অধ্য়ায়-১ 

গ্ৰেট ব্ৰিটেইন 

১/ বিশ্বৰ প্ৰাচীনতম সংবিধানখনৰ নাম কি?

উত্তৰঃ বিশ্ৰ প্ৰাচীনতম সংবিধানখনৰ নাম হল ব্ৰিটিছ সংবিধান।

২/ ব্ৰিটিছ সংবিধানৰ থমাছ পেইন আৰু টকোভেলি প্ৰভৃতি এচাম লেখকে কিদৰে মন্তব্য কৰিছিল?

উত্তৰঃ থমাচ পেইনে এই ক্ষেত্ৰত মন্তব্য কৰিছে এনেদৰে - ''Where a constitution can not be produced in a visible form, there is none.'' একেদৰে ডি টকোভেলিয়েও মন্তব্য কৰিছে ''In England the Constitution may go on Changing continually or rather it dose not exist.'' 

৩/ ব্ৰিটিছ সংবিধানৰ ভাগবোৰ কি কি?

উত্তৰঃ ব্ৰিটিছ সংবিধানৰ ভাগবোৰ তলত আলোচনা কৰা হল -

(১) এংলো-ছেক্সন পৰ্যায়ঃ এংলো ছেক্সন সকলৰ শাসন কালৰ সময়ৰপৰাই বৃটেইনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।  খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকতে ব্ৰিটেইনৰত প্ৰৱেশ কৰা ছেক্সন সকলে তদানীন্তন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি উপজাতি সমূহক পৰাভূত কৰি সাঁতজন সেনাধিনায়কৰ জৰিয়তে ত্ৰুমে পূব এংলীয়া, মেৰিকা, নথুমবাৰলেণ্ড, কেণ্ট, ছাচেক্স, ইছেক্স আৰু ৱেছেক্স এই সাতখন ৰাজ্য গঠন কৰিছিল। নৱম শতিকাত ৱেছেক্সে আন ৬ খন ৰাজ্যৰ ওপৰত নিজক সাৰ্বভৌমত্ব প্ৰতিকী কৰি সাতোখন ৰাজ্য মিলাই একগোট কৰি এখন বৃহৎ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 

(২) নৰ্মান সকলৰ যুগঃ উল্লেখ্য যে যদিও এংলো চেক্সনসকলৰ সময়ৰে পৰা ব্ৰিটেইনৰ সাংবিধানিক বিকাশৰ সূত্ৰপাত হৈছিল বুলি কোৱা হয়, কিন্ত প্ৰকৃতাৰ্থত একাদশ শতিকাত অৰ্থাৎ ১০৬৬ চনত নৰ্মান সকলে উইলিয়ামৰ নেতৃত্বত ইংলেণ্ডৰ ৰজা দ্বিতীয় হেৰল্ডক হত্যা কৰি শাসন ক্ষমতা হস্তাগত কৰাব, ব্ৰিটেইনৰ সাংবিধানিক বিকাশৰ এক নতুন যুগৰ সূত্ৰপাত ঘটিছিল।  

(৩) আঞ্জাভিন বা প্লাণ্টাগেনট যুগঃ নৰ্মানৰ উইলিয়ামৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা ৰাজনৈতিক প্ৰতিষ্ঠানসমূহক প্লাণ্টাগেনেট বংশবাদৰ প্ৰতিষ্ঠাতা দ্বিতীয় হেনৰীয়ে পুনৰুদ্ধাৰ কৰিছিল। প্লাণ্টাগেনট যুগৰ সময়ছোৱাত সংসদৰ ক্ষমতা বৃদ্ধি পাইছিল। ১৩৪১ চনত সংসদ সন্দৰ্ভত প্ৰথম এডৱাৰ্ডে যিকেইটা বিষয়ত সহমত পোষণ কৰিছিল, সেইকেইটা তলত উল্লেখ কৰা হল -

    (ক) ৰজাই সংসদৰ অনুমতি অবিহনে কোনো ধৰণৰ কৰ কাটল আৰোপ নকৰিব।

    (খ) সংসদে প্ৰয়োজন সাপেক্ষে হিচাপ পৰীক্ষাৰ কাৰণে হিচাপ পৰীক্ষক নিযুক্তি দিব পাৰিব। 

    (গ) মন্ত্ৰীসকলক সংসদৰ দ্বাৰা নিযুক্তি হব।

    (ঘ) প্ৰয়োজন সাপেক্ষে কোনো মন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হলে, সংসদৰ অধিবেশন অনুষ্ঠিত হোৱাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰিব লাগিব আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহৰ উত্তৰ দিব লাগিব।

(৪) টিউডৰ সকলৰ যুগঃ ১৪৮৫ চনৰ পৰা ১৬০৩ চনলৈকে এই সময়ছোৱা টিউডৰসকলৰ যুগ হিচাপে জনা যায়। সাংবিধানিক ইতিহাসৰ এই সময়ছোৱাক ''বৃটিছ শাসন ব্যৱস্থাৰ সুদৃঢ়কৰণৰ ইতিহাস'' হিচাপে জনা যায়। টিউডৰ বংশৰ ৰজাসকলে নিজৰ হাতত ব্যাপক পৰিমাণৰ ক্ষমতা হস্তগত কৰি ৰাখিছিল আৰু ইয়াৰ ফলতেই তেওঁলোকে ৰজাৰ আধিপত্যক শক্তিশালী কৰি তুলিছিল। 

(৫) ষ্টুৱাৰ্ট যুগঃ ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ প্ৰথম জেমছ ব্ৰিটেইনৰ সিংহাসনত অধিষ্ঠিত হৈছিল। ক্ষমতাত অধিষ্ঠিত হৈয়েই প্ৰথম জেমছৰ সৈতে সংসদৰ সংঘাতৰ সূত্ৰপাত হৈছিল। প্ৰথম জেমছে ৰজাক ঈশ্বৰৰ প্ৰেৰক হিচাপে জ্ঞান কৰি শাসনক সকলো ক্ষমতা ৰজাৰ হাতত ন্যস্ত থকাৰ পোষকতা কৰিছিল। প্ৰথম জেমছৰ পৰৱৰ্তী সময়ত ১৬২৫ চনত প্ৰথম জেমছৰ শাসনৰ সময়ছোৱাত ৰজা আৰু সংসদৰ মাজৰ সংঘাতে চুড়ান্ত পৰ্যায় লাভ কৰিছিল আৰু ফলত ইংলেণ্ডত গৃহযুদ্ধৰ সূত্ৰপাত হৈছিল। 

(৬) হেনোভাৰসকলৰ যুগঃ ১৭১৪ চনত হেনোভাৰ সকলৰ শাসনৰ সূত্ৰপাত হয় আৰু প্ৰথম জৰ্জেএ প্ৰথমজন ৰজা হিচাপে ব্ৰিটেইনৰ ৰাজপদত অধিস্থিত হৈছিল। প্ৰথম জৰ্জৰ শাসন কালতেই ব্ৰিটেইনৰ প্ৰথানমন্ত্ৰী পদটোৰ সৃষ্টি হৈছিল। প্ৰথম জৰ্জে মন্ত্ৰী সভাৰ বৈঠক সমূহত সভাপতিত্ব কৰিছিল। জৰ্জৰ অনুপস্থিতিৰ মন্ত্ৰী সভাৰ বৈঠকত জেষ্ঠ মন্ত্ৰীজনে সভাপতিত্ব কৰিছিল।

৪/ ব্ৰিটেইনত ১৯৯৭ চনৰ পৰা সৃষ্টি হোৱা সাংবিধানিক আৰু প্ৰশাসনীয় আইন সংস্কাৰৰ বিষয়ে লিখা?

উত্তৰঃ টনী ব্লেয়াৰৰ প্ৰথমখন চৰকাৰ ১৯৯৭ চনৰ ১ মে তাৰিখে ক্ষমতাত অধিস্থিত হৈছিল আৰু ক্ষমতাত অধিষ্ঠিত হৈয়েই চৰকাৰখনে সাংবিধানিক সংস্কাৰৰ ক্ষেত্ৰত বৃহৎ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। এই সংস্কাৰসমূহ যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ আছিল, গতিকে সমালোচসকলেও ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল আৰু এনে আইনত সমূহৰ সংস্কাৰৰ সাধাৰণ পোষকতা কৰিছিল। ব্লেয়াৰ, ৱেলছ, স্কটলেণ্ড আৰু বৃহত্তৰ ইংলেণ্ডৰ বাবে ক্ষমতাৰ হস্তান্তৰ আইন, লৰ্ডছ সভাৰ স্বতন্ত্ৰতা আইন, ৱেলছ, স্কটলেণ্ড আৰু বৃহত্তৰ ইংলেণ্ডৰ বাবে ক্ষমতাৰ হস্তান্তৰ আইন, লৰ্ডচ সভাৰ সংস্কাৰ আদি প্ৰধান আছিল।

     ১৯৯৭ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই নতুন চৰকাৰখনে এই সংস্কাৰসমূহক বাস্তবায়িত কৰাৰ উদ্দেশ্যে বহুকেইখন পুনৰীক্ষণ সমিতি গঠন কৰি দিছিল আৰু বহুবোৰ বিষয়ত সাংবিধানিক সংস্কাৰ সাধনৰ দিশত অগ্ৰসৰ হৈছিল। এই সমূহৰ বিষয়ে তলত উল্লেখ কৰা হল -

    (১) নিৰ্বাচনী সংস্কাৰ, বিশেষকৈ ৱেষ্টমিনিষ্টাৰ নিৰ্বাচনত ভোটদানৰ পদ্ধতি সম্পৰ্কীয় (জেনকিঞ্চ আয়োগ, ১৯৯৮)

    (২) নিৰ্বাচনী আইন আৰু প্ৰশাসন (হৱাৰ্থ কমিটি, ১৯৯৮)।

    (৩) কমণ্ড সভাৰ আধুনিকীকৰণ (বাচনি সমিতি, ১৯৯৭-৯৮)। 

    (৪) লৰ্ডচ সভাৰ সংস্কাৰ (যুটীয়া কমিটি, ২০০১)।

    (৫) অধিকাৰ বিধেয়ক পৰিচয় (কনচালটেচন পেপাৰ, ১৯৯৬)।

    (৬) তথ্যৰ স্বতন্ত্ৰতা আইনৰ সূচনা (যুটীয়া কমিটী পৰামৰ্শদাতা সমিতি, ১৯৯৭)।

    (৭) ইংলিছ আঞ্চনিক চৰকাৰ সম্পৰ্কে বিবেচনা (লেৱাৰ পাৰ্টি পলিচি পেপাৰ, ১৯৯৬)।

    (৮) ন্যায় মন্ত্ৰনালয়ৰ গঠন (লেবাৰ পলিচি ডকুমেণ্ট, ১৯৯৫)

    (৯) স্কটলেণ্ড আৰু ৱেলছৰ ক্ষমতাৰ হস্তান্তৰ (শ্বেতপত্ৰ, ১৯৯৭)।

    (১০) চৰকাৰৰ নীতি নিৰ্ধাৰণৰ ক্ষংতাক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিকল্পনা ঘোষণা (হোৱাইট পেপাৰ, ১৯৯৯)।

৫/ ব্ৰিটিছ সংবিধানৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ব্ৰিটিঠ সংবিধানখন কোনো সংবিধান প্ৰণেতা সমিতিয়ে প্ৰণয়ন কৰা নাছিল। ব্ৰিটিছ সংবিধানখনে ভালেমান ঐতিহাসিক ঘটনা আৰু সমাজৰ প্ৰগতিমূলক চিন্তাৰ ত্ৰুমবিকাশৰ ফলস্বৰূপে বৰ্তমান অৱস্থা লাভ কৰিছি। যিবিলাক উপাদানে ব্ৰিটিছ সংবিধানৰ ৰূপ প্ৰদান কৰিছে সিবিলাকক সংবিধানৰ উৎস বুলি কোৱা হয়। ব্ৰিটিছ সংবিধানৰ উৎসসমূহক প্ৰধানকৈ পাঁচটা ভাগত ভাগ কৰিব পাৰি। সেইবিলাক হল -

(১) ঐতিহাসিক নথি পত্ৰ বা চনদ,

(২) সংসদৰ দ্বাৰা প্ৰণোদিত আইন,

(৩) বিচাৰলায়ৰ সিদ্ধান্ত আৰু আইনজ্ঞ পণ্ডিতৰ ব্যাখ্য়া,

(৪) সাধাৰণ আইন, আৰু

(৫) প্ৰথা বা ৰীতি নীতি। এইবিলাক তলত বহুলভাৱে আলোচনা কৰা হল -

(১) ঐতিহাসিক নথিপত্ৰ বা চনদঃ ব্ৰিটিছ সংবিধানৰ উৎসসমূহৰ ভিতৰত ভালেমান ঐতিহাসিক নথিপত্ৰ বা চনদে প্ৰথম স্থান অধিকাৰ কৰিছে। এইবিলাক অতি গুৰুত্বপূৰ্ণ বুলি এই কাৰণেই কোৱা হয় কাৰণ ঐতিহাসিক নথিপত্ৰসমূহে ব্ৰিটিছ সংবিধানৰ মূল নীতিসমূহক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এইবিলাকৰ ভিতৰত আছে ১২১৫ চনৰ বিখ্যাত মহাচনদ, ১৬২৮ চনৰ অধিকাৰ আবেদন আৰু অধিকাৰ বিধেয়ক ১৬৮৯ ।

(২) সংসদৰ দ্বাৰা প্ৰণোদিত আইনঃ ব্ৰিটিছ সংসদে সময়ে সময়ে প্ৰণয়ন কৰা ভালেমান গুৰুত্বপূৰ্ণ আইনে সংবিধানৰ প্ৰধান অংশ হিচাপে কাম কৰিছে। এই আইনসমূহে ব্ৰিটিইনৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ গঠন, ইবিলাকৰ মূলনীতি আৰু জনসাধাৰণৰ লগত চৰকাৰৰ সম্পৰ্ক নিৰ্দ্ধাৰণ কৰিছে। এইবিলাকৰ ভিতৰত আছে ১৯১৮, ১৯২৮ চনৰ জন প্ৰতিনিধিত্ব আইন যিখনৰ দ্বাৰা ভোটাধিকাৰ গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছে। ১৯১১ আৰু ১৯৪৯ চনৰ সংসদ আইনৰৰ দ্বাৰা ব্ৰিটিছ সংসদৰ দুয়োখন সদনৰ মাজৰ সম্পৰ্ক নিৰ্দ্ধাৰণ কৰা হৈছে আৰু উচ্চসদন লৰ্ডচ সভাৰ ক্ষমতা সীমিত কৰি নিম্নসদন কমন্স সভাক সৰ্বশক্তিমান কৰা হৈছে।

(৩) বিচাৰালয়ৰ সিদ্ধান্ত আৰু আইনজ্ঞ পণ্ডিতৰ বাখ্যাঃ ব্ৰিটিছ সংবিধানৰ তৃতীয় প্ৰধান উৎস হল বিচাৰালয়ৰ সিদ্ধান্ত আৰু আইনজ্ঞ পণ্ডিতসকলৰ লিখনী বা আইন সম্পৰ্কীয় মন্তব্য। অনেক সময়ত বিচাৰালয়বিলাকে বিবাদমান বিষয়ৰ বিষয়ৰ বিচাৰ কৰোঁতে প্ৰচলিত আইনৰ ব্যাখ্যা দাঙি ধৰি কিছুমান নতুন সাংবিধানিক নীতিৰ সৃষ্টি কৰে। এনে নীতিসমূহ ইয়াৰ পাছতো মানি চলা হয়। এনেকৈ বিচাৰালয়ে প্ৰচলিত আইনৰ ওপৰত দাঙি ধৰা বাখ্যাসমূহে নতুন সাংবিধানিক নীতিৰ গঠন আৰু প্ৰচলিত নীতি সংশোধনত গভীৰ প্ৰভাৱ পেলায়। ।

(৪) সাধাৰণ আইনঃ ব্ৰিটিছ সংবিধানৰ আন এক প্ৰধান উৎস হল সাধাৰণ আইন। সাধাৰণ আইন ব্ৰিটিছ সংসদ বা ৰজাৰ দ্বাৰা প্ৰণোদিত আিন নহয়। সাধাৰণ আইন ৰূপত পোৱা নাযায়। ইবিলাক ব্ৰিটিছ সমাজত প্ৰচলিত প্ৰথা আৰু নীতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে আৰু ইতিহাসৰ পৰিৱৰ্তনৰ মাজেদি ইবিলাকৰ পৰিবৰ্তন আৰু পৰিবৰ্দ্ধন হৈছে। অৱশ্যে সাধাৰণ আইনৰ এটা বৃহৎ অংশই বিচাৰালয়ৰ সিদ্ধান্তৰ যোগেদি লিখিত ৰূপ লাভ কৰিছে। ব্ৰিটিছ জনসংধাৰণৰ নাগৰিক স্বতন্ত্ৰতা সমূহ সাধাৰণ আিনৰ অৱদান। 

(৫) প্ৰথা বা ৰীতি - নীতিঃ প্ৰথা বা ৰীতি - নীতি ব্ৰিটিছ সংবিধানৰ আন এক গুৰত্বপূৰ্ণ উৎস। সংবিধানৰ এক বৃহৎ অংশ প্ৰচলিত প্ৰথা বা দেশাচাৰৰ মাজত সন্নৱিষ্ট হৈ আছে। ব্ৰিটিছ ৰাজনৈতিক অনুষ্ঠানসমূহৰ আচৰণ বা কাৰ্যকলাপ প্ৰধানকৈ প্ৰথা আৰু ৰীতি - নীতিসমূহে নিৰ্দ্ধাৰণ কৰিছে। প্ৰথা বা ৰীতি - নীতিবিলাক বিচাৰালয়ৰ সিদ্ধান্ত বা সাধাৰণ আইনৰ দ্বাৰা সৃষ্টি হোৱা নাই। প্ৰধা বা ৰীতি - নীতিবিলাক আইন নহয়। ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা ব্ৰিটিছ জনসাধাৰণে নিৰবিচ্ছিন্নভাৱে মানি চলি অহা কিছুমান নিয়ম নীতিয়ে এটা সময়ত প্ৰথাৰ ৰূপ লাভ কৰিছে। 

৬/ ব্ৰিটেইনত প্ৰচলিত হোৱা প্ৰথাসমূহৰ ভাগসমূহ আলোচনা কৰা?

