয়ন্ত্ৰণঃ সংস্থাৰ বাবে ভৌতিক সম্পদ যোগান ধৰোঁতে প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পাৰিছে নে নাই তাৰ প্ৰতি চকু দিব লাগে। কেতিয়াবা কিছুমান সম্পদ অস্বাভাৱিকভাৱে কিনি মজুত কৰা হয়। সেয়ে, প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সম্পদ কিনিব লাগে। এই ক্ষেত্ৰত পৰিচালক বা কৰ্তৃপক্ষই অযথা সম্পদ যোগানৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিব লাগে।

    (৪) সম্পদ যোগান ব্যৱস্থাপনাঃ যোগানৰ জখলাসদৃশ ব্যৱস্থাপনাই বিভিন্ন সংস্থা বা সংগঠনত সম্পদৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অহৰহভাৱে সম্পদৰ যোগান ধৰে। সম্পদৰ অভাৱে সংস্থাৰ ক্ষতি কৰ। সেয়ে সম্পদ ব্যৱস্থাপনাৰ বিতৰক সংস্থাই সময়মতে প্ৰয়োজনীয় সম্পদৰ যোগান ধৰি মুনাফা লাভত সহায় কৰিব লাগে।

    (৫) গুণগত দিশ নিয়ন্ত্ৰণঃ সম্পদৰ গুণগত মানদণ্ডই সংস্থাৰ ফলপ্ৰসূ উৎপাদনত প্ৰভাৱ পেলায়। গুণগত সম্পদে উৎপাদিত সামগ্ৰীৰ গুণগত দিশটো উন্নত কৰে।

13. What are the sources of Financial Resources management?

বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ উৎসসমূহ কি কি?

উত্তৰঃ বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ উৎসসমূহ হল-

    (১) ব্যৱসায় কাৰ্য্যকৰীকৰণঃ এই দিশটোৱে সম্পদ বা সামগ্ৰী বিক্ৰী সেৱাৰ কাৰ্যাৱলী অন্তৰ্ভূক্ত কৰে।

    (২) মূলধনৰ পুঁজিঃ ই অংশীদাৰ আৰু ধন বিনিয়োগকাৰীৰ দিশটো অন্তৰ্ভূক্ত কৰে।

    (৩) ব্যাহ্যিক উৎসঃ এই উৎসটোৱে বেংকৰ ঋণ আৰু অন্যান্য বিনিয়োগৰ দিশ সন্নিৱিষ্ট কৰে। বিত্তীয় সম্পদসমূহৰ নিৰাপত্তাৰ বিষয়টো ইয়াৰ অন্তৰ্ভূক্ত কৰিব পাৰি। ই সংস্থাৰ নিজাববীয়া বা অন্যান্য গ্ৰহণকাৰীয়োও সংগ্ৰহ কৰিব পাৰে। উদাহৰণস্বৰূপে- টকা-পইচা আৰু সোণ, চেক, নোট, বন্দ বা অংশীদাৰৰ অংশৰ পৰা সংগ্ৰহ কৰা হয়। বিত্তীয় ব্যৱস্থাপনাৰ অৰ্থই হল ব্যৱস্থাপনাৰ পৰিসৰ বিত্তীয় বা পুঁজিৰ দিশত প্ৰকাশ কৰা।

14. What are the objectives of Financial Resources Management?

বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ হল- 

    (১) বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ প্ৰধান উদ্দেশ্য হল সংগঠন, সংস্থা বা অনুষ্ঠানৰ অধিক মুনাফা লাভ কৰা।

    (২) সমগ্ৰ বিত্তীয় প্ৰয়োজনীয়তাৰ উপযুক্ত সম্ভাব্য তালিকা প্ৰস্তুত কৰা।

    (৩) বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ আন এটা উদ্দেশ্য হল পুঁজিৰ সদ্ব্যৱহাৰ কৰা।

    (৪) অনুষ্ঠানৰ বিত্তীয় পুঁজিৰ উপযুক্ত পৰিচালনা কৰা।

    (৫) অনুষ্ঠানটোক সজীৱ কৰি ৰখাৰ বাবে বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ জৰিয়তে অধিক পুঁজিৰ যোগান ধৰা।

    (৬) অনুষ্ঠানৰ বাবে পৰ্যাপ্ত ধনৰ নিশ্চিতি প্ৰদান কৰা।

    (৭) বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ আন এটা উদ্দেশ্য হল বিত্তীয় বা পুঁজিৰ নিধি পৰ্য্যাপ্তকৰণত নিশ্চিতি প্ৰদান কৰা।

