অৰ্থৰ তত্বসমূহ



1. Who is the founder of Ideational theory of Meaning?

অৰ্থৰ ধাৰণাতত্ত্বৰ জনক কোন?

উত্তৰঃ জন ল'ক ।


2. What is the name of book Written by John Locke?

জন ল'কে লিখা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ জন ল'কে লিখা গ্ৰন্থখনৰ নাম হল- 'An Essay Concerning Human Understanding'।


3. 'Don't look for meaning, look for use.' Who said?

'Don't look for meaning, look for use.' কোনে কৈছে?

উত্তৰঃলুডৱিগ উইটগেনষ্টাইন ( Ludwig Wittgenstein)।

 

4. Whom to be called the father of the theory of 'Language game'?

'ভাষাৰ খেল' তত্ত্ব মতবাদটোৰ পিতৃ বুলি কাক কোৱা হয়?

উত্তৰঃ লুডৱিগ উইটগেনষ্টাইন ( Ludwig Wittgenstein)।


5. State any two theory of meaning?

অৰ্থ সম্পৰ্কীয় যিকোনো দুটা মতবাদৰ নাম লিখা।

উত্তৰঃ অৰ্থ সম্পৰ্কীয় দুটা মতবাদ হল-

i)সত্য়াপন তত্ত্ব(Verification theory of meaning)

ii) নিৰ্দেশাত্মক মতবাদ( Referential theory of meaning)


6. Who is the propounder of referential theory of meaning?

নিৰ্দেশাত্মক তত্ত্বৰ প্ৰৱক্তা কোন?

উত্তৰঃ বাৰ্ট্ৰাণ্ড ৰাছেল।


7. 'The meaning of a word is what is refers.' Which theory of meaning is associated with this statement?

'শব্দই যাক নিৰ্দেশ কৰে সিয়ে তাৰ অৰ্থ'- এই উক্তিটোৰ লগত অৰ্থ সম্পৰ্কীয় কোনটো মতবাদ জড়িত?

উত্তৰঃ অৰ্থৰ নিৰ্দেশাত্মক মতবাদ।


8. What are the two types of referential theory?

নিৰ্দেশাত্মক তত্ত্বৰ প্ৰকাৰ দুটা কি কি?

উত্তৰঃ নিৰ্দেশাত্মক তত্ত্বৰ প্ৰকাৰ দুটা হল- সৰল নিৰ্দেশাত্মক তত্ত্ব আৰু জটিল নিৰ্দেশাত্মক তত্ত্ব। 


9. What are the three conditions to be fulfilled for meaningful statement in ideational theory?

ধাৰণাগত অৰ্থতত্ত্ব অনুসৰি অৰ্থপূৰ্ণ উক্তিৰ বাবে কোন তিনিটা চৰ্ত পূৰণ কৰিব লাগে?

উত্তৰঃ ধাৰণাগত অৰ্থতত্ত্ব অনুসৰি অৰ্থপূৰ্ণ উক্তিৰ বাবে তিনিটা চৰ্ত পূৰণ কৰিব লাগে, সেইকেইটা হল-

i) ধাৰণাটো বক্তাৰ মনত উপস্থিত থাকিব লাগিব।

ii) বক্তা শব্দটো বা উক্তিটো প্ৰয়োগ কৰি এইটো জনাব বিচাৰে যে তেওঁৰ মনতো সেই ধাৰণা আছে।

 iii) বক্তাৰ শব্দ প্ৰয়োগৰ ফলত শ্ৰোতাৰ মনতো একে ধাৰণাৰ উদ্ভৱ হয়।


10. Name the book in which Wittgenstein presented his picture theory of meaning.

অৰ্থৰ প্ৰতিবিম্ববাদক উপস্থাপন কৰা উইটগেনষ্টাইনৰ গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ 'Tractatus Logico- philosophicus'।


11. Who is the propounder of use theory of meaning?

অৰ্থৰ প্ৰয়োগ তত্ত্বৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ লুডউগ উইটগেনষ্টাইন (Ludwig Wittgenstein)।