উত্তৰঃ ব্ৰিটেইনত প্ৰচলিত প্ৰথাসমূহ চৰকাৰ আটাইবোৰ বিভাগৰ লগত জড়িত হৈ আছে। এই প্ৰথাসমূহক কিছুমান ভাগত ভাগ কৰিব পাৰি।

    (ক) ৰাজতন্ত্ৰৰ লগত জড়িত প্ৰথাঃ ৰাজতন্ত্ৰৰ লগত জড়িত প্ৰথাসমূহ এনেধৰণৰ -

    ১/ ৰজাই প্ৰধানমন্ত্ৰীক নেতা হিচাপে লৈ গঠিত মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰি প্ৰশাসন পৰিচালনা কৰিব লাগিব।

    ২/ সংসদে গ্ৰহণ কৰা কোনো আইন বা কোনো সিদ্ধান্তত ৰজাই ভেটো প্ৰয়োগ কৰিব নোৱাৰিব।

    ৩/ সংসদৰ নিম্নসদন কমন্স সভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলটোৰ নেতাগৰাকীক ৰজাই প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব লাগিব।

    ৪/ ৰজাই মন্ত্ৰীসভাৰ আলোচনাত সভাপতিত্ব কৰিব নোৱাৰিব।

(খ) মন্ত্ৰীসভাৰলগত জড়িত প্ৰথাঃ ব্ৰিটেইনৰ সমগ্ৰ কেবিনেট পদ্ধতি প্ৰথাৰেই অৱদান। প্ৰথা অনুযায়ী মন্ত্ৰীসভাখন ইয়াৰ কাৰ্য আৰু নীতিৰ কাৰণে নিম্নসদন কমন্স সভাৰ সৰহ সংখ্যক সদস্যৰ সমৰ্থন বা আস্থা লাভ কৰি থাকিব তেতিয়ালৈকে কাৰ্য চলাই যাব পাৰিব। মন্ত্ৰীসভাখন সমূহীয়াভাৱে সংসদৰ ওচৰত দায়ী। মন্ত্ৰীসভাৰ সকলো সদস্যই একত্ৰিত হৈ সংসদৰ ওচৰত দায়ী। মন্ত্ৰীসভাৰ সকলো সদস্যই একত্ৰিত হৈ সংসদৰ মজিয়াত চৰকাৰৰ কাৰ্য আঁচনিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিব পাৰিব।

 (গ) সংসদৰ লগত জড়িত প্ৰথাঃ ভালেমান প্ৰথা ব্ৰিটেইনৰ সংসদীয় চৰকাৰৰ কৃতকাৰ্যতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সংসদৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰথা হল -

    ১/ বছৰেকত অন্ততঃ এবাৰ সংসদৰ অধিবেশন আহবান কৰিব লাগিব।

    ২/ ব্ৰিটিছ সংসদ দ্বি সদনযুক্ত হব।

    ৩/ সংসদত হোৱা আলোচনাত চৰকাৰীপক্ষৰ সদস্য েজনৰ ভাষণৰ পাছত বিৰোধী দলৰ সদস্য এজনক ভাষণৰ কাৰণে আহবান কৰিব লাগিব।

    ৪/ কমন্স সভাৰ অধ্যক্ষই সকলো সময়তে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাচত কমন্স সভাৰ সদস্যজনে দলীয় আনুগত্য ত্যাগ কৰিব।

    ৫/ সংসদৰ এটা সদন হোৱা সত্ত্বেও লৰ্ডচ সভাই দেশৰ সৰ্বোচ্চ আপীল আদালত হিচাপে কাম কৰিব। অৱশ্যে আপীল আদালত হিচাপে কাম কৰা সময়ত লৰ্ডচ সভাত কেৱল আইনজ্ঞ লৰ্ডসকলহে উপস্থিত থাকিব পাৰিব।

    ৬/ কোনো এখন বিল বা বিধেয়কৰ ওপৰত ভোট দান হোৱাৰ আগতে সদনত তিনিবাৰকৈ পাঠ কৰিব লাগিব।

৭/ সংসদীয় চৰকাৰৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ যি চৰকাৰ ব্যৱস্থাৰ চৰকাৰৰ কাৰ্যনিৰ্বাহকৰ ক্ষমতা এখন মন্ত্ৰী - পৰিষদৰ হাতত ন্যস্ত থাকে তাকে সংসদীয় চৰকাৰ বুলি কোৱা হয়। এই মন্ত্ৰী পৰিষদৰ সদস্যসকলক আইনসভাৰ নিৰ্বাচিত সদস্যসকল বা নিৰ্বাচিত নোহোৱা সদস্যসকলৰ পৰা নিৰ্বাচিত কৰা হয়। সদস্য নোহোৱা কোনো ব্যক্তিয়ে মন্ত্ৰী - পৰিষদত ঠাই পালে তেওঁ ছমাহৰ ভিতৰত আইনসভাৰ কোনো এখন সদনলৈ নিৰ্বাচিত হব লাগিব। আইনসভাৰ নিম্ন সদন যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হয় সেই দলটোৱেই চৰকাৰ গঠন কৰাৰ অধিকাৰ লাভ কৰে। 

    সংসদীয় চৰকাৰত কাৰ্য্যনিৰ্বাহকৰ এজন মুৰব্বী থাকে। এই মুৰব্বীজন অৱশ্যে নামমাত্ৰ মুৰব্বীহে। তেওঁ কাৰ্যনিৰ্বাহকৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী নহয়।  এনে চৰকাৰ ব্যৱস্থাত প্ৰধানমন্ত্ৰীক মুৰব্বী হিচাপে লৈ গঠিত হোৱা মন্ত্ৰী - পৰিষদখনহে কাৰ্যনিৰ্বাহকৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী।

    সংসদীয় চৰকাৰ ব্যৱস্থাত মন্ত্ৰী - পৰিষদখন আইনসভাৰ ওচৰত দায়বদ্ধ থাকে। মন্ত্ৰী - পৰিষদে তেওঁলোকৰ কাম - কাজৰ বাবে আইনসভাৰ ওচৰত জহাবদিহি হব লগা হয়। আইনসভাৰ চৰকাৰী বা বিৰোধী উভয় পক্ষৰ সদস্যই মন্ত্ৰীসভাৰ সদস্যসকলক নানা ধৰণৰ প্ৰশ্ন তথা পৰিপূৰক প্ৰশ্ন উত্থাপন কৰি তেওঁলোকৰ কামৰ খতিয়ান লব পাৰে। মন্ত্ৰী - পৰিষদৰ কাম - কাজত অসন্তষ্ট হলে তেওঁলোকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে। 

৮/ সংসদীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ সংসদীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) এজন নামমাত্ৰ মুৰব্বীঃ সংসদীয় চৰকাৰত এজন মাত্ৰ মুৰব্বী থাকে। এই মুৰব্বীজনৰ ওপৰতে কাৰ্যনিৰ্বাহকৰ সকলো ক্ষমতা ন্যস্ত থাকে। অৱশ্যে তেওঁ এই ক্ষমতাসমূহ মন্ত্ৰী - পৰিষদৰ পৰামৰ্শ অনুসৰিহে কাৰ্যকৰী কৰিব পাৰে। ৰাষ্ট্ৰৰ এনে মুৰব্বীজন উত্তৰাধিকাৰী সূত্ৰে বা কোনো এক বিশেষ পদ্ধতিৰে নিৰ্বাচিত হব পাৰে।

(২) সংসদীয় চৰকাৰত ৰাষ্ট্ৰীয় মূৰব্বী গৰাকী আইনসভাৰ সদস্য নহয়। তেওঁ আইনসভাৰ সদস্য হৈ থাকিলেও ৰাষ্ট্ৰমুৰব্বী হিচাপে নিৰ্বাচিত হৈ কাৰ্যভাৰ গ্ৰহণকৰাৰ লগে লগে পূৰ্বৰ পদ ত্যাগ কৰিব লাগে। ইয়াৰ উপৰিও তেওঁৰ কোনো দলীয় আনুগত্য থাকিব নোৱাৰে আৰু আইনসভাৰ কোনো আলোচনাত অংশ গ্ৰহণ কৰিব নোৱাৰে।

(৩) সংসদীয় চৰকাৰৰ আন এটা বিশেষ বৈশিষ্ট্য হৈছে যে এই ব্যৱস্থাত কাৰ্যনিৰ্বাহক আৰু আইন সভাৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ আছে। ৰাষ্ট্ৰপতি শাসিত চৰকাৰ ব্যৱস্থাত থকাৰ দৰে ক্ষমতা বিভাজনৰ সূত্ৰটো ইয়াত প্ৰয়োগ কৰিব নোৱাৰি। সংসদীয় চৰকাৰ ব্যৱস্থাত কাৰ্যনিৰ্বাহক আৰু আইন বিভাগ উভয়ে উভয়ৰ ওপৰত নিৰ্ভৰশীল। 

(৪) সংসদীয় চৰকাৰৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে গোপনীয়তা ৰক্ষা কৰি কাৰ্যাৱলী সম্পাদন কৰা। চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মন্ত্ৰী - পৰিষদৰ বৈঠক গ্ৰহণ কৰা হয়। এনে বৈঠকৰ সিদ্ধান্তসমূহৰ ক্ষেত্ৰত মন্ত্ৰীসকলে গোপনীয়তা ৰক্ষা কৰাতো অত্যন্ত আৱশ্যক। মন্ত্ৰীসকলে সকলো বিষয়কে এই বৈঠকবিলাকত মুকলিমুৰীয়াভাৱে আলোচনা কৰিব পাৰে বা তেওঁলোকৰ মতামত নিৰ্ভীকভাৱে দাঙি ধৰিব পাৰে। 

(৫) সংসদীয় চৰকাৰত আইনসভাৰ এক নিৰ্দিষ্ট কাৰ্যকাল ধাৰ্য কৰা থাকে যদিও এই কাৰ্যকাল শেষ হোৱাৰ আগতেও আইন সভাখন ভঙ্গ হব পাৰে। অৱশ্যে এই ক্ষেত্ৰত সংখ্যাগৰিষ্ঠৰ সমৰ্থন লাভ কৰি থকা চৰকাৰৰ প্ৰধানমন্ত্ৰীজনৰ পৰামৰ্শ অপৰিহাৰ্য। অৰ্থাৎ, দেশৰ ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰি চৰকাৰৰ প্ৰতি সংবিধান অনুসৰি কাম - কাজ চলাই  যোৱাত কিবা ভাবুকিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পালে প্ৰধানমন্ত্ৰীজনে নিৰ্দিষ্ট কাৰ্যকাল শেষ হোৱাৰ আগতে আইনসভাখন ভঙ্গ কৰিবলৈ ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে।

৯/ সংসদীয় চৰকাৰৰ উপাদানসমূহ কি কি?

উত্তৰঃ সংসদীয় চৰকাৰৰ উপাদানসমূহ হল -

(১) সংসদীয় চৰকাৰৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে এখন সুস্থিৰ আৰু দক্ষ চৰকাৰৰ ওপৰত। এখন সুস্থিৰ আৰু দক্ষ চৰকাৰ গঠন হবলৈ হলে আইনসভাত সেই দলটোৰ সংখ্যাগৰিষ্ঠতা থাকিব লাগিব। আইনসভাত সংখ্যাগৰিষ্ঠতা নাথাকিলে চৰকাৰৰ আঁচনিসমূহ ৰূপায়িত কৰাত ব্যাঘাত জন্মে আৰু যিকোনো সময়তে এই চৰকাৰৰ পতন ঘটিব পাৰে।

(২) সংসদীয় চৰকাৰৰ কৃতকাৰ্যতাৰ আন এটা উপাদান হল শক্তিশালী বিৰোধী দলৰ উপস্থিতি। সংসদীয় চৰকাৰত ৰাজনৈতিক দল অপৰিহাৰ্য। ৰাজনৈতিক দলৰ অবিহনে চৰকাৰ গঠন কৰাতো সম্ভৱ নহয়। কোনো এটা দলে নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰিলে আন এটা বা ততোধিক বিৰোধীদলসমূব দুৰ্বল হলে শাসনত অধিষ্ঠিত দলটোৱে নিজ স্বাৰ্থ পূৰণৰ হকে কাম কৰি যাবলৈ সুবিধা লাভ কৰে। 

(৩) এই চৰকাৰৰ কৃতকাৰ্যতাৰ আন এটা আৱশ্যকীয় উপাদান হল দেশৰ জনসাধাৰণ ৰাজনৈতিক সচেতনতা। ৰাজনৈতিকভাৱে দেশৰ জনসাধাৰণ সচেতন নহলে চৰকাৰৰ কাম - কাজত সতৰ্ক দৃষ্টি ৰখাতো সম্ভৱ নহব। চৰকাৰৰ কাম - কাজত সতৰ্ক দৃষ্টি ৰাখিব নোৱাৰিলে চৰকাৰে জনহিতকৰ কাম কৰাতকৈ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেহে কাম কৰিব।

(৪) ৰাজনৈতিক ভাৱে সচেতন হোৱাৰ উপৰিও দেশৰ জনসাধাৰণ শিক্ষিত হোৱাতো আৱশ্যক। গতিকে সংসদীয় চৰকাৰৰ কৃতকাৰ্যতাৰ আন এটা চৰ্ত দেশৰ সকলো লোকেই শিক্ষিত হোৱাতো। কাৰণ দেশৰ জ্ঞান সাধাৰণ শিক্ষিত নহলে সঠিকভাৱে যোগেয ব্যক্তিজনক নিৰ্বাচন কৰিব পৰাতো সম্ভৱ নহয়। উদাহৰণস্বৰূপে কব পৰা যায় যে ভাৰতত শিক্ষিত লোকৰ সংখ্যা কম হোৱা বাবে দেশৰ সৰহ সংখ্যক ভোটাৰে যোগ্য জনক ভোটদান কৰাতকৈ জাতি, ধৰ্ম, আঞ্চলিকতাবাদ বা তেনে ধৰণৰ আন কোনো সংস্থাৰ ওপৰত ভিত্তি কৰিহে ভোট দান কৰা দেখা যায়। 

(৫) মন্ত্ৰী - পৰিষদৰ সমূহীয়া দাসবদ্ধতা এই চৰকাৰৰ কৃতকাৰ্যতাৰ আন এটা উল্লেখযোগ্য চৰ্ত। এই ব্যৱস্থাক সংসদীয় গণতন্ত্ৰৰ ৰাজহাড় বুলি কব পাৰি। সমূহীয়া দায়বদ্ধতাৰ সূত্ৰটো মানি চলিলে সকলো মন্ত্ৰীয়েই নিজৰ দায়িত্ব সঠিক ভাৱে পালন কৰিবলৈ বাধ্য। কাৰণ এই ব্যৱস্থা অনুসৰি কোনো এজন মন্ত্ৰীৰ ভূলৰ বাবে সমগ্ৰ কেবিনেটখনৰেই পতন ঘটে।

১০/ ইংলেণ্ডৰ সংসদীয় চৰকাৰৰ ব্যৱস্থাৰ বিষয়ে লিখা?

উত্তৰঃ বিশ্বৰ ভিতৰতে প্ৰাচীনতম সংবিধানখনেই হল ব্ৰিটিছ সংবিধান। সেয়েদে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰবিলাকৰ সংবিধানৰ মাতৃ সংবিধান হিচাপে ব্ৰিটিছ সংবিধানখনক অভিহিত কৰা হয়। পৃথিৱীৰ প্ৰায়বিলাক গণতান্ত্ৰিক ৰাষ্ট্ৰয়েই সংবিধান কিছু পৰিমাণে হলেও ব্ৰিটিছ সংবিধানকনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। অৱশ্যে ব্ৰিটিছ সংবিধানৰ কোনো লিখিত ৰূপ নাই, সেয়েহে থমাছ পেইন, টকোভেলি প্ৰভৃতি এচাম লেখকে ইংলেণ্ডৰ কোনো সংবিধান নাই বুলি কব খোজে। থমাচ পেইনে এই ক্ষেত্ৰত মন্তব্য কৰিছে এনেদৰে -''Where a constitution can not be produced in a visible form, there is none.''একেদৰে ডি টকোভেলিয়েও মন্তব্য কৰিছে যে ''In England the Constitution may go on Changing continually of rather it does not exist.'' কিন্ত এই দুয়োজন লোকেই ব্ৰিটিছ সংবিধান সম্পৰ্কত এক ভূল মতামত আগবঢ়াইছে। ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান, কাৰণ ব্ৰিটেইনত চৰকাৰী ক্ষমতাৰ প্ৰয়োগ আৰু বিতৰণ তথা নিয়ন্ত্ৰণ সম্পৰ্কীয় বিভিন্ন নীতি - নিৰ্দেশনাসমূহক একগোট কৰি সংহতভাৱে লিখিত ৰূপত একক তথ্যলৈ পৰিণত কৰা হোৱা নাই। ব্ৰিটিছ সংবিধানৰ অধিকাংশ সাংবিধানিক নীতি - নিয়ম আৰু নিৰ্দেশনা অভিজ্ঞাতাৰ ভিত্তিত বিকশিত হৈছে। প্ৰকৃতাৰ্থত কবলৈ গলে ব্ৰিটিছ সংবিধানখন হৈছে বহু শতিকা জুৰি চলা ৰাজনৈতিক বিৱৰ্তনৰ ফলশ্ৰুতি। ব্ৰিটিছ সংবিধান কোনো সংবিধানসভাৰ দ্বাৰা প্ৰণোদিত কাৰ্য নহয়। সংবিধানৰ প্ৰায়বিলাক অংশই কোনো আনুষ্ঠানিকতাৰ মাধ্যমেৰে গ্ৰহণ কৰা হোৱা নাই াৰু সেয়েহে ব্ৰিটিছ সংসদৰ সাধাৰণ কাৰ্যৰ জৰিয়তে ব্ৰিটিছ সংবিধানৰ যিকোনো অংশ যিকোনো সময়তে সংশোধন কৰিব পাৰি। 

১১/ গ্ৰেট ব্ৰিটেইনৰ মৌলিক বৈশিষ্ট্যসমূহ আলোচনা কৰা?

