দ্বিতীয় অধ্যায়

                                            আমেৰিকা যুক্তৰাষ্ট্ৰ

১/ কিমান খ্ৰীষ্টাব্দত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৪৯২ খ্ৰীষ্টাব্দত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল।

২/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপনিৱেশসমূহ কি কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপনিৱেশসমূহ হল -

(১) ৰাজকীয় বা ৰাজসত্ত্বাৰ উপনিৱেশ, (২) মালিকানাধীন উপনিৱেশ, (৩) চনদ উপনিৱেশ।

৩/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মৌলিক ঘোষণাপত্ৰৰসমূহ কি কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মৌলিক ঘোষণাপত্ৰসমূহ হল এনেধৰণৰঃ

(ক) জনসাধাৰণৰ প্ৰাকৃতিক আৰু অহস্তান্তৰযোগ্য অধিকাৰ আৰু স্বাধীনতাৰ প্ৰতি থকা বিশ্বাস।

(খ) চৰম স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰাৰ অধিকাৰ আৰু দায়িত্ব।

(গ) শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে জনগণৰ অভাৱ অভিযোগ নিৰাময়কৰণৰ অধিকাৰ।

(ঘ) ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শোষণ শাসনৰ পৰা উপনিবেশবিলাকৰ স্বাধীনতা ঘোষণা।

৪/ ''মৈত্ৰীসংঘৰ দস্তাৱেজ'' সংশোধনৰ সদস্য সংখ্যা কিমান আছিল?

উত্তৰঃ  ''মৈত্ৰীসংঘৰ দস্তাৱেজ'' সংশোধনৰ সদস্য সংখ্যা আছিল ৫৫ জন। 

৫/ ''মৈত্ৰীসংঘৰ দস্তাৱেজ'' সন্মিলনৰ সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল?

উত্তৰঃ জৰ্জ ৱাশ্বিংটনকে সৰ্বসন্মতিত্ৰুমে এই সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।

৬/ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বিষয়ে লিখা?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কলে আমি সাধাৰণতে কেিখনমান পৃথক ৰাজ্য একেলগ হৈ কোনো এক বুজাপৰাত উপনীত হৈ উমৈহতীয়াভাৱে গঠন কৰা চৰকাৰ এখনৰ কথাকে বুজো। অৰ্থাৎ ওচৰাওচৰিকৈ থকা কেইখনমান ৰাজ্যই উমৈহতীয়া সমস্যাৱলীৰ পৰিপ্ৰেক্ষিতত এখন সন্মিলিত চৰকাৰ গঠন কৰিব আৰু এনেদৰে গঠন কৰা চৰকাৰখনকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়।

যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ প্ৰণালীঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ দুটা উপায় আছে। ইয়াৰে প্ৰথমটো হৈছে ইতিমধ্যে স্বাধীন হৈ তকা কিছুমান ৰাষ্ট্ৰ লগ হৈ উমৈহতীয়া চুক্তিৰ জৰিয়তে এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠন কৰিব পাৰে। এই ব্যৱস্থাৰ মাধ্যমত ৰাজ্য বিলাকে তেওঁলোকৰ কিছুমান সমূহীয়া বিষয় নতুনকৈ গঠন কৰা কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰে আৰু অৱশিষ্ট বিষয়সমূহ নিজৰ লগত ৰাখে। অৰ্থাৎ ৰাজ্যবিলাকে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিলেও তেওঁলোকৰ নিজস্ব স্বাধীনতা অটুত ৰাখে। আমেৰিকা যুক্তৰাষ্ট্ৰ এই উপায়ৰদ্বাৰা গঠিত যুক্তৰাষ্ট্ৰীয় চৰকাৰ। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন হোৱাৰ আগতে ইয়াত অন্তৰ্ভূক্ত হোৱা আটাইকেইখন ৰাজ্যি স্বাধীন আছিল। দ্বিতীয় উপায়টো হৈছে এখন এখন এককেন্দ্ৰিক ৰাষ্ট্ৰ কেইবাখনো ৰাজ্য বা প্ৰদেশত বিভিস্ত হৈ নতুনকৈ গঠিত হোৱা ৰাজ্য বা প্ৰদেশবিলাকক কিছু ক্ষমতা অৰ্পণ কৰা হয় তেন্তে তেনে এখন চৰকাৰক বিকেন্দ্ৰীকৰণ উপায়েৰে গঠিত যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। 

৭/ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) দ্বৈত চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুটা চৰকাৰ গঠনৰ সুবিধা আছে। ইয়াৰে এটা চৰকাৰ কেন্দ্ৰীত গঠিত হয় আৰু এই অৰ্থে এই চৰকাৰটোক কেন্দ্ৰীয় চৰকাৰ বোলা হয়। আনটো চৰকাৰ ৰাজ্যবিলাকত গঠন কৰা হয় আৰু ইয়াক ৰাজ্য চৰকাৰ বুলি কোৱা হয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত উভয় চৰকাৰেই দেশৰ সংবিধানৰপৰা ক্ষমতা আহৰণ কৰে আৰু সেয়ে দুয়োবিধ চৰকাৰেই নিজ নিজ ক্ষেত্ৰত স্বতন্ত্ৰ সঁচা অৰ্থাৎ কোনো কাৰো বহতীয়া নহয়।

(২) লিখিত সংবিধানঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আন এটা বৈশিষ্ট্য হৈছে এখন লিখিত সংবিধান যত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ গঠন প্ৰণালী, ক্ষমতা আদি স্পষ্টভাৱে উল্লেখ কৰা থাকে। এনে ব্যৱস্থা কৰাৰ মূল উদ্দেশ্য হৈছে যাতে দুয়োবিধ চৰকাৰেই কোনেও কাৰো ক্ষমতা আৰু কৰ্তৃত্বত হস্তক্ষেপ নকৰি নিজৰ নিজৰ সীমাৰ ভিতৰতে কৰ্তব্য পালন কৰিব পাৰে। ইয়াত ৩৯৬ দফা আৰু ১০ খন অনুসূচী আছে। কিছুমান যুক্তৰাষ্ট্ৰীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ বাবে দুখন পৃথক সংবিধান থাকে। 

(৩) সংবিধানৰ সৰ্বোচ্চতাঃ সংবিধানক সৰ্বোচ্চ আইন বুলি স্বীকৃতি দিয়া যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আন এটা বৈশিষ্ট্য। এই ব্যৱস্থাত সংবিধানখন সৰ্বক্ষমতাসম্পন্ন। অৰ্থাৎ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰা আইনসমূহ সংবিধানৰ গন্ডীৰ ভিতৰতে হোৱাতো প্ৰয়োজন, আৰু যদি নহয় তেন্তে সৰ্বোচ্চ ন্যায়ালয়ে এনে আইনক অসংবিধানিক বুলি ঘোষণা কৰিব পাৰে। 

(৪) বিচ্ছিন্ন হোৱাৰ অধিকাৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা কোনো কোনো দেশৰ সংবিধানত অংগ ৰাজ্য বিলাকৰ বিচ্ছিন্ন হব পৰা অধিকাৰ থকা দেখা যায়। অৱশ্যে সকলো যুক্তৰাষ্ট্ৰীয় সংবিধানত এনে ব্যৱস্থা থকা দেখা নাযায়। সেয়ে ১৯৯১ চনত ছোভিয়েত ইউনিয়নৰ অংগ ৰাজ্যবিলাকে সংবিধানৰ এই সুযোগ গ্ৰহণ কৰি পূৰ্বৰ ছোভিয়েত ইউনিয়নৰপৰা ফালৰি কাটি আহি প্ৰত্যেকখন ৰাজ্যই এখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ সমৰ্থ হল।

(৫) স্বাধীনতা ন্যায়িক ব্যৱস্থাঃ স্বাধীনতা ন্যায়পালিকা ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ আন এটি বিশেষ উল্লেখযোগ্য বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰী বিলাকৰ মাজত ক্ষমতাৰ বিভাজন ঘটোৱাৰ বাবে সময়ে সময়ে দুয়ো চৰকাৰৰ মাজত বিবাদে দেখা দিয়াৰ সম্ভাৱনা অধিক। সেয়ে এনে বিবাদ নিস্পত্তি কৰিবৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰত স্বাধীন ন্যায়পালিকাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগা হয়। অৰ্থাৎ ন্যায়পালিকাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগা হয়। 

৮/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ মৌলিক নীতি আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ মৌলিক নীতি আৰু বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) সংবিধানৰ প্ৰাধান্যঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানক ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইনৰ মৰ্যাদা দিয়া হৈছে। বিশিষ্ট লক্ষণসমূহৰ ভিতৰত ইয়াক প্ৰথম বুলি বৰ্ণনা কৰিব পাৰি। সংবিধানে ঘোষণা কৰা মতে, এই সংবিধান অনুসৰি প্ৰণয়ন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা বা ইয়াৰ কৰ্তৃত্বৰ তলত সম্পাদন কৰা সকলো সন্ধি বা চুক্তি, ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন হিচাপে পৰিগণিত হব আৰু প্ৰত্যেক ৰাজ্যৰ ন্যায়ধীশসকলে এইবোৰ পালন কৰিব লাগিব।

(২) সীমিত চৰকাৰঃ জনসাৰ্বভৌমত্ব নীতি প্ৰয়োগৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত এটি সীমিত চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছে। সীমিত চৰকাৰ প্ৰতিষ্ঠাৰ ফলত ইয়াৰ ওপৰত ন্যস্ত কৰা ক্ষমতাৰহে চৰকাৰ অধিকাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান প্ৰণেতাসকলে চৰকাৰৰ হাতত বিস্তৃত ক্ষমতা দিয়াৰ পক্ষপাতী নাছিল। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ হাতত বিস্তৃত ক্ষমতা অৰ্পণ কৰাৰ লগতে ৰাজ্যসমূহৰ কাৰ্যৰ পৰিসৰো বিস্তাৰিত কৰি ৰখা হৈছে।

(৩) দ্বি-সদনযুক্ত আইনসভাঃ ইংলেণ্ডৰ নিচিনাকৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো সংবিধানে দ্বিসদনযুক্ত বিধানমণ্ডলৰ দিহা কৰিছে। ইয়াৰে উচ্চ সদন হৈছে চিনেট নিম্ন সদন হৈছে প্ৰতিনিধি সভা। চিনেট সভাৰ কাৰ্যকাল ৬ বছৰ। ইয়াৰ মুঠ সদস্য সংখ্যা ১০০ জন। আনহাতে নিম্ন সদন প্ৰতিনিধি সভাৰ সদস্য সংখ্যা ৪৩৫ জন। সদস্যসকলক জনগণে প্ৰত্যক্ষভাৱে ভোট দি নিৰ্বাচন কৰে। প্ৰতিনিধি সভাৰ কাৰ্যকাল মাত্ৰ ২ বছৰ।

(৪) দ্বৈত নাগৰিকত্বঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানে নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰিছে। অৰ্থাৎ আমেৰিকাৰ এজন নাগৰিকে একেসময়তে দুইধৰণৰ নাগৰিকত্ব লাভ কৰে। ৰাষ্ট্ৰীয় নাগৰিকত্ব অৰ্থাৎ  ৰাষ্ট্ৰখনৰ নাগৰিকত্ব আৰু প্ৰাদেশিক নাগৰিকত্ব - যিখন প্ৰদেশত বাস কৰে সেইখন প্ৰদেশৰ নাগৰিকত্ব।

(৫) অংগ ৰাজ্যবিলাকৰ পৃথক সংবিধানঃ আমেৰিকা যুক্তৰাষ্ট্ৰত সমগ্ৰ ৰাষ্ট্ৰখনৰ বাবে এখন সংবিধান থকাৰ উপৰি প্ৰতিখন অংগৰাষ্ট্ৰৰেই একোখনকৈ সুকীয়া সুকীয়া সংবিধান আছে। সেয়ে অংগৰাজ্যবিলাকে নিজস্ব সংবিধানৰ জৰিয়তে আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে আৰু লগতে আঞ্চলিক উন্নয়নৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

৯/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ বিষয়ে লিখা?

