দ্বিতীয় অধ্যায়ঃ

 জাতীয়তাবাদ ১৯১৯ চনলৈ জাতীয়তাবাদৰ ধাৰা

 

অতি চমু প্ৰশ্ন

১। ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি ।

উত্তৰঃ  ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম হল বেংগল গেজেট ।


২। ভাৰতলৈ প্ৰথম ৰেল কোনে আনিছিল ।

উত্তৰঃ  ভাৰতলৈ প্ৰথম ৰেল আনিছিল লৰ্ড ডেলহাউচিয়ে ।

 

৩। ভাৰতত প্ৰথমে ৰেল চলাচলৰ শুভাৰম্ভ কৰ পৰা কৰা হৈছিল ।

উত্তৰঃ  ১৮৫৩ চনৰ ১৬ এপ্ৰিলত প্ৰথমে বোম্বাইৰ পৰা থানেলৈ ৰেল চলাচলৰ শুভাৰম্ভ কৰা হৈছিল ।

 

৪। লৰ্ড লিটনে আই.চি.এছ পৰীক্ষাৰ্থীৰ বয়স কিমান বছৰ কৰিছিল ।

উত্তৰঃ  লৰ্ড লিচনে আই.চি.এছ পৰীক্ষাৰ্থীৰ বয়স ১৯ বছৰ কৰিছিল ।

 

৫। আনন্দ মঠ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।

উত্তৰঃ  আনন্দ মঠ গ্ৰন্থখন বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল ।

 

৬। দীননাথ মিত্ৰই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  দীননাথ মিত্ৰই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল নীল দৰ্পন ।

 

 ৭। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল ।

 উত্তৰঃ  বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল ।

 

 ৮। ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন কৰা হৈছিল ।

 উত্তৰঃ  ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত গঠন কৰা হৈছিল ।

 

 ৯। মাদ্ৰাজ মহাজন সভা কোনে প্ৰতিষ্ঠা কৰিছিল ।

 উত্তৰঃ  মাদ্ৰাজ মহাজন সভা ৰাণাদে প্ৰতিষ্ঠা কৰিছিল ।

 

১০। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে গঠন কৰা সংগঠনটোৰ নাম কি ।

 উত্তৰঃ  সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে গঠন কৰা সংগঠনটোৰ নাম হল  ইণ্ডিয়ান এছচিয়েচন ।

 

 চমু প্ৰশ্ন

 ১। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক বুলি কাক কোৱা হয় ।

 উত্তৰঃ  এলেন অক্টোভিয়ান হিউমক ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক বুলি কোৱা হয় ।

 

 ২। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কত আৰম্ভ হৈছিল ।

 উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বোম্বেত আৰম্ভ হৈছিল ।

 

 ৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ।

 উত্তৰঃ  ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ।

 

 ৪। দুজন নৰমপন্থী নেতাৰ নাম লিখা ।

 উত্তৰঃ  দুজন নৰমপন্থী নেতাৰ নাম হল  উমেশ চন্দ্ৰ বেনাৰ্জী আৰু দাদাভাই নৌৰজী ।

 

 ৫। দুজন চৰমপন্থী নেতাৰ নাম লিখা ।

 উত্তৰঃ  দুজন চৰমপন্থী নেতাৰ নাম হল বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল ।

 

 ৬। বংগ বিভাজন কেতিয়া হৈছিল ।

 উত্তৰঃ  বংগ বিভাজন হৈছিল ১৯০৫ চনৰ ১৬ এপ্ৰিল তাৰিখে ।

 

 ৭। বংগ বিভাজন কোনজন ভাইচৰয়ৰ দিনত হৈছিল ।

 উত্তৰঃ  বংগ বিভাজন লৰ্ড কাৰ্জনৰ দিনত হৈছিল ।

 

 ৮। লাল বাল পাল মানে কাক বুজা যায় ।

 উত্তৰঃ  লাল বাল পাল মানে হল

 লাল- লালা লাজপত ৰায়

 বাল ঃ বাল গংগাধৰ তিলক

 পাল ঃ বিপিন চন্দ্ৰ পাল

 

 ৯। স্বদেশী আন্দোলনৰ কাৰ্যসূচী তিনিটা কি আছিল ।

 উত্তৰঃ স্বদেশী আন্দোলনৰ কাৰ্যসূচী তিনিটা হল

ক) বিদেশী সামগ্ৰী বৰ্জন ।

খ) স্বদেশী সামগ্ৰী গ্ৰহণ ।

গ) জাতীয় শিক্ষা আচনি ।

 

 ১০। বিপ্লৱী আন্দোলনৰ কেন্দ্ৰস্থলখনৰ নাম কি ।

 উত্তৰঃ  বিপ্লৱী আন্দোলনৰ কেন্দ্ৰস্থলখনৰ নাম হল বংগদেশ ।

 

চমুটোকা লিখা ।

১। চৰমপন্থী

উত্তৰঃ উনবিংশ শতিকাৰ শেষৰভাগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এৰেবাৰে ভিতৰত চৰমপন্থী নেতাসকলৰ উত্থান হয় । কংগ্ৰেছৰ এই নেতা যিসকল আছিল তেওঁলোকে এই আৱেদন-পত্ৰ বিষয়টো কোনোপধ্যে মানি লব পৰা নাছিল । তেওঁলোকে স্বাধীনতাৰ কাৰণে উগ্ৰ-জাতীয়তাবাদক বিশ্বাস কৰিছিল । । চৰমপন্থী নেতাসকলৰ ভিতৰত আছিল লালা লাজপত ৰায়বাল গংগাধৰ তিলকবিপিন চন্দ্ৰ পালঅৰবিন্দ ঘোষ আদি । চৰমপন্থী নেতাসকলৰ মাজৰ এচামে সন্দ্ৰাসবাদত বিশ্বাস কৰিছিল আৰু ইংৰাজসকলক ভাৰতবৰ্ষৰ পৰা খেদি পঠাবলৈ বিচাৰিছিল । ১৯০৫ চনৰ পৰা ১৯১৯ চনৰ এই যি সময় আছিল সেই সময়ছোৱাক কংগ্ৰেছৰ দ্বিতীয় পৰ্যায় আৰু চৰমপন্থীসকলৰ যুগ বুলি কোৱা হয় ।

 

 ২। ইলবাৰ্ট বিল বিতৰ্ক

 উত্তৰঃ   ভাৰতত জাতীয়তাবাদ জাগ্ৰিত হোৱাত সহায় কৰাৰ এটা কাৰণ হল ইলবাৰ্ট বিল বিৰ্তক । ১৮৭৩ চনত ইংৰাজৰ চৰকাৰে ঘোষণা কৰিছিল যে ভাৰতৰ যি সমূহ বিচাৰক আছিল তেওঁলোকে ইউৰোপীয় কোনো লোককে বিচাৰ কৰিব নোৱাৰিব । ইউৰোপীয় লোকৰ বিচাৰ ব্যৱস্থা ইউৰোপীয় বিচাৰকেহে কৰিব পাৰিব । যেতিয়া ১৮৮৩ চনত লৰ্ড ৰিপন ভাইচৰয় হিচাপে গৱৰ্ণৰ জেনেৰেলৰ দায়িত্ব কাৰ্যকৰী পৰিষদ আইনৰ সদস্য চি.পি. ইলবাৰ্টৰ দ্বাৰা ভাৰতীয় বিচাৰকে ইউৰোপীয় অপৰাধীৰ বিচাৰ কৰাৰ ক্ষমতা দিয়াৰ বাবে এখন বিধায়ক উত্থান কৰে । এই যি বিধায়ক প্ৰস্তুত কৰিছিল তাকে ইলবাৰ্ট বিল বুলি কোৱা হয় । এই বিলখনৰ দ্বাৰা ভাৰতীয় আৰু ইউৰোপীয় বিচাৰকৰ মাজত সমতা স্থাপন কৰিব বিচাৰিছিল । কিন্তু ইউৰোপীয় লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল । ভাইচৰয় লৰ্ড ৰিপনক এই বিলখন উঠাই লবলৈ কৈছিল । শেষত ইউৰোপীয় লোকসকলৰ সায়ত ভাৰতীয় বিচাৰকে ইউৰোপীয় অপৰাধীসকলৰ বিচাৰ কৰাৰ কাৰণে অধিকাৰ দিয়া হয় । এইখন বিলৰ পৰা ভাৰতৰ লোকসকলে বুজি পাইছিল যে তেওঁলোকে ইংৰাজৰ পৰা কোনো ন্যায় আশা কৰিব নোৱাৰে ।

 

 ৩। জাতীয় কংগ্ৰেছৰ উদ্দেশ্য

উত্তৰঃ  ১৮৮৫ খ্ৰীত জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল । এই জাজীয় কংগ্ৰেছৰ অধিৱেশন ১৮৮৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩জ জিচেম্বৰলৈ জতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন চলি আছিল । এই অধিৱেশনত গ্ৰহণ কৰা উদ্দেশ্যসমূহ আছিল ।

১। দেশৰ বিভিন্ন প্ৰান্তৰ জাতীয়তাবাদী কৰ্মীসকলৰ মাজত মিলা-মিছা আৰু বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তোলা ।

২। জাচিধৰ্ম,বৰ্ণপ্ৰদেশ অঞ্চল আদিৰ মাজত থকা বৈষম্যসমূহ আতৰাই দেশত ঐক্য স্থাপন কৰা ।

৩। ভাৰতীয় জনসাধাৰণৰ সমস্যাসমূহ আলোচনা কৰা আৰু ইয়াৰ সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনোৱা ।