ৰচনাধৰ্মী প্ৰশ্নঃ


1. Explain and examine the ideational theory of meaning.

অৰ্থ সম্পৰ্কীয় ধাৰণাগত বা ভাবনামূলক তত্ত্বটো ব্য়াখ্য়া আৰু পৰীক্ষা কৰা।

উত্তৰঃ অৰ্থৰ ধাৰণাগত মতবাদৰ মূল প্ৰৱক্তা হল বৃটিছ দাৰ্শনিক জন ল'ক। তেওঁৰ 'An Essay Concerning Human Understanding' গ্ৰন্থত ল'কে অৰ্থৰ ধাৰণাগত তত্ত্বৰ উল্লেখ কৰিছে। সাম্প্ৰতিক কালত নোয়াম চমস্কি আৰু অন্য়ান্য় ভাষা দাৰ্শনিক ৰচনাত ধাৰণাগত মতবাদৰ সন্ধান পোৱা যায়। মধ্য়যুগত ধাৰণাগত মতবাদৰ উল্লেখ পোৱা যায় জন বুৰিডানৰ 'Summulae de dialectia' গ্ৰন্থত। তেওঁ এই গ্ৰন্থত কৈছে যে, বক্তাৰ কথা কোৱাৰ দক্ষতা দিয়া হৈছে এই কাৰণে যাতে শ্ৰোতাৰ ওচৰত বক্তাৰ ধাৰণা বা প্ৰত্য়য়ক অৰ্থপূৰ্ণ কৰিব পৰা যায়। কিন্তু ধাৰণাগত মতবাদৰ প্ৰথম সন্ধান আমি পাওঁ এৰিষ্টটলৰ 'On Interpretation' গ্ৰন্থখনত।

                অৰ্থৰ ধাৰণাত্মক তত্ত্বই প্ৰকৃততে মন সাপেক্ষিক বিশ্লষণ যাক বিষয়ীগত বা আত্মিকভাবেহে উপলব্ধি কৰি অৰ্থ আহৰণ কৰিব পাৰি।আত্মিকভাৱে কোনো ভাষাৰ অৰ্থ উপলব্ধি কৰিবলৈ হলে জ্ঞাতাই প্ৰথমতে ভাষাৰ অৰ্থ অনুধাৱন কৰিব লাগিব। ল'কৰ এই ধাৰণাতত্ত্বত তিনিটা মূল উপাদান আছে সেইকেইটা হল- মন(Mind), ধাৰণা বা প্ৰত্য়য়(Idea), আৰু  বিষয়বস্তু(Object) । ল'কৰ মতে কোনো ব্য়ক্তিয়ে ধাৰণা লৈ জন্ম গ্ৰহণ নকৰে। জন্মৰ সময়ত ব্য়ক্তিৰ মন সম্পূৰ্ণ উকা হৈ থাকে বা সম্পূৰ্ণ এখন বগা ফলক হৈ থাকে যাক ল'কে 'Tabula Rasa' বুলি কৈছে। ব্য়ক্তিয়ে লাহে লাহে বাহ্য়িক জগতৰ পৰা সামাজিক, পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰা সংবেদনৰ দ্বাৰা অভিজ্ঞতাৰ ধাৰণাসমূহ আহৰণ কৰে আৰু সেই ধাৰণাবোৰেই জ্ঞান হিচাপে প্ৰকাশ পায়। কিন্তু ব্য়ক্তিয়ে সেই ধাৰণাসমূহ কেতিয়াবা সৰল ৰূপত আৰু কেতিয়াবা জটিল ৰূপত আহৰণ কৰে। ল'কে কৈছিল যে ধাৰণাবোৰ সদায় বস্তুৰ মৌলিক গুণৰ লগত সাদৃশ্য়গতভাৱে সহমত প্ৰকাশ কৰে। ধাৰণাবোৰ প্ৰকৃততে বস্তুৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ পিছত এই ধাৰণাবোৰে জ্ঞাতাৰ মনত এটা প্ৰতিমূৰ্তি অংকন কৰে যিয়ে পৰৱৰ্তী সময়ত বিষয়টো সম্পৰ্কে অভিজ্ঞতাৰ সৃষ্টি কৰে।

