উপভোক্তাৰ আচৰণৰ তত্ত্ব
(Theory of Consumer Behaviour)
দ্বিতীয় অধ্য়ায়
অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
তলৰ উত্তৰসমূহ ২০২৬–২৭ সংস্কৰণৰ পাঠ্যপুথিৰ অনুশীলনী অনুসৰি শুদ্ধ কৰা হৈছে। বিশেষকৈ ৪(ⅳ), ৮ আৰু ১৬ নম্বৰ প্ৰশ্নত দিয়া তথ্যৰ কিছুমান ভুল সংশোধন কৰা হৈছে। NCERT পাঠ্যপুথি
১। উপভোক্তা এজনৰ বাজেট সংহতি বুলিলে কি বুজা?
উত্তৰঃ প্ৰচলিত বজাৰ দৰত উপভোক্তাজনে নিজৰ নিৰ্দিষ্ট আয়ৰ সহায়ত ক্ৰয় কৰিব পৰা সকলো সম্ভৱপৰ দ্ৰব্যৰ টোপোলাৰ সমষ্টিকে বাজেট সংহতি বোলে।
২। বাজেট ৰেখা কি?
উত্তৰঃ যিবোৰ দ্ৰব্যৰ টোপোলা ক্ৰয় কৰোঁতে উপভোক্তাজনৰ সমগ্ৰ আয় ব্যয় হয়, সেই টোপোলাবোৰক সংযোগ কৰা ৰেখাডালকে বাজেট ৰেখা বোলে।
বাজেট ৰেখাৰ সমীকৰণ হ’ল—
৩। বাজেট ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয়?
উত্তৰঃ উপভোক্তাৰ আয় আৰু দুয়োবিধ দ্ৰব্যৰ দাম স্থিৰ থাকিলে এবিধ দ্ৰব্য অধিক পৰিমাণে ক্ৰয় কৰিবলৈ আনবিধ দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰিব লাগে। সেইবাবে বাজেট ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ নামি আহে অৰ্থাৎ ই নিম্নগামী ঢালযুক্ত হয়।
বাজেট ৰেখাৰ ঢাল হ’ল—
৪। দ্ৰব্য দুবিধৰ দাম ক্ৰমে ৪ টকা আৰু ৫ টকা আৰু উপভোক্তাজনৰ আয় ২০ টকা।
ধৰা হ’ল, দ্ৰব্য দুবিধৰ পৰিমাণ ক্ৰমে আৰু ।
(i) বাজেট ৰেখাৰ সমীকৰণ লিখা।
উত্তৰঃ
(ii) সমগ্ৰ আয় ১ নং দ্ৰব্যত ব্যয় কৰিলে কিমান ক্ৰয় কৰিব পাৰিব?
উত্তৰঃ
অতএব, উপভোক্তাজনে ১ নং দ্ৰব্যৰ ৫ একক ক্ৰয় কৰিব পাৰিব।
(iii) সমগ্ৰ আয় ২ নং দ্ৰব্যত ব্যয় কৰিলে কিমান ক্ৰয় কৰিব পাৰিব?
উত্তৰঃ
অতএব, উপভোক্তাজনে ২ নং দ্ৰব্যৰ ৪ একক ক্ৰয় কৰিব পাৰিব।
(iv) বাজেট ৰেখাৰ ঢাল কিমান?
উত্তৰঃ
অতএব, বাজেট ৰেখাৰ ঢাল ।
৫। দাম অপৰিৱৰ্তিত অৱস্থাত আয় ৪০ টকালৈ বৃদ্ধি পালে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ’ব?
উত্তৰঃ আয় ২০ টকাৰ পৰা ৪০ টকালৈ বৃদ্ধি পালে নতুন বাজেট ৰেখাৰ সমীকৰণ হ’ব—
এতিয়া উপভোক্তাজনে কেৱল ১ নং দ্ৰব্যৰ একক অথবা কেৱল ২ নং দ্ৰব্যৰ একক ক্ৰয় কৰিব পাৰিব। গতিকে বাজেট ৰেখাডাল আগৰ ৰেখাৰ সমান্তৰালভাৱে বাহিৰৰ ফালে স্থানান্তৰিত হ’ব।
৬। ২ নং দ্ৰব্যৰ দাম ১ টকা হ্ৰাস পালে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ’ব?