উত্তৰঃ গ্ৰেট ব্ৰিটেইনৰ মৌলিক বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল -

(১) গণতান্ত্ৰিক শাসন ব্যৱস্থাঃ ব্ৰিটেইনত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ এক মিশ্ৰিত শাসন ব্যৱস্থা থকা যেন অনুমেয় হলেও প্ৰকৃত অৰ্থত তাত গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাৰহে প্ৰচলন আছে। যদিওবা ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে ৰজা বা ৰাণী আছে, তথাপি তেওঁৰ কোনোধৰণৰ কাৰ্যবাহী ক্ষমতা নাথাকে। সকলো ক্ষেত্ৰতে মন্ত্ৰীসভাৰ পৰামৰ্শ মতেহে ৰজাই কাৰ্যনিৰ্বাহ কৰিব লাগে। 

(২) তত্ত্ব আৰু বাস্তৱৰ মাজৰ ব্যৱধানঃ ব্ৰিটেইনৰ চৰকাৰ ব্যৱস্থাৰ আন এক মৌলিক বৈশিষ্ট্য হল ইয়াৰ সাংবিধানিক অবাস্তৱতা, অৰ্থাৎ ব্ৰিটেইনৰ সংবিধানৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তৰ্নিহিত সত্যৰ মাজত এক বৃহৎ প্ৰাচীৰ আছে। তাত্ত্বিক দিশৰ পৰা চালে সাংবিধানিক ভাৱে ৰজা বা ৰাণী অসীম ক্ষমতাৰ গৰাকী। ব্ৰিটেইনৰ চৰকাৰক মহাৰাণীৰ চৰকাৰ হিচাপে জনা যায়। 

(৩) ৰাজতন্ত্ৰ, অভিজাততন্ত্ৰ আৰু গণতন্ত্ৰ সমাহাৰঃ ব্ৰিটেইনৰ চচৰাক ব্যৱস্থাত ৰাজতন্ত্ৰ, অভিজাততন্ত্ৰ আৰু গণতন্ত্ৰ এই তিনিবিধ শাসন ব্যৱস্থাই সংমিশ্ৰণ ঘটিছে। বংশানুত্ৰুমিক নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত ব্ৰিটিছ ৰাজপদে ৰাজতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে। একেদৰে লৰ্ডছ সভাই লৰ্ডছসকল আৰু সম্ভ্ৰান্ত শ্ৰেণীক প্ৰতিনিধিন্ত কৰাৰ জৰিয়তে অভিজাততন্ত্ৰৰ পোষকতা কৰিছে। 

(৪) এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থাঃ গ্ৰেট ব্ৰিটেইনৰ সংবিধানে ব্ৰিটেইনত এককেন্দ্ৰিক চৰকাৰ ব্যৱস্থা কৰিছে। এককেন্দ্ৰিক চৰকাৰৰ মাতৃভূমি হিচাপেও ব্ৰিটেইনক অভিহিত কৰা হয়। যুক্তৰাষ্ট্ৰ সংবিধানত থকা দৰে ব্ৰিটেইনৰ সংবিধানখনে ব্ৰিটেইনত কোনো ধৰণৰ প্ৰাদেশিক নতুবা আঞ্চলিক চৰকাৰ প্ৰতিষ্ঠা কৰা নাই। প্ৰশাসনীয় সুচলতাৰ অৰ্থে সমগ্ৰ দেশখনক কাউণ্টি, আমোল আদি কেতবোৰ ভাগত যদিওবা বিভক্ত কৰা হৈছে তথাপি ইবিলাকক সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰা নাই।

(৫) দ্বি - সদন বিধানমণ্ডলৰ ব্যৱস্থাঃ ব্ৰিটেইনত দ্বিসদনযুক্ত আইন সভাৰ ব্যৱস্থা আছে। উচ্চ সদন হৈছে লৰ্ডছ সভা আৰু নিম্ন সদন কমন্স সভা। লৰ্ডছ সভাৰ সদস্য় সংখ্যা ৬৯৯ জন। এই সদস্যসকল নিৰ্বাচিত হোৱাৰ পৰিৱৰ্তে মনোনীতহে। আনহাতে নিম্ন সদন কমন্স সভাৰ সদস্য সংখ্যা ৬৫৯ জন। এি সদস্যসকলক ব্ৰিটিছ নাগৰিকসকলে প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰে। উচ্চ সদনৰ তুলনাত নিম্ন সদন অধিক ক্ষমতাশালী।

১১/ ইংলেণ্ডৰ সংসদীয় কাৰ্যপালিকা বিষয়ে লিখা?

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰত দুইধৰণৰ কাৰ্যপালিকা থাকে, যেনে - নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰকৃত কাৰ্যপালিকা। নামমাত্ৰ কাৰ্যপালিকাজন ৰাষ্ট্ৰৰ মুৰব্বী আৰু প্ৰকৃত কাৰ্যপালিকাজন চৰকাৰৰ মুৰব্বী। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি, তেওঁ নামমাত্ৰ কাৰ্যপালিকাহে। আনহাতে মন্ত্ৰীসভা হল প্ৰকৃত কাৰ্যপালিকা আৰু প্ৰধান মন্ত্ৰী চৰকাৰৰ মুৰব্বী। ভাৰতবৰ্ষৰ দৰে ইংলেণ্ডৰ সংবিধানে ইংলেণ্ডত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰতিষ্ঠা কৰিছে। ইংলেণ্ডৰ ৰজা বা ৰাণী কাৰ্যপালিকাৰ নামমাত্ৰ মুৰব্বী। ইংলেণ্ডৰ সংবিধানে কাৰ্যপালিকাৰ সকলো ক্ষমতা ৰজা বা ৰাণীক অৰ্পণ কৰিছে। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰশাসন কাৰ্যপালিকাৰ নামমাত্ৰ মুৰব্বী ৰজাৰ নামত পৰিচালনা কৰা হয়। নামমাত্ৰ মুৰব্বী ৰজাই ব্যক্তিগত বিচাৰ - বিবেচনাৰ ৰাষ্ট্ৰীয় প্ৰশাসন পৰিচালনা কৰিব নোৱাৰে। তেওঁ মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসাৰে কাৰ্য সম্পাদন কৰে। ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ চৰকাৰতো মন্ত্ৰীসভাখনেই প্ৰকৃত কাৰ্যপালিকা আৰু প্ৰধান মন্ত্ৰী কাৰ্যপালিকাৰ প্ৰকৃত মুৰব্বী।

১২/ ৰজা আৰু ৰাজমুকুটৰ মাজৰ পাৰ্থক্য লিখা?

উত্তৰঃ   ৰজা আৰু ৰাজমুকুটৰ মাজৰ পাৰ্থক্য আমি তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰোঁঃ 

    (১) ৰজা এজন ব্যক্তি কিন্ত ৰাজমুকুট এটা অনুষ্ঠান। ইয়াৰ অৰ্থ হল সিংহাসন দখল কৰি বহি থকা ৰজা নামৰ ব্যক্তিজনৰ মৃত্যু হল, কিন্ত এটা অনুষ্ঠান হিচাপে ৰাজমুকুট কেতিয়াও মৃত্যু নহয়। যেতিয়া ৰজাই এক আনুষ্ঠানিক ৰূপ লাভ কৰিলে তেতিয়া ইয়াক ৰাজমুকুট হিচাপে জনা হল। প্ৰফেচাৰ মুনৰৰ মতে ৰাজমুকুট এক কৃত্ৰিম বা আইনগত ব্যক্তি। এইটো এটা অনুষ্ঠান, ইয়াৰ কেতিয়াও মৃত্যু নহয়। ৰাজমুকুটৰ ক্ষমতা, কাৰ্যাৱলী, বিশেষাধিকাৰ ৰজাৰ মৃত্যু হলেও এক মুহূৰ্তৰ কাৰণে বন্ধ কৰিব নোৱাৰি বা বাতিল কৰিব নোৱাৰি। (২) ইংলেণ্ডৰ সকলো ৰাষ্ট্ৰীয় ক্ষমতা ৰাজমুকুটৰ হাতত থাকে। ৰাজমুকুটৰ হাতত থাকে। ৰাজমুকুট ইংলেণ্ডৰ সাৰ্বভৌম ক্ষমতাৰ প্ৰতীক। ৰাজমুকুটৰ সকলো ক্ষমতা আৰু অধিকাৰ ৰজাৰে ক্ষমতা আৰু অধিকাৰ। এই কথা তাত্ত্বিকভাৱে সত্য, কিন্ত প্ৰকৃততে ৰজাই ব্যক্তিগতভাৱে এই ক্ষমতা আৰু অধিকাৰ নিজে কাৰ্যকৰী নকৰে। এইবিলাক ৰজাৰ নামত মন্ত্ৰীসকলে প্ৰয়োগ কৰে। (৩) তৃতীয়তে, ৰজা ৰাজমুকুটৰ এটা অংশ মাত্ৰ। ৰজাৰ উপৰি কেবিনেট বা মন্ত্ৰীসভা আৰু পাৰ্লিয়ামেণ্ট ৰাজমুকুটৰ গুৰুত্বপূৰ্ণ অংগ। মন্ত্ৰীসকলে কাৰ্য পৰিচালনাৰ বাবে সংসদৰ পৰা কৰ্তৃত্ব লাভ কৰে আৰু এই কৰ্তৃত্ব প্ৰয়োগৰ ক্ষেত্ৰত কোনো ভূল হলে মন্ত্ৰীসকলে কাৰ্য পৰিচালনাৰ বাবে সংসদৰ পৰা কৰ্তৃত্ব লাভ কৰে আৰু এই কৰ্তৃত্ব প্ৰয়োগৰ ক্ষেত্ৰত কোনো ভুল হলে মন্ত্ৰীসকলেহে দায়বদ্ধ, ৰজা নহয়। মন্ত্ৰীসকলৰ কাৰ্যত অসন্তষ্ট হলে সংসদে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৱশ্যক হলে অনাস্থা প্ৰস্তাৱৰ জৰিয়তে মন্ত্ৰীসভাৰ পতনো ঘটাব পাৰে। আৰু (৪) ৰজা ৰাজমুকুটে প্ৰদান কৰা ক্ষমতাসমূহ প্ৰয়োগ কৰা এজন তেজ - মঙহৰ ব্যক্তি মাত্ৰ। ৰাজমুকুটে নিজে ক্ষমতা প্ৰয়োগ বা কাৰ্যকৰী কৰিব নোৱাৰে বাবে ৰজাই প্ৰয়োগ কৰে। ৰজা মৰণশীল, কিন্ত ৰাজমুকুটৰ মৃত্যু নহয়। 

১৩/ ইংলেণ্ড ৰজাৰ ক্ষমতা আৰু কাৰ্য বিষয়ে আলোচনা কৰা?

উত্তৰঃ ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে উপভোগ কৰা ক্ষমতাসমূহ প্ৰকৃততে ৰাজমুকুটৰ ক্ষমতা। ৰজা বা ৰাণীয়ে এই ক্ষমতাসমূহ নামতহে উপভোগ কৰে। সেই কাৰণে চৰকাৰৰ কাৰ্যক্ষমতা বৃদ্ধি হোৱাৰ লগে লগে ৰাজমুকুটৰ ক্ষমতাৰ পৰিসৰো বৃদ্ধি পায়।। ইংলেণ্ডৰ ৰজা / ৰাণীয়ে তেওঁৰ ক্ষমতাসমূহ দুটা উৎসৰ পৰা আহৰণ কৰিছেঃ (ক) সংসদীয় আইন আৰু (খ) বিশেষাধিকাৰ। আমি ইংলেণ্ডৰ ৰজাৰ ক্ষমতাসমূহ আলোচনাৰ সুবিধাৰ বাবে কিছুমান ভাগত ভগাই লব পাৰোঁ, যেনে - কাৰ্যনিৰ্বাহক ক্ষমতা, আইন প্ৰণয়ন ক্ষমতা, ন্যায়িক ক্ষমতা আৰু ধৰ্মীয় ক্ষমতা।

(১) কাৰ্যনিৰ্বাহক ক্ষমতাঃ ইংলেণ্ডৰ ৰজা কাৰ্যপালিকাৰ নামমাত্ৰ মুৰব্বী। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰশাসন ৰজাৰ নামত পৰিচালনা কৰা হয়। ৰজাই  কাৰ্যপালিকাৰ প্ৰকৃত মুৰব্বী প্ৰধান মন্ত্ৰীক নিযুক্তি দিয়ে আৰু প্ৰধান পৰামৰ্শ অনুসৰি মন্ত্ৰীসভাৰ বাকী সদস্যসকলক নিযুক্তি দিয়ে। প্ৰধান মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ বাকী মন্ত্ৰীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অৱশ্যে ৰজাই নিজৰ ইচ্ছাক প্ৰয়োগ কৰিব নোৱাৰে। কাৰণ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত ৰজাই সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ দলপতিজনক প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ বাধ্য।

(২) আইন প্ৰণয়নৰ ক্ষমতাঃ ৰাজমুকুট কেৱল শাসন বিভাগৰে অধীন নহয়, জাতীয় সংসদৰো অবিচ্ছেদ্য অংগ। ইংলেণ্ডৰ সংবিধানে সংসদত আইন প্ৰণয়নৰ ক্ষমতা যুটীয়াভাৱে সংসদ আৰু ৰজাৰ হাতত ন্যস্ত কৰিছে। ৰজাই লৰ্ডছ সভা আৰু কমন্স সভাৰ লগত সংযোগ ৰক্ষা কৰি এই কাম কৰে। ৰজাৰ সন্মতি অবিহনে সংসদে প্ৰণয়ন কৰা আইন কাৰ্যকৰী কৰিব নোৱাৰে। ইংলেণ্ডত যোৱা ২০০ বছৰে ৰাণীয়ে কোনো বিধেয়কত সন্মতি প্ৰদান নকৰাকৈ থকা নাই। ১৭০৭ চনতেই ৰাণী এনিয়ে শেষবাৰৰ বাবে তেওঁৰ বাধাদান ক্ষমতা প্ৰয়োগ কৰিছিল।

(৩) ন্যায়িক ক্ষমতাঃ ইংলেণ্ডৰ সংবিধানে ইংলেণ্ডৰ ৰজাক ন্যায়িক ক্ষমতাও প্ৰদান কৰিছে। বৰ্তমান সময়ত ইংলেণ্ডৰ বিচাৰ বিভাগে কাৰ্যপালিকাৰ হস্তক্ষেপৰ পৰা মুক্ত হৈ স্বাধীন আৰু নিৰপেক্ষভাৱে বিচাৰকাৰ্য সম্পাদন কৰে। তথাপি ইংলেণ্ডৰ বিচাৰ বিভাগ সম্পূৰ্ণৰূপে ৰজাৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত নহয়। ৰজাই ইংলেণ্ডৰ বিচাৰ বিভাগৰ সকলো বিচাৰকক নিযুক্তি দিয়ে। ইংলেণ্ডৰ বিচাৰ বিভাগৰ সৰ্বোচ্চ আদালত হিচাপে কাৰ্যনিৰ্বাহ কৰা হাউচ অৱ লৰ্ডছৰ লৰ্ড চেন্সেলৰসকলকো ৰজাই নিযুক্তি দিয়ে। ন্যায় সম্পৰ্কীয় সকলো কাম ৰজাৰ নামত কাৰ্যকৰী কৰা হয়।

(৪) ধৰ্মীয় ক্ষমতাঃ গীৰ্জাৰ শৃংখলা ৰক্ষা কৰা, ধৰ্মী সম্বন্ধীয় বিবাদ আদি নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। ইংলেণ্ডৰ ৰজাই গীৰ্জাবিলাকৰ মুৰব্বী। গীৰ্জাবিলাকৰ মুৰব্বী হিচাপে ৰজাই আৰ্কবিচপসকলক, বিচপসকলক আৰু ধৰ্মৰ লগত জড়িত বিষয়াসকলক নিযুক্তি দিয়ে।

(৫) বৈদেশিক সংত্ৰুান্তীয় ক্ষমতাঃ ইংলেণ্ডৰ সংবিধান অনুযায়ী ৰজাৰ অন্য ৰাষ্ট্ৰৰ পৰা ইংলেণ্ডলৈ অহা প্ৰতিনিধিসকলক গ্ৰহণ কৰে। বিদেশত ইংলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষাৰ কাৰণে কূটনৈতিক প্ৰতিনিধি আৰু বিষয়াসকলক নিযুক্তি দিয়ে। ইংলেণ্ডে অন্য ৰাষ্ট্ৰৰ লগত কৰা সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি ৰজাৰ নামতহে কৰা হয়। ৰজাৰ নামতেই অন্য ৰাষ্ট্ৰৰ লগত শান্তি চুক্তি বা যুদ্ধ ঘোষণা কৰা হয়।

১৪/ কেবিনেট গঠনৰ বিষয়ে লিখা ?

