আনুষ্ঠানিক পৰিকল্পনা


1. What do you mean by Institutional Planning?

আনুষ্ঠানিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ যিকোনো এটা প্ৰতিষ্ঠানে পৰ্যায়ক্ৰমে সম্পাদন কৰিবলগীয়া কামৰ এটা সু নিৰ্ধাৰিত আঁচনিয়ে হল  প্ৰতিষ্ঠানিক বা আনুষ্ঠানিক পৰিকল্পনা।

2. What are the characteristics of Institutional planning?

আনুষ্ঠানিক পৰিকল্পনাৰ বৈশিষ্টসমূহ কি কি?

উত্তৰঃ আনুষ্ঠানিক পৰিকল্পনাৰ বৈশিষ্টসমূহ হল-

    ১) প্ৰাথমিক গোটঃ শিক্ষা পৰিকল্পনাৰ প্ৰাথমিক বা মূল ভেঁটি হিচাপে আনুষ্ঠানিক পৰিকল্পনাক বিবেচনা কৰা হয়। ই অতি নিম্ন পৰ্য্যায়ৰ পৰা আৰম্ভ হৈ সকলোবোৰ পৰ্য্যায়লৈ ব্যাপ্ত হৈ থাকে।

    ২) লক্ষ্য বা উদ্দেশ্যপূৰ্ণঃ আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য হল শিক্ষানুষ্ঠানৰ গুণগত মানদণ্ডৰ উন্নতি সাধন কৰা। শিক্ষানুষ্ঠানৰ বিকাশ আৰু উন্নতিৰ বাবে আনুষ্ঠানিক পৰিকল্পনাৰ কাঠামো প্ৰস্তুত কৰা হয়।

    ৩) সহযোগিতামূলক কাৰ্য্যঃ আনুষ্ঠানিকভাৱে নিৰূপন কৰা কাৰ্য্যসূচীসমূহ ফলপ্ৰসূভাৱে সম্পাদন কৰিবলৈ অনুষ্ঠানৰ সকলো সদস্যই সহযোগিতামূলকভাৱেৰে অংশ গ্ৰহণ কৰিব লাগে।

    ৪) স্থানীয় লোকৰ সহযোগঃ আনুষ্ঠানিক পৰিকল্পনাত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী, অভিভাৱক, শিক্ষাৰ্থী, পৰিদৰ্শক ইত্যাদি সদস্যৰ উপৰিও স্থানীয় লোকো ইয়াত অংশগ্ৰহণ কৰিব পাৰে।

    ৫) প্ৰয়োজনভিত্তিকঃ আনুষ্ঠানিক পৰিকল্পনাসমূহ শিক্ষানুষ্ঠানৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হয়।

3. Write about the needs of Institutional planning?

আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা?

উত্তৰঃ আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰয়োজনীয়তাবোৰ হল-

    ১) শিক্ষানুষ্ঠানৰ উন্নতিঃ আনুষ্ঠানিক পৰিকল্পনা পদ্ধতিগত পৰ্যায় আৰু স্বচছ। শিক্ষানুষ্ঠানৰ উন্নতি আৰু বিকাশৰ বাবে আনুষ্ঠানিক পৰিকল্পনা অপৰিহাৰ্য। ইয়াত জৰিয়তে দৈনন্দিন পাঠ পৰিকল্পনা, শৈক্ষিক দিনপঞ্জী, অভিলেখ সংৰক্ষণ আৰু পদ্ধতিগতভাৱে পৰীক্ষা অনুষ্ঠিতকৰণ ইত্যাদি দিশবোৰ সুচাৰুৰূপে পৰিচালিত কৰিব পাৰি।

    ২) শিক্ষা পৰিকল্পনা উপযুক্তভাৱে পৰিচালনাঃ আনুষ্ঠানিক পৰিকল্পনাৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত শুদ্ধভাৱে পৰিকল্পনা কৰিব পাৰি। কিয়নো, সাধাৰণ শিক্ষা-পৰিকল্পনাসমূহ আনুষ্ঠানিক পৰিকল্পনাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰশাসক, শিক্ষক, অভিভাৱক পৰিকল্পনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কাৰ্য্যৰ লগত জড়িত। সকলোৰে সমূহীয়া মতৰ ওপৰত ভিত্তি কৰি আনুষ্ঠানিক পৰিকল্পনাৰ আঁচনিসমূহ কাৰ্য্যকৰী কৰা হয়।