উত্তৰঃ ২ নং দ্ৰব্যৰ দাম ৫ টকাৰ পৰা ৪ টকালৈ হ্ৰাস পাব। নতুন বাজেট ৰেখাৰ সমীকৰণ হ’ব—
১ নং দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ ৫ এককতে থাকিব, কিন্তু ২ নং দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ ৪ এককৰ পৰা ৫ এককলৈ বৃদ্ধি পাব। সেয়েহে বাজেট ৰেখাডাল ১ নং দ্ৰব্যৰ অক্ষৰ ছেদবিন্দুক কেন্দ্ৰ কৰি বাহিৰৰ ফালে ঘূৰিব।
৭। দুয়োবিধ দ্ৰব্যৰ দাম আৰু আয় দুগুণ কৰিলে বাজেট সংহতিৰ কি হ’ব?
উত্তৰঃ বাজেট সংহতিৰ কোনো পৰিৱৰ্তন নহ’ব। কাৰণ দাম আৰু আয় একে অনুপাতত বৃদ্ধি পালে উপভোক্তাৰ প্ৰকৃত ক্ৰয়ক্ষমতা অপৰিৱৰ্তিত থাকে।
৮। এজন উপভোক্তাই ১ নং দ্ৰব্যৰ ৬ একক আৰু ২ নং দ্ৰব্যৰ ৮ একক ক্ৰয় কৰিব পাৰে। দাম ক্ৰমে ৬ টকা আৰু ৮ টকা। আয় কিমান?
উত্তৰঃ
অতএব, উপভোক্তাজনৰ আয় ১০০ টকা।
শুদ্ধকৰণঃ মূল প্ৰশ্নত ২ নং দ্ৰব্যৰ পৰিমাণ ৮ একক, ৪ একক নহয়।
৯। দুয়োবিধ দ্ৰব্যৰ দাম ১০ টকা আৰু আয় ৪০ টকা।
(i) উপলব্ধ সকলো টোপোলা লিখা।
উত্তৰঃ বাজেট চৰ্ত হ’ল—
অৰ্থাৎ,
উপলব্ধ টোপোলাবোৰ হ’ল—
(ii) ঠিক ৪০ টকা ব্যয় হোৱা টোপোলাবোৰ চিনাক্ত কৰা।
উত্তৰঃ
এই প্ৰতিটো টোপোলাৰ ক্ষেত্ৰত , সেয়ে মুঠ ব্যয় ৪০ টকা।
১০। অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ মানে কি?
উত্তৰঃ দুটা টোপোলাৰ ভিতৰত যিটো টোপোলাত আনটো টোপোলাৰ তুলনাত অন্ততঃ এবিধ দ্ৰব্য অধিক থাকে আৰু আনবিধ দ্ৰব্য কম নাথাকে, উপভোক্তাজনে সেই টোপোলাটো অধিক পছন্দ কৰে। এনে অগ্ৰাধিকাৰক অপৰিৱৰ্তনীয় বা একমুখী অগ্ৰাধিকাৰ বোলে।
১১। অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ থকা উপভোক্তা (10, 8) আৰু (8, 6) টোপোলাৰ মাজত নিৰপেক্ষ হ’ব পাৰেনে?
উত্তৰঃ নোৱাৰে। কাৰণ (10, 8) টোপোলাত দুয়োবিধ দ্ৰব্যৰ পৰিমাণেই (8, 6) টোপোলাতকৈ অধিক। সেয়েহে তেওঁ (10, 8) টোপোলাটোক অধিক পছন্দ কৰিব।
১২। (10, 10), (10, 9) আৰু (9, 9) টোপোলাৰ অগ্ৰাধিকাৰ স্থান নিৰ্ণয় কৰা।
উত্তৰঃ অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ অনুসৰি—
অৰ্থাৎ উপভোক্তাই প্ৰথমে (10, 10), তাৰ পিছত (10, 9) আৰু শেষত (9, 9) টোপোলাটো পছন্দ কৰিব।
১৩। এজন ব্যক্তি (5, 6) আৰু (6, 6) টোপোলাৰ মাজত নিৰপেক্ষ। তেওঁৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয়নে?