উত্তৰঃ মিত্ৰ সংহতিৰ চৰকাৰৰ বহুতো দুৰ্বলতাৰ ভিতৰত কাৰ্যপালিকা এটাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হৈছিল, এনে এটি কাৰ্যপালক কৰ্তৃত্বৰ অভাৱৰ ফলত কংগ্ৰেছে প্ৰণয়ন কৰা আইন আৰু যুক্তৰাষ্ট্ৰই সম্পাদন কৰা চুক্তিসমূহ কাৰ্যকৰী কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। সেইবাবে ১৭৮৭ চনত ফিলাডেলফিয়াত অনুষ্ঠিত হোৱা সাংবিধানিক সন্মিলনৰ এটা প্ৰধান লক্ষ্য আছিল, কি ভাবে এটা কাৰ্যপালিকাৰ যোগেদি বিধানমণ্ডলৰ লগত সমন্বয় ৰক্ষা কৰি এটা শক্তিশালী যুক্তৰাজ্যিক চৰকাৰ গঠন কৰিব পাৰি। শেষত ৰাষ্ট্ৰপতি পদৰ সৃষ্টি কৰি তেওঁৰ হাতত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ ক্ষমতা অৰ্পণ কৰা হৈছিল।

    ৰাষ্ট্ৰপতিৰ পদ কেইবাটিও শক্তি একীকৰণৰ ফল। প্ৰথমতে ই ব্যক্তিত্বৰ প্ৰভাৱৰদ্বাৰা প্ৰভাৱিত। এজন ৰাষ্ট্ৰপতিয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ দ্বাৰা তেওঁৰ উত্তৰাধিকাৰীসকলৰ বাবে এটা পৰিৱৰ্তনৰ সূচনা কৰে। আনহাতে এই পদত নিহিত হৈ থকা দায়িত্ব আৰু প্ৰত্যাহবানে পদধাৰী গৰাকীৰো পৰিৱৰ্তন নে। দ্বিতীয়তে কাৰ্যপালিকাকে ধৰি চৰকাৰে সকলো দিশেই ইয়াৰ দ্বাৰা প্ৰভাৱিত। ৰাষ্টপতিৰ পদটো পৰিৱৰ্তনশীল। সামাজিক প্ৰয়োজনৰ লগত খাপ পৰাৰ ফলত এটা সময়ত ইয়াক এটা বিশেষ অৱস্থাত আৰু আন এটি সময়ত পৃথক অৱস্থাত দেখা যায়। 

১০/  আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা?

উত্তৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত উল্লেখ কৰা হল -

(১) কাৰ্যনিৰ্বাহক ক্ষমতাঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যনিৰ্বাহক মুৰব্বী হৈছে ৰাষ্ট্ৰপতি দায়িত্ব। আইনসমূহ ৰূপায়ণ কৰিবলৈ যাওঁতে কোনো জটিল পৰিস্থিতিৰ সন্মুখীন হলে ৰাষ্ট্ৰপতিয়ে নিজা কৰ্তৃত্ব প্ৰয়োগ কৰি তেনে পৰিস্থিতি মোকাবিলা কৰিব পাৰে। কাৰ্যনিৰ্বাহকৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰীয় প্ৰশাসন পৰিচালনা কৰিবলৈ মন্ত্ৰীসকল, ৰাষ্ট্ৰদূত, স্বতন্ত্ৰ নিয়ন্ত্ৰত আয়োগৰ সদস্যসকলকে আদি কৰি বিভিন্ন প্ৰশাসনীয় বিষয়াসকল আৰু যুক্তৰাষ্ট্ৰীয় আদালতৰ বিচাৰকসকলক নিয়োগ কৰে।

(২) সামৰিক ক্ষমতাঃ কোনো সামৰিক সংগ্ৰামত আমেৰিকা যুক্তৰাষ্ট্ৰক ৰক্ষাৰ বাবে ৰাষ্ট্ৰপতিৰ ওপৰত চূড়ান্ত দায়িত্ব ন্যস্ত কৰা হৈছে। সংবিধানৰ ২ নং অনুচ্ছেদৰ ২ নং ধাৰাৰ ১ নং উপধাৰা অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিজন যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ মুৰব্বী হিচাপে তেওঁ যিকোনো সময়তে ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰিব পাৰে। 

(৩) কূটনৈতিক ক্ষমতাঃ ৰাষ্ট্ৰপতিয়ে বিদেশৰপৰা পঠিওৱা ৰাষ্ট্ৰদূতজনক কৰা অভ্যৰ্থনাই বিদেশী ৰাষ্ট্ৰকনক যুক্তৰাষ্ট্ৰ চৰকাৰে বিশ্বৰ আন আন ৰাষ্ট্ৰৰ দৰে সমান অধিকাৰসম্পন্ন চৰকাৰ হিচাপে স্বীকৃতি দিয়ে। কূটনৈতিক প্ৰতিনিধি প্ৰেৰণ এটি আনুষ্ঠানিক কাৰ্য হিচাপে পৰিগণিত হলেও বৈদেশিক সম্পৰ্ৰ ৰক্ষাৰ দৈনন্দিন কাৰ্য এটা শক্তিশালী উপায়ত পৰিণত হৈছে। 

(৪) বিধায়িনী ক্ষমতাঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ষমতাৰ পৃথকীকৰণ তত্ত্ব প্ৰয়োগ কৰাৰ ফলত সংবিধানে ৰাষ্ট্ৰপতিক কংগ্ৰেছৰ পৰা পৃথক কৰিছে। ৰাষ্ট্ৰপতিৰ সদস্য নহয়। তেওঁ কংগ্ৰেছৰ অধিৱেশন আহবান, স্থগিত বা নিৰ্ধাৰিত কাৰ্যকালৰ পূৰ্বে ভংগ কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যাৱলীৰ বাবে কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়।

১১/ ছিনেট সভাৰ ক্ষমতাসমূহৰ বিষয়ে লিখা?

উত্তৰঃ ছিনেট সভাৰ ক্ষমতাসমূহক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি যেনে -

(১) ছিনেট কোনো সদস্যই সভাপতিৰ কোনো অনুমতি নোহোৱাকৈ কোনো বিতৰ্কত অংশগ্ৰহণ কৰিব অথবা কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। কোনো কোনো সময়ত সভাপতিৰ এই ক্ষমতাই বিধায়ী প্ৰক্ৰিয়াৰ গতি পৰিৱৰ্তন কৰাত যথেষ্ট সহায় কৰে আৰু সভাপতিয়ে এই উদ্দেশ্য কোনো সদস্যক ভাষণ দিয়াৰ অনুমতি প্ৰদান কৰে, কিন্ত কোনো বিতৰ্ক চলি থকাৰ সময়ত সাধাৰণতে এই ক্ষমতা নিৰপেক্ষবাৱে প্ৰয়োগ কৰা হয়।

(২) বিধি প্ৰক্ৰিয়া সম্বন্ধে কোনো প্ৰশ্ন উত্থাপিত হলে সভাপতিয়ে বিধিৰ অৰ্থ নিৰ্ণয় আৰু প্ৰয়োগ সম্পাদন কৰিব পাৰে। অৱশ্যে এই ক্ষমতাৰ গতানুগতিক প্ৰয়োগে সাধাৰণতে কোনো বিতৰ্কৰ সৃষ্টি নকৰে। বিধি প্ৰক্ৰিয়াৰ অৰ্থ নিৰ্ণয় সাধাৰণতে পূৰ্ব দৃষ্টান্তৰ উল্লেখৰদ্বাৰা সমাধান কৰা হয়। গতিকে এই ক্ষমতা প্ৰয়োগৰ যোগেদি সভাপতিয়ে বিধি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত নতুন আৰু উল্লেখযোগ্য ব্যাখ্যা দিয়া সাধাৰণতে দেখ নাযায়।

(৩) ছিনেটৰ সভাপতিৰূপে উপ - ৰাষ্ট্ৰপতিয়ে ্নুসন্ধান কমিটী আৰু সন্মিলন সমিতি দৰে কিছুমান কমিটিৰ বাবে সদস্যমনোনীত কৰিব পাৰে, কিন্ত পৰম্পৰাগত প্ৰথা অনুসৰি সদস্য মনোনীত কৰাৰ ক্ষেত্ৰত সভাপতিয়ে স্ববিচাৰ কৰাৰ সুযোগ নাপায়।

১২/ আমেৰিকাৰ কেবিনেটৰ বিষয়ে লিখা?

উত্তৰঃ ৰাষ্ট্ৰপতিৰ কেবিনেট গঠিত হৈছে কাৰ্যপালিকাৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰদ্বাৰা। ইয়াৰ ১১ টা বিভাগ ক্ৰমে ৰাজ্য, কোষ, প্ৰতিৰক্ষা, আভ্যন্তৰীণ বা গৃহ, কৃষি, ন্যায়, প্ৰাক বাণিজ্য শ্ৰম আৰু স্বাস্থ্য আৰু শিক্ষা কল্যাণ আৰু গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ ৰাষ্ট্ৰপতিৰ কেবিনেটৰ অন্তৰ্ভুক্ত। যুক্তৰাষ্ট্ৰৰ সংবিধানত ৰাষ্ট্ৰপতিৰ কেবিনেট সম্বন্ধে কোনো উল্লেখ নাই যদিও ইয়াৰ প্ৰণেতাসকলে ভালদৰে বুজিব পাৰিছিল যে ৰাষ্ট্ৰপতিৰ বাবে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ পৰা উপদেশ আৰু সাহায্য প্ৰয়োজন হব পাৰে।

    আমেৰিকাৰ সাংবিধানিক ব্যৱস্থাত ৰাষ্ট্ৰপতি ৱাশ্বিংটনে পোন প্ৰথমে কাৰ্যপালিকা বিভাগৰ মুৰব্বীসকলৰ লগত আলোচনা কৰাৰ প্ৰথা প্ৰৱৰ্তন কৰিছিল। ৰাষ্ট্ৰপতি ৱাশ্বিংটনে আৰম্ভ কৰা এই প্ৰথাৰ ফলত এই প্ৰথাৰ ফলত বিভাগীয় মুৰব্বীসকল একগোটে 'কেবিনেট ' নামেৰে জনাজাত হৈছিল আৰু সময়ৰ সোঁতত যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাত কেবিনেট এটা অবিচ্ছেদ্য অংগ পৰিণত হল, কিন্ত আমেৰিকাৰ সাংবিধানিক ব্যৱস্থাৰ কেবিনেটৰ ব্ৰিটেইনৰ নিটিনা সংসদীয় চৰকাৰত থকা কেবিনেটৰ লগত তুলনা কৰিব নোৱাৰি।

    ৰাষ্ট্ৰপতিৰ কেবিনেটৰ সদস্যসকলে নীতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বাবে সাংবিধানিক আৰু সামূহিক দায়িত্ব গ্ৰহণ নকৰে। ৰাষ্ট্ৰপতি কেবিনেটৰ সদস্যসকলৰ লগত আলোচনা কৰিবলৈ বাধ্য নহয়। উদাহৰণস্বৰূপে - গৃহযুদ্ধৰ সময়ত ৰাষ্ট্ৰপতি লিংকনে খুব কমেইহে কেবিনেটৰ সভাত উপস্থিত আছিল আৰু কাচিৎহে কেবিনেটৰ সদস্যসকলৰ মতৰ ওপৰত গুৰুত্ব দিছিল। দুয়োগৰাকী ৰাষ্ট্ৰপতি উদ্ৰ উইলছন আৰু থিওদৰ ৰুচভেল্টে বিভিন্ন বিভাগৰ কূটকৌশলৰ লগত জড়িত নীতিৰ উপদেষ্টাৰ পৰিৱৰ্তে কেবিনেটৰ সদস্যসকলৰ প্ৰশাসক হিচাপেহে বিবেচনা কৰিছিল। 

১৩/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন সভাৰ বিষয়ে লিখা?

