পঞ্চম অধ্যায়

                                                    ঈশ্বৰ আৰু জগতৰ সম্বন্ধ


প্ৰশ্নাৱলী

 অতি চমু প্রশ্ন (very short type questions )

 1. What do you mean by Deism? অতিৱৰ্তী ঈশ্বৰবাদ বুলিলে কি বুজা?

 উত্তৰঃ ঈশ্বৰ আৰু জগত সম্বন্ধ সম্পৰ্কীয় যি মতবাদ অনুসৰি ঈশ্বৰ জগতৰ সম্পূৰ্ণৰূপে অতিৱৰ্তী সেই মতবাদকেই অতিৱৰ্তী ঈশ্বৰবাদ বোলা হয়।


2. What is the meaning of Pantheism? Pantheism শব্দৰ অৰ্থ কি?

  উত্তৰঃ Pantheism শব্দৰ অৰ্থ হল-'সকলো ঈশ্বৰ আৰু ঈশ্বৰে সকলো'।


3. Who was the founder of Pantheism? সৰ্বেশ্বৰবাদৰ প্ৰতিষ্ঠাপক কোন?

  উত্তৰঃ স্পিনোজা।


4. Who supports theism? ঈশ্বৰবাদক কোনে সমর্থন কৰিছিল?

  উত্তৰঃ মাৰ্টিনিউ।


5. What is the literal meaning Pantheism? সৰ্বেশ্বৰবাদ আক্ষৰিক অর্থ কি

 উত্তৰঃ সৰ্বেশ্বৰবাদৰ আক্ষৰিক অৰ্থ হল- 'সকলো ঈশ্বৰ আৰু ঈশ্বৰে সকলো'।


6. What is Pantheism? সৰ্বেশ্বৰবাদ কাক বোলে?

  উত্তৰঃ যি মতবাদ অনুসৰি ঈশ্বৰ জগতৰ অন্তৱৰ্তী, জীৱ আৰু জগতৰ মাজতে ঈশ্বৰ বিদ্য়মান তাক সৰ্বেশ্বৰবাদ বোলা হয়।


7. What is the literal meaning of Panentheism? 

সৰ্বেৰ্ধৰেশ্বৰবাদৰ আক্ষৰিক অর্থ কি?

  উত্তৰঃ সৰ্বেধৰেশ্বৰবাদৰ আক্ষৰিক অৰ্থ হল- 'ঈশ্বৰ সকলোৰে ভিতৰত আছে'।


8. Name one supporter of theism. ঈশ্বৰবাদৰ এগৰাকী সমর্থকৰ নাম লিখা

  উত্তৰঃ মাৰ্টিনিউ।


10. What is theism? ঈশ্বৰবাদ কাক বোলে?

  উত্তৰঃ 

11. Who is the founder of panentheism? সৰ্বেৰ্ধৰেশ্বৰবাদৰ প্ৰৱৰ্তৰ্ক কোন?

  উত্তৰঃ হেগেল।


Broad Questions : ৰচনাধৰ্মী প্রশ্ন :

 1. Explain and examine Theism.

সমালোচনাৰ সৈতে ঈশ্বৰবাদ ব্যাখ্যা আৰু পৰীক্ষা কৰা

  উত্তৰঃ ঈশ্বৰবাদ ঈশ্বৰ আৰু জগতৰ সম্বন্ধ সম্পৰ্কীয় এক মধ্য়ৱৰ্তী মতবাদ। এই মতবাদ অতিৱৰ্তী ঈশ্বৰবাদ আৰু সৰ্বেশ্বৰবাদৰ সমন্বয় সাধন কৰা হৈছে। এই মতবাদ অনুসাৰে ঈশ্বৰ আৰু জগতৰ মাজত অনিবাৰ্য সম্বন্ধ আছে।ঈশ্বৰ আছে, জগতো আছে; ঈশ্বৰ বিহীন জগত অৰ্থহীন। জগত ঈশ্বৰৰ সসীম প্ৰকাশহে। ঈশ্বৰবাদৰ বিৰুদ্ধে অনেক আপত্তি আছে। ঈশ্বৰবাদৰ ত্ৰুটিসমূহ তলত আলোচনা কৰা হল-

