ভাষাৰ দৰ্শন
অতি চমু প্ৰশ্ন-উত্তৰঃ
1. Who was the author of the book 'Language'?
'Language' নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ ব্লুমফিল্ড।
2. Name one philosopher of Vienna Circle.
ভিয়েনা চক্ৰৰ এজন দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ মৰিজ শ্লিক।
3. The author of the book 'Principia Mathematica' is one or two?
'Principia Mathematica' গ্ৰন্থখনৰ লিখক এজন নে দুজন?
উত্তৰঃ দুজন।
4. Who was the author of the book 'Philosophical Investigation'?
'Philosophical Investigation' গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ ৱিটগেনষ্টাইন।
5. Name of one book of Bertrand russell in which he discussed descriptive theory.
বাট্ৰাণ্ড ৰাছেলৰ এখন গ্ৰন্থৰ নাম উল্লেখ কৰা যিখনত তেওঁ বৰ্ণনাত্মক তত্ত্বটোক ব্য়াখ্য়া কৰিছিল।
উত্তৰঃ The Problem of philosophy ।
6. Who did say that the word 'know' means familiar?
'Know' শব্দটোৰ অৰ্থ Familiar বুলি কোনে কৈছিল?
উত্তৰঃ এ.জে. আয়াৰ।
7. Who is the author of Mysticism and Logic'?
'Mysticism and Logic' গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ বাট্ৰাণ্ড ৰাছেল।
8. Who for the first time philosophically discussed the concept of ordinary language?
সাধাৰণ ভাষাৰ ধাৰণাটো কোনে পোন প্ৰথমে দাৰ্শনিকভাৱে আলোচনা কৰিছিল?
উত্তৰঃ ৱিটগেনষ্টাইন।
9. In which journal, for the first time the descriptive theory of Russel was published in London?
ৰাছেলৰ বৰ্ণনাত্মক তত্ত্বটো পোনপ্ৰথমে লণ্ডনৰ কোনখন পত্ৰিকাত প্ৰকাশ পাইছিল।
উত্তৰঃ Hibbert Journal।
10. What is the central theme of Analytical philosophy?
বিশ্লেষণাত্মক দৰ্শনৰ কেন্দ্ৰীয় বিষয় কি?
উত্তৰঃ বিশ্লেষণাত্মক দৰ্শনৰ কেন্দ্ৰীয় বিষয় হল- ভাষা আৰু ভাষাৰ বিভিন্ন গাঠনিৰ বিশ্লষণাত্মক অধ্য়য়ন।
11. Who did write the book 'Philosophy of language' ?
'Philosophy of language' নামৰ গ্ৰন্থখনৰ লিখক কোন আছিল?
উত্তৰঃ W.P. Alston ।
12. who is the author of 'Uber Sinn und Bedeutung'?
'Uber Sinn und Bedeutung' লেখক কোন?
উত্তৰঃ গটলব ফ্ৰেগে।
13. what are the three elements of term meaning according to Frege?
ফ্ৰেগেৰ মতে অৰ্থ শব্দটোৰ তিনিটা উপাদান কি কি?
উত্তৰঃ ফ্ৰেগেৰ মতে অৰ্থ শব্দটোৰ তিনিটা উপাদান হল- ভাষাগত উক্তি, উক্তিবোৰৰ অৰ্থ আৰু তাৰ নিৰ্দেশক।
14. Who is the author of 'On Denoting'?
'On Denoting' ৰ লেখক কোন?
উত্তৰঃ ৰাছেল।
15. Who among the following was a member of both Cambridge and Oxford Philosophy?
তলৰ কোন গৰাকী দাৰ্শনিক অক্সফোৰ্ড আৰু কেমব্ৰিজ উভয় দলৰ সদস্য় আছিল?
i)জি.ই. মূৰৰ
ii) বাৰ্ট্ৰাণ্ড ৰাছেল
iii) লুডউগ উইটগেনষ্টাইন
উত্তৰঃ লুডউগ উইটগেনষ্টাই।
16. Who are the Oxford Philosophers?
অক্সফোৰ্ড দাৰ্শনিকসকল কোন?
উত্তৰঃ অক্সফোৰ্ড দাৰ্শনিকসকল হল- উইটগেনষ্টাইন, জন উইজডম, গিলবাৰ্ট ৰাইল, জন অষ্টিন আদি।
17. Who are the Cambridge Philosophers?
কেমব্ৰিজৰ দাৰ্শনিকসকল কোন?
উত্তৰঃ কেমব্ৰিজৰ দাৰ্শনিকসকল হল- মূৰ, ৰাছেল আৰু উইটগেনষ্টাইন।
18. Name three analytical philosophers.
তিনিজন বিশ্লষকবাদী দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ জি. ই. মূৰ, ৰুডল'ফ কাৰনাপ আৰু উইটগেনষ্টাইন।
19. Who is the author of the article 'Truth'?
'Truth' ৰ লেখক কোন?