উত্তৰঃ ইংলেণ্ডৰ সংবিধান অনুসৰি যিটো ৰাজনৈতিক দলে সংসদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিবলৈ সক্ষম হয়, সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰে। সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাণীয়ে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। এই ক্ষেত্ৰত ৰাণীৰ ইচ্ছা - অনিচ্ছাই গুৰুত্ব লাভ নকৰে। ৰাণী ভিক্টৰীয়াই গ্লেডষ্টোনক ভাল নেপাইছিল যদিও চাৰিবাৰকৈ তেওঁক প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিব লগা হৈছিল। যদি কোনো দলে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত ৰাণীয়ে প্ৰধান মন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত স্ববিচাৰৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে। সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ নেতাজনক ৰাণীয়ে প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাহিৰে বিকল্প নাই। ১৯০২ চনৰ আগলৈকে প্ৰধান মন্ত্ৰীজন সংসদৰ যিকোনো এটা সদনৰ সদস্য হব পাৰিছিল।

    প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাণীয়ে অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে। মন্ত্ৰী পৰিষদৰ অন্যান্য মন্ত্ৰীৰ তালিকাখন প্ৰধান মন্ত্ৰীয়ে প্ৰস্তত কৰে। প্ৰধান মন্ত্ৰীয়ে তালিকাখন প্ৰস্তত কৰোঁতে বহুতো কথা বিচাৰ - বিবেচনা কৰিব লগা হয়। তেওঁ মন্ত্ৰী সভাখন গঠন কৰোঁতে দুয়োটা সদনৰ সদস্যই যাতে উপযুক্ত প্ৰতিনিধিত্ব পায় তাৰ প্ৰতি দৃষ্টি ৰাখে। দনৰ ভিতৰত শ্ৰেশ্চ নেতাসকলকো মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে প্ৰধান মন্ত্ৰীয়ে চেষ্টা কৰিব লাগে। নবীন সংসদীয় সদস্যকো মন্ত্ৰীসভাত উপযুক্তভাৱে প্ৰতিনিধিত্ব দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। 

    ইংলেণ্ডৰ সংবিধান অনুসৰি কোনো এজন ব্যক্তিয়ে মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিবলৈ হলে তেওঁ সংসদৰ যিকোনো এটা সদনৰ সদস্য হব লাগে। যদি তেওঁ সদস্য, নহয়, তেন্তে কমন্স সভাৰ পীয়েৰ হব লাগিব। অন্যথা নতুন এটা সমষ্টিৰপৰা নিৰ্বাচিত হৈ অহাৰ সুবিধা কৰি দিয়ে।  কেতবোৰ নিয়ম পালন কৰি প্ৰধান মন্ত্ৰীয়ে প্ৰস্তত কৰা তালিকাত ৰাণীয়ে চহী কৰিলে লণ্ডন গেজেটত প্ৰকাশ কৰাৰ লগে লগে মন্ত্ৰীসভা গঠনৰ প্ৰত্ৰুিয়া সম্পূৰ্ণ হয়। মুঠতে ইংলেণ্ডৰ মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 

১৫/ ইংলেণ্ডৰ মন্ত্ৰীপৰিষদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ইংলেণ্ডৰ মন্ত্ৰীপৰিষদৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) ৰজাৰ অনুপস্থিতিঃ ইংলেণ্ডৰ কেবিনেটৰ বৈঠকত ৰজাৰ অনুপস্থিতি এটা উল্লেখযোগ্য বৈশিষ্ট্য। ৰজাই ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে মন্ত্ৰীপৰিষদ গঠন কৰে যদিও তেওঁ মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰিব নোৱাৰে। ইংলেণ্ডৰ প্ৰশাসনৰ সকলো কাম ৰজাৰ নামত কৰা হয়। তেওঁ মন্ত্ৰীপৰিষদৰ বাহিৰত থাকি ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে।  ৰজাৰ কেবিনেটৰ বৈঠকত অনুপস্থিত থকাৰ কাৰণ হল যে ১৭১৪ চনত প্ৰথম জৰ্জ ৰজা হৈছিল যদিও ইংৰাজী ভাষা নজনাৰ কাৰণে তেওঁ কেবিনেটৰ বৈঠকত উপস্থিত নাছিল আৰু তেতিয়াৰপৰা এতিয়াও ইংলেণ্ডত এই নিয়ম চলি আছে।

(২) প্ৰধান মন্ত্ৰীৰ নেতৃত্বঃ প্ৰধান মন্ত্ৰীৰ নেতৃত্ব ইংলেণ্ডৰ কেবিনেটৰ এটা উল্লেখযোগ্য বৈশিষ্য। তেওঁৰ কেবিনেটৰ বৈঠকবিলাকত সভাপতিত্ব কৰে। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বা পুনৰগঠন কৰিব পাৰে। প্ৰধান মন্ত্ৰীয়ে মন্ত্ৰীসকলক নিযুক্তি দিয়াৰ বাবে ৰজাক পৰামৰ্শ দিয়ে। মন্ত্ৰীসভা গঠনতপ্ৰধান মন্ত্ৰীৰ যথেষ্ট ক্ষমতা আছে। প্ৰধান মন্ত্ৰীয়ে মন্ত্ৰীসকলক নিযুক্তি দিয়াৰ বাবে ৰজাক পৰামৰ্শ দিয়ে। মন্ত্ৰীসভা গঠনত প্ৰধান মন্ত্ৰীৰ যথেষ্ট ক্ষমতা আছে। প্ৰধান মন্ত্ৰী মন্ত্ৰী পৰিষদৰ মুৰব্বী হোৱাৰ উপৰি সংসদ, সংখ্যাগৰিষ্ঠ দল আৰু দেশৰ নেতা। তেওঁ মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে।

(৩) গোপনীয়তাঃ গোপনীয়তা ইংলেণ্ডৰ কেবিনেটৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীয়ে এনে গোপনীয়তা পালন কৰি চলিব লাগে। ইয়াৰ বৈঠকবিলাক গোপনভাৱে অনুষ্ঠিত হয়।  ১৯২২ চনত ভাৰতস্থ সচিবজনে ভাৰত সম্পৰ্কীয় ব্ৰিটিছ কেবিনেটৰ কিছুমান নীতি প্ৰকাশ কৰাৰ কাৰণে পদত্যাগ কৰিব লগা হৈছিল। সেইদৰে ১৯৩৪ চনত এজন শ্ৰমমন্ত্ৰীৰ পুতেক এড্গাৰলেনচ বাৰীক তেওঁ লিখা এখন জীৱনীত কেবিনেটৰ এখন স্মাৰক পত্ৰ প্ৰকাশ পোৱাৰ কাৰণে ১৯২০ চনত চৰকাৰী গোপনীয়তা আইন অনুসৰি জৰিমনা বিহিছিল। ইংলেণ্ডৰ মন্ত্ৰীসকলে এই গোপনীয়তা নিয়মিতভাৱে পালন কৰি আহিছে।

(৪) মন্ত্ৰীসভাৰ একতাঃ ইংলেণ্ডৰ কেবিনেটৰ আনএটা উল্লেখযোগ্য বৈশিষ্ট্য হল মন্ত্ৰীসভাৰ একতা। মন্ত্ৰীসভাৰ সদস্যসকলে সকলো কাম - কাজ পাৰস্পৰিক বুজাবুজিৰে সমাধান কৰে। বিভিন্ন বিষয়ত মন্ত্ৰীসকলৰ মাজত মতপাৰ্থক্য থাকিলেও তাক মন্ত্ৰীসভাত মীমাংসা কৰি লয় আৰু এই ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংসদত কোনো মন্ত্ৰী সদস্যৰ প্ৰশ্নৰ কাৰণে শলঠেকত পৰিল, প্ৰধান মন্ত্ৰীয়ে তেনে মন্ত্ৰীক সহায় কৰে। ইংলেণ্ডৰ এজন মন্ত্ৰীৰ ভূলৰ কাৰণে গোটেই মন্ত্ৰীসভাৰ পতন ঘটিব পাৰে। গতিকে মন্ত্ৰীসকলে কাম, সিদ্ধান্ত আদি একগোট হৈ সম্পাদনা কৰে।

(৫)ৰাজনৈতিক ঐক্যঃ মন্ত্ৰীসভাখন একেটা দলৰ সদস্যসকলৰ মাজৰপৰা নিৰ্বাচিত কৰা হয়। ইংলেণ্ডৰ সংসদৰ নিৰ্বাচনত যিটো ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰাৰ সুবিধা পায়। দলৰ নেতাজনক ৰাণীয়ে প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে আৰু মন্ত্ৰীপৰিষদৰ আন মন্ত্ৰীসকলক প্ৰধান মন্ত্ৰীয়ে প্ৰস্তত কৰি দিয়ে। অৱশ্যে কোনো দলে সংসদৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা ভোট লাভ কৰিব নোৱাৰিলে দুটা দলৰ সন্মিলিত চৰকাৰ গঠন হব পাৰে। সেইদৰে দেশৰ সংকটকালীন অৱস্থাত সংযুক্ত চৰকাৰ গঠন কৰাৰ ব্যৱস্থা আছে। 

১৬/ প্ৰধান মন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী বিষয়ে আলোচনা কৰা?

 উত্তৰঃ প্ৰধান মন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যায়লী বিষয়ে তলত আলোচনা কৰা হল -

(১) মন্ত্ৰী সভা গঠন কৰাঃ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীজনে তেওঁৰ মন্ত্ৰীসভাখন গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন্ত্ৰীসভাৰ সদস্যসকলক বাছনি কৰাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে অৱশ্যে বহুতো দিশ বিবেচনা কৰিবলগীয়া হয়। এই ক্ষেত্ৰত তেওঁ মন্ত্ৰী সভাখন যাতে প্ৰতিনিধিত্বমূলক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। মন্ত্ৰীপৰিষদখনত দলৰ জ্যেষ্ঠ্য সদস্যসকলক স্থান দিবৰ কাৰণে চেষ্টা কৰিব লাগে। উত্তৰ আয়াৰলেণ্ড, ৱেলচৰ পৰা নিৰ্বাচিত হোৱা প্ৰতিনিধিকো মন্ত্ৰী সভাত স্থান দিব লাগে। তদুপৰি মন্ত্ৰীসভাত যাতে বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মৰ লোকে স্থান লাভ কৰে তাৰ প্ৰতি গুৰুত্ব দিবলগীয়া হয়। 

(২) কমন্স সভাৰ নেতাঃ কমন্স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাণীয়ে প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। প্ৰধান মন্ত্ৰী সংসদৰ নেতা আৰু মন্ত্ৰীপৰিষদক তেওঁ সংসদত প্ৰতিনিধিত্ব কৰে।  প্ৰধান মন্ত্ৰীৰ তত্ত্বাৱধানতে বিভিন্ন দপ্তৰৰ মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বিধেয়কবিলাক সদনত উত্থাপন কৰে। সদনৰ প্ৰশ্নেত্তৰ কালত কোনো মন্ত্ৰী শলঠেকত পৰিলে প্ৰধান মন্ত্ৰীয়ে সেই মন্ত্ৰীক উদ্ধাৰ কৰিব লাগে। প্ৰধান মন্ত্ৰীয়ে সদনৰ মজিয়াত চৰকাৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি সিদ্দান্তৰ ঘোষণা কৰিব পাৰে। চৰকাৰী পক্ষৰ সদস্যক বিৰোধী পক্ষৰ সমালোচনা আৰু বাক্যবাণৰ পৰা ৰক্ষণা - বেক্ষণৰ সকলো দায়িত্ব প্ৰধান মন্ত্ৰীয়ে বহন কৰিব লাগে।

(৩) নিজ দলৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীঃ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীজন তেওঁৰ নিজ দলটোৰ নেতা। নিজ দলৰ প্ৰধান ননেতা হিচাপে প্ৰধান মন্ত্ৰীয়ে সংসদৰ ভিতৰে বাহিৰে নিজ দলৰ সদস্যসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। দলীয় নীতি, আঁচনি গ্ৰহণ কৰা বিষয়ত প্ৰধান মন্ত্ৰীয়ে আগভাগ লয়। যিকোনো স্বাৰ্থৰ বিনিময়ত প্ৰধান মন্ত্ৰীয়ে দলীয় স্বাৰ্থ বজাই ৰাখিবৰ কাৰণে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাটো প্ৰধান মন্ত্ৰীৰ মোহিনী শক্তি আৰু ব্যক্তিত্বৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। প্ৰধান মন্ত্ৰী চৰকাৰ আৰু দলৰ যোগসূত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 

(৪) জনসাধাৰণৰ লগত প্ৰধান মন্ত্ৰীৰ সম্বন্ধঃ প্ৰধান মন্ত্ৰী এজন ৰাষ্ট্ৰীয় নেতা। তেওঁৰ নেতৃত্বৰ ওপৰতে জনসাধাৰণৰ সুখ, শান্তি, উন্নতি বহু পৰিমাণে নিৰ্ভৰ কৰে। তেওঁ গ্ৰহণ কৰা নীতি আৰু আঁচনিয়ে যাতে জনসাধাৰণৰ পৰা সমৰ্থন লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰয়োজন হলে আনকি তেওঁ সংসদ ভংগ কৰি দি চৰকাৰে গ্ৰহণ কৰা নীতি আৰু আঁচনিৰ বিষয়ে জনসাধাৰণৰ পৰা মতামত গ্ৰহণ কৰিব পাৰে।

(৫) অৰ্থনৈতিক ক্ষমতাঃ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ওপৰতো যথেষ্ট প্ৰভাৱ আছে। প্ৰধান মন্ত্ৰীজনৰ ৰাষ্ট্ৰীয় পুঁজি নিয়ণ্ত্ৰণৰ বিষয়তো সম্পূৰ্ণ ক্ষমতা আছে। চেঞ্চেলাৰ অৱ এক্সচেকাৰে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় বাজেট প্ৰস্তত কৰিলেও এই সম্পৰ্কে প্ৰধান মন্ত্ৰীৰ যথেষ্ট কৰ্তৃত্ব আছে। চেঞ্চেলাৰ অৱ এক্সচেকাৰ জনে প্ৰধান মন্ত্ৰীজনক দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰাব লাগে। বৈদেশিক বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰুকাৰ্য জৰিয়তে দেশৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিবলৈ প্ৰধান মন্ত্ৰীয়ে নীতি গ্ৰহণ কৰি তাক বাস্তৱত ৰূপ দিয়াৰ ব্যৱস্থা কৰিব পাৰে।

১৭/  লৰ্ডছ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰা?

উত্তৰঃ লৰ্ডছ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হল -

(১) আইন প্ৰণয়নৰ ক্ষমতাঃ সংসদৰ এক অবিচ্ছেদ্য অংগ হিচাপে লৰ্ডছ সভাই আইন প্ৰণয়নত অনুমোদন জনাব লাগে। ১৯১১ চনৰ আগলৈকে লৰ্ডছ সভাই কমন্স সভাৰ সমানে দৰকাৰী বিধি - বিধান ৰচনা কৰিব পাৰিছিল। কিন্ত ১৯১১ চনৰ সংসদীয় আইনে লৰ্ডছ সভাৰ ক্ষমতা বহু পৰিমাণে সংকুচিত কৰে। ইয়াৰ উপৰিও ১৯১৯ চনৰ সংসদীয় আইনে কমন্স সভাৰ দ্বাৰা গৃহীত কোনো সাধাৰণ বিধেয়ক দুবছৰতকৈ অধিক কাল লৰ্ডছ সভাই স্থগিত ৰাখিব নোৱাৰে বুলি ঘোষণা কৰে। ১৯৪৯ চনত এই সময়সীমা সংসদীয় আইনৰ বিধান অনুসৰি এক বছৰলৈ হ্ৰাস কৰে। বৰ্তমান ইংলেণ্ডৰ সংসদত যিকোনো সদনতে সাধাৰণবিল উত্থাপন কৰিব পাৰে।

(২) বিত্তীয় ক্ষমতাঃ ১৯১১ চনৰ আগলৈকে বিত্তীয় দিশতো লৰ্ডছ সভা আৰু কমন্স সভা সমান ক্ষমতাৰ অধিকাৰী আছিল। কিন্ত ১৯১১ চনৰ সংসদীয় আিনে লৰ্ডছ সভাৰ বিত্তীয় ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰে। বৰ্তমান বিত্ত বিষয়ক কাৰ্যত লৰ্ডছ সভাৰ ক্ষমতা নাই বুলি কব নোৱাৰি। বিত্তীয় বিধেয়ক ব্ৰিটিছ সংসদৰ নিম্ন সদন কমন্স সভাতহে উত্থাপিত কৰিব পাৰি। কমন্স সভাই গ্ৰহণ কৰা বিত্ত বিধেয়ক লৰ্ডছ সভাই এমাহৰ ভিতৰত ঘূৰাই পঠাব লাগে। লৰ্ডছ সভাই এই বিলৰ ক্ষেত্ৰত কোনো সংশোধনী প্ৰস্তাৱ আগবঢ়ালে কমন্স সভাই তেনে সংশোধনী গ্ৰহণ কৰিবলৈ বাধ্য নহয়। 

(৩) প্ৰশাসনীয় ক্ষমতাঃ কাৰ্যপালিকাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লৰ্ডছ সভাৰ ক্ষমতা তেনেই সামিত। ১৯৩৭ চনৰ ৰাজসভা আইন অনুসৰি এই সদনৰ সদস্যসকলৰ মাজৰ পৰা ৩/৪ জন সদস্য মন্ত্ৰী হিচাপে নিয়োগ কৰিব পাৰে। লৰ্ডছ সভাৰ সদস্যসকলে সংসদৰ বিতৰ্কত যোগদান কৰি দেশৰ আভ্যন্তৰীণ তথা আন্তৰ্জাতিক বিষয়ত চৰকাকী নীতি আৰু কাৰ্যকলাপ সমালোচনা কৰিব পাৰে। সদস্যসকলে উত্থাপন কৰা বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মন্ত্ৰীসকল বাধ্য। মন্ত্ৰীসকল ব্যক্তিগত বা যুটীয়াভাৱে লৰ্ডছ সভাৰ ওচৰত দায়বদ্ধ নহয়। এই সদনে মন্ত্ৰীসভা পতন ঘটাব নোৱাৰে। এই সদনত পৰাজয় বৰণ কৰিলে মন্ত্ৰীসভাই পদত্যাগ কৰিব নালাগে। 

(৪) সংবিধান সংশোধনী ক্ষমতাঃ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ আইনসভাৰ এক গুৰুত্বপূৰ্ণ কাৰ্য় হৈছে সংবিধান সংশোধন। ইংলেণ্ডৰ সংবিধান সংশোধনী ক্ষমতা দুয়োখন সদনৰে আছে। গতিকে সংবিধান সংশোধনী বিধেয়ক লৰ্ডছ সভাতো উত্থাপন কৰিব পাৰি। অৱশ্যে কমন্স সভাত গৃহীত সংবিধান সংশোধনী বিধেয়ক লৰ্ডছ সভালৈ সন্মতিৰ কাৰণে পঠালে এবছৰৰ ভিতৰত লৰ্ডছ সভাই তেনে সংশোধনী বিধেয়কত সন্মতি নজনালে কমন্স সভাই সংশ্লিষ্ট বিধেয়ককনত সন্মতি জনালে বুলি ধৰি লৈ ৰজা - ৰাণীৰ স্বাক্ষৰৰ কাৰণে পঠায় আৰু ৰজা - ৰাণীয়ে সন্মতি প্ৰদান কৰিলে বিধেয়কখন আইনত পৰিণত হয়।

(৫) আলাপ - আলোচনা সম্পৰ্কীয় ক্ষমতাঃ লৰ্ডছ সভাৰ এক গুৰুত্বপূৰ্ণ কাৰ্য হৈছে আলাপ - আলোচনা তথা বিতৰ্কৰ সহায়ক জনসাধাৰণ আৰু চৰকাৰক প্ৰভাৱ বিস্তাৰ কৰা। এই সদনত বিভিন্ন ধৰণৰ বিশেষজ্ঞ, যেনে - ৰাজনৈতিক নেতা, প্ৰাক্তন মন্ত্ৰী আদিৰ উপস্থিতিয়ে যথেষ্ট উন্নত মানৰ মতামত প্ৰকাশ কৰে। লগতে লৰ্ডছ সভাই সবল জনমত গঠনত যথেষ্ট আগভাগ লয়। কাৰণ তেওঁলোকৰ ভোটাৰৰ সন্তষ্টিৰ প্ৰতি লক্ষ্য ৰাখিব নালাগে। সেয়ে এক নিৰপেক্ষ ভূমিকাৰে লৰ্ডছ সভাই জনসম্পৰ্ক ৰক্ষা কৰিব পাৰে।

১৮/ লৰ্ড সভাৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা?