প্ৰথমতে, ঈশ্বৰ যদি জীৱৰ সম্পূৰ্ণ অতিৱৰ্তী হয়, তেনেহলে ঈশ্বৰ আৰু জীৱৰ মাজত কোনো আন্তৰিক সম্পৰ্ক গঢ় লৈ নুঠিব। কিন্তু ধৰ্মীয় জীৱন এইদৰে নচলে। ধৰ্মীয় জীৱনত মানুহৰ লগত ঈশ্বৰৰ এক আন্তৰিক সম্পৰ্ক কথা কোৱা হয়। জীৱ আৰু ঈশ্বৰ পৰস্পৰ পৰিপূৰক। জীৱই ঈশ্বৰক ভালপায়, সেৱা কৰে, উপাসনা কৰে; অনুৰূপভাৱে ঈশ্বৰেও জীৱক ভালপায়, মৰম কৰে; সহায়, কৰুণা আদি ঈশ্বৰৰ পৰা লাভ কৰা যায়। কিন্তু ঈশ্বৰ মানুহৰ পৰা সম্পূৰ্ণ অতিৱৰ্তী হলে ধৰ্মীয় জীৱন অৰ্থহীন হৈ পৰিব। গতিকে ঈশ্বৰবাদ মানি লব নোৱাৰি। 

      দ্বিতীয়তে, জীৱ যদি ঈশ্বৰৰ অন্তৱৰ্তী নহয়, তেন্তে ঈশ্বৰ সীমিত হৈ পৰে। ঈশ্বৰ জীৱৰ অতিৱৰ্তী হলে জীৱই এক স্বতন্ত্ৰ সত্তা লাভ কৰিব যি সত্তাই ঈশ্বৰক সীমিত কৰি পেলাব। কিন্তু ঈশ্বৰ হৈছে এক অসীম সত্তা। গতিকে ঈশ্বৰ জীৱৰ অতিৱৰ্তী হলে ঈশ্বৰৰ অসীমতা ক্ষুন্ন হয়।

          তৃতীয়তে, জীৱৰ সম্পূৰ্ণ স্বাধীনতাই এক আৰাজকতাৰ সৃষ্টি কৰিব। জীৱ যদি ঈশ্বৰৰ পৰা সম্পূৰ্ণ স্বাধীন হয়, তেন্তে এটা জীৱৰ লগত আন জীৱৰ, আনকি ঈশ্বৰৰো মতপাৰ্থক্য় হব আৰু স্বাধীন জীৱে কাকে গুৰুত্ব নিদি স্বেচ্ছাচাৰীভাৱে হকে-বিহকে সকলো কাম কৰিব। এনে ক্ষেত্ৰত ঈশ্বৰক আৰু সৰ্বশক্তিমান বুলি ভাবিব নোৱাৰিম।

          শেষত, ঈশ্বৰবাদ অনুসৰি জীৱক ঈশ্বৰে সৃষ্টি কৰে, তাৰ পিছত তাক স্বাধীনতা প্ৰদান কৰে। মানুহৰ স্বাধীনতাৰ ঈশ্বৰৰ পৰাই নিঃসৃত হয়। পিছত সেই নিঃসৃত স্বাধীনতাই ঈশ্বৰক অতিৱৰ্তী কৰি পেলায়। কিন্তু এই মত গ্ৰহণযোগ্য় নহয়।