উত্তৰঃ পিটাৰ ষ্ট্ৰচন।
ৰচনাধৰ্মী প্ৰশ্ন-উত্তৰঃ
1. ভাষা দৰ্শন মানে কি ? ভাষা দৰ্শনৰ এক চমু ইতিহাস দাঙি ধৰা।
উত্তৰঃ পাশ্চাত্য় দৰ্শনৰ সমসাময়িক যুগত দৰ্শনৰ কেইবাটাও ভাষাই গা কৰি উঠে। এই সমূহৰ ভিতৰত ভাষা দৰ্শন এক উল্লেখযোগ্য় ভাষা। পৰম্পৰাগতভাৱে চলি অহা দৰ্শনৰ আলোচ্য় বিষয় বা প্ৰসংগৰ স্থানত ভাষা বিশ্লেষণ কৰাই দৰ্শনৰ মূল বিষয় বুলি গণ্য় কৰা এই নতুন ভাষাটোকে ভাষাদৰ্শন ৰূপে জনাজাত হয়। ভাষা দৰ্শনৰ সৈতে বিশ্লষাত্মক ধাৰণাৰ সম্বন্ধ আছে ।
ইংলেণ্ড আৰু আমেৰিকাত এনে দৰ্শন সূচনা আৰু ভাষাৰ বিশ্লেষনাত্মক অধ্য়য়নে দৰ্শনক তৰ্কীয় বিশ্লেষণাত্মক দিশলৈ লৈ যায়।এনে দাৰ্শনিক ধাৰা বিকাশ ঘটোৱাৰ ক্ষেত্ৰত প্ৰধানতঃ জি.ই.মূৰ, এ.জে. আয়াৰ, ৰাছেল, কাৰনেপ, শ্লিক, উইটগেনষ্টাই । বিংশ শতিকাত তৰ্কীয় প্ৰত্য়ক্ষবাদে সমসাময়িক দৰ্শনত এক ব্য়াপক আলোড়নৰ জোৱাৰ তুলে। এই জোৱাৰ মূল আলোচ্য় বিষয়ে আছিল ভাষা।
ভাষা হৈছে মানুহৰ ভাব প্ৰকাশ কৰা মাধ্য়ম। ই কেতিয়াবা মুখেৰে শব্দ কৰি বা কেতিয়াবা লিখিত ৰূপত নাইবা প্ৰতীক বা সংকেতৰ দ্বাৰা প্ৰকাশিত হয়। দেখা যায় যে ভাষাই সামাজিক প্ৰেক্ষাপটত ব্য়ক্তিৰ চিন্তা বা বক্তব্য় প্ৰকাশ কৰে। ভাষাবিদ ডাৰউইনৰ মতে , ভাষা হৈছে সম্পূৰ্ণভাৱে মানৱীয় আৰু অস্বভাৱজাত ভাবেই অনুভূতি, ধাৰণা, আদিৰ বাবে স্ব-ইচ্ছাই প্ৰকাশ কৰা এক যোগাযোগৰ মাধ্য়ম। চ'মশ্বকীৰ মতে, ভাষা হৈছে মানুহৰ মস্তিষ্ক আৰু জিনত আন্তৰিক ভাবে জন্ম পাই। অভিধানিক দিশত কোৱা হয় যে ইজনে সিজনৰ লগত ভাব, ধাৰণা আদি আদান-প্ৰদানৰ বাবে যিবোৰ প্ৰচলিত কঠিত বা লিখিত ধাৰণা বা প্ৰতীক ব্য়ৱহাৰ কৰে সেই হল ভাষা।এই জগতৰ প্ৰায়বিলাক প্ৰাণীয়ে মুখেৰে শব্দ কৰি বা বিশেষ অংগি ভংগিৰে বিশেষ মনোভাৱ প্ৰকাশ কৰে। কেৱল মানুহেই হৈছে এক উন্নত প্ৰাণী যি মনৰ ভাৱ মুখৰ ধ্বনিৰে প্ৰকাশ কৰি বিভিন্ন ভাষা সৃষ্টি কৰে। বিভিন্ন দাৰ্শনিকে একমত প্ৰকাশ কৰে যে মানুহে পাৰশ্বপৰিক যোগাযোগৰ বাবে ভাষা ব্য়ৱহাৰ কৰা আৰম্ভ কৰিছিল। এই ভাষাৰ মূল কাৰণ হল এজন ব্য়ক্তি মনৰ ভাব চিন্তা, আৱেগ আদি শ্ৰোতাৰ কাষলৈ লৈ যোৱা। এটা ভাষা গঠন হবলৈ হলে কিছুমান শব্দ, বাক্য় ইত্য়াদি প্ৰয়োজন হয়। তদুপৰি এই সমূহ যুক্তিপূৰ্ণ আৰু শ্ৰোতাৰ বাবে বোধগম্য় হব লাগিব।