উত্তৰঃ নহয়। কাৰণ (6, 6) টোপোলাত প্ৰথম দ্ৰব্যৰ পৰিমাণ অধিক আৰু দ্বিতীয় দ্ৰব্যৰ পৰিমাণ একে। অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ থাকিলে তেওঁ (6, 6) টোপোলাটো অধিক পছন্দ কৰিলেহেঁতেন।
১৪। বজাৰ চাহিদা ফলন উলিওৱা।
দিয়া আছে—
উত্তৰঃ
যেতিয়া ,
যেতিয়া ,
যেতিয়া ,
গতিকে বজাৰ চাহিদা ফলন হ’ল—
১৫। ২০ জন উপভোক্তাৰ একে চাহিদা ফলন থাকিলে বজাৰ চাহিদা ফলন উলিওৱা।
প্ৰতিজন উপভোক্তাৰ চাহিদা—
উত্তৰঃ
গতিকে—
১৬। দিয়া তালিকাৰ পৰা বজাৰ চাহিদা উলিওৱা।
বজাৰ চাহিদা ।
| দাম | বজাৰ চাহিদা | ||
|---|---|---|---|
| 1 | 9 | 24 | 33 |
| 2 | 8 | 20 | 28 |
| 3 | 7 | 18 | 25 |
| 4 | 6 | 16 | 22 |
| 5 | 5 | 14 | 19 |
| 6 | 4 | 12 | 16 |
১৭। স্বাভাৱিক দ্ৰব্য বুলিলে কি বুজা?
উত্তৰঃ উপভোক্তাৰ আয় বৃদ্ধি পালে যিবিধ দ্ৰব্যৰ চাহিদা বৃদ্ধি পায় আৰু আয় হ্ৰাস পালে চাহিদা হ্ৰাস পায়, তেনে দ্ৰব্যক স্বাভাৱিক দ্ৰব্য বোলে।
১৮। নিকৃষ্ট দ্ৰব্য বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ উপভোক্তাৰ আয় বৃদ্ধি পালে যিবিধ দ্ৰব্যৰ চাহিদা হ্ৰাস পায় আৰু আয় হ্ৰাস পালে চাহিদা বৃদ্ধি পায়, তেনে দ্ৰব্যক নিকৃষ্ট দ্ৰব্য বোলে।
উদাহৰণঃ নিম্নমানৰ খাদ্যশস্য, মোটা চাউল আদি।
১৯। বিকল্প দ্ৰব্য বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ এটা দ্ৰব্যৰ পৰিৱৰ্তে আনটো দ্ৰব্য ব্যৱহাৰ কৰিব পৰা দ্ৰব্য দুটাক পৰস্পৰৰ বিকল্প দ্ৰব্য বোলে। এটা দ্ৰব্যৰ দাম বৃদ্ধি পালে আনটো দ্ৰব্যৰ চাহিদা বৃদ্ধি পায়।
উদাহৰণঃ চাহ আৰু কফি।
২০। পৰিপূৰক দ্ৰব্য বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ দ্ৰব্য সাধাৰণতে একেলগে ব্যৱহাৰ কৰা হয়, সেইবোৰক পৰিপূৰক দ্ৰব্য বোলে। এটা পৰিপূৰক দ্ৰব্যৰ দাম বৃদ্ধি পালে আনটো দ্ৰব্যৰ চাহিদা হ্ৰাস পায়।
উদাহৰণঃ চাহ আৰু চেনি; গাড়ী আৰু পেট্ৰ’ল।
২১। চাহিদাৰ দাম স্থিতিস্থাপকতাৰ ধাৰণাটো বৰ্ণনা কৰা।
উত্তৰঃ কোনো দ্ৰব্যৰ দামৰ পৰিৱৰ্তনৰ ফলত সেই দ্ৰব্যৰ চাহিদাৰ পৰিমাণ কিমান পৰিৱৰ্তন হয়, তাৰ পৰিমাপকেই চাহিদাৰ দাম স্থিতিস্থাপকতা বোলে।
অথবা,
২২। দাম ৪ টকাৰ পৰা ৫ টকালৈ বৃদ্ধি পালে চাহিদা ২৫ এককৰ পৰা ২০ এককলৈ হ্ৰাস পায়। স্থিতিস্থাপকতা উলিওৱা।
উত্তৰঃ
অতএব, চাহিদাৰ দাম স্থিতিস্থাপকতা । ইয়াৰ পৰম মান ১তকৈ কম, সেয়ে চাহিদা অস্থিতিস্থাপক।
২৩। চাহিদা ৰেখাৰ দামত স্থিতিস্থাপকতা উলিওৱা।
উত্তৰঃ
সেয়েহে,
অতএব, স্থিতিস্থাপকতা । অৰ্থাৎ চাহিদা একক স্থিতিস্থাপক।
২৪। চাহিদাৰ দাম স্থিতিস্থাপকতা আৰু দাম ৫% বৃদ্ধি পালে চাহিদা কিমান শতাংশ হ্ৰাস পাব?
