আদৰ্শনিষ্ঠ নীতিশাস্ত্ৰ 

চমু প্ৰশ্নঃ

1. What is Ethics?

নীতিবিজ্ঞান কাক বোলে?

উত্তৰঃ দৰ্শনৰ যি বিভাগত মানুহৰ চৰিত্ৰৰ বহিঃপ্ৰকাশ অথবা মানুহৰ আচৰণৰ 'ভাল-বেয়া', 'ন্য়ায়-অন্য়ায়', 'উচিত-অনুচিত', ইত্য়াদি সম্পৰ্কে আলোচনা হয়, তাকে নীতিবিজ্ঞান বোলে।


2. What is the ideal ethics?

নীতিবিজ্ঞানৰ আদৰ্শ কি?

উত্তৰঃ নীতিবিজ্ঞানৰ আদৰ্শ হল পৰম শ্ৰেয় বা কল্য়ান।


3. What is the literal meaning of ethics?

নীতিবিজ্ঞানৰ আক্ষৰিক অৰ্থ কি?

উত্তৰঃ নীতিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হল 'Ethics'। 'Ethics' শব্দটো 'Ethica' ৰ পৰা আহিছে। 'Ethica' শব্দটো আকৌ গ্ৰীক 'Ethos' ৰ পৰা আহিছে। 'Ethos' শব্দৰ অৰ্থ হল ৰীতি-নীতি বা অভ্য়াস।


4. Ethics is concerned with voluntary/ non-voluntary action. (choose the correct alternative)

নীতিবিজ্ঞান ঐচ্ছিক কৰ্ম/ অনৈচ্ছিক কৰ্মৰ লগত জড়িত। (শুদ্ধ বিকল্পটো বাচি লোৱা) 

উত্তৰঃ নীতিবিজ্ঞান ঐচ্ছিক কৰ্মৰ লগত জড়িত।


5. What are the three branches of ethics?

নীতিবিজ্ঞানৰ তিনিটা বিভাগ বা শাখা কি কি?

উত্তৰঃ নীতিবিজ্ঞানৰ তিনিটা বিভাগ বা শাখা হল-

i)আদৰ্শনিষ্ঠ নীতিবিজ্ঞান

ii)অধিনীতিবিদ্য়া

iii)ব্য়ৱহাৰিক বা প্ৰায়োগিক নীতিবিজ্ঞান।


6. What is normative ethics?

আদৰ্শনিষ্ঠ নীতিবিজ্ঞান কাক বোলে?

উত্তৰঃ কোনো মানদণ্ড বা আদৰ্শৰ ওপৰত ভিত্তি কৰি মানুহৰ নৈতিক ক্ৰিয়া বা কৰ্ম যেনে- কোনটো আচৰণ ভাল বা বেয়া, উচিত বা অনুচিত ইত্য়াদি সম্পৰ্কে আলোচনা কৰা হয়, তাকে আদৰ্শনিষ্ঠ নীতিবিজ্ঞান বোলা হয়। 


7. What are the normative ethical theories?

আদৰ্শনিষ্ঠ নৈতিক মতবাদসমূহ কি কি?

উত্তৰঃ আদৰ্শনিষ্ঠ নৈতিক মতবাদসমূহ হল-

i) সদগুণৰ নৈতিক মতবাদ(Virtue Ethics)

ii) কৰ্তব্য়মূলক নৈতিক মতবাদ(Deontological Ethics)

iii) উদ্দেশ্য়মূলক বা ফলাফল সম্বন্ধীয় নৈতিক মতবাদ (Teleological Ethics or Consequentialism) ।


8. What is the meaning of 'Virtue'?

'সদগুণ' শব্দৰ অৰ্থ কি?

উত্তৰঃ 'সদগুণ' শব্দৰ অৰ্থ হল- বীৰত্ব বা পৌৰষত্ব।


9. From which word the term 'Virtue' comes?

'Virtue' শব্দটো কোন শব্দৰ পৰা আহিছে?

উত্তৰঃ 'Virtue' শব্দটো লেটিন শব্দ 'Vir' বা 'Virtus' ৰ পৰা আহিছে।


10. What is virtue, according to Socrates?

চক্ৰেটিছৰ মতে সদগুণ কি?

উত্তৰঃ চক্ৰেটিছৰ মতে , সদগুণ আৰু জ্ঞান এক। সদগুণেই জ্ঞান আৰু জ্ঞানেই সদগুণ।


11. What are the cardinal virtues, according to Plato?

প্লেটোৰ মতে মূখ্য় সদগুণবোৰ কি কি?

উত্তৰঃ প্লেটোৰ মতে মূখ্য় সদগুণবোৰ হল- জ্ঞান, সাহস, মিতাচাৰ আৰু ন্য়ায়পৰায়ণতা।


12. From which word the term 'Right' is derived?

'Right' শব্দটো কোন শব্দৰ পৰা আহিছে?