                    ধাৰণা দুই প্ৰকাৰৰ, সৰল ধাৰণা আৰু জটিল ধাৰণা। অৰ্থৰ ধাৰণাত্মক তত্বৰ লগত সৰল ধাৰণাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সকলো ধৰণৰ সৰল ধাৰণা উপস্থাপন হয় সংবেদন আৰু অনুধাৱনৰ দ্বাৰা যেনে আমটো মিঠা বা আমটো টেঙা। ভাষাৰ অৰ্থ অনুধাৱন কৰিবলৈ প্ৰাথমিক অৱস্থাত সৰল ধাৰণা বোৰ গ্ৰহণ কৰা হয়। এই সৰল ধাৰণাবোৰেই প্ৰথম পৰ্যায়ত সকলো অৰ্থপূৰ্ণ জ্ঞানৰ বাহক। সৰল ধাৰণাবোৰে প্ৰাৰ্থমিকভাৱে একক অৰ্থ বহন কৰে আৰু কেতবোৰ বিষয়ৰ ওপৰত গৃহিত সৰল অৰ্থবোৰে একত্ৰীত হৈ, এটা জটিল ধাৰণা সৃষ্টি কৰে, যেনে সৌন্দৰ্য, সোৱাদ ইত্য়াদি। আনহাহে অৰ্থৰ ধাৰণাতত্ত্বৰ ক্ষেত্ৰত বস্তুৰ বা বিষয়ৰ লগত এক সম্পৰ্ক অনুষ্ঠিত হয় যাৰ দ্বাৰা সেই বস্তু বা বিষয়বোৰক জানিব পাৰি। কাৰণ ল'কৰ মতে বস্তু অবিহনে গুণৰ অস্তিত্ব নাই আৰু গুণসমূহক নজনাকৈ বা গুণৰ অৰ্থ উপলব্ধি নকৰাকৈ বস্তুসমূহক জানিব নোৱাৰি। গুণবোৰৰ অৰ্থ প্ৰকাশ কৰিবলৈ পৰস্পৰ সম্পৰ্কযুক্ত ধাৰণাবোৰৰ মাজত এক সম্পৰ্ক অনিবাৰ্য হৈ পৰে যেনে, পিতা-পুত্ৰৰ সম্পৰ্ক, কাৰ্য কৰণৰ সম্পৰ্ক, পূব-পশ্চিমৰ সম্পৰ্ক ইত্য়াদি। গতিকে পৰস্পৰ সম্পৰ্কযুক্ত ধাৰণাবোৰৰ দ্বাৰা জ্ঞাতাই এক নিশ্চিত অৰ্থবহনকাৰী বিষয়ৰ প্ৰতি সচেতন হৈ পৰে যি হয়তো তাৎক্ষণিকভাৱে প্ৰত্য়ক্ষ জ্ঞানৰ অস্তিত্ববান নহ'বও পাৰে।


