প্ৰথম অধ্যায়- 

সাংস্কৃতিক পৰিৱৰ্তন আৰু সামাজিক-ধৰ্মীয় সংস্কাৰ আন্দোলন 


অতি চমু প্ৰশ্ন 


১। আধুনিক মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিস্কাৰ মানে কি ।

উত্তৰঃ প্ৰিন্টিং প্ৰেছ আৰু সাংবাদিকতাৰ আৱিৰ্ভাৱ আধুনিক মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিস্কাৰ ।

২। প্ৰিন্টিং প্ৰেছৰ কত আৰু কেতিয়া বিকাশ হৈছিল ।

উত্তৰঃ  ১৬ শতিকাত ইউৰোপত প্ৰিন্টিং প্ৰেছৰ বিকাশ হৈছিল ।

৩। বিশ্বৰ প্ৰথমখন বাতৰি কাকতখনৰ নাম কি ।

উত্তৰঃ  বিশ্বৰ প্ৰথম বাতৰি কাকতখনৰ নাম হল বিলেচন ।

৪। কিমান খ্ৰীঃত আৰু কত বাতৰি কাকতখন প্ৰকাশিত হৈছিল ।

উত্তৰঃ  ১৬০৫ খ্ৰীঃত জাৰ্মানীত বাতৰি কাকতখন প্ৰকাশিত কৰিছিল ।

৫। কিমান খ্ৰীঃত আৰু কেতিয়া ভাৰতৰ প্ৰথমখন বাতৰি কাকত প্ৰকাশ কৰিছিল ।

উত্তৰঃ  ১৭৮০ খ্ৰীঃত কলিকতাত ভাৰতৰ প্ৰথমখন বাতৰি কাকত প্ৰকাশ কৰিছিল ।

৬। ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি ।

উত্তৰঃ  ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম হল বেংগল গেজেট ।

৭। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰথম প্ৰিন্টিং প্ৰেছ কেতিয়া স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৬৭৪ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰথম প্ৰিন্টিং প্ৰেছ স্থাপন কৰা হৈছিল ।

৮। আধুনিক হিন্দী সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয় ।

উত্তৰঃ  ভাৰতেন্দ্ৰু হৰিশ্চন্দ্ৰক আধুনিক হিন্দী সাহিত্যৰ পিতৃ বুলি কোৱা হয় ।

৯। ৰসসুন্দৰী দেৱীৰ আত্মজীৱনীখনৰ নাম কি ।

উত্তৰঃ  ৰসসুন্দৰী দেৱীৰ আত্মজীৱনীখনৰ নাম হল আমাৰ জীৱন ।

১০। জাতীয় আন্দোলনৰ সময়ত সংবাদ মাধ্যমৰ লগত লাগি থকা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ  জাতীয় আন্দোলনৰ সময়ত সংবাদ মাধ্যমৰ লগত লাগি থকা ব্যক্তিজনৰ নাম হল বাল গংগাধৰ তিলক ।

চমু প্ৰশ্ন 

১। বাল গংগাধৰ তিলকে প্ৰকাশ কৰা বাতৰি কাকত দুখনৰ নাম কি ।

উত্তৰঃ  বাল গংগাধৰ তিলকে প্ৰকাশ কৰা বাতৰি কাকত দুখনৰ নাম হল 

ক) কেশৰী ।

খ) মহাৰাট্টা ।

২। হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰা অসমীয়া ভাষাৰ ব্যাকৰণৰ নাম কি ।

উত্তৰঃ  হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰা অসমীয়া ভাষাৰ ব্যাকৰণখনৰ নাম হল হেমকোষ ।

৩। মহাত্মা গান্ধীয়ে সম্পাদনা কৰা সাপ্তাহিক আলোচনী দুখনৰ নাম কি ।

উত্তৰঃ  মহাত্মা গান্ধীয়ে সম্পাদনা কৰা সাপ্তাহিক আলোচনী দুখনৰ নাম হল 

ক) ইয়ং ইণ্ডিয়া ।

খ) হৰিজন ।

৪। আইন অমান্য আন্দোলন কেতিয়া হৈছিল ।

উত্তৰঃ  ১৯৩০ চনত আইন অমান্য আন্দোলন হৈছিল ।

৫। কিমান চনত লৰ্ড ৱিলিংটন ভাৰতৰ ভাইচৰয় হয় ।

উত্তৰঃ  ১৯৩১ চনৰ এপ্ৰিল মাহত লৰ্ড ৱিলিংটন ভাৰতৰ ভাইচৰয় হয় ।

৬। কিমান খ্ৰীঃত আৰু কত প্ৰথম প্ৰিন্টিং প্ৰেছ স্থাপন কৰা হৈছিল । 

উত্তৰঃ  ১৮৩৬ চনত আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে শদিয়াত অসমৰ প্ৰথম প্ৰিন্টিং প্ৰেছ স্থাপন কৰা হৈছিল । 