উত্তৰঃ কংগ্ৰেছঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ ১ নং অনুচ্ছেদত কংগ্ৰেছক যুক্তৰাষ্ট্ৰৰ বিধায়িনী অংগ বুলি বৰ্ণনা কৰি আৰু ইয়াৰ হাতত বিধায়িনী ক্ষমতা ন্যস্ত কৰা হৈছে। আইন সভা হিচাপে কংগ্ৰেছৰ গুৰুত্ব কোনেও নুই কৰিব নোৱাৰে। যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ নীতি প্ৰণয়নৰ পথ - প্ৰদৰ্শক হিচাপে কংগ্ৰেছে এটা ডাঙৰ দায়িত্ব পালন কৰিব লাগে। কংগ্ৰেছৰ ক্ষমতা সংবিধানত তালিকাভুক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও ইয়াৰ প্ৰতি নিযুক্তি ক্ষমতাত আন কিছুমান ক্ষমতা নিহিত হৈ থকা দেখিবলৈ পোৱা যায়। 

    দ্বি-সদন ব্যৱস্থাঃ যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ দুটা সদনত বিভক্ত - (ক) প্ৰতিনিধি সভা আৰু (খ) ছিনেট সভা। জাতীয় বিধানমণ্ডলক দুটা সদনত বিভক্ত কৰাৰ চাৰিটা কাৰণ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। প্ৰথমতে, ইয়াৰ ব্ৰিটিছ আৰু ঔপনিৱেশিক পৰম্পৰাই যুক্তৰাষ্ট্ৰত দ্বি - সদনযুক্ত বিধানমণ্ডলগঠন কৰাত প্ৰেৰণা যোগাইছিল। দ্বিতীয়তে, ডাঙৰ আৰু ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত দেখা দিয়া বিবাদৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৰ্বসন্মত সমাধান হিচাপে দ্বি - সদন ব্যৱস্থাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তৃতীয়তে, সংবিধান ৰচনা কৰা সময়ত আৰু আনকি ১৭৮৭ চনত অনুষ্ঠিত সন্মিলনতো ৰক্ষণশীল শ্ৰেণীটোৱে গণ - সভাৰ মইমতালি নিয়ন্ত্ৰণৰ বাবে আন এটা সদনৰ আৱশ্যকতাৰ কথা চিন্তা কৰিছিল, আৰু চতুৰ্থতে, সমীতি চৰকাৰ এটি নীতিগতভাৱে গ্ৰহণ কৰাৰ পাছত অৱৰোধ আৰু সন্তলন নীতিৰ উপযোগীকৈ দুটা সদনৰ বৈধানিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

১৪/ কংগ্ৰেছৰ অনা - বিধায়িনী কাৰ্যাৱলীৰ বিষয়ে লিখা?

উত্তৰঃ কংগ্ৰেছৰ অনা - বিধায়িনী কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হল -

(ক) সাংবিধানিক কাৰ্যাৱলীঃ যুক্তৰাষ্ট্ৰ সংবিধান সংশোধনৰ ক্ষেত্ৰত কংগ্ৰেছত দুই - তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভোটৰদ্বাৰা, অথবা ৰাজ্যসমূহৰ দুই - তৃতীয়াংশ বিধান সভাৰ অনুৰোধত কংগ্ৰেছে আহ্বান কৰা জাতীয় সন্মিলনৰ যোগেদি সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰা হয়। অৱশ্যে এতিয়ালৈকে সংশোধনৰ সকলো প্ৰস্তাৱ কংগ্ৰেছৰ যোগেদিহে উত্থাপন কৰা হৈছে। তদুপৰি তিনি - চতুৰ্থাংশ ৰাজ্যৰ সন্মিলনত কি পদ্ধতিৰদ্বাৰা সংশোধনৰ অনুসমৰ্থন দিয়া হব, তাক কংগ্ৰেছে নিৰ্ধাৰণ কৰে।যুক্তৰাষ্ট্ৰৰ মূল সংবিধানখনৰ বৰ্ধন আৰু অৰ্থ নিৰ্ণয়ৰ ক্ষেত্ৰত কংগ্ৰেছে গুৰুত্বপূৰ্ণ কাৰ্য সম্পন্ন কৰে। 

(খ) নিৰ্বাচন সম্পৰ্কীয় কাৰ্যাৱলীঃ কংগ্ৰেছৰ কিছুমান কাৰ্য নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থকা দেখা যায়। প্ৰত্যেক চাৰি বছৰৰ অন্তৰে অন্তৰে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত নিৰ্বাচকমণ্ডলীৰ ভোট গণনাৰ বাবে কংগ্ৰেছে যুটীয়া অধিৱেশন এখনত মিলিত হয়। ৰাষ্ট্ৰপতি পদৰ বাবে কোনো প্ৰাৰ্থীয়ে নিৰ্বাচকমণ্ডলীৰ সংখ্যাগৰিষ্ঠ ভোট পাবলৈ অসমৰ্থ হলে, হাউছে পতা নিৰ্বাচনত প্ৰত্যেক ৰাজ্যই একোটাকৈ ভোট দিয়াৰ পিছত সৰ্বোচ্চ ভোট প্ৰথম তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰত এজনক ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হয়।

(গ) কাৰ্যনিৰ্বাহক কাৰ্যাৱলীঃ নিয়োগ আৰু চুক্তি সম্পাদন কাৰ্যত কাৰ্যনিৰ্বাহক কাৰ্যাৱলী সম্পন্ন কৰা হয়। নিৰ্দেশাত্মক আৰু পৰিদৰ্শন সম্পৰ্কীয় দুটা ভাগত প্ৰশাসনীয় কাৰ্যাৱলীক বিভক্ত কৰিব পাৰি। ৰাষ্ট্ৰপতিৰদ্বাৰা মনোনীত কেইবাহাজাৰো বিষয়া নিযুক্তি টিনেটে স্থায়ীকৰণ কৰে। এনেবোৰ কাৰ্যত কংগ্ৰেছে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাষ্ট্ৰপতিৰ দলৰ চিনেটৰ সদস্যসকলে তেওঁলোকৰ মনোনীত প্ৰাৰ্থীৰ নাম বিচাৰৰ বাবে অপেক্ষা নকৰে। 

(ঘ) নিৰ্দেশাত্মক আৰু পৰিদৰ্শনৰ ক্ষমতাঃ কংগ্ৰেছে প্ৰশাসনীয় ব্যৱস্থাক নিৰ্দেশ দিব পাৰে আৰু পৰিদৰ্শন কৰিব পাৰে। ৰাষ্ট্ৰপতি আৰু তেওঁৰ অধীনস্থ মুখ্য বিষয়াসকলে শাসন কাৰ্যক নিৰ্দেশ আৰু পৰিচালনা কৰিলেও, দৰাচলতে কংগ্ৰেছে সকলো প্ৰশাসনীয় বিভাগ আৰু অভিকৰণ সমূহ সৃষ্টি কৰে। প্ৰশাসনীয় বিভাগবোৰৰ এই সকলোবোৰ বিষয় কংগ্ৰেছে প্ৰণয়ন কৰা আইনে নিৰ্ণয় কৰিছে। । 

(ঙ) অনুসন্ধানৰ ক্ষমতাঃ চিনেটৰ অনুসন্ধান সমিতিৰ বিষয়ে আগতে আলোচনা কৰা হৈছে। এই সম্পৰ্কত অনুসন্ধান সমিতিৰে কিদৰে প্ৰশাসনীয় ব্যৱস্থাক নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব পাৰে সেই বিষয়েও বিশদভাৱে আলোচনা কৰা হৈছে। প্ৰয়োজন অনুযায়ী কংগ্ৰেছে যিকোনো প্ৰশাসনীয় বিষয় পৰীক্ষা কৰি চাব পাৰে। ।

১৫/ কংগ্ৰেছৰ বিধায়িনী কাৰ্যৰ বিষয়ে লিখা?

উত্তৰঃ কংগ্ৰেছৰ হাতত কেইবাবিধো অবৈধানিক ক্ষমতা থাকিলেও ই মূলতঃ এটা বিধানমণ্ডল আৰু যুক্তৰাষ্ট্ৰৰ সংবিধানেও কংগ্ৰেছৰ ওপৰত বিধায়িনী ক্ষমতাহে ন্যস্ত কৰিছে। সংবিধানে যি অৰ্থত কংগ্ৰেছৰ হাতত বিধায়িনী ক্ষমতা অৰ্পণ কৰিছে, তাক দুটা অৰ্থত প্ৰয়োগ কৰা দেখা যায়। প্ৰথমতে, সীমিত চৰকাৰৰ মূলনীতি অনুসৰি কংগ্ৰেছৰ ক্ষমতাও সীমিত কৰি ৰখা হৈছে। কংগ্ৰেছৰ ক্ষমতা সংবিধানৰ দুটা দীঘলীয়া খণ্ডত তালিকাভুক্ত কৰা হৈছে। ১৮ টা বিভিন্ন শ্ৰেণীত কংগ্ৰেছক আইন প্ৰণয়ন কৰাৰ ক্ষমতা দিয়া হৈছে। দ্বিতীয়তে, তালিকাভুক্ত নোহোৱা বিষয়বোৰ কংগ্ৰেছৰ কৰ্তৃত্বৰ বাহিৰত ৰখা হৈছে, কিন্ত সংবিধানত কংগ্ৰেছে আইন প্ৰণয়ন কৰিব নোৱৰা বিষয়বোৰো স্পষ্টভাৱে কংগ্ৰেছৰ হাতত ন্যস্ত কৰা হৈছে আৰু যিবিলাক বিষয়ৰ ওপৰত কোনো সংবিধানে নিষেধাজ্ঞা জাৰি কৰা নাই, তেনে সকলোবোৰ বিষয় ইয়াৰ কৰ্তৃত্বৰ ভিতৰত ৰখা হয়। 

    (ক) নিহিত ক্ষমতাৰ মতবাদঃ সংবিধানত কংগ্ৰেছৰ বিভিন্ন ক্ষমতা স্পষ্টভাৱে ক্ৰম অনুযায়ী তালিকাভুক্ত কৰাৰ পিছত এই ক্ষমতাসমূহ কাৰ্যকৰী কৰাৰ বাবে সঠিক আৰু প্ৰয়োজনীয় আইন প্ৰণয়ন কৰাৰ উদ্দেশ্যে কংগ্ৰেছক সাধাৰণতে কিছুমান ক্ষমতা দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান প্ৰতিষ্ঠা হোৱাৰ পিছত, কংগ্ৰেছে সংবিধানত উল্লেখ নকৰা কোনো বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। 

    (খ) পৰিণামী ক্ষমতাঃ কেইটিমান সাংবিধানিক সংশোধনে নিহিত ক্ষমতাক পুনৰ শক্তিশালী কৰি তুলিছে। এই সংশোধনবোৰে কৰা ব্যৱস্থা অনুসৰি উপযোগী আইনৰ সহায়ত কংগ্ৰেছে নিহিত ক্ষমতা প্ৰয়োগ কৰাৰ অধিকাৰ লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে ইয়াৰ ব্যাখ্যাত নিৰ্দেশ দিছে আহিলা উভয় সদনে স্বাধীনভাৱে বিচাৰি লব পাৰে, আৰু সংবিধানৰ ভাষা আৰু অন্তৰ্নিহিত উদ্দেশ্যৰ লগত উপায়বোৰ উপযোগী হৈ পৰিব। 

(গ) সংকটকালীন ক্ষমতাঃ সংকটকালীন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি কংগ্ৰেছে বহুতো আইন তৈয়াৰ কৰা দেখা যায়। বৰ্তমান শতিকাৰ তৃতীয় দশকৰ অৰ্থনৈতিক সংকোচন আৰু দ্বিতীয় মহাযুদ্ধৰ সময়ত কংগ্ৰেছৰ কৰ্তৃত্বৰ তলত নথকা কেইবাটাও বিষয়ৰ ওপৰত ই সংকটকালীন আিন প্ৰণয়ন কৰিছিল। কংগ্ৰেচৰ হাতত কোনো সংকটকালীন ক্ষমতা নাই আৰু সংবিধানেও ইয়াৰ ওপৰত এই ক্ষমতা ন্যস্ত কৰা নাই। 