    ৩) সম্পদৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰঃ স্থানীয় সম্পদ, বিশেষকৈ যিবোৰ সম্পদ অনুষ্ঠানত পৰ্য্যাপ্ত পৰিমাণে আছে সেই সম্পদসমূহৰ উৎকৃষ্ট ব্যৱহাৰৰ বাবে আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰয়োজন। এই পৰিকল্পনাই অনুষ্ঠানৰ ওচৰত থকা স্থানীয় লোকক জড়িত কৰি পৰিকল্পনাৰ ৰূপৰেখা তৈয়াৰ কৰে যাতে যিকোনো সম্পদৰ সীমাবদ্ধতাক আঁতৰ কৰি অনুষ্ঠানখনক উন্নতিৰ দিশলৈ অগ্ৰসৰ কৰাব পাৰি।

    ৪) জাতীয় বিকাশত অৰিহণাঃ আনুষ্ঠানিক পৰিকল্পনাই জাতি গঠন আৰু জাতীয় উন্নয়নত বিশেষ ভূমিকা পালন কৰে। জাতীয় পৰিকল্পনাৰ এক সৰ্ববৃহৎ আঁচনি হল শিক্ষা পৰিকল্পনাৰ আঁচনি আৰু আনুষ্ঠানিক পৰিকল্পনাই শিক্ষাৰ নিম্নস্তৰৰ পৰা অন্তৰ্ভূক্ত কৰে। গতিকে, দেশৰ উন্নয়নৰ ক্ষেত্ৰত আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰয়োজন অধিক। ই দেশৰ প্ৰগতিত সহায় কৰে।

    ৫) ব্যক্তিগতভাৱে শিক্ষকক উৎসাহিত কৰেঃ আনুষ্ঠানিক পৰিকল্পনাই শিক্ষকক ব্যক্তিগতভাৱে উৎসাহ প্ৰদান কৰে। পৰিকল্পনাৰ ফলস্বৰূপে শিক্ষকে সৃজনীশীল চিন্তাৰ বিকাশ আৰু কাম কৰাৰ বাবে অনুপ্ৰাণিত হয়। পৰিকল্পনাই অনুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তিক নিজ নিজ কৰ্তব্য পালনৰ প্ৰতি উৎসাহ যোগায় আৰু কাৰ্য্য সম্পাদন ফলপ্ৰসূ হৈ উঠে।

4. What are the objectives of Institutional planning?

আনুষ্ঠানিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ আনুষ্ঠানিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ হল-

    ১) আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য হল নিৰ্দ্দেশনা উন্নতিকৰণ।

    ২) শিক্ষানুষ্ঠানৰ বৈষয়িক সম্পদ পুথিভঁৰাল, গৱেষণাগাৰ আৰু প্ৰয়োজনীয় সা-সঁজুলি আৰু অন্যান্য দিশৰ সুবিধা প্ৰদান কৰা আনুষ্ঠানিক পৰিকল্পনাৰ আন এটা উদ্দেশ্য।

    ৩) অনুষ্ঠানৰ অন্তৰ্ভূক্ত পৰ্যাপ্ত সম্পদৰ উৎকৃষ্ঠ ব্যৱহাৰ কৰাও এই পৰিকল্পনাৰ উদ্দেশ্য।

    ৪) অনুষ্ঠানৰ লগত জড়িত ব্যক্তিৰ ইচ্ছাশক্তি আৰু স্থানীয় সম্পদৰ বিকাশৰ সৈতে আনুষ্ঠানিক পৰিকল্পনাৰ উদ্দেশ্য জড়িত হৈ আছে।

    ৫) শিক্ষানুষ্ঠানৰ গুণগত মানদণ্ডৰ উন্নতি আৰু বিকাশৰ বাবে শিক্ষক-শিক্ষাৰ্থী, অভিভাৱক, প্ৰশাসক ইত্যাদি সকলো লোককে ঐক্যবদ্ধ মনোভাৱেৰে কাৰ্য্য সম্পাদনৰ প্ৰতি অনুপ্ৰাণিত কৰা ইয়াৰ এটা মুখ্য উদ্দেশ্য।