সমসাময়িক পাশ্চাত্য় দৰ্শনৰ কেইবাজনো দাৰ্শনিকে ভাষাৰ সঠিক প্ৰয়োগ, বিশ্লেষণ আৰু অৰ্থ বিচাৰ কৰাই দৰ্শনৰ মুখ্য় কাম বুলি মন্তব্য় প্ৰকাশ কৰিছে। এই সমূহৰ ভিতৰত বিশ্লষণাত্মক দৰ্শন, তৰ্কীয় প্ৰত্য়ক্ষবাদ, ৰাছেল আৰু উইটগেনষ্টাইনৰ দৰ্শন উল্লেখযোগ্য়। এই ক্ষেত্ৰত অতি উল্লেখযোগ্য় অৱদান আগবঢ়াইছে ভিয়েনাচক্ৰই। এই ভিয়েনাচক্ৰৰ দাৰ্শনিক সকল আছিল ক্ৰমে- মৰিছ শ্লিক,ৰুডলফ কাৰণাপ, ওটো নিউৰথ, হোৱাইটহেড আৰু জি.ই.মূৰ উল্লেখযোগ্য়।পৰৱৰ্তী সময়ত ভাষা দৰ্শনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা দাৰ্শনিকজন আছিল অষ্টিন।
লাহে লাহে ভাষা দৰ্শনে দৰ্শনৰ ইতিহাসত এক যোগান্তকাৰি ভূমিকা পালন কৰে। ভাষা দৰ্শনৰ মূখ্য় আলোচ্য় বিষয় বস্তুসমূহ হৈছে ভাষাৰ গঠন, ভাষাৰ ক্ৰিয়া বা কাৰ্য, ভাষাৰ অৰ্থ আদি। দাৰ্শনিক উইটগেনষ্টাইনৰ মতে, আমাৰ ব্য়ৱহৃত ভাষাৰ মাজতে প্ৰকৃত সত্তা নিহিত হৈ থাকে আৰু ভাষাৰ ব্য়ৱহাৰে মানৱ জীৱন মানদণ্ড নিৰূপন কৰে।
2. ফ্ৰেগেৰ অৰ্থ আৰু নিৰ্দেশনাৰ তত্ত্বটো ব্য়াখ্য়া কৰা।
উত্তৰঃ গটলব ফ্ৰেগে আছিল এগৰাকী জাৰ্মান গণিতজ্ঞ। তেওঁ বিংশ শতিকাৰ ভাষা দৰ্শন আৰু বিশ্লেষণী দৰ্শনৰ প্ৰধান অগ্ৰদূত আছিল। ভাষা দৰ্শনত ফ্ৰেগেৰ এটি গুৰুত্বপূৰ্ণ দাৰ্শনিক তত্ত্ব হল 'Sinn und Bedeutung' অৰ্থাৎ 'অৰ্থ আৰু নিৰ্দেশনা'। ফ্ৰেগে তেওঁৰ 'Uber Sinn und Bedeutung' ( অৰ্থাৎ On Sense and Reference) প্ৰৱন্ধত অৰ্থ আৰু নিৰ্দেশনাৰ ওপৰত তেওঁৰ গুৰুত্বপূৰ্ণ দাৰ্শনিক তত্ত্ব উপস্থাপন কৰে।
ফ্ৰেগেৰ মতে, যিকোনো উক্তিৰ দুটা দিশ থাকে- অৰ্থ আৰু নিৰ্দেশনা। ফ্ৰেগে মতে অৰ্থ আৰু নিৰ্দেশনা ভিন্ন, কোনো শব্দৰ অৰ্থ তাৰ নিৰ্দেশকৰ পৰা ভিন্ন। উদাহৰণস্বৰূপে, যেতিয়া আমি কওঁ যে,'প্ৰভাত তৰা হল শুক্ৰগ্ৰহ', 'সন্ধ্য়া তৰা হল শুক্ৰগ্ৰহ' আৰু 'প্ৰভাত তৰাই হল সন্ধ্য়া তৰা', তেতিয়া এই উক্তি কেইটাৰ নিৰ্দেশক অভিন্ন থাকে। তিনিওটা উক্তিতে একে বস্তুক নিৰ্দেশ কৰা হৈছে, অৰ্থাৎ শুক্ৰগ্ৰহৰ কথা কোৱা হৈছে। এই তিনিওটা উক্তিৰ মাজৰ পাৰ্থক্য়ৰ কাৰণ হল ইয়াত থকা বৰ্ণনাত্মক পদ অৰ্থাৎ 'প্ৰভাত তৰা' আৰু 'সন্ধ্য়া তৰা'ৰ ব্য়ৱহাৰ। এই দুটা বৰ্ণনাত্মক পদৰ অৰ্থ পৃথক। ফ্ৰেগেৰ মতে, কোনো উক্তিৰ নিৰ্দেশক থাকিলে নিশ্চিতভাৱে তাৰ এটি অৰ্থ থাকিব, কিন্তু কোনো উক্তি বা শব্দৰ অৰ্থ থাকিলেও তাৰ নিৰ্দেশক নাথাকিবও পাৰে। উদাহৰণস্বৰূপে, 'ভাৰতৰ বৰ্তমান ৰজা' উক্তিটোৰ অৰ্থ আছে, কিন্তু ইয়াৰ কোনো নিৰ্দেশক নাই। গতিকে দেখা যায় যে, ফ্ৰেগেৰ দৰ্শনত অৰ্থ আৰু নিৰ্দেশনাৰ মাজত এক সুস্পষ্ট পাৰ্থক্য় আছে।
