উদ্ভিদৰ পৰিপুষ্টি
A. জ্ঞানভিত্তিক প্ৰশ্ন (Knowledge based questions) :
১। জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয়?
উত্তৰঃ শৰীৰৰ বৃদ্ধি আৰু পৰিচালনাৰ বাবে আৱশ্যকীয় শক্তিৰ পাবৰ বাবে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন।
২। কেৱল সেউজীয়া উদ্ভিদেহে খাদ্য প্ৰস্তুত কৰিব পাৰে কিয়?
উত্তৰঃ কেৱল সেউজীয়া উদ্ভিদেহে খাদ্য প্ৰস্তুত কৰিব পাৰে। কাৰণ পাতত সেউজীয়া ৰঞ্জক কণিকা পত্ৰহৰিৎ আছে। এই পত্ৰহৰিতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা শক্তি আহৰণ কৰাত সহায় কৰে আৰু এই শক্তি উদ্ভিদজোপাই কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰাত ব্যৱহৃত হয়।
৩। পুনৰাৱৰ্তন (Recycling) প্ৰক্ৰিয়াত ভেঁকুৰ বা বেক্টেৰিয়াৰ কিবা অৱদান আছে নেকি?
উত্তৰঃ পুনৰাৱৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ বা বেক্টেৰিয়াৰ বিশেষ অৱদান আছে। ভেঁকুৰে তাৰ দেহৰ পৰা পাচক ৰস নিঃসৰণ কৰে আৰপু এই ৰসে দ্ৰব্যসমূহ সৰল দ্ৰৱণলৈ ৰূপান্তৰ কৰে। তাৰ পাছত কোষবেৰৰ সহায়ত নিজৰ দেহলৈ শোষণ কৰি লয়। জীৱই মৃত বা গেলি-পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰে। এই পেলনীয়া বস্তুৰোৰ মাটিৰ লগত মিহলি হোৱাত সহায় কৰে।
৪। পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে?
উত্তৰঃ পতংগ ভোজী উদ্ভিদসমূহ সেউজীয়া ৰঙৰ হয়। সেই বাবে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদজোপাই কাৰ্বহাইড্ৰেট প্রস্তুত কৰিব পাৰে৷ নাইট্ৰ'জেন জাতীয় খাদ্য আহৰণৰ বাবে এই উদ্ভিদবোৰ পতংগভোজী হয় বা পতংগ ভক্ষণ কৰে। যেনে- কলচী উদ্ভিদ।
৫। ভেঁকুৰৰ পৰিপুষ্টি বেলেগ ধৰণৰ হয় কিয়?
উত্তৰঃ ভেঁকুৰসমূহ সাধাৰণতে মৃত অথবা গেলি-পচি যোৱা বস্তুৰ ওপৰত গজে। ভেঁকুৰে তাৰ দেহৰ পৰা পাচক ৰস নিঃসৰণ কৰে আৰু এই ৰসে দ্ৰব্যসমূহ সৰল দ্ৰৱণলৈ ৰূপান্তৰ কৰে। তাৰ পাছত কোষবেৰৰ সহায়ত নিজৰ দেহলৈ শোষণ কৰি লয়। জীৱই মৃত অথবা গেলি -পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰাকে মৃতজীৱীয় পৰিপুষ্টি বোলে। ভেঁকুৰ সমূহে এই মৃতজীৱী পৰিপুষ্টি ব্যৱহাৰ কৰে। সেইবাবে ইহঁতৰ পৰিপুষ্টি বেলেগ ধৰণৰ।
B. চমু উত্তৰৰ প্ৰশ্নঃ
১। স্বপোষী উদ্ভিদ মানে কি বুজায়?
উত্তৰঃ যিবোৰ জীৱই সৰল দ্ৰব্যৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে তেনে ধৰণৰ জীৱক স্বপোষী উদ্ভিদ বোলে।
২। কোষবোৰ কি?