৭। কিমান খ্ৰীঃত আৰু কত মিছন প্ৰেছ স্থাপন কৰিছিল ।

উত্তৰঃ ১৮৪৩ খ্ৰীঃত শিৱসাগৰত মিছন প্ৰেছ স্থাপন কৰিছিল ।

৮। অসমীয়া ভাষাত ছপা কৰা প্ৰথমখন আলোচনীৰ নাম কি আৰু কিমান চনত ছপা কৰি উলিয়াইছিল ।

উত্তৰঃ  অসমীয়া ভাষাত ছপা কৰা প্ৰথমখন আলোচনীৰ নাম হল অৰুণোদই আৰু ইয়াক ১৮৪৬ চনত শিৱসাগৰৰৰ পৰা ছপা কৰি উলিয়াইছিল । 

৯। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম আলোচনীখনৰ নাম কি ।

উত্তৰঃ  অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম আলোচনীখনৰ নাম হল জোনাকী ।

০। জোনাকী আলোচনীখন কোনে সম্পাদনা কৰিছিল ।

উত্তৰঃ  চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীখন সম্পাদনা কৰিছিল ।

চমু টোকা লিখা ।

১। সংস্কাৰ আন্দোলনৰ উত্থানৰ কাৰণসমূহ ।

উত্তৰঃ  সংস্কাৰ আন্দোলনৰ সৃষ্টি হোৱা প্ৰধান কাৰণটো হল বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসন আৰু ভাৰতবৰ্ষৰ আৰ্থ সামাজিক , ৰাজনৈতিক , কলা-সংস্কৃতি আদি জীৱনৰ ওপৰত ইয়াৰ গবীৰ প্ৰভাৱ পৰিছিল । সংস্কাৰ আন্দোলন মানে হল অতীতত ভাৰতবৰ্ষত চলি অহা কু-সংস্কাৰ আৰু কুনীতি-নিয়মবোৰ আতৰাই ভাৰতবৰ্ষ এখন সুস্থ দেশ হিচাপে পৰিগণিত হোৱাটো বিচাৰিছিল । ভাৰতবৰ্ষত সংস্কাৰ আন্দোলন হোৱাৰ দ্বিতীয় কাৰণটো হল খ্ৰীষ্টান ধৰ্মাৱলম্বী বা খ্পীষ্টান মিছনেৰীসকলৰ কাৰ্ষকলাপবোৰ । খ্ৰীষ্টান মিছনেৰীসকলে ভাৰতবৰ্ষলৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ হে আহিছিল ।আমাৰ হিন্দু ভাৰতীয় লোকসকলে তেওঁলোকৰ ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ হিচাপে লৈছিল । সেইকাৰণে সংস্কাৰকসকলে ভাৰতৰ সমাজত চলি অহা কু-সংস্কাৰসমূহ নিৰ্মূল কৰি এখন সুস্থ ভাৰতীয় সমাজ গঠন কৰিবৰ বাবে অগ্ৰসৰ হৈছিল । 