উত্তৰঃ 'Right' শব্দটো লেটিন শব্দ 'rectus' ৰ পৰা আহিছে।


13. From which word the term 'Good' is derived?

'Good' শব্দটো কোন শব্দৰ পৰা আহিছে?

উত্তৰঃ 'Good' শব্দটো জাৰ্মান 'gut' শব্দৰ পৰা আহিছে।


14. What is Good?

ভাল বা শ্ৰেয় কাক বোলে?

উত্তৰঃ যি বস্তু কোনো উদ্দেশ্য় বা লক্ষ্য় সাধনত সহায়ক হয় তাকে ভাল বা শ্ৰেয় বোলে।


15. What are the two types of Good?

দুই প্ৰকাৰৰ ভাল বা শ্ৰেয় কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ ভাল বা শ্ৰেয় হল- সাপেক্ষ ভাল বা শ্ৰেয় আৰু নিৰপেক্ষ ভাল বা শ্ৰেয়।



ৰচনাধৰ্মী প্ৰশ্নঃ


1. What are the branches of ethics? Explain the nature of normative ethics.

নীতিবিজ্ঞানৰ বিভাগসমূহ কি কি? আদৰ্শনিষ্ঠ নীতিবিজ্ঞানৰ ধাৰণা ব্য়াখ্য়া কৰা।

উত্তৰঃ  দৰ্শনৰ যি বিভাগত মানুহৰ চৰিত্ৰৰ বহিঃপ্ৰকাশ অথবা মানুহৰ আচৰণৰ 'ভাল-বেয়া', 'ন্য়ায়-অন্য়ায়', 'উচিত-অনুচিত', ইত্য়াদি সম্পৰ্কে আলোচনা হয়, তাকে নীতিবিজ্ঞান বোলে।নীতিবিজ্ঞানৰ বিভাগসমূহ হল- i) আদৰ্শনিষ্ঠ নীতিবিজ্ঞান,

ii) অধিনীতিবিজ্ঞান, iii) ব্য়ৱহাৰিক বা প্ৰায়োগিক নীতিবিজ্ঞান।

                    কোনো এটা আদৰ্শ বা মানদণ্ডক মাপকাঠি হিচাপে লৈ মানুহৰ নৈতিক ক্ৰিয়া বা কৰ্ম অধ্য়য়ন কৰাকেই আদৰ্শনিষ্ঠ নীতিবিজ্ঞান বোলা হয়।  নীতিবিদ্য়াৰ সবাতোকৈ প্ৰাচীন বিভাগ হল আদৰ্শনিষ্ঠ নীতিবিদ্য়া। অধিনীতিবিদ্য়াৰ বহু পূৰ্বে আদৰ্শনিষ্ঠ নীতিবিদ্য়াৰ জন্ম। অধিনীতিবিদ্য়াৰ বিকাশৰ আগতে আদৰ্শনিষ্ঠ নীতিবিদ্য়াকে সম্পৰ্ণ নৈতিক দৰ্শন বুলি স্বীকাৰ কৰা হৈছিল। অধিনীতিশাস্ত্ৰ হল বিংশ শতাব্দীৰ নৈতিক দৰ্শন আৰু ব্য়ৱহাৰিক নীতিবিদ্য়া হল বৰ্তমান সময়ৰ নৈতিক দৰ্শন। গতিকে নৈতিকতাৰ বিভাগ হিচাপে প্ৰাচীনত্ব দাবী কৰিব পাৰে আদৰ্শনিষ্ঠ নীতিবিদ্য়াই। আদৰ্শনিষ্ঠ নীতিবিদ্য়া হল কোনো মানদণ্ড বা আদৰ্শৰ ভিত্তিত মানুহৰ নৈতিক ক্ৰিয়া বা কৰ্মৰ অধ্য়য়ন সম্পৰ্কীয় নীতিবিদ্য়াৰ এক স্বতন্ত্ৰ বিভাগ।এইটো নৈতিক দৰ্শনৰ এনে এটা বিভাগ যিয়ে 'মানুহৰ নৈতিক কৰ্ম কেনেকুৱা হোৱা উচিত' এই সম্বন্ধীয় কিছুমান প্ৰশ্নৰ অনুসন্ধান কৰে।মানৱ জীৱন পৰমাদৰ্শ বুলিলে আমি সাধাৰণতে তিনিটা আদৰ্শ পাওঁ- সত্য়(Truth), শিৱ বা কল্য়াণ(Good) আৰু সুন্দৰ(Beauty)। আদৰ্শনিষ্ঠ নীতিবিদ্য়াই শিৱ বা কল্য়াণৰ আদৰ্শক মানুহৰ নৈতিক কৰ্মৰ মানদণ্ড হিচাপে লৈ মানুহৰ ঐচ্ছিক কৰ্মৰ মূল্য়ায়ন কৰে।