উত্তৰঃ কোষবোৰ এটা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, ইয়াক কোষবেৰ বোলা হয়। প্ৰায় সকলোবোৰ কোষৰ কেন্দ্ৰত গোলাকাৰ এটা গঠন দেখিবলৈ পোৱা যায়। এই গঠনক কোষকেন্দ্ৰ বোলে। কোষকেন্দ্ৰক আৱৰি থকা জেলিসদৃশ পদাৰ্থখিনিক কোষপ্ৰৰস বোলে। এই সৰু সৰু একেকৰে গঠিত জীৱক কোষ বোলে।
৩। ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৰ (Spores) ভূমিকা সম্বন্ধে লিখা।
উত্তৰঃ ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৰ ভূমিকা আছে। সাধাৰণতে ভেঁকুৰে প্ৰজননৰ দ্বাৰা বহুতো ৰেণু উৎপন্ন কৰে। এই ৰেণুবোৰ বতাহত ওপঙি থাকে। যেতিয়া সিহঁতে আৰ্দ্ৰ আৰু গৰম বস্তুৰ সংস্পৰ্শলৈ আহে তেতিয়া সিহঁত অংকুৰিত হৈ বৃদ্ধি হয়।
৪। লাইকেন কাক বোলে?
উত্তৰঃ লাইকেন হৈছে ভেঁকুৰ আৰু পত্ৰহৰিৎ থকা শেলাইৰ সহজীৱিতা। ভেকুৰে শেলাইক আশ্ৰয়, পানী আৰু খনিজ লৱণ যোগান ধৰে আৰু ইয়াৰ পৰিৱৰ্তে শেলাইয়ে সালোক সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য ভেঁকুৰক যোগান ধৰে।
C. দীঘল উত্তৰৰ প্ৰশ্ন ঃ
১। পাৰ্থক্য লিখা ঃ পৰজীৱী আৰু মৃতজীৱী।
উত্তৰঃ পৰজীৱী ঃ ১) যিবোৰ জীৱই উদ্ভিদজোপা বা প্ৰাণীটোৰ দেহৰ পৰা খাদ্য শোষণ কৰি জীয়াই থাকে তাক পৰজীৱী বোলে।
২) পৰজীৱী জীৱ যেনে- অমৰলতা উদ্ভিদ।
মৃতজীৱী ঃ ১) যিসমূহ উদ্ভিদে মৃতজীৱী পৰপুষ্টি ব্যৱহাৰ কৰে সেইবোৰক মৃতজীৱী বোলে।
২) মৃতজীৱী জীৱ যেনে- ভেঁকুৰ, বেক্টেৰিয়া আদি।
২। পাতত স্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?
উত্তৰঃ দুটা টাবত একেধৰণৰ উদ্ভিদৰ দুটা পুলি ৰুই ৭২ ঘণ্টাৰ ইয়াৰে এজোপা আন্ধাৰত আৰু আনজোপা সূৰ্যৰ পোহৰত ৰখা হ'ল। ৭২ ঘণ্টাৰ পিছত দুইজোপা উদ্ভিদৰ পৰা দুটা পাত আনি তাত দুটোপালমান আয়'ডিন পেলাই দিয়া হ'ল। দুয়োটা পাত পৰীক্ষা কৰাত বেলেগ বেলেগ ধৰণৰ হ'ব। এনেকৈয়ে পৰীক্ষা কৰিম।
৩। সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা দিয়া।
উত্তৰঃ পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্ৰহৰিৎ বোলা হয়। এইবোৰে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে। এই শক্তি উদ্ভিদজোপাই কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰাত ব্য়ৱহৃত হয়। এনেদৰে সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হোৱা বাবে তাক সালোক সংশ্লেষণ বোলে।
৪। চিত্ৰৰ সহায়ত দেখুওৱা উদ্ভিদবোৰ খাদ্য়ৰ মূল উৎস।
উত্তৰঃ
