প্ৰথম অধ্যায় 

                                                             ধৰ্মদৰ্শনৰ স্বৰূপ আৰু পৰিসৰ


প্ৰশ্নাৱলী:-

 অতি চমু প্রশ্ন (Very short type questions )

 1. What is the Indian synonym of religion? ‘religion’  ভাৰতীয় সমার্থক শব্দ কি?

  উত্তৰঃ religion’  ভাৰতীয় সমার্থক শব্দ হল-ধৰ্ম।


2. Give the etymological meaning of religion. ‘religion'  ব্যুৎপত্তিগত অর্থ দিয়া

  উত্তৰঃ

3. What are the aspects or different elements of religion?

 ধৰ্মৰ বিভিন্ন দিশ বা উপাদান সমূহ কি কি?

উত্তৰঃ ধৰ্মৰ বিভিন্ন দিশ বা উপাদান সমূহ হল- জ্ঞানাত্মক বা বৌদ্ধিক, অনুভূতি আৰু ক্ৰিয়াত্মক বা ইচ্ছামূলক।


4. From which word the term 'Religion' derived? 

‘Religion’ শব্দটো কোন শব্দৰ পৰা আহিছে

 উত্তৰঃ  'Religion' শব্দটো লেটিন ভাষা 'religio' পৰা আহিছে।


5. What is the meaning of the term 'Religare"? ‘Religare' শব্দৰ অৰ্থ কি?

  উত্তৰঃ 'Religare' শব্দৰ অৰ্থ হল- 'বন্ধন'।


6. Give Hegel's definition of religion. হেগেলৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা

 উত্তৰঃ হেগেলৰ মতে,'' সসীম মনে নিজ স্বৰূপক অসীমৰূপে জনাটোৱেই ধৰ্ম''।


7. Mention Flint's definition of relgiion. ফ্লিণ্টৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা

উত্তৰঃ ফ্লিন্টৰ মতে,'' ধৰ্ম হৈছে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ শক্তিশালী আৰু ইন্দ্ৰিয়ৰ আগোচৰ; অথচ তেওঁৰ আৱেগ আৰু কৰ্মৰ প্ৰতি উদাসীন নহয়- যি বিশ্বাসৰ লগত যুক্ত হৈ আছে মানুহৰ আৱেগ আৰু অনুভূতি"।


8. What is Maxmuller's definition of religion? মেক্স মুলাৰৰ ধৰ্মৰ সংজ্ঞাটো কি?

উত্তৰঃ মেক্স মুলাৰৰ মতে,''ধৰ্ম হল এনে এক মানসিক শক্তি বা প্ৰবৃত্তি যি মানুহক অসীম সত্তাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম কৰে''।


9. Give Tylor's definition of religion. টাইলৰৰ ধৰ্মৰ সংজ্ঞা দিয়া

উত্তৰঃ টাইলৰৰ মতে,'' ধৰ্ম হল আধ্য়াত্মিক সত্তাত বিশ্বাস''।


10. Mentiion Mac Taggart definition of religion. মেক টেগাৰ্টৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা

উত্তৰঃ মেক টেগাৰ্টৰ মতে,'' ধৰ্ম হল এটা আৱেগ- যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য় আছে''।


11. "Religion is morality touched with emotion" Who said? “আৱেগ স্পর্শিত নৈতিকতাই ধর্ম”— কোনে কৈছে?

উত্তৰঃ মেথিন আৰ্নল্ড।


12. What is the Frazer's definition of religion? ফ্ৰেজাৰৰ ধৰ্মৰ সংজ্ঞাটো কি

 উত্তৰঃ ফ্ৰেজাৰৰ মতে- ''ধৰ্ম হল মানৱোত্তৰ কিছুমান উচ্চতৰ শক্তিৰ সন্তুষ্টিকৰণ-যিবিলাকে মানৱ জীৱনৰ গতি পৰিচালিত আৰু নিয়ন্ত্ৰিত কৰে''।


13. What is the Kant's definition of religion? কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো কি?

উত্তৰঃ কান্টৰ মতে,'' আমাৰ সকলো কৰ্তব্য়ক স্বৰ্গীয় আদেশৰূপে স্বীকৃতি প্ৰদানেই ধৰ্ম''।


14. Mention Galloway's definition of religion. গেলোৱেৰ ধৰ্মৰ সংজ্ঞাটো উল্লেখ কৰা

 উত্তৰঃ  গেলোৱেৰ মতে,'' ধৰ্ম হল অতিপ্ৰাকৃত শক্তিত মানুহৰ এনে এক আস্থা যাৰ দ্বাৰা তেওঁ তাৰ আৱেগাত্মক প্ৰয়োজনক তৃপ্ত কৰিব বিচাৰে আৰু জীৱন স্থায়িত্ব কামনা কৰে, আৰু যাক তেওঁ প্ৰকাশ কৰে পুজা, আৰাধনা ইত্য়াদি ক্ৰিয়াৰ মাধ্য়মত''।


15. Give Martineau's definition of religion. মাৰ্টিনিউৰ ধৰ্মৰ সংজ্ঞা দিয়া

 উত্তৰঃ মাৰ্টিনিউৰ মতে,''ধৰ্ম হল এজন চিৰস্থায়ী ঈশ্বৰত বিশ্বাস- যি ঐশ্বৰিক মন আৰু ইচ্ছাই বিশ্বজগতক নিয়ন্ত্ৰণ কৰে আৰু মানুহৰ লগত নৈতিক সম্পৰ্ক স্থাপন কৰে''।


16. What is the etymological meaning of religion? ধৰ্মৰ শাব্দিক বা ব্যুৎপত্তিগত অর্থ কি?

উত্তৰঃ


17. What is the Indian synonyme of Religion ? Religion  ভাৰতীয় সমার্থক শব্দ কি?

উত্তৰঃ 'Religion' ৰ ভাৰতীয় সমাৰ্থক শব্দ হল- ধৰ্ম।


18. What is the etymological meaning of 'Dharma? ধৰ্মৰশাব্দিক অর্থ কি?

   উত্তৰঃ

 19. "The literal meaning of religion is that which binds man together." -----Is it true?

 ব্যুৎপত্তিগতভাৱে ধৰ্মৰ অৰ্থ হৈছে যিয়ে মানুহক একেলগে বান্ধি বা ধৰি ৰাখে” – এইটো সত্য নে?