৪। আহি থকা দিনৰ কাৰণে কংগ্ৰেছৰ কাৰ্যপদ্ধতি নিৰূপণ কৰা আৰু ৰাজহুৱা স্বাৰ্থৰ কাৰণে জনমত গঢ়ি তোলা ।


৪। নৰমপন্থী

উত্তৰঃ  ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগৰ পৰ্যায়টো আছিল ১৮৮৩ চনৰ পৰা ১৯০৫ চনলৈ বিয়পি পৰিছিল । আৰম্ভণিৰ সময়ছোৱাত জাতীয় কংগ্ৰেছক শিক্ষিতবৌদ্ধিক মধ্যবিত্ত শ্ৰেণীআইনজ্ঞঅভিযন্তা আৰু লগতে বাণিজ্যিক শ্ৰেণী । এই সময়ছোৱাত যি সকল নেতাই কংগ্ৰেছৰ নেতাসকলক নৰমপন্থী বুলি জনা গৈছিল । প্ৰায় কুৰি বছৰ প্ৰভাৱ বিস্তাৰ কৰা কংগ্ৰেছৰ নেতাসকল আছিল উমেশ চন্দ্ৰ বেনাৰ্জীদাদাভাই নৌৰজীসুৰেন্দ্ৰনাথ বেনাৰ্জীফিৰোজ শ্বাহ মেহতাগোপাল কৃষ্ণ গোখলে মদন মোহন মাব্য আদি । নৰমপন্থী নেতাসকলে সংস্কাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰতহে বিশ্বাস কৰিছিল। নৰমপন্থী নেতাসকলে সাংবিধানিক প্ৰক্তিয়াত বিশ্বাস কৰিছিল আৰু আৱেদন পত্ৰৰ জৰিয়তে বৃটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰি আছিল ।  

 

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

। স্বদেশী আন্দোলনৰ বিষয়ে লিখা । 

উত্তৰঃ  শী আন্দোলনৰ গুনতৰিধৰোতা । দেশী আন্দোলন হল স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিল । স্বদেশী আন্দোলন ১৯০৫ চনত  লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজনৰ সময়ত সংঘটিত হৈছিল । গোপাল কৃষ্ণ গোখলে আছিল স্বদেশী আন্দোলনৰ মূল পৃষ্ঠপোষক ।স্বামী দয়ানন্দ সৰস্বতীয়ে স্বদেশী আন্দোলনৰ সময়ত বিদেশী বস্তুবৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ কৰিব  দিছিল । ১৯০৫ চনত বংগ চৰকাৰে বংগ দেশখন ডাঙৰ হোৱাৰ কাৰণে  শাসন কৰিবলৈ অসুবিধা হৈছিল । সেইকাৰণে ১৯০৫ চনত বংগ দেশখন ভাগ কৰিব লগা হৈছিল । লৰ্ড কাৰ্জনৰ নিৰ্দেশত ১৯০৫ চনৰ ১৬ অক্টোৱৰত বংগ বিভাজনৰ কাৰ্যকৰী কৰা হয় । ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখটো সমগ্ৰ দেশখনতে শোক দিৱস হিচাপে পালন কৰা হয় । বংগ বিভাজনৰ দিনা কাৰো ঘৰতে ৰান্ধনিঘৰত জুই লগোৱা নাছিল । বন্দে মাতৰম গীতটো গাই গোটেই আকাশ বতাহ সিচৰতি হৈ গৈছিল । সুৰেন্দ্ৰ নাথ বেনাৰ্জীবাল গংগাধৰ তিলকবিপিন চন্দ্ৰ পাল আনন্দ মোহন বসু লালা লাজপত ৰায় আদি বিখ্যাত নেতাসকলৰ প্ৰচেষ্টাতে অতি কম দিনৰ ভিতৰতে বংগ ভংগ আন্দোলন ভাৰতৰ ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ প্ৰসাৰিত হৈ গৈছিল । স্বদেশী আন্দোলনৰ প্ৰধান কাৰ্যসূচীসমূহ হল

ক) বিদেশী বস্তু বৰ্জন ।

খ) স্বদেশী বস্তু গ্ৰহণ

গ) জাতীয় শিক্ষা ।

ক) বিদেশী বস্তু বৰ্জন    স্বদেশী আন্দোলনৰ যিসমূহ নেতা আছিল তেওঁলোকে বিদেশী সামগ্ৰীসমূহ বৰ্জন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । বিলাতী কাপোৰনিমখচেনি পৰিত্যাগ কৰাইংৰাজী ভাষাত কথা কোৱা আদি ।

 

খ) স্বদেশী বস্তু গ্ৰহণ ঃ স্বদেশী আন্দোলনৰ এটা কাৰ্যসূচী আছিল স্বদেশী বস্তু গ্ৰহণ কৰা । তাৰোপৰি স্বদেশী অনুষ্ঠান স্থাপন কৰা আৰু প্ৰসাৰ কৰাত অতি গুৰুত্ব দিয়া হৈছিল । কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বংগত জাতীয় মহাবিদ্যালয় এখন স্থাপন কৰিছিল । ১৯০৬ চনত জাতীয় শিক্ষা সংসদ প্ৰতিষ্ঠা কৰা হৈছিল । তাৰোপৰি দেশীয় বীমা কোম্পানীৰ বস্ত্ৰ উদ্যোগ জুইশলাৰ কাৰখানা,

 

গ) জাতীয় শিক্ষা ঃ স্বদেশী আন্দোলনৰ এটা শক্তিশালী কাৰ্যসূচী আছিল জাতীয় শিক্ষা । বংগ বিভাজনৰ লগে-লগে জাতীয় নেতাসকলৰ মনত জাতীয় শিক্ষানুস্থান প্ৰতিষ্ঠাৰ চিন্তা আহে । স্বদেশী আন্দোলনৰ কাৰণে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজৰ শিক্ষানুস্থানসমূহ ত্যাগ কৰিছিল । তাৰ ফলত বৃটিছৰ শিক্ষা ব্যৱস্থাৰ বিকল্প হিচাপে জাতীয় শিক্ষানুস্থান খোলা হৈছিল । ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতীয় যুৱক,-যুৱতীক কলাবিজ্ঞানউন্নত প্ৰযুক্তি বিদ্যাশৰীৰ চৰ্চা ইত্যাদি ।

 

 ২। বিপ্লৱীসকলৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ  ভাৰতৰ জাতীয়তাবাদী আন্দোলনত বিপ্লৱীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । ভাৰতবৰ্ষত প্ৰধনকৈ দুটা আন্দোলন সংঘটিত হৈছিল । তাৰ ভিতৰত প্ৰথমটো আছিল বিধিসংগত আন্দোলন আৰু দ্বিতীয়টো হল সাংবিধানিক সংস্কাৰ আন্দোলন । বিপ্লৱীসকলে দেশখনৰ স্বাধীনতাৰ কাৰণে বহুতো আন্দোলন কৰিছিল । এচাম ভাৰতীয় বিপ্লৱীলোকে বৃটিছৰ বিষয়াসকলক হত্যা কৰি চৰকাৰী যন্ত্ৰটোকে শেষ কৰিব বিছাৰিছিল । সেই উদ্দেশ্যই আন এচাম লোকে বোমা আৰু বন্দুক তৈয়াৰ কৰি বা সংগ্ৰহ কৰি বহুতো ইংৰাজ বিষয়াক হত্যা কৰিব পাৰিছিল । এনে সন্ত্ৰাসবাদী কামৰ উত্থান হৈছিল প্ৰথমে মহাৰাষ্ট্ৰত ।