        গতিকে দেখা যায় যে, ঈশ্বৰবাদ সন্তোষজনক মতবাদ নহয়।


2. Explain critically Deism.

অতিৱৰ্তী ঈশ্বৰবাদৰ সমালোচনাত্মক ব্যাখ্যা আগবঢ়োৱা

  উত্তৰঃ ঈশ্বৰ আৰু জগত সম্বন্ধ সম্পৰ্কীয় যি মতবাদ অনুসৰি ঈশ্বৰ জগতৰ সম্পূৰ্ণৰূপে অতিৱৰ্তী সেই মতবাদকেই অতিৱৰ্তী ঈশ্বৰবাদ বোলা হয়।এই মতবাদ অনুসৰি ঈশ্বৰ জগতৰ সম্পূৰ্ণ অতিৱৰ্তী। অতিৱৰ্তী ঈশ্বৰবাদ অনুসৰি ঈশ্বৰ কেৱল জড়জগতকে সৃষ্টি কৰা নাই, জীৱ-জগতকো সৃষ্টি কৰিছে। জগত সৃষ্টিৰ লগতে ঈশ্বৰ বিভিন্ন জীৱাত্মাৰো সৃষ্টি কৰিছিল আৰু জীৱাত্মাসমূহক ইচ্ছাৰ স্বাধীনতা প্ৰদান কৰি স্বাধীনভাৱে কাম কৰাৰ ক্ষমতা প্ৰদান কৰিছিল।

সমালোচনাঃ অতিৱৰ্তীয় ঈশ্বৰবাদ জগতৰ লগত ঈশ্বৰৰ সম্বন্ধ সম্পৰ্কীয় মতবাদ নহয়। এই মতবাদৰ কিছুমান দোষ আছে সেইবোৰ তলত আলোচনা কৰা হল-

i) এই মতবাদ অনুসৰি ঈশ্বৰ শূণ্য়ৰ পৰা জগতৰ সৃষ্টি কৰিছে। কিন্তু আমি জানো যে, শূন্য়ৰ পৰা কোনো বস্তুৰ সৃষ্টি নহয়। সৎ যদি অসতৰ পৰা উৎপন্ন হয়, তেনেহলে জগতো অসৎ হব।

ii) অতিৱৰ্তী ঈশ্বৰবাদে কয় যে, ঈশ্বৰে জগতত সময়ে সময়ে হস্তক্ষেপ কৰিব পাৰে। কিন্তু এই মত গ্ৰহণ কৰিলে ঈশ্বৰ সসীম যন্ত্ৰীৰ দৰে হব। ঈশ্বৰ জগতৰ দক্ষ শিল্পী হলে এনেকুৱা হস্তক্ষেপৰ প্ৰয়োজন নহলহেঁতেন। কিন্তু ঈশ্বৰ দক্ষহীন শিল্পী বুলি ভাবিলে তেওঁক কেতিয়াও সৰ্বশক্তিমান বুলি কব নোৱাৰিম।

iii) অতিৱৰ্তী ঈশ্বৰবাদে ভাবে যে, জগত সৃষ্টিৰ পূৰ্বে ঈশ্বৰ আত্মসচেতন হিচাপে অস্তিত্বশীল আছিল। কিন্তু আত্মসচেতনতা আত্মা আৰু অনাত্মাৰ মাজৰ পাৰ্থক্য়ৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰ যদি অনন্ত চিন্তাশক্তিসম্পন্ন হয় তেন্তে জগত নাথাকিলে তাৰ চিন্তাৰ বিষয়বস্তু নাথাকে। গতিকে জগত সৃষ্টিৰ আগত ঈশ্বৰ আত্মসচেতনশীল হব নোৱাৰে।

iv) অতিৱৰ্তী ঈশ্বৰবাদ মানিলে ঈশ্বৰক সীমিত কৰা হব। কাৰণ ঈশ্বৰে সসীম জগত সৃষ্টি কৰি তাক স্বতন্ত্ৰ কৰিলে, ঈশ্বৰ জগতৰ বহিৰ্ভূত হৈ পৰি সিও সামিত হৈ পৰিলে।এইদৰে ঈশ্বৰ জগতৰ অতিৱৰ্তী হৈ এক দ্বৈতবাদৰ সৃষ্টি কৰিলে। এই দ্বৈতবাদত এফালে আছে ঈশ্বৰ আৰু আনফালে আছে জগত।

v) সৰ্বশেষত কোৱা যায়, অতিৱৰ্তী ঈশ্বৰবাদ বৈজ্ঞানিক মতবাদৰ বিৰোধী। নৃতাত্ত্বিক, ভূতাত্বিক, সমাজতাত্ত্বিক আদি দৃষ্টি ভংগীৰে বিচাৰ কৰিলে দেখা যায় যে এই জগত হৈছে অভিব্য়ক্তিৰ পৰিণতিহে। এই জগত হঠাত কোনো এদিনে সৃষ্টি হোৱা নাই। জগত হল ক্ৰম-বিৱৰ্তনৰ ফল।