                নীতিবিদ্য়া হল সমাজত বসবাস কৰা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। সমাজত বসবাস কৰোঁতে মানুহে কোনো কৰ্ম সম্পাদন কৰাৰ সময়ত সাধাৰণতে কেইটামান প্ৰশ্নৰ সন্মুখীন হব লগা হয়ঃ মানুহৰ কোনটো কৰ্ম ভাল আৰু কোনটো বেয়া? কোনটো উচিত আৰু কোনটো অনুচিত? কোনটো কৰ্মক আমি ন্য়ায় বুলি কম আৰু কোনটো কৰ্মক অন্য়ায় বুলি কম? কোনটো আমাৰ কৰ্তব্য় আৰু কোনটো অকৰ্তব্য়? ইত্য়াদি। আদৰ্শনিষ্ঠ নীতিবিদ্য়াৰ মূল সমস্য়া হল-কোনো কৰ্মৰ 'ভাল', 'বেয়া', 'উচিত', 'অনুচিত', 'কৰ্তব্য়', 'অকৰ্তব্য়', ইত্য়াদি নিৰ্ধাৰণ কৰাটো।এইবোৰ নিৰ্ধাৰণ কৰিবলৈ যাওঁতে আদৰ্শনিষ্ঠ নীতিবিদ্য়াই সদায় এটা সুনিদিষ্ট আদৰ্শ বা মানদণ্ডক অনুসৰণ কৰে। এই আদৰ্শটো হল পৰমকল্য়াণ বা পৰমশ্ৰেয়ৰ আদৰ্শ।

                আদৰ্শনিষ্ঠ নীতিবিদ্য়াৰ মূল বিষয়বস্তু বা উদ্দেশ্য় হলঃ ১) আদৰ্শ কৰ্মৰ মূল নীতিসমূহ প্ৰণয়ন কৰা, অৰ্থাৎ কেনেকৈ নৈতিক আদৰ্শ বা মানদণ্ডক নিৰ্ধাৰণ কৰা যায় তাক নিৰ্ধাৰণ কৰা; ২) বিচাৰ-বিশ্লেষণৰ মাধ্য়মত সেইবোৰক প্ৰতিষ্ঠা কৰা অৰ্থাৎ সমৰ্থন কৰা। এক কথাত আদৰ্শনিষ্ঠ নীতিবিদ্য়াৰ উদ্দেশ্য় হল, মানুহ আৰু তেওঁৰ কৰ্মৰ বাবে কিছুমান বিশেষ নিয়ম বা বিধি, সিদ্ধান্ত আৰু আদৰ্শ বা মানদণ্ডক যুক্তিসংগতভাৱে প্ৰতিষ্ঠিত কৰা।উদাহৰণস্বৰূপে, কিছুমান নীতিবিদে ভাবে যে নৈতিক দৃষ্টিকোণৰ পৰা আদৰ্শ কৰ্তব্য়কৰ্ম হল সেইটোৱেই, যিটো অধিকতম মানুহৰ অধিকতম সুখ বা কল্য়াণ সাধন কৰে। 


2. What are the normative ethical theories? Discuss briefly the different kinds of normative ethical theories.

আদৰ্শনিষ্ঠ নৈতিক মতবাদসমূহ কি কি?বিভিন্ন প্ৰকাৰৰ আদৰ্শনিষ্ঠ নৈতিক মতবাদসমূহ চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ যিকোনো কৰ্মৰ ক্ষেত্ৰত নৈতিকভাৱে গুৰুত্বপূৰ্ণ তিনিটা বিষয় বা বস্তু আছে- প্ৰথমতে, এজন কৰ্তা  আছে, যিয়ে কৰ্মটো সম্পাদন কৰে; দ্বিতীয়তে, কৰ্মটো  নিজে নিজেই আছে; আৰু তৃতীয়তে, কৰ্মটোৰ এটা সুনিৰ্দিষ্ট ফলাফল আছে। এই তিনিটা বিষয়ৰ ওপৰত ভিত্তি কৰি তিনিটা আদৰ্শনিষ্ঠ নৈতিক মতবাদ আছে-

i)সদগুণৰ নৈতিক মতবাদ(Virtue Ethics)

ii) উদ্দেশ্য়মূলক বা ফলাফল সম্বন্ধীয় নৈতিক মতবাদ( Teleological Ethics or Consequentialism) 

iii) কৰ্তব্য়মূলক নৈতিক মতবাদ(Deontological Ethics)

i)সদগুণৰ নৈতিক মতবাদ(Virtue Ethics)ঃ আদৰ্শনিষ্ঠ নীতিবিজ্ঞানৰ প্ৰথম নৈতিক মতবাদ সদগুণৰ নৈতিক মতবাদে ব্য়ক্তি বা কৰ্তাৰ নৈতিক ব্য়ৱহাৰ বা আচৰণৰ ওপৰত গুৰুত্ব দিছে। সদগুণৰ নৈতিক মতবাদ অনুসাৰে আমি কিছুমান ব্য়ৱহাৰ বা গুণৰ অধিকাৰী হোৱা উচিত। উদাহৰণস্বৰূপে, সাহস, দয়া বা উদাৰতা, সহানুভূতি ইত্য়াদি হল সদগুণ। সদগুণৰ নৈতিক মতবাদ অনুসৰি এই সদগুণসমূহ আমাৰ কৰ্মৰ মাজতে প্ৰকাশিত  হোৱা উচিত।