১৮৯৭ খ্ৰীঃত বোম্বাইত দেখা দিছিল প্লেগ বেমাৰে । প্লেগ বেমাৰৰ সময়ত কমিছনাৰ ডব্লিউ.চি. ৰেণ্ড আৰু তেওঁৰ সহযোগী বা সহকৰ্মী এয়াৰনিষ্য়ে প্লেগ দমন কৰাৰ নামত ভাৰতৰ জনসাধাৰণক নানা অত্যাচাৰ কৰিছিল । এই কাৰ্যত অসন্তুষ্ট হৈ দুই ভাতৃ দামোদৰ ছাপেকাৰ আৰু বালকৃষ্ণ ছাপেকাৰে এই দুজন বিষয়াক গুলীয়াই হত্যা কৰে । এই হত্যাকাণ্ডৰ বাবে বাল গংগাধৰ তিলকক ১৮ মাহ কাৰাদণ্ড দিছিল । ইয়াৰ প্ৰতিবাদত ঠায়ে-ঠায়ে বন্ধহৰতালশ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । এনে বৈপ্লৱিক কাৰ্যত সহাৰি জনাই বীৰেন্দ্ৰ কুমাৰ ঘোষ আৰু উপেন্দ্ৰ দত্তই আৰম্ভ কৰা যুগান্তৰ নামৰ বাতৰি কাকতখন লিখিছিল । বংগদেশ আছিল বৈপ্লৱিক আন্দোলনৰ মূল ঘাটি । এনে বিপ্লৱী আন্দোলনক সঠিকভাৱে ৰূপ দিয়াৰ বাবে ভাৰতৰ বিভিন্ন স্থানীয় কিছুমান সংগঠন গঢ় লৈ উঠিছিল । তাৰ ভিতৰত বংগদেশৰ অনুশীলন কমিতি আৰু মহাৰাষ্ট্ৰৰ অভিনৱ ভাৰতৰ অন্য এটা নাম আছিল । সেইদৰে কলিকতাৰ যুগান্তৰ আৰু বি.ডি চাভাৰকাৰে নাভিকাত প্ৰতিষ্ঠা কৰা মিত্ৰমেলাৰ নামটো অতি গুৰুত্বপূৰ্ণ । ভাৰতৰ বাহিৰতো বিপ্লৱীসকলে কিছুমান সংগঠন গঢ়ি তুলিছিল । এই বিপ্লৱীসকলে গঢ়ি তোলা সংগঠনবোৰকে বৈপ্লৱিক সংগঠন বুলি কোৱা হয় । গদৰ মানে হল বিপ্লৱ আৰু বিপ্লৱৰ প্ৰতি জনগনক আকৰ্ষিত কৰাৰ কাৰণে এই দলে একে নামৰে এখন সাপ্তাহিক কাকত ছপা কৰিছিল । এনেদৰে প্ৰবাসী ভাৰতীয়সকলৰ মাজতো বিপ্লৱীসকলৰ ভাৱধাৰা জাগ্ৰিত হৈ গৈছিল । বিপ্লৱীসকলৰ কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰধান তিনিটা কাৰণ আছিল অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰাবৃটিছৰ অত্যাচাৰী বিষয়াক হত্যা কৰা আৰু ৰাজনৈতিক ডকাইতি । বিপ্লৱীসকলে এনেধৰণৰ কাৰ্যসমূহৰ পৰাই ঊাৰতীয় ভাৰতীয় স্বাধীনতা সংগ্ৰামত বিপ্লৱা বা সন্ত্ৰাসবাদৰ কাৰ্যৰ সৃষ্টি হয় । সেইকাৰণে এই সময়খিনিক সন্ত্ৰাসবাদীৰ উত্থানৰ যুগ বুলি কোৱা হয় । সন্ত্ৰাসবাদত বিৰোধী বিপ্লৱীসকলে অত্যাচাৰী বিষয়াসকলক হ্ত্যাৰ কাৰণে প্ৰধান লক্ষ্য হিচাপে লৈছিল । এনেবোৰ কাম কৰিবলৈ যাওঁতে বিপ্লৱী নেতাসকল মাজে-মাজে বিপদতো পৰিছিল । বিপ্লৱীসকলৰ সন্ত্ৰাসমূলক কাৰ্যবোৰ দমন কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কঠোৰ নীতি গ্ৰহণ কৰা দেখা গৈছিল । আৰু বহুতো নেতাক কাৰাদণ্ডয়ো দিয়া হৈছিল । তাৰোপৰি ফৌজদাৰী বিধিৰ সংশোধনী কৰা হৈছিল কোনো -কোনো নেতাক জৰিমনা বিহা হৈছিল । ইয়াৰ উপৰিও নতুন আইন প্ৰণয়ন কৰি অতি কঠোৰভাৱে বিপ্লৱী নেতাসকলক দমন কৰিছিল । বিপ্লৱীসকল তেওঁলোকৰ কামত সফল হব নোৱাৰিছিল । তাৰোপৰি তেওঁলোকৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ ।


ৰচনাধৰ্মী প্ৰশ্ন 

১। ভাৰতৰ জাতীয় জাগৰণৰ কাৰণসমূহ আলোচনা কৰা ।

উত্তৰঃ  জাতীয়তাবাদ হল এটা নতুন ধাৰণা । আধুনিক ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ ঘটনা হল জাতীয়তাবাদৰ বিকাশ । জাতীয়তাবাদৰ আৰম্ভ হোৱা কাৰণসমূহ হল 

ক) বৃটিছ শাসনৰ প্ৰভাৱ ঃ ভাৰতত জাতীয়তাবাদ আৰু জাতীয় সংগ্ৰাম আৰম্ভ হৈছিল আৰম্ভ হৈছিল বৃটিছসকলৰ শাসনকালত । ইংৰাজসকল ভাৰতলৈ অহাৰ আগতে ভাৰতবৰ্ষ বহুটো ভাগত বিভক্ত হৈ আছিল । ইংৰাজসকলে যুদ্ধ আৰু কুটনীতি বিদ্যাৰে ভাৰতৰ বিভিন্ন অঞ্চলসমূহ এজন শাসককৰ্তাৰ অধীনলৈ আনিছিল । এই একত্ৰীকৰণে ভাৰতৰ বহুত ভাগত বিভক্ত লোকসকলক ওচৰলৈ লৈ আনিছিল । ইয়াৰ কাৰণে সাধাৰণ জনতাই ভাৰতীয় লোকসকলৰ মাজত মনৰ মিলন হোৱাৰ লগতে সাংস্কৃতিক আৰু নীতিশিক্ষা আদিৰ পৰাই জাতীয়তাবোধৰ সৃষ্টি হৈছিল ।তাৰোপৰি ইংৰাজসকলৰ শাসনে ভাৰতীয় কৃষক, কাৰিকৰ, শ্ৰমিক, শিক্ষিত পুজিপতি সকলো শ্ৰেণীৰ স্বাৰ্থত আঘাত কৰিছিল । সাধাৰণ অৱস্থাত কৃষকসকলে ৰাপণ কৰা শস্যৰ সৰহসংখ্যক ভূমি ৰাজহ হিচাপে ইংৰাজসকলক দিব লাগিছিল । এনেধৰণৰ অৰ্থনৈতিক শোষণ অত্যাচাৰৰ কাৰণেই ভাৰতীয়সকলে একেলগ হোৱাৰ চিন্তা কৰিছিল । 

খ) ইংৰাজী ভাষাৰ ভূমিকা ঃ ইংৰাজী ভাষাৰ ব্যৱহাৰে ভাৰতীয় জনসাধাৰণৰ মাজত একতা আৰু জাতীয় সচেতন বৃদ্ধি কৰিছিল । বিভিন্ন ভাষা-সংস্কৃতিৰ দেশ ভাৰতত ইংৰাজী ভাষাই বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ স্থাপন কৰিছিল । বিভিন্ন ভাষা-সংস্কৃতিৰ লোকসকলৰ মাজত ইংৰাজী ভাষাই যোগাযোগ আৰু উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰাত সহায় কৰিছিল । 

গ) পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি ঃ বৃটিছে প্ৰৱৰ্তন কৰা উন্নত পৰিবহণ ব্যৱস্থা আৰু যোগাযোগে ভাৰতত জাতীয়তাবোধ সৃষ্টিত সহায় কৰিছিল । এইবোৰ কৰাৰ প্ৰধান কাৰণ আছিল ইংৰাজৰ বাণিজ্য স্বাৰ্থ আৰু অৰ্থনৈতিক শোষণ । ৰেলপথ, পৰিবহণ, টেলিগ্ৰাফ ডাকঘৰ াদিৰ সম্প্ৰসাৰণে উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল । 

ঘ) সামাজিক আৰু ধৰ্মীয় সংস্কাৰ আন্দোলনৰ প্ৰভাৱঃ উনবিংশ শতিকাৰ শেষৰফালে সামাজিক আৰু ধৰ্মীয় সংস্কাৰ আন্দোলনসমূহে ভাৰতবৰ্ষৰ লোকসকলৰ মাজত জাতীয়তাবোধৰ ভাৱ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । এইখিনি সমতয় ব্ৰহ্ম সমাজ, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন আদিৰ ভূমিকা আছিল উল্লেখনীয় । ৰাজা ৰামমোহন ৰায়, ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰ , কেশৱচন্দ্ৰ সেন, দেৱেন্দ্ৰনাথ ঠাকুৰ, দয়ান্ন সৰস্বতী,স্বামী বিবেকানন্দ আদি সংস্কাৰকসকলে প্ৰগতিশীল বা উন্নতিৰ বাবে ভাৰতীয় লোকসকলৰ মাজত জাতীয়তাবাদ সৃষ্টিত উন্মেষণ ঘটাইছিল । 

ঙ) সংবাদ পত্ৰ আৰু সাহিত্যৰ ভূমিকাঃ ভাৰতত জাতীয়তা বোধ বা জাতীয় জাগৰণ সৃষ্টি হোৱাৰ এটা কাৰণ হল দেশীয় সংবাদ পত্ৰ । সংবাদ পত্ৰবোৰে বৃটিছ শাসনৰ দোষ আৰু কুফলসমূহ আঙুলিয়াই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল । উনবংশ শতিকাৰ শেষৰ শতিকাত ৬৫০ খনতকৈ বেছি সংবাদ পত্ৰ আৰু আলোচনী ছপা কৰা হৈছিল . এই কাকতসমূহৰ দ্বাৰা জাতীয়তাবাদী সকলে ইংৰাজৰ নীচ, স্বাৰ্থপৰতা, আৰু ভাৰতীয়সকলৰ প্ৰতি উদাসীনতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তুলিছিল আৰু ইংৰাজসকলৰ বিৰুদ্ধে একগোট হবলৈ সাজু কৰি তুলিছিল । ১৭৮০ চনত বৃটিছ ইষ্ট-ইণ্িয়া কোম্পানীৰ কৰ্মচাৰী জেমচ আগষ্টাছ হিকিয়ে বেংগল গেজেট নামৰ ভাৰতবৰ্ষৰ প্ৰথমখন বাতৰি কাকত ছপা কৰিছিল । ইয়াৰ পিছৰ পৰাই ভাৰতত সংবাদ পত্ৰৰ প্ৰচলন আৰম্ভ হয় ।