১৬/ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক ব্যৱস্থা বিষয়ে লিখা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক ব্যৱস্থা বিষয়ে তলত উল্লেখ কৰা হল -

    আমেৰিকাৰ ন্যায়পালিকাৰ স্বাধীনতাঃ আমেৰিকা এখন যিহেতু যুক্তৰাষ্ট্ৰ, গতিকে ইয়াৰ সংবিধানত এখন স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাৰ ব্যৱস্থা কৰিছে।

    আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ষমতা পৃথকীকৰণ নীতিৰ প্ৰৱৰ্তন আছে, গতিকে চৰকাৰৰ তিনিওটা অংগৰ স্বতন্ত্ৰতা আছে। এটা অংগই আনটো অংগৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। ইয়াৰ নিজস্ব অস্তিত্ব সংবিধানৰ দ্বাৰা স্বীকৃত হৈছে। আমেৰিকাত ন্যায়াধীশসকলক অধিক উচ্চ স্থান তথা মৰ্যাদা প্ৰদানে তেওঁলোকক দেশৰ সৰ্বশ্ৰেষ্ঠ অভিজাত শ্ৰেণী বুলি অভিহিত কৰে। সেয়ে আমেৰিকা ন্যায়াধীশসকলক সকলোৱে শ্ৰদ্ধা আৰু ভক্তি কৰে।

    আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় বিচাৰ ব্যৱস্থাৰ সংগঠনঃ আমেৰিকা এখন যুক্তৰাষ্ট্ৰ। গতিকে সংবিধানে বিচাৰ - বিভাগ তথা ন্যায়পালিকাক আমেৰিকাৰ শাসন ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ হিচাপে স্বীকৃতি দিছে। সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতসমূহক দুটা ভাগত ভগাব পাৰি - (ক) সাংবিধানিক আদালত আৰু (খ) বিশেষ আদালতত। যুক্তৰাষ্ট্ৰীয় ন্যায়িক ব্যৱস্থাৰ শীৰ্ষ স্থানত উচ্চতম ন্যায়ালয় অৱস্থিত। 

    পুনঃবিচাৰ ক্ষেত্ৰ আদালতৰ তলতে যুক্তৰাষ্ট্ৰৰ ন্যায়পালিকাৰ সৰ্বনিম্ন স্তৰটো হল জিলা আদালত। সমগ্ৰ যুক্তৰাষ্ট্ৰত প্ৰায় ১০০ খন জিলা আদালত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক ব্যৱস্থাত জিলা আদালত হল গোচৰৰ প্ৰথম আদালত।

    সাংবিধানিক আদালত আৰু বিশেষ আদালতৰ মাজত পাৰ্থক্যঃ সাংবিধানিক আদালত আৰু বিশেষ আদালতসমূহৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰথমতে, শাসনতান্ত্ৰিক বা সাংবিধানিক আদালতৰ বিচাৰপতিসকলক চিনেটৰ পৰামৰ্শ আৰু সন্মতি সাপেক্ষেহে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়াৰ ব্যৱস্থা আছে। দ্বিতীয়তে, সাংবিধানিক আদালতসমূহে কি কি গোচৰৰ বিচাৰ কৰিব পাৰে সেই সম্পৰ্কে সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। কিন্ত বিশেষ আদালতবিলাকক আন্তঃৰাজ্যিক বাণিজ্য, আমদানি শুল্ক ধাৰ্য আৰু সংগ্ৰহ, চৰকাৰী বিত্ত ব্যয় ইত্যাদি বিশেষ তদাৰক তথা নিয়ন্ত্ৰণ কৰিবৰ বাবে গঠন কৰাৰ ব্যৱস্থা আছে। তৃতীয়তে, সাংবিধানিক আদালতৰ বিচাৰকসকলক মহাভিযোগৰ দ্বাৰা পদচ্যুত কৰাৰ ব্যৱস্থা আছে। গতিকে দেখা গল যে তুলনামূলকভাৱে বিশেষ আদালতসমূহতকৈ সাংবিধানিক আদালতসমূহ অধিক স্ব - ক্ষমতাৰ অধিকাৰী আৰু অধিক মৰ্যাদাসম্পন্ন।

১৭/ উচ্চতম ন্যায়ালয়ৰ বিষয়ে লিখা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয় যুক্তৰাষ্ট্ৰীয় ন্যপালিকাৰ শীৰ্ষস্থানত অৱস্থিত। আমেৰিকাৰ সংবিধানত উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থাহে কৰিছে। ইয়াৰ অন্যান্য ন্যায়ালয়সমূহ কংগ্ৰেছৰ আইনৰ দ্বাৰা গঠন কৰা হয়।

    গঠনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত এখন উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা উল্লেখ আছে। সংবিধানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰণ কৰা নাই। কংগ্ৰেছে আইন প্ৰণয়ন কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা নিৰ্ধাৰণ কৰে। বৰ্তমান উচ্চতম ন্যায়ালয়ৰ আঠজন ন্যায়াধীশ আৰু এজন মুখ্য  ন্যায়াধীশ আছে।

    যোগ্যতাঃ ন্যায়াধীশসকলৰ যোগ্যতা সম্পৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰ সংবিধানত বিশেষ ব্যৱস্থা নাই। অৱশ্যে তেওঁ এজন আইনজ্ঞ হব লাগিব যদিও এই কথাও সংবিধানত উল্লেখ নাই। ৰাষ্ট্ৰপতিয়ে আইনজ্ঞসকলৰ মাজৰ পৰা উচ্চতম ন্যায়ালয় আৰু অন্যান্য আদালতৰ বিচাৰপতিসকলক নিযুক্তি দিয়ে।

    কাৰ্যকাল আৰু সুবিধাসমূহঃ ন্যায়াধীশসকলৰ কাৰ্যকাল তেওঁলোকৰ সৎ আচৰণৰ ওপৰত নিৰ্ভৰশীল যদিও এজন বিচাৰপতিয়ে ৭০ বছৰ বয়সত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব লাগে। অৱশ্যে, কোনো ন্যায়াধীশক অৱসৰ গ্ৰহণ কৰাৰ আগতে মহাভিযোগত অভিযুক্ত কৰি পদৰ পৰা আঁতৰ কৰিব পৰা যায়। এজন ন্যায়াধীশৰ অসৎ আচৰণ বা অসমৰ্থতা প্ৰমাণিত কৰি তেওঁক পদৰ পৰা আঁতৰ কৰিব পাৰে।

    কাৰ্যপদ্ধতিঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয় ৱাশ্বিংটন চহৰত অৱস্থিত। বিচাৰ কাৰ্যত ৯ জন ন্যায়াধীশে একেলগে বিচাৰ কাৰ্য সম্পাদন কৰে। যিকোনো গোচৰৰ ৰায় দিবৰ বাবে অন্তঃ ৬ জন ন্যায়াধীশ উপস্থিত থাকিব লাগে। সংখ্যাগৰিষ্ঠ বিচাৰপতিৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। কমেও ৫ জন বিচাৰপতি ঐক্যমতত উপনীত হলে উচ্চতম ন্যায়ালয়ে কোনো গোচৰৰ ৰায় দিব পাৰে।

১৮/ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী বিষয়ে লিখা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহক দুটা ভাগত ভাগ কৰিব পাৰি - (ক) মৌলিক অধিকাৰ ক্ষেত্ৰ আৰু (খ) আপীল অধিকাৰ ক্ষেত্ৰ। তলত এই বিষয়ে আলোচনা কৰা হল।

(ক) মৌলিক অধিকাৰ ক্ষেত্ৰঃ আমেৰিকা য়ুক্তৰাষ্ট্ৰৰ মৌলিক অধিকাৰ ক্ষেত্ৰ অতি ব্যাপক আৰু বিস্তৃত। তলত উল্লেখ কৰা গোচৰ বা বিবাদৰ অভিযোগ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে মৌলিক কৰ্তৃত্ব প্ৰয়োগ কৰিব পাৰে।

(১) যুকক্তৰাষ্ট্ৰীয় সংবিধান, সংবিধি নাইবা সন্ধি বা চুক্তিৰ পৰা উদ্ভৱ হোৱা গোচৰৰ কাৰ্য, (২) মন্ত্ৰী, ৰাষ্ট্ৰদূত তথা বৈদেশিক প্ৰতিনিধি জড়িত গোচৰৰ বিচাৰ কাৰ্য, (৩) নৌ-সেনাধিকৰণ আৰু সামুদ্ৰিক আইন সম্পৰ্কীয় বিবাদৰ গোচৰ, (৪) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত থকা সাংবিধানিক বিৰোধ, (৫) দুখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত সংঘটিত হোৱা বিবাদ, (৬) এখন ৰাজ্য চৰকাৰৰ লগত আন এখন ৰাজ্যৰ নাগৰিকৰ মাজত উদ্ভৱ হোৱা বিবাদৰ গোচৰ বিচাৰ, (৭) বেলেগ বেলেগ ৰাজ্যৰ নাগৰিকৰ মাজত সংঘটিত হোৱা বিবাদৰ গোচৰ কাৰ্য, (৮) এখন ৰাজ্যৰ চৰকাৰ বা নাগৰিক আৰু বিদেশী চৰকাৰ বা নাগৰিকৰ মাজত সংঘটিত হোৱা বিবাদৰ বিচাৰ, (৯) বিভিন্নৰাজ্যৰ অনুদানৰ ভূমি জড়িত দাবীৰ ওপৰত হোৱা একেখন ৰাজ্যৰ নাগৰিকৰ মাজত হোৱা বিবাদৰ বিচাৰ।

(খ) আপীল অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়ালয়ৰ কেৱল সাংবিধানিক আপীল বিচাৰৰ ক্ষমতা আছে। অৱস্যে উচ্চতম ন্যায়ালয়ে সৰহভাগ আপীল এলেকাভুক্ত গোচৰৰ বিচাৰ কৰে। উচ্চতম ন্যায়ালয়ে সকলো নিম্ন যুক্তৰাষ্ট্ৰীৰ ন্যায়ালয় আৰু সকলো অংগ ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ পৰা অহা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ প্ৰশ্ন জড়িত থকা আপীল গোচৰৰ শুনানি লব পাৰে। আপীল সংক্ৰান্তত দিয়া ৰায় চূড়ান্ত বুলি গণ্য কৰা হয়। উচ্চতম ন্যায়ালয়ে সাধাৰণতে আপীলৰ অনুমতি দানৰ বাবে উৎক্ষেপণ নামৰ লেখ জাৰি কৰিব পাৰে। 

১৯/ উচ্চতম ন্যায়ালয়ৰ ভূমিকা বিষয়ে লিখা?

উত্তৰঃ   আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ নানা দিশৰ পৰা সমালোচনাৰ সন্মুখীন হোৱা দেখা যায়। প্ৰথমতে, উচ্চতম ন্যায়ালয়ে আইন প্ৰণয়নৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰিব পাৰে। বিধানমণ্ডলে প্ৰণয়ন কৰা আইন উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিলে আইন প্ৰণয়ন কাৰ্যত বাধা জন্মে। দ্বিতীয়তে, সংবিধানৰ ব্যাখ্যা প্ৰদান ব্যৱস্থাই উচ্চতম ন্যায়ালয়খনে যুক্তৰাষ্ট্ৰীয় নীতি ভংগ কৰা যেন অনুভৱ হয়। এনে কাৰ্যৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে অনমনীয় সংবিধান নমনীয় সংবিধানলৈ ৰূপান্তৰিত কৰিছে। তৃতীয়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দান পদ্ধতিও ত্ৰুটিপূৰ্ণ। কাৰণ ৯ জন বিচাৰকৰ ৫ জনৰ মতৰ ভিত্তিত যিকোনো ৰায় দিয়াৰ ব্যৱস্থা আছে। চতুৰ্থতে, ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিওঁতে তেওঁ দলীয় মনোভাৱৰ দ্বাৰা পৰিচালিত হয়। গতিকে ন্যায়াধীশসকল ৰাজনৈতিক দলৰ প্ৰভাৱ পৰা সম্পূৰ্ণ মুক্ত নহয়। পঞ্চমতে, বহুসময়ত ন্যায়ালয়ে ধনী আৰু ব্যৱসায়ী শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ বাবে গোচৰৰ ৰায়দান কৰে বুলি উচ্চতম ন্যায়ালয়ক দোষাৰোপ কৰে। ষষ্ঠতে, আমেৰিকাৰ ন্যায়পালিকাক বহুতে ৰক্ষণশীল বুলি সমালোচনা কৰে।

২০/ ন্যায়িক সমীক্ষা বিষয়ে লিখা?