'অৰ্থ' শব্দটো স্পষ্ট নহয়, ইয়াৰ বিভিন্ন অৰ্থ আছে। ভাষাগত একক ফালৰ পৰা যেতিয়া কোনো ব্য়ক্তিয়ে কিবা উক্তি কৰে, তেতিয়া তাৰ এটি লক্ষণাৰ্থ বা অৰ্থ, কিন্তু পৃথক এক সময়ত তাৰ নিৰ্দেশকৰ প্ৰতি ইংগিত কৰা হয়। ফ্ৰেগেৰ মতে, অৰ্থ শব্দটোৰ আচলতে তিনিটা উপাদান আছে- ভাষাগত উক্তি, উক্তিবোৰৰ অৰ্থ আৰু তাৰ নিৰ্দেশক। ফ্ৰেগে কৈছে যে, এটি অৰ্থপূৰ্ণ উক্তিৰ নিৰ্দেশনাৰ বাহিৰেও আন এটা অৰ্থ আছে। এইটো হল চিন্তা সম্পৰ্কীয়। অৰ্থাৎ নিৰ্দেশনা সম্পৰ্কে যিভাৱে চিন্তা কৰা হয় বা নিৰ্দেশনাক যিভাৱে উপস্থাপন কৰা হয়, সেইটোও ইয়াৰ আন এটা অৰ্থ। ফ্ৰেগে কোনো চিন্তাক বচন বা উক্তিৰ অৰ্থ বুলি ভাবিছে। কাৰণ এটি উক্তিক যেতিয়া আমি এটা ভাষাৰ পৰা অন্য় এটা ভাষালৈ বৰ্ণনা কৰোঁ, তেতিয়া উক্তিটোৰ চিন্তাক বজাই ৰাখিবলগীয়া হয়।
অৰ্থ আৰু নিৰ্দেশনা সম্পৰ্কীয় ফ্ৰেগেৰ এই মতবাদ ভাষা দৰ্শনৰ জগতত এক যুগান্তকাৰী মতবাদ হিচাপে প্ৰতিষ্ঠিত হৈছে। ইয়াৰ দ্বাৰা ৰাছেল, পূৰ্বৱৰ্তী উইটগেনষ্টাইন আদি বহুতো দাৰ্শনিক প্ৰভাৱিত হৈছে। দৰ্শনত যি 'আদৰ্শ ভাষাৰ' সন্ধান কৰা হৈছে সিও এই মতবাদৰ দ্বাৰা প্ৰভাৱিত হৈছে। কিন্তু ইয়াৰ বহুতো ত্ৰুটিও আছে। যি অৰ্থপূৰ্ণতাক ইয়াত অধিক গুৰুত্বপূৰ্ণ বুলি গ্ৰহণ কৰা হৈছে, তাৰ পৰিৱৰ্তে ভাষাৰ প্ৰয়োগৰ ওপৰত পৰৱৰ্তী সময়ত গুৰুত্ব প্ৰদান কৰা হৈছে।
3. ভাষা আৰু জগতৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা।
উত্তৰঃ সমকালীন পাশ্চাত্য় দৰ্শনৰ এটা উল্লেখযোগ্য় ভাষা হল ভাষাদৰ্শন। ভাষা দাৰ্শনিক সকলৰ মতে দৰ্শনৰ সকলো বিষয় উদ্ভৱ হৈ ভাষাত জনিত অস্পষ্ট অৰ্থ গ্ৰহণ কৰা বাবে। প্ৰকৃততে দাৰ্শনিক দন্দ সমূহ ভাষাগত সমস্য়াৰে নামান্তৰ। সেই বাবে পৰম্পৰাগত দৰ্শনত ব্য়ৱহৃত অস্পষ্ট অৰ্থ স্পষ্ট কৰা বাবে ভাষা দৰ্শনে প্ৰচেষ্টা চলাই। ভাষা দাৰ্শনিক সকলে জীৱন আৰু জগতৰ সম্পৰ্কক ব্য়ৱহৃত দাৰ্শনিক বক্তব্য় সমূহৰ অৰ্ন্তগত ধাৰণা, শব্দ, বাক্য় আদি বিশ্লেষণ তথা অথোধ্য়া কৰাৰ চেষ্টা কৰিছে।