চ) ইলবাৰ্ট বিল বিতৰ্কঃ ভাৰতত জাতীয়তাবাদ জাগ্ৰিত হোৱাৰ এটা প্ৰধান কাৰণ হল ইলবাৰ্ট বিল বিতৰ্ক । ১৭৮৩ চনত ইংৰাজৰ চৰকাৰে ঘোষণা কৰিছিল যে ভাৰতীয় বিচাৰকে কোনো ইউৰোপীয় লোকৰ বিচাৰ কৰিব নোৱাৰিব । ইউৰোপীয় লোকৰ বিচাৰ ইউৰোপীয় বিচাৰকেহে কৰিব পাৰিব । কিন্তু সেিখিনি সময়ত ভাইচৰয় লৰ্ড ৰিপনে গৱৰ্ণৰ জেনেৰেলৰ কাৰ্যনিৰ্বাহক পৰিষদৰ আইন সদস্য চি.পি. ইলবাৰ্ট নামৰ এজন বাৰতীয় বিচাৰকে ইউৰোপীয় অপৰাধীৰ বিচাৰ কৰাৰ ক্ষমতা দিয়াৰ বাবে এখন বিধায়ক আইনৰ আৰম্ভ কৰে । এই বিধেয়ক বা আইনখনকে ইলবাৰ্ট বিতৰ্ক বুলি কোৱা হয় । এই আইনৰ দ্বাৰা ভাৰতীয় আৰু ইউৰোপীয় বিচাৰকৰ মাজত সমতা আনিব বিচৰা হৈছিল । লৰ্ড ৰিপনক এই বিলখন বা এই আইনখন উঠাই লবলৈ হেচা প্ৰয়োগ কৰা হৈছিল । 

ছ) বিদেশী ঘটনাৰ প্ৰভাৱঃ ভাৰতৰ জাতীয় জাগৰণৰ সময়ত বিদেশত ঘটা কিছুমান ঘটনাৰ প্ৰভাৱ ভাৰতবৰ্ষতো পৰিছিল আৰুএইটো কাৰকে ভাৰতত জাতীয়তাবোধ সৃষ্টি কৰাত সহায় কৰিছিল । ৰুছ-জাপান যুদ্ধৰ কথা কব পাৰি । ৰুছ-জাপান যুদ্ধ হৈছিল ১৯০৪-১৯০৫ চনত ।এই যুদ্ধত ৰাছিয়াৰ দৰে এখন বিশাল দেশ জাপানৰ দৰে এখন ক্ষুদ্ৰ দেশৰ হাতত পৰাজয় হৈছিল । এই ঘটনাটোৱে ভাৰতীয়সকলক যথেষ্ট সাহস দিছিল । আমেৰিকাৰ স্বাধীনতা যুদ্ধ, ১৭৮৯ চনৰ ফৰাচী বিপ্লৱ, গ্ৰীচৰ স্বাধীনতা আদিয়ে ভাৰতীয়সকলৰ মনত জাতীয়তাবাদৰ ভাৱক জাগ্ৰিত কৰি তুলিছিল । 


২। ভাৰতৰ জাতীয় কংগ্ৰেছৰ পূৰ্বসুৰী সংগঠনসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানটো আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ । ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল ১৮৮৫ চনত । জাতীয় কংগ্ৰেছ গঠন হোৱাৰ বহুত আগতে ভাৰতত কিছুমান জাতীয় সংগঠনে জন্মলাভ কৰিছিল । ভাৰতত জাতীয় সচেতনতা আৰু ৰাজনৈতিক আন্দোলনৰ প্ৰথমগৰাকী পথ-পদৰ্শক আছিল ৰাজা ৰামমোহন ৰায় । ভাৰতক জাতীয় সমস্যা আৰু বিভিন্ন কামৰ পৰা দৃষ্টি আকৰ্ষণ কৰা ব্যক্তিজনৰ নাম হল ৰাজা ৰামমোহন ৰায় ।তেওঁ ভাৰতীয়লোকসকলক নিযুক্তি দিবৰ কাৰণে ইংৰাজ চৰকাৰৰ ওচৰত দাবী জনাইছিল । এএইজন মহান ব্যক্তিৰ প্ৰচেষ্টাতে ১৮৩৬ চনত ভাৰতৰ প্ৰথমটো সংস্থা বাংলা ভাষা প্ৰকাশিকা সভা প্ৰতিষ্ঠা কৰা হৈছিল । 

এই সংস্থাটোৰ উদ্দেশ্য আছিল চৰকাৰৰ প্ৰশাসনিক নীতিৰ বিষয়ে আলোচনা কৰা আৰু ইয়াত সংঘটিত হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰলৈ আৱেদন জনোৱা । ১৮৩৭ চনত কলিকতা আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত থকা জমিদাৰসকলে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্য জমিদাৰী এছচিয়েচন নামৰ এক সংগঠন গঢ়ি উঠে । ১৮৩৮ চনৰ জুলাই মাহত দ্বাৰকানাথ ঠাকুৰৰ নেতৃত্বত বংগ, বিহাৰ, আৰু উৰিষ্যাৰ জমিদাৰসকলে একে লগ হৈ লেণ্ড হল্ডাৰ্ছ  ছচাইটী গঠন কৰে । ১৮৩৯ চনৰ জুলাই মাহত মিঃ উইলিয়াম আডামছৰ নেতৃত্বত বৃটিছ  ইণ্ডিয়া  ছচাইটী গঠন হৈছিল । ১৪৮৪৩ চনৰ এপ্ৰিল মাহত সকলো শ্ৰেণীৰ লোকক সামৰিব পৰাকৈ বেংগল বৃটিছ ইণ্ডিয়া ছচাইটী গঠন কৰা হৈছিল । ই মূলতঃ আৰ্থিক আৰু বৌদ্ধিকভাৱে অভিজাত শ্ৰেণীৰ লোকক প্ৰতিনিধিত্ব কৰিছিল । তেওঁলোকে ইংলেণ্ডৰ সংসদত ভাৰতীয় সমস্যা আলোচনা কৰা আৰু ইয়াৰ সমাধানৰ ব্যৱস্থা লোৱাটো বিচাৰিছিল । ১৮৫১ চনৰ ২৯ অক্টোবৰত বৃটিছ ইণ্ডিয়ান এছচিয়েচন নামৰ এক নতুন সংগঠন গঠন কৰা হয় । এই সংগঠনত ৰাজেন্দ্ৰ নাথ মিত্ৰ, ৰামগোপাল মিত্ৰ আদিৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ । এই সংস্থাটোৱে সমগ্ৰ ভাৰতবাসীৰ বাবে কাম কৰিব বিচাৰি আছিল । ভাৰতীয় সমস্যা সমাধানৰ বাবে উপায় বিচাৰি আছিল । তাৰোপৰি বিধান সভাৰ পৰিসৰ বৃদ্ধি, ভাৰতত চিভিল পৰীক্ষা পতা, আইনৰ সমান দৃষ্টি আদিৰ দাবী উত্থাপন কৰিছিল । 

১৮৬৫ চনত Society for the promotion of National Feeling among the educate peoples of Bengal সংগঠনটো খোলা হয় । এই সংস্থা গঠনত প্ৰধান ভূমিকা লৈছিল বংগ দেশৰ জাতীয়তাবাদৰ মুখ্য ব্যক্তি হল ৰাজ নাৰায়ণ বসু । ইয়াৰ উদ্দেশ্য আছিল হিন্দু সংস্কৃতি সংৰক্ষণ কৰা । শিক্ষিত এজন যুৱক নাম আছিল নৱগোপাল মিত্ৰ । নৱগোপাল মিত্ৰই ১৮৬৭ চনত হিন্দু মেলা নামৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল । ভাৰতীয় লোকসকলৰ মাজত জাতীয়তাবাদী ভাৱধাৰা বিকশ কৰাই আছিল ইয়াৰ প্ৰধান উদ্দেশ্য । ১৮৬৭ চনত মহাদেৱ গোবিন্দ ৰানাদে পুনা সাৰ্বজনিক সভা গঠন কৰিছিল ।  ইয়াৰ প্ৰধান উদ্দেশ্য আছিল সমাজৰ সংস্কাৰ কৰা আৰু ভাৰতীয় লোকসকলৰ মাজত জাতীয়তাবাদী চেতনা বিকশাই তোলা । তাৰোপৰি এই সংস্থাই চৰকাৰ আৰু দেশবাসীৰ মাজত যোগসুত্ৰ হিচাপে কাম কৰিছিল । ১৮৮১ চনত ৰানাদে মাদ্ৰাজ মহাজন সভা প্ৰতিষ্ঠা কৰে । ইয়াৰ উদ্দেশ্য আছিল বিধান পৰিসৰৰ পৰিসৰ অলপ বৃদ্ধি কৰা, বিধানসভা পৰিষদত ভাৰতীয়সকলৰ প্ৰতিনিধিত্ব, ৰাজহ বিভাগ আৰু ন্যায়িক প্ৰশাসন পৃথক কৰা । 