উত্তৰঃ ন্যায়িক সমীক্ষা বিষয়ে তলত আলোচনা কৰা হল -

    ন্যায়িক সমীক্ষাৰ উৎপত্তিঃ ন্যায়িক সমীক্ষাৰ উৎপত্তি সম্বন্ধে যুক্তৰাষ্ট্ৰত বাক্ - বিতণ্ডা হোৱা দেখা যায়, কিন্ত এইটো স্পষ্টভাৱে লক্ষ্য কৰিব পাৰি যে কংগ্ৰেছৰ আইন সংবিধান বিৰোধী বুলি কৰাৰ কৰ্তৃত্ব সংবিধানে আদালতক দিয়া নাই। ন্যায়িক সমীক্ষাৰ তথাকথিত চৰকাৰী মতবাদ পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ পায় 'দি ফেদাৰেলিষ্ট' নামৰ প্ৰত্ৰিকাত। সংবিধানৰ অনুসমৰ্থন লৈ যি মত প্ৰকাশ কৰা হৈছিল। তেওঁৰ মতে আইনৰ ব্যাখ্যা প্ৰকৃততে আদালতৰ কাৰ্যৰ অন্তৰ্ভৰক্ত। সেইবাবে ইয়াৰ আৰু বিধানমণ্ডলৰ পৰা উদ্ভৱ হোৱা বিশেষ বিধিৰ অৰ্থ নিৰ্ণয় তেওঁলোকৰ কৰ্তব্যৰ ভিতৰত পৰে। 

    উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ন্যায়িক সমীক্ষাৰ প্ৰতিষ্ঠাঃ হেমিল্টনে দিয়া মন্তব্যৰ কেইবছৰমান পিচত ন্যায়িক সমীক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় অনুপ্ৰাণিত হোৱা দেখা গৈছিল। ১৮০৩ চনৰ মাৰবাৰী আৰু মেডিছনৰ মাজত হোৱা মোকৰ্দমাত যুক্তৰাজ্যিক আইন এখনৰ এটা চৰ্ত অসাংবিধানিক বা অবৈধ বুলি পোনপ্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছিল। ১৭৮৯ চনৰ ন্যায়পালিকা বিধিৰ ব্যৱস্থা মতে তেওঁ তেওঁৰ গোচৰৰ ওপৰত প্ৰাৰম্ভিক অধিকাৰ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ বাবে আৰু নতুন ৰাজ্য সচিব মেডিছক তেওঁৰ আয়োগ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দি পৰমাধিদেশ জাৰি কৰিবলৈ আদালতক নিৰ্দেশ দিছিল। 

    উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষা ক্ষমতা প্ৰয়োগঃ মাৰবাৰী আৰু মেডিছনৰ মাজত হোৱা মোকৰ্দমাৰ পাছত প্ৰায় অৰ্ধশতিকাজুৰি উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰয়োগ কৰা নাছিল। ১৮৫৭ চনত ড্ৰেদ স্কটৰ গোচৰত পুনৰ এই ক্ষমতা প্ৰয়োগ কৰা হৈছিল। ১৯১০ চনৰ ফ্লেচাৰ আৰু পেকৰ মাজত হোৱা মোকৰ্দমাত যুক্তৰাজ্যিক সংবিধান অনুসৰি ৰাজ্যিক বিধি এখন বৈধ বুলি ঘোষণা কৰিছিল। ১৯৯০ চনলৈ উচ্চতম ন্যায়ালয়ে নিয়মীয়াকৈ আইনৰ অবৈধতা সাৱ্যস্ত কৰিবলৈ আৰম্ভ কৰা নাছিল। 

    ন্যায়িক সমীক্ষাৰ স্ববিচাৰ ক্ষমতা প্ৰয়োগঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক ক্ষমতাৰ প্ৰকৃতি সম্বন্ধে কিছু বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। এই সম্পৰ্কে দুটা মতবাদ গ্ৰহণ কৰা দেখা যায়। বহুতে ভাবে যে সম্পূৰ্ণ যুক্তি আৰু সাংবিধানিক মূলনীতিৰ বলত উচ্চতম ন্যায়ালয়ে স্বয়ংক্ৰিয়ভাৱে ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰয়োগ কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ স্বয়ংক্ৰিয় প্ৰয়োগৰ সমৰ্থনত ন্যায়াধীশ ওৱেন, জে, ৰবাৰ্টছে তেওঁৰ ক্ষমতাক জনসাধাৰণৰ প্ৰতিনিধিসকলৰ কাৰ্যক নিয়ন্ত্ৰণ বা উলংঘা কৰিবলৈ দিয়া ক্ষমতা হিচাপে বিবেচনা কৰাটো এটা ভূল ধাৰণাৰ পৰা উদ্ভৱ হোৱা বুলি উল্লেখ কৰিছে।  

২১/ আমেৰিকাৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় দলীয় ব্যৱস্থাত তিনিটা উল্লেখযোগ্য বৈশিষ্ট্য দেখা যায়। প্ৰথমতে, ৰাষ্ট্ৰীয় পৰ্যায়ত যি দলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ১৯৭০ চনৰপৰা প্ৰায় দুটা ৰাজনৈতিক দলেই ৰাষ্ট্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। দ্বিতীয়তে, আমেৰিকাৰ ৰাজনৈতিক দলবোৰ ৰাজনীতি দৰ্শনৰ বহুতো মৌলিক তত্ত্বৰ বিষয়ে একমত হোৱা দেখা যায়। এই দলবোৰে নিৰ্বাচকসকলৰ সন্মুখত যি কাৰ্য তালিকা দাঙি ধৰে তাৰ মাজত মৌলিক পাৰ্থক্য দেখা নাযায়া। তৃতীয়তে, ৰাষ্ট্ৰীয় পৰ্যায়ত থকা দুয়োটা দলৰ প্ৰত্যেকটো বিকেন্দ্ৰীকৰণ কৰা হৈছে। 

    দলীয় ব্যৱস্থাঃ ৰাজনৈতিক দলৰ প্ৰতি সংবিধান প্ৰতিষ্ঠাতাসকলৰ মনোভাৱঃ ৰাজনৈতিক দল আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মনোনয়নৰ সন্মিলন, প্ৰত্যক্ষ প্ৰাথমিক ব্যৱস্থা, পক্ষধাৰী ব্যৱস্থা, দলীয় কমিটি আৰু বিষয়া, দলীয় যন্ত্ৰৰ আন আন খুটি - নাটি আৰু পদ্ধতিৰ দৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে সংবিধানত অকণো উল্লেখ নাই। ১৭৮৭ চনত সংবিধান প্ৰতিষ্ঠাতাসকলে ৰাজনৈতিক দলৰ বিষয়ে উল্লেখ কৰা নাছিল। জৰ্জ ৱাশ্বিংটনে তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ শেষত দিয়া বিদায় ভাষণত দলীয় চেতনাৰ অপকাৰিতা সম্বন্ধে সাৱধানবাণী উচ্চাৰণ কৰা যেন অনুমান হয়। 

২২/ যুক্তৰাষ্ট্ৰত দুই দলীয় ব্যৱস্থাৰ প্ৰৱৰ্তন হোৱাৰ কাৰণসমূহ লিখা?

উত্তৰঃ আমেৰিকাৰ বহুদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে এটা দুই দলীয় ব্যৱস্থা প্ৰৱৰ্তন হোৱা দেখি বহুতো বিদেশী পৰ্যবেক্ষকে কিছু আশ্চাৰ্য প্ৰকাশ কৰা দেখা যায়। বহুতে ইয়াৰ কাৰণ অনুসন্ধানৰ প্ৰচেষ্টাও চলাইছে। ফ্ৰান্স, ইটালী, বেলজিয়াম, হলেণ্ড ইত্যাদি বহুতো আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰত বহুদলীয় ব্যৱস্থা প্ৰচলিত হৈছে আৰু ইংলেণ্ড, কানাডা আদি দেশতো বৰ্তমান শতিকাৰ কোনো কোনো সময়ত তিনি দলীয় ব্যৱস্থা চলা দেখা যায়। প্ৰথমে কিছুমান ঐতিহাসিক কাৰণ উল্লেখ কৰা হয়। ঔপনিৱেশিকসকলে তেওঁলোকৰ লগত দুই দলীয় পৰম্পৰা লৈ আহিছিল। 

    দ্বিতীয়তে, কিছুমান আনুষ্ঠানিক কাৰকে ঐতিহাসিক কাৰকৰ নিচিনাকৈ দুই দলীয় ব্যৱস্থাৰ গঠন আৰু প্ৰৱৰ্তন হোৱাত সহায় কৰা দেখা যায়। এই কাৰকবোৰৰ ভিতৰত প্ৰথমে যিটো উল্লেখ কৰা হয়, সেই মতে আমেৰিকাৰ সংবিধান প্ৰতিষ্ঠাতাসকলে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ভিতৰত ষুক্তৰাষ্ট্ৰৰ বাবে সংসদীয় চৰকাৰৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি শাসিত চৰকাৰহে গ্ৰহণ কৰিছিল। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচকমণ্ডলী অথবা প্ৰতিনিধি সভা উভয়তে সংখ্যাগৰিষ্ঠ ভোটৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবিধানত স্পষ্ট নিৰ্দেশ দিয়া হৈছে। 

  তৃতীয় দলৰ উপস্থিতিঃ দুই দলীয় ব্যৱস্থাৰ সুপ্ৰতিষ্ঠিত নীতিত দ্বিতীয় পৰিৱৰ্তন পৰিলক্ষিত হয় আমেৰিকাত তৃতীয় ৰাজনৈতিক দলৰ স্থিতিত। এনে ধৰণৰ কেবাটাও তৃতীয় ৰাজনৈতিক দলে ৰাজ্যিক আৰু জাতীয় পৰ্যায়ত হোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দেখা যায়। 'ফ্ৰী ছইলাৰছ্', গ্ৰীন বেকাৰছ্, প্ৰগ্ৰেছিভচ্ ইত্যাদি দলবোৰৰ উপৰি আনকি কমিউনিষ্ট দলেও ৰাজ্যিক আৰু জাতীয় নিৰ্বাচনৰ প্ৰাৰ্থী মনোনীত কৰে। ১৯১২ চনত থিওদাৰ ৰুছভেল্টৰ 'বুল মুজাৰছ্' উপদলৰ বাহিৰে সাম্প্ৰতিক কালত আৰু ১৮৬০ চনত ৰিপাব্লিকানসকলৰ বাহিৰে আন কোনো তৃতীয় দলে ৰাষ্ট্ৰপতি পদত প্ৰায় জয়লাভ কৰা অৱস্থা এটিত উপনীত হব পৰা নাই। 

২৩/ ডেমোক্ৰেটিক দল আৰু ৰিপাব্লিকান দলৰ বিষয়ে লিখা?