5. Write about the nature of Institutional planning.

আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ আনুষ্ঠানিক পৰিকল্পনাই বিভিন্ন শিক্ষা আয়োগে নিৰ্ধাৰণ কৰি দিয়া নিদ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্য্য আঁচনি প্ৰস্তুত কৰে। আনুষ্ঠানিক পৰিকল্পনাৰ আচৰণ পৰিবৰ্তনৰ মানদণ্ডই সাংস্কৃতিক পৰস্পৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সামাজিক লক্ষ্যত উপনীত হোৱাৰ বাবে আঁচনি প্ৰস্তুত কৰে। কিন্তু কাৰ্য্যকৰী দিশটোৱে অনুষ্ঠানৰ পদ্ধতিগত পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি বাস্তবিকভাৱে শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তলত আনুষ্ঠানিক পৰিকল্পনাৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা হল-

    ১) অনুষ্ঠানৰ লক্ষ্য পূৰণৰ বাবে আঁচনি প্ৰস্তুত কৰা হয়।

    ২) আনুষ্ঠানিক পৰিকল্পনা হল সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ এটা পূৰ্ব চৰ্ত।

    ৩) আনুষ্ঠানিক পৰিকল্পনাই নিৰ্দ্দেশক স্বৰূপে কাৰ্য্য সম্পাদনত সহায় কৰে।

    ৪) আনুষ্ঠানিক পৰিকল্পনাই বিভিন্ন দিশত উদ্ভৱ হোৱা সমস্যাৰ প্ৰতিৰোধক হিচাপে কাম কৰে।

  ৫) আনুষ্ঠানিক পৰিকল্পনাই ভবিষ্যতৰ বাবে অনুষ্ঠানৰ উন্নতি কৰিব পৰা নতুন নতুন দিশ সম্বন্ধে অবগত কৰে।

6. What are the types of Infrastructure?

বৈষয়িক বা সা-সৰঞ্জামৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ বৈষয়িক বা সা-সৰঞ্জামৰ প্ৰকাৰসমূহ হল-

    ১) গৃহঃ অনুষ্ঠান বা শিক্ষানুষ্ঠানৰ বাবে গৃহ বা ঘৰটোৱে হল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।

    ২) পৰিস্কাৰ পানীৰ ব্যৱস্থা

    ৩) জিৰণি কোঠাৰ ব্যৱস্থা

    ৪) শ্ৰেণীকোঠা

    ৫) খেলপথাৰ

    ৬) কাৰিকৰী দিশ বা প্ৰযুক্তিক দিশ

    ৭) পুথিভঁৰালৰ সা-সুবিধা

    ৮) গৱেষণাগাৰৰ সুবিধা

    ৯) শিক্ষণীয় সঁজুলি

    ১০) বিদ্যুতৰ সা-সুবিধা।

7. Write a about the importance of time-table.

সময়সূচীৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ সময়সূচী প্ৰতিখন অনুষ্ঠানৰ বাবে অতি প্ৰয়োজনীয় নক্সা। দক্ষতাৰে কাৰ্য্য সম্পাদনত ই সহায় কৰে। সময়সূচী এখন শিক্ষানুষ্ঠানৰ বাবে দাপোনস্বৰূপ, কিয়নো ইয়াৰ জৰিয়তে অনুষ্ঠানখনৰ শিক্ষামূলক আঁচনিসমূহৰ প্ৰতিফলন ঘটে। অনুষ্ঠানে সম্পাদন কৰিবলগীয়া কামত যাতে কোনো জটিলতাৰ সৃষ্টি নহয় তাৰ বাবে কাৰ্যাৱলী সম্পাদনৰ কাঠামো তৈয়াৰ কৰি দিয়া হব। অনুষ্ঠানৰ কাৰ্যসূচীসমূহ উদ্দেশ্যপূৰ্ণভাৱে ৰূপায়ন কৰা নিৰ্ভৰযোগ্য আহিলা হল সময়সূচী।

    ১) অপচয় ৰোধঃ সময়সূচী অনুষ্ঠানৰ প্ৰতিটো কাৰ্য্য আগতীয়াকৈ পৰিকল্পিত হয়। সময়সূচীৰ বাবে শিক্ষানুষ্ঠানত শৃংখলাবদ্ধ আৰু নিয়মিত ভাৱে কাৰ্য্য সম্পাদন কৰা হয়। ফলত সময়, শক্তি আৰু অৰ্থনৈতিক দিশৰ অপচয় ৰোধ কৰিব পৰা যায়। তাৰোপৰি, শ্ৰেণীৰ সংঘৰ্ষ অৰ্থাৎ একেটা কোঠাতে দুটা বিষয়ৰ পাঠদানৰ সমস্যা, ফাঁকি দিয়া আৰু ওপৰা ওপৰিকৈ শ্ৰেণীত পাঠদানৰ সমস্যা ইত্যাদিবোৰ দূৰকৰাত সময়সূচীয়ে সহায় কৰে।