৩। ১৮৮৫ চনৰ পৰা ১৯০৫ চনৰ মাজত জাতীয় কংগ্ৰেছৰ কাৰ্যকলাপৰ  এক বিৱৰণ দাঙি ধৰা ।

উত্তৰঃ  ভাৰতৰ প্ৰথমটো সামাজিক আৰু ৰাজনৈতিক গোট হল ভাৰতীয় জাতীয় কংগ্ৰেছ । ভাৰতীয় জাতীয় কংগ্ৰেছ গোটটো গঠন কৰা হৈছিল ১৮৮৫ চনত ।  ভাৰতীয় জাতীয় কংগ্ৰেছ হঠাতে সৃষ্টি হোৱা নাছিল । ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ বিষয়ে বহুতো মত পোৱা যায় । ১৮৮৩ চনত হোৱা জাতীয় সন্মিলন সভাই ভাৰতত জাতীয় কংগ্ৰেছ গঠন হোৱাত গুৰুত্ব দিছিল । এচাম ঐতিহাসিকৰ মতে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাত বৃটিছৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া এলেন অক্টোভিয়ান হিউমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল যাৰ কাৰণে তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কোৱা হৈছিল ।১৮৮৩ চনৰ ১ মাৰ্চ তাৰিখে হিউমে কলিকতা বিশ্ববিদ্যালয়ত পঢ়ি থকা স্নাতকসকলক সম্বোধন কৰি এখন চিঠি লিখিছিল । চিঠিখনত তেওঁ দেশখনৰ সামাজিক, ৰাজনৈতিক, মানসিক আৰু নৈতিক উন্নতিৰ কাৰণে ঐক্যবদ্ধ হবৰ কাৰণে আহ্বান জনাইছিল । সেই সময়ত ভাৰতবৰ্ষত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ মাজত ইংৰাজৰ বিৰুদ্ধে হিংসা ভাৱৰ উমান পোৱা গৈছিল । এই হিংসাৰ পৰাই বিদ্ৰোহৰ সৃষ্টি হব পাৰে বুলি হিউমৰ লগতে আন বহুতো বিষয়াই আকাংশা কৰিছিল । সেইকাৰণে এই বিষয়টো আলোচনা কৰিব লাগিব বুলি হিউমে ভাইচৰয় লৰ্ড ডাফৰিণক এই ঘটনাটোৰ বিষয়ে জনাইছিল । হিউমে লৰ্ড ডাফৰিণৰ সহায়-সহযোগ পাবলৈ সক্ষম হয় । হিউমৰ এনে প্ৰচেষ্টাক ভাৰতীয় লোকসকলে আদৰণি জনাইছিল আৰু এইসকল লোকৰ সহায়-সহযোগত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল । ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন বোম্বেত অনুষ্ঠিত কৰা হৈছিল । এই অধিৱেশনখন ১৮৮৫ চনৰ ২৮ ডিচেম্বৰৰ ৰ পৰা ৩০ ডিচেম্বৰলৈ হৈছিল । এই অধিৱেশনত ৭২ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী । কংগ্ৰেছৰ প্ৰথম অধিৱেশত উপস্থিত হোৱা কেইজনমান ব্যক্তিৰ নাম হল উমেশ চন্দ্ৰ বেনাৰ্জী, ফিৰোজ ছাহ মেহতা,সুৰেন্দ্ৰ নাথ বেনাৰ্জী, গোপাল কৃষ্ণ গোখলে , বাল গংগাধৰ তিলক, মতিলাল ঘোষ, সুব্ৰমণ্য আয়াৰ, ৰমেশচন্দ্ৰ দত্ত, ৰাজা মাধৱ ৰাও, দাদাভাই মৌৰজী, ৰাজবিহাৰী ঘোষ, মহাদেৱ গোবিন্দ ৰাণাদে হল উল্লেখযোগ্য । ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সম্পাদক আছিল এলেন অক্টোভিয়ান হিউম। ১৮৮৫ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হোৱাৰ আগতে বহুতো সন্মিলন বৈ বহুতো সংগঠনে কাম কৰি আছিল ৃ। কিন্তু এইবোৰক আচলতে সংগঠন বুলি কব পৰা নাযায় । ভাৰতৰ একমাত্ৰ সংগঠনটো হল ভাৰতীয় জাতীয় কংগ্ৰেছ । ভাৰতৰ স্বাধীনতা সংগ্ৰামত জাতীয় কংগ্ৰেছৰ কাৰ্যকলাপক তিনিটা ভাগত ভাগ কৰিব পাৰি । ইয়াৰ প্ৰথমটো ভাগ হল ১৮৮৫ চনৰ পৰা ১৯০৫ চনলৈ প্ৰথম পৰ্যায় । ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰাথমিক পৰ্যায় ১৮৮৫ চনৰ পৰা ১৯০৫ চনলৈ বিয়পি আছিল । আৰম্ভণিৰ সময়ছোৱাত জাতীয় কংগ্ৰেছৰ শিক্ষিত, বৌদ্ধিক, সামাজিক, আইনবিদ, অভিযন্তা, আৰু সাহিত্যিক শ্ৰেণীৰ লোকসকলে ইয়াত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিছিল । এই সময়ছোৱাৰ কংগ্ৰেছৰ নেতাসকলক নৰমপন্থী বুলি কোৱা হৈছিল । প্ৰায় ২০ বছৰকাল প্ৰভাৱ বিস্তাৰ কৰা কংগ্ৰেছৰ নেতাসকল আছিল উমেশ চন্দ্ৰ বেনাৰ্জী, দাদাভাই নৌৰজী, সুৰেন্দ্ৰনাথ বেনাৰ্জী, ফিৰোজ শ্বাহ মেহতা, গোপাল কৃষ্ণ গোখলে, পণ্ডিত মদন মোহন মালব্য । নৰমপন্থী নেতাসকলে সংস্কাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰিছিল । তেওঁলোকে সাংবিধানিক প্ৰক্ৰিয়াত বিশ্বাস কৰিছিল আৰু আৱেদন-নিবেদনৰ দ্বাৰা বৃটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ অধিকাৰ সাব্যস্ত স্বীকাৰ কৰিব বিচাৰিছিল । 

৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্য বা উদ্দেশ্যসমূহ হল 

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ধাৰণা হঠাতেসৃষ্টি হোৱা নাছিল । ১৮৮৩ চনত কলিকতাত অনুষ্ঠিত জাতীয় মহাসভাত সকলো প্ৰয়োজনীয় দিশৰ উত্থাপন কৰা হৈছিল ।আনকি ইয়াৰ আগতেওঁবহুতো সংস্থা আৰু গোটে ভাৰতীয় জাতীয় কংগ্ৰেছ উত্থানত সহায় কৰিছিল । এই অনুষ্ঠানসমূহৰ ভিতৰত আছিল ১৮৪৩ চনৰ বৃটিছ ইণ্ডিয়া এছচিয়েচন । ১৮৭৫ চনত ইণ্ডিয়া লীগ। ১৮৭৬ চনৰ ইণ্ডিয়ান এছচিয়েচন, ১৮৬৭ চনৰ পুনা সাৰ্বজনীক সভা, ১৮৮৩ ৰ জাতীয় মহাসভা । 

এই অনুষ্ঠানসমূহৰ বেছিভাগে ভাৰতবাসীৰ মাজত জাতীয় চেতনা বৃদ্ধি কৰাৰ লগতে ৰাজনৈতিক চেতনাও জাগ্ৰত কৰিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্থানৰ বিষয়ে তলত আলোচনা কৰা হল । উনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা গঢ়ি উঠা প্ৰাদেশিক ৰাজনৈতিক সংগঠনবিলাকে দেশীয় লোকৰ মাজত আঞ্চলিক ভিত্তিত  ৰাজনৈতিক আৰু জাতীয় স্বাৰ্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছিল । প্ৰায় অৰ্ধ শতিকা জোৰা ৰাজনৈতিক কাম-কাজৰ জৰিয়তে এই সংগঠনবিলাকে লাহে-লাহে বিভিন্ন অঞ্চলত বিভক্ত হৈ থকা ভাৰতীয় মানুহৰ মনত এটি সৰ্বভাৰতীয় দৃষ্টিভংগীৰ সৃষ্টি কৰাত মুখ্য ভূমিকা লৈছিল । তাৰ পৰিণতিত অৱসৰপ্ৰাপ্ত বৃটিছৰ প্ৰশাসনিক বিষয়া এলেন অক্টোভিয়ান হিউমৰ চেষ্টা আৰু উদ্যোগত ১৮৮৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংগঠন গঢ়ি উঠিছিল । প্ৰাদেশিক ৰাজনৈতিক সংগঠনবিলাক নথকাহেতেন ১৮৮৫ চনত হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংগঠন গঢ়ি উঠাতো সম্ভৱ নহলহেতেন । হিউম আছিল এজন প্ৰকৃত উদাৰপন্থী আৰু তেওঁ ৰাজনৈতিক সংগঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল । ১৮৮৩ চনৰ ১ মাৰ্চত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকসকললৈ সম্বোধন কৰি এখন পত্ৰ লিখিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ স্নাতক ছাত্ৰসকলক ভাৰতীয়সকলৰ ৰাজনৈতিক, নৈতিক, সামাজিক, উন্নতিৰ বাবে এটা সংগঠন গঠন কৰিবলৈ আহ্বান জনাইছিল । হিউমৰ এনে প্ৰচেষ্টাক ভাৰতীয় লোকসকলে আদৰণি জনাইছিল । উমেশচন্দ্ৰ বেনাৰ্জীয়ে তেওঁৰ সভাপতিৰ ভাষণত ভাৰতীয় কংগ্ৰেছৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰিছিল । আৰু সেইবোৰ আছিল এনেধৰণৰ 

ক) ৰাজ্যৰ বিভিন্ন অংশৰ জাতীয়তাবাদী ৰাজনৈতিক কৰ্মীসকলৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা । 

খ) জাতি, ধৰ্ম, প্ৰদেশ আদি নিৰ্বিশেষে সকলোৰে মাজত জাতীয় ঐক্যভাৱ সুদৃঢ় কৰা আৰু উন্নত কৰা ।

গ) চৰকাৰৰ আগত জনসাধাৰণৰ দাবীবোৰ উত্থাপন কৰা ।

ঘ) সম্পূৰ্ণ আলোচনা আৰু মত বিনিময়ৰ পিছত শিক্ষিত ভাৰতীয়সকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ চাপ বৃদ্ধি কৰা ।

ঙ) ইংলেণ্ড আৰু ভাৰতবৰ্ষত একে সময়তে ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষা অনুষ্ঠিত কৰা । 