২। ব্ৰহ্ম সমাজ ।

উত্তৰঃ  ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল ১৮২৮ খ্ৰীঃত । ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা আছিল ৰাজা ৰামমোহন ৰায় । ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয় । ব্ৰহ্ম সমাজৰ মূল উদ্দেশ্য হল মূৰ্তি পূজা বন্ধ কৰা । ৰাজা ৰামমোহন ৰায়ে ধৰ্মীয় কু-সংস্কাৰসমূহ আতৰাই ভাৰতবৰ্ষত এখন শিক্ষিত আৰু আধুনিক সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল । তেওঁ মূৰ্তি পূজা, পুৰণিকলীয়া ৰীতি-নীতি আৰু নাৰীসকলৰ অধীনতাৰ বিৰোধী আছিল । তেওঁ সতীদাহ প্ৰথাৰ অৱসান ঘটাৱৰ বাবে যথেষ্ট চেষ্টা চলাইছিল ।  ধৰ্ম সংস্কৃতিৰ সংস্কাৰৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কাম আছিল ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা । ১৮১৫ চনত কলিকতাত সৃষ্টি হোৱা আত্মীয় সভাই ১৮২৮ খ্ৰীঃত ব্ৰহ্ম সমাজৰ নাম পায় ।প্ৰথম অৱস্থাত ব্ৰহ্ম সমাজে সকলো লোককে প্ৰভাৱ পেলাইছিল । কিন্তু তাৰ অলপ দিনৰ পিছতে ১৮৩৩ খ্ৰীঃৰ ২৭ ছেপ্তেম্বৰত ৰাজা ৰামমোহন  ৰায়ৰ মৃত্যু হোৱাত এই সংগঠনটো ধ্বংসৰ ফালে আগুৱাই যায় । তাৰ পিছৰ পৰ্যায়ত দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু কেশৱ চন্দ্ৰ সেনৰ নেতৃত্বত সমগ্ৰ দেশখনতে ব্ৰহ্ম সমাজৰ প্ৰভাৱবোৰ বিয়পি পৰিছিল । আৰু বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন ঠাইত ব্ৰহ্ম সমাজৰ শাখা খোলা হৈছিল ।

৩। প্ৰাৰ্থনা সমাজ

উত্তৰঃ  প্ৰাৰ্থনা সমাজ হল ধৰ্মীয় আৰু সামাজিক সংস্কাৰ আন্দোলন । প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰা হৈছিল ১৮৬৭ খ্ৰীঃৰ ৩১ মাৰ্চত । প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল আত্মাৰাম পাণ্ডৰাঙে । প্ৰাৰ্থনা সমাজৰ মূল উদ্দেশ্য হল একেজন ভগৱানক পূজা কৰা আৰু একেজন ভগৱানকে বিশ্বাস কৰা । প্ৰাৰ্থনা সমাজে বিধৱাৰ পুনৰ বিবাহ আৰু নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰাৰ লগতে অধিক গুৰুত্ব দিছিল ।ব্ৰহ্ম সমাজৰ দৰে পাৰ্থনা সমাজেও একেশ্বৰবাদত বিশ্বাস কৰিছিল । ব্ৰহ্ম সমাজৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাই আহিবলৈ ধৰিছিল । বিংশ শতিকাৰ আৰম্ভণি সময়তে মাদ্ৰাজ প্ৰেছিডেন্সীত ইয়াৰ ১৮ টা শাখা আছিল । পৰৱৰ্তী সময়ত পুনা, চুৰাট, আহমেদাবাদ, কিকি, কোলহাপুৰআৰু চাটাৰাত ইয়াৰ শাখা খোলা হৈছিল । পৰৱৰ্তী সময়ত স্বামী দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজৰ প্ৰতি বাঢ়ি অহা প্ৰভাৱে প্ৰাৰ্থনা সমাজক দুৰ্বল কৰি পেলাইছিল ।যিসকল লোকে আৰ্য সমাজৰ প্ৰতি আকৰ্ষিত হৈ প্ৰথমে প্ৰাৰ্থনা সমাজৰ পৰা আতৰি গৈছিল তাৰ পিছত তেওঁলোকে পুনৰ প্ৰাৰ্থনা সমাজলৈ উভতি আহিবলৈ বিছাৰিছিল । প্ৰাৰ্থনা সমাজে সমসাময়িক সামাজিক আৰু সাংস্কৃতিক ব্যৱস্থা আৰু ধৰ্মীয় বিশ্বাসৰ মাজত থকা সম্পৰ্কটোক সমালোচনা কৰিছিল । 