সমাজ অবিহনে ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশ অসম্ভৱ থিক তেনেকৈ ব্য়ক্তিৰ ব্য়ক্তিত্ব ভাষা অবিহনেও অসম্ভৱ। জানিবলৈ শিকিবলৈ বা অনুভৱ ইচ্ছা আদি প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন। এই পৃথিৱীত সকলো মানৱীয় সত্তা মূল্য়বোধ আৰু বিকাশৰ ক্ষেত্ৰখনত ভাষাৰ অৱদান গুৰুত্বপূৰ্ণ। ভাষা জগতৰ লগত জড়িত। জগত বুলিলে ইয়াত বাস কৰা প্ৰাণী উদ্ভিদ আৰু ভূ-মণ্ডলীয় পৰিৱেশ আদিক বুজা যায়। জগতৰ বিভিন্ন বিষয়ক লৈ ভাষা ব্য়ৱহৃত হয় বা ভাষাই এই সম্পৰ্কে উপস্থাপন কৰে। গতিকে কব পাৰি সমগ্ৰ জগতখন ভাষাৰ বাবে এখন খেল পথাৰ। যত জাগতিক বিষয়-বস্তু থাকিব তাতেই ভাষা থাকিব। ভাষাৰ প্ৰকৃত অৰ্থ নিৰুপনৰ দ্বাৰাই জগতখনক আমাৰ ওচৰলৈ লৈ আহিব পাৰো। এই ভাষাৰ প্ৰাথমিক বিশ্লষণ আৰু প্ৰয়োগ ঘটে প্ৰথমতে নিজ ঘৰ খনৰ, ক্ৰমান্বয়ে চুবুৰীয়া লগত তাৰ পাছত সমাজৰ লগত আৰু পাছত সমগ্ৰ বিশ্বজগতলৈ বিয়পি পৰে। গতিকে আপাত দৃষ্টিত ভাষাৰ লগত সমাজ বা জগতৰ সম্পৰ্ক চকুত নপৰে যদিও সক্ষম ভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ভাষাই নিৰলে আৰু গুপোতে সকলোকে সামৰি লয়।
ভাষা দৰ্শনৰ ক্ষেত্ৰত ভাষা আৰু জগতৰ মাজত সম্পৰ্ক বিভিন্ন দৃষ্টিকোনেৰে বহুকেইজন দাৰ্শনিকে ব্য়াখ্য়া কৰিছিল। এই ক্ষেত্ৰত উইটগেনষ্টাইনৰ ভাষা সম্পৰ্কীয় আলোচনা অতি উল্লেখযোগ্য়। তেওঁৰ মতে আমি ব্য়ৱহাৰ কৰা ভাষাই জাগতিক সত্ত্বাৰ ছবি দাঙি ধৰে। অন্য়ান্য় খেলসমূহৰ দৰে ভাষাত খেল আছে। ভাষাৰ এই খেলসমূহ সঠিক বুজিব পাৰিলে দৰ্শনৰ অৰ্থও উদ্ধাৰ কৰিব পাৰি। দাৰ্শনিক ৰাছেলৰ বৰ্ণনা তত্ত্ব এক উল্লেখযোগ্য় অৱদান। সেইদৰে দাৰ্শনিক ফ্ৰেগে ভাষাৰ অতি মৌলিক ধাৰণাসমূহ ব্য়াখ্য়া কৰি ভাষা দৰ্শন সমৃদ্ধ কৰিছে। আন এজন ভাষাদৰ্শনৰ প্ৰবক্তা অষ্টিনৰ নামো উল্লেখযোগ্য়। তেওঁ ভাষাৰ ক্ৰিয়াসমূহ দাৰ্শনিক দৃষ্টিকোনেৰে উপস্থাপন কৰিছে।
4. সমকালীন দৰ্শনৰ ধাৰা হিচাপে ভাষা দৰ্শনৰ বিষয়ে ব্য়াখ্য়া কৰা।
উত্তৰঃ সমকালীন পাশ্চাত্য় দৰ্শনৰ এটি প্ৰধান দাৰ্শনিক ধাৰা হল ভাষা দৰ্শন। ভাষাৰ বিশ্লষণক আহিলা হিচাপে লৈ সমকালীন পাশ্চাত্য় দৰ্শনত যি দাৰ্শনিক ধাৰা গঢ়ি উঠে তাক দৰ্শনৰ জগতত ভাষা দৰ্শন বুলি জনা যায়। কাৰণ ভাষা দাৰ্শনিকসকলৰ মতে, দৰ্শনৰ সকলো সমস্য়াই উদ্ভৱ হয় ভাষাৰ অৰ্থক স্পষ্টৰূপত ধৰিব নোৱাৰাৰ বাবে। দাৰ্শনিক সমস্য়া হৈছে ভাষাগত সমস্য়াৰে নামান্তৰ। সেইকাৰণে ভাষা দাৰ্শনিকসকলে পৰম্পৰাগত দৰ্শনত ব্য়ৱহৃত ভাষাৰ অস্পষ্ট অৰ্থক স্পষ্ট কৰাৰ বাবে এক নতুন দৰ্শনৰ সূচনা কৰে।