    ২) অনুশাসন ৰক্ষাঃ সময়সূচীয়ে শিক্ষানুষ্ঠানৰ অনুশাসন ৰক্ষা কৰাত সহায় কৰে। ই কামৰ খেলিমেলি, গণ্ডগোল ইত্যাদি প্ৰতিৰোধ কৰিব পাৰে। সময়সূচীৰ ফলত শিক্ষাৰ্থীয়ে আঁচনিমতে নিজ নিজ কাৰ্য্য আৰু দায়িত্ব পালনত ব্যস্ত হৈ পৰে। সময়সূচীৰ অভাৱত সমগ্ৰ শিক্ষানুষ্ঠানৰ পৰিৱেশতে এটা জটিল অৱস্থাৰ সৃষ্টি হব পাৰে। সেয়ে, শিক্ষানুষ্ঠানৰ অনুশাসন ৰক্ষা কৰাৰ বাবে সময়সূচী হল এক তাৎপৰ্য্যপূৰ্ণ কৰ্ম আচঁনি।

    ৩) সজ অভ্যাস গঠনঃ সময়সূচীয়ে শিক্ষক-শিক্ষাৰ্থীৰ বাবে সু-অভ্যাস গঠনত ভূমিকা পালন কৰে। সময়সূচী অনুসৰি নিৰ্ধাৰিত সময়ত শিক্ষানুষ্ঠানত উপস্থিত হোৱা নিজৰ নিজৰ শ্ৰেণীত সময়মতে পাঠদান কৰা ইত্যাদি দিশত সক্ৰিয় কৰি তোলাত সময়সূচীয়ে সহায় কৰে এক কথাত কবলৈ হলে সময়সূচী হল নিয়মানুবৰ্তিতা পালন কৰাৰ বাবে এক উল্লেখযোগ্য আহিলা। ই শিক্ষক শিক্ষাৰ্থীৰ লগতে কৰ্মচাৰীৰ বাবেও অতি প্ৰয়োজন। সময়সূচীয়ে শিক্ষক- শিক্ষাৰ্থীৰ পদ্ধতিগত প্ৰবনতাৰ বিকাশ সাধন কৰি সঠিক সময়ত কাৰ্য্য সম্পাদন কৰিবলৈ উৎসাহিত কৰে। সময়সূচী হল সকলো ব্যক্তিৰ বাবে কৃতকাৰ্যতাৰে কাৰ্য্য সম্পাদনৰ এক পূৰ্ব নিৰ্ধাৰিত আঁচনি।

    ৪) সুস্থ সমাযোজনঃ সময়সূচীয়ে শিক্ষাৰ্থীৰ প্ৰয়োজন  অনুসৰি কাৰ্য্য সম্পাদনত সহায় কৰে। ফলস্বৰূপে, শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ কাৰ্য্যাৱলীৰ লগত সুস্থভাৱে সমাযোজন কৰিবলৈ সক্ষম হয়। সু-সংগঠিত সময়সূচীয়ে শিক্ষাৰ্থীৰ ক্লান্তি ভাবৰ অবসান ঘটায় তাৰ পৰিৱৰ্তে অধিক সক্ৰিয়তাৰে সজীৱ দেহ-মনৰ গৰাকী হৈ প্ৰয়োজন মতে নিজ নিজ শ্ৰেণীত পাঠ গ্ৰহণত অনুৰাগী হৈ পৰে।

    ৫) সম বিতৰণঃ সময়সূচীত সকলো বিষয়কে সমানে গুৰুত্ব প্ৰদান কৰি আঁচনিৰ অন্তৰ্ভূক্ত কৰা হয়। সময়সূচীৰ ফলত সকলো বিষয় সমানভাৱে গুৰুত্ব লাভ কৰে। ফলস্বৰূপে, শিক্ষক-শিক্ষাৰ্থী উভয়ে উপকৃত হয় আৰু কোনো বিষয়কে অৱহেলা কৰা নহয়।

8. What are the types of time table?

সময়সূচীৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ সময়সূচীৰ প্ৰকাৰসমূহ হল- 