        গতিকে দেখা যায় যে, অতিৱৰ্তী ঈশ্বৰবাদ গ্ৰহণযোগ্য় মতবাদ নহয়।


3. Explain and examine Panentheism. সৰ্বৰ্ধৰেশ্বৰবাদৰ ব্যাখ্যা আৰু বিচাৰ কৰা

উত্তৰঃ সৰ্বধৰেশ্বৰবাদ ঈশ্বৰ আৰু জগতৰ সম্বন্ধ সম্পৰ্কীয় আটাইতকৈ মূল্য়ৱান মতবাদ। এই মতবাদত অতিৱৰ্তী ঈশ্বৰবাদ, সৰ্বেশ্বৰবাদ আৰু ঈশ্বৰবাদৰ সমন্বয় সাধন কৰা হৈছে।অতিৱৰ্তী ঈশ্বৰবাদ অনুসাৰে ঈশ্বৰ জীৱ আৰু জগতৰ সম্পূৰ্ণ অতিৱৰ্তী, সৰ্বেশ্বৰবাদ অনুসাৰে ঈশ্বৰ জীৱ-জগতৰ সম্পূৰ্ণ অন্তৱৰ্তী; আৰু ঈশ্বৰবাদ অনুসৰি ঈশ্বৰ জগতৰ অতিৱৰ্তী আৰু অন্তৱৰ্তী, কিন্তু জীৱৰ ক্ষেত্ৰত কেৱল অতিৱৰ্তী, অন্তৱৰ্তী নহয়।এই তিনিওটা মতবাদৰ পৰা স্বতন্ত্ৰ মত পোষণ কৰি সৰ্বধৰেশ্বৰবাদে কয় যে, ঈশ্বৰ জীৱ-জগতৰ অতিৱৰ্তী আৰু অন্তৱৰ্তী উভয়ে।সৰ্বধৰেশ্বৰবাদত ওপৰোক্ত তিনিওটা মতবাদৰ গুণসমূহ সমন্বিত হৈছে আৰু দোষ-ত্ৰুটিৰ অৱসান হৈছে। সেইকাৰণে দৰ্শনৰ জগতত এই মতবাদ গ্ৰহণযোগ্য় বুলি বিবেচিত হৈছে।