উত্তৰঃ লৰ্ড সভাৰ প্ৰয়োজনীয়তাসমূহ তলত আলোচনা কৰা হলঃ

(১) পৰ্যালোচনা সদন হিচাপে ভূমিকাঃ বৰ্তমান জটিল পৰিস্থিতত কেৱল অখন সদনেই যথেষ্ট নহয়। ব্ৰিটেইনত নিম্ন সদন কমন্স সভাৰ কুৰি শতাকাত যথেষ্ট পৰিমাণে কাৰ্যৰ পৰিসৰ বৃদ্ধি কৰি দিয়াৰ ফলত এই সদনে কোনো বিল তন্ন তন্নকৈ পৰীক্ষা কৰাত সময়ৰ নাটনি হব পাৰে। এই ক্ষেত্ৰত লৰ্ডছ সভাই যথেষ্ট মনোযোগেৰে বিভিন্ন দফা পৰীক্ষা - নিৰীক্ষা কৰি ইয়াত থকা দোষ - ত্ৰুটীসমূহ আঁতৰ কৰাত সহায় কৰে। গতিকে লৰ্ডছ সভাই এই হুৰু দায়িত্ব পালন কৰি ৰাষ্ট্ৰখনৰ প্ৰশাসন সুন্দৰভাৱে পৰিচালনা কৰাত যথেষ্ট সহায় কৰিছে।

(২) জনমত গঠনত ভূমিকাঃ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এক অপৰিহাৰ্য কাৰ্য হৈছে জনমত গঠন। ইংলেণ্ডৰ প্ৰশাসনত সাধাৰণ বিল উচ্চ সদনে এবছৰলৈ ৰাখিব পাৰে। আৰু এই সময়ছোৱাত এই সদনে এনে বিলৰ আৱশ্যকতাৰ সম্পৰ্কে জনসাধাৰণক সচেতন কৰি তুলিব পাৰে। বিতৰ্ক আৰু আলোচনাৰ সহায়ত এনে বিধেয়কৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰে। কেতিয়াবা এনে জনমত গঠনে প্ৰভাৱগোষ্ঠীসমূহক আকৰ্ষিত কৰি কমন্স সভাক হেঁচা প্ৰয়োগ কৰে। এনে ক্ষেত্ৰতো লৰ্ডছ সভাৰ আৱশ্যকতাক স্বীকাৰ কৰা হয়।

(৩) আপীল আদালত হিচাপে ক্ষমতাঃ দেশৰ সৰ্বোচ্চ আপীল আদালত হিচাপে ক্ষমতা লাভ কৰিছে। ইংলেণ্ডৰ লৰ্ডছ সভাই। এই সদনে আিন প্ৰণয়ন কৰাৰ উপৰি বিচাৰ বিভাগৰ দায়িত্ব পালন কৰে। দেশৰ গুৰুত্বপূৰ্ণ গোচৰসমূহ এই আদালতে বিচাৰ কৰে। গতিকে এই ক্ষেত্ৰত লৰ্ডছ সভাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিব লাগিব।

(৪) দলীয় ৰাজনীতি পৰা ঊৰ্দ্ধতঃ লৰ্ডছ সভা দলীয় ৰাজনীতিৰ পৰা মুক্ত। কাৰণ ইয়াৰ সদস্যসকল বংশানুত্ৰুমিক। তেওঁলোকে নিৰ্বাচনৰ যুঁজত নামিব নালাগে বা কোনো দল বা প্ৰভাৱগোষ্ঠীয়ে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰে। গতিকে লৰ্ডছ সভাই এক নিৰপেক্ষ ভূমিকা পালন কৰি চৰকাৰখনক সু - পৰিচালনাত সহায় কৰিব পাৰে।

(৫) বৈদেশিক নীতিৰ সম্পৰ্কত ভূমিকাঃ বৈদেশিক নীতিৰ সম্পৰ্কত লৰ্ডছ সভাৰ বিশেষ ভূমিকা আছে। লৰ্ডছ সভা যিহেতু দলীয় ৰাজনীতিৰ পৰা মুক্ত, সেয়ে দেশৰ বিভিন্ন সমস্যা তথা বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত মুকলিভাৱে লৰ্ডছ সভাই আলোপ - আলোচনা কৰি চৰকাৰক ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব পাৰে। কাৰণ এই সদনৰ অধিকাংশ সদস্যই অভিজ্ঞতাসম্পন্ন ব্যক্তি। তেওঁলোকৰ সু - পৰামৰ্শই চৰকাৰক যথেষ্ট সহায় কৰিব পাৰে।

১৯/ লৰ্ডছ সভাৰ সমালোচনা বিষয়ে লিখা?

উত্তৰঃ লৰ্ডছ সভাৰ সমালোচনা বিষয়ে তলত উল্লেখ কৰা হলঃ

(১) অ-গণতান্ত্ৰিক সদনঃ সমালোচকসকলৰ মতে লৰ্ডছ সভা এখন অগণতান্ত্ৰিক সদন। ইয়াৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত নকৰে। ইয়াৰ অধিকাংশ সদস্য বংশানুত্ৰুমিক। সাধাৰণতে অভিজাত, ধনী ততা ব্যৱসায়ী ব্যক্তিসকলে এই সদন অলংকৃত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড আদি ৰাষ্ট্ৰৰ নিচিনাকৈ তেওঁলোকে জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি নহয়। গতিকে গণতান্ত্ৰিক শাসন ব্যৱস্থাত এই বংশানুত্ৰুমিক লৰ্ডছসকলে স্থায়ীভাৱে কাৰ্যনিৰ্বাহ কৰাৰ অধিকাৰ লাভ কৰিব নোৱাৰে।

(২) দুৰ্বল সদনঃ লৰ্ডছ সভা বৰ্তমান তেনেই সীমিত ক্ষমতাৰ অধিকাৰী। এই সদনে সাধাৰণ বিধেয়ক এবছৰলৈকেহে পলম কৰি ৰাখিব পাৰে। বিত্তীয় বিধেয়ক তেনেই সীমিত ক্ষমতা আছে। লৰ্ডছ সভাই বিত্তীয় বিল এমাহৰ কাৰণেহে পলম কৰি ৰাখিব পাৰে। এই সদনে মন্ত্ৰীসভাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে এনে এখন দুৰ্বল সদনৰ অৱস্থিতি যুক্তিহীন আৰু অপ্ৰয়োজনীয় বুলি আখ্যা দিব পাৰি।

(৩) চৰকাৰী অৰ্থৰ অপব্যয়ঃ লৰ্ডছ সভাৰ অৱস্থিতিয়ে চৰকাৰী তহবিলৰ অপব্যয় কৰিছে। কাৰণ লৰ্ডছ সভাৰ সাধাৰণ আৰু বিত্তীয় দুয়োটা ক্ষেত্ৰতে তেনেই সীমিত ক্ষমতা আছে। লৰ্ডছ সভাৰ সন্মতি নোহোৱালৈকে কমন্স সভাৰ সকলো প্ৰকাৰৰ ৰাষ্ট্ৰীয় আইন প্ৰণয়ন ক্ষমতা আছে। সেয়ে, এই সদন দেশৰ অৰ্থনীতিৰ বোজা স্বৰূপ বুলি কব পাৰি। গতিকে লৰ্ডছ সভা ইমানবোৰ খৰচ বহন কৰি ৰখাতো যুক্তিহীন।

(৪) সমাজৰ অভিজাত শ্ৰেণীৰ দুৰ্গঃ লৰ্ডছ সভা হৈছে সমাজৰ অভিজাত শ্ৰেণী তথা আঢ্যৱন্ত শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰা এক সদন। সেই কাৰণে ৰামচো মূৰে কৈছে যে লৰ্ডছ সভা হৈছে আঢ্যৱন্ত শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰা এক সদন। এই সদনে সদাই পুঁজিপতিসকলৰ স্বাৰ্থৰক্ষাৰ কাৰণেহে কাম কৰে। লৰ্ডছ সভা উন্নয়নমূলক আৰু সমাজসংস্কাৰমূলক আইন প্ৰণয়নৰ পক্ষপাতী নহয়।

(৫) সংস্কাৰমূলক আইনৰ প্ৰতি বিৰোধিতাঃ এই সদনে সংস্কাৰমূলক আইনৰ বিৰোধিতা কৰে। উচ্চ সদনে সদায় সংৰক্ষণশীল নীতিকহে স্বীকাৰ কৰে। ৰক্ষণশীল দলে চৰকাৰ গঠন কৰিলে এই সদনে এখন কাৰ্যক্ষম সদন হিচাপে কাৰ্যনিৰ্বাহ কৰা দেখা যায়। এই সদনে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সংস্কাৰমুখী বিধি - বিধান ৰূপায়ণত বাধাৰহে সৃষ্টি কৰে।

২০/ কমন্স সভাৰ বিষয়ে লিখা?

উত্তৰঃ কমন্স সভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হল -

গঠনঃ কমন্স সভাই হৈছে জনসাধাৰণৰ প্ৰতিনিধিৰে গঠিত সদন। বৰ্তমান ইয়াৰ সদস্য সংখ্যা ৩৩৫ জন। ইয়াৰ ভিতৰত ইংলেণ্ডৰ পৰা ৫১৬ জন, ৱেলছৰ পৰা ৩৬ জন, স্কটলেণ্ডৰ পৰা ৭১ জন আৰু উত্তৰ আয়াৰলেণ্ডৰ পৰা ১২ জন সদস্যক নিৰ্বাচন কৰা হয়। নিৰ্বাচনৰ সুবিধাৰ কাৰণে সমগ্ৰ দেশখনক ৬৩৫ টা সমষ্টিক ভাগ কৰা হয়। সাধাৰণতে ৭০ হেজাৰ ভোটদাতাৰ মাজৰ পৰা এজন সদস্য নিৰ্বাচিত কৰা কৰা হয়। সাৰ্বজনীন ভাটোধিকাৰ ভিত্তিত ৮ বছৰ বয়সপ্ৰাপ্ত সকলো ব্ৰিটিছ নাগৰিকে পুৰুষ - মহিলা নিৰ্বশেষে কমন্স সভাৰ সদস্যসকলক নিৰ্বাচিত কৰে।

ক্ষমতাঃ কমন্স সভাৰ সদস্য হবলৈ এজন প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ কম হব নালাগিব। তেওঁ ইংলেণ্ডৰ নাগৰিক হব লাগিব। ১৯৫৭ চনৰ আইন অনুসৰি তেওঁ পগলা, দেউলীয়া, দুৰ্নীতিগ্ৰস্ত আৰু অপৰাধমূলক কাৰ্যৰ লগত জড়িত দণ্ডিত ব্যক্তি, ইংলেণ্ড আৰু স্কটলেণ্ডৰ গীৰ্জাৰ যাজক, ৰোমান কেথলিক গীৰ্জাৰ পুৰোহিত, চৰকাৰী চাকৰিয়াল আদি ব্যক্তিয়ে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী হব নোৱাৰিব। ১৯৬৩ চনৰ পীয়েৰেজ আইন অনুসৰি বংশানুত্ৰুমিকভাৱে লৰ্ডছ সভাৰ সদস্যপদ লাভ কৰা ব্যক্তিয়ে লৰ্ডছ উপাধি ত্যাগ কৰি কমন্স সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

কাৰ্যকালঃ কমন্স সভা হৈছে জনপ্ৰতিনিধিৰে গঠিত সদন। গতিকে ই লৰ্ডছ সভাৰ দৰে স্থায়ী সদন নহয়। ইয়াক ব্ৰিটিছ নাগৰিকে ৫ বছৰৰ কাৰণে নিৰ্বাচিত কৰে। অৱশ্যে প্ৰধান মন্ত্ৰীৰ উপদেশ অনুসৰি ৰজা ৰাণীয়ে নিৰ্দিষ্ট কাৰ্যকাল অৰ্থাৎ ৫ বছৰৰ আগতেই ইয়াক ভংগ কৰিব কৰিব পাৰে। ৰজা - ৰাণীয়ে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱনাৰ ওপৰত প্ৰধান মন্ত্ৰীয়ে ৰজা - ৰাণীক এনে পৰামৰ্শ প্ৰদান কৰে। 

২১/ কমন্স সভাৰ সদস্যসকলৰ অধিকাৰসমূহ উল্লেখ কৰা?

উত্তৰঃ কমন্স সভাৰ সদস্যসকলৰ অধিকাৰসমূহ তলত উল্লেখ কৰা হ'ল -

(১) ফৌজদাৰী গোচৰৰ বাহিৰে কোনো দেৱানী গোচৰ সম্পৰ্কত কোনো সদস্যকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ ৪০ দিন আগৰ পৰা অধিৱেশন শেষ হোৱাৰ ৪০ দিন পিছলৈকে কোনো সদস্যক আটক কৰিব নোৱাৰে।

(২) কমন্স সভাৰ সদস্যসকলৰ আন এক অদিকাৰ হৈছে বাক্ - স্বাধীনতা। সংসদত মতামত প্ৰকাশৰ অভিযোগত কোনো সদস্যৰ বিৰুদ্ধে গোচৰ তৰিব নোৱাৰে। অৱশ্যে কোনো সদস্যই সংসদৰ নিয়ম অৱমাননা কৰিলে বা অশালীন ব্যৱহাৰ কৰিলে সংশ্লিষ্ট সদস্যৰ বিৰুদ্ধে অধ্যক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(৩) কমন্স সভাৰ সদস্যসকলে সমূদীয়াভাৱে অধ্যক্ষৰ জৰিয়তে ৰজা - ৰাণীক সাক্ষাৎ কৰাৰ অধিকাৰ আছে।

(৪) কমন্স সভাই ইয়াৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰয়োজন হলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি সদস্যসকলে আভ্যন্তৰীণ কাৰ্যপ্ৰণালী নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব পাৰে। ইয়াৰ উপৰি সদস্যসকলে আভ্যন্তৰীণ কাৰ্যকলাপ নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব পাৰে।

(৫) ১৯৭২ চনৰ দৰমহা আইন অনুসৰি কমন্স সভাৰ প্ৰতিজন সদস্যই বছৰত ৪৫০০০ পাইণ্ড বেতন লাভ কৰে। অৱশ্যে সদস্যসকলে এই বেতনৰ বিপৰীতে আয়কৰ দিব লগা হয়। ইয়াৰ উপৰি যাতায়াত, চিছি - পত্ৰ, টেলিফোন আদিৰ বাবদ ১০৫০ পাউণ্ড ধন আয়কৰমুক্তভাৱে লাভ কৰে। সদস্যসকলে অৱসৰৰ পাছতো ভাট্টা লাভ কৰে।

২২/ কমন্স সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ কমন্স সভাৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) আইন প্ৰণয়ন ক্ষমতাঃ ১৯১১ চনৰ আইনৰ আগলৈকে ব্ৰিটিছ সংসদৰ দুয়োটা সদন সমান ক্ষমতা অধিকাৰী আছিল। কিন্ত ইয়াৰ পিছৰে পৰা কমন্স সভাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পালে। আৰু লৰ্ডছ সভাৰ ক্ষমতা বহু সংকুচিত হৈ আহিল। ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ প্ৰতিখন বিধেয়ক কমন্স সভাত প্ৰথমে উত্থাপিত হয়। কমন্স সভাৰ সন্মতিৰ অবিহনে কোনো বিধেয়ক আইনত পৰিণত নহয়। ১৭০৭ চনৰ পৰা বৰ্তমানলৈকে ৰজা - ৰাণীয়ে কোনো বিধেয়ক স্বাক্ষৰ দান নকৰাকৈ থকা নাই। এই দৃষ্টিকোণৰ পৰা ৰজা - ৰাণীৰ ভেটো প্ৰদানৰ ক্ষমতা আছে বুলিয়েই কব পাৰি। গতিকে ব্ৰিটিছ সংসদত কমন্স সভাক আইন প্ৰণয়নৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী বুলি কব পৰা যায়।

(২) ন্যায়িক ক্ষমতাঃ ব্ৰিটিছ কমন্স সভাৰ ন্যায়িক ক্ষমতা তেনেই সীমিত। ন্যায়িক ক্ষমতা লাভ কৰে লৰ্ডছ সভা হৈছে ইংলেণ্ডৰ সৰ্বোচ্চ আপীল আদালত। অৱশ্যে ব্ৰিটিছ নিম্নসদন কমন্স ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। অধ্যক্ষইও তেনে ব্যক্তিক বা সদস্যক সদনকক্ষ ত্যাগ কৰিবলৈ আদেস দিব পাৰে। গতিকে ন্যায়িক ক্ষমতাৰ ক্ষেত্ৰত কমন্স সভাৰ তেনেই সীমিত ক্ষমতাহে আছে।

(৩) তদন্তমূলক ক্ষমতাঃ কিছুমান বিষয়ৰ ওপৰত কমন্স সভাই তদন্তমূলক কাৰ্যও সম্পাদন কৰিব লগা হয়। কমন্স সভাই বিভিন্ন সমিতিসমূহৰ জৰিয়তে এনে তদন্তমূলক কাৰ্য সম্পন্ন কৰে। এনে সমিতিয়ে অনুসন্ধান তথ্য সংগ্ৰহ, সাক্ষ্য গ্ৰহণ আদিৰ জৰিয়তে এনে তদন্তমূলক কাৰ্য সম্পাদন কৰি প্ৰতিবেদন দাখিল কৰে। এনে প্ৰতিবেদনৰ ভিত্তিত কমন্স সভাই আলোচনাৰ মাধ্যমেৰে কাৰ্য সম্পন্ন কৰে। 

(৪) জনসংযোগমূলক ক্ষমতাঃ কমন্স সভা হৈছে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠন কৰা সদন। গতিকে এি সদনে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ সদস্যসকলে চৰকাৰৰ মনোভাৱ জনসাধাৰণক আৰু জনসাধাৰণৰ মনোভাৱ চৰকাৰক অৱগত কৰে। বিশেষকৈ ইয়াৰ সদস্যসকলে নিজ নিজ এলেকাৰ অভাৱ - অভিযোগ, প্ৰস্তাৱ আদি উত্থাপন কৰি চৰকাৰৰ সৃষ্টি আকৰ্ষণ কৰাত সহায় কৰে. চৰকাৰেও এনেবোৰ সমস্যা সমাধান কৰাত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ সক্ষম হয়।