উত্তৰঃ সাধাৰণতে প্ৰায় সকলোবোৰ উদ্ভিদকে প্ৰ'টিন প্রস্তুত কৰিবলৈ নাইট্ৰ'জেনৰ আৱশ্যক হয়। শস্য চপোৱাৰ পিছত মাটিত নাইট্ৰ'জেনৰ অভাৱ হয়। বায়ুত যথেষ্ট পৰিমাণৰ নাইট্ৰ'জেন থাকে যদিও উদ্ভিদে কার্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰাৰ দৰে নাইট্ৰ'জেন গেছক বায়ুৰ পৰা শোষণ কৰিব নোৱাৰে। উদ্ভিদৰ বাবে দ্রবণীয় অৱস্থাত থকা নাইট্ৰ'জেনৰহে আৱশ্যক। ৰাইজ'বিয়াম নামৰ এবিধ বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ট 'জেন শোষণ কৰিব পাৰে আৰু দ্ৰৱণীয় অৱস্থালৈ ৰূপান্তৰ কৰিব পাৰে। ই মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু সেই উদ্ভিদবোৰক নাইট্ৰ'জেনৰ যোগান ধৰে। খেতিয়কে যিডৰা মাটিত মাহজাতীয় শস্য বা উদ্ভিদ ৰোপণ কৰে তাত নাইট্ৰ'জেন জাতীয় সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয়। এইদৰে, মাটিৰ উৰ্বৰতা বা অত্যাৱশ্যকীয় মৌলবোৰ পুনঃপূৰণ কৰা হয়।
D. উত্তৰ লিখা ঃ
১। কোষক আৱৰি থকা আৱৰণখনৰ নাম লিখা।
উত্তৰঃ কোষক আৱৰি থকা আৱৰণখনৰ নাম কোষবেৰ।
২। এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলিকা সদৃশ হয়।
উত্তৰঃ অমৰলতা।
৩। এবিধ উদ্ভিদৰ নাম লিখা যিয়ে স্বপোষী, পৰপোষী বা উভয় ধৰণেৰে পৰিপুষ্টি গ্ৰহণ কৰে।
উত্তৰঃ ৰঘুমলা।
৪।পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।
উত্তৰঃ পত্ৰৰন্ধ্ৰ।
৫। সূৰ্যৰ পোহৰত উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটোৰ নাম লিখা।
উত্তৰঃ সালোক সংশ্লেষণ।
E. 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা ঃ
'ক' অংশ | 'খ' অংশ |
---|---|
(১) পত্ৰহৰিৎ | (a) বেক্টেৰিয়া |
(২) নাইট্ৰ'জেন | (b) পৰপোষী জীৱ |
(৩)অমৰ লতা | (c) কলচী উদ্ভিদ |
(৪) প্ৰাণী | (d) পাত |
(৫) মৃতজীৱী | (e) পৰজীৱী |
(৬) পোক-পতংগ | (f) ভেঁকুৰ |
উত্তৰঃ
'ক' অংশ 'খ'অংশ
(১) পত্ৰহৰিৎ----------(d) পাত
(২) নাইট্ট'জেন-------(a) বেক্টেৰিয়া
(৩) অমৰলতা-------(e) পৰজীৱী
(৪) প্রাণী---------------(b) পৰপোষী জীৱ
(৫) মৃতজীবী--------- (f)ভেঁকুৰ
(৬) পোক পতংগ-----(c) কলচী উদ্ভিদ
F. খালী ঠাই পূৰ কৰা ঃ
(ক) সেউজীয়া উদ্ভিদক __________বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।
উত্তৰঃ স্বপোষী উদ্ভিদ।
(খ) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ____________হিচাপে সঞ্চিত হৈ থাকে।
উত্তৰঃ গ্লুক'জ।
(গ) সালোক সংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক _____________বোলা হয়।
উত্তৰঃ পত্ৰহৰিৎ।
(ঘ) সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে________লয় আৰু_________এৰি দিয়ে।
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে।
(ঙ) লাইকেনৰ দেহৰ গঠন ________আৰু__________দ্বাৰা গঠিত।
উত্তৰঃভেঁকুৰ
(চ) __________এবিধ সম্পূৰ্ণ পৰজীৱী উদ্ভিদৰ উদাহৰণ।
উত্তৰঃ অমৰ লতা।
(ছ) ___________এবিধ আংশিক পৰজীৱী।
উত্তৰঃ প্ৰাণী।
(জ) কলচী উদ্ভিদৰ কলহটো___________ৰ ৰূপান্তৰ।