2. Explain the referential theory of meaning.

অৰ্থ সম্পৰ্কীয় নিৰ্দেশাত্মক বা প্ৰসংগমূলক তত্ত্বটো ব্য়াখ্য়া কৰা।

উত্তৰঃ ভাষাৰ অৰ্থ সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ দাৰ্শনিক তত্ত্ব হল নিৰ্দেশাত্মক বা প্ৰসংগমূলক অৰ্থতত্ত্ব। এই তত্ত্ব অনুসৰি এটি নিৰ্দিষ্ট শব্দৰ অৰ্থ নিৰ্ভৰ কৰে বাস্তুৱজগতত কোনো নিৰ্দিষ্ট বস্তুক নিৰ্দেশ কৰাৰ ক্ষমতাৰ ওপৰত। কোনো উক্তি বা শব্দ অৰ্থপূৰ্ণ হবলৈ হলে ই নিশ্চিতভাৱে কিবা এটা বস্তু বা বিষয়ক নিৰ্দেশ কৰিব লাগিব। যি শব্দই কোনো বস্তুক নিৰ্দেশ কৰিব নোৱাৰে তাৰ কোনো অৰ্থই নাই। উইলিয়াম পি. আলষ্টনে অৰ্থৰ নিৰ্দেশাত্মক তত্ত্বৰ ব্য়াখ্য়াত কৈছে য, অৰ্থৰ নিৰ্দেশাত্মক তত্ত্বতো দাৰ্শনিকৰ ওচৰত অধিক আকৰ্ষণীয় পৰিছে।অৰ্থৰ নিৰ্দেশাত্মক তত্ত্বৰ মূল কথা হৈছে 'শব্দই যাক নিৰ্দেশ কৰে সিয়ে তাৰ অৰ্থ'। গতিকে ভাষাগত উক্তিৰ তেতিয়াই অৰ্থপূৰ্ণ হব যেতিয়া সেই উক্তিটো কোনো বস্তুৰ পৰিৱৰ্তে ব্য়ৱহৃত হয়। অৰ্থাৎ উক্তি এটাৰ অৰ্থ সেইটোৱে যাক সি নিৰ্দেশ কৰে। নিৰ্দেশাত্মক মতবাদত শব্দ বা শব্দসমষ্টিক প্ৰতীক হিচাপে গ্ৰহণ কৰা হয় আৰু এইটো স্বীকাৰ কৰা হয় যে শব্দবোৰ বা উক্তিসমূহ জগতৰ কোনো বস্তুক নিৰ্দশ কৰে বা প্ৰতীনিধিত্ব কৰে। গতিকে শব্দাৰ্থৰ মাজত কোনো গোপনীয়তা নাই, কোনো ৰহস্য়ময়তা নাই; শব্দ বা উক্তিয়ে যি নিৰ্দেশ কৰে সিয়ে তাৰ অৰ্থ।

        নিৰ্দেশাত্মক তত্ত্বটো সমৰ্থন কৰিছে বিশ্লষণী দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেল। এই মতবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ উইটগেনষ্টাইনৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল। এটা সময়ত ৰাছেলে উইটগেনষ্টাইনৰ নিৰ্দেশাত্মক তত্ত্বক প্ৰচাৰ কৰিছিল। ৰাছেলে তেওঁ 'Principles of Mathematics' নামৰ গ্ৰন্থত নিৰ্দেশাত্মক তত্ত্বক এইদৰে উপস্থাপন কৰিছে- 'সহজভাৱে কবলৈ গলে শব্দবোৰৰ অৰ্থ হল সেইবোৰ চিহ্ন বা প্ৰতীক যি শব্দবোৰৰ পৰিৱৰ্তে অন্য় কিবা নিৰ্দেশ কৰে।' কোনো শব্দ বা উক্তি কিবা জাগতিক বস্তুক নিৰ্দেশ কৰে। শব্দৰ অৰ্থই নিৰ্দেশ কৰা বস্তুবোৰ জাগতিক বস্তু, কোনো গুণস্বভৱ, কোনো সম্বন্ধ অথবা কোনো পাৰিপাৰ্শ্বিক অৱস্থা ইত্য়াদি বিভিন্ন হব পাৰে। শব্দই যাক নিৰ্দেশ কৰে ই সকলো সময়তে ফিডো কুকুৰৰ দৰে বিশেষ মূৰ্ত প্ৰত্য়ক্ষগ্ৰাহ্য় বস্তু নহবও পাৰে। শব্দ নিৰ্দেশিত বস্তুবোৰ কোনো জাতিবাচক বিশেষ্য়, যেনে- মানুহ, কুকুৰ ইত্য়াদি; কোনো গুণধৰ্ম; সম্বন্ধ,  যেনে- শব্দ আৰু নিৰ্দেশত বস্তুৰ সম্বন্ধ; পৰিস্থিতি, যেনে- বিশৃংখলা, অৰাজকতা ইত্য়াদি হব পাৰে।