  উত্তৰঃ সত্য়।


20. Give a definition of religion. ধৰ্মৰ এটা সংজ্ঞা দিয়া

উত্তৰঃ ফ্লিন্টৰ মতে,'' ধৰ্ম হৈছে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ শক্তিশালী আৰু ইন্দ্ৰিয়ৰ আগোচৰ; অথচ তেওঁৰ আৱেগ আৰু কৰ্মৰ প্ৰতি উদাসীন নহয়- যি বিশ্বাসৰ লগত যুক্ত হৈ আছে মানুহৰ আৱেগ আৰু অনুভূতি"।


21. Give a suitable definition of religion. ধৰ্মৰ এটা সন্তোষজনক সংজ্ঞা দিয়া

উত্তৰঃ গেলোৱেৰ মতে,'' ধৰ্ম হল অতিপ্ৰাকৃত শক্তিত মানুহৰ এনে এক আস্থা যাৰ দ্বাৰা তেওঁ তাৰ আৱেগাত্মক প্ৰয়োজনক তৃপ্ত কৰিব বিচাৰে আৰু জীৱন স্থায়িত্ব কামনা কৰে, আৰু যাক তেওঁ প্ৰকাশ কৰে পুজা, আৰাধনা ইত্য়াদি ক্ৰিয়াৰ মাধ্য়মত''।


২2. What is the meaning of the term 'theos'? 'theos' মানে কি?

 উত্তৰঃ 'theos' মানে হল- ঈশ্বৰ।


23. Is the Philosophy of Religion a branch of Theology? ধর্মদর্শন ঈশ্বৰতত্ত্ব বা ধর্মতত্ত্বৰ এটা শাখা হয় নে?

 উত্তৰঃ হয়।


24. Give any one definition of Philosophy of Religion. ধৰ্মদৰ্শনৰ যিকোনো এটা সংজ্ঞা দিয়া

উত্তৰঃ মিয়েল এডৱাৰ্ডৰ মতে ''ধৰ্মদৰ্শন হল ধৰ্মীয় অভিজ্ঞতাৰ স্বৰূপ, ক্ৰিয়াকৰ্ম, মূল্য় আৰু সত্য়তা সম্পৰ্কীয় দাৰ্শনিক অনুুসন্ধান; আৰু পৰমসত্তাৰ স্বৰূপৰ প্ৰকাশ হিচাপে ধৰ্মৰ সামৰ্থ কিমান তাৰ দাৰ্শনিক অনুসন্ধান"।


25. Give D. M. Edwards' definition of Philosophy of Religion. মিয়েল এডৱাৰ্ডৰ ধৰ্মৰ সংজ্ঞা দিয়া

 উত্তৰঃ উত্তৰঃ মিয়েল এডৱাৰ্ডৰ মতে ''ধৰ্মদৰ্শন হল ধৰ্মীয় অভিজ্ঞতাৰ স্বৰূপ, ক্ৰিয়াকৰ্ম, মূল্য় আৰু সত্য়তা সম্পৰ্কীয় দাৰ্শনিক অনুুসন্ধান; আৰু পৰমসত্তাৰ স্বৰূপৰ প্ৰকাশ হিচাপে ধৰ্মৰ সামৰ্থ কিমান তাৰ দাৰ্শনিক অনুসন্ধান"।



26. What is Brightman's definition of Philosophy of Religion ? ব্রাইটমেনৰ ধৰ্মদৰ্শনৰ সংজ্ঞাটো কি?

 উত্তৰঃ ব্ৰাইটমেনৰ মতে,'' ধৰ্মদৰ্শন হল ধৰ্ম আৰু ইয়াৰ লগত সম্পৰ্কিত অন্য়ান্য় অভিজ্ঞতা- ধৰ্মীয় বিশ্বাস, ধৰ্মীয় মনোবৃত্তি আৰু আচৰণ সম্পৰ্কীয় মূল্য়ৰ বৌদ্ধিক ব্য়াখ্য়া দিয়াৰ এক প্ৰচেষ্টা''।


27. Give Wright's definition of Philosophy of Religion. ৰাইটৰ ধৰ্মদৰ্শনৰ সংজ্ঞাটো দিয়া

 উত্তৰঃ ৰাইটৰ মতে,'' ধৰ্মদৰ্শন ধৰ্মীয় সত্য়তা, ধৰ্মীয় আচৰণ আৰু বিশ্বাসৰ চৰম তাৎপৰ্য সম্পূৰ্ণ জাগতিক দৃষ্টিভংগীৰ বিবেচনা কৰে, আৰু খুব কৌশলগতভাৱে ধৰ্মৰ লগত সত্তাৰ সম্বন্ধ নিশ্চিত কৰে''।


28. Give Nicholson's Definition of Philosophy of Religion. নিকলচনৰ ধৰ্মদৰ্শনৰ সংজ্ঞাটো দিয়া

উত্তৰঃ জন এ. নিকলচনৰ মতে,'' ধৰ্মদৰ্শনৰ উদ্দেশ্য় হৈছে ধৰ্মীয় বিশ্বাসক অন্য় মৌলিক বিশ্বাসৰ লগত সম্বন্ধ স্থাপন কৰা, যিবিলাক বিশ্বাসে মানৱ জীৱনৰ আকাৰ আৰু দিশ নিৰ্ধাৰণ কৰে''।


29. "Philosophy of Religion occupies an intermediary position between Philosophy in general on the one hand and Theology on the other" --- Is it true? “সাধাৰণ দৰ্শন আৰু ঈশ্বৰতত্ত্বৰ মাজত ধর্মদর্শনে অৱস্থান কৰে”—এইটো সত্য নে?

    উত্তৰঃ

30. "Philosophy of Religion is a philosophical thinking about religion." ----Is it true? 

ধর্মদর্শন ধর্মবিষয়ক দার্শনিক চিন্তা – এইটো সত্য নে?

    উত্তৰঃ

31. Is the Philosophy of Religion 'a second-order activity"? ধৰ্মদৰ্শন এটা দ্বিতীয় স্তৰৰ প্ৰক্ৰিয়া নে

   উত্তৰঃ

32. What are the two objectives of the Philosophy of Religion, according to Miall Edwards?

মিয়েল এডৱাৰ্ডৰ মতানুসাৰে ধৰ্মদৰ্শনৰ দুটা মূল উদ্দেশ্য বা কাম কি কি?

    উত্তৰঃ

33. "A philosophy of religion without history is empty, a history of religion without philosophy is blind." Who expressed this view?