উত্তৰঃ (১) ডেমোক্ৰেটিক দলঃ ডেমোক্ৰেটিক দল বৰ্তমান ডেৰশ বছৰতকৈও অধিক কালৰ পুৰণি দল হিচাপে আমেৰিকাৰ দুটা জাতীয় ৰাজনৈতিক দলৰ অন্যতম। ওৱাছিংটনৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত থমাছ জেফাৰছনৰ নেতৃত্বত এই দলৰ উৎপত্তি হৈছিল বুলি কব পাৰি। এণ্টি ফেডাৰেলিষ্ট, ৰিপাব্লিকানচ্, ডেমোক্ৰেটিক ৰিপাব্লিকানচ্ আৰু ডেমোক্ৰেটিক আদি বিভিন্ন নামেৰে বিভিন্ন সময়ত ই জনাজাত আছিল। ১৮১৬ চনত 'ফেডাৰেলিষ্ট ' দল বিলোপ হোৱাৰ পিছত ডেমোক্ৰেটিক দলে আমেৰিকাৰ ৰাজনৈতিক পটভূমিকাত একচ্ছত্ৰী প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সুবিধা পাইছিল।

    (২) ৰিপাব্লিকান দলঃ বৰ্তমান সময়ৰ ৰিপাব্লিকান দলক অতীতৰ দুটা প্ৰধান দলৰ উত্তৰাধিকাৰ বুলি কলে ভূল কৰা নহব। হেমিলটনৰ নেতৃত্বত ফেডাৰেলিষ্টচ্ দলে ৰাষ্ট্ৰীয় চৰকাৰৰ আৰু যুক্তৰাজ্যবাদ প্ৰতিষ্ঠাৰ শক্তিশালী সমৰ্থক আছিল আৰু সংবিধান উদাৰভাৱে গ্ৰহণ কৰা পক্ষপাতিত্ব কৰিছিল।১৮১২ চনৰ পিছৰপৰা ফেডাৰেলিষ্ট সকলে প্ৰথম নেচনেল ৰিপাব্লিকান আৰু পিছত হুইগছ নামৰ দুটা উপদলত বিভক্ত হৈ পৰিছিল। ১৮৫৪ চনত বৰ্তমানৰ ৰিপাব্লিকান দল গঠন কৰা হৈছিল আৰু ১৮৫৬ চনৰ নিৰ্বাচনৰ সময়ত দাসবৃত্তি সম্পৰ্কীয় প্ৰশ্নত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল। ১৮৬০ চনৰ পৰা ১৯১৩ চনলৈ মাত্ৰ আঠ বছৰৰ বাহিৰে ৰিপাব্লিকান দলে ৰাষ্ট্ৰপতি পদৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ নিজৰ অধীনত ৰাখিছিল, কিন্ত এই সময়ছোৱাত এই দলে বাধাৰ সন্মুখীন নোহোৱাকৈ থকা নাছিল। 

২৪/ আমেৰিকাৰ স্বাৰ্থান্বেষী গোটৰ বিষয়ে লিখা?

উত্তৰঃ চৰকাৰক প্ৰভাৱিত কৰাৰ বাবে সমৰূপ স্বাৰ্থজড়িত লোকৰ কিছুমান সংস্থা বা গোষ্ঠী গণতন্ত্ৰত দেখিবলৈ পোৱা যায়। প্ৰভাৱগোষ্ঠী বা সমস্বাৰ্থ দল গণতান্ত্ৰিক চৰকাৰৰ এনেধৰণৰ সংস্থাবোৰৰ ভিতৰত অন্যতম বুলি কব পাৰি। ৰাজনৈতিক দলৰ দৰে প্ৰভাৱগোষ্ঠী বা সমস্বাৰ্থ দলৰ বাবে সংবিধানে কোনো ব্যৱস্থা ৰখা নাই। আমেৰিকাৰ গণতান্ত্ৰিক ব্যৱস্থাই ইয়াৰ নাগৰিকসকলৰ জীৱিকাৰ বিভিন্ন পথ গ্ৰহণ, বিভিন্ন প্ৰকৃতিৰ সমাজত বাস কৰা, বিভিন্ন ধৰ্মবিশ্বাস আৰু সামাজিক স্বাৰ্থ গ্ৰহণ কৰাৰ সুযোগ দিছে। গণতান্ত্ৰিক ব্যৱস্থাই জনসাধাৰণৰ ভিন ভিন স্বাৰ্থৰ অৱস্থিতি স্বীকাৰ কৰিবলৈ বাধ্য কৰাৰ উপৰি ইয়াৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ বাবে সংগঠিত হবলৈ নিৰ্দেশ দিছে।

২৫/ প্ৰভাৱগোষ্ঠীসমূহৰ শক্তিৰ ভেঁটি বিষয়ে লিখা?

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰসমূহৰ শক্তিৰ ভেঁটিঃ ৰাজনৈতিক অৱস্থাঃ ইয়াৰ গঠন আৰু লক্ষ্য যিয়েই নহওক কিয় প্ৰভাৱগোষ্ঠীৰ কাৰ্যক্ষেত্ৰৰ ৰাজনৈতিক অৱস্থাই ইয়াৰ শক্তিক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে - গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাই এই সংগঠনবোৰৰ দাবীসমূহ চৰকাৰৰ সমুখত দাখিল কৰা কৰা সহজসাধ্য কৰি তুলিছে। প্ৰভাৱগোষ্ঠীসমূহে প্ৰয়োগ কৰা পদ্ধতি আৰু লাভ কৰা প্ৰভাৱৰ মাজত যথেষ্ঠ পাৰ্থক্য থাকিব পাৰে, কিন্ত প্ৰত্যকখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ক্ষমতাৰ সন্ধান কৰিবলৈ প্ৰভাৱগোষ্ঠীক এটা সুযোগ দিয়া হয়। 

    চৰকাৰৰ আনুষ্ঠানিক সংগঠন প্ৰভাৱগোষ্ঠীৰ শক্তিৰ আন এটি উপাদান। যুক্তৰাষ্ট্ৰত তিনিটা পৰ্যায়ৰ চৰকাৰ দেখিবলৈ পোৱা যায় - যুক্তৰাজ্যিক, ৰাজ্যিক আৰু স্থানীয়। প্ৰত্যেকটো পৰ্যায়ৰ চৰকাৰ, বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা শাখাত বিভক্ত হৈ আছে। চৰকাৰৰ এনেধৰণৰ সংগঠন ব্যৱস্থা ৰাজনৈতিক দলৰ দৰে চৰকাৰ নিয়ন্ত্ৰণ অৰ্জন কৰিবলৈ ইচ্ছুক সংস্থাৰ বাবে উপযোগী নহয়, কিন্ত প্ৰভাৱগোষ্ঠীসমূহৰ দৰে যিবোৰ সংস্থাই চৰকাৰৰ কোনো বিশেষ নীতিক প্ৰভাৱিত কৰিবলৈ বিচাৰে তেনে সংস্থাবোৰৰ বাবে এনে সাংগঠনিক ব্যৱস্থা নিশ্চিতভাৱে সুবিধাজনক।

দলীয়বিশেষত্ব ইয়াৰ শক্তিৰ আন এটি উৎসঃ ইয়াৰ আগতে ৰাজনৈতিক অৱস্থাৰ বিভিন্ন উপাদানে কিভাৱে প্ৰভাৱগোষ্ঠীসমূহৰ শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে, সেই সম্পৰ্কে আলোচনা কৰা হৈছে। প্ৰভাৱগোষ্ঠীৰ দ্বাৰা এনে সুযোগৰ সদ্ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে দলীয় বৈশিষ্ট্য কিছুমানৰ ওপৰত। সংগঠন, নেতৃত্ব, মতবাদ আৰু সামাজিক ভেটি আদি যিবিলাক দলীয় বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনৈতিক দল এটিয়ে কৃতকাৰ্যতা লাভ কৰিব পাৰে, সেই একেই বৈশিষ্ট্যবোৰে প্ৰভাৱগোষ্ঠীসমূহৰো শক্তি নিৰূপণ কৰে। 

 ২৬/ প্ৰভাৱগোষ্ঠীয়ে প্ৰয়োগ কৰা কৌশলৰ বিষয়ে লিখা?

উত্তৰঃ প্ৰভাৱগোষ্ঠীসমূহে ইয়াৰ উদ্দেশ্য পূৰণ কৰাৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা যায়। সাধাৰণতে চৰকাৰৰ নীতিক ইয়াৰ স্বাৰ্থৰ অনুকূলে পৰিচালিত কৰাৰ উদ্দেশ্যে তিনিটা কৌশল বা পদ্ধতি ব্যৱহাৰ কৰে। প্ৰথম, যিসকল ইয়াৰ স্বাৰ্থৰ প্ৰতি সহানুভূতিশীল তেনেলোকক চৰকাৰী পদত বহুৱাবৰ চেষ্টা কৰিব পাৰে। এনে কৌশলক নিৰ্বাচনী কাৰ্য বুলি অভিহিত কৰিব পাৰি। দ্বিতীয়, ইয়াৰ স্বাৰ্থৰ প্ৰতি প্ৰথম অৱস্থাত চৰকাৰী বিষয়াসকলে সহানুভূতি দেখুৱাব অথবা নেদেখুৱাব পাৰে। তেনে চৰকাৰী বিষয়াসকলৰ যোগেদি ইয়াৰ স্বাৰ্থৰ অনুকূলে থকা নীতিসমূহ গ্ৰহণ কৰিবলৈ প্ৰভাৱগোষ্ঠীসমূহে একেৰাহে মৃদু হেঁচা প্ৰয়োগ কৰাৰ প্ৰচেষ্টা চলাই যাব পাৰে। তৃতীয়, জনমতক গঢ় দিয়া আৰু প্ৰকাশ কৰাৰ উদ্দেশ্য ইয়াৰ ওপৰত প্ৰভাৱগোষ্ঠীসমূহে প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰচেষ্টা চলাব পাৰে। 

২৭/ গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা ৰাষ্ট্ৰপ্ৰধানৰ পাৰ্থক্যসমূহ লিখা?

উত্তৰঃ গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা ৰাষ্ট্ৰপ্ৰধানৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হল -

(১) ইংলেণ্ডৰ ৰজা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ তুলনাঃ ইংলেণ্ডৰ ৰজা জন্মসূত্ৰে ক্ষমতাত অধিষ্ঠিত হয়। আৰু ইয়াৰ বাবে কোনো নিৰ্ধাৰিত বয়স নাই। ১৭০১ চনৰ Act of Settlement, ১৮৭২ চনৰ The Abdication Act আৰু ১৯৩৬ চনৰ Royal Marriage Act ৰ দ্বাৰা ৰজাৰ থাকিব লগা যোগ্যতাসমূহ নিৰ্ধাৰণ কৰা হৈছে। আমেৰিকাৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজন আমেৰিকাৰ স্বভাৱজাত নাগৰিক হব লাগিব। তেওঁৰ বয়স ৩৫ বছৰৰ কম হব নালাগিব। আৰু তেনে ব্যক্তি একেৰাহে ১৪ বছৰ আমেৰিকাত বসবাস কৰা হব লাগিব।

(২) ৰজা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচন, নিযুক্তি আৰু কাৰ্যকালৰ তুলনাঃ ইংলেণ্ডৰ ১৭০১ চনৰ Act of Settlement, ১৮৭২ চনৰ Royal Marriage Act, ১৯৩৬ চনৰ The Abdication Act আৰু সংসদৰ দ্বাৰা প্ৰণিত আইনে ৰাজপদৰ উত্তৰাধিকাৰ, ৰজাৰ পদত্যাগ আদি বিষয়বিলাক নিয়ন্ত্ৰণ কৰে। ইংলেণ্ডৰ ৰজাই উত্তৰাধিকাৰসূত্ৰে ৰাজপদ লাভ কৰে। ইংলেণ্ডৰ ৰজাৰ কোনো নিৰ্দিষ্ট কাৰ্যকাল নাই। এবাৰ সিংহাসনত আৰোহণ কৰাৰ পাছত আজীৱন তেওঁ ৰজা হৈ থাকিব পাৰে। অৱশ্যে ১৯৩৬ চনৰ The Abdication Act অনুসৰি ৰজাই আইনগত ব্যৱস্থাৰ দ্বাৰা সিংহাসন ত্যাগ কৰিব পাৰে।

(৩) সাংবিধানিক পদমৰ্যাদাৰ তুলনাঃ ইংলেণ্ডৰ ৰজা ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী নহয়। চৰকাৰৰ মুৰব্বী হল ইলেণ্ডৰ প্ৰধান মন্ত্ৰী। যদিও ইংলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰশাসন ৰজাৰ নামত পৰিচালনা কৰা হয়, ৰজা ৰাষ্ট্ৰৰ নামমাত্ৰ মুৰব্বীহে। ইংলেণ্ডৰ ৰজাই হবচ্ ৰ লেভিয়াথানত উল্লেখ কৰা ৰজাৰ দৰে ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে। ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱ আৰু তাৰ পাছত ইংলেণ্ডৰ সংসদে গ্ৰহণ কৰা ভালেমান আইনৰ দ্বাৰা ৰজাৰ ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰা হল আৰু ৰাষ্ট্ৰৰ সাংবিধানিক মুৰব্বীলৈ পৰিণত হল। 

২৭/ গ্ৰেট ব্ৰিটেইনৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ উল্লেখ কৰা?