৪। আৰ্য সমাজ 

উত্তৰঃ ১৮৭৫ খ্ৰীঃত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল । আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী .। আৰ্য সমাজ বোম্বাইত প্ৰতিষ্ঠা কৰা হৈছিল । আৰ্য সমাজ হল উত্তৰ ভাৰতৰ এটা বিশ্ববিখ্যাত সংস্কাৰ আন্দোলন । যি সমাজে সংস্কাৰ কাৰ্যৰ জৰিয়তে হিন্দু ধৰ্মক শক্তিশালী কৰি ৰখাৰ ব্যৱস্থা কৰিছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে একেশ্বৰবাদৰ বাণী প্ৰচাৰ কৰা আৰম্ভ কৰিছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে হিন্দু ধৰ্মক শুদ্ধ কৰিব বিছাৰিছিল আৰু হিন্দু সমাজত প্ৰৱেশ কৰা কু-সংস্কাৰসমূহক আক্ৰমণ কৰিছিল । তেওঁ জন্মসুত্ৰৰ জৰিয়তে নহয় কৰ্মসূত্ৰৰ জৰিয়তে শ্ৰেষ্ঠ বুলি গণ্য কৰিছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে শুদ্ধ আন্দোলন কৰিব বিছাৰিছিল । যিসকল লোকে ইছলাম বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা হিন্দু সকলক তেওঁলোকৰ মূল বিশ্বাস হিন্দু ধৰ্মলৈ ঘুৰি আহিবলৈ আহ্বান জনাইছিল । শুদ্ধি আন্দোলনে খ্ৰীষ্টান মিছনেৰীসকলক প্ৰত্যাহ্বান জনাইছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে কৈছিল যে ধৰ্ম-শাস্ত্ৰ অধ্যয়ন কৰিলে সকলো সামাজিক সমস্যাৰ সমাধান কৰিব পাৰে । আৰ্য সমাজত বাল্যবিবাহ, মহিলাৰ অত্যাচাৰ ওপৰত একো উল্লেখ নাই বুলি দাবী কৰিছিল । 

 ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। ভাৰতৰ স্বাধীনতা আন্দোলনত মহিলাসকলৰ ভূমিকাৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল । ১৮৮৯ খ্ৰীঃত বোম্বাইত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত দহগৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল ।১৯০৫ চনৰ স্বদেশী আন্দোলনত বহুতো মহিলাই অংশগ্ৰহণ কৰিছিল । স্বদেশী আন্দোলনৰ সময়ত মহিলা শিল্প কমিটিৰ দৰে কেইবাটাও মহিলা সংগঠন প্ৰতিষ্ঠা হোৱা দেখা গৈছিল । ভাৰতৰ এগৰাকী মহিলা সৰলা দেৱীয়ে স্বদেশী আন্দোলনত মহিলাসকলক একগোট কৰি লৈ কুছকাৱাজ আৰম্ভ কৰি দিছিল । ৰাজহুৱা ক্ষেত্ৰতো মহিলাসকলৰ অংশগ্ৰহণ ১৯২০ চনত অসহযোগ আন্দোলনৰ পৰা আৰম্ভ হৈছিল ।  স্বদেশী আন্দোলনৰ মহিলাসকলে গ্ৰহণ কৰা প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচীসমূহ হল 

সুৰাৰ দোকানত পিকেটিং বা ধৰ্ণা অনুষ্ঠিত কৰাত অংশগ্ৰহণ কৰিছিল । উৰ্মিলা দেৱী, সুনীতি দেৱী আদি মহিলাই অসহযোগ আন্দোলনৰ সু-পৰিচিত স্বাধীনতা সংগ্ৰামী আছিল । সৰোজিনী নাইডু অসহযোগ আন্দোলনৰ লগত সম্পূৰ্ণৰূপে জড়িত আছিল । ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সময়তো বহুতো অগ্ৰণী মহিলাই অংশগ্ৰহণ কৰিছিল । দাণ্ডী যাত্ৰাৰ সময়ত , বহুতো মহিলাই গান্ধীৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল । মহিলাসকলে প্ৰতিবাদী শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল । জামকিদেৱী আছিল আইন অমান্য আন্দোলনৰ এগৰাকী বিশিষ্ট মহিলা আছিল । মহিলাসকলে যুৱসকলক বানৰ সেনাত সংগঠিত কৰাত গুৰুত্বপূৰ্ণ  ভূমিকা গ্ৰহণ কৰিছিল । আইন অমান্য আন্দোলনত মহিলাসকলৰ প্ৰৱেশে পৰৱৰ্তী ৰাষ্ট্ৰীয় আন্দোলনত , বিশেষকৈ বাৰত ত্যাগ আন্দোলনত এটা নতুন দিশৰ অনুসন্ধান কৰিছিল । 