                        উইলিয়াম পি. আলষ্টন অৰ্থৰ নিৰ্দেশাত্মক মতবাদৰ দুটা ৰূপৰ কথা উল্লেখ কৰিছে। এটা অধিক জটিল আৰু আনটো হল সৰল ৰূপ। ইয়াক আমি সৰল নিৰ্দেশাত্মক মতবাদ আৰু জটিল নিৰ্দেশাত্মক মতবাদ বুলিও অভিহিত কৰিব পাৰি। দুয়োটা ৰূপৰ মতেই এটা উক্তিৰ অৰ্থ হল উক্তিটোৰ পৰিৱৰ্তে অন্য় কিবাক নিৰ্দেশ কৰা । কিন্তু দুটাৰ মাজত পাৰ্থক্য় আছে নিৰ্দেশনাৰ বিভিন্ন পৰিস্থিতিগত অৰ্থ। সৰল নিৰ্দেশাত্মক মতবাদ অনুসৰি এটা উক্তি যাক নিৰ্দেশ কৰে সেইটোৱে তাৰ অৰ্থ। উদাহৰণস্বৰূপে, 'প্ৰভাত তৰা এতিয়াও জিলিকি আছে' - ইয়াত 'প্ৰভাত তৰাই' শুক্ৰগ্ৰহক নিৰ্দেশ কৰিছে। গতিকে 'প্ৰভাত তৰা'ৰ অৰ্থ হল শুক্ৰ গ্ৰহ। আনহাতে, জটিল নিৰ্দেশাত্মক মতবাদ অনুসৰি এটা উক্তিৰ অৰ্থ উক্তিটো আৰু তাৰ নিৰ্দেশনাৰ সম্বন্ধৰ লগত অভিন্ন। ইয়াত অৰ্থ মানে হল নিৰ্দেশাত্মক সম্বন্ধ। নিৰ্দেশনাৰ সম্পৰ্কই অৰ্থ নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, 'আমেৰিকাৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আহিছে'- ইয়াত 'ৰাষ্ট্ৰপতি' পদ আৰু ই নিৰ্দেশ কৰা নিৰ্দিষ্ট ব্য়ক্তিজনৰ সম্বন্ধই 'ৰাষ্ট্ৰপতি' শব্দৰ অৰ্থ।


3. Explain the use theory of meaning.

অৰ্থ সম্পৰ্কীয় প্ৰয়োগ বা ব্য়ৱহাৰিক তত্ত্বটো ব্য়াখ্য়া কৰা

উত্তৰঃ অৰ্থ সম্পৰ্কীয় আন এটা গুৰুত্বপূৰ্ণ দাৰ্শনিক মতবাদ হল প্ৰয়োগ বা ব্য়ৱহাৰিক তত্ত্ব বা অৰ্থৰ ব্য়ৱহাৰবাদ। এই মতবাদৰ মুখ্য় প্ৰৱক্তা হল লুডউগ উইটগেনষ্টাই (Ludwig Wittgenstein)। পৰৱৰ্তী কালত অষ্টিন, ডেভিডচন এই মতবাদক সমৰ্থন কৰে। তেওঁলোকৰ মতে, অৰ্থ হল শব্দ বা বাক্য়ৰ প্ৰয়োগ-ক্ৰিয়া। কোনো শব্দৰ প্ৰয়োগেই তাৰ প্ৰকৃত অৰ্থ। উইটগেনষ্টাইনৰ মতে, অধিকাংশ ক্ষেত্ৰত ভাষাত শব্দ এটা কেনেদৰে ব্য়ৱহৃত হয় তাৰ ওপৰত শব্দটোৰ অৰ্থ নিৰ্ভৰ কৰে। শব্দৰ অৰ্থৰ প্ৰয়োগৰ মাজতে নিহিত থাকে, শব্দৰ অৰ্থ আৰু শব্দৰ প্ৰয়োগ অভিন্ন। 