            'সদগুণ'ৰ ইংৰাজী প্ৰতিশব্দ হল 'Virtue'। 'Virtue' শব্দটো লেটিন 'Vir' বা 'Virtus' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হল 'বীৰ'। গতিকে অভিধানিক অৰ্থত 'সদগুণ' মানে হল 'বীৰত্ব বা পৌৰষত্ব'।'Virtue' শব্দটোৰ আৰু এটা অৰ্থ আছে। এই অৰ্থত 'Virtue' গ্ৰীক শব্দ 'Arete' ৰ সমাৰ্থক। 'Arete'ৰ অৰ্থ হল 'শ্ৰেষ্ঠতা বা উৎকৃষ্টতা'। গতিকে 'Virtue' হল নৈতিক শ্ৰেষ্ঠতা বা উৎকৃষ্টতা। উইলিয়াম লিলিৰ (William Lillie) মতে, নৈতিক দৰ্শনত সদগুণ দুটা ভিন্ন অৰ্থত ব্য়ৱহাৰ কৰা হয়- ১) সৎগুণ হল মানৱীয় চৰিত্ৰৰ গুণ- সদগুণ হল এটা বিশেষ পৰিস্থিতিত কোনটো কৰা উচিত নাইবা কোনটো সাৰ্বজনীন কৰ্তব্য় সম্পাদন কৰা যায়- এই সম্বন্ধীয় এটা প্ৰৱণতা। ২) সদগুণ হল মানুহৰ চৰিত্ৰ বা প্ৰৱণতাৰ গুণানুসৰি কৰ্ম কৰাৰ এটা অভ্য়াস।

                সদগুণ সম্বন্ধে তিনিজন দাৰ্শনিকৰ মতবাদ উল্লেখযোগ্য়। এই তিনিজন গ্ৰীক দাৰ্শনিক হল চক্ৰেটিছ, প্লেটো আৰু এৰিষ্ট'টল। চক্ৰেটিছৰ মতে, সদগুণ আৰু জ্ঞান এক। সদগুণেই জ্ঞান আৰু জ্ঞানেই সদগুণ। চক্ৰেটিছৰ মতে, সদগুণৰ উৎপত্তি স্থান হল জ্ঞান। গতিকে জ্ঞানেই একমাত্ৰ সদগুণ যাৰ দ্বাৰা বিভিন্ন সদগুণবোৰ উদ্ভৱ হৈছে।প্লেটোৱে চাৰিপ্ৰকাৰৰ মূখ্য় সদগুণৰ উল্লেখ কৰিছে- জ্ঞান, সাহস, মিতাচাৰ আৰু ন্য়ায়পৰায়ণতা। এৰিষ্ট'টলৰ মতে, সদগুণক মূঠতে দুই প্ৰকাৰত ভাগ কৰিব পাৰি- বৌদ্ধিক সদগুণ আৰু নৈতিক সদগুণ। শিক্ষাদানৰ পৰা বৌদ্ধিক সদগুণ আৰু অভ্য়াসৰ পৰা নৈতিক সদগুণবোৰৰ উদ্ভৱ হয়। এৰিষ্টটলে সদগুণ নিৰ্ধাৰণৰ বাবে মধ্য়ম পন্থাৰ উল্লেখ কৰিছে। এই মধ্য়ম পন্থাক এৰিষ্ট'টলে 'golden mean' বুলি অভিহিত কৰিছে। খ্ৰীষ্টাধৰ্মত সাতটা মূখ্য় সদগুণৰ উল্লেখ আছে। এই সাতটাৰ তিনিটা হল ধৰ্মতাত্বিক সদগুণ আৰু বাকী চাৰিটা হল মানৱিক সদগুণ। ধৰ্মতাত্বিক সদগুণসমূহ হল- আস্থা বা বিশ্বাস, আশা আৰু প্ৰেম। আনহাতে, মানৱিক সদগুণসমূহ হল- বিচক্ষণতা, ধৈৰ্য, সংযম বা মিতাচাৰ আৰু ন্য়ায়পৰায়ণতা। 

ii) উদ্দেশ্য়মূলক বা ফলাফল সম্বন্ধীয় নৈতিক মতবাদ( Teleological Ethics or Consequentialism) ঃ    উদ্দেশ্য়মূলক নৈতিক মতবাদে কয় যে কোনো কৰ্ম বা কৰ্মনীতি ভাল নে বেয়া, নে বাধ্য়তামূলক তাক নিৰ্ধাৰণ কৰাৰ চুড়ান্ত মানদণ্ড হল অনৈতিক কোনো মূল্য়, যাক ঐ কৰ্মনীতি অনুসৰণ কৰি ফলস্বৰূপে পাব পৰা যায়। উদ্দেশ্য়মূলক নৈতিক মতবাদ অনুসৰি কোনো কৰ্ম ভাল বুলি বিবেচিত হব যদিহে তাৰ ফলাফল বা উদ্দেশ্য় ভাল হয়। যদি কোনো কৰ্মৰ উদ্দেশ্য় বা ফলাফল ভাল নহয়, তেনেহলে সেই কৰ্ম বেয়া বুলি বিবেচিত হব।                                                                                                                                উদ্দেশ্য়মূলক নৈতিক মতবাদৰ কেইটামান বৈশিষ্ট হল-