    (৮) বিত্তীয় কাৰ্যাৱলীক পৰিকল্পনা, সাংগঠনিক আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ লগত জড়িত কৰা বিত্তীয় ব্যৱস্থাপনাৰ আন এটা উদ্দেশ্য।

    (৯) বিত্তীয় সম্পদ ব্যৱস্থাপনাৰ আন এটা উদ্দেশ্য হল মূলধন গাঁথনি নিৰ্ধাৰণ কৰা। অৰ্থাৎ কোন কোন দিশ বা শিতানত কিমান ধন খৰছ কৰা হব তাৰ বাবে নিশ্চত তালিকা প্ৰস্তুত কৰা।

    (১০) বিত্তীয় নিধিৰ উৎসসমূহ নিৰ্বাচন কৰাটোও বিত্তীয় ব্যৱস্থাপনাৰ আন এটা উদ্দেশ্য।

15. Write about the optimum utilization of Resources in educational institution.

শিক্ষানুষ্ঠানত সম্পদৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰৰ বিষয়ে লিখা।

উত্তৰঃ শিক্ষানুষ্ঠান হল শিকোৱা-শিকা প্ৰক্ৰিয়া সম্পাদনৰ বাবে বৃহত্তৰ সমাজে গঢ়ি তোলা এটা ক্ষুদ্ৰ সংস্কৰণ। শিক্ষাৰ উদ্দেশ্য আৰু আদৰ্শক সফল কৰি লক্ষ্যত উপনীত হবৰ বাবে শিক্ষানুষ্ঠানৰ সম্পদসমূহৰ সদ্ব্যহাৰ কৰাটো নিতান্তই প্ৰয়োজনীয়। শিকোৱা-শিকা প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা সম্পদসমূহ, মানৱ সম্পদ, বিত্তীয় সম্পদ আৰু ভৌতিক সম্পদসমূহক মূলত শিক্ষানুষ্ঠানৰ প্ৰধান সম্পদ হিচাপে বিবেচনা কৰা হয়।

    শিকোৱা-শিকা প্ৰক্ৰিয়াত ব্যৱহৃত সম্পদসমূহক শিকোৱাৰ সঁজুলি বা সম্পদ বুলি কোৱা হয়। শিক্ষাৰ্থীক উপযুক্ত শিক্ষা প্ৰদানৰ বাবে এই সঁজুলিসমূহ উপযুক্ত ভাবে ব্যৱহাৰ কৰিব লাগে। তলত শিকোৱা-শিকা প্ৰক্ৰিয়াত ব্যৱহৃত সম্পদসমূহৰ বিষয়ে আলোচনা কৰা হল-

    (১) শিকোৱা-শিকা সম্পদঃ শিকোৱা শিকা প্ৰক্ৰিয়াত ব্যৱহৃত প্ৰধান সম্পদসমূহ হল- পাঠ্যপুথি, প্ৰকল্প, পথনৰ সম্পদ, নিৰ্দ্দেশনাত্মক কিতাপ, প্ৰৱন্ধ, নক্সা, ভ্ৰমণ, ক্ষেত্ৰ অধ্যয়ন, তালিকা, কেলকুলেটৰ কম্পিউটাৰ, প্ৰজেক্টৰ, মোবাইল ফোন, ইণ্টাৰনেট সেৱা ইত্যাদি। এই সম্পদসমূহ সাধাৰণতে শিক্ষক আৰু শিক্ষাৰ্থীয়ে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰে। শিক্ষাৰ্থীসকলে এই সম্পদবোৰ স্বাধীনভাৱে ব্যৱহাৰ কৰি লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰে। বৰ্তমান বিজ্ঞান আৰু কাৰিকৰীদিশৰ দ্ৰুত উন্নয়নে শিক্ষাৰ্থীসকলক বিশেষভাৱে সহায় কৰিছে। কিয়নো, কিছুমান জটিল সমস্যা বা বিষয়বল্তুৰ জ্ঞান ইণ্টাৰনেটৰ জৰিয়তে নিজাববীয়াকৈ আহৰণ কৰিব পাৰে। তাৰোপৰি, গৃহ কাৰ্য্য কৰোঁতে এই সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰি উপকৃত হব পাৰে।