 “ইতিহাস বিহীন ধর্মদর্শন শুন্যগর্ভ আৰু দৰ্শন বিহীন ধৰ্মৰ ইতিহাস অন্ধ এই অভিমতটো কোনে আগবঢ়াইছে?

    উত্তৰঃ

34. What is the cognitive element of religion ? ধৰ্মৰ জ্ঞানাত্মক বা বৌদ্ধিক উপাদান কি?

    উত্তৰঃ

35. What is the affective element of religion? ধৰ্মৰ অনুভূতিমূলক উপাদান কি?

    উত্তৰঃ

36. What is the conative element of religion ? ধৰ্মৰ ক্ৰিয়াত্মক উপাদান কি?

    উত্তৰঃ

37. 'Philosophy of religion is a part of religion. Write true or false. ‘ধৰ্মদৰ্শন  ধৰ্মৰে এটা অংশ বা ভাগ’ সত্য নে মিথ্যা লিখা

    উত্তৰঃ

38. What is theology ? ঈশ্বৰতত্ত্ব বা ধর্মতত্ত্ব কাক বোলে?

    উত্তৰঃ

39. What is the etymological meaning of theology? শ্বতত্ত্বৰ ব্যুৎপত্তিগত অর্থ কি

   উত্তৰঃ

40. “Philosophy of Religion means 'Philosophical thinking about religion" Who said?

ধর্মদর্শন  ধর্ম সম্পৰ্কীয় দার্শনিক চিন্তা”— কোনে কৈছে?

    উত্তৰঃ

41. "The religious attitude is frankly personal or valuational; but the scientific attitude is impersonal." ----Do you agree?

 “ধর্মীয় মনোবৃত্তি স্পষ্টভাৱেই ব্যক্তিগতবৈয়ক্তিক বা মূল্যাংকনাত্মক : কিন্তু বৈজ্ঞানিক মনোবৃত্তি নৈর্ব্যক্তিক”—তুমি মানি লোৱানে?

    উত্তৰঃ



Broad Questions : ৰচনাধর্মী প্রশ্ন :


 1. What is religion? Discuss the nature of religion.

 ধর্ম কিধৰ্মৰ প্ৰকৃতি বা স্বৰূপ আলোচনা কৰা

 উত্তৰঃ ধৰ্ম মানৱ জীৱনৰ এক অপৰিহাৰ্য বিষয়। ধৰ্মবিহীন মানৱ জীৱন অসম্ভৱ। ধৰ্ম বুলিলে বুজায় কোনো এক অতিপ্ৰাকৃত সত্তাত মানুহৰ বিশ্বাস- যি বিশ্বাস বা জ্ঞান মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়ীক নিয়ন্ত্ৰণ কৰে। ধৰ্মত যি অলৌকিক শক্তিৰ জ্ঞান হয় সেই শক্তি মানুহৰ আনুগত্য়, শ্ৰদ্ধা আৰু উপাসনাৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। 

            ধৰ্ম মনোবিজ্ঞানৰ দৰে এক জটিল বিষয়, কাৰণ মস্তিষ্কৰ কোনো এক বিশেষ অংগৰ দ্বাৰা ইয়াৰ ব্য়াখ্য়া কৰা অসম্ভৱ। ধৰ্মৰ বাবে তিনিটা তত্ত্ব বা উপাদান অপৰিহাৰ্য- জ্ঞানাত্মক বা বৌদ্ধিক, অনুভূতি আৰু ক্ৰিয়াত্মক বা ইচ্ছামূলক।ধৰ্ম মানুহৰ আন্তৰিক জীৱনৰ লগত সম্বন্ধিত যত এই তিনিটা উপাদান সন্নিবিষ্ট হৈ থাকে। ধৰ্ম আংশিক ৰূপত বৌদ্ধিক। মানুহৰ নিৰন্তৰ ঈশ্বৰৰ সন্ধানত নিমগ্ন থাকে। পৰম্পৰাগত যুক্তিয়ে এই কথাকে প্ৰমাণ কৰে যে মানুহে আদিম কালৰে পৰা আজিলৈকে ঈশ্বৰৰ বিষয়ে চিন্তা কৰে। মানুহে এই ঈশ্বৰৰ অস্তিত্বক বুদ্ধিৰ সহায়ত প্ৰমাণিত কৰিব বিচাৰে। ধৰ্মক একমাত্ৰ বৌদ্ধিক বুলি ধৰি লোৱাটো ভুল। এইটো সঁচা যে মানুহে ঈশ্বৰ সম্বন্ধে যি জ্ঞান লাভ কৰে তাত বুদ্ধিৰ হাত আছে। কিন্তু ইয়াৰ দ্বাৰা এইটো নুবুজায় যে ধৰ্মৰ বাবে কেৱল বুদ্ধিৰ আৱশ্য়কতা আছে। ঈশ্বৰ সম্বন্ধে আমাৰ যি অনুভূতি হয় তাক বুদ্ধিয়ে ব্য়াখ্য়া কৰিব নোৱাৰি।

            বুদ্ধি আৰু অনুভূতিৰ বাহিৰে ধৰ্মত ইচ্ছা বা ক্ৰিয়াৰো এটা বিশেষ স্থান আছে। ব্য়ক্তিয়ে নিজৰ বুদ্ধিৰ সহায়ত ঈশ্বৰ সম্বন্ধে যি জ্ঞান লাভ কৰে সেই ঈশ্বৰক সৰ্বজ্ঞ সৰ্বশক্তিমান আৰু সৰ্বব্য়াপ্ত বুলি ভাবি পূজা কৰে। সামাজিক উৎসৱ-পাৰ্ৱন ধৰ্মৰ এই আৱশ্য়কীয় তত্ত্বক প্ৰমাণ কৰে। ধৰ্মত আৰু এটা বিষয় লক্ষণীয়। ধৰ্মৰ দুটা মূখ্য় বিষয় আছে- বস্তুনিষ্ঠ আৰু আত্মনিষ্ঠ।ধৰ্মৰ বাবে এইটো বিশেষ প্ৰয়োজন যে দুটা বিষয় প্ৰত্য়েক ধৰ্মত থাকক- এটা পুজাৰ বিষয় অৰ্থাৎ বাহ্য়িক দিশ; আৰু আনটো উপাসক অৰ্থাৎ তেওঁ যি বাহ্য়িক দিশক উপাসনা কৰে।ঈশ্বৰৰ উপৰিও ধৰ্মত উপাসকৰ উপস্থিতিও আৱশ্য়ক। মানুহ উপাসক, যিয়ে ঈশ্বৰৰ কৰুণাৰ পাত্ৰ। উপাস্য় আৰু উপাসকৰ ভেদভাব থকাটোও আৱশ্য়ক; অন্য়থা ধাৰ্মীয় চেতনাৰ বিকাশ সম্ভৱ নহয়। যি উপাস্য় সি উপাসক হব নোৱাৰে আৰু যি উপাসক তেওঁ উপাস্য় হব নোৱাৰে। সেইকাৰণে ধৰ্মত উপাস্য় আৰু উপাসকৰ মাজত বিভেদৰ ৰেখা টনা হয়।অৱশ্য়ে এইটোও প্ৰয়োজন যে, ধৰ্মত আন্তৰিক দিশ অৰ্থাৎ উপাসক আৰু বাহ্য়িক দিশ অৰ্থাৎ উপাস্য়ৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ স্থাপিত হওক। যেতিয়ালৈকে এনেকুৱা নহয়, তেতিয়ালৈকে ধৰ্মৰ উদ্ভৱ লম্ভৱ নহয়। উপাস্য়ৰ উপাসকৰ প্ৰতি নিৰ্ভৰতা, শ্ৰদ্ধা, ভয়, আত্মসমৰ্পন ভাব নিহিত থাকে।