ক) এই মতবাদে কৰ্ম বা নিয়মৰ নৈতিক মূল্য় নিৰ্ণয় কৰিবলৈ গৈ একমাত্ৰ উদ্দেশ্য় বা ফলাফলকে গুৰুত্ব দিয়ে। যি কৰ্মৰ উদ্দেশ্য় ভাল বা ফলাফল ভাল সেই কৰ্মই উচিত কৰ্ম। উদ্দেশ্য় বা ফলাফল যদি ভাল নহয়, সেই কৰ্ম বেয়া বা অনুচিত কৰ্ম।

খ) এই মতবাদে উপায়ৰ পৰিৱৰ্তে উদ্দেশ্য়ৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। উদ্দেশ্য় যদি ভাল হয় তেনেহলে যিকোনো উপায় এই মতবাদৰ মতে গ্ৰহণীয়। সমাজত অকল্য়াণৰ তুলনাত বেছি কল্য়াণ সাধন কৰাই এই মতবাদৰ উদ্দেশ্য়।

গ)এই মতবাদত কোনোবা কৰ্মনীতিৰ স্বকীয় মূল্য় স্বীকাৰ নকৰি পৰকীয় মূল্য় স্বীকাৰ কৰা হয়। কৰ্ম এটা নিজ গুণত ভাল নহয়, অৰ্থাৎ কৰ্মটো স্বতঃমূল্য়বান নহয়। কৰ্মৰ ফলত উৎপাদিত ফলাফলৰ দ্বাৰা কৰ্ম এটাই মূল্য় প্ৰকাশিত হয়।

ঘ) এই মতবাদৰ মতে, কৰ্ম বা কৰ্মনীতিৰ নৈতিক মূল্য় ফলাফলৰ অনৈতিক মূল্য়ৰ ওপৰত নিৰ্ভৰশীল। 

        উদ্দেশ্য়মূলক নৈতিক মতবাদৰ বিৰুদ্ধে কেইটামান আপত্তি আছে। এই মতবাদৰ বিৰুদ্ধে প্ৰধান আপত্তি হল এয়ে যে এই মতবাদে কেৱল উদ্দেশ্য়ক গুৰুত্ব দিয়ে।এই মতবাদৰ মতে, উদ্দেশ্য় যদি ভাল হয় তেনেহলে সেই কাম ভাল। কিন্তু অধিকাংশ নীতিবিদৰ মত এয়ে যে উদ্দেশ্য় লগে লগে উপায় ভাল হলেহে কোনো এটা কৰ্মক ভাল বুলিব পাৰি। তাৰোপৰি, এই মতবাদৰ আন এটা দোষ হল যে এই মতবাদে কৰ্মৰ স্বকীয় নৈতিক মূল্য়ক গুৰুত্ব নিদি পৰকীয় নৈতিক মূল্য়ক গুৰুত্ব দিছে।      


iii) কৰ্তব্য়মূলক নৈতিক মতবাদ(Deontological Ethics)ঃ কৰ্তব্য়মূলক নৈতিক মতবাদ উদ্দেশ্য়মূলক নৈতিক মতবাদৰ বিপৰীত মতবাদ। উদ্দেশ্য়মূলক নৈতিক মতবাদ অনুসৰি কোনো কৰ্ম বা কৰ্মনীতি ভাল বা উচিত হব যদিহে সেই কৰ্মৰ উদ্দেশ্য় বা ফলাফল ভাল হয়। কৰ্তব্য়মূলক নৈতিক মতবাদে এই কথা অস্বীকাৰ কৰে। এই মতবাদ অনুসৰি কোনো কৰ্ম বা কৰ্মনীতি ভাল বা উচিত হব যদিহে সেই কৰ্ম বা কৰ্মনীতি স্বতঃমূল্য়বান হয়। অৰ্থাৎ কৰ্তব্য়মূলক নৈতিক মতবাদ অনুসৰি কৰ্ম এটা নিজ গুণে ভাল; কোনো উচ্চতৰ অনৈতিক মূল্য়ৰ ওপৰত ইয়াৰ ভালত্ব নিৰ্ভৰ নকৰে। এই মতবাদৰ কথা হল যি কৰ্ম পালন কৰা হয় সেই কৰ্মৰ মাজত নিশ্চয় এনে কোনো গুণ থাকিব লাগিব যি কৰ্মটোক স্বতঃমূল্য়বান কৰি তুলিব পাৰিব। কৰ্তব্য়মূলক নৈতিক মতবাদ বিভিন্ন প্ৰকাৰৰ হব পাৰে। ফ্ৰাংকেনা তেওঁৰ 'Ethics' গ্ৰন্থত দুই প্ৰকাৰৰ কৰ্তব্য়মূলক নৈতিক মতবাদ উল্লেখ কৰিছে, যেনে-