সমকালীন দৰ্শনত ভাষাৰ বিশ্লষণক মূল বিবেচ্য় বিষয় হিচাপে লৈ ভাষা দৰ্শন বিৱৰ্তন প্ৰক্ৰিয়াক তিনিটা ভাগত ভাগ কৰা যায়। প্ৰথম ভাগত মূৰ, ৰাছেল আৰু ট্ৰাক্টেটাচৰ উইটগেনষ্টাইনক অন্তৰ্ভূক্ত কৰা হয় যিসকল কেমব্ৰিজ দলৰ দাৰ্শনিক নামে খ্য়াত। দ্বিতীয় ভাগত ভিয়েনা চক্ৰৰ তৰ্কীয় প্ৰত্য়ক্ষবাদী দাৰ্শনিক সকলক অন্তৰ্ভূক্ত কৰা হয়। তৰ্কীয় প্ৰত্য়ক্ষবাদীসকলৰ ভিতৰত উল্লেখযোগ্য় হল মৰিজ শ্লিক, ৰুডলফ কাৰণাপ, অট্ট' নিউৰথ, এ.জে.আয়াৰ আদি। তৃতীয় ভাগত ইনভেষ্টিগেছনৰ উইটগেনষ্টাইন, অক্সফোৰ্ডৰ সাধাৰণ ভাষা দাৰ্শনিক জন উইজডম, গিলবাৰ্ট ৰাইল, জন অষ্টিন, পি.এফ. ষ্ট্ৰচন আদিৰ দাৰ্শনিক অন্তৰ্ভূক্ত কৰা হয়।
ভাষা হৈছে মানুহৰ ভাব প্ৰকাশ কৰা মাধ্য়ম। ই কেতিয়াবা মুখেৰে শব্দ কৰি বা কেতিয়াবা লিখিত ৰূপত নাইবা প্ৰতীক বা সংকেতৰ দ্বাৰা প্ৰকাশিত হয়। দেখা যায় যে ভাষাই সামাজিক প্ৰেক্ষাপটত ব্য়ক্তিৰ চিন্তা বা বক্তব্য় প্ৰকাশ কৰে। ভাষাবিদ ডাৰউইনৰ মতে , ভাষা হৈছে সম্পূৰ্ণভাৱে মানৱীয় আৰু অস্বভাৱজাত ভাবেই অনুভূতি, ধাৰণা, আদিৰ বাবে স্ব-ইচ্ছাই প্ৰকাশ কৰা এক যোগাযোগৰ মাধ্য়ম। চ'মশ্বকীৰ মতে, ভাষা হৈছে মানুহৰ মস্তিষ্ক আৰু জিনত আন্তৰিক ভাবে জন্ম পাই। অভিধানিক দিশত কোৱা হয় যে ইজনে সিজনৰ লগত ভাব, ধাৰণা আদি আদান-প্ৰদানৰ বাবে যিবোৰ প্ৰচলিত কঠিত বা লিখিত ধাৰণা বা প্ৰতীক ব্য়ৱহাৰ কৰে সেই হল ভাষা।এই জগতৰ প্ৰায়বিলাক প্ৰাণীয়ে মুখেৰে শব্দ কৰি বা বিশেষ অংগি ভংগিৰে বিশেষ মনোভাৱ প্ৰকাশ কৰে। কেৱল মানুহেই হৈছে এক উন্নত প্ৰাণী যি মনৰ ভাৱ মুখৰ ধ্বনিৰে প্ৰকাশ কৰি বিভিন্ন ভাষা সৃষ্টি কৰে। বিভিন্ন দাৰ্শনিকে একমত প্ৰকাশ কৰে যে মানুহে পাৰশ্বপৰিক যোগাযোগৰ বাবে ভাষা ব্য়ৱহাৰ কৰা আৰম্ভ কৰিছিল। এই ভাষাৰ মূল কাৰণ হল এজন ব্য়ক্তি মনৰ ভাব চিন্তা, আৱেগ আদি শ্ৰোতাৰ কাষলৈ লৈ যোৱা। এটা ভাষা গঠন হবলৈ হলে কিছুমান শব্দ, বাক্য় ইত্য়াদি প্ৰয়োজন হয়। তদুপৰি এই সমূহ যুক্তিপূৰ্ণ আৰু শ্ৰোতাৰ বাবে বোধগম্য় হব লাগিব।