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত মহিলাসকলৰ ভূমিকা প্ৰশংসা কৰিবলগীয়া আছিল । উষা মেহতা, মাতংগিনী হাজৰা, অৰুণা আছফ আলী আছিল ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা কিছুসংখ্যক মহিলা অংশগ্ৰহণকাৰী । মাতংগিনী হাজৰা আছিল এগৰাকী মহান স্বাধীনতা সংগ্ৰামী । মাতংগিনী হাজৰাক  গান্ধী বুঢ়ী নামেৰে জনপ্ৰিয় আছিল । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ কনকলতা বৰুৱা এগৰাকী মহান স্বাধীনতা সংগ্ৰামী আছিল । ১৯৪২ চনৰ ২৯ ছেপ্তেম্বৰত গহপুৰ আৰক্ষী থানাৰ সন্মুখতে তেওঁক বৃটিছৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল । ভাৰতৰ মহিলাসকলে সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাটো যোগদান কৰিছিল । সুভাষ চন্দ্ৰ বসুৱে সাহসী ভাৰতীয় মহিলাসকলক একগোট কৰি ঝান্সী ৰাণী লক্ষ্মীবাই নামেৰে এটা গোট গঠন কৰিছিল । বসুৱে INA ত এটা মহিলা বিভাগ গঠন কৰিছিল । লক্ষ্মী চেহগলক মুৰব্বী হিচাপে নিযুক্তি দিছিল । লক্ষ্মী চেহগলক কেপ্তেইন লক্ষ্মী নামেৰে জনা যায় । 

২। সিং সভা আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ  উনবিংশ শতিকাত পঞ্জাৱত সংস্কাৰ আন্দোলনৰ দৰে এক আন্দোলনে গা কৰি উঠিছিল । এই আন্দোলন ১৯ শতিকাৰ সত্তৰৰ দশকত পঞ্জাৱৰ অমৃতসৰত সংঘটিত হৈছিল । সিং সভা আন্দোলনৰ প্ৰধান লক্ষ্য বা উদ্দেশ্য হল শিখ ধৰ্মক পুনৰ আগৰ অৱস্থালৈ উভতাই অনা । আৰু শিখলোকসকলৰ শিক্ষাৰ লগত জড়িত যিটো কাৰ্যসূচী আছিল সেইটো কাৰ্যসূচীত ইংৰাজৰ উচ্চ পদত থকা বিষয়াসকলৰ নাম অন্তভূৰ্ক্তি কৰা । সিং সভাই কিছুমান সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল ।তাৰ ভিতৰত উল্লেখযোগ্য কামটো হল ১৪৯৮ চনত খালচা ট্ৰেক্ট চছাইটী স্থাপন কৰিছিল । ট্ৰেক্ট চছাইটীৰ উদ্দেশ্য আছিল শিখসকলৰ সম্প্ৰদায়ৰ এক পৰিচয় গঢ়ি তোলা । সিংসভাৰ যিসকল সংস্কাৰক আছিল তেওঁলোকে পঞ্জাৱী ভাষাৰ মানদণ্ড নিৰ্ধাৰণ কৰিছিল । তাৰোপৰি এই চছাইটীয়ে এজন শিখ ব্যক্তিৰ আদৰ্শ আৰু আচাৰ-আচৰণ কেনেকুৱা হব লাগিব সেইটো যথেষ্ট পৰিমাণে গুৰুত্ব দিয়াটো বিচাৰিছিল । সিং সভাৰ যি আন্দোলন সৃষ্টি হৈছিল সেই আন্দোলনটোৱে শিখ সম্প্ৰদায়ৰ ওপৰত এটা গভীৰ ব্যাপক প্ৰভাৱ পেলাইছিল । সি সভা আন্দোলনে শিখ সম্প্ৰদায়টোক পুনৰ আগৰ দৰে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল । এই আন্দোলনটোৱে শিখসকলৰ মাজত একক মনোভাৱ এটা গঢ়ি তুলিছিল । 