উত্তৰঃ গ্ৰেট ব্ৰিটেইনৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হল -

(১) কাৰ্যনিৰ্বাহক ক্ষমতাঃ ইংলেণ্ডৰ সংবিধান অনুযায়ী প্ৰতিষ্ঠিত সংসদীয় গণতান্ত্ৰিক পদ্ধতিত ৰজা নামমাত্ৰ কাৰ্যপালিকা। কাৰ্যপালিকাৰ প্ৰকৃত ক্ষমতা উপভোগ কৰে ইংলেণ্ডৰ মন্ত্ৰী পৰিষদে। কাৰ্যপালিকাৰ প্ৰকৃত মুৰব্বী হিচাপে আমেৰিকাৰ সংবিধানে ৰাষ্ট্ৰপতিক বিশাল ক্ষমতা প্ৰদান কৰিছে। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে ইংলেণ্ডৰ ৰজা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ মাজত কিছুমান মিল আছে যদিও বহুক্ষেত্ৰত দুয়োজন কাৰ্যপালিকাৰ মুৰব্বীৰ মাজত কিছুমান পাৰ্থক্যও পৰিলক্ষিত হয়। 

(২) আইন প্ৰণয়ন ক্ষমতাঃ ইংলেণ্ডৰ ৰজা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি দুয়োজনেই সংসদৰ সদস্য নহয়। দুয়োজনে বিধানসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰিব নোৱাৰে। তথাপি দুয়োজন ৰাষ্ট্ৰপ্ৰধানকে নিজ নিজ দেশৰ সংবিধানে আইনপ্ৰণয়ন সম্পৰ্কীয় ভালেমান ক্ষমতা প্ৰদান কৰিছে। 

    আমেৰিকাৰ কংগ্ৰেছ আৰু ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টে ৰচনা কৰা আিন যথাক্ৰমে ৰাষ্ট্ৰপতি আৰু ৰজাৰ অনুমোদন নহলে বলবৎ কৰিব নোৱাৰি। কাৰ্যপালিকাৰ মুৰব্বী হিচাপে ইংলেণ্ডৰ ৰজা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি দুয়োজন ৰাষ্ট্ৰপ্ৰধানে জনসাধাৰণৰ প্ৰয়োজন পূৰাব পৰাকৈ বিভিন্ন সময়ত বিধি - উপবিধি ৰচনা কৰে। 

(৩) ন্যায়িক ক্ষমতাঃ ইংলেণ্ডৰ ৰজাই বিচাৰ বিভাগৰ শীৰ্ষ স্তৰৰ বিচাৰকসকলৰ নিযুক্তি দিয়ে। ইংলেণ্ডৰ ৰজাক ' ন্যায়ক মূল উৎস ' বুলি কোৱা হয়। ৰজাই আইন ভংগ কৰা অপৰাধত দণ্ডিত কৰা ব্যক্তিক ক্ষমাদান কৰিব পাৰে বা শাস্তি লাঘব কৰিব পাৰে নাইবা শাস্তি প্ৰয়োদ সামৰিকভাৱে স্থগিত ৰাখিব পাৰে। দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ ন্যায়িক ক্ষমতা কিন্ত অনুৰূপ নহয়। ইংলেণ্ডৰ ৰজাই ন্যায়িক ক্ষমতা তাত্ত্বিক অৰ্থতহে গ্ৰহণ কৰিব লাগিব।

(৪) সামৰিক ক্ষমতাঃ ইংলেণ্ডৰ ৰজাৰ তুলনাত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সামৰিক ক্ষমতা যথেষ্ট বেছি। কিয়নো আমেৰিকাৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আৰু পাৰমাণৱিক অস্ত্ৰ পৰিবহণকাৰী যান ৰাষ্ট্ৰপতিৰ নিয়ন্ত্ৰণত থাকে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্থলবাহিনী, নৌবাহিনী আৰু বিমানবাহিনী আৰু বিমানবাহিনীৰ সৰ্বাধিনায়কসকলক আৰু উচ্চপদস্থ বিষয়াসকলক নিযুক্তি দিয়ে। ইংলেণ্ডৰ ৰজাইও ৰাষ্ট্ৰপতিৰ দৰে স্থবাহিনী, নৌবাহিনী আৰু বিমান বাহিনীৰ সৰ্বাধিনায়কসকলক আৰু উচ্চপদস্থ বিষয়াসকলক নিযুক্তি দিয়ে। 

(৫) কূটনৈতিক ক্ষমতাঃ ইংলেণ্ডৰ ৰজা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি দুয়োজনে আৰু বিদেশৰ পৰা অহা কূটনৈতিক প্ৰতিনিধিসকলক গ্ৰহণ কৰে আৰু বিদেশলৈ নিজ নিজ দেশৰ প্ৰতিনিধি প্ৰেৰণ কৰে। দুয়োজনে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদন কৰিব পাৰে। দুয়োজন ৰাষ্ট্ৰপ্ৰধানে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজ নিজ ৰাষ্ট্ৰৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে কূটনৈতিক ক্ষমতা প্ৰয়োগ কৰিব লাগে।

    ইংলেণ্ডে অন্য ৰাষ্ট্ৰৰ লগত কৰা শান্তি চুক্তি বা যুদ্ধ ঘোষণা ইংলেণ্ডৰ ৰজাৰ নামত সম্পাদন কৰা হয় যদিও ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী আৰু কেবিনেটেহে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধ ঘোষণা কৰিব নোৱাৰে যদিও পৃথিৱীৰ যিকোনো অংশলৈ সৈন্য - বাহিনী প্ৰেৰণ কৰি ৰাষ্ট্ৰপতিয়ে যুদ্ধৰ এটি পৰিৱেশ সৃষ্টি কৰিব পাৰে। 

২৮/ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা পাৰ্থক্যসমূহ বিষয়ে লিখা?

উত্তৰঃ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা পাৰ্থক্যসমূহ তলত বহলাই আলোচনা কৰা হল।

(১) নিৰ্বাচন আৰু নিযুক্তিঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক নিৰ্বাচক মণ্ডলীয়ে নিৰ্বাচন কৰে। নাগৰিকসকলৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত, কংগ্ৰেছৰ সমান সংখ্যক প্ৰতিনিধিয়ে গঠিত এই নিৰ্বাচক মণ্ডলীৰ অৰ্থাৎ  ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ এক ৰাষ্ট্ৰীয় চৰিত্ৰ আছে। সেইকাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতি তেওঁৰ কাৰ্যাৱলীৰ বাবে দেশৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।

    আনহাতে ইংলেণ্ডৰ সংসদৰ নিম্ন সদন কমন্স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাণীয়ে প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী সেই কাৰণে তেওঁৰ কাৰ্য আৰু নীতিৰ কাৰণে সংসদৰ ওচৰত তাৎক্ষণিকভাৱে দায়বদ্ধ। 

(২) কাৰ্যকালঃ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যকাল সাধাৰণতে পাঁচ বছৰ। সংসদৰ নিম্নসদন কমন্স সভাৰ কাৰ্যকাল ৫ বছৰ হোৱা সংখ্যাগৰিষ্ঠ সমৰ্থন লাভ কৰা প্ৰধান মন্ত্ৰীয়ে কমন্স সভাৰ কাৰ্যকালৰ অন্তলৈকে কাৰ্যভাৰ চলাই যাব পাৰে, কিন্ত ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী বা মন্ত্ৰীসভাৰ বিৰুদ্ধে কমন্স সভাত যিকোনো সময়ত অনাস্থা প্ৰস্তাৱ গৃহীত হলে প্ৰধান মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। সেই কাৰণে কোৱা হয় যে ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীৰ কোনো নিৰ্দিষ্ট কাৰ্যকাল নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৪ বছৰ। 

(৩) ক্ষমতা আৰু কাৰ্যাৱলীঃ ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্য আৰু ক্ষমতাৰ মাজত থকা পাৰ্থক্যসমূহক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

    (ক) কাৰ্যনিৰ্বাহক ক্ষমতাঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী দুয়োজনে নিজ নিজ দেশৰ কাৰ্যপালিকাৰ প্ৰকৃত মুৰব্বী। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী শাসকদলৰ নেতা, ৰাষ্ট্ৰৰ নেতা আৰু চৰকাৰৰ প্ৰধান মুখপাত্ৰ। ঠিক তেনেদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি শাসকদলৰ নেতা, ৰাষ্ট্ৰ নেতা, ৰাষ্ট্ৰৰ নেতা আৰু চৰকাৰৰ প্ৰধান মুখপাত্ৰ। ইংলেণ্ডৰ সংবিধানে ৰজাক ৰাষ্ট্ৰপ্ৰধান হিচাপে স্বীকৃতি দিছে, সেয়েহে ৰাষ্ট্ৰীয় প্ৰশাসন ৰজাৰ নামত পৰিচালনা কৰা হয়। প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনৰ মুৰব্বী নহয়। 

    (খ) আইন সম্পৰ্কীয় ক্ষমতাঃ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আইন সম্পৰ্কীয় ক্ষমতাৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয়। ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে কমন্স সভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে আইন প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সংসদত উত্থাপিত হবলগীয়া বিলসমূহৰ বিষয়ে প্ৰধান মন্ত্ৰীৰ সভাপতিত্বত বহা কেবিনেটত প্ৰথমে আলোচনা কৰা হয় আৰু তাৰ পাছতহে তেনে বিল বা বিধেয়ক সংসদত উত্থাপিত কৰা হয়। 

    (গ) অন্যান্য ক্ষমতাঃ ইংলেণ্ডৰ ৰজাই সৈন্য - বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলক নিযুক্তি দিয়ে। সৈন্য সঞ্চালন সম্পৰ্কে নিৰ্দেশ দিয়ে। অৱশ্যে এই সকলোবোৰ ৰজাই মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰিহে সম্পাদনা কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি কিন্ত সামৰিক বাহিনীৰ সৰ্বাধিনায়ক। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে ইংলেণ্ডৰ প্ৰধান মন্ত্ৰীয়েও যুদ্ধ ঘোষণা কৰিব নোৱাৰে। কিন্ত কাৰ্যপালিকাৰ দুয়োজন মুৰব্বীয়ে এনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে যে আমেৰিকাৰ কংগ্ৰেছ আৰু ইংলেণ্ডৰ ৰজাই যুদ্ধৰ আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাধ্য হয়।

২৯/ ব্ৰিটেইনৰ কমন্স সভা আৰু আমেৰিকাৰ প্ৰতিনিধি সভাৰ মাজৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা?