        গতিকে দেখা যায়, ধৰ্ম এক পবিত্ৰ বিষয়। ধৰ্ম বুদ্ধি, অনুভূতি আৰু ক্ৰিয়াৰ সংমিশ্ৰণ। সেইকাৰণে ধৰ্মীয় অনুভূতিৰ স্বৰূপ পবিত্ৰ বুলি কোৱা হয়।


2. Explain the utility of studying philosophy of religion. ধর্মদর্শন অধ্যয়নৰ উপযোগিতা ব্যাখ্যা কৰা

 উত্তৰঃ ধৰ্মদৰ্শন অধ্য়য়নৰ যথেষ্ট উপযোগিতা আছে। ধৰ্মদৰ্শনৰ অধ্য়য়নে মানুহক মানৱৰ ধৰ্মীয় ইতিহাস আৰু মানৱ সমাজৰ ইতিহাস জানিবলৈ সহায় কৰে। মেক্সমূলাৰৰ মতে, মানৱ সমাজৰ ইতিহাস হল ধৰ্মৰ ইতিহাস। গতিকে ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে আমি মানৱ সমাজৰ ধৰ্মীয় ইতিহাস সম্পৰ্কে সম্য়ক জ্ঞান লাভ কৰিব পাৰোঁ। 

ধৰ্মদৰ্শনৰ উপযোগিতাৰ দিশসমূহ তলত আলোচনা কৰা হল-

i) ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে ধৰ্ম সম্পৰ্কে এক সামগ্ৰিক জ্ঞান লাভ কৰিব পাৰি। ধৰ্মৰ উদ্দেশ্য়, লক্ষ্য়, ধৰ্মৰ উপকাৰিতা, সমাজত ধৰ্মৰ ভূমিকা ইত্য়াদিৰ জ্ঞান ধৰ্মদৰ্শন অধ্য়য়ন কৰিলেহে লাভ কৰিব পাৰি। সমগ্ৰ বিশ্বৰ ধৰ্ম ব্য়ৱস্থা সম্পৰ্কে জ্ঞান লাভ কৰা যায় কেৱল ধৰ্মদৰ্শন অধ্য়য়নৰ মাজেদি। গতিকে ধৰ্মদৰ্শনে বিশ্বৰ ধৰ্ম ব্য়ৱস্থাৰ জ্ঞান প্ৰদান কৰে।

ii) ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে মানুহ নীতিজ্ঞ বা নীতিপৰায়ণ হয়। ধৰ্মদৰ্শন অধ্য়য়ন কৰিলে মানুহে মানৱ কল্য়াণৰ আদৰ্শৰ ভিত্তিত কোনটো আচৰণ সমাজৰ বাবে উচিত-অনুচিত, ভাল-বেয়া, ন্য়ায়-অন্য়ায় ইত্য়াদি সম্পৰ্কে জ্ঞান লাভ কৰে।

iii) ধৰ্মদৰ্শনে মানুহক ধৰ্মীয় জীৱন-যাপনৰ আদৰ্শৰ সন্ধান দিয়ে আৰু এই আদৰ্শ হল মানৱ কল্য়াণ। মানৱ কল্য়াণক আদৰ্শ হিচাপে লৈ মানুহে ধৰ্মীয় জীৱন পৰিচালিত কৰে আৰু ইয়াৰ ফলস্বৰূপে এক সুস্থ, শৃংখলাবদ্ধ সমাজ গঢ়ি উঠে।

iv) ধৰ্মদৰ্শন বিভিন্ন ধৰ্ম বিজ্ঞানসমূহৰ পৰিপূৰক হিচাপে কাম কৰে। বিভিন্ন ধৰ্মীয় বিজ্ঞানসমূহে ধৰ্ম সম্পৰ্কে যি আলোচনা কৰে সেইবোৰক মূল্য়বোধৰ তুলাচনীত তোলে ধৰ্মদৰ্শনে। 

v) ধৰ্মদৰ্শন অধ্য়য়নৰ ফলত ধৰ্মীয় ঐক্য় আৰু সংহতি ৰক্ষিত হয়।সুস্থ সমাজ জীৱনৰ স্বাৰ্থত ধৰ্মীয় সংহতি অতিকৈ প্ৰয়োজন। ধৰ্মদৰ্শন অধ্য়য়নৰ ফলত এই সম্পৰ্কে অৱগত হব পাৰি যে যথাৰ্থতে সকলো ধৰ্মৰে মূল উদ্দেশ্য় একেই, মাথোন পৰমাৰ্থ লাভৰ পথ বা উপায় ভিন্ন।

vi) ধৰ্মদৰ্শনে বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, আচাৰ-ব্য়ৱহাৰ, সংঘ-সমিতি ইত্য়াদিৰ মূল্য়ায়ন কৰে, দোষ-ত্ৰুটিৰ আৱিষ্কাৰ কৰে আৰু সংশোধনৰ পথ নিৰ্দেশ কৰে।ধৰ্মদৰ্শনৰ জ্ঞান থাকিলে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, সংঘ-সমিতি আদি সুন্দৰভাৱে পৰিচালনা কৰাত সুবিধা হয়।