৩। দেওবন্দ আন্দোলনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  দেওবন্দ আন্দোলন সংঘটিত হৈছিল ১৮৬৬ চনত । এই আন্দোলনৰ সূত্ৰপাত হৈছিল ইত্তৰ প্ৰদেশৰ চাহাৰানপুৰ জিলাত । এই আন্দোলনৰ প্ৰতিষ্ঠাতা আছিল মহম্মদ কাছিম নানো টাভি আৰু ৰছিদ আহমেদ গংগোহি । এই আন্দোলনৰ প্ৰধান লক্ষ্য হল মুছলমান সম্প্ৰদায়ৰ নৈতিকতাৰ শিক্ষা আৰু ধৰ্মীয় শাসনৰ পুনৰ উত্থান হোৱা । দোৱাৰ অঞ্চলত অৱস্থিত চট্ৰৰ মছজিদত দেওবন্দৰ প্ৰথম মাদ্ৰাছা স্থাপন কৰা হৈছিল । এই মাদ্ৰাছাসমূহৰ যিবোৰ পাঠকেন্দ্ৰ আছিল তাক কিছু সাল-সলনি কৰি ইছলামিক ধৰ্ম আৰু দৰ্শন বিদ্যাৰ ওপৰত অলপ বেছিকৈ গুৰুত্ব দিয়া হৈছিল । ইয়াৰ জৰিয়তে কোৰান আৰু হাদিছৰ বাৰ্তাসমূহ মুছলমান সমাজত প্ৰেৰণ কৰিবৰ বাবে বিছৰা হৈছিল । দেওবন্দৰ এজন জনপ্ৰিয় নেতা মাহমুদ -উল -হাছানে বিদ্যালয়খনৰ যিবোৰ ধৰ্মীয় ধাৰণা আছিল সেইবোৰ এক ৰাজনৈতিক আৰু বৌদ্ধিক দিশ প্ৰদান কৰিছিল । তেওঁ ইছলামৰ ৰীতি-নীতি আৰু জাতীয়তাবাদী আশা -আকাংক্ষাৰ একত্ৰীকৰণৰ ওপৰত বিশেষকৈ অধিক গুৰুত্ব দিছিল । ১৯১৯ চনত নৱেম্বৰ মাহত স্থাপন হোৱা জামিয়াত-উল-উলেমাই মুছলমান লোকসকলৰ ধৰ্ম, শিক্ষা , আৰু ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা প্ৰদানৰ যিটো প্ৰচেষ্টা তাক এটা নতুন ৰূপ দিছিল । দেওবন্দ আন্দোলনৰ এজন সমৰ্থক শিৱলি নুমানীয়ে বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাটোৰ ইংৰাজী ভাষা আৰু ইউৰোপীয় বিজ্ঞানৰ অন্তৰ্বূক্তিৰ অধিক গুৰুত্ব দিয়া দেখা গৈছিল । এইজনা মহান মনিষীয়ে ১৮৯৪-৯৬ চনত  নাদৱতল অঞ্চলত উলামা আৰু দাৰুল উলুম প্ৰতিষ্ঠা কৰিছিল । এইজন মুনিষীয়ে কংগ্ৰেছৰ আদৰ্শ আৰু ভাৰতৰ মুছলমান আৰু হিন্দুসকলৰ মাজত যি সহযোগিতা বিশ্বাস কৰি এনেকোৱা এখন ৰাষ্ট্ৰৰ গঠনৰ ভাৱ পুহি ৰাখিছিল । যিটো পৰিৱেশত দুয়োটা সম্প্ৰদায়ে একেলগে বাস কৰিব পাৰে ।