a) কৰ্ম-কৰ্তব্য়মূলক নৈতিক মতবাদ

b) নীতি-কৰ্তব্য়মূলক নৈতিক মতবাদ।


3. What do you mean by virtue ethics? Explain the virtue ethics as a normative ethical theory.

সদগুণৰ নীতিতত্ত্ব বুলিলে কি বুজা? আদৰ্শনিষ্ঠ নৈতিক মতবাদ হিচাপে সদগুণৰ নৈতিক মতবাদ ব্য়াখ্য়া কৰা।

উত্তৰঃ আদৰ্শনিষ্ঠ নীতিবিজ্ঞানৰ প্ৰথম নৈতিক মতবাদ সদগুণৰ নৈতিক মতবাদে ব্য়ক্তি বা কৰ্তাৰ নৈতিক ব্য়ৱহাৰ বা আচৰণৰ ওপৰত গুৰুত্ব দিছে। সদগুণৰ নৈতিক মতবাদ অনুসাৰে আমি কিছুমান ব্য়ৱহাৰ বা গুণৰ অধিকাৰী হোৱা উচিত। উদাহৰণস্বৰূপে, সাহস, দয়া বা উদাৰতা, সহানুভূতি ইত্য়াদি হল সদগুণ। সদগুণৰ নৈতিক মতবাদ অনুসৰি এই সদগুণসমূহ আমাৰ কৰ্মৰ মাজতে প্ৰকাশিত  হোৱা উচিত।সদগুণ মানুহৰ জন্মজাত বা সহজাত গুণ নহয়; মানুহৰ জন্মগত প্ৰবৃত্তি, যেনে- সুখ, দুখ, কামনা, বাসনা, ভয়, ক্ৰোধ ইত্য়াদিৰ পৰা সদগুণ বহুপৰিমাণে পৃথক। পৃথক এইকাৰণে যে সুখ, দুখ, ভয়, ক্ৰোধ ইত্য়াদি অৰ্জন কৰাৰ বাবে মানুহে নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰিবলগা নহয়; কিন্তু সদগুণ অৰ্জন কৰিবলৈ মানুহে নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰিবলগা হয়। সদগুণ এনে এক গুণ যি মানুহৰ চৰিত্ৰ বা স্বভাৱৰ অপৰিহাৰ্য অংগ হৈ পৰে আৰু ই সদায় মানুহক তেওঁৰ  নিজ কৰ্তব্য় সম্পাদন কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগায়।উদাহৰণস্বৰূপে, যদি কোনো ব্য়ক্তি ভয়ংকৰ বা বিপদজনক পৰিস্থিতিতো নিজৰ ধৈৰ্য বজাই ৰাখে আৰু বাৰে বাৰে বিজয় প্ৰাপ্ত কৰে, তেনেহলে আমি কওঁ যে সেই মানুহজনৰ 'সাহস' নামৰ সদগুণ আছে।

            'সদগুণ'ৰ ইংৰাজী প্ৰতিশব্দ হল 'Virtue'। 'Virtue' শব্দটো লেটিন 'Vir' বা 'Virtus' শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হল 'বীৰ'। গতিকে অভিধানিক অৰ্থত 'সদগুণ' মানে হল 'বীৰত্ব বা পৌৰষত্ব'।'Virtue' শব্দটোৰ আৰু এটা অৰ্থ আছে। এই অৰ্থত 'Virtue' গ্ৰীক শব্দ 'Arete' ৰ সমাৰ্থক। 'Arete'ৰ অৰ্থ হল 'শ্ৰেষ্ঠতা বা উৎকৃষ্টতা'। গতিকে 'Virtue' হল নৈতিক শ্ৰেষ্ঠতা বা উৎকৃষ্টতা। উইলিয়াম লিলিৰ (William Lillie) মতে, নৈতিক দৰ্শনত সদগুণ দুটা ভিন্ন অৰ্থত ব্য়ৱহাৰ কৰা হয়- ১) সৎগুণ হল মানৱীয় চৰিত্ৰৰ গুণ- সদগুণ হল এটা বিশেষ পৰিস্থিতিত কোনটো কৰা উচিত নাইবা কোনটো সাৰ্বজনীন কৰ্তব্য় সম্পাদন কৰা যায়- এই সম্বন্ধীয় এটা প্ৰৱণতা। ২) সদগুণ হল মানুহৰ চৰিত্ৰ বা প্ৰৱণতাৰ গুণানুসৰি কৰ্ম কৰাৰ এটা অভ্য়াস।