    ১) সাধাৰণ সময়সূচীঃ সাধাৰণ সময়সূচীয়ে সমগ্ৰ অনুষ্ঠানটোকে সামৰি লয়। এই সময়সূচীয়ে শিক্ষানুষ্ঠানৰ কাৰ্য্যৱলীক অন্তৰ্ভূক্ত কৰে। উদাহৰণস্বৰূপে- পাঠ্যক্ৰমিক, সহপাঠ্যক্ৰমিক কাৰ্যাৱলী, বিভিন্ন অনুষ্ঠান, সভা-সমিতি ইত্যাদিৰ ৰূপৰেখা অংকিত কৰা থাকে।

    ২) শ্ৰেণীৰ সময়সূচীঃ শ্ৰেণীৰ সময়সূচীয়ে প্ৰতিটো শ্ৰেণীৰ পাঠদানৰ সময়, জিৰণিৰ সময় ইত্যাদি সুনিৰ্ধাৰিত কৰে।

    ৩) শিক্ষকৰ সময়সূচীঃ এজন শিক্ষকৰ শৈক্ষিক আৰু অন্যান্য দিশৰ কাৰ্য্যসূচীৰ বাবে সময়সূচী নিৰ্ধাৰণ কৰা তালিকাখন হল। শিক্ষকৰ সময়সূচী। ইয়াৰ দ্বাৰা শিক্ষকে নিজ নিজ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি সময়মতে সচেতন হৈ থাকে। শিক্ষানুষ্ঠানৰ মূৰব্বীজনে শিক্ষকৰ বাবে প্ৰস্তুত কৰা সময়সূচীৰ নকল কপি ব্যক্তিগতভাৱে প্ৰদান কৰাৰ উপৰিও শিক্ষকৰ জিৰণি কোঠাত জাননী ফলকত এখন আঁৰি থয় আৰু আন এটা কপি নিজৰ কোঠাত ৰাখি থয়।

    ৪) খালী সময়ৰ সময়সূচীঃ শিক্ষকসকলৰ বাবে খালী সময় বা জিৰণিৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সময়সূচী প্ৰস্তুত কৰে। এই সময়সূচীৰ জৰিয়তে মূৰব্বীজনে মুক্ত হৈ থকা বা জিৰণি লৈ থকা শিক্ষকসকলৰ বিষয়ে জানিব পাৰে। তাৰোপৰি, কোনোবা শিক্ষকৰ অনুপস্থিতিত কাৰ্য্যপ্ৰবাহৰ ধাৰাবাকিকতা ৰক্ষা কৰিবলৈ অন্য শিক্ষকক নিৰ্দ্দেশ দিব পাৰে বা অন্যান্য কামত চকু দিবলৈ পৰামৰ্শ দিব পাৰে।

    ৫) খেল ধেমালিৰ সময়সূচীঃ খেল-ধেমালিৰ সময়সূচীৰ দ্বাৰা কোনটো শ্ৰেণীৰ শিক্ষাৰ্থী কোন সময়ত খেল-ধেমালিত ব্যস্ত হৈ থাকে তাৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰি।

9. What ae the principles of Time table construction?

সময়সূচী প্ৰস্তুতকৰণৰ নীতিসমূহ কি কি?

উত্তৰঃ সময়সূচী প্ৰস্তুতকৰণৰ নীতিসমূহ হল-

    ১) শিক্ষানুষ্ঠানৰ প্ৰকাৰঃ শিক্ষানুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি সময়সূচী প্ৰস্তুত কৰিব লাগে। উদাহৰণস্বৰূপে- প্ৰাথমিক বিদ্যালয় নে উচ্চ শিক্ষাৰ অনুষ্ঠান, গাঁৱৰ বিদ্যালয় নে চহৰৰ অনুষ্ঠিত বিদ্যালয় ইত্যাদি প্ৰকাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে। সাধাৰণতে নিম্ন শ্ৰেণীৰ বিদ্যালয়ৰ সময়সূচীতকৈ উচ্চ স্তৰৰ বা উচ্চ শিক্ষাৰ সময়সূচী বেলেগ হোৱাটো স্বাভাৱিক। তাৰোপৰি, গাওঁ আৰু চহৰৰ অনুষ্ঠানৰ সময়সূচী প্ৰস্তুত কৰোঁতে কিছুমান দিশৰ পাৰ্থক্য পৰিলক্ষিত হয়। সেয়ে, শিক্ষানুষ্ঠানৰ বিশেষ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সময়সূচী প্ৰস্তুত কৰিব লাগে।

