অধ্যায় 7

প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes )

অনুশীলনী 7 (B)


1. এটা যিকোনো ত্ৰিভুজ PQR আঁকা । ইয়াৰ আটাইকেইটা বাহু আৰু আটাইকেইটা কোণৰ নাম লিখা ।


2. কাষৰ চিত্ৰত LMN এটা ত্ৰিভুজ ।

i) <Mৰ বিপৰীত বাহুটো কি ?

ii) <Nৰ বিপৰীত বাহুটো কি ?


iii) <Lৰ বিপৰীত বাহুটো কি ?

iv) LMৰ বিপৰীত কোণটো কি ?

v) MNৰ বিপৰীত কোণটা কি ?

(vi) NLৰ বিপৰীত কোণটা কি ?


3. i) ত্ৰিভুজৰ মধ্যমা কাক বোলে ?

ii)  ত্ৰিভুজৰ উন্নতি কাক বোলে ?


4. কাক বোলে লিখা ।

i) বিষমবাহু ত্ৰিভুজ

ii) সমদ্বিবাহু ত্ৰিভুজ

iii) সমবাহু ত্ৰিভুজ

iv) সূক্ষ্মকোণী ত্ৰিভুজ

v)সমকোণী ত্ৰিভুজ

vi) স্থূলকোণী ত্ৰিভুজ


5. এটা যিকোনো ত্ৰিভুজ  আঁকি সত্যাপন কৰি দেখুওৱা যে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180॰।


6.  এটা যিকোনো ত্ৰিভুজ আঁকি সত্যাপন কৰি দেখুওৱা যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ ।


7. এটা যিকোনো সমদ্বিবাহু ত্ৰিভুজ আঁকা । সত্যাপন কৰি দেখুওৱা যে সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান ।


8. এটা যিকোনো স্থূলকোণী ত্ৰিভুজ আঁকা । সত্যাপন কৰি দেখুওৱা যে স্থূলকোণটোৰ বাহিৰে বাকী দুটা কোণ সূক্ষ্মকোণ ।


9. এটা যিকোনো সমকোণী ত্ৰিভুজ আঁকা। সত্যাপন কৰি দেখুওৱা যে সমকোণটোৰ বাহিৰে বাকী দুটা কোণ সূক্ষ্মকোণ ।


10. তলৰ কোণবোৰ এটা ত্ৰিভুজৰ কোণ হ'ব পাৰে নে নোৱাৰে পৰীক্ষা কৰা ।

i) 70॰, 50॰, 70॰

ii) 62॰, 48॰, 70॰

iii) 130॰, 25॰, 25॰

iv) 90॰, 60॰, 40॰


11. তলৰ প্ৰতিটো প্ৰশ্নত তিনিটাকৈ বাহুৰ দীঘ দিয়া আছে । বাহুবোৰে এটা ত্ৰিভুজ গঠন কৰিব পাৰে নে নোৱাৰে পৰীক্ষা কৰা ।

i) 7 ছেমি., 8 ছেমি., 10 ছেমি.

ii) 5 মি., 4 মি., 9 মি.

iii) 17 ছেমি., 15 ছেমি., 30 ছেমি.

iv) 10 ছেমি., 15 ছেমি., 27 ছেমি.


12. ABC সমদ্বিবাহু ত্ৰিভুজৰ AB = AC ।

i) <A = 80॰ হ'লে <B আৰু <Cৰ মাপ উলিওৱা ।

ii) <B = 35॰ হ'লে বাকী দুটা কোণৰ মাপ উলিওৱা ।


13. PQR সমকোণী ত্ৰিভুজৰ <Q সমকোণ । <R = 48॰ হ'লে <Pৰ মাপ উলিওৱা ।


14. এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ 130॰ আৰু 25॰ । তৃতীয়টো কোণৰ মাপ উলিওৱা ।


15. শুদ্ধ নে অশুদ্ধ লিখা ।

a) এটা ত্ৰিভুজৰ দুটা সমকোণ থাকিব নোৱাৰে ।

b) এটা ত্ৰিভুজৰ এটাতকৈ বেছি স্থূলকোণ থাকিব পাৰে । 

c) বিষমবাহু ত্ৰিভুজ এটা সমকোণী হ'ব নোৱাৰে ।

d) সকলো সমকোণী ত্ৰিভুজেই বিষমবাহু ।

e) সূক্ষ্মকোণী ত্ৰিভুজ এটা সমবাহু হ'ব পাৰে ।

f) স্থূলকোণী ত্ৰিভুজ এটা সমবাহু হব পাৰে ।

g) সমকোণী ত্ৰিভুজ এটা কেতিয়াও সমবাহু হব নোৱাৰে ।

h) বিষমবাহু ত্ৰিভুজবোৰ সদায় স্থূলকোণী ।



Question Type By- Himadree Bora





Post ID: DABP001721