উত্তৰঃ
অতএব, চাহিদা ১% হ্ৰাস পাব।
২৫। স্থিতিস্থাপকতা আৰু দাম ১০% বৃদ্ধি পালে মুঠ ব্যয়ত কি প্ৰভাৱ পৰিব?
উত্তৰঃ
অৰ্থাৎ দাম ১০% বৃদ্ধি পালে চাহিদা ২% হ্ৰাস পাব। দামৰ বৃদ্ধিৰ হাৰ চাহিদা হ্ৰাসৰ হাৰতকৈ বেছি হোৱা বাবে দ্ৰব্যটোত কৰা মুঠ ব্যয় বৃদ্ধি পাব।
আনুমানিকভাৱে ব্যয়ৰ বৃদ্ধি—
অতএব, মুঠ ব্যয় প্ৰায় ৮% বৃদ্ধি পাব।
২৬। দ্ৰব্যৰ দাম ৪% হ্ৰাস পোৱাৰ ফলত মুঠ ব্যয় ২% বৃদ্ধি হ’ল। স্থিতিস্থাপকতা সম্পৰ্কে কি ক’ব পাৰি?
উত্তৰঃ দাম হ্ৰাস পোৱাৰ বিপৰীতে মুঠ ব্যয় বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হ’ল চাহিদাৰ পৰিমাণ দাম হ্ৰাসৰ তুলনাত অধিক হাৰত বৃদ্ধি পাইছে।
সেয়েহে চাহিদা স্থিতিস্থাপক আৰু—
অৰ্থাৎ চাহিদাৰ দাম স্থিতিস্থাপকতা একতকৈ অধিক।
*******
অনুশীলনী Exercises
1. উপভোক্তা এজনৰ বাজেট সংহতি বুলিলে কি বুজা?
উত্তৰঃ বাজেট সংহতি হ'ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।
2. বাজেট ৰেখা কি?
উত্তৰঃ বাজেট ৰেখা হ'ল সেইবিলাক টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভোগৰ ব্যয় উপভোক্তাজনৰ আয়ৰ ঠিক সমান।
3. বাজেট ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয় তাক বর্ণনা কৰা।
উত্তৰঃ এটা সামগ্ৰী ক্ৰয় কৰিব লাগিলে আনটো সামগ্ৰী হ্ৰাস কৰিব লাগিব।কাৰণ উপভোক্তাৰ আয় আৰু সামগ্ৰী দুটাৰ দাম স্থিৰ থাকিব বুলি ধৰি লোৱা হয়। বাজেট ৰেখাৰ ঢালে বাজেট ৰেখাডালত দ্ৰব্যৰ এক একক পৰিৱৰ্তনৰ কাৰণে দ্ৰব্য কিমান পৰিমানৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে।
4. এজন উপভোক্তাই দুটা দ্ৰব্য় উপভোগ কৰিব বিচাৰে। দ্ৰব্য় দুবিধৰ দৰ ক্ৰমে 4 টকা আৰু 5 টকা উপভোক্তাজনৰ আয় 20 টকা।
(i) বাজেট ৰেখাৰ সমীকৰণটো লিখা।
উত্তৰঃ
(ii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 1 নং দ্ৰব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 1 নং দ্রব্য উপভোগ কৰিব পাৰিব?
উত্তৰঃ
(ii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 2 নং দ্ৰব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 2 নং দ্রব্য উপভোগ কৰিব পাৰিব?
উত্তৰঃ
(iv) বাজেট ৰেখাডালৰ ঢাল কি হ'ব?