            সদগুণ সম্বন্ধে তিনিজন দাৰ্শনিকৰ মতবাদ উল্লেখযোগ্য়। এই তিনিজন গ্ৰীক দাৰ্শনিক হল চক্ৰেটিছ, প্লেটো আৰু এৰিষ্ট'টল। চক্ৰেটিছৰ মতে, সদগুণ আৰু জ্ঞান এক। সদগুণেই জ্ঞান আৰু জ্ঞানেই সদগুণ। চক্ৰেটিছৰ মতে, সদগুণৰ উৎপত্তি স্থান হল জ্ঞান। প্লেটোৱে চাৰিপ্ৰকাৰৰ মূখ্য় সদগুণৰ উল্লেখ কৰিছে- জ্ঞান, সাহস, মিতাচাৰ আৰু ন্য়ায়পৰায়ণতা। এৰিষ্ট'টলৰ মতে, সদগুণক দুই প্ৰকাৰত ভাগ কৰিব পাৰি- বৌদ্ধিক সদগুণ আৰু নৈতিক সদগুণ। শিক্ষাদানৰ পৰা বৌদ্ধিক সদগুণ আৰু অভ্য়াসৰ পৰা  নৈতিক সদগুণবোৰৰ উদ্ভৱ হয়। এৰিষ্ট'টলে সদগুণ নিৰ্ধাৰণৰ বাবে মধ্য়ম পন্থাৰ উল্লেখ কৰিছে। এই মধ্য়ম পন্থাক এৰিষ্ট'টলে 'golden mean' বুলি অভিহিত কৰিছে।

            খ্ৰীষ্টধৰ্মত সাতটা মূখ্য় সদগুণৰ উল্লেখ আছে। এই সাতটাৰ তিনিটা হল ধৰ্মতাত্বিক সদগুণ আৰু বাকী চাৰিটা মানৱিক সদগুণ। ধৰ্মতাত্বিক সদগুণসমূহ হল- আস্থা বা বিশ্বাস, আশা আৰু প্ৰেম। আনহাতে, মানৱিক সদগুণসমূহ হল- বিচক্ষণতা, ধৈৰ্য, সংযম বা মিতাচাৰ আৰু ন্য়ায়পৰায়ণতা। এয়া প্ৰকৃততে একুইনাচৰ মত। অগাষ্টাইনে অৱশ্য়ে শেষ চাৰিটাক প্ৰেমৰেই ৰূপ বুলি কৈছে। তেওঁৰ মতে, প্ৰথম তিনিটাই যথাৰ্থতে মূখ্য় সদগুণ। আনহাতে, শপেনহাৱাৰ আৰু ফ্ৰাংকেনাই হিতৈষিতা আৰু ন্য়ায়পৰায়ণতাকে মূখ্য় সদগুণ বুলি গণ্য় কৰিছে।


4. What is teleological ethics? Explain teleological ethics.

উদ্দেশ্য়মূলক নৈতিক মতবাদ কাক বোলে? উদ্দেশ্য়মূলক নৈতিক মতবাদটো ব্য়াখ্য়া কৰা।

উত্তৰঃ উদ্দেশ্য়মূলক নৈতিক মতবাদে কয় যে কোনো কৰ্ম বা কৰ্মনীতি ভাল নে বেয়া, নে বাধ্য়তামূলক তাক নিৰ্ধাৰণ কৰাৰ চুড়ান্ত মানদণ্ড হল অনৈতিক কোনো মূল্য়, যাক ঐ কৰ্মনীতি অনুসৰণ কৰি ফলস্বৰূপে পাব পৰা যায়। উদ্দেশ্য়মূলক নৈতিক মতবাদ অনুসৰি কোনো কৰ্ম ভাল বুলি বিবেচিত হব যদিহে তাৰ ফলাফল বা উদ্দেশ্য় ভাল হয়। যদি কোনো কৰ্মৰ উদ্দেশ্য় বা ফলাফল ভাল নহয়, তেনেহলে সেই কৰ্ম বেয়া বুলি বিবেচিত হব।                 উদ্দেশ্য়মূলক নৈতিক মতবাদৰ কেইটামান বৈশিষ্ট হল-

ক) এই মতবাদে কৰ্ম বা নিয়মৰ নৈতিক মূল্য় নিৰ্ণয় কৰিবলৈ গৈ একমাত্ৰ উদ্দেশ্য় বা ফলাফলকে গুৰুত্ব দিয়ে। যি কৰ্মৰ উদ্দেশ্য় ভাল বা ফলাফল ভাল সেই কৰ্মই উচিত কৰ্ম। উদ্দেশ্য় বা ফলাফল যদি ভাল নহয়, সেই কৰ্ম বেয়া বা অনুচিত কৰ্ম।