(৫) প্ৰশিক্ষণ কেন্দ্ৰঃ বহুতে কমন্স সভাক সু - নেতৃত্ব বাছনি কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ বুলি অভিহিত কৰিব বিচাৰে। চিদনী লিউৱে মত প্ৰকাশ কৰিছে যে কমন্স সদনে ভৱিষ্যতে নেতৃস্থানীয় ব্যক্তিসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। যিসকল সদস্যই ব্যক্তিত্বসম্পন্নভাৱে নিজৰ দক্ষতাৰে বিভিন্ন কাৰ্যত্ৰুমনিকা দেখুৱাবলৈ সক্ষম হয়, সেইসকল সদস্যই দেশৰ ভৱিষ্যতৰ নেতৃত্ব বহন কৰি মন্ত্ৰীসভাৰ সদস্য হিচাপে দেশসেৱাৰ কৰিবলৈ সুবিধা লাভ কৰিব পাৰে। 

২৩/  লৰ্ডছ সভা আৰু কমন্স সভাৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ তলত দুয়োটা সদনৰ মাজৰ সম্পৰ্ক তথা প্ৰভেদ মনূহৰ বিষয়ে আলোচনা কৰা হল -

(১) গঠনঃ গঠনৰ ফালৰ পৰা দুয়োটা সদনৰ মাজত সাংগঠনিক পাৰ্থক্য আছে। কাৰণ নিম্ন সদন কমন্স সভা হৈছে জনপ্ৰতিনিধিৰে গঠিত এখন সদন। ইয়াত সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতি পৰিলক্ষিত হয়। আনহাতে লৰ্ডছ সভা গণতান্ত্ৰিক পদ্ধতিত গঠন কৰা নহয়। ইয়াৰ সদস্যসকলৰ মনোনীত কৰে, পদেন সদস্য হিচাপে বা বংশানুত্ৰুমিক সদস্য হিচাপেহে দেখা পোৱা যায়।

(২) কাৰ্যকালঃ লৰ্ডছ সভা হৈছে অখন স্থায়ী সদন। বংশানুত্ৰুমিক সদস্যসকলে আজীৱন এই সদনৰ কাৰ্যকাল ভোগ কৰিব পাৰে। তেওঁলোকৰ সদস্যপদ হেৰুওৱাৰ আশংকা নাথাকে। কিন্ত কমন্স সভাৰ কাৰ্যকাল ৫ বছৰ। প্ৰধান মন্ত্ৰীৰ নিৰ্দেশত্ৰুমে ৰজা বা ৰাণীয়ে এই কাৰ্যকাল শেষ হোৱাৰ আগতেই এই সদন ভংগ কৰি দিব পাৰে। কমন্স সভাৰ সদস্যসকলে ভোটাৰসকলক আকৰ্ষিত কৰি ৰাখিব লাগে, অন্যথা ভৱিষ্যতে তেওঁলোক আন দলৰ প্ৰতি আকৰ্ষিত হব পাৰে।

(৩) আইন প্ৰণয়নঃ সাধাৰণতে আইন প্ৰণয়নত দুয়োখন সদন সমান বুলি কলেও বাস্তৱিকতে কমন্স সভাৰহে ক্ষমতা বেছি হোৱা দেখা যায়। সাধাৰণ বিধেয়ক দুয়োখন সদনতে উত্থাপন কৰিব পাৰে, কিন্ত গুৰুত্বপূৰ্ণ বিধেয়ক কেৱল কমন্স সভাতহে উত্থাপন কৰে। যিকোনো সাধাৰণ বিধেয়ক আইনত পৰিণত হবলৈ হলে দুয়োখন সদনৰ সন্মতিৰ প্ৰয়োজন। কিন্ত লৰ্ডছ সভাই সাধাৰণ বিধেয়ক এবছৰলৈহে পলম কৰিব পাৰে।

(৪) চৰকাৰ গঠনঃ চৰকাৰ গঠনৰ ক্ষেত্ৰত কমন্স সভাৰহে গুৰুত্বপূৰ্ণ ভূমিকা আছে। কমন্স সভাত সাধাৰণ নিৰ্বাচনৰ পিছত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেইটো দলে চৰকাৰ গঠন কৰিব পাৰে। তেওঁলোকে ব্যক্তিগত বা সামূহীয়াভাৱে কমন্স সভাৰ ওচৰত দায়বদ্ধ। চৰকাৰৰ সদস্যসকল লৰ্ডছ সভাৰ ওচৰত দায়বদ্ধ নহয়। গতিকে চৰকাৰ গঠনৰ ক্ষেত্ৰত লৰ্ডছ সভাৰ ভূমিকা নিচেই সীমিত।

(৫) কাৰ্যপালিকা নিয়ন্ত্ৰণঃ কাৰ্যপালিকাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লৰ্ডছ সভাৰ ক্ষমতা নাই। কমন্স সভাইহে প্ৰকৃত কাৰ্যপালিকা নিয়ন্ত্ৰণ কৰিব পাৰে। ইংলেণ্ডৰ মন্ত্ৰীসভা গঠন কৰা হয় কমন্স সভাৰ পৰা। সাধাৰণ নিৰ্বাচনৰ পিছত কমন্স সভাত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই দলে চৰকাৰ গঠন কৰিব পাৰে। তেওঁলোকে ব্যক্তিগত আৰু সমূহীয়াভাৱে কমন্স সভাৰ ওচৰত দায়িত্বশীল হৈ থাকে। কমন্স সভাই মঞ্জুৰী প্ৰত্যাখান বা অনাস্থা প্ৰস্থাৱৰ দ্বাৰা মন্ত্ৰীসভাক পদচ্যুত কৰিব নোৱাৰে। লৰ্ডছ সভাত পৰাজয় বৰণ কৰিলে মন্ত্ৰীসভাই পদত্যাগ কৰিব লাগে।

(৬) বিত্ত নিয়ন্ত্ৰণঃ বিত্তীয় সংত্ৰুান্ত প্ৰকৃত ক্ষমতা কমন্স সভাৰ হাতত ন্যস্ত কৰা হৈছে। লৰ্ডছ সভাৰ তেনেই সীমিত ক্ষমতাহে আছে। বিত্তীয় সংত্ৰুান্ত বিধেয়ক ইংলেণ্ডত কেৱল নিম্ন সদন কমন্স সভাতহে উত্থাপন কৰিব পাৰে। কমন্স সভাই অনুমোদন জনালে বিধেয়ক লৰ্ডছ সভালৈ পঠোৱা হয়। লৰ্ডছ সভাই বিত্তীয় বিধেয়ক মাত্ৰ এমাহ সময়হে ৰাখিব পাৰে। এই সময়ৰ ভিতৰত অনুমোদন নজনালে কমন্স সভাই অনুমোদন জনাইছে বুলি ধৰি লৈ ৰজা বা ৰাণীৰ সন্মতিৰ কাৰণে পঠায়। 

(৭) সংবিধান সংশোধনঃ সংবিধান সংশোধনৰ ক্ষেত্ৰতো লৰ্ডছ সভাৰ তুলনাত কমন্স সভাৰ ক্ষমতাহে অধিক। সংবিধানী সংশোধন বিধেয়ক দুয়োখন সদনতে উত্থাপন কৰিব পাৰি। যদিও গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়ক কমন্স সভাতহে উত্থাপন কৰিব পাৰি। ইংলেণ্ডত সাধাৰণ আইন আৰু সাংবিধানিক আইনৰ মাজত কোনো প্ৰভেদ নাই। যিহেতু ইংলেণ্ডত নমনীয় পদ্ধতি অনুসৰণ কৰা হয়, গতিকে সংবিধান সংশোধনী বিধেয়ক সাধাৰণ সাধাৰণ বিধেয়ক গৃহীত কৰাৰ দৰে গ্ৰহণ কৰিব পাৰি।

 ২৪/ ব্ৰিটেইনৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা?

উত্তৰঃ ব্ৰিটেইনৰ দলীয় ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল -

(১) দ্বি-দলীয় ব্যৱস্থাঃ দ্বি-দলীয় ব্যৱস্থা ব্ৰিটেইনৰ দলীয় ৰাজনীতিৰ প্ৰধান তথা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। যেতিয়া এখন ৰাষ্ট্ৰত প্ৰায় সমান ক্ষমতাসম্পন্ন দুটা ৰাজনৈতিক দলৰ ব্যৱস্থা থাকে দ্বি-দলীয় ব্যৱস্থা বোলা হয়। এই দুই দলৰ সংখ্যাগৰিষ্ঠতা লাভ কৰা দলে চৰকাৰ গঠন কৰে আৰু আনটো দলে বিৰোধী হিচাপে বিধানমণ্ডলত বিভিন্ন কাৰ্য সম্পাদন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড আদিত দ্বি-দলীয় ব্যৱস্থা আছে।

(২) নিজস্ব দলীয় আদৰ্শ আৰু কাৰ্যসূচীঃ প্ৰতিটো প্ৰধান দলৰ নিজা নিজা দলীয় আদৰ্শ আৰু কাৰ্যসূচী আছে। নিৰ্বাচনৰ সময়ত নিজা নিজা দলীয় ইস্তাহাৰৰ জৰিয়তে দলসমূহে এই আদৰ্শ আৰু কাৰ্যসূচী প্ৰচাৰ কৰি ভোটাৰসকলক অৱগত কৰে। ভোটাৰসকলে সংশ্লিষ্ট কাৰ্যসূচীৰ ভিত্তিত ভোট দি চৰকাৰ গঠন কৰে আৰু চৰকাৰেও পৰৱৰ্তী সময়ত কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰে।

(৩) শ্ৰেণীভিত্তিক দলৰ অনুপস্থিতিঃ ইংলেণ্ডৰ ৰাজনৈতিক দলসমূহ শ্ৰেণীভিত্তিক বুলি কব নোৱাৰি। বাস্তৱ ক্ষেত্ৰত দলত কেৱল পুঁজিপতিসকলে অংশগ্ৰহণ নকৰে, বৰং ইয়াত মধ্যবিত্ত শ্ৰেণীৰো অংশগ্ৰহণ কৰা দেখা যায়। আনহাতে, শ্ৰমিক দলত কেৱল শ্ৰমিক শ্ৰেণীয়ে অংশ নলয়, ইয়াটো মধ্যবিত্ত শ্ৰেণীৰ অংশগ্ৰহণ কৰা দেখা যায়।

(৪) শান্তিপূৰ্ণ পৰিৱৰ্তনৰ ওপৰত আস্থাঃ ব্ৰিটেইনৰ দলীয় ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল গ্ৰেট ব্ৰিটেইনৰ জনসাধাৰণ আৰু ৰাজনৈতিক দলবিলাকে বিপ্লৱৰ পৰিৱৰ্তে সাংবিধানিক উপায়েৰে যিকোনো ধৰণৰ পৰিৱৰ্তনৰ পোষকতা কৰে। আন কথাত ৰাজনৈতিক দলবিলাকে সাংবিধানিকভাৱেহে চৰকাৰৰ ক্ষমতা আহৰণৰ পোষকতা কৰে।

(৫) সু-সংগঠিত বিৰোধী দলৰ অৱস্থিতিঃ সু-সংগঠিত আৰু শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ অৱস্থিতি ব্ৰিটেইনৰ ৰাজনৈতিক দলৰ অৱস্থিতি ব্ৰিটেইনৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ আন এক লেখত লবলগীয়া বৈশিষ্ট্য। সংসদৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰা দলটোৰ চৰকাৰ গঠন হয়। ব্ৰিটেইনৰ দ্বিদলীয় ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা ৰাষ্ট্ৰীয় ৰাজনীতিত অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। 

২৫/ ব্ৰিটেইনৰ স্বাৰ্থান্বেষী গোটৰ বিষয়ে লিখা? 

উত্তৰঃ প্ৰভাৱ গোষ্ঠী আৰু স্বাৰ্থন্বেষী গোটঃ আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক দলৰ উপৰি আন আন বহুতো গোট, গোষ্ঠী আৰু সংস্থা আছে. এইবোৰৰ জৰিয়তেও নাগৰিকসকলে চৰকাৰী আৰু ৰাজনৈতিক কাৰ্ষ - কলাপৰ লগত জড়িত হৈ পৰে আৰু অংশগ্ৰহণ কৰে। বিভিন্ন কাৰণত কিছুমান নাগৰিকে ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হব নোখোজে, তাৰ পৰা যিমান পাৰে আঁতৰি থাকে। কিন্ত গোষ্ঠীগত সমূহীয়া স্বাৰ্থ আৰু সহানুভূতিৰ বাবে, তেওঁলোকে কিছুমান বাণিজ্যিক, ঔদ্যোগিক, সাংস্কৃতিক, সাহিত্যিক আৰু বৃত্তিমূলক গোট বা সংস্থাৰ মাধ্যমিক দেশৰ চৰকাৰ আৰু ৰাজনীতিৰ কাৰ্যকলাপৰ ওপৰত হেঁচা বা প্ৰভাৱ পেলাবলগীয়া হয়। ।

    প্ৰভাৱগোষ্ঠীঃ 'প্ৰভাৱ গোষ্ঠী' আধুনিক ৰাজনীতি আৰু শাসন ব্যৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য। যি বেচৰকাৰী সংস্থাই নিজৰ সদস্যৰ স্বাৰ্থ পূৰণৰ বাবে চৰকাৰৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হেঁচা প্ৰয়োগ কৰিবলৈ গঠিত হয়, তাকে প্ৰভাৱ গোষ্ঠী বোলে। বিশিষ্ট লেখক এইচ্ জেইগ্লাৰৰ মতে, মানুহৰ যি সংগঠিত সমষ্টিয়ে কোনো সদস্যক আনুষ্ঠানিকভাৱে চৰকাৰৰ লগত জড়িত নকৰাকৈ, চৰকাৰী সিদ্ধান্তৰ বিষয়ত প্ৰভাৱ পেলাব বিচাৰে তাকে প্ৰভাৱগোষ্ঠী বোলে।  আন এজন লেখক চিন্তাবিদ এইচ্ এ. টাৰ্ণাৰে এ প্ৰায় একেধৰণৰ সংজ্ঞা দি কৈছে যে, প্ৰভাৱগোষ্ঠীবোৰ হল কিছুমান নিৰ্দলীয় লোকৰ সংগঠন যিয়ে চৰকাৰী নীতিৰ কোনো এটা পৰ্যায়ত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে।

    প্ৰভাৱগোষ্ঠীবোৰে বিভিন্ন দেশৰ ৰাজনৈতিক কাৰ্যাৱলীত বিভিন্ন প্ৰকাৰে প্ৰভাৱ পেলোৱা দেখা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত প্ৰভাৱগোষ্ঠীবোৰে বহুতো ক্ষেত্ৰত সিদ্ধান্তকাৰী প্ৰভাৱ পেলোৱা দেখা যায়। ইংলেণ্ড আৰু ভাৰতৰ নিচিনা সংসদীয় শাসন ব্যৱস্থাত এই গোষ্ঠীবোৰক বেছি প্ৰশ্ৰয় দিয়া নহয়। স্বাধীনতাৰ পৰৱৰ্তী কালত ভাৰতৰ ৰাজনীতিতো ভালেমান প্ৰভাৱগোষ্ঠী গঢ় লৈ উঠিছে।

২৬/ প্ৰভাৱগোষ্ঠীৰ বৈশিষ্ট্যসমূহ লিখা?  

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) প্ৰভাৱগোষ্ঠীবোৰ হল কিছুমান স্বাৰ্থান্বেষী লোকৰ বেচৰকাৰী সংস্থা। নিজৰ স্বাৰ্থপূৰণ কৰাত ইয়াৰ মূল লক্ষ্য।

(২) প্ৰভাৱগোষ্ঠীবোৰ অৰাজনৈতিক সংগঠন। দেশৰ সাম্প্ৰতিক ৰাজনীতিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাথাকে।

(৩) এই গোষ্ঠীবোৰৰ নিজস্ব কোনো মতাদৰ্শ, নীতি বা কাৰ্যসূচী নাথাকে। যিকোনো মতাদৰ্শৰ ৰাজনৈতিক দলৰ লগত সময়ে সময়ে মিলি পৰে আৰু নিজৰ স্বাৰ্থ পূৰণ কৰে।

(৪) প্ৰভাৱগোষ্ঠীবোৰে সদায়ে নেপথ্যত থাকিহে কাম কৰে। চৰকাৰৰ প্ৰশাসনীয় বিভাগ আৰু আইন প্ৰণয়ন বিভাগৰ ওপৰত ই বাহিৰৰ পৰা হেঁচা প্ৰয়োগ কৰে।

(৫) প্ৰভাৱগোষ্ঠীবোৰে নিজৰ স্বাৰ্থ পূৰণৰ বাবে জাতীয় বা ৰাজহুৱা স্বাৰ্থক আওকাণ কৰিব পাৰে। এনেকে বহুতো ক্ষেত্ৰত দুৰ্নীতি আৰু অসৎ কাৰ্যৰো আশ্ৰয় লোৱা দেখা যায়।

২৭/ প্ৰভাৱগোষ্ঠীৰ ভূমিকাৰ বিষয়ে লিখা?

উত্তৰঃ আধুনিক যুগৰ শাসন ব্যৱস্থাত ৰাষ্ট্ৰৰ আইন প্ৰণয়ন আৰু প্ৰশাসনীয় কাৰ্যাৱলীত প্ৰভাৱগোষ্ঠীবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পৃথিৱীৰ বিভিন্ন দেশৰ শাসন ব্যৱস্থাত প্ৰভাৱগোষ্ঠীবোৰে নীতি নিৰ্ধাৰণ আৰু আইন প্ৰণয়নত এক উল্লেখযোগ্য সিদ্ধান্তকাৰী প্ৰভাৱ পেলোৱা দেখা যায়। ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থাৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰি ভাৰতৰ নিচিনা সংসদীয় শাসন ব্যৱস্থাৰ দেশতো এই প্ৰভাৱ গোষ্ঠীবোৰৰ প্ৰভাৱ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ভাৰত আদি কিছুমান দেশত আটাইতকৈ প্ৰভাৱশালী গোষ্ঠী হল ব্যৱসায়ী গোষ্ঠীটো। ভাৰতৰ শক্তিশালী ৰাজনৈতিক দলবোৰৰ পুঁজিলৈ শকত পৰিমাণৰ দান - বৰঙণি আগবঢ়ায়। 

    আনহাতে, পৃথিৱীৰ বিভিন্ন দেশৰ শ্ৰমিক সংঘবোৰে ৰাজনীতিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰক্যেক ৰাজনৈতিক দলৰ লগতে শ্ৰমিক সংগঠনবোৰৰ সম্পৰ্ক থাকে। এই শ্ৰমিক সংগঠনবোৰেও চৰকাৰৰ আইন প্ৰণয়ন আৰু প্ৰশাসনীয় কাম - কাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। চৰকাৰে এনেকুৱা কোনো সংগঠনকে অসন্তষ্ট কৰিব নোৱাৰে।

    প্ৰভাৱ গোষ্ঠীবোৰে নিজৰ স্বাৰ্থপূৰণ কৰিবলৈ যাওঁতে বহুতো ক্ষেত্ৰত দেশৰ তথা জাতীয় স্বাৰ্থৰ যথেষ্ট ক্ষতিসাধন কৰা দেখা যায়। অনেক ক্ষেত্ৰত কল্যাণকামী আইন আদি প্ৰণয়ন কৰাত যথেষ্ট বাধাৰ সৃষ্টি কৰে বা তাক কাৰ্যকৰী কৰি তোলাত বিলম্ব কৰা দেখা যায়। বহুতো ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰী বা সাংসদসকলক ভেটি বা তেওঁলোকৰ সম্বন্ধীয় ব্যক্তিক উচ্চ পৰ্যায়ৰ চাকৰি - বাকৰি দি হলেও এই গোষ্ঠীবোৰে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ চেষ্টা কৰে। ভাৰতৰ ৰাজনীতিত বৰ্তমান তেনে কিছুমান গোষ্ঠীয়ে স্বাৰ্থপৰ মন্ত্ৰী - কৰ্মচাৰীক প্ৰলোভিত কৰি দেশৰ তথা জনসাদাৰণৰ যথেষ্ট ক্ষতিসাধন কৰিছে, যাৰ বাবে আজি পঞ্চাশ শতাংশ লোকেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

২৮/ প্ৰভাৱগোষ্ঠীৰ কাৰ্যাৱলীবোৰ উল্লেখ কৰা?