৫। চৰমপন্থীসকলৰ উত্থানৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা ।

উত্তৰঃ চৰমপন্থীসকলৰ উত্থানৰ প্ৰধান কাৰণসমূহ হল 

প্ৰথমতে , কংগ্ৰেছৰ যুৱনেতাসকলে নৰমপন্থী নেতৃত্বৰ আৱেদন-নিৱেদন নীতিক অৰ্থহীন বুলি অনুভৱ কৰিবলৈ লৈছিল । ভাৰতীয় লোকসকলৰ দাবীৰ প্ৰতি বৃটিছ চৰকাৰৰ উদাসীন মনোভাৱে কংগ্ৰেছৰ যুৱনেতাসকলক হতাশ কৰি পেলাইছিল । ভাৰতীয় জনসাধাৰণক সুযোগ-সুবিধা বা ৰেহাই দিয়াৰ উদ্দেশ্যৰে এখন আইন ১৮৯২ চনত প্ৰণয়ন কৰা হৈছিল । এই আইনখন ৰচনা কৰাৰ পিছতো ভাৰতবাসীক বা ভাৰতৰ জনসাধাৰণক সন্তুষ্ট কৰিব পৰা নাছিল । গতিকে কংগ্ৰেছৰ যুৱনেতাসকলে অনুভৱ কৰিছিল যে আৱেদন আৰু অনুনয় বিনোনয়ে তেওঁলোকক লক্ষ্যত উপনীত কৰাব নোৱাৰে । সেইকাৰণে তেওঁলোকে সংগ্ৰাম কৰাৰ সিদ্ধান্ত হাতত লৈছিল । 

দ্বিতীয়তে, উনবিংশ শতিকাৰ শেষৰ ফালে ভাৰতত হোৱা সামাজিক -ধৰ্মীয়  সংস্কাৰ আন্দোলনৰ ফলত কংগ্ৰেছৰ নেতাসকল আছিল যেনে- বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, লালা লাজপত ৰায় আদিয়ে ভাৰতৰ গৌৰৱ -সংস্কৃতিক বিশ্বাস কৰিছিল । এইসকল ব্যক্তিয়ে পশ্চিমীয়া শিক্ষাৰ সলনি ভাৰতৰ যি সংস্কৃতি আছিল তাক পুনৰউত্থান হোৱাটো বিচাৰিছিল । তেওঁলোকে দেশত হোৱা অন্যায়-দুৰ্নীতিৰ কাৰণে ইংৰাজ শাসকক জগৰীয়া কৰিছিল আৰু ভাৰতীয়লোকসকলৰ মাজত নিজৰ ধৰ্ম আৰু স্বশাসনক লৈ গৰ্ব  কৰিছিল । 

তৃতীয়তে, ১৯ শতিকাৰ শেষৰফালে সমগ্ৰ দেশখনতে এটা ভয়ানক দুৰ্ভিক্ষই দেখা দিছিল । কিন্তু এই দুৰ্ভিক্ষ নিৰাময় কৰিব বা শেষ কৰিবৰ কাৰণে ইংৰাজৰ চৰকাৰে কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাছিল । তেতিয়া ভাৰতবৰ্ষৰ জনসাধাৰণে ভাবিছিল যে আজি যদি এখন ভাৰতৰ চৰকাৰ থাকিলহেতেন , তেতিয়া যিকোনো সমস্যা সমাধানৰ বাবে সঠিক কাৰ্যসূচী গ্ৰহণ কৰিলেহেতেন । তেোঁলোকৰ মতে বৃটিছৰ অৰ্থনৈতিক নীতি আছিল দুৰ্ভিক্ষ অন্যতম প্ৰধান কাৰণ । জনসাধাৰণৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিছিল প্লেগ মহামাৰীৰ সময়ত কমিছনাৰ মিঃ ৰেণ্ডৰ হত্যাকাণ্ডৰ ঘটনাটোত । এই হত্যাকাণ্ডৰ বাবে বাল গংগাধৰ তিলকক ১৮ মাহ কাৰাদণ্ড দিয়া হৈছিল । এইবোৰ কাৰ্যই ভাৰতীয়লোকসকলক বিদ্ৰোহী কৰি তুলিছিল । 

চতুৰ্থতে, বিদেশী ৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলক কৰা অপমান আৰু দুব্যৱহাৰে চৰমপন্থীসকলৰ উত্থানত বিশেষভাৱে সহায় কৰিছিল । দক্ষিণ আফ্ৰিকাৰ চৰকাৰে আইন ৰচনা কৰি ভাৰতীয়ৰ ভ্ৰমণ আৰু ব্যৱসায়-বাণিজ্যত বাধা দিছিল । কিন্তু ইংৰাজৰ চৰকাৰে এনে াইন বা অত্যাচাৰ কৰাৰ কাৰণে দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ একো কোৱা নাছিল ।

পঞ্চমতে, ১৯০৫ চনত হোৱা বংগ বিভাজনৰ সিদ্ধান্তই চৰমপন্থী সকলৰ উত্থানত সহায় কৰিছিল । লৰ্ড কাৰ্জনে বংগদেশখনক দুটা ভাগত ভাগ কৰিছিল । লৰ্ড কাৰ্জনে বংগ বিভাজন কৰাৰ মূল উদ্দেশ্য হল হিন্দু-মুছলমানৰ মাজত একতাৰ ভাৱ নাইকিয়া কৰা আৰু জাতীয়তাবাদৰ উত্থান হোৱাত বাধা দিয়া । 

ষষ্ঠতে, ১৯ শতিকাৰ শেষৰফালে আৰু কুৰি শতিকাৰ আৰম্ভণিতে সংঘটিত হোৱা বৈদেশিক ঘটনা প্ৰবাহেও ভাৰতীয় লোকসকলক অনুপ্ৰেৰণা যোগাইছিল । ১৮৯৬ চনত আফ্ৰিকাৰ দেশ আৰ্বিছিনিয়াই ইটালী দেশক পৰাজিত কৰিছিল । ১৯০৪-০৫ চনত সংঘটিত হোৱা ৰুছ-জাপান যুদ্ধত জাপানৰ হাতত এখন ডাঙৰ দেশ ৰাছিয়া বৰ বেয়াকৈ পৰাস্ত হৈছিল । 

৬। ১৯০৫ চনৰ পৰা ১৯১৯ চনৰ মাজৰ সময়ছোৱাৰ জাতীয় আন্দোলনৰ এক বিৱৰণ দিয়া 

উত্তৰঃ লৰ্ড কাৰ্জনৰ ৰাজত্বকালৰ আভ্যন্তৰীণ প্ৰশাসনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত পদক্ষেপ আছিল বংগ বিভাজন । ১৯০৫ চনৰ ২০ জুলাই তাৰিখে লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিল । কাৰ্জনে প্ৰশাসনিক দক্ষতা সুনিশ্চিত কৰিবৰ কাৰণে বংগ বিভাজনৰ দৰে এক ডাঙৰ পদক্ষেপ হাতত লৈছিল । ১৯০৫ চনৰ ২০ জুলাই তাৰিখে তেওঁ বংগদেশক দুভাগত বিভক্ত কৰি এভাগ অসমৰ সৈতে সংযুক্ত কৰি পূৰ্ব বংগ আৰু অসম নামেৰে এখন নতুন প্ৰদেশ গ্ৰহণ কৰে । এই বিভাজনৰ পূৰ্বে বংগদেশৰ সৈতে থকা ৰাজ্যঅঞ্চলসমূহ আছিল উৰিষ্যা আৰু বিহাৰ । লৰ্ড কাৰ্জনে বংগদেশক বিভাজন কৰাৰ কাৰণ হল বংগদেশখন অতি বিশাল আৰু ইয়াৰ দুৰ অঞ্চলবোৰ শাসন কৰাৰ বাবে কোনো সুবিধা নাছিল ।  এইটো উল্লেখযোগ্য যে লৰ্ড কাৰ্জনে বংগ বিভাজনৰ ধাৰণাটো সৃষ্টি কৰা নাছিল । বংগদেশখন বিভাজন কৰাৰ আচনি অসমৰ মুখ্য কমিছনাৰ চাৰ ৱালে উদ্ভাৱন কৰিছিল । তেওঁ পৰামৰ্শ আগবঢ়াইছিল যে চিতাংগ, ঢাকা, আৰু মৈমনসিং প্ৰদেশ অসমলৈ হস্তান্তৰ কৰিব লাগে । সেইকাৰণে ১৯০৪ চনত লৰ্ড কাৰ্জনে ব্যক্তিগতভাৱে পূৰ্ববংগ ভ্ৰমণ কৰাৰ  পিছত তেওঁ বংগ বিভাজনৰ আচনিসমূহ কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছিল । অসমৰ সৈতে নতুনকৈ সংলগ্ন কৰা বংগদেশৰ এলেকাসমূহ আছিল পূব আৰু উত্তৰ বংগ চট্টগাম,ঢাকা, আৰু ৰাজশাহী সংমণ্ডল ত্ৰিপুৰা আৰু ভাগলপুৰ সংমণ্ডল আছিল ।

লৰ্ড কাৰ্জনৰ বংগ বিভাজনে বংগদেশত তীব্ৰ আন্দোলনৰ সৃষ্টি কৰিছিল । সুৰেন্দ্ৰ নাথ বেনাৰ্জী, কৃষ্ণকুমাৰ মিত্ৰ, আদি বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাসকল জাঙুৰ খাই উঠিছিল .।১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে তেওঁলোকে কলকাতা টাউন হলত এখন বিশাল মহাসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰে । পূৰ্বৰ সিদ্ধান্ত অনুযায়ী চৰকাৰে ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ আচনি কাৰ্যকৰী কৰিছিল । এই আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল হৰতাল, সভা, শোভাযাত্ৰা আৰু ৰাখীবন্ধন । আন্দোলনকাৰীসকলে কলিকতা আৰু অন্যান্য নগৰ-চহৰৰ লগতে বংগৰ ৰাস্তা-ঘাটে বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীতটো গাই আকাশ-বতাহ মুখৰিত কৰি তুলিছিল কিন্তু এনেধৰণৰ আন্দোলন প্ৰতিবাদ আদিয়ে কোনো কাম নিদিয়াত নেতাসকলে এই আন্দোলনক স্বদেশী আন্দোলনৰ ৰূপ দিয়াৰ চেষ্টা কৰে । 