উত্তৰঃ ব্ৰিটেইনৰ কমন্স সভা আৰু আমেৰিকাৰ প্ৰতিনিধি সভাৰ মাজত ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) গঠনৰ তুলনাঃ আমেৰিকাৰ কংগ্ৰেছৰ নিম্ন সদন আৰু ইংলেণ্ডৰ সংসদৰ নিম্ন সদন কমন্স সভাৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচন কৰে। আমেৰিকাৰ প্ৰতিনিধি সভাৰ তুলনাত কমন্স সভাৰ সদস্য সংখ্যা অধিক। আমেৰিকাৰ প্ৰতিনিধি সভাৰ সংখ্যা ৪৩৫ জন। কমন্স সভাৰ সদস্য সংখ্যা প্ৰতি ১৫ বছৰৰ মূৰে মূৰে নিৰ্ধাৰণ কৰা হয়। বৰ্তমান ইয়াৰ সদস্য সংখ্যা ৬৫৯ জন।

(২) যোগ্যতাৰ তুলনাঃ প্ৰতিনিধি সভাৰ সদস্য হবলৈ হলে এজন ব্যক্তি আমেৰিকাৰ নাগৰিক হোৱাৰ উপৰি তেওঁৰ বয়স ২৫ বছৰ হব লাগিব। আৰু তেওঁ অন্ততঃ ৭ বছৰ কাল আমেৰিকাত বাস কৰা হব লাগিব। আনহাতে কমন্স সভাৰ সদস্য পদৰ বাবে এজন ব্ৰিটিছ নাগৰিকৰ ২১ বছৰ বয়স হোৱাৰ উপৰিও তেওঁৰ নাম ভোটাৰ তালিকাত থকা হব লাগিব।

(৩) কাৰ্যকালৰ তুলনাঃ প্ৰতিনিধি সভা আৰু কমন্স সভাৰ কাৰ্যকালৰ মাজতো প্ৰভেদ আছে। প্ৰতিনিধি সভাৰ কাৰ্যকাল দুবছৰ। ৰাষ্ট্ৰপতিয়ে প্ৰতিনিধি সভাৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে ভংগ কৰিব নোৱাৰে। আনহাতে কমন্স সভাৰ কাৰ্যকাল ৫ বছৰ। কিন্ত প্ৰধান মন্ত্ৰীৰ পৰামৰ্শক্ৰমে ৰজাই কমন্স সভা কাৰ্যকালৰ শেষ হোৱাৰ পূৰ্বে ভংগ কৰিব পাৰে। জৰুৰী অৱস্থাত কাৰ্যকাল আৰু এক বছৰ বৃদ্ধি কৰিব পাৰি।

(৪) থূলঃ আমেৰিকাৰ প্ৰতিনিধি সভাৰ থূলৰ সংখ্যা ৬৫৯ জন সদস্যৰ মাত্ৰ ৪০ জন সদস্যক লৈ থূল বা কোৰাম গঠিত হয়।

(৫) সমিতি ব্যৱস্থাঃ দুয়োখন দেশৰ নিম্ন সদনত সুচাৰুৰূপে কাৰ্য পৰিচালনাৰ কাৰণে স্থায়ী সমিতিকে ধৰি বিভিন্ন সমিতি গটন কৰাৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত লক্ষ্য কৰিবগলীয়া প্ৰভেদ হল সমন্স সভাৰ সমিতিৰ সদস্যসকলক অভিজ্ঞতা আৰু যোগ্যতাৰ ভিত্তিতবাছনি কৰি লোৱা হয়। আনহাতে সমিতিৰ সদস্যসকলক জ্যেষ্ঠতাৰ ভিত্তিতহে বাছনি কৰা হয়।

৩০/ লৰ্ডছ সভা আৰু চিনেট সভাৰ মাজৰ ক্ষমতা আৰু কাৰ্যাৱলীৰসমূহ লিখা?

উত্তৰঃ লৰ্ডছ সভা আৰু চিনেট সভাৰ মাজৰ ক্ষমতা াৰু কাৰ্যাৱলীৰসমূহ তলত আলোচনা কৰা হল -

(১) গঠন পদ্ধতিঃ সাংগঠনিক দিশৰ ফালৰ পৰা লৰ্ডছ সভা আৰু ছিনেট সভাৰ মাজত মৌলিক প্ৰভেদ দেখা যায়। আমেৰিকাৰ কংগ্ৰেছৰ দুয়োখন সদন জনপ্ৰিয় সদনৰ ছিনেট সভা ১০০ জন সদস্যক লৈ গঠন কৰা হয়। যুক্তৰাষ্ট্ৰৰ মুঠ ৫০ খন অংগ ৰাজ্যৰ প্ৰতিখনৰ পৰা ২ জনকৈ প্ৰতিনিধি ছিনেট সভালৈ নিৰ্বাচন কৰি পঠোৱা হয়। লৰ্ডছ সভাৰ গঠন পদ্ধতি গণতান্ত্ৰিক নহয়। লৰ্ডছ সভাৰ ৯২ জন সদস্যই বংশানুক্ৰমিকভাৱে সদস্য পদ লাভ কৰে। লৰ্ডছ সভাৰ সদস্য সংখ্যা ৬৬৯ জন।

(২) কাৰ্যকালঃ ছিনেট সভা আৰু লৰ্ডছ দুয়োখন স্থায়ী সদন আৰু দুয়োটা সদনকে ভংগ কৰিব নোৱাৰি। ছিনেটৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ। প্ৰতি ২ বছৰৰ মূৰে মূৰে ছিনেট সভাৰ ১/৩ অংশ সদস্যই অৱসৰ লব লাগে। আনহাতে লৰ্ডছ সভাৰ এজন সদস্যই সদস্যপদ লাভ কৰাৰ পাছত আজীৱন সেই সদস্য পদত বৰ্তি থাকিব পাৰে।

(৩) থূলঃ ছিনেট সভাৰ মুঠ সদস্যৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাক লৈ সভাৰ থূল বা কোৰাম গঠন কৰা হয়। অৰ্থাৎ ৫১ জন সদস্যৰ উপস্থিতিত ছিনেট সভাৰ থূল বা কোৰাম গঠন কৰা হয়। ব্ৰিটিছ সভাৰ লৰ্ডছ সভাৰ সদস্য সংখ্যা ৬৬৯ জন যদিও ৩ জন সদস্যৰ উপস্থিতিতে লৰ্ডছ সভাৰ থূল বা কোৰাম গঠিত হয়। অৱশ্যে কোনো এখন বিল বা বিধেয়ক লৰ্ডছ সভাত গৃহীত কৰিব কাৰণে ন্যূনতম ৩০ জন সদস্য উপস্থিত থাকিব লাগে।

(৪) ক্ষমতা আৰু কাৰ্যাৱলীৰ তুলনাঃ আমেৰিকাৰ ছিনেট সভাই আইন প্ৰণয়নিক, বিত্তীয় আৰু প্ৰশাসনিক বিষয়সমূহত যথেষ্ট গুৰুত্বপূৰ্ণ ক্ষমতা লাভ কৰিছে। আনহাতেদি ব্ৰিটেইনত এই ক্ষমতাসমূহ লৰ্ডছ সভাৰ পৰিৱৰ্তে কমন্স সভাইহে উপভোগ কৰে। 

৩১/ ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলীয় ব্যৱস্থাৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ লিখা?

উত্তৰঃ ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলীয় ব্যৱস্থাৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ তলত উল্লেখ কৰা হল -

সাদৃশ্যঃ ১/ প্ৰথম সাদৃশ্য হৈছে দুয়োখন ৰাষ্ট্ৰতে ৰাজনৈতিক ব্যৱস্থাত দ্বি - দলীয় ব্যৱস্থা আছে। অৱশ্যে দুয়োখন ৰাষ্ট্ৰতে কিছুমান সৰু - সুৰা দল আছে যদিও সেইবিলাকৰ প্ৰাধান্য তেনেই নগণ্য। গতিকে দুয়োখন ৰাষ্ট্ৰতে প্ৰধান দল হৈছে দুটা।

২/ দুয়োখন ৰাষ্ট্ৰৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ মাজত যথেষ্ট মিল আছে। দুয়োটা দলে সংশ্লিষ্ট ৰাষ্ট্ৰৰ সামাজিক ব্যৱস্থা অক্ষুণ্ণ ৰাখিব বিচাৰে।

৩/ দুয়োখন ৰাষ্ট্ৰৰে সংবিধানত দলীয় ব্যৱস্থাৰ উল্লেখ তথা স্বীকৃতি দিয়া হোৱা নাই।

৪/ উভয় ৰাষ্ট্ৰৰ ৰাজনৈতিক দলসমূহে বৈপ্লৱিক উপায় অৱলম্বনৰ বিপৰীতে গণতান্ত্ৰিক পদ্ধতিৰে শান্তিপূৰ্ণভাৱে ক্ষমতা লাভ কৰিব বিচাৰে।

৫/ দুয়োখন ৰাষ্ট্ৰৰ ৰাজনৈতিক দলসমূহৰ স্থানীয় আৰু কেন্দ্ৰীয় সংগঠনৰ ব্যৱস্থা আছে।

বৈসাদৃশ্যঃ ১/ ইংলেণ্ডত চৰকাৰ আৰু দলৰ মাজত নিবিড় সম্পৰ্ক আছে। কাৰণ ইংলেণ্ডত সংসদীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন থকাৰ ফলত সংসদৰ সংখ্যাগৰিষ্ঠ দলে মন্ত্ৰীসভাৰ সদস্যসকল দলৰো সদস্য। দলৰ পৰামৰ্শ মতে মন্ত্ৰীসভাই নীতি নিৰ্ধাৰণ আৰু চৰকাৰী কাৰ্য পৰিচালনা কৰি দলৰ আদৰ্শসমূহ ৰূপায়িত কৰাৰ প্ৰয়াস কৰে। ইংলেণ্ডৰ মন্ত্ৰীসভাই প্ৰশাসক আৰু আইনসভাক নিয়ন্ত্ৰণ কৰি দলৰ সিদ্ধান্ত কাৰ্যকৰী কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত শাসন বিভাগৰ লগত বিধায়িনী দলৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

২/ ইংলেণ্ডৰ ৰাজনৈতিক দলৰ প্ৰত্যেক সদস্যই সংসদৰ ভিতৰে - বাহিৰী দলৰ নেতৃবৰ্গৰ নিৰ্দেশ অনুসৰি কাম কৰিব লাগে। গতিকে ইয়াত দলীয় অনুশাসন বৰ কটকটীয়া। দলৰ নীতি - নিয়ম অৱমাননা কৰিলে সেই সদস্যৰ ৰাজনৈতিক জীৱনৰ অৱসান ঘটে। ইয়াৰ উপৰি প্ৰধান মন্ত্ৰীয়ে কমন্স সভা ভংগ কৰি দিয়াৰ ভাবুকি দি তেওঁৰ দলৰ সদস্যসকলক নিয়ন্ত্ৰণ কৰাত সমৰ্থ হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত দলীয় অনুশাসন তেনেই নগণ্য।

৩/ ইংলেণ্ডৰ ৰাজনৈতিক দলৰ সদস্যসকল পেছাদাৰী ৰাজনৈতিক নহয়। তেওঁলোকে ৰাজনৈতিক ব্যৱসায় ভিত্তিত গ্ৰহণ কৰা নাই। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক দলসমূহৰ সদস্যসকলে বহু সময়ত ব্যৱসায় প্ৰতিষ্ঠানৰ লগত নিবিড় সম্পৰ্ক ৰাখে। সেয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজনৈতিক দলৰ সদস্যসকল পেছাদাৰী ৰাজনীতিক।

৪/ জনসম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। সাধাৰণতে ইংলেণ্ডত ৰাজনৈতিক দলসমূহে ৰাজনৈতিক কাৰ্যকলাপত সদায় লিপ্ত থাকিব লাগে। আমেৰিকাত দলবিলাকে নিৰ্বাচনৰ সময়তহে কৰ্মতৎ পৰ হোৱা দেখা যায়। সেয়ে জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত ইংলেণ্ডৰ ৰাজনৈতিক দলসমূহে সদায় ব্যস্ত থাকিব লাগে। 

৫/ ইংলেণ্ডত সুসংগঠিত আৰু শক্তিশালী বিৰোধী দলৰ অস্তিত্ব বিদ্যমান। শাসক দলে সদায় বিৰোধী দলক সমীহ কৰি চলে। ইয়াৰ কাৰ্যকলাপৰ প্ৰতি শাসক দল সদায় সজাগ হৈ থাকিব লাগে। বিৰোধী দলে চৰকাৰৰ নীতি আৰু কাৰ্যকলাপ সমালোচনাৰ জৰিয়তে জনসাধাৰণক সচেতন কৰি তোলো। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় চৰকাৰ থকাৰ কাৰণে ইয়াত বিৰোধী দলৰ ভূমিকা নাই। 

Type - Boby Bora