5. Explain after Frege the differences between sense and reference.
ফ্ৰেগেক অনুসৰণ কৰি ভাব বা ধাৰণা আৰু প্ৰসংগ বা নিৰ্দেশনাৰ পাৰ্থক্য় ব্য়াখ্য়া কৰা।
উত্তৰঃ ভাব বা ধাৰণা আৰু প্ৰসংগৰ মাজৰ ভাষিক সম্বন্ধই কোনো উক্তিৰ মানণ্ডৰ নিৰুপন কৰে। বাস্তৱতা জ্ঞানৰ ক্ষেত্ৰত ভাব আৰু প্ৰসংগৰ সঠিক মিলনে গোটেই বিষয়টোকে হৃদয়ংগম কৰি তোলে।
i)প্ৰাথমিক অৱস্থাত ভাব বা ধাৰণাই কোনো প্ৰসংগৰ নিৰ্দেশ নকৰে, আনহাতে প্ৰসংগই সদায় কোনো এক বিষয়ক নিৰ্দেশ কৰে।
ii) বচনৰ ক্ষেত্ৰত ব্য়ৱহৃত পদক সত্য়মূল্য় নিৰ্ধাৰণৰ দিশতো ভাব আৰু প্ৰসংগৰ পাৰ্থক্য় দেখা যায়। কাৰণ কেতিয়াবা এটা নামে যি অৰ্থত ব্য়ৱহৃত হৈছে সেই একেটা নামে বেলেগ পৰিৱেশত বেলেগ অৰ্থত ব্য়ৱহৃত হৈছে। উদাহৰণস্বৰূপে- Tiger শব্দটোৱে কেতিয়াবা নিদিষ্ট পাহাৰক বুজায়, কেতিয়াবা কিছুমানে নিজৰ পোহনীয়া কুকুৰটো আৰু কিছুমানে সচৰাচৰ জন্তুক বুজাই। ফ্ৰেগেৰ মতে, ভাব বা ধাৰণাহে বচনৰ লগত যুক্ত হব পাৰে, প্ৰসংগ কেতিয়াও যুক্ত নহয়।
iii) বচনৰ লগত প্ৰসংগবিহীন নামবাচক পদযুক্ত হলে তাৰ কোনো সত্য়মূল্য় নাথাকে। 'সত্ৰীয়া' বুলি কয় যদি তাৰ কোনো প্ৰসংগ উত্থাপন নহয় তেতিয়া ই অপ্ৰাসংগিক ভাব বা ধাৰণাহে হব। কিন্তু, 'সত্ৰীয়া নৃত্য়' বুলি কোৱা লগে লগে ব্য়ক্তিৰ চিন্তনৰ লগত 'সত্ৰীয়া নৃত্য়' চিত্ৰ আৰু ভাষাৰ মাজত এটা চিন্তন বা প্ৰসংগৰ মাজেৰে প্ৰকাশিত হব। সেয়ে ফ্ৰেগে কৈছে যে প্ৰসংগ বা নিৰ্দেশক নিয়মিত ভাবে থাকক বা নাথাকক ভাব বা ধাৰণা সদায় অস্তিত্বশীল হৈ থাকিব।
iv) বেলেগ বেলেগ নামৰ অৰ্থ বা ভাব বেলেগ বেলেগ হব পাৰে যদিও কেতিয়াবা দেখা যায় যে বেলেগ বেলেগ নামবোৰে একেটা বিষয়কে নিৰ্দেশ কৰে যদিও অৰ্থ বা ভাব বেলেগ হব পাৰে ।
6. Describe rationally Bertrand Russell's definite description theory.
বাট্ৰাণ্ড ৰাছেলৰ সুনিৰ্দিষ্ট বৰ্ণনাত্মক তত্ত্বটো ব্য়াখ্য়া কৰা।
উত্তৰঃ ভাষা দৰ্শনৰ ক্ষেত্ৰত ৰাছেলৰ 'সুনিৰ্দিষ্ট বৰ্ণনাতত্ত্ব' (Definite description) এক উল্লেখযোগ্য় অৱদান। 'Mind' নামৰ বিখ্য়াত আলোচনীখনত ৰাছেলে 'On Denoting' নামৰ এটা নিবন্ধত বৰ্ণনাতত্ত্বৰ সৰ্বপ্ৰথম প্ৰকাশ পায়। পৰৱৰ্তী সময়ত তেওঁৰ 'Problems of Philosophy' গ্ৰন্থটো এই বিষয়ে আলোচনা আগবঢ়ায়। ৰাছেলৰ বৰ্ণনাতত্ত্বৰ মূল উদ্দেশ্য় হল ভাষাৰ মাজত যিবিলাক দ্ৰ্য়ৰ্থ বোধক অস্পষ্টতা থাকে, তাক দূৰ কৰা আৰু কিছুমান দাৰ্শনিক উক্তিক বাস্তৱ সন্মত বুলি প্ৰমাণ আৰু এই বিলাকৰ সত্য়তা প্ৰতিষ্ঠা কৰা। ৰাছেলে দেখুৱাব খুজিছে যে, যি পদক আমি বস্তুৰ নিৰ্দেশক বুলি ভাবো সেইবোৰ দৰাচলতে বস্তুৰ নিৰ্দেশক নহয়, তেওঁৰ অনেক তথাকথিত বস্তু নিৰ্দেশক পদক অস্বীকাৰ কৰিছে।