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰ কাৰ্যাৱলীবোৰ তলত উল্লেখ কৰা হল -

(১) সদস্যৰ স্বাৰ্থ ৰক্ষা কৰাঃ প্ৰভাৱ গোষ্ঠীৰ প্ৰথম আৰু প্ৰধান কাম হল নিজৰ সংগঠনৰ সদস্যৰ স্বাৰ্থৰক্ষাৰ হকে এনে গোষ্ঠীয়ে চৰকাৰৰ নীতি আৰু আঁচনিবোৰৰ কা - খবৰ ৰাখি থাকে।

(২) যোগাযোগ ৰক্ষাৰ কৰাঃ প্ৰভাৱগোষ্ঠীৰ আন এটা প্ৰধান কাম হল চৰকাৰৰ নীতি নিৰ্ধাৰণ বিভাগৰ বিষয়া - কৰ্মচাৰীৰ লগত সততে যোগাযোগ ৰক্ষা কৰি থকা। তেওঁলোকৰ স্বাৰ্থৰ লগত জড়িত থকা কাম - কাজৰ সকলো প্ৰকাৰ খা - খবৰৰ বাবে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি থাকে।

(৩) ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰক্ষাঃ প্ৰভাৱগোষ্ঠীবোৰে শাসক দলৰ উপৰি বিৰোধী দলবোৰৰ লগতো সম্পৰ্ক ৰক্ষা কৰি চলে। জনমত আদি গঠনৰ ক্ষেত্ৰত ই ৰাজনৈতিক দলৰ লগত লগলাগি কাম কৰে।

(৪) নিৰ্বাচনী কাৰ্যঃ প্ৰভাৱগোষ্ঠী নিজৰ স্বাৰ্থপূৰণৰ উদ্দেশ্যত সহায় কৰিব পৰা প্ৰাৰ্থীৰ বাবে নিৰ্বাচিত প্ৰচাৰ অভিযানত সত্ৰুিয়ভাৱে অংশ গ্ৰহণ কৰে আৰু বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কৰে।

(৫) ৰাজনৈতিক সচেতনতা সৃষ্টিৰ কাৰ্যঃ প্ৰভাৱগোষ্ঠীবোৰে কোনো ক্ষেত্ৰত ৰাজনৈতিক পৰিৱেশ এটা সৃষ্টি কৰাৰ উদ্দেশ্যে আন্দোলন, বিক্ষোভ, ধৰ্মঘট আদিৰ নিচিনা কামতো সহযোগ কৰে।

২৯/ প্ৰভাৱগোষ্ঠী আৰু স্বাৰ্থান্বেষী গোটৰ পাৰ্থক্যসমূহ লিখা?

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰ আৰু স্বাৰ্থান্বেষী গোটৰ পাৰ্থক্যসমূহ তলত ফল্লেখ কৰা হল -

(১) প্ৰভাৱগোষ্ঠীৰ পৰিসৰ স্বাৰ্থান্বেষী গোটৰ তুলনাত বহল আৰু ব্যাপক, আনহাতে, স্বাৰ্থান্বেষী গোটৰ পৰিসৰ ঠেক আৰু ক্ষুদ্ৰ, যেনে - ব্যৱসায়িক প্ৰভাৱগোষ্ঠীৰ তুলনাত পৰিয়াল বা উদ্যোগভিত্তিক স্বাৰ্থান্বেষী গোটৰ পৰিসৰ যথেষ্ট ঠেক আৰু ক্ষুদ্ৰ।

(২) প্ৰভাৱগোষ্ঠীয়ে সদায়েই নেপথ্যত থাকিহে চৰকাৰৰ কাম - কাজৰ ওপৰত প্ৰভাৱ আৰু হেঁচা প্ৰয়োগ কৰিব বিচাৰে। কিন্ত স্বাৰ্থান্বেষী গোটে প্ৰকাশ্যে সভা - সমিতি পাতি, আন্দোলন, প্ৰতিবাদ আদি কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি দাবী পীৰণ কৰিব বিচাৰে।

(৩) প্ৰভাৱগোষ্ঠীৰ কোনো ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাধাকে। নাইবা কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শকো সমৰ্থন নকৰে, কিন্ত আনহাতে, স্বাৰ্থান্বেষী গোটবোৰে কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰে। আনকি বহুতো গোটে কোনো বিশেষ ৰাজনৈতিক মতাদৰ্শ সমৰ্থন কৰিবও পাৰে।

(৪) প্ৰভাৱগোষ্ঠীয়ে নিজৰ গোষ্ঠীৰ সদস্যৰ স্বাৰ্থ পূৰণৰ উপৰিও উমৈহতীয়া কল্যাণমূলক কামৰ বাবেও চেষ্টা কৰে, কিন্ত স্বাৰ্থান্বেষী গোটে কেৱল নিজৰ সদস্যৰ স্বাৰ্থ পূৰণৰ বাবেহে চেষ্টা কৰে, সমূহীয়া স্বাৰ্থাৰ কথা নাভাবে।

৩০/ প্ৰভাৱগোষ্ঠী আৰু ৰাজনৈতিক দলৰ পাৰ্থক্যসমূহ লিখা?

উত্তৰঃ প্ৰভাৱগোষ্ঠী আৰু ৰাজনৈতিক দলৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হল -

(১) ৰাজনৈতিক দলৰ সংগঠন সমগ্ৰ দেশ বা ৰাজ্য জুৰি হয়, ইয়াৰ পৰিসৰ ব্যাপক। ৰাজনৈতিক দলৰ স্বাৰ্থ সমগ্ৰ দেশৰ স্বাৰ্থৰ লগত জড়িত থাকে। কিন্ত প্ৰভাৱগোষ্ঠীৰ সংগঠন এটা অঞ্চলৰ, এটা শ্ৰেণী বা গোষ্ঠীৰ সংগঠন, ইয়াৰ স্বাৰ্থ আৰু পৰিসৰ ক্ষুদ্ৰ আৰু সীমিত।

(২) প্ৰত্যেক ৰাজনৈতিক দলৰ নিৰ্দিষ্ট নীতি, মতবাদ, কাৰ্যসূচী আদি থাকে। কিন্ত প্ৰভাৱগোষ্ঠীৰ তেনে নিজস্ব নীতি, মতবাদ বা কাৰ্যসূচী নাথাকে।

(৩) ৰাজনৈতিক দলবোৰৰ সংগঠন তুলনামূলকভাৱে দৃঢ়, সহজে ভাগি নাযায়। কিন্ত প্ৰভাৱগোষ্ঠীবোৰৰ সংগঠন দৃঢ় নহয়, কোনো সদস্যৰ স্বাৰ্থ পূৰণ নহলে, স্বাৰ্তত আঘাত হলে ই ভাগি যাবও পাৰে।

(৪) ৰাজনৈতিক দলবোৰে নিজৰ কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰিবলৈ সন্মুখ সমৰত অৱতীৰ্ণ হয়, আন্দোলন, শোভাযাত্ৰা, সভা-সমিতি পাতি জনসাধাৰণক আকৰ্ষিক কৰিব বিচাৰে, কিন্ত প্ৰভাৱগোষ্ঠীবোৰ সন্মুখলৈ নাহি নেপথ্যত থাকিহে কাম কৰে, তেওঁলোকে পৰোক্ষভাৱে হেঁচাহে প্ৰয়োগ কৰে।

(৫) প্ৰভাৱগোষ্ঠীৰ সদস্যৰ ব্যক্তিস্বাৰ্থ ৰক্ষাৰ বাবেহে গোষ্ঠীটোৱে কাম কৰে। ব্যক্তিগত স্বাৰ্থৰক্ষা কৰাই ইয়াৰ মূল উদ্দেশ্য। কিন্ত ৰাজনৈতিক দলত ব্যক্তিগত স্বাৰ্থৰ স্থান নাই। দেশৰ স্বাৰ্থ বা জাতীয় স্বাৰ্থ সকলোৰে ওপৰত। ৰাজনৈতিক দলৰ সদ্যই ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰিও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ কৰিবলৈ আগবাঢ়ি আহিব লাগে।

৩১/ ব্ৰিটেইনৰ প্ৰভাৱগোষ্ঠীৰ বিষয়ে লিখা?

উত্তৰঃ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱগোষ্ঠীবিলাকে এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অৱশ্যে যদিওবা প্ৰভাৱগোষ্ঠীবিলাকে চৰকাৰৰ অংগবিলাকৰ ওপৰত প্ৰভাৱ পেলায়। তথাপি আমেৰিকাৰ প্ৰভাৱগোষ্ঠীবিলাকৰ তুলনাত ইংলেণ্ডৰ প্ৰভাৱশালী গোটবিলাকৰ ভূমিকা নিচেই সীমিত। প্ৰথমতে, ব্ৰিটেইনত প্ৰভাৱগোষ্ঠী - বিলাকে চৰকাৰৰ বিভিন্ন বিভাগবিলাকৰ লগত পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰে। প্ৰভাৱগোষ্ঠীবিলাকৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ যাতে আইন প্ৰণয়ন কৰা হয় তাৰ বাবে প্ৰভাৱগোষ্ঠীবিলাকে উচ্চপদস্থ বিষয়া আৰু অসামৰিক সেৱাৰ বিষয়া - কৰ্মচাৰীসকলৰ লগত সততে সম্পৰ্ক ৰক্ষা কৰি চলে।

     আকৌ চৰকাৰৰ দ্বাৰা প্ৰণোদিত নীতি - নিয়মবিলাক যাতে প্ৰভাৱগোষ্ঠীবিলাকৰ স্বাৰঅথৰ প্ৰতিকূলে ৰচিত নহয় সেই উদ্দেশ্যেৰেই প্ৰভাৱগোষ্ঠীবিলাকে চৰকাৰৰ প্ৰশাসনীয় অংগসমূহক যাৱতীয় তথ্যপাতি যোগান ধৰাৰ জৰিয়তে প্ৰভাৱিত কৰে। সেয়েহে কোৱা হয় যে যদিহে প্ৰভাৱগোষ্ঠীবিলাকৰ অনুকূল নীতি -নিয়ম ৰচিত নহয়, তেনেহলে তেওঁলোকে তাৰ প্ৰবল বিৰোধিতা কৰে ফলত প্ৰশাসনৰ পক্ষে এক সময়োপযোগী নীতি নিৰ্ধাৰণ কৰাটো সম্ভৱপৰ নহয়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ব্ৰিটেইনৰ প্ৰভাৱগোষ্ঠী বিলাকক সাধাৰণতে দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে - স্বাৰ্থান্বেষী গোট আৰু উত্তৰণবাদী গোষ্ঠী। স্বাৰ্থান্বেষী গোষ্ঠীবিলাকৰ ভিতৰত নেশ্যনেল ফৰ্মাৰ ইউনিয়ন নেশ্যনেল অব্ মাইন ৱাৰ্কাৰ্চা, ট্ৰান্সপৰ্ট এণ্ড জেনেৰেল ৱাৰ্কাৰ্চা ইউনিয়ন, ফেবিয়ান ছচাইটি আদি নাম উল্লেখযোগ্য। 

    ব্ৰিটেইনৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰতো প্ৰভাৱগোষ্ঠীবিলাকৰ ভূমিকা অপৰিসীম। এইটো নিশ্চয় সকলোৰে জ্ঞাত যে ব্ৰিটেইনৰ কেতবোৰ শক্তিশালী প্ৰভাৱগোষ্ঠীৰ হেঁচাৰ ফলতেই ১৯ শতিকাৰ দাসত্ব ব্যৱস্থা ব্ৰিটেইনৰ পৰা বিতাড়িত কৰা হয়। একেদৰে ৱমেন লীগৰ হেঁচাৰ পৰিপ্ৰেক্ষিততেই ব্ৰিটেইনৰ ১৯২৮ চনত মহিলাসকলকো পুৰুষৰ সমানে ভোটাধিকাৰ প্ৰদান কৰা হৈছিল। অনুৰূপ ধৰণে ব্ৰিটেইনৰ সংসদে ১৯৬৫ চনত 'National Campaign for Abolition of Capital Punishment' শীৰ্ষক আইন আন্দোলন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল। সম্প্ৰতিক সময়ত ব্ৰিটেইনৰ 'African Bureau' নামৰ এক শক্তিশালী প্ৰভাৱগোষ্ঠীয়ে জাতিগত বৈষম্য নিৰ্মূলকৰণৰ হকে কেতবোৰ কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে।

৩২/ ব্ৰিটেইনৰ প্ৰভাৱগোষ্ঠী বৈশিষ্ট্যসমূহ লিখা?

উত্তৰঃ ব্ৰিটেইনৰ প্ৰভাৱগোষ্ঠী বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱগোষ্ঠীবিলাকৰ ভূমিকা বা অধিপত্য তুলনামূলকভাৱে সীমিত। ব্ৰিটেইনৰ দুয়োটা প্ৰধান দলৰ লদীয় সংগঠন অতি শক্তিশালী হোৱা কাৰণে আৰু বিশেষকৈ দুয়োটা দলে দলীয় অনুশাসন মানি চলা কাৰণে আমেৰিকাৰ দৰে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱগোষ্ঠীয়ে প্ৰভাৱিত কৰিব নোৱাৰে।

(২) আমেৰিকাৰ দৰে ব্ৰিটেইনতো বিভিন্ন ধৰণৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰা বহুতো প্ৰভাৱগোষ্ঠী আছে। উদাহৰণস্বৰূপে - শিশুৰ প্ৰতি কৰা নিষ্ঠুৰতা প্ৰতিৰোধকৰণৰ ৰাষ্ট্ৰীয় সমাজ, আণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণ অভিযান ইত্যাদি।

(৩) আমেৰিকাৰ তুলনাত ব্ৰিটেইনত বৃত্তিগত প্ৰভাৱগোষ্ঠী সংখ্যা অধিক আৰু ইবিলাক অধিক শক্তিশালী। উদাহৰণসমূৰূপে - ব্ৰিটেইনৰ প্ৰায় ১০ নিযুত শ্ৰমিক ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ শক্তিৰ প্ৰধান উৎস।

(৪) ব্ৰিটেইনৰ প্ৰভাৱগোষ্ঠীৰ আন এক প্ৰধান বৈশিষ্ট্য হল ১৯ শতিকাৰ প্ৰথম ভাগতেই ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱগোষ্ঠীৰ আবিৰ্ভাব হৈছিল।

(৫) বৃত্তিগত সংগঠনৰ উপৰিও ব্ৰিটেইনৰ প্ৰায় সকলো শ্ৰেণীৰ জনসাধাৰণে প্ৰভাৱগোষ্ঠীৰ সহায়ত তেওঁলোকৰ স্বাৰ্থপূৰণৰ কাৰণে যত্ন কৰে।

(৬) প্ৰায় আটাইবোৰ প্ৰভাৱগোষ্ঠীয়ে ব্ৰিটেইনৰ যি কোনো এটা প্ৰধান ৰাজনৈতিক দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰে।

(৭) ব্ৰিটেইনৰ সকলো প্ৰভাৱগোষ্ঠীয়ে ইয়াৰ সদস্যসকলৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে আৰু গণতান্ত্ৰিক পদ্ধতিৰে গোটৰ সাংগঠনিক কাৰ্যকলাপ পৰিচালনা কৰে।

(৮) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱগোষ্ঠীসমূহৰ দৰে ব্ৰিটেইনৰ প্ৰভাৱগোষ্ঠীবিলাকেও নিৰ্বাচক মণ্ডলীৰ পৰা আৰম্ভ কৰি সংসদৰ সদস্য, মন্ত্ৰীসভাৰ সদস্য, দলৰ প্ৰভাৱশালী নেতা আৰু প্ৰভাৱশালী আমোলাক প্ৰভাৱিত কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যত্ন কৰে। প্ৰায় আটাইবোৰ প্ৰভাৱগোষ্ঠীয়েই কাৰ্যপালিকাৰ কাৰ্য আৰু নীতি প্ৰভাৱিত কৰাটো লক্ষায হিচাবে গ্ৰহণ কৰে।

৩৩/ ব্ৰিটেইনৰ প্ৰধান প্ৰভাৱগোষ্ঠীসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ ব্ৰিটেইনৰ প্ৰধান প্ৰভাৱগোষ্ঠীসমূহক ৬ টা ভাগত ভাগ কৰিব পাৰি। ইবিলাক হল -

(ক) নিয়োগকৰ্ত্তাৰ সংগঠন,

(খ) শ্ৰমিক সংঘ,

(গ) সমবায় আন্দোলনৰ গোট,

(ঘ) বৃত্তিগত গোট,

(ঙ) অসামৰিক সেৱাৰ গোট আৰু

(চ) ব্যৱসায় বা বাণিজ্যৰ লগত জড়িত গোট।

 ৩৫/ ইংলেণ্ডৰ ন্যায়িক ব্যৱস্থাৰ বিষয়ে লিখা?