উত্তৰঃ(iv) বাজেট ৰেখাৰ ঢাল = ( - P1 ➗ P2) = - (5 ➗ 4)
5. যদি দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ আয় 40 টকালৈ বৃদ্ধি হয় তেন্তে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব?
উত্তৰঃ
6. যদি 1 নং দ্ৰব্যৰ দৰ আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্ৰব্যৰ দৰ এক টকা হ্রাস পায় তেন্তে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব?
উত্তৰঃ
7. যদি দুয়োবিধ দ্ৰব্যৰ দৰ আৰু আয় দুগুণ কৰি দিয়া হয়, বাজেট সংহতিৰ কি হ'ব?
উত্তৰঃ বাজেট সংহতিৰ একো পৰিবৰ্তন নহয়।
৪. ধৰা হ'ল যদি এজন উপভোক্তাই তেওঁৰ সমূহ আয় ব্যয় কৰে তেন্তে 1 নং দ্ৰব্যৰ 6 একক আৰু 2 নং দ্ৰব্যৰ ৪ একক ক্ৰয় কৰিব পাৰে। দ্রব্য দুবিধৰ দৰ হ’ল ক্রমে 6 টকা আৰু 8 টকা। উপভোক্তাজনৰ আয় কিমান?
উত্তৰঃ
9. ধৰা হ’ল এজন উপভোক্তাই দুটা দ্রব্য উপভোগ কৰিব বিচাৰে যি দুটা কেৱল পূৰ্ণ সংখ্যাৰ এককত উপলব্ধ। দুয়োবিধ দ্রব্যৰে দৰ হ’ল 10 টকা আৰু উপভোক্তাজনৰ আয় 40 টকা।
(i) উপভোক্তাজনৰ উপলব্ধ সকলোবিলাক টোপোলা লিখা।
উত্তৰঃ
(ii) উপভোক্তাজনৰ উপলব্ধ টোপোলাবিলাকৰ ভিতৰত ঠিক 40 টকা ব্যয় হোৱা টোপোলাবিলাক চিনাক্ত কৰা।
উত্তৰঃ
10. অপৰিৱর্তনীয় অগ্রাধিকাৰ মানে কি?
উত্তৰঃ যিকোনো দুটা টোপোলাৰ ভিতৰত উপভোক্তাজনে সেইটো টোপোলাক অগ্ৰাধিকাৰ দিয়ে যিটো টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্ৰব্য বেছিকৈ থাকে আৰু আনটো দ্ৰব্য কম নাথাকে। তাকে অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ বুলি কোৱা হয়।
11. যদি উপভোক্তাজনৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে তেওঁ (10, 8) আৰু (8, 6) টোপোলা দুটাৰ মাজত নিৰপেক্ষ হ'ব পাৰেনে?
উত্তৰঃ নোৱাৰে।
12. ধৰা হ'ল এজন উপভোক্তাৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয়। তেন্তে (10, 10), (10, 9) আৰু (9, 9) টোপোলাবিলাকৰ তেওঁৰ অগ্ৰাধিকাৰ স্থান সম্পর্কে তুমি কি ক'ব পাৰা?
উত্তৰঃ
13, ধৰা হ’ল তোমাৰ বন্ধু এজন (5, 6) আৰু (6, 6) টোপোলাৰ মাজত নিৰপেক্ষ। তোমাৰ বন্ধুৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয়নে?