ৰাছেলৰ মতে বৰ্ণনা হল কোনো বস্তু বা ধাৰণাৰ বিশ্লষণ। এই বিশ্লষণ ভাষাৰ মাধ্য়মত কৰিব পাৰি। বৰ্ণনা হল একে জাতীয় শব্দ বা শব্দৰ সমষ্টি যাৰ মাজত এক বা একাধিক অনিদিষ্ট অৰ্থ বিশিষ্ট প্ৰতীক থাকে, সেই বৰ্ণনাক অনিৰ্দিষ্ট প্ৰতীক বুলি কোৱা হয়। আমাৰ দৈনন্দিন জীৱন ব্য়ৱহৃত উক্তিবোৰক বৰ্ণনামূলক তাৎপৰ্য ব্য়াখ্য়া কৰাই বৰ্ণনাতত্ত্বৰ উদ্দেশ্য়।
বৰ্ণনা(Description) শব্দটোৰে ৰাছেলে 'অনিৰ্দিষ্ট কিবা এটা' ( A so and so) নাইবা 'নিৰ্দিষ্ট কিবা এটা' ( The so and so) জাতীয় বাক্য়াংশক বুজাইছে। ৰাছেলৰ মতে বৰ্ণনা দুই প্ৰকাৰৰ অনিৰ্দিষ্ট বৰ্ণনা (Indefinite description) আৰু সুনিৰ্দিষ্ট বৰ্ণনা (Definite description)।
অনিৰ্দিষ্ট বৰ্ণনা (a so and so) ৰাছেলে অনেকাৰ্থক বৰ্ণনা বুলি অভিহিত কৰিছে। এনে বৰ্ণনাৰ ক্ষেত্ৰত যি বিষয় বৰ্ণনা কৰা হয় সি নিৰ্দিষ্ট নহয়। উদাহৰণস্বৰূপে- 'এজন মানুহৰ লগত মোৰ সাক্ষাৎ হৈছিল'।
আনহাতে, 'নিৰ্দিষ্ট কিবা এটা' (The-so-and-so) জাতীয় বাক্য়াংশ ৰাছেলে সুনিৰ্দিষ্ট বৰ্ণনা বুলি অভিহিত কৰিছে। এনে বৰ্ণনাই সকলো সময়তে এটা মাত্ৰ বিষয়ক নিৰ্দেশ কৰে। যেনে-'ভাৰতৰ বৰ্তমান প্ৰধান মন্ত্ৰী'। দেখা যায় যে, বৰ্ণনা বুলিলে ৰাছেলে সুনিৰ্দিষ্ট বৰ্ণনাকে বুজাইছে। তেওঁৰ মতে এটা বস্তুক বৰ্ণনাৰ মাধ্য়মত জনা বুলি কোৱাৰ অৰ্থই হৈছে তাৰ নিৰ্দিষ্ট কিবা এটা (The-so-and-so)থকা; যেতিয়া আমি জানো যে কিছুমান গুণযুক্ত এটা মাত্ৰ বিষয়বস্ত আছে, ইয়াৰ বাহিৰে আন কোনো বিষয়বস্তু নাই। এইটো কথাই ইয়াকে নিৰ্দেশ কৰে যে আমাৰ সেই বিশেষবস্তুটোৰ লগত পৰিচয় নাই আৰু তেতিয়া তাক বৰ্ণনা মাধ্য়ম জনোৱা হয়। ৰাছেলৰ মতে, যেতিয়া আমি কওঁ 'নিৰ্দিষ্ট কিবা এটাৰ অস্তিত্ব আছে' ইয়াৰ দ্বাৰা আমি কেৱল এটা বস্তুকে স্বীকাৰ কৰো যাৰ নিৰ্দিষ্ট কিবা এটা গুণ আছে। 'ৰামৰ নিৰ্দিষ্ট কিবা আছে' বুলিলে বুজাই যে ৰামৰ নিৰ্দিষ্ট কিবা এটা গুণ আৰু অন্য় কোনো গুণ নাই।
'The-so-and-so' খণ্ড বাক্য়টোৱে এইটোকে প্ৰকাশ কৰিব বিচাৰে যে জ্ঞাতাই কেৱল নিৰ্দিষ্ট গুণ বা ধাৰণাৰ প্ৰতি সচেতন যদিও সেই নিৰ্দিষ্ট ধাৰণাটোক কোনো পৰিস্থিতিমূলক জ্ঞানৰ দ্বাৰা জানিব নোৱাৰে। উদাহৰণস্বৰূপে, যদি কোৱা হয় যি জনে সৰ্বাধিক ভোট লাভ কৰে সেইজনে এম.এল.এ হব, কিন্তু ইয়াত কোৱা হোৱা নাই কোনে সৰ্বাধিক ভোট লাভ কৰিব। ধৰা হল, 'A' এজন পাৰ্থী আৰু 'A'য়ে সৰ্বাধিক ভোট লাভ কৰিছে, গতিকে তেওঁৱে এম.এল.এ হব। 'A' বুলি যাক কোৱা হৈছে নিশ্চয় তেওঁ এজন ব্য়ক্তি আৰু নিশ্চয় তেওঁ এটা নাম আছে। গতিকে তেওঁ অস্তিত্ববান হব, ইয়াৰে অৰ্থ হৈছে 'A' is the-so-and-so। সেয়েহে 'A' বৰ্ণনা দিবলৈ জ্ঞাতাই 'The-so-and-so' ব্য়ৱহাৰ কৰিব। নামবাচক বিশেষ্য় পদবোৰ এই নিৰ্দিষ্ট বৰ্ণনাত্মক তত্ত্বৰ দ্বাৰা বিশ্লেষণ কৰিব পাৰি বুলি ৰাছেলে মত ব্য়ক্ত কৰিছে। ব্য়ক্তি বিশেষৰ লগত জড়িত নামবোৰে যদিও মুক্তভাৱে বা নিশ্চিত ভাৱে এজন ব্য়ক্তিক নিৰ্দেশ কৰে তথাপিও সেইজন ব্য়ক্তিও ভিন্ন সময়ত ভিন্ন ব্য়ক্তিৰ দ্বাৰা বেলেগকৈ বৰ্ণিত হব পাৰে।
Answer- Jipika Hazarika
0 Comments