    ২) বিভাগীয় নীতি নিৰ্দেশনাঃ সাধাৰণতে শিক্ষানুষ্ঠানৰ সময়সূচীৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ কিছুমান নিৰ্দ্দেশনা দিয়া থাকে। অৰ্থাৎ পাঠদানৰ সময়ৰ পৰিসৰ, শ্ৰেণীৰ সময়, জিৰণিৰ সময় ইত্যাদিৰ ক্ষেত্ৰত নীতি নিয়ম কিছুমান বান্ধি দিয়া থাকে। সেয়ে, বিভাগীয় নীতি-নিৰ্দ্দেশনা অনুসৰি সময়সূচী প্ৰস্তুত কৰা হয়।

    ৩) সময়ৰ পৰিমাণঃ সময়সূচী প্ৰস্তুত কৰোঁতে গৰমৰ বন্ধ, শীতৰ বন্ধ, বিভিন্ন দিবসৰ বন্ধ, পূজাৰ বন্ধ ইত্যাদিবোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো বিভাগে যাতে নিজৰ নিজৰ বিষয়বস্তু সঠিক সময়ত উপস্থাপন কৰি শেষ কৰিব পাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি সময়সূচী প্ৰস্তুতকৰণত গুৰুত্ব দিব লাগে।

    ৪) ক্লান্তি দূৰ কৰাঃ সাধাৰণতে দেখা যায় যে একঘেয়ামীকৈ শিক্ষকে পাঠদান কৰাৰ ফলত শিক্ষাৰ্থীসকলে শাৰীৰিক আৰু মানসিকভাৱে ক্লান্তি অনুভৱ কৰে। তাৰোপৰি, কিছুমান বিষয়ৰ প্ৰতি শিক্ষাৰ্থীসকল অমনোযোগী হৈ পৰে আৰু কৰ্মস্পৃহা কমি যায়। সেয়ে, শিক্ষাৰ্থীসকলক অভিপ্ৰেত কৰাৰ বাবে যিবিলাক বিষয় পঢ়ি সিহঁতে ক্লান্তি অনুভৱ কৰে বা শ্ৰেণীকোঠাত নিষ্ক্ৰিয় হৈ থাকে তেনে বিষয়ৰ বাবে পাঠদানৰ সময়সূচী প্ৰথমচোৱা সময়মতে কৰিব লাগে। কিয়নো, আৰম্ভণিৰ সময়ছোৱাত শিক্ষাৰ্থীসকলক সজীৱ আৰু সক্ৰিয় হৈ থাকে। সেয়ে, শিক্ষাৰ্থীসকলৰ মানসিক প্ৰৱনতাৰ প্ৰতি লক্ষ্য ৰাখি সময়সূচী প্ৰস্তুত কৰিব লাগে।

    ৫) শিক্ষকগোট, সা-সৰঞ্জাম আৰু গৃঢ়ঃ এখন উপযুক্ত সময়সূচী প্ৰস্তুতকৰণৰ বাবে শিক্ষক গোট আৰু তেওঁলোকৰ অৰ্হতা, শিকোৱা-শিকাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি আৰু গৃহৰ ওপৰত গুৰুত্ব দিব লাগে। শ্ৰেণীকোঠাৰ সংখ্যা, শিক্ষাৰ্থীৰ সংখ্যা, শ্ৰেণীৰ শাখা অনুপাতে কোঠাৰ ব্যৱস্থা আছে নে নাই সেই সম্বন্ধে পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি সময়সূচী প্ৰস্তুত কৰিব লাগে।

10. What do you mean by co-curricular activities?

সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলী বুলিলে কি বুজা?

উত্তৰঃ 

11. What are the types of co-curricular activities?

সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ প্ৰকাৰসমূহ হল-

১) শাৰীৰিক বিকাশৰ বাবে কাৰ্যাৱলীঃ শিক্ষাৰ্থীৰ শাৰীৰিক দিশৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যৰ অনুশীলন কৰিব লাগে। যেনে-