৪। ব্ৰাহ্মণবিৰোধী আন্দোলনৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ মহাৰাষ্ট্ৰত ব্ৰাহ্মণবিৰোধী আন্দোলনৰ সৃষ্টি হৈছিল । এই আন্দোলনৰ প্ৰতিষ্ঠাপক আছিল জ্যোতিৰাও বা জ্যোতিবা ফুলে । জ্যোতিবা ফুলেৰ ১৮২৭ চনত এটা মালি সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল । মহাৰাষ্ট্ৰত কুনবি সম্প্ৰদায়ৰ মাৰাঠা লোকসকলে মুঠ জনসংস্খ্যাৰ এটা ডাঙৰ অংশ দখল কৰিছিল । এই শ্ৰেণীটো আছিল এটা ধনী কৃষক শ্ৰেণী । তেওঁলোকে ব্ৰাহ্মণসকলৰ অধীনত থাকিবলগীয়া হৈছিল । ব্ৰাহ্মণসকলে তেওঁলোকৰ নীতি-নিয়ম আৰু জ্ঞানৰ পোনপতীয়া অধিকাৰৰ বাবে কুনবিসকলৰ সামাজিক জীৱনত বহুতো প্ৰভাৱ পৰিছিল ।এইজনা মহান ব্যক্তিয়ে শুদ্ৰ আৰু অতি শুদ্ৰ জাতিৰ দুৰ্দশাৰ বাবে ব্ৰাহ্মণসকলৰ আচাৰ-অনুষ্ঠানআৰু শক্তি পূজাক জগৰীয়া কৰিছিল । এইজন ব্যক্তিয়ে ব্ৰাহ্মণ সমাজক এশিকনি দিবৰ কাৰণে ১৮৭৩ চনত সত্যশোধক সমাজ প্ৰতিষ্ঠা কৰিছিল । মহাৰাষ্ট্ৰৰ মহিলা, শুদ্ৰ ,দলিতসকল, আৰু সুবিধাৰ পৰা বঞ্চিতগোটসমূহৰ বাবে শিক্ষা , সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছিল ।এইজনা মনিষীৰ পত্নী সাবিত্ৰীবাই ফুলে হল সত্যশোধক সমাজৰ মহিলা শাখাৰ মুৰব্বী আছিল । জ্যোতিবা ফলে ব্ৰাহ্মণসকলক আৰ্য জনগোষ্ঠীৰ আক্ৰমণকাৰী বুলি অভিহিত কৰিছিল । তেওঁ নিম্ন বৰ্ণৰ লোকসকলক ভাৰতৰ প্ৰধান অধিবাসী হিচাপে উপস্থাপন কৰিছিল বা গণ্য কৰিছিল । ব্ৰাহ্মণসকলে তেওঁলোকৰ ক্ষমতা লগ কৰাৰ পিছত থলুৱা জনসাধাৰণ বা প্ৰজাক বিভিন্ন ৰীতি-নীতিৰ ব্যাখ্যা দি নিজৰ অধীন কৰিছিল । ।জ্যোতিৱা ফুলে কৈছিল যে ব্ৰাহ্মণসকলে শূদ্ৰৰ পৰা বেদ লুকুৱাই ৰখাৰ প্ৰধান কাৰণটো হল যদি নিম্ন বৰ্গৰ মানুহে বেদ বা শাস্ত্ৰ কথা জানে বা বুজি পাই তেতিয়া তেওঁলোকে ব্ৰাহ্মণ জাতিক অলপো সন্মান নকৰিব বা সমীহ কৰি নচলিব । জ্যোতিবা ফুলে মাৰাঠী ভাষাত এখন আলোচনী সম্পাদনা কৰিছিল । সেই আলোচনীখনৰ নাম হল দীনবন্ধু । জ্যোতিবা ফুলে বৃটিছসকলৰ প্ৰশংসা কৰিছিল । তেওঁ বৃটিছসকলক প্ৰশংসা কৰাৰ কাৰণটো  হল বৃটিছসকলৰ শাসনৰ পৰাই সকলোৱে শিক্ষা লাভ কৰাৰ সুযোগ পাইছিল । বৃটিছসকলৰ আগমনৰ পৰাই শূদ্ৰজাতিৰ লোকসকলক দাসত্বৰ বান্ধোনৰ পৰা মুক্তি কৰি দিছিল । তেওঁ বিশ্বাস কৰিছিল যে ব্ৰিটিছসকলৰ আগমনৰ পৰা ভাৰতৰ সমাজখনৰ জাতি-ব্যৱস্থা. পুৰণিকলীয়া নীতি-নিয়ম, আৰু কু-সংস্কাৰ, অন্যায়-অভিযোগ আদিৰ পৰা মুক্তি লাভ কৰিছিল । এনেকৈ এইজনা মহান ব্যক্তিয়ে গোটেই জীৱন নিম্ন জাতিৰ লোকসকলৰ বাবে কাম কৰি গৈছিল । তেওঁ মৃত্যুৰ সময়লৈকে অসমত জাতি ব্যৱস্থাৰ শাসন আতৰাই এখন গণতান্ত্ৰিক ন্যায় স্থাপনৰ কাৰণে যথেষ্ট সেৱা আগবঢ়াই থৈ গৈছে ।

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Author: Ali rani kakati ( Ba in History Major)