                    'সৰ্বধৰেশ্বৰবাদ'ৰ ইংৰাজী প্ৰতিশব্দ হল 'Panentheism'। এই 'Panentheism' শব্দটো গ্ৰীক 'Pan', 'en', আৰু 'theos' এই তিনিটা শব্দৰ সংমিশ্ৰণত উদ্ভৱ হৈছে।'Pan' শব্দৰ অৰ্থ হৈছে 'সকলো', 'en' শব্দৰ অৰ্থ হল 'ভিতৰত' আৰু 'theos' শব্দৰ অৰ্থ হল 'ঈশ্বৰ'।অৰ্থাৎ 'ঈশ্বৰ সকলোৰে ভিতৰত আছে।' গতিকে জগত আৰু ঈশ্বৰৰ সম্বন্ধ সম্পৰ্কীয় যি মতবাদ অনুসৰি ঈশ্বৰ জীৱ-জগতৰ অতিৱৰ্তী আৰু অন্তৱৰ্তী উভয়েই সেই মতবাদকেই সৰ্বেধৰেশ্বৰবাদ বোলা হয়।এই মতবাদৰ আদৰ্শ প্ৰৱৰ্তক হল জাৰ্মান দাৰ্শনিক হেগেল।                      সৰ্বেশ্বৰবাদ মতে,'সকলো ঈশ্বৰ আৰু ঈশ্বৰে সকলো'। কিন্তু সৰ্বধৰেশ্বৰবাদ অনুসৰি সকলোতে ঈশ্বৰ আছে ঠিকেই, কিন্তু সকলোৱে ঈশ্বৰ নহয়। ঈশ্বৰক জগতৰ অন্তৱৰ্তী বোলাৰ অৰ্থ হল জীৱকুলসহ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ঈশ্বৰৰেই অভিব্য়ক্তি। জগতৰ মাজেদি ঈশ্বৰ নিজকে প্ৰকাশ কৰে।কিন্তু ঈশ্বৰ জগতৰ অতিৱৰ্তীও। ঈশ্বৰ অসীম আৰু অনন্ত। গতিকে তেওঁৰ অনন্ত সম্ভাৱনা এই সীমিত জগতত নিঃশেষ নহয়। সেইকাৰণে কোৱা হয়, সকলোতে ঈশ্বৰ আছে ঠিকেই, কিন্তু জীৱ-জগতৰ সমস্ত ঘটনা-পৰিঘটনা ঈশ্বৰৰ নহয়। ঈশ্বৰ, প্ৰকৃতি আৰু সসীম চেতনা পৰস্পৰ পৰস্পৰৰ লগত যুক্ত।ঈশ্বৰক বাদ দি জীৱ-জগত বাস্তৱ নহয়। আনফালে, জীৱ-জগতক বাদ দি ঈশ্বৰৰ আত্মপ্ৰকাশ নহয়।


4.Write shorts notes on pantheism. সৰ্বেশ্বৰবাদৰ চমুটোকা লিখা

উত্তৰঃ সৰ্বেশ্বৰবাদ ঈশ্বৰ লগত জগতৰ সম্বন্ধ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ মতবাদ। যি মতবাদ অনুসৰি ঈশ্বৰ জগতৰ অন্তৱৰ্তী, জীৱ আৰু জগতৰ মাজতে ঈশ্বৰ বিদ্য়মান তাক সৰ্বেশ্বৰবাদ বোলা হয়। সৰ্বেশ্বৰবাদৰ ইংৰাজী প্ৰতিশব্দ হল 'Pantheism'। এই 'Pantheism' শব্দটো 'Pan' আৰু 'theos' এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। 'Pan' শব্দৰ অৰ্থ হৈছে 'সকলো' আৰু 'theos' শব্দৰ অৰ্থ হৈছে 'ঈশ্বৰ'। গতিকে 'Pantheism' শব্দৰ আক্ষৰিক অৰ্থ হল 'সকলো ঈশ্বৰ আৰু ঈশ্বৰে সকলো'।সৰ্বেশ্বৰবাদ অতিৱৰ্তী ঈশ্বৰবাদৰ বিপৰীত মতবাদ।ভাৰতীয় ব্ৰহ্মবাদ, এলিয়াটিক সত্তাবাদ, ষ্টয়িক দৰ্শন আৰু ব্ৰুণৰ দৰ্শনত এই মতবাদৰ সমৰ্থন লক্ষ্য় কৰা যায়। আধুনিক বুদ্ধিবাদী দাৰ্শনিক স্পিনোজা সৰ্বেশ্বৰবাদৰ প্ৰধান প্ৰৱৰ্তক।