3. Distinguish between philosophy of religion and theology.

ধৰ্মদৰ্শন আৰু ধৰ্মতত্ত্ব বা ঈশ্বৰতত্ত্বৰ মাজত পাৰ্থক্য নির্ণয় কৰা

 উত্তৰঃ ধৰ্মদৰ্শন আৰু ধৰ্মতত্ত্ব বা ঈশ্বৰতত্ত্বৰ মাজৰ পাৰ্থক্য হল-

i) ধৰ্মদৰ্শনৰ আধাৰ বিচাৰ-বুদ্ধি; কিন্তু ঈশ্বৰতত্ত্ব বিশ্বাসৰ ওপৰত আধাৰিত। ধৰ্মদৰ্শনে ধৰ্ম সম্বন্ধে আলোচনা কৰে, ইয়াৰ অৰ্থ স্পষ্ট কৰে আৰু আলোচ্য় বিষয়বস্তুৰ মূল্য়ায়ন কৰে।কিন্তু ঈশ্বৰশাস্ত্ৰই নিজ নিজ ধৰ্মীয় মতৰ ওপৰত বিশ্বাস কৰে।

ii) ধৰ্মদৰ্শনৰ আলোচ্য় বিষয় ঈশ্বৰবাদী আৰু নিৰীশ্বৰবাদী উভয় প্ৰকাৰৰ ধৰ্মই। আনহাতে, ঈশ্বৰশাস্ত্ৰৰ কেন্দ্ৰিয় বিষয় হল ঈশ্বৰ, গতিকে এই শাস্ত্ৰই কেৱল ঈশ্বৰবাদী ধৰ্মৰে আলোচনা কৰে। 

iii) ধৰ্মদৰ্শনৰ তুলনাত ঈশ্বৰতত্ত্বৰ পৰিসৰ সংকীৰ্ণ। ঈশ্বৰতত্ত্বত কেৱল কোনো বিশেষ ধৰ্ম বা ইয়াৰ লগত সম্বন্ধিত কিছুমান সমস্য়াৰ আলোচনা কৰা হয়। ঈশ্বৰতত্বত আলোচিত ঈশ্বৰ কোনো বিশেষ সম্প্ৰদায়ৰ মাজতে সীমিত। কিন্তু ধৰ্মদৰ্শনে সকলো ধৰণৰ ধৰ্মীয় সমস্য়া-ধৰ্মীয় অনুভূতি, শুভ, অশুভ, আত্মাৰ অমৰত্ব, ঈশ্বৰ ইত্য়াদি সকলো বিষয়ে আলোচনা কৰে।

iv) ঈশ্বৰশাস্ত্ৰ ব্য়ৱহাৰিক; কিন্তু ধৰ্মদৰ্শন ব্য়ৱহাৰিক নহয়। ঈশ্বৰশাস্ত্ৰই ধৰ্মৰ প্ৰচাৰ আৰু ব্য়াখ্য়া এইবাবে কৰে যাতে সেই ধৰ্মালম্বী লোকৰ লাভ হয়। কিন্তু ধৰ্মদৰ্শন কেৱল ধাৰ্মিক অনুভূতিৰ স্বতন্ত্ৰ ব্য়াখ্য়া বা আলোচনা কৰে।


4. Distinguish between religion and philosophy of religion. ধৰ্ম আৰু ধৰ্মদৰ্শনৰ পাৰ্থক্য নির্ণয় কৰা

 উত্তৰঃ ধৰ্ম আৰু ধৰ্মদৰ্শনৰ মাজৰ পাৰ্থক্য হল-

i) ধৰ্মত যি অলৌকিক শক্তিৰ জ্ঞান হয় সেই শক্তি মানুহৰ আনুগত্য়, শ্ৰদ্ধা আৰু উপাসনাৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। আনহাতে, ধৰ্মদৰ্শন হল ধৰ্ম সম্পৰ্কীয় দাৰ্শনিক অধ্য়য়ন।

ii) ধৰ্মদৰ্শনে ঈশ্বৰবাদী আৰু নিৰীশ্বৰবাদী উভয় প্ৰকাৰৰে ধৰ্মৰ আলোচনা কৰে। কিন্তু ধৰ্ম মূলতঃ ঈশ্বৰ কেন্দ্ৰিক বা কোনো অলৌকিক শক্তি কেন্দ্ৰিক। গতিকে এই দিশৰ পৰা ধৰ্মদৰ্শন ধৰ্মতকৈ ব্য়াপক।

iii) ধৰ্মদৰ্শন বৌদ্ধিক আৰু যৌক্তিক। কাৰণ ধৰ্মদৰ্শন যুক্তি, বিচাৰ-বিশ্লষণৰ ওপৰত আধাৰিত। কিন্তু ধৰ্ম বুদ্ধি, অনুভূতি আৰু ক্ৰিয়াৰ ওপৰত আধাৰিত।

iv) ধৰ্ম ব্য়ৱহাৰিক; কিন্তু ধৰ্মদৰ্শন সৌদ্ধান্তিক। ধৰ্মৰ সম্বন্ধ জীৱনৰ লগত।ধৰ্মদৰ্শন এই দৃষ্টিভংগীৰ পৰা ব্য়ৱহাৰিক নহয়।

v) ধৰ্মৰ মূল উদ্দেশ্য় হৈছে মানৱৰ মোক্ষপ্ৰাপ্তি। আনহাতে, দৰ্শনৰ এটা শাখা হিচাপে ধৰ্মদৰ্শনৰ মূল উদ্দেশ্য় হৈছে সত্য়প্ৰাপ্তি।


5. What is religious experience? Explain the characteristics of religious experience. ধর্মীয় অভিজ্ঞতা কাক বোলেধৰ্মীয় অভিজ্ঞতাৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা

 উত্তৰঃ মানৱ জীৱনত ধৰ্মীয় অভিজ্ঞতাৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। ধৰ্মীয় অভিজ্ঞতা হল ধৰ্ম সম্পৰ্কীয় অভিজ্ঞতা। মানৱাত্মাৰ লগত পৰমাত্মাৰ যি সম্পৰ্ক, জগত আৰু জীৱনৰ লগত পৰমব্ৰহ্মৰ যি সম্পৰ্ক ইত্য়াদি বিষয়ৰ এক অলৌকিক অভিজ্ঞতা হল ধৰ্মীয় অভিজ্ঞতা। 

