অধ্যায় 5

অখণ্ড সংখ্যা ( Integers )

অনুশীলনী 5 (A) 


1. তলৰ পৰিঘটনাবোৰৰ বিপৰীত পৰিঘটনাবোৰ লিখা ।

(a) ব্যৱসায়ত 10% লাভ হোৱা ।

(b) বেংকৰপৰা 5000 টকা উলিয়াই অনা । 

(c) কোনো স্থানৰপৰা দক্ষিণ দিশত 25 কিমি. অতিক্ৰম কৰা ।

(d) 1000 টকা উপাৰ্জন কৰা ।

(e) পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত 5 টকা বৃদ্ধি হোৱা ।


2. তলৰ পৰিমাণবোৰ অখণ্ড সংখ্যাৰ সহায়ত প্ৰকাশ কৰা ।

(a) সাগৰপৃষ্ঠৰ পৰা 3000 কিমি. উচ্চতা ।

(b) সাগৰপৃষ্ঠৰ পৰা 8 কিমি. গভীৰতা ।

(c) 0॰ ছেণ্টিগ্ৰেডতকৈ 20॰ ছেণ্টিগ্ৰেড বেছি ।

(d) 0॰ ছেণ্টিগ্ৰেডতকৈ 10॰ ছেণ্টিগ্ৰেড কম ।

(e) 100 টকা লাভ ।

(f) 25 টকা লোকচান ।


3. তলৰ সংখ্যাবোৰ সংখ্যাৰেখাত উপস্থাপন কৰা ।

(a) -2, -1, 0, 1, 2, 3, 4

(b) -11, -10, -9, -8, -7, -6

(c) 100, 101, 102, 103, 104, 105, 106

(d) -201, -202, -203, -204, -205


4. সংখ্যাৰেখাৰ সহায়ত তলৰ অখণ্ড সংখ্যাবোৰ উলিওৱা ।

(a) 5 তকৈ 3 বেছি ।

(b) 11 তকৈ 4 কম ।

(c) -9 তকৈ 7 বেছি ।

(d) -4 তকৈ 4 কম ।

(e) -2 তকৈ 5 বেছি ।


5. সংখ্যাৰেখাত তলত দিয়া প্ৰতিযোৰ সংখ্যাৰ কোনটো আনটোৰ সোঁফালে থাকিব ?

(i) -3, 7

(ii) 0, -5

(iii) 7,0

(iv) -9, -11

(v) -7, -23


6. সংখ্যাৰেখাত তলত দিয়া প্ৰতিযোৰ সংখ্যাৰ কোনটো আনটোৰ বাঁওফালে থাকিব ?

(i) -4, -9

(ii) 7, -7

(iii) 0, -11

(iv) 2, 0

(v) -10, -16


7. তলত দিয়া প্ৰতিযোৰ সংখ্যাৰ মাজৰ অখণ্ড সংখ্যাবোৰ লিখা ।

(i) -2 আৰু 4

(ii) -13 আৰু -7

(iii) 10 আৰু 16

(iv) -3 আৰু 2


8. -23 তকৈ সৰু 4টা অখণ্ড সংখ্যা লিখা ।


9. -19তকৈ ডাঙৰ 4টা অখণ্ড সংখ্যা লিখা ।


10. তলৰ সংখ্যাবোৰ ঊৰ্ধক্ৰমত সজোৱা ।

(a) -10, 7, -2, 0, 4

(b) -23, -17, -25, -10, -30

(c) -101, -130, -140, -109, -160

(d) 100, -90, 0, -120, 110


11. তলৰ সংখ্যাবোৰ অধ:ক্ৰমত লিখা ।

(a) -37, 14, -52, 70, 0

(b) -225, -117, -300, -265, -150

(c) 150, -100, 200, -250, 100 

(d) 47, -47, 52, -52, 50


12. > বা < চিনৰ উপযুক্ত চিনেৰে তলৰ খালী বাকচবোৰ পূৰোৱা ।

(i)

-7

 

-15


(ii)

14

 

0





(iii)

-20

 

0




(iv)

-20

 

1



(v)

-120

 

-100



(vi)

0

 

-3



13. তলৰ সংখ্যাবোৰৰ পৰম মান উলিওৱা ।

(a) -100

(b) 30

(c) -220

(d) 117

(e) 0

(f) -350

(g) 125

(h) -60


14. (i) যদি a > 0 হয় তেন্তে । a । = ?

(ii) যদি a < 0 হয় তেন্তে । a । = ?


15. তলৰ উক্তিবোৰ সত্য নে অসত্য লিখা ।

(i) সংখ্যাৰেখাত -7, 0 ৰ সোঁফালে থাকে ।

(ii) সকলো ঋণাত্মক সংখ্যাই 0তকৈ সৰু হয় । 

(iii) আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা -1 ।

(iv) 0 এটা ধনাত্মক অখণ্ড সংখ্যা ।

(v) সকলো ধনাত্মক সংখ্যা 0তকৈ ডাঙৰ নহয় ।

(vi) -(-13)= -13

(vii) সংখ্যাৰেখাত সকলো ঋণাত্মক সংখ্যাই 0ৰ বাঁওফালে থাকে ।

(viii) -(-8) = -8

(ix) a > 0 হ'লে । a । > a

(x) x < 0 হ'লে । x । > x


16. তলত দিয়াবোৰৰ মান উলিওৱা ।

(i) । + 7।

(ii) । -17।

(iii) । -61।

(iv) । -237।

(v) -। -35।

(vi) 3 + । -2। 

(vii) । -7। - । -2।

(viii) 10 - ।+ 5।

(ix) । -6। + ।- 10।

(x) । - 13। + । 3।



Question Type By- Himadree Bora