এখন গাঁৱত দেহীৰাম নামৰ এটা গৰখীয়া আছিল । পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে।

        এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি ঢেঁটুফালি চিঞৰিলে, “বাঘ ঐ, খালে ঐ, কোন ক’ত আছ, মোক বচা ঐ।”


        তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ যাঠি-জোং লৈ উধাতু খাই আহিল । পাছে দেখিলে যে দেহীৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে ৷ গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি-শপনি পাৰি তেওঁলোক দিহাদিহি গুচি গ'ল ।


        কেইদিনমান পাছত দেহীৰামে আকৌ ৰাউচি জুৰিলে, “বাঘ ঐ, খালে ঐ, গৰু নিলে ঐ।” এইবাৰো গঞাসকলে হাতে হাতে যাঠি-জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই





আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং-ৰাগ কৰি গুচি গ'ল ।


        এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগতে ওলাল। সি ‘বাঘ ঐ, খালে ঐ’ বুলি চিঞৰি তালফাল লগালে




        কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে, “দেহীৰামে এইবাৰো এনেয়ে চিঞৰিছে।”

        ফলত বাঘে দেহীৰামক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল । মিছা কথা কