সমাজ আৰু সামাজিক বৈশিষ্ট্য়

Chapter 6

অনুশীলনী

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ 

১। (ক) তাবাকাৎ-ই-নাচিৰীৰ লেখক কোন ?

    উত্তৰঃ মিন্হাজউদ্দিন ছিৰাজ।  

    (খ) কোনবোৰ  পথেৰে মংগোলীয় সকলে কামৰূপত প্ৰৱেশ কৰিছিল ?

    উত্তৰঃ পাটকাই পৰ্বতৰ গিৰিপথেদি মংগোলীয় সকলে কামৰূপত প্ৰৱেশ কৰিছিল। 

    (গ) পাইক প্ৰথা কোনে প্ৰৰ্ৱতন কৰিছিল ?

    উত্তৰঃ মোমাই তামুলী বৰবৰুৱা। 

    (ঘ) পাইকৰ ভাগ দুটা কি কি ?

    উত্তৰঃ পাইকৰ দুটা ভাগ হ'ল কাঁড়ী আৰু চমুৱা। 

২। উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত হোৱা জন প্ৰব্ৰজনৰ এক সম্য়ক ধাৰণা লিখা।

উত্তৰঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অতি আধুনিক সংস্কৃতিৰ সমাজৰপৰা আৰম্ভ কৰি প্ৰাচীন জনজাতীয় সংস্কৃতিৰ সমাজলৈকে সকলো শ্ৰেণীৰ লোক বসবাস কৰি আছে। সেই বাবে গোটেই উত্তৰ-পূৰ্বাঞ্চলটো এটা নৃ-তাত্ত্বিক যাদুুঘৰ বুলি কোৱা হয়। ভৌগোলিকভাৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলটোৱেই এক গুৰুত্বপূৰ্ণ জন-প্ৰব্ৰজনৰ পথত অৱস্থিত। গতিকে দক্ষিণ-পূৱ এছিয়া, দক্ষিণৰ সাগৰীয় ঠাইসমূহ আৰু ভাৰতৰ অন্য়ান্য় ঠাইপৰা যুগে যুগে ইয়ালৈ জন-প্ৰব্ৰজন হৈ আহিছে। পণ্ডিতসকলে অনুমান কৰিছিল যে তিনি বা চাৰিটামান প্ৰৱেশ পথেদি এনে জন-প্ৰব্ৰজন সম্ভৱ হৈছিল। মিন্হাজউদ্দিন ছিৰাজৰ 'তাবাকৎ-ই-নাছিৰী নামৰ গ্ৰন্থখনৰ লেখক আছিল। সেই গ্ৰন্থখনত কামৰূপ, দৰং, গোৱালপাৰা, আৰু বংগৰ লগত তিব্বত আৰু দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহ যোগাযোগ কৰিব পৰাকৈ ৩৫ টা গিৰিপথ আছিল। পাটকাই পৰ্বতৰ গিৰিপথেদি উত্তৰ-পূৰ্বাঞ্চলৰ লগত ব্ৰহ্মদেশৰ মিল আছিল। সেই গিৰিপথবিলাকেদি মংগোলীয় জনগোষ্ঠীৰ তিব্বত- বৰ্মী লোকসকলৰ প্ৰব্ৰজন হৈছিল।

    অসম-ব্ৰহ্ম আৰু মণিপুৰ ৰাজ্য়ৰ সীমান্তৰে জন-সংশ্লেষণ আৰু জন-প্ৰব্ৰজন হৈ থকা দেখা যায়। অসম-অৰুণাচলৰ ভিতৰত থকা চিংফৌ জনজাতিসকল। তেওঁলোকে ভাৰত আৰু ম্য়ানমাৰৰ সীমান্তৰ দুয়োফালে বসবাস কৰি আছে। দ্বিতীয়টো পথ আছিল ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্য়কাৰ। সেই দুয়োখন নদীৰ জলৰাশিয়ে যুগ যুগ ধৰি ভাৰতৰ অন্য়ান্য় ঠাই লগত উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ আছে। তৃতীয় পথটো হ'ল সাগৰীয় পথ। দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহ দক্ষিণ ভাৰত আৰু সাগৰীয় স্থলভাগৰ পৰা বহু লোক বংগোপসাগৰেদি আহি এই অঞ্চলত প্ৰৱেশ কৰিছিল। 

৩। জাতি গঠন প্ৰক্ৰিয়াত মংগোলীয়সকলৰ অৱদান সম্পৰ্কে এক টোকা প্ৰস্তুত কৰা।

উত্তৰঃ জাতি গঠন প্ৰক্ৰিয়াত মংগোলীয়সকলৰ অৱদান সম্পৰ্কে তলত উল্লেখ কৰা হ'ল

    প্ৰাচীন কালৰে পৰা ভূ-খণ্ডত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰি আহিছিল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আধুনিক সংস্কৃতিৰ সমাজৰ পৰা সকলো প্ৰাচীন জনজাতীয় সংস্কৃতিৰ সমাজলৈকে এই সকলো শ্ৰেণী লোক বসবাস কৰি আছে। 

    উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ-ভৈয়ামৰ অধিক সংখ্য়ক লোকেই আছিল মংগোলীয় গোষ্ঠীৰ ইন্দো-চীন ফৈদৰ তিব্বত বৰ্মী শাখাৰ লোক। এই লোকসকলৰ পূৰ্বৰ বাসস্থান আছিল উত্তৰ-পশ্চিম চীনৰ হোৱাংহো উপত্য়কা আৰু ইয়াংচিকিয়াং নদীৰ উজনি অঞ্চলত। ২০০০ বছৰৰ আগৰপৰাই বিভিন্ন দল বান্ধি তেওঁলোকে এই অঞ্চলত বাস কৰিছিল। কিছুমান ব্য়ক্তিয়ে অসমৰ পূব আৰু পূব-দক্ষিণৰ পাৰ্বত্য় পথেদি অসমৰ পাহাৰীয়া অঞ্চলত প্ৰৱেশ কৰিছিল। উত্তৰফালে ব্ৰহ্মপুত্ৰ, মেকং, চালুইন, ইৰাৱতী আৰু ধৰলা নদীয়েদি তেওঁলোকে শাখাৰ প্ৰব্ৰজন কৰিছিল। মংগোলীয় গোষ্ঠীৰ লোকসকলে অসমৰ বৰ্তমান কাষৰীয়া পাৰ্বত্য় এলেকা আৰু ব্ৰহ্মপুত্ৰ উপত্য়কাৰ অধিকাংশ ঠাই ভৰি পৰিছিল। সেই বোৰ  কোচ, কছাৰী, মটক, বৰাহী, মিচিং, হাজং, ৰাভা, মেচ, মৰাণ, তিৱা আদি এইবোৰ লোক আছিল। 

    খ্ৰীঃ এয়োদশ শতিকাৰ প্ৰথম ভাগত প্ৰব্ৰজন কৰা অসমৰ আহোম লোকসকল ইন্দু-চীনসকলৰে বংশধৰ আছিল। খামজাং, ফাকিয়াল, খামতি আৰু আইতনীয়া লোকসকল মংগোলীয় গোষ্ঠীৰ লোক আছিল। মংগোলীয়সকলক  দুটা ভাগত ভাগ কৰা হৈছে। সেই ভাগ কেইটা হ'ল (ক) উত্তৰ অসম ভাগ আৰু (খ) অসমব্ৰহ্ম ভাগ। উত্তৰ অসম ভাগৰ লোকসকল আছিল অৰুনাচল প্ৰদেশ, নিচি, মিচিং, আপাতনি আৰু মিচিমি। আনহাতে অসমব্ৰহ্ম ভাগৰ লোকসকল আছিল চেমা, ৰেংমা, লোথা, আও বড়ো আৰু আংগামি

৪। কামৰূপলৈ ভাৰতীয় সংস্কৃতিৰ আগমনে কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা।

উত্তৰঃ কামৰূপলৈ ভাৰতীয় সংস্কৃতিৰ আগমন কি ধৰণে পৰিৱৰ্তন আনিছিল তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল  

    ভাৰতত সংস্কৃত ক্ৰমাগত প্ৰসাৰণৰ লগে লগে ৰাজ্য় গঠন প্ৰক্ৰিয়া এটা ক্ষিপ্ৰগতিত আগ বাঢ়ি গৈছিল আৰু তাৰ পিছতে তেওঁলোকৰ অতি ক্ষুদ্ৰ দুই-এক লোকে ব্ৰহ্মপুত্ৰ উপত্য়কাত ভুমুকি মাৰিছিল। ৰাজ্য় গঠন প্ৰক্ৰিয়াত তেওঁলোকৰ সমৰ্থন আৰু সাহায্য়ৰ অৰ্থে এইসকল লোক তেতিয়া আমন্ত্ৰিত হৈ আছিল। সেই লোকসকলৰ জৰিয়তেই মংগোলীয় ৰজাসকল হিন্দু ধৰ্মৰ ফালে আকৃষ্ট হৈছিল। সমাজত সেই সময়ৰ পৰা জনজাতীয় নিয়ম-নীতিৰ মাজত সংস্কৃত নিয়ম-নীতিৰ আৰম্ভ হৈছিল। অসমৰ বিভিন্ন জাতি লোকসকল হিন্দু কৰণৰ ফলত সৃষ্টি হোৱা লোক আছিল জনজাতীয় গোষ্ঠীৰ লোক। 