        সৰ্বেশ্বৰবাদ মতে, ঈশ্বৰ জগতৰ অন্তৱৰ্তী। ঈশ্বৰেই জগত আৰু জগতেই ঈশ্বৰ। ঈশ্বৰবিহীন জগতৰ কথা কল্পনা কৰিব নোৱাৰি। ঈশ্বৰেই একমাত্ৰ দ্ৰব্য়।শংকৰাচাৰ্য অদ্বৈত বেদান্ত দৰ্শনেও সৰ্বেশ্বৰবাদক সমৰ্থন কৰে। এই দৰ্শনৰ মতে, একমাত্ৰ ব্ৰহ্ম সত্য়, জগত মিথ্য়া; জীৱ ব্ৰহ্ম ভিন্ন আন কিবা নহয়।জগতৰ কেৱল ব্য়ৱহাৰিক সত্য়তা আছে, পাৰমাৰ্থিকভাৱে জগত মিথ্য়া।প্ৰাচীন ভাৰতৰ উপনিষদীয় দৰ্শনতো সৰ্বেশ্বৰবাদৰ বীজ লক্ষ্য় কৰা যায়।

সমালোচনাঃ সৰ্বেশ্বৰবাদৰ কিছুমান ত্ৰুটি পৰিলক্ষিত হয়। সেইবোৰ তলত আলোচনা কৰা হল-

i) স্পিনোজাৰ মতে, দ্ৰব্য়= ঈশ্বৰ= প্ৰকৃতি। হিউমে স্পিনোজাৰ দ্ৰব্য়, ঈশ্বৰ আৰু প্ৰকৃতিৰ সমীকৰণৰ বিষয়টোক অতি কুৎসিত প্ৰকল্প বুলি অভিহিত কৰিছে। ঈশ্বৰ যদি প্ৰকৃতিৰ লগত অভিন্ন হয়, তেনেহলে স্পিনোজাৰ মতবাদ জড়বাদৰ লগত অভিন্ন।

ii) সৰ্বেশ্বৰবাদ অনুসৰি ঈশ্বৰ এক আৰু অদ্বিতীয় সত্তা। কিন্তু আন এবাৰ কৈছে যে, ঈশ্বৰ আৰু জগত অভিন্ন। অনন্ত সত্তা ৰূপী ঈশ্বৰ কেতিয়াও জগতৰ লগত অভিন্ন হব নোৱাৰে। আকৌ, যদি জগত আৰু ঈশ্বৰ অভিন্ন হয় তেন্তে ঈশ্বৰ কেতিয়াও অনন্ত সত্তা হব নোৱাৰে।

iii) স্পিনোজাৰ মতে, ঈশ্বৰ হল দ্ৰব্য়। দ্ৰব্য় এটাই আৰু এই এক দ্ৰব্য় হৈছে ঈশ্বৰ। গতিকে স্পিনোজাৰ মতবাদ এক অদ্বৈতবাদী মতবাদ যত 'বহুত্ব' সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হয়। কিন্তু 'বহুত্ব' অস্বীকাৰ কৰি 'এক'ৰ ব্য়াখ্য়া দিয়া সন্তোষজনক নহয়। এই এক সত্তাৰ পৰা  কেনেকৈ বিভিন্ন আৰু বিচিত্ৰ জাগতিক বস্তুবোৰৰ উৎপত্তি  হল তাৰ সন্তোষজনক ব্য়াখ্য়া স্পিনোজাই দিব পৰা নাই। গতিকে স্পিনোজাৰ বহুবৰ্জিত একৰ ধাৰণা এক শুন্য়গৰ্ভ ধাৰণা।

iv) সৰ্বেশ্বৰবাদে একত্বক স্বীকাৰ কৰিছে আৰু বহুত্বক অস্বীকাৰ কৰিছে। কিন্তু বহুত্বৰ অবিহনে একত্ব মায়া বা অৱভাসত পৰিণত হয়। একত্বৰ অবিহনে বহুত্ব আৰু বহুত্বৰ অবিহনে একত্বৰ কোনো অৰ্থ নাথাকে। বহুত্বক অস্বীকাৰ কৰাৰ বাবে সৰ্বেশ্বৰবাদ শূণ্য়গৰ্ভ অদ্বৈতবাদত পৰিণত হৈছে।


5. What is Pantheism? Explain crtically pantheism? 

সৰ্বেশ্বৰবাদ কাক বোলেসমালোচনাৰ সৈতে সৰ্বেশ্বৰবাদ ব্যাখ্যা

উত্তৰঃ 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)