ধৰ্মীয় অভিজ্ঞতাৰ কিছুমান বিশেষ বৈশিষ্ট আছে। ধৰ্মীয় অভিজ্ঞতাৰ প্ৰধান বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হল-

i) ধৰ্মীয় অভিজ্ঞতা অনিবাৰ্যভাৱে আন্তৰিক আৰু ব্য়ক্তিগত। ধাৰ্মিক জীৱন মূলতঃ ব্য়ক্তিৰ অন্তৰ জীৱন।মানুহৰ মনত এনে অভিজ্ঞতাৰ ক্ৰমবিকাশ আৰু ক্ৰমবৃদ্ধি হয়।

ii) ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তিৰ সমগ্ৰ সত্তাৰ পৰমসত্তাৰ প্ৰতি পৰিপূৰ্ণ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰা হয়। ব্য়ক্তিৰ কেৱল মন, আৱেগ বা ইচ্ছা নহয়, ধৰ্মীয় অভিজ্ঞতাৰ ক্ষেত্ৰত বৌদ্ধিক, আৱেগিক, ইচ্ছামূলক এই তিনিটা উপাদানেই একেলগে উপস্থিত থাকে।

iii) ধৰ্মীয় অভিজ্ঞতা ব্য়ক্তিৰ নিজস্ব অভিজ্ঞতা। এই অভিজ্ঞতাক কাৰো লগত ভগাব নোৱাৰি। এই অভিজ্ঞতা একান্তভাৱে ব্য়ক্তিৰ নিজস্ব অভিজ্ঞতা। সকলোৱে একেলগে জাগতিক বস্তুৰ অভিজ্ঞতা লাভ কৰা সম্ভৱ, কিন্তু ধৰ্মীয় অভিজ্ঞতাক কেতিয়া একেলগে উপভোগ কৰিব নোৱাৰি।

iv) ধৰ্মীয় অভিজ্ঞতা পৰমসত্তাৰ অভিজ্ঞতা। ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তি আৰু পৰমসত্তাৰ মাজত গভীৰ সম্বন্ধ স্থাপন হয়।ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তিয়ে পৰমসত্তাৰ লগত একাত্ম অনুভৱ কৰে।

v) ধৰ্মীয় অভিজ্ঞতাৰ আন এটা বৈশিষ্ট হল তীব্ৰতা। ধৰ্মীয় অভিজ্ঞতাত পৰমসত্তাৰ লগত মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্ক তীব্ৰতা আৰু তাৎপৰ্যৰ দিশৰ পৰাও সাধাৰণ অভিজ্ঞতাক অতিক্ৰম কৰি যায়। সকলো যুগৰ ধৰ্মপৰায়ণ ব্য়ক্তিসকলে তেওঁলোকৰ চিন্তা, কথা আৰু কাৰ্যৰ মাজেদি এই তীব্ৰতাক প্ৰকাশ কৰে।


6. Discuss the scope or subject-matter of philosophy of religion.

ধৰ্মদৰ্শনৰ পৰিসৰ বা আলোচ্য বিষয়বস্তু সম্পর্কে আলোচনা কৰা 

 উত্তৰঃ মানৱ সমাজৰ ইতিহাস ধৰ্মৰ ইতিহাস আৰু ধৰ্মদৰ্শন হল ধৰ্ম সম্বন্ধীয় এক সামগ্ৰিক আলোচনা।গতিকে ধৰ্মদৰ্শনে মানৱৰ ধৰ্মৰ লগত জড়িত সকলো বিষয়কে অধ্য়য়ন কৰিবলগা হয়।এই দিশৰ পৰা ধৰ্মদৰ্শনৰ পৰিসৰ ব্য়াপক আৰু বিস্তৃত।ধৰ্মদৰ্শনৰ আলোচনাৰ অন্তৰ্ভূক্ত মূল বিষয়সমূহক তলত উল্লেখ কৰা হল-

i) ধৰ্মদৰ্শন হল ধৰ্ম সম্বন্ধীয় দাৰ্শনিক আলোচনা। গতিকে ধৰ্ম কি, ধৰ্মৰ স্বৰূপ, ধৰ্মৰ সংজ্ঞা ,ধৰ্মৰ উপাদান, মানৱ জীৱনত ধৰ্মৰ উপযোগিতা ইত্য়াদি বিষয়ে ধৰ্মদৰ্শনে বিশদভাৱে আলোচনা কৰিবলগা হয়।

ii) ধৰ্মদৰ্শনৰ আন এটা প্ৰধান আলোচ্য় বিষয়বস্তু হৈছে ধৰ্মীয় চেতনা। ধৰ্মীয় চেতনাৰ স্বৰূপ, ধৰ্মীয় চেতনাৰ উপাদান, ধৰ্মীয় চেতনাত বিশ্বাস আৰু বুদ্ধিৰ ভূমিকা ইত্য়াদি বিষয়সমূহ ধৰ্মদৰ্শনৰ পৰিধিৰ ভিতৰত পৰে।

iii) ধৰ্মদৰ্শনে ধৰ্মীয় ভাষা সম্বন্ধেও আলোচনা কৰে। ধৰ্মীয় ভাষাৰ স্বৰূপ বা লক্ষণ, ধৰ্মীয় ভাষাকেন্দ্ৰিক সমস্য়া; এই প্ৰসংগত বিভিন্ন মতবাদ, যেনে- উপমাতত্ব, সাংকেতিক মতবাদ, ধৰ্মীয় ভাষাৰ অ-জ্ঞানাত্মক বিশ্লষণ আদি ধৰ্মদৰ্শনৰ পৰিসৰভুক্ত।

iv) ধৰ্মদৰ্শনে কেৱল ধৰ্মৰ সপক্ষে থকা মতবাদবোৰেই আলোচনা নকৰে, বিভিন্ন ধৰ্ম বিৰোধী মতবাদো ধৰ্মদৰ্শনৰ আলোচ্য় বিষয়। এই প্ৰসংগত ধৰ্মদৰ্শনে জড়বাদ, প্ৰকৃতিবাদ, নিৰ্বিচাৰী আৰু অজ্ঞেয়তাবাদী প্ৰকৃতিবাদ, সমাজতাত্ত্বিক মতবাদ ইত্য়াদিৰ বিষয়ে আলোচনা কৰিবলগা হয়।