উত্তৰঃ নহয়।
14. ধৰা হ'ল বজাৰত এটা দ্ৰব্যৰ দুজন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন হ'ল- d1(p) = 20 - p (20 ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে)
আৰু
d1(p) = 0 (20 তকৈ বেছি যিকোনো দৰৰ কাৰনে)
d2(p) = 30 – 2p (15 ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰনে)
আৰু d2(p) = 0 (15 তকৈ বেছি যিকোনো দৰৰ কাৰণে) বজাৰ চাহিদা ফলন উলিওৱা।
উত্তৰঃ
15. ধৰা হ'ল এটা দ্ৰব্যৰ 20 জন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন একেই :
16. দুজন উপভোক্তা থকা এখন বজাৰ ধৰা হ'ল আৰু তেওঁলোকৰ দ্রব্য এবিধৰ চাহিদা হ'ল-
দ্রব্যবিধৰ বজাৰ চাহিদা উলিওৱা।
10
p
d1
d2
1
2
3
4
5
6
9
8
7
6
5
4
24
20
18
1
14
12
17. স্বাভাৱিক দ্রব্য বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া এজন উপভোক্তাৰ আয় আৰু সামগ্ৰী এটাৰ চাহিদা একে দিশে গতি কৰে, তাকে স্বাভাৱিক দ্ৰব্য বুলি কোৱা হয়।
18. নিকৃষ্ট দ্রব্য বুলিলে কি বুজা? কেইটামান উদাহৰণ দিয়া।
উত্তৰঃ যেতিয়া এজন উপভোক্তাৰ আয় আৰু সামগ্ৰী এটাৰ চাহিদা বিপৰীত দিশে গতি কৰে, তাকে নিকৃষ্ট দ্ৰব্য বুলি কোৱা হয়।
নিকৃষ্ট দ্ৰব্যৰ উদাহৰণ হ'ল- নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰী।
19. বিকল্প বুলিলে কি বুজা? দুটা দ্ৰব্যৰ উদাহৰণ দিয়া যি দুটা ইটো সিটোৰ বিকল্প।
উত্তৰঃ যদি কফিৰ দাম বাঢ়ে তেন্তে চাহৰ উপভোগ বৃদ্ধি পাব। আৰু যদি কফিৰ দাম কমে তেন্তে চাহৰ উপভোগ কমিব। দ্ৰব্য এবিধৰ চাহিদা আৰু ইয়াৰ বিকল্প দ্ৰব্যৰ দৰ একে দিশত গতি কৰে। ইয়াকে বিকল্প বুলি কোৱা হয়।
বিকল্প দ্ৰব্যৰ উদাহৰণ হ'ল- চাহ আৰু কফি।
20. পৰিপূৰক বুলিলে কি বুজা? দুটা দ্ৰব্যৰ উদাহৰণ দিয়া যি দুটা ইটো সিটোৰ পৰিপূৰক।
উত্তৰঃ উপভোক্তা এজনৰ এটা নিদিষ্ট অভাৱ পূৰণ কৰিবৰ বাবে যেতিয়া একাধিক সামগ্ৰী ব্যৱহাৰ কৰা হয়, তেনে সামগ্ৰীবোৰক পৰিপূৰক বুলি কোৱা হয়।
পৰিপূৰক দ্ৰব্যৰ উদাহৰণ হ'ল - গাড়ী আৰু পেট্ৰল। চাহ আৰু চেনি।
21. চাহিদাৰ দৰ স্থিতিস্থাপকতা ধাৰণাটো বৰ্ণনা কৰা।
উত্তৰঃ
22. এটা দ্ৰব্যৰ চাহিদা ধৰা হ’ল। 4 টকা দৰত দ্ৰব্যবিধৰ চাহিদা 25 একক। ধৰা হ’ল দ্ৰব্যবিধৰ দৰ 5 টকালৈ বৃদ্ধি পালে আৰু তাৰ ফলত দ্রব্যবিধৰ চাহিদা 20 এককলৈ হ্রাস পালে। চাহিদাৰ দৰ স্থিতিস্থাপকতা উলিওৱা।
উত্তৰঃ
উত্তৰঃ
24. ধৰা হ’ল এটা দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা – 0.2, যদি দ্রব্যবিধৰ দৰ 5% বৃদ্ধি হয় তেন্তে দ্ৰব্যবিধৰ চাহিদা কিমান শতাংশ হ্রাস পাব?
উত্তৰঃ
25. ধৰা হ'ল এটা োচাহিদাৰ দৰ স্থিতিস্থাপকতা – 0.2, যদি দ্রব্যবিধৰ দৰ 10% বৃদ্ধি হয় তেন্তে দ্রব্যটোত কৰা ব্যয়ত কি প্ৰভাৱ পৰিব? -
উত্তৰঃ
26. ধৰা হ’ল দ্ৰব্য এটাৰ দৰ 4% হ্রাস পালে। তাৰ ফলত দ্ৰব্যটোত কৰা ব্যয় 2% বৃদ্ধি হ’ল। চাহিদাৰ স্থিতিস্থাপকতা সম্পৰ্কত তুমি কি ক’বা?
উত্তৰঃ
Question Type By- Bikash Bora
Post ID: DABP001804