উত্তৰঃ ঠাৰি।
G. শুদ্ধ-অশুদ্ধ লিখা ঃ
(ক) যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক পৰপোষী বোলা হয়।
উত্তৰঃ অশুদ্ধ।
(খ) সালোক সংশ্লেষণত প্ৰ'টিনজাতীয় খাদ্য প্ৰস্তুত হয়।
উত্তৰঃ অশুদ্ধ।
(গ) সালোক সংশ্লেষণৰ সময়ত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয়।
উত্তৰঃ শুদ্ধ।
(ঘ) খেতি চপোৱাৰ পাছত মাটিডৰাত নাইট্ৰ'জেনৰ পৰিমাণ বাঢ়ে।
উত্তৰঃ শুদ্ধ।
(ঙ) অমৰলতা এবিধ স্বপোষী উদ্ভিদ।
উত্তৰঃ অশুদ্ধ।
H. নিমিলা শব্দটো কাৰণ দৰ্শাই বাহিৰ কৰা ঃ
(ক) শেলাই, সেউজীয়া উদ্ভিদ, স্বপোষী, পৰপোষী।
উত্তৰঃ পৰপোষী। কাৰণ-শেলাই সেউজীয়া উদ্ভিদ অৰ্থাৎ ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। গতিকে ইহঁত স্বপোষী। এইকেইটাৰ সৈতে পৰপোষীৰ সম্বন্ধ নাই।
(খ) মৃতজীৱী, ভেঁকুৰ, বেক্টেৰিয়া, স্বপোষী।
উত্তৰঃ স্বপোষী। কাৰণ- ভেঁকুৰ আৰু বেক্টেৰিয়া মৃতজীৱী। গতিকে স্বপোষীৰ ইহঁতৰ সৈতে কোনো সম্পৰ্ক নাই।
(গ) কাৰ্ব'হাইড্ৰেট, কাৰ্বন, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰ'জেন।
উত্তৰঃ নাইট্ৰ'জেন। কাৰণ কাৰ্বহাইড্ৰেট, কাৰ্বন, হাইড্ৰ'জেন আৰু অক্সিজেনেৰে গঠিত। গতিকে ইহঁতৰ লগত নাইট্ৰ'জেনৰ সম্বন্ধ নাই।
(ঘ) সালোক সংশ্লেষণ, পাত, পত্ৰৰন্ধ্ৰ, নাইট্ৰ'জেন।
উত্তৰঃ নাইট্ৰ'জেন। কাৰণ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত পাত আৰু পত্ৰৰন্ধ্ৰৰহে সম্বন্ধ আছে। এই প্ৰক্ৰিয়াত নাইট্ৰ'জেন ব্যৱহৃত নহয়। গতিকে নাইট্ৰ'জেনৰ ইহঁতৰ লগত সম্বন্ধ নাই।
(ঙ) জবাফুল, আমগছ, গোলাপ গছ, কলচী উদ্ভিদ।
উত্তৰঃ কলচী উদ্ভিদ। কাৰণ জবাফুল, আমগছ আৰু গোলাপ গছ সাধাৰণ গছ। অৰ্থাৎ ইহঁতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। সেইবাবে ইহঁত স্বপোষী উদ্ভিদ। কিন্তু কলচী উদ্ভিদৰ পাত যদিও সেউজীয়া সিহতে নিজৰ দেহত থকা কলচী কেইটাৰ সহায়ত পোক-পতংগহে ভক্ষণ কৰে। গতিকে কলচী উদ্ভিদ ইহঁতৰ লগত সম্পৰ্ক নাই।
I. শুদ্ধ উত্তৰত চিন দিয়া ঃ
১। অমৰলতা-
(i) স্বপোষী (ii) পৰজীৱী
(iii) মৃতজীৱী (iv) পোষকৰ উদাহৰণ
উত্তৰঃ (ii)পৰজীৱী।
২। এবিধ উদ্ভিদ যি পোক-পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে-
(i) অমৰলতা (ii) ৰঘুমলা
(iii) কলচী উদ্ভিদ (iv) গোলাপ
উত্তৰঃ (iii)কলচী উদ্ভিদ।
৩। যাৰদ্বাৰা পাতে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে
(i) চুলি শিপা (ii)পত্ৰৰন্ধ্ৰ
(iii) পাতৰ সিৰা (iv) পত্ৰহৰিৎ
উত্তৰঃ (ii)পত্ৰৰন্ধ্ৰ।
৪।ভেঁকুৰ গজিব পৰা ঠাই-
(i) কেৱল আচাৰত (ii) গেলা-পচা অথবা মৃত বস্তুত
(iii) কাপোৰ বা চামৰাৰ সামগ্ৰীত (iv) ওপৰত উল্লেখ কৰা সকলোতে।
উত্তৰঃ (iv)ওপৰত উল্লেখ কৰা সকলোতে।
Answer by- Punya Hazarika
Check by - Mukesh Borah