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ উত্থান হল এটা উল্লেখযোগ্য ঘটনা । ১৯১৯ চনত তেওঁ সক্ৰিয়ভাৱে জাতীয় কংগ্ৰেছৰ লগত লগ-লাগি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এটা নতুন গতিলৈ লৈ যাব বিছাৰিছিল । ১৯১৯ চনৰ পৰা ১৯৪৭ চনলৈ এই সময়ছোৱাক স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ লগত জঢ়িত হৈ আছিল এই সময়ছোৱাকে গান্ধীৰ যুগ বুলি কোৱা হয় । সেই সময়খিনিত স্বাধীনতা সংগ্ৰামত গান্ধীবাদী আদৰ্শসমূহে  বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল । গান্ধীজীয়ে জাতীয় আন্দোলনত কৃষক, শ্ৰমিক, পুজিপতি, ৃছাত্ৰ, উকীল, মহিলা আদি সকলো শ্ৰেণীৰ স্বাৰ্থকথা লক্ষ্য কৰি কাৰ্যপদ্ধৰ্তি আদি আহৰণ কৰিছিল । এনেদৰে তেওঁ স্বাধীনতা আন্দোলনক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল । তেওঁ ভাৰতৰ ৰাজনৈতিক নেতা হোৱাৰ লগতে এগৰাকী সুনিপুণ বা পাৰ্গত শিক্ষাবিদো আছিল । বেচৰকাৰী প্ৰতিনিধিসকলে বিৰোধিতা কৰা সত্বেও ১৯১৯ চনৰ ১৮ মাৰ্চত এখন আইন প্ৰণয়ন কৰা হয় ।এই আইনখনকেৰাওলাট আইন বুলি কোৱা হয় । এই আইনৰ প্ৰধান ধাৰাসমূহ হল সন্দেহৰ ভিত্তিত যিকোনো ভাৰতীয় লোকক গেপ্তাৰ কৰিব পাৰিব, ৰাজনৈতিক বিচাৰসমূহৰ বাবে পৃথক ট্ৰাইবুনেল গঠন, সকলোধৰণৰ চৰকাৰবিৰোধী গোহাৰি, সাক্ষী নোহোৱাকৈ আদালতত বিচাৰ চলোৱা, আৰু তেনে বিচাৰৰ বাবে আপীলৰ ব্যৱস্থা ৰদ কৰা আদি কঠোৰ দমনৰ অধিকাৰ চৰকাৰক দিয়া হৈছিল । ৰাওলাট আইন ৰচনা হোৱাৰ লগতে ভাৰতৰ বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ হৈছিল । এই আইনৰ প্ৰতিবাদত মহম্মদ আলী জিন্না, মদনমোহন মালব্য, আৰু মাজহাৰ উল নামৰ ব্যক্তিজনে কেন্দ্ৰীয় আইন সভাৰ সদস্য পদ ত্যাগ কৰিছিল । গান্ধীজীয়েও এই আইনক লৈ অলপো সুখী হোৱা নাছিল । জাতীয়তাবাদী নেতাসকলৰ লগত লগ হৈ এখন সত্যাগ্ৰহ সভা গঠন কৰিছিল । ইয়াৰ সদস্যসকলে ৰাওলাট আইন অমান্য কৰি গ্ৰেপ্তাৰ আৰু কাৰাবাস খাটিবৰ কাৰণে শপত গ্ৰহণ কৰিছিল । সত্যাগ্ৰহ আন্দোলনৰ যোগেদি মহাত্মা গান্ধীয়ে দেশৰ জনসাধাৰণ বা দুখীয়া শ্ৰেণীৰ জনসাধাৰণকো জাতীয় আতীয় আন্দোলনত জড়িত হোৱাটো বিচাৰিছিল । সেইকাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ কৰ্মীসকলক গাঁৱলৈ যাবৰ কাৰণে পৰামৰ্শ  দিছিল । মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ ৩০ মাৰ্চ তাৰিখে সমগ্ৰ দেশজুৰি সৰ্বাত্মক এটা ধৰ্মঘটনা বা আন্দোলনৰ সৃষ্টি কৰিছিল । পিছৰ পৰ্যায়ত ধৰ্মঘট কৰাৰ দিন ৬ এপ্ৰিললৈ পিছুৱাই দিয়া হয় । কিন্তু দুয়োটা দিনতে অঞ্চল অনুসৰি ধৰ্ণা ধৰ্মসূচী বা কাৰ্যসূচী গ্ৰহণ কৰা হয় । গান্ধীজীৰ আহ্বানক গোটেই জনতাই আদৰণি জনাইছিল । ৬ এপ্ৰিলত হৰতাল কাৰ্যসূচীয়ে সমগ্ৰ চৰকাৰক শংকিত কৰিছিল । 


৭। স্বদেশী আন্দোলনৰ ওপৰত এটি টোকা বিৱৰণ দিয়া ।

উত্তৰঃ স্বদেশী আন্দোলন হল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ বিষয় । স্বদেশীসকলৰ ধাৰণা উনবিংশ শতিকাত গঢ় লৈ উঠিছিল । বোম্বাইৰ এজন দুৰদৰ্শী ব্যক্তি গোপাল হৰি দেশমুখে দেশখনৰ নিজা বয়-বস্তুৰ ব্যৱহাৰ কৰাৰ যোগেদি স্বদেশীৰ ভাৱ গঢ়ি তোলাৰ আহ্বান দিছিল । সেইদৰে স্বামী দয়ানন্দ সৰস্বতীয়ে স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ শিকাই দিছিল । ১৯০৫ চনৰ পৰা স্বদেশী আন্দোলনৰ গতি অতি তীব্ৰভাৱে আগবাঢ়ি গৈছিল । ১৯০৪ চনত লৰ্ড কাৰ্জনে ব্যক্তিগতভাৱে পূৰ্ববংগ ভ্ৰমণ কৰাৰ পিছত তেওঁ বংগ বিভাজনৰ আচনি কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছিল । অসমৰ সৈতে নতুনকৈ যোগ কৰা অঞ্চলটোৰ নাম হল পূৰ্ববংগ আৰু অসম । বংগদেশৰ এলেকাসমূহ আছিল পূব আৰু উত্তৰ বংগ, চট্টগাম, ঢাকা আৰু ৰাজশাহী সংমণ্ডল ত্ৰিপুৰা আৰু ভাগলপুৰ  সংমণ্ডল আছিল । লৰ্ড কাৰ্জনৰ এই বিভাজনে বংগদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । সুৰেন্দ্ৰনাথ বেনাৰ্জী, কৃষ্ণকুমাৰ মিত্ৰ আদি বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাসকলে জাঙুৰ খাই উঠিছিল । ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে তেওঁলোকে কলকাতা টাউন হলত এক বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰিছিল । পূৰ্ব সিদ্ধান্ত অনুসৰি চৰকাৰে ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ আচনি কাৰ্যকৰী কৰিছিল । স্বদেশী আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল হৰতাল, সভা, শোভাযাত্ৰা, আৰু ৰাখীবন্ধন । আন্দোলনকাৰীসকলে কলিকতা আৰু অন্যান্য নগৰ-চহৰৰ লগতে বংগৰ ৰাস্তা-ঘাটে আকাশ-বতাহ মুখৰিত কৰি তুলিছিল কিন্তু এনেধৰণৰ আন্দোলন প্ৰতিবাদ আদিয়ে কোনো কাম নিদিয়াত নেতাসকলে  এই আন্দোলনক স্বদেশী আন্দোলনৰ ৰূপ দিয়াৰ চেষ্টা কৰে । এই স্বদেশী আন্দোলনৰ প্ৰধান কাৰ্যসূচী তিনিটা হল 