                অৰ্থৰ ব্য়ৱহাৰিক তত্ত্বৰ ক্ষেত্ৰত উইটগেনষ্টাইনে বিশদ বিৱৰণ আগবঢ়াইছে তেওঁৰ 'ভাষাৰ খেল তত্ত্বত'। উইটগেনষ্টাইনে বিশেষভাৱে Philosophical Investigation নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে ভাষা মানুহৰ আচৰণ বিধিৰ লগত যুক্ত আৰু উইটগেনষ্টাইনৰ এই ভাষাৰ খেলৰ প্ৰধান উদ্দেশ্য়ই আছিল যে মানুহৰ মাজত ব্য়ৱহৃত ভাষাৰ সাঁথৰ আৰু দুৰ্বোধ্য়তা দূৰ কৰা। তেওঁ কৈছিল যে ভাষাৰ সমস্য়াই দাৰ্শনিক সমস্য়া আৰু এই সমস্য়া উদ্ভৱ হয় তেতিয়া, যেতিয়া ভাষাৰ যথাৰ্থতা আৰু অৰ্থপূৰ্ণ ব্য়ৱহাৰৰ অভাৱ পৰিলক্ষিত হয়। তেওঁৰ ভাষাত কব পাৰি যে 'To him philosophical problems arise when language goes on holiday''। সেইকাৰণে তেওঁ কৈছে যে, অৰ্থৰ ব্য়ৱহাৰিক দিশত ভাষাৰ কেৱল মাত্ৰ দেশ/ স্থান আৰু কাল/সময়ৰ অৱয়বিক ৰূপৰ লগতহে আলোচনা সম্ভৱ। কোনো দেশহীন বা কালহীন ঘটনা বা অৰ্থৰ বিবেচনা মাত্ৰ প্ৰহেলিকাময় ধাৰণা হিচাপে চিহ্নিত হব।

                'Investigastion'ৰ উইটগেনষ্টাইনৰ মতে, ভাষাৰ যৌক্তিক আকাৰ এটা নহয়, বহুবিধ। ভাষাৰ কোনো একক সাৰসত্তা নাই। ভাষা হল প্ৰয়োগ বা ব্য়ৱহাৰৰ সমষ্টি, ভাষাক আমি বুজি পাওঁ তাৰ ব্য়ৱহাৰৰ মাধ্য়মত। প্ৰয়াগ বা ব্য়ৱহাৰৰ সমষ্টি হিচাপে ভাষাৰ নিজ নিজ যুক্তি বা যৌক্তিক আকাৰ আছে। প্ৰকৃততে ভাষাৰ অৰ্থ নিৰ্ভৰ কৰে তাৰ ব্য়ৱহাৰ বা প্ৰয়োগৰ ওপৰত আৰু ভাষাৰ এই প্ৰয়োগ ঘটে তাৰ বহুবিধ কাৰ্যৰ মাধ্য়মত। ভাষা যিহেতু সকলো মানুহৰ ক্ৰিয়াকৰ্ম আৰু আচৰণৰ লগত জড়িত, সেইকাৰণে আমাৰ প্ৰত্য়াহিক জীৱনত এজনে-আনজনৰ লগত কৰা আচাৰ-আচৰণ, ক্ৰিয়কৰ্ম, পাৰস্পৰিক সম্পৰ্ক ইত্য়াদি বহুবিধ ব্য়ৱহাৰৰ ওপৰত ভাষাৰ অৰ্থ নিৰ্ভৰ কৰে।

          উইটগেনষ্টাইনে অৰ্থৰ চিত্ৰতত্ত্ব পৰিত্য়াগ কৰি ইনভেষ্টিগেছনত অৰ্থৰ প্ৰয়োগ তত্ত্ব প্ৰচাৰ কৰিছে। তেওঁৰ মতে, ভাষাৰ প্ৰয়োগেই হল তাৰ অৰ্থ। যি পৰিস্থিতিত ভাষাৰ প্ৰয়োগ হয় সেই পৰিস্থিতিৰ অনুৰূপ যদি ভাষা হয়, তেনেহলে সিয়ে তাৰ অৰ্থ। পৰিস্থিতি সমাজ সাপেক্ষ; গতিকে ভাষা যি সামাজিক পৰিস্থিতি প্ৰয়োগ কৰা হয়, সেই পৰিস্থিতিৰ অনুৰূপে তাৰ অৰ্থ নিৰ্ধাৰণ হয়। সেইকাৰণে উইটগেনষ্টাইনে কৈছে 'শব্দৰ প্ৰয়োগেই প্ৰকৃতাৰ্থত শব্দৰ অৰ্থ', 'কোনো শব্দৰ অৰ্থ হল ভাষাত সেই শব্দৰ প্ৰয়োগ'।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Answer: Jipika Hazarika




Post ID: DABP001730