    (ক) খেল-ধেমালি-অন্তঃদ্বাৰ খেল, বহিঃদ্বাৰ খেল

    (খ) চাইকেল চলোৱা,

    (গ) সাতোঁৰা,

    (ঘ) যোগ,

    (চ) NCC ৰ প্ৰশিক্ষণ লোৱা,

    (ছ) মল্ল যুঁজ কৰা ইত্যাদি।

২) শৈক্ষিক আৰু সাহিত্যৰ দিশৰ বিকাশৰ কাৰ্য্যাৱলীঃ শিক্ষাৰ্থীৰ শৈক্ষিক আৰু সাহিত্যৰ দিশৰ বিকাশৰ বাবে নিম্মোক্ত কাৰ্য্যসমূহৰ অতি প্ৰয়োজন। যেনে-

    (ক) তৰ্ক আৰু আলোচনা,

    (খ) গল্প লিখা প্ৰতিযোগিতা,

    (গ) বাতৰি কাকত পঢ়া প্ৰতিযোগিতা,

    (ঘ) আবৃত্তি কৰা,

    (ঙ) নাটক কৰা,

    (চ) প্ৰাচীৰ পত্ৰিকা উলিওৱা

    (ছ) ৰছনা লিখা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা,

    (জ) পুথিভঁৰাল কাম,

    (ঝ) বছৰেকীয়া আলোচনী উলিওৱা,

    (ঞ) আকস্মিক বক্ততাৰ অনুশীলন,ইত্যাদি।

৩) সাংস্কৃতিক আৰু সৌন্দৰ্য্যাত্মক দিশৰ বিকাশ সাধনৰ বাবে কাৰ্যাৱলীঃ

    (ক) গান,

    (খ) লোক নৃত্য,

    (গ) লোক গীত,

    (ঙ) নক্সা আৰু চাৰ্ট বা তালিকা প্ৰস্তুত কৰা,

    (চ) ছবিঅঁকা আৰু ৰং দিয়া,

    (ছ) প্ৰদৰ্শনী সংগঠিত কৰা,

    (জ) পুষ্প সজ্জাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা,

    (ঝ) আধুনিক পোছাক-পৰিচ্ছদৰ প্ৰতিযোগিতা, ইত্যাদি।

৪) জিৰণিৰ সদ্ব্যৱহাৰৰ কাৰ্য্যাৱলীঃ 

    (ক) টিকট সংগ্ৰহ,

    (খ) মুদ্ৰা সংগ্ৰহ,

    (গ) ফটো সংগ্ৰহ,

    (ঘ) বিভিন্ন আকৃতিৰ শিল সংগ্ৰহ,

    (ঙ) এলবাম প্ৰস্তুতকৰণ,

    (চ) সংগ্ৰহালয়ৰ ব্যৱস্থা ইত্যাদি।

৫) অঙ্গ সঞ্চালন ক্ষমতাৰ বিকাশ সাধনৰ কাৰ্য্যাৱলীঃ অঙ্গ-সঞ্চালন ক্ষমতাৰ বিকাশৰ কাৰ্য্যসমূহ তলত উল্লেখ কৰা হল-

    (ক) সূতা কটা,

    (খ) কাপোৰ বোৱা,

    (গ) চিলাই কৰা,

    (ঘ) কাপোৰত ৰং কৰা,

    (ঙ) এমব্ৰয়ডাৰী কৰা,

    (চ) কিতাপ বন্ধোৱা কাম।

12. What are the merits of co-curricular activities?

সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ সুবিধা বা উপকাৰিতাসমূহ কি কি?

উত্তৰঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ সুবিধা বা উপকাৰিতাসমূহ হল-

    ১) শাৰীৰিক উৎকৰ্ষ সাধনঃ বিভিন্ন প্ৰকাৰৰ খেল-ধেমালি, যেনে-ফুটবল, ক্ৰিকেট, হকী, সাতোঁৰা, চাইকেল চলোৱা ইত্যাদিয়ে সুস্থ শাৰীৰিক বিকাশত সহায় কৰে। তাৰোপৰি সুস্থ স্বাস্থ্য সম্বন্ধীয় অভ্যাস গঠন, অঙ্গ-সঞ্চালন সক্ষমতাৰ বিকাশ সাধন আৰু শক্তিশালীকৰণত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