উত্তৰঃ অলিখিত সংবিধান হিচাপে ইংলেণ্ডৰ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। পৃথিৱীৰ ইতিহাসত দুই প্ৰকাৰৰ বিশেষ আইন দেখা যায় - (১) ৰোমৰ দেৱানী আইন আৰু (২) ইংলেণ্ডৰ সাধাৰণ আইন। ইংলেণ্ডত ৰোমান ৰজাসকলে যদিও কম দিনৰ কাৰণে শাসন কৰিছিল তথাপি ইংলেণ্ডত তেওঁলোকৰ আিন ব্যৱস্থা ব্যৱস্থা জাপি দিবলৈ সক্ষম হোৱা নাছিল। সেই দেশৰ ন্যায়ালয় আৰু ন্যায়াধীশসকলে একেলগে সমানে ইয়াৰ প্ৰয়োগৰ প্ৰতিৰোধৰ চেষ্টা কৰিছিল আৰু শেষত সফলতাও অৰ্জন কৰিছিল। ফলত ইংলেণ্ডে নিজৰ আইন আৰু ন্যায়িক পদ্ধতিৰ ব্যাখ্যা দাঙি ধৰিবলৈ সক্ষম হৈছিল।

    ইংলেণ্ডত আইনৰ ভেটিঃ নৰ্মান বিজয়ৰ আগতে ইংলেণ্ডত তেনে কোনো সুস্পষ্ট আইন নাছিল। নৰ্মান ৰজাসকলৰ দিনৰে পৰাই প্ৰচলিত প্ৰধাৰ ভিত্তিত ন্যায় প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰা হৈছিল। কিছুমান লোকাচাৰ আৰু পৰম্পৰাগত ৰীতি প্ৰচলিত আছিল। আৰু ইয়াৰ ভিত্তিত বিচাৰ ব্যৱস্থা চলোৱা হৈছিল। (১) সাধাৰণ আইনঃ প্ৰখ্যাত আইনত সাধাৰণ আইন বা বিচাৰকে ৰচনা আইন বোলা হয়। যিহেতু ন্যায়ালয়ৰ সিদ্ধান্তই এইবোৰক মৰ্যাদা দান কৰিছে। বিভিন্ন অঞ্চলত প্ৰচলিত প্ৰথাৰ ওপৰত ভিত্তি কৰি বিচাৰকসকলে তেওঁলোকৰ সিদ্ধান্ত ঘোষণা কৰিছিল। বিচাৰকসকলে এনে প্ৰথাৰ ওপৰত ভিত্তি কৰি লোৱা সিদ্ধান্তসমূহেই শেষত সাধাৰণ আইন নামেৰে স্বীকৃতি লাভ কৰিছিল।

(২) সংবিধিঃ ব্ৰিটিছ ন্যায়ালয়ৰ আন এক আইন সভাই তৈয়াৰ কৰা আইনৰ পৰিৱৰ্তে সময়ৰ সোঁতত বিধান মণ্ডলৰ দ্বাৰা আইন ৰচনা কৰাৰ ব্যৱস্থা কৰা হয়। সাধাৰণতে সাধাৰণ আইনে সামৰি নোলোৱা বিষয়সমূহৰ ওপৰত বিধান মণ্ডলে আইন ৰচনা কৰে। অৱশ্যে বিধান মণ্লে সাধাৰণ আইন সংশোধন বা বাতিল কৰিব পৰা ক্ষমতা আছে। 

(৩) ন্যায় নীতি বা সমন্যায়ঃ আইনৰ যি কঠোৰতাই মানুহৰ বিকাশক আঘাত কৰে সেই কঠোৰতা কষ্টৰে দূৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰা হয় আৰু তাৰ ফলত সৃষ্টি হোৱা নতুন নতুন নীতিসমূহেই হৈছে সমন্যায়। সেই কালত ৰজাৰ বিচাৰেই আছিল শেষ বিচাৰ। আদালতৰ বিচাৰত সন্তষ্ট নোহোৱা নোহোৱা ব্যক্তিয়ে উচিত ন্যায় বিচাৰি ৰজাৰ কাষ চাপিব পাৰিছিল। সমন্যায় একপ্ৰকাৰ বিচাৰকৰ ৰায়ৰ পৰা সৃষ্টি হোৱা আইন বুলি কব পাৰি। 

৩৬/  ইংলেণ্ডৰ ন্যায়িক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ইংলেণ্ডৰ ন্যায়িক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল -

(১) সংগঠনৰ বিভিন্নতাঃ ইংলেণ্ডৰ বিচাৰ ব্যৱস্থাত দেশৰ বিভিন্ন প্ৰান্তত ভিন্নধৰণে বিচাৰ কৰাৰ ব্যৱস্থা আছে। কিয়নো ইয়াত বিচাৰ ব্যৱস্থা একেবিধ আইনৰ দ্বাৰা পৰিচালিত নহয়। অৱশ্যে ইংলেণ্ড আৰু ৱেলছৰ আদালতবোৰত একেধৰণৰ ন্যায় ব্যৱস্তা প্ৰয়োগ কৰা হয়। আনহাতে স্কটলেণ্ড আৰু আয়াৰলেণ্ডত পৃথক পৃথক ন্যায়িক পদ্ধতিৰ ব্যৱস্থা আছে। 

(২) জুৰী প্ৰথাঃ জুৰী প্ৰথাৰ প্ৰচলন ব্ৰিটেইনৰ বিচাৰ ব্যৱস্থাৰ এক অন্যতম বৈশিষ্ট্য। এই প্ৰথা অনুসৰি জুৰীসকলে আদিৰ পৰা অন্তলৈ কোনো গোচৰৰ বিষয়ে শুনে আৰু কোনো ব্যক্তি দোষী হয়নে নহয় সেই বিষয়ে মতামত আগবঢ়ায়। জুৰীৰ ৰায়ৰ ভিত্তিত বিচাৰকে অভিযুক্ত ব্যক্তিক দোষী সাৱ্যন্ত কৰি শাস্তি ঘোষণা কৰে।

(৩) নিৰ্ভীকতাঃ ব্ৰিটিছ ন্যায়ালয়ৰ নিৰপেক্ষতা, সততা আৰু নিৰ্ভীকতা এক অন্যতম বৈশিষ্ট্য। ইয়াৰ বিচাৰকসকল স্বাধীন আৰু নিৰপেক্ষ। তেওঁলোকক ৰজা বা ৰাণীয়ে নিযুক্তি দিয়ে। তেওঁলোকৰ কাৰ্যকাল নিৰ্ভৰ কৰে তেওঁলোকৰ সততাৰ ওপৰত। বিচাৰকসকলক কেৱল সংসদৰ প্ৰস্তাৱৰ ওপৰতহে পদচ্যুত কৰিব পাৰি।

(৪) পৃতক প্ৰশাসনীয় আদালতৰ অভাৱঃ ব্ৰিটিছ ন্যায়িক ব্যৱস্থাত প্ৰশাসনীয় আদালত আৰু প্ৰশাসনীয় আইনৰ ব্যৱস্থা নাই। সাধাৰণ নাগৰিক আৰু চৰকাৰী কৰ্মচাৰী সকলো লোককে সৰু - বৰ বিচাৰ নকৰি একে আইনৰ মাধ্যমেৰে একে আদালততে বিচাৰ কৰে। সমান দোষৰ কাৰণে সকলোকে সমান শাস্তি দিয়াৰ ব্যৱস্থা আছে।

(৫) বিচাৰ বিভাগ বিধানমণ্ডলৰ লগত জড়িতঃ ইংলেণ্ডত বিচাৰ বিভাগ বিধানমণ্ডলৰ লগত জড়িত বুলি কব পাৰি। লৰ্ড সভাৰ আইনজ্ঞ সদস্যসকলে উচ্চতম ন্যায়ালয় হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ব্যৱস্থা আছে। সেয়ে বিচাৰ বিভাগ আৰু বিধানমণ্ডলৰ এক সম্পৰ্ক আছে বুলি কব পৰা যায়। লৰ্ড সভা হৈছে ইংলেণ্ডৰ আপীল গোচৰৰ সৰ্বোচ্চ ন্যায়ালয়, যিটো ব্যৱস্তা পৃথিৱীৰ আন ৰাষ্ট্ৰত দেখা পোৱা নাযায়। 

৩৭/ ইংলেণ্ডৰ বিচাৰ ব্যৱস্থাৰ সংগঠনৰ বিষয়ে লিখা?

উত্তৰঃ ইংলেণ্ডৰ বিচাৰ ব্যৱস্থা বিভিন্ন সময়ত প্ৰণীত ন্যায়িক আইনৰ ভিত্তিত সংগঠিত আৰু পৰিচালিত। ইয়াত নিম্ন স্তৰত নিম্ন আদালত, মাজত উচ্চ ন্যায়ালয় আৰু শীৰ্ষক উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা আছে। ইংলেণ্ডৰ ন্যায়ালয়ক প্ৰাধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি -(১) দেৱানী আৰু (২) ফৌজদাৰী ন্যায়ালয়। দেৱানী আদালতত নাগৰিকৰ মাজত হোৱা বিবাদ বিচাৰ কৰা হয়। ফৌজদাৰী আদালতত আইন - শৃংখলা ৰক্ষা সম্পৰ্কীয় বিবাদৰ বিচাৰ কৰা হয়, লগতে দোষীক শাস্তি বিধান কৰা হয়। ফৌজদাৰী গোচৰসমূহ ৰাজসত্তাৰ নামত চলোৱা হয়। তলত দেৱানী আৰু ফৌজদাৰী আদালতৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা হল-

(১) দেৱানী আদালতঃ দেৱানী আদালত পৰ্যায়ক্ৰমে তিনিটা ভাগত ভাগ কৰিব পাৰি - (ক) কাউণ্টি আদালত, (খ) উচ্চ ন্যায়ালয়, (গ) আপীল আদালত।

(ক) কাউণ্টি আদালতঃ ইংলেণ্ডৰ দেৱানী বিচাৰ ব্যৱস্থাত কাউণ্টি আদালত হল আটাইতকৈ নিম্ন আদালত। ১৮৪৩ চনৰ আইন অনুসৰি এই আদালতৰ সৃষ্টি কৰা হৈছে। এই আদালতসমূহক জনসাধাৰণৰ আদালত হিচাপে গণ্য কৰা হয়। এই আদালতত সৰু - সুৰা দেৱানী গোচৰসমূহ বিচাৰ কৰা হল। ১০০ পাউণ্ডৰ তলৰ গোচৰসমূহ এই আদালতত বিচাৰ কৰিব পাৰিছিল। কিন্ত বৰ্তমান এই সীমা বৰ্ধন কৰি ৫০০ পাউণ্ডৰ তলৰ সকলো বিবাদ বিচাৰ কৰাৰ ব্যৱস্থা কৰিছে। কাউণ্টি আদালতৰ বিচাৰকক লৰ্ড চেঞ্চেলাৰে নিয়োগ কৰে।  

(খ) উচ্চ ন্যায়ালয়ঃ কাউণ্টি আদালৰ ওপৰত অৱস্থিত উচ্চ ন্যায়ালয়। কাউণ্টি আদালতৰ পৰা আপীলৰ গোচৰ উচ্চ ন্যায়ালয়লৈ আহে। উচ্চ ন্যায়ালয়ত লৰ্ড চেঞ্চেলাৰ, লৰ্ড চীফ, জাষ্টিছ। এই আদালত তিনিটা ভাগত বিভক্ত হৈ আছে - (১) ৰজা ৰাণী বিচাৰ বিভাগ,(২) চেঞ্চেলাৰ, (৩) ইচ্ছা পত্ৰ, বিবাহ বিচ্ছেদ আৰু নৌ অধিকাৰ বিভাগ।

(১) ৰজা / ৰাণীৰ বিচাৰ বিভাগঃ এই বিভাগটোত মুঠ ২৪ জন ন্যায়াধীশ থাকে। লৰ্ড চীফ জাষ্টিছে এই ন্যায়ালয়ত সভাপতিত্ব কৰে। তেওঁক কেইজনমান বিচাৰকে সহায় কৰে। সাধাৰণতে কাউণ্টি আদালতৰ বিচাৰত অসন্তষ্ট হোৱা ফৈদে ৰজা / ৰাণীৰ বিচাৰ বিভাগত আপীল কৰিব পাৰে।

(২) চেঞ্চৰী বিভাগঃ এই বিভাগত পাঁচজন সহায়ক ন্যায়াধীশৰ সৈতে লৰ্ড চেঞ্চেলাৰে বিচাৰ কাৰ্য সম্পাদন কৰে। সাধাৰণতে লৰ্ড চেঞ্চেলাৰে আপীল আদালতৰ বিচাৰ কাৰ্যত ব্যস্ত থকাৰ সময়ত সহায়ক ন্যায়াধীশ কেইজনে এই আদালতৰ বিচাৰ কাৰ্য সম্পাদন কৰে। চেঞ্চৰী বিভাগলৈ সাধাৰণতে সমন্যায় বিষয়ক গোচসমূহ আহে। 

(৩) ইচ্ছাপত্ৰ, বিবাহ বিচ্ছেদ আৰু নৌ অধিকাৰ বিভাগঃ এজন প্ৰধান ন্যায়াধীশক লৈ এই বিভাগ গঠন কৰা হয়। এই আদালতত সাধাৰণতে বিবাহ বিচ্ছদ সংক্ৰান্ত, নৌ অধিকাৰ সংক্ৰান্ত বিবাদৰ লগতে মৃত ব্যক্তিৰ উইলৰ বৈধতা আদি সম্পৰ্কত বিচাৰ কৰাৰ ব্যৱস্থা আছে।

(গ) আপীল আদালতঃ দেৱানী গোচৰৰ আপীল শুনাৰ কাৰণে দুখন আপীল আদালতৰ ব্যৱস্থা আছে - আপীল ন্যায়ালয় আৰু লৰ্ডছ সভা। ইংলেণ্ডৰ বিচাৰ - ব্যৱস্থাত উচ্চ ন্যায়ালয়ৰ তিনিটা বিভাগৰ ৰায়ৰ বিৰুদ্ধে আপীল আদালতত আপীল কৰাৰ ব্যৱস্থা আছে। এই আদালতে প্ৰধান বিচাৰপতিজনক ''মাষ্টাৰ অব্ দা ৰলছ'' বোলা হয়। লৰ্ড চেঞ্চেলাৰ, লৰ্ড চীফ জাষ্টিছ এই আদালতৰ পদেন সদস্য। সাধাৰণতে যিবিলাক গোচৰত আইনৰ প্ৰশ্ন জড়িত থাকে সেইবিলাক গোচৰহে এই ন্যায়ালয়ত বিচাৰ কৰা হয়। এই আদালতৰ ৰায়ৰ বিৰুদ্ধে পুনৰ লৰ্ডছ সভা তথা উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি।

(২) ফৌজদাৰী আদালতঃ ইংলেণ্ডত দেৱানী আদালতৰ দৰে ফৌজদাৰী আদালতৰো পৃথক ব্যৱস্থা কৰা হৈছে। একেবাৰে নিম্ন আদালত হৈছে বিচাৰ আদালত। ইয়াক মেজিষ্ট্ৰেট আদালত বুলিও জনা যায়। এই বিচাৰ - ব্যৱস্থাৰ শীৰ্ষত আছে আপীল আদালত আৰু লৰ্ডছ সভা। ইয়াৰ উপৰি কোৱাৰ্টাৰ ছেছন আদালত, এছেজ আদালত আদি আদালতৰ ব্যৱস্থা আছে।

(ক) দণ্ডাধীশ আদালতঃ ফৌজদাৰী গোচৰৰ একেবাৰে নিম্ন স্তৰত দণ্ডাধীশ আদালত অৱস্থিত। এই আদালতৰ বিচাৰসকলক  Justice of peace বোলা হয়। তেওঁলোক লৰ্ড চেঞ্চেলাৰৰ দ্বাৰা নিযুক্ত হয়। কাৰ্যনিৰ্বাহ কৰাৰ সময়ত অযোগ্যতাৰ প্ৰমাণ হলে তেওঁলোকক পদচ্যুত কৰাৰো ব্যৱস্থা আছে। ইংলেণ্ডৰ ন্যায় প্ৰতিষ্ঠাত এই আদালতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 

(খ) কৰ্ট অব্ ছামাৰি জুৰিছদিকছনঃ Justice of the peace ৰ ঊৰ্ধ্বত আছে ''Court of Summary Jurisdiction'' । কম গুৰুত্বপূৰ্ণ ফৌজদাৰী গোচৰৰ বিবাদ এই আদালতত কৰা হয়। এই আদালতৰ বিচাৰ ব্যৱস্থাত জুৰীৰ সহায় লোৱা নহয়। সংক্ষেপতে বিচাৰ কৰাৰ কাৰণে এই আদালতক Summary Jurisdiction আদালত বোলা হয়।

(গ) কৰ্ট অব্ কোৱাৰ্টাৰ ছেছনঃ ছামাৰি জুৰিছদিকছন আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে এই আদালতত আপীল কৰাৰ ব্যৱস্থা আছে। ইয়াত কাউণ্টিৰ সকলো শান্তিৰক্ষক বিচাৰপতি থাকে। এই আদালতৰ বিচাৰৰ সময়ত জুৰীৰ সহায় লব পাৰে। নিম্ন আদালতৰ বিচাৰকসকলেও এই আদালতৰ বিচাৰৰ সময়ত অংশগ্ৰহণ কৰিব পাৰে। 

(ঘ) এছেজ আদালতঃ কৰ্ট অব্ কোৱাৰ্টাৰ ছেছনৰ ঊৰ্দ্ধত অৱস্থিত আদালতখন হৈছে এছেজ আদালত। ইয়াক ভ্ৰাম্যমাণ আদালতো বোলা হয়। বিচাৰৰ সুবিধাৰ কাৰণে সমগ্ৰ দেশখনক কেইটামান ভাগত ভাগ কৰা হয়। এই আদালত কাউণ্টি নগৰ আৰু ডাঙৰ নগৰবোৰত বছৰত তিনিবাৰকৈ বহে। উচ্চ ন্যায়ালয়ৰ ৰজা / ৰাণী বিচাৰ বিভাগৰ এজন ন্যায়াধীশ বা এছেজ কমিছনাৰ এজনে ইয়াত বিচাৰ কাৰ্য পৰিচালনা কৰে।

(ঙ) ফৌজদাৰী আপীল আদালতঃ এছেজ আদালতৰ ওপৰত ফৌজদাৰী আপীল আদালত অৱস্থিত। ১৯০৭ চনৰ আগলৈকে এই আদালতৰ ব্যৱস্থা নাছিল। অৱশ্যে গুৰুত্বপূৰ্ণ আৰু আইন জড়িত বিষয়ত লৰ্ডছ সভাই এনে গোচৰৰ আপীলৰ বিচাৰ কৰিছিল।

Type - Boby Bora