খ) এই মতবাদে উপায়ৰ পৰিৱৰ্তে উদ্দেশ্য়ৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। উদ্দেশ্য় যদি ভাল হয় তেনেহলে যিকোনো উপায় এই মতবাদৰ মতে গ্ৰহণীয়। সমাজত অকল্য়াণৰ তুলনাত বেছি কল্য়াণ সাধন কৰাই এই মতবাদৰ উদ্দেশ্য়।

গ)এই মতবাদত কোনোবা কৰ্মনীতিৰ স্বকীয় মূল্য় স্বীকাৰ নকৰি পৰকীয় মূল্য় স্বীকাৰ কৰা হয়। কৰ্ম এটা নিজ গুণত ভাল নহয়, অৰ্থাৎ কৰ্মটো স্বতঃমূল্য়বান নহয়। কৰ্মৰ ফলত উৎপাদিত ফলাফলৰ দ্বাৰা কৰ্ম এটাই মূল্য় প্ৰকাশিত হয়।

ঘ) এই মতবাদৰ মতে, কৰ্ম বা কৰ্মনীতিৰ নৈতিক মূল্য় ফলাফলৰ অনৈতিক মূল্য়ৰ ওপৰত নিৰ্ভৰশীল।                                                                                                           

              উদ্দেশ্য়বাদীসকলে যেতিয়া কোনো কৰ্মৰ ফলাফল বিশ্লষণ কৰা কথা কয়, তেতিয়া সেই ফলাফল বুলিলে অনৈতিক গুণাগুণকেই বুজিব লাগিব। অৰ্থাৎ এটা কৰ্মৰ ফলত জগতত যিবিলাক পৰিস্থিতিগত পৰিৱৰ্তনৰ সূচনা হয় সেই সকলোবোৰ জাগতিক ধৰ্মাধৰ্মক বুজিব লাগিব। নৈতিক বিচাৰ কোনো অনৈতিক গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ কাৰণ দেখুৱাবলৈ গৈ উদ্দেশ্য়বাদীসকলে এটা যুক্তিৰ আশ্ৰয় লয়।তেওঁলোকৰ মতে, নৈতিক গুণ যদি নৈতিক গুণৰ ওপৰতেই নিৰ্ভৰশীল হয়, তেনেহলে সেই নৈতিক গুণাগুণৰ মূল্য়ায়নৰ বাবে আকৌ নৈতিক গুণৰ প্ৰয়োজন হব আৰু ফলস্বৰূপে 'চক্ৰক দোষ'ৰ উদ্ভৱ হব।

        'কাৰ হিতসাধন উচিত' এই সম্পৰ্কেও উদ্দেশ্য়বাদীসকল একমত নহয়। নৈতিক আত্মবাদ ভাৱে যে যি নিজৰ সৰ্বোচ্চ সুখ উৎপন্ন কৰে সিয়েই কৰা উচিত। গতিকে সেই কৰ্ম বা কৰ্মনীতিক ভাল বা উচিত বুলিব পাৰি যি অকল্য়াণৰ তুলনাত অধিক বেছি কল্য়াণ সাধন কৰে। যদি নকৰে, তেনেহলে সেই কৰ্ম অনুচিত বা বেয়া কৰ্ম। এপিকিউৰাচ(Epicurus), হ'বচ(Hobbes), নীট্ছে (Nietzsche) আৰু ভাৰতৰ চাৰ্বাকসকল এই মতবাদৰ সমৰ্থক। 

               উদ্দেশ্য়মূলক নৈতিক মতবাদৰ বিৰুদ্ধে কেইটামান আপত্তি আছে। এই মতবাদৰ বিৰুদ্ধে প্ৰধান আপত্তি হল এয়ে যে এই মতবাদে কেৱল উদ্দেশ্য়ক গুৰুত্ব দিয়ে।এই মতবাদৰ মতে, উদ্দেশ্য় যদি ভাল হয় তেনেহলে সেই কাম ভাল। কিন্তু অধিকাংশ নীতিবিদৰ মত এয়ে যে উদ্দেশ্য় লগে লগে উপায় ভাল হলেহে কোনো এটা কৰ্মক ভাল বুলিব পাৰি। তাৰোপৰি, এই মতবাদৰ আন এটা দোষ হল যে এই মতবাদে কৰ্মৰ স্বকীয় নৈতিক মূল্য়ক গুৰুত্ব নিদি পৰকীয় নৈতিক মূল্য়ক গুৰুত্ব দিছে।কোনো এটা কৰ্মৰ ভালত্ব নিৰ্ভৰ কৰে সেই কৰ্মৰ ফলত উৎপন্ন হোৱা ফলাফলৰ ওপৰত। কৰ্মৰ প্ৰকৃতিৰ মাজতে যে ইয়াৰ মূল্য় নিহিত থাকিব পাৰে এই মতবাদে এই কথা অগ্ৰাহ্য় কৰিছে।      






Answer: Jipika Hazarika




Post ID: DABP001731