ক)  বিদেশী বস্তু বৰ্জন
 
খ) স্বদেশী বস্তু গ্ৰহণ ।

গ) জাতীয় শিক্ষা ।

এই তিনিটা কাৰ্যসূচীত তেওঁলোকে বৃটিছৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল । 
স্বদেশীৰ মাধ্যমত তেওঁলোকে দেশত প্ৰস্তুত কৰা সকলো ধৰণৰ পণ্য ব্যৱহাৰ কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল । উগ্ৰ জাতীয়তাবাদীসকলৰ বাবে স্বদেশী আন্দোলন আছিল বৃটিছৰ বিৰুদ্ধে এটা ৰাজনৈতিক,, অৰ্থনৈতিক, আধ্যাত্মিক আন্দোলনৰ অস্ত্ৰ । বিদেশী সামগ্ৰী বৰ্জনৰ উপৰিও চৰকাৰী স্কুল, কলেজ, আদালত, উপাধি আৰু চৰকাৰী চাকৰি বৰ্জনৰ আচনিয়ে ব্যাপক গা কৰি তুলিছিল । স্বদেশী আন্দোলনৰ দ্বিতীয়টো অংগ আছিল স্বদেশী বস্তু গ্ৰহণ । স্বদেশী বস্তু গ্ৰহণ বুলি কওতে ভাৰতবৰ্ষৰ নেতাসকলে বিদেশীসকলৰ সামগ্ৰী ব্যৱহাৰ নকৰি বা গ্ৰহণ নকৰি স্বদেশী সামগ্ৰীহে গ্ৰহণ কৰিছিল । সকলো ভাৰতীয় লোকে ইংলেণ্ডত ব্যৱহাৰ কৰা পণ্য ত্যাগ কৰিব আৰু ইংৰাজী ভাষাৰ উপাধি , আনহাতে কাপোৰ, চেনি আৰু নিমখ ত্যাগ কৰিব । স্বদেশী আন্দোলনৰ তৃতীয়টো আচনি হল জাতীয় শিক্ষা গ্ৰহণ কৰা । বৃটিছে প্ৰদান কৰা আৰু প্ৰৱৰ্তন কৰা ইংৰাজী শিক্ষা বৰ্জন কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিব । এই কাৰ্যসূচী ৰূপায়ণ কৰোতে প্ৰাচীন ভাৰতীয় শিক্ষা, সাহিত্য-সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিছিল । গতিকে স্বদেশী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওতে এফালে বৃটিছৰ পণ্য সামগ্ৰী বিক্ৰী কৰা, দোকান পোহাৰক পিকেটিং কৰা আৰু আনহাতে বেকজাপ বস্তু -বাহানি ব্যৱহাৰ কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল ।  সেয়েহে  স্বদেশী ব্যৱহাৰ বিদেশী পণ্যৰ দোকানত পিকেটিং আৰু বয়কট আৰু জাতীয় শিক্ষা বিস্তাৰে আছিল এই আন্দোলনৰ প্ৰধান কাৰ্যসূচী । ১৯০৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বেনাৰসৰ সভাত সভাপতি গোপাল কৃষ্ণ গোখলে বিদেশী বৰ্জন আৰু স্বদেশী গ্ৰহণ সিদ্ধান্তক সমৰ্থন কৰিছিল । আনহাতে বাল গংগাধৰ তিলক, বিপিনচন্দ্ৰ পাল, লালা লাজপত ৰায় আৰু ্ৰবিন্দ ঘোষ াদি চৰমপন্থী নেতাসকলে স্বদেশী গ্ৰহণ আৰু বিদেশী বৰ্জন কৰাৰ বাহিৰেও ৰাজনৈতিক জনসংগ্ৰামৰ দাবী তুলিছিল । এনেদৰে ভাৰতীয় জনসাধাৰণে বিবিন্ন ঠাইত বিভিন্ন ৰূপত অৱতীৰ্ণ হৈ আন্দোলনক সফল কৰি তোলাত বৰঙণি যোগাইছিল । 

৮। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপ্লৱীসকলৰ বৰঙণিৰ বিষয়ে লিখা।

উত্তৰঃ  ভাৰতৰ স্বাধীনতাআন্দোলনত বিপ্লৱীসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকাগ্ৰহণ কৰিছিল । ভাৰতত প্ৰধানকৈ দুটা চিন্তাধাৰাৰে জাতীয় আন্দোলনৰ আৰম্ভণি কৰা হৈছিল । বিভিসংগত আন্দোলনৰ জৰিয়তে সাংবিধানিক সংস্কাৰ আৰু প্ৰশাসনত ভাৰতীয়সকলক নিযুক্তি কৰাৰ পক্ষত । আনটো আছিল বিপ্লৱী বা বৈপ্লৱীক সন্ত্ৰাসবাদী বিশ্বাসী । বিপ্লৱীলোকসকলে দেশখনৰ স্বাধীনতাৰ জৰিয়তে বা স্বাধীনতা পাবৰ কাৰণে সহস্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল । তেওঁলোকে ৰাজনৈতিক বা আন্তজাৰ্তিক পৰিস্থিতিৰ সুবিধা বুজি বিদেশী শক্তিৰ সহায়ত বৃটিছসকলৰ লগত যুদ্ধ কৰিব বিচাৰি আছিল । এচাম বৈপ্লৱিক সংগঠন বা বা বিপ্লৱী নেতাই বৃটিছৰ বিষয়াক হত্যা কৰি চৰকাৰ নামৰ ব্যৱস্থাটোকে অচল কৰিব বিচাৰিছিল । সেই উদ্দেশ্য ভাৰতীয় বৈপ্লবীক নেতাসকলে বোমা আৰু বন্দুক প্ৰস্তুত কৰি বা সংগ্ৰহ কৰি ইংৰাজৰ বিষয়াসকলক হত্যা কৰিব ধৰিছিল । এনে সন্ত্ৰাসমূলক কামৰ প্ৰথম আৰম্ভ হৈছিল মহাৰাষ্ট্ৰত । ১৮৯৭ চনতে বোম্বাইত দেখা দিয়া প্লেগ ৰোগৰ সময়ত দুজন কমিছনাৰ যেনে ডব্লিউ. চি ৰেণ্ড আৰু তেওঁৰ সহকৰ্মী আয়াৰষ্টে প্লেগ দমন কৰাৰ নামত সাধাৰণ জনসাধাৰণ বা প্ৰজাৰ ওপৰত অন্যায়-অত্যাচাৰ কৰিছিল । এই কাৰ্যত সন্তুষ্ট নহৈ দুই ভাতৃ দামোদাৰ চাপেকাৰ আৰু বালকৃষ্ণ চাপেকাৰে দুইজন বিষয়াক গুলীয়াই হত্যা কৰিছিল । এই কাণ্ডৰ বাবে বাল গংগাধৰ তিলকক নানান শাস্তি দিছিল । ইয়াতে শান্তি নাথাকি বাল গংগাধৰ তিলকক ১৮ মাহ কাৰাদণ্ড দিয়া হৈছিল । ইয়াৰ প্ৰতিবাদতে বিভিন্ন ঠাই অনুসৰি বন্ধ, হৰতাল, শ্ৰেণীবৰ্জন আদি কাৰ্যসূচী গ্ৰহণ কৰিছিল । বিপ্লৱীকাৰ্যৰ অনুপ্ৰেৰণা যোগাই বীৰেন্দ্ৰ কুমাৰ ঘোষ আৰু উপেন্দ্ৰ দত্তই আৰম্ভণি কৰা যুগান্তৰ নামৰ কাকতখনে লিখিছিল -- জনসাধাৰণৰ নিজৰ হাততে প্ৰতিকাৰৰ বা ৰক্ষা পোৱাৰ উপায় আছে । ভাৰতবৰ্ষৰ বিশাল জনতাই এই নিৰ্যাতনৰ  পৰা মুক্তি পেলাবলৈ হলে তেওঁলোকৰ ষাঠিকোটি হাত তুলিব লাগিব । বংগদেশ হল বৈপ্লৱীক আন্দোলনৰ প্ৰধান কেন্দ্ৰস্থল । বিপ্লৱী আন্দোলনক সঠিক ৰূপ দিয়াৰ কাৰণে ভাৰতৰ বিভিন্ন স্থানত কিছুমান বিভিন্ন সংগঠন ব্যৱস্থাই গঢ়লৈ উঠে । ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা কেইজনমান বিপ্লৱী নেতাৰ নামহল সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, বাল গংগাধক তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল । বংগদেশত কিছুমান সংগঠনৰ নাম হল অনুশীলন সমিতি, আৰু মহাৰাষ্ট্ৰ অভিনৱ ভাৰতৰ নাম আছিল অন্যতম । সেইদৰে কলিকতাৰ যুগান্তৰ আৰু বি.ডি, চাভাৰকাৰে প্ৰতিষ্ঠা কৰা মিত্ৰমেলা ৰ নাম উল্লেখ কৰিবলগীয়া । অনুশীলন সমিতিৰ প্ৰতিষ্ঠাতা আছিল প্ৰমথ নাথমিত্ৰ । ১৯০২ চনত চন্দন নগৰত বান্ধৱ সন্মিলনী,১৯০৪ চনত উত্তৰ প্ৰদেশত গুপ্ত সমিতি গঠন হৈছিল । এই সংগঠনসমূহে বৈপ্লৱিক কাৰ্যৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা দিছিল । ভাৰতৰ বাহিৰতো বিপ্লৱীসকলে কিছুমান বৈপ্লৱিক সংগঠন গঢ়ি তুলিছিল । ১৯০৭ চনত আমেৰিকাত ইণ্ডিয়ান ইণ্ডপেণ্ডেন্স লীগ গঠন কৰিছিল । একেদৰে লণ্ডনত শ্যামজী কৃষ্ণ্স্বামীৰ প্ৰচেষ্টাত ইণ্ডিয়া চছাইটী স্থাপন কৰা হৈছিল । ১৯১৩ চনৰ নবেম্বৰ মাহৰ এক তাৰিখে লালা হৰদয়াে কলিফৰ্ণিয়াত গদৰ দল গঠন কৰে । গদৰ মানে হল বিপ্লৱ আৰু বিপ্লৱৰ প্ৰতি জনগণক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে এইদলে একে নামেৰে এখন বিপ্সালৱীসকলৰ কাৰ্প্তাযসূচীসমূহৰ ভিতৰত প্হিৰধান তিনিটা কাৰ্কযসূচী হল  কাকত প্ৰকাশ কৰিছিল । সেইদৰেই প্ৰবাসী ভাৰতীয়ৰ মাজতো বিপ্লৱী ভাৱধাৰা জাগ্ৰত হৈছিল । বিপ্লৱীসকলৰ প্ৰধান  কাৰ্যসূচী তিনিটা হল অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ অত্যাচাৰী বৃটিছ বিষয়াক হত্যা কৰা আৰু ৰাজনৈতিকভাৱে ডকাইতি কৰা । বিপ্লৱীসকলে এনেবোৰ কাৰ্যৰ দ্বাৰা ভাৰতৰ স্বাধীনতা ঘুৰাই আনিবলৈ  বিচাৰিছিল ।  


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Author By- Ali Rani Kakati






Post ID: DABP001725