    প্ৰাচীন প্ৰাগ্জ্য়োতিষ-কামৰূপৰ ৰজাসকলে মাটি-বৃত্তি দান দি আৰ্য ব্ৰহ্মণসকলৰ বহুতকে ৰাজ্য়খনত প্ৰতিষ্ঠা কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্য়কাত আৰ্যভাষী সৃষ্টি হৈছিল। 

৫। পাইক ব্য়ৱস্থা কি ? মধ্য়যুগৰ কৃষিভিত্তিক সমাজ ব্য়ৱস্থাত এই সংগঠনৰ আৱশ্য়কীয়তা কেনে আছিল লিখা

উত্তৰঃ পাইক পথাই আহোম ৰাজ্য়ত শ্ৰম যোগানৰ ব্য়ৱস্থা কৰিছিল। ১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত সকলো কৰ্মঠ মুনিহ প্ৰজাকে পাইক বুলি কোৱা হয়।

    মধ্য়যুগৰ কৃষিভিত্তিক সমাজ ব্য়ৱস্থাত পাইক সংগঠনৰ আৱশ্য়কীয়তা আছিল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ প্ৰব্ৰজন কৰা আহোমসকলে এক কৃষিভিত্তিক সমাজৰ সংস্কৃতি বহন কৰি আহিছিল। উন্নত কৃষি প্ৰণালীৰ লগত আহোমসকলে প্ৰথমৰ পৰা এই বিস্তীৰ্ণ সাৰুৱা অঞ্চলত স্থায়ী ভাৱে খেতিৰ ব্য়ৱস্থা কৰিছিল। কৃষিৰ বাবে যিবোৰ শাৰীৰিক শ্ৰমৰ আৱশ্য়ক হৈছিল তেওঁলোকৰ সেইখিনি জনশক্তি নাছিল। সাময়িকভাৱে গঠন কৰিবলগীয়া সামৰিক শক্তিৰ প্ৰয়োজনতো পাইক প্ৰথাৰ সৃষ্টি হৈছিল।  টকা-পইচাৰ বহুলভাৱে প্ৰচলন নথকা অৱস্থাত এহাতে বেতন দি নিয়মিত ভাৱে সেনাবাহিনী ৰাখিব পৰা নাছিল। তেওঁলোকে বেতনৰ পৰিৱৰ্তে মাটি আৰু মঞ্জুৰি দিয়া লগতে কাম কৰিবলৈ মানুহ দিব লাগিছিল। 

    পাইক পথাৰ মাধ্য়মেৰে জনজাতীয় সমাজ ব্য়ৱস্থাৰ পৰিবৰ্তন হৈ আহোমৰ সামন্তীয় প্ৰথাৰ লগত মিলি গৈছিল। সেই কাৰণে ব্য়ক্তিগত সম্পত্তিৰ বিকাশ ঘটিছিল। এনেদৰে 'খেল' প্ৰথাৰ সৃষ্টি কৰি পাইক সংগঠন কৰিছিল। ১৬০৯ খ্ৰীঃত প্ৰথমে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। সেই প্ৰথাৰ ১৬ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত সকলো কৰ্মঠ মুনিহ প্ৰজাকে পাইক বুলি কোৱা হয়। মুদ্ৰা অৰ্থনীতি নথকা সময়ত মাটি আৰু উৎপাদন কৰিবলৈ নিয়োজিত কৰা মানুহবোৰে এজন ব্য়ক্তি সম্পত্তি আছিল। পাইকসকলক কিছুমান নীতিৰ মাধ্য়মেদি সংগঠন কৰি কামত লগোৱা হৈছিল। পাইকসকলে নিজাববীয়াকৈ দুপুৰা মাটিত খাজনা নভৰাকৈ খেতি কৰা সুবিধা পাইছিল। ইয়াৰ উপৰিও এজন পাইকে দেশৰ বাবে ৩ বা ৪ মাহ কাম কৰি দিছিল। পাইক প্ৰথাত পাইকসকলে মাটিৰ মালিকীস্বত্ব নাপাইছিল। ৰজাই মন কৰিলে তেওঁলোকক এঠাই পৰা আন বেলেগ ঠাইলৈ উঠাই নিব পাৰিছিল। 

    এজন প্ৰাইকে যিমান বোৰ খেতি মাটি পাইছিল সেইবোৰ তেওঁ ব্য়ক্তিগত নামত মঞ্জুৰ কৰা নাছিল, সেইবোৰ খেলৰ নামত কৰা হৈছিল। খেলৰ সদস্য় হিচাপে পাইকজনে দুপুৰা মাটিত খেতি কৰা অধিকাৰ পাইছিল। খেতি কৰি উঠা পিছত সেই মাটি বোৰ খেলক দিব লগা হৈছিল। 


Author By- Chayanika Das


 


Post ID: DABP001661