    শিকোৱা-শিকা প্ৰক্ৰিয়াত ব্যৱসায়িক তথ্যৰ ভিতৰত কম আঁচনি, পাঠ-পৰিকল্পনা, শিক্ষাৰ্থীৰ কৃতিত্ব প্ৰতিবেদন, শ্ৰেণীত প্ৰদান কৰা নোট, শ্ৰেণীত উপস্থিতিৰ সংখ্যা নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা ৰেজিষ্টাৰ ইত্যাদি অন্তৰ্ভূক্ত কৰিব পাৰি। এই তথ্যসমূহে শিক্ষানুষ্ঠানে গ্ৰহণ কৰা উপযুক্ত পৰিকল্পনা, শিক্ষামূলক আঁচনি, পাঠ্যক্ৰম, অনুকৰণীয় সেৱা আৰু সম্পদৰ উৎকৃষ্ট ব্যৱহাৰৰ বিষয়ে নিশ্চিত প্ৰদানত সেৱা কৰে।

    শিকোৱা-শিকা সম্পদৰ ভিতৰত আধুনিক আৰু নতুন নতুন কৌশল আৰু পদ্ধতিসমূহক অন্তৰ্ভূক্ত কৰা হয়। শিক্ষানুষ্ঠানৰ বিভিন্ন পৰ্যায়ত পাঠদান কৰোঁতে শিক্ষকে এই পদ্ধতিসমূহ ব্যৱহাৰ কৰি শিক্ষাদান প্ৰক্ৰিয়াটো সজীৱ আৰু শিক্ষাৰ্থীসকলক অধিক সক্ৰিয় কৰি তুলিব পাৰে। সেয়ে শিকোৱা পদ্ধতিসমূহে শিক্ষানুষ্ঠানৰ লক্ষ্য পূৰণৰ দিশত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে।

    (২) মানৱ সম্পদঃ শিক্ষানুষ্ঠানৰ মানৱ সম্পদ বুলিলে ব্যক্তিক বুজায় যিয়ে শিক্ষানুষ্ঠানৰ সকলো কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কৰ্মত জড়িত হৈ থাকে। ব্যক্তিৰ জ্ঞান, দক্ষতা, সামৰ্থ্য ইত্যাদিয়ে মানৱ সম্পদৰ ভূমিকাত সহায় কৰে। শিক্ষানুষ্ঠানৰ মানৱ সম্পদসমূহ হল শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীবৃন্দ। এই সমূহ মানৱ সম্পদৰ যুটীয়া প্ৰচেষ্টাত শিক্ষানুষ্ঠানে সফলতা লাভ কৰিব পাৰে। শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ মনোভাৱ আৰু আচৰণৰ প্ৰভাৱে শিক্ষানুষ্ঠানৰ পৰিৱেশ সুন্দৰ কৰি তুলিব পাৰে।

    (৩) বিত্তীয় সম্পদঃ শিক্ষানুষ্ঠানৰ শিক্ষা আঁচনি আৰু কাৰ্য্যসমূহ সম্পাদন আৰু প্ৰয়োগকৰণৰ দিশত, বিত্তীয় সম্পদে সহায় কৰে। এখন শিক্ষানুষ্ঠানৰ বিত্তীয় দিশ পৰ্যাপ্ত হলে প্ৰয়োজনীয় সকলো সম্পদ আহৰণ কৰিব পাৰে। প্ৰয়োজনীয় সা-সঁজুলিৰ যোগানৰ ফলস্বৰূপে শিকোৱা-শিকা প্ৰক্ৰিয়া ফলৱৰ্তী হয়।

    (৪) ভৌতিক সম্পদঃ ভৌতিক সম্পদসমূহ একোখন শিক্ষানুষ্ঠানৰ অভিচ্ছেদ্য অংগ। ই শিক্ষণীয় পৰিৱেশৰ সকলোবিলাক উপাদানকে অন্তৰ্ভূক্ত কৰে। যেনে- খেল পথাৰ, বিদ্যালয় গৃহ, আৱাস গৃহ, ছাত্ৰ-ছাত্ৰীৰ জিৰণী কোঠা, শ্ৰেণীকক্ষ, পুথিভঁৰাল, পেক্ষাগৃহ, সংগ্ৰহালয়, গৱেষণাগাৰ, সভাগৃহ, চিকিৎসাৰ সা-সুবিধা, নিৰ্দ্দেশনা কোষ, গাৰ্হস্থ্য বিজ্ঞানৰ কৰ্মশালা, সংগীত আৰু নৃত্যৰ শাখা, ছবিঅঁকা আৰু ৰঙ কৰা শাখা, প্ৰযুক্তিক শাখা, দৰ্শনাৰ্থীৰ কোথা বা অতিথিশালা, সাতোঁৰাৰ বাবে পুল, শাৰীৰিক ব্যায়ামৰ সুবিধা ইত্যাদি।


Answered by- Leena Kakati