v) ধৰ্মীয় বিশ্বাসৰ ভিত্তি ধৰ্মদৰ্শনৰ পৰিসৰভূক্ত। ধৰ্মীয় বিশ্বাসৰ উৎস আৰু স্বৰূপ, ধৰ্মীয় বিশ্বাস গঠন, ধৰ্মীয় বিশ্বাসত যুক্তিৰ স্থান, ধৰ্মীয় বিশ্বাসত দৈৱ-প্ৰকাশৰ স্থান, ধৰ্মীয় বিশ্বাসত আস্থাৰ স্থান, ৰহস্য়বাদ ইত্য়াদি ধৰ্মদৰ্শনৰ মূল আলোচ্য় বিষয়।

vi) দুখ বা অমংগলৰ সমস্য়াও ধৰ্মদৰ্শনৰ আলোচ্য় বিষয়। দুখ বা অমংগল কি, অমংগল প্ৰকৃততে এক সমস্য়া হয় নে, কাৰ ওচৰত অমংগল এক সমস্য়াৰূপে দেখা দিয়ে, নৈসৰ্গিক অমংগল ইত্য়াদি বিষয় ধৰ্মদৰ্শনৰ আলোচনাৰ ভিতৰত পৰে।


7. Write a short note on Religious experience. 

ধৰ্মীয় অভিজ্ঞতাৰ ওপৰত এটি টোকা লিখা

উত্তৰঃ  মানুহ ধৰ্মপৰায়ণ জীৱ। মানুৱ সমাজৰ ধৰ্মৰ লগত ওতপ্ৰোতভাৱে জড়িত। ধৰ্মবিহীন মানৱ সমাজৰ অস্তিত্ব চিন্তা কৰা নাযায়। গতিকে মানৱ জীৱনত ধৰ্মীয় অভিজ্ঞতাৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। ধৰ্মীয় অভিজ্ঞতা হল ধৰ্ম সম্পৰ্কীয় অভিজ্ঞতা। মানৱাত্মাৰ লগত পৰমাত্মাৰ যি সম্পৰ্ক, জগত আৰু জীৱনৰ লগত পৰমব্ৰহ্মৰ যি সম্পৰ্ক ইত্য়াদি বিষয়ৰ এক অলৌকিক অভিজ্ঞতা হল ধৰ্মীয় অভিজ্ঞতা। 

            ধৰ্মীয় অভিজ্ঞতাৰ কিছুমান বিশেষ বৈশিষ্ট্য় বা লক্ষণ আছে। এই বৈশিষ্ট্য়বোৰ আলোচনা কৰিলে ধৰ্মীয় অভিজ্ঞতাৰ স্বৰূপ বুজাত সহায় হব। ধৰ্মীয় অভিজ্ঞতাৰ প্ৰধান বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হল-

i) ধৰ্মীয় অভিজ্ঞতা অনিবাৰ্যভাৱে আন্তৰিক আৰু ব্য়ক্তিগত। ধাৰ্মিক জীৱন মূলতঃ ব্য়ক্তিৰ অন্তৰ জীৱন।মানুহৰ মনত এনে অভিজ্ঞতাৰ ক্ৰমবিকাশ আৰু ক্ৰমবৃদ্ধি হয়।

ii) ধৰ্মীয় অভিজ্ঞতা অনিৰ্বাচনীয় আৰু ব্য়াখ্য়াতীত। ইয়াক কোনো শব্দ বা বাক্য়ৰ দ্বাৰা ব্য়াখ্য়া কৰিব নোৱাৰি আৰু প্ৰমাণ কৰিবও নোৱাৰি। এই অভিজ্ঞতাক বুজাবৰ বাবে 'স্বতঃপ্ৰতিষ্ঠিত', 'স্বতঃসিদ্ধ', 'স্ব-প্ৰকাশ' ইত্য়াদি বিভিন্ন শব্দ ব্য়ৱহাৰ কৰা হয়।

iii) ধৰ্মীয় অভিজ্ঞতাৰ আন এটা বৈশিষ্ট হল তীব্ৰতা। ধৰ্মীয় অভিজ্ঞতাত পৰমসত্তাৰ লগত মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্ক তীব্ৰতা আৰু তাৎপৰ্যৰ দিশৰ পৰাও সাধাৰণ অভিজ্ঞতাক অতিক্ৰম কৰি যায়। সকলো যুগৰ ধৰ্মপৰায়ণ ব্য়ক্তিসকলে তেওঁলোকৰ চিন্তা, কথা আৰু কাৰ্যৰ মাজেদি এই তীব্ৰতাক প্ৰকাশ কৰে। 

iv) ধৰ্মীয় অভিজ্ঞতা পৰমসত্তাৰ অভিজ্ঞতা। ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তি আৰু পৰমসত্তাৰ মাজত গভীৰ সম্বন্ধ স্থাপন হয়। ধৰ্মীয় অভিজ্ঞতাত ব্য়ক্তিয়ে পৰমসত্তাৰ লগত একাত্ম অনুভৱ কৰে।

v) ধৰ্মীয় অভিজ্ঞতা ব্য়ক্তিৰ নিজস্ব অভিজ্ঞতা। এই অভিজ্ঞতাক কাৰো লগত ভগাব নোৱাৰি। এই অভিজ্ঞতা একান্তভাৱে ব্য়ক্তিৰ নিজস্ব অভিজ্ঞতা। সকলোৱে একেলগে জাতিক বস্তুৰ অভিজ্ঞতা লাভ কৰা সম্ভৱ, কিন্তু ধৰ্মীয় অভিজ্ঞতাক কেতিয়াও একেলগে উপভোগ কৰিব নোৱাৰি।


8. What are the characteristics of religion ?

 ধৰ্মৰ বৈশিষ্ট্যসমূহ কি কি?