    ২) মানসিক দিশৰ উৎকৰ্য সাধনঃ সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলীয়ে শিক্ষাৰ্থীৰ প্ৰয়োজন পূৰণত সহায় কৰে। শ্ৰেণীকক্ষৰ দৈনন্দিন কাম-কাজৰ পৰা বিৰত থাকি বিভিন্ন দলীয় কাৰ্য্যৰ মাজেৰে সহঃ পাঠ্যক্ৰমিক কাৰ্যাৱলীয়ে শিক্ষাৰ্থীক আমোদ-প্ৰমোদ দিয়ে। মানসিকভাৱে শিক্ষাৰ্থীসকল উপকৃত হয়। তাৰোপৰি, স্ফৰ্তি, আনন্দৰ মাজেৰে স্বাতঃস্ফৰ্ত আৰু স্বাধীনভাৱে অংশগ্ৰহণ কৰিব পৰা কাৰ্যই সিহঁতক আত্ম-নিয়ন্ত্ৰণ আৰু আত্ম-পৰিচালনা কৰিবলৈ শিকায়।

    ৩) আৱেগৰ প্ৰশিক্ষণঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীয়ে আবেগিক প্ৰশিক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান শিক্ষাৰ্থীয়ে শৈক্ষিক দিশত ভাল ফলাফল দেখুৱাব নোৱাৰি হতাশাত ভোগে। কিন্তু সেই শিক্ষাৰ্থীসকলে খেলপথাৰ বা অন্যান্য দিশত বিশেষভাৱে পাৰদৰ্শিতা লগভ কৰিবলৈ সক্ষম হয়। ফলস্বৰূপে হতাশা দূৰ হয় আৰু যিকোনো পৰিবেশত সুস্থভাৱে সমাযোজন কৰিব পাৰে।

    ৪) সামৰ্থ্য দক্ষতাৰ বিকাশঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যৱলীয়ে শিক্ষাৰ্থীৰ সামৰ্থ্য আৰু দক্ষতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    ৫) চৰিত্ৰ গঠনঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীয়ে শিক্ষাৰ্থীৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনত সহায় কৰে।

13. Write about the importance of co-curricular activities.

সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ প্ৰয়োজনীয়তাসমূহ হল-

    ১) শাৰীৰিক উৎকৰ্য সাধনঃ শিক্ষাৰ্থীৰ শাৰীৰিক উৎকৰ্য সাধনৰ বাবে বিভিন্ন প্ৰকাৰৰ খেল অনুশীলন কৰিব লাগে। দৌৰা, জপিওৱা, চাইকেল চলোৱা, সাতোঁৰা, ফুটবল খেল, ভলীবল, হকী, ক্ৰিকেট, খো-খো, কাবাডী ইত্যাদি খেলবোৰে শাৰীৰিক বিকাশত সহায় কৰে।

    ২) আত্মবিশ্বাসৰ উন্নীতকৰণঃ সহঃপাঠ্যক্ৰমিক কাৰ্য্যাৱলীৰ বিভিন্ন প্ৰকাৰসমূহ শিক্ষাৰ্থীৰ আত্মবিশ্বাসৰ মনোভাৱ উন্নীতকৰণৰ বাবে বিশেষভাৱে প্ৰয়োজন।

    ৩) নেতৃত্ব দানৰ প্ৰশিক্ষণঃ নেতৃত্বদানৰ প্ৰশিক্ষণৰ বাবে সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজন। কিয়নো, আজিৰ ছাত্ৰই কালিৰ নাগৰিক। গতিকে, সৎ নাগৰিকৰ আদৰ্শ আৰু গুণৰাশি আয়ত্ব কৰিবলৈ খেল-ধেমালিৰ জৰিয়তে সুযোগ পায়। দলীয় নীতি-আদৰ্শ, অনুশাসন ইত্যাদি পালন কৰাৰ মনোভাৱৰ বিকাশ সাধনে পৰৱৰ্তী সময়ত নেতৃত্বদানৰ বাবে প্ৰয়োজনীয় গুণসমূহ আয়ত্ব কৰিবলৈ সক্ষম হয়।

    ৪) অনুশাসন ৰক্ষাৰ প্ৰতি আগ্ৰহীঃ দলীয় কাৰ্য্যত অংশ গ্ৰহণৰ জৰিয়তে শিক্ষাৰ্থীৰ বিশৃংখলতাৰ ভাবধাৰাৰ অবসান ঘটায় আৰু সকলো দিশতে নীতি নিয়ম পালনৰ প্ৰতি আগ্ৰহী হৈ পৰে।

    ৫) বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিকাশ সাধনঃ শিক্ষাৰ্থীসকলৰ মাজত বন্ধুত্বপূৰ্ণ মনোভাৱৰ বিকাশ সাধন কৰিবলৈ সহঃপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজন।


Answered by- Leena Kakati