 উত্তৰঃ ধৰ্মৰ বৈশিষ্ট্য়সমূহ তলত আলোচনা কৰা হল-

i) ধৰ্মৰ ক্ষেত্ৰত প্ৰেৰণাৰূপে ক্ৰিয়া কৰে কিছুমান মানসিক শক্তিয়ে। ব্য়ক্তিয়ে জীয়াই থকাৰ বাসনা, কল্য়াণ লাভৰ আগ্ৰহ, আত্মবিকাশ আৰু আত্মোপলব্ধিৰ আকাংক্ষা ইত্য়াদি কিছুমান মানসিক শক্তিয়ে অনবৰত ক্ৰিয়া কৰি থাকে।

ii) ধৰ্মত কোনো নহয় কোনো অতিমানৱিক, অতিপ্ৰাকৃত বা অলৌকিক সত্তাত বিশ্বাস কৰা হয়। এই অতীন্দ্ৰিয় সত্তাক মানুহে বহুত বেছি গুণান্বিত আৰু শক্তিশালী বুলি ভাৱে। লগতে এইটো বিশ্বাস কৰা হয় যে এই শক্তি সৰ্বজ্ঞ, সৰ্বশক্তিমান আৰু সৰ্বব্য়াপ্ত।

iii) প্ৰত্য়েক ধৰ্মত এই জগতৰ স্বৰূপ, মানৱ জীৱনৰ উদ্দেশ্য়, মানৱৰ অন্তিম পৰিণতি আৰু জীৱনৰ সৰ্ব্বোচ্চ লক্ষ্য়ৰ বিষয়ে কিছুমান সিদ্ধান্ত সন্নিবিষ্ট থাকে।

iv) ধৰ্মত মানুহে অলৌকিক শক্তিৰ প্ৰতি সম্পূৰ্ণ আস্থা জ্ঞাপন কৰে আৰু নিজকে সম্পূৰ্ণৰূপে অৰ্পন কৰে। পাৰ্থিৱ আৰু অপাৰ্থিৱ কিবা পোৱাৰ আশাত বা কল্য়াণ সাধণৰ নিমিত্তে মানুহে ব্য়ক্তিগতভাৱে এই পৰমসত্তাৰ ওপৰত নিৰ্ভৰ কৰি থাকে।

v) অতিপ্ৰাকৃত সত্তাৰ ওপৰত বিশ্বাসৰ ভিত্তিত মানুহৰ মনত আবিৰ্ভূত হয় আৱেগ-অনুভূতি, ভয়-ভক্তি, প্ৰেম-শ্ৰদ্ধা ইত্যাদি। মানুহৰ মনৰ এই সমস্ত ভাবাবেগ বা অনুভূতি হল ধৰ্মৰ আভ্য়ন্তৰীণ বিষয়।

vi) ধৰ্মীয় ধাৰণাৰ মাজত জ্ঞান, অনুভূতি আৰু ক্ৰিয়াৰ এক সাৰ্থক সমন্বয় লক্ষ্য় কৰা যায়। পৰমসত্তাৰ যি জ্ঞান লাভ হয় সেই জ্ঞানৰ লগত জড়িত থাকে ব্য়ক্তিৰ আৱেগ আৰু অনুভূতি যাক ব্য়ক্ত কৰা হয় কিছুমান বাহ্য়িক ক্ৰিয়া-কৰ্মৰ মাধ্য়মত।


9. Philosophy of religion is a philosophical thinking about religion.' Discuss. ‘ধর্মদর্শন  ধর্ম সম্পৰ্কীয় দার্শনিক চিন্তা – অলোচনা কৰা

    উত্তৰঃ

10. Explain the relation between philosophy of relgion and theology.

ধৰ্মদৰ্শন আৰু ঈশ্বৰতত্ত্ব বা ধর্মতত্ত্বৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা

    উত্তৰঃ

11. Define religion. Explain the utility of religion. ধৰ্মৰ সংজ্ঞা দিয়া ধৰ্মৰ উপযোগিতা ব্যাখ্যা কৰা

  উত্তৰঃ 

12. Explain the nature of religion. What are the utility of religion? ধৰ্মৰ স্বৰূপ ব্যাখ্যা কৰা ধৰ্মৰ উপযোগিতা কি কি?

    উত্তৰঃ

13. Give a suitable definition of religion. Explain in this connection the nature and utility of religion.

ধৰ্মৰ এটা সন্তোষজনক সংজ্ঞা দিয়া এই সন্দৰ্ভত ধৰ্মৰ স্বৰূপ আৰু উপযোগিতা ব্যাখ্যা কৰা

   উত্তৰঃ

14. What is philosophy of religion? Explain the nature of philosophy of religion.

ধর্মদর্শন কিধৰ্মদৰ্শনৰ স্বৰূপ বা প্রকৃতি ব্যাখ্যা কৰা

    উত্তৰঃ

15. Discuss the nature of philosophy of religion. Is there any utility of philosophy of religion.

ধৰ্মদৰ্শনৰ প্ৰকৃতি আলোচনা কৰা ধৰ্মদৰ্শনৰ কোনো উপযোগিতা অছে নে

   উত্তৰঃ


16. 'Philosophy of Religion occupies an intermediary position between Philosophy in general on the one hand and Theology on the other.' Explain the statement. “সাধাৰণ দৰ্শন আৰু ঈশ্বৰতত্ত্বৰ মাজত ধৰ্মদৰ্শনে অৱস্থান কৰে”— উক্তিটো ব্যাখ্যা কৰা

    উত্তৰঃ


17. Explain the relation between religion and philosophy of religion. ধৰ্ম আৰু ধৰ্মদৰ্শনৰ সম্বন্ধ ব্যাখ্যা কৰা

    উত্তৰঃ

18. What do you mean by Philosophy of Religion ? ধর্মদর্শন বুলিলে কি বুজা?

    উত্তৰঃ

19. Determine the scope of Philosophy of Religion. ধৰ্মদৰ্শনৰ পৰিসৰ নিৰূপণ কৰা

   উত্তৰঃ

20. Discuss the nature and scope of the philosophy of religion.

ধৰ্মদৰ্শনৰ প্ৰকৃতি আৰু পৰিসৰ আলোচনা কৰা

    উত্তৰঃ

                                                    

 21. What is religion? Explain the different elements of religion.

ধৰ্ম কাক বোলেধৰ্মৰ বিভিন্ন উপাদানসমূহ ব্যাখ্যা কৰা

    উত্তৰঃ

22. “While the salvation of the Soul is the end of religion, the discovery of truth is the object of philosophy" Explain in this connection the relation between religion and philosophy. 

ধৰ্মৰ লক্ষ্য  আত্মাৰ মুক্তিদৰ্শনৰ উদ্দেশ্য  সত্যৰ আৱিষ্কাৰ এই সন্দৰ্ভত ধর্ম আৰু দৰ্শনৰ সম্বন্ধ ব্যাখ্যা কৰা

  উত্তৰঃ

23. Explain the scope of religion. ধৰ্মৰ পৰিসৰ বা আলোচ্য বিষয়বস্তুৰ বিষয়ে ব্যাখ্যা কৰা

    উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






 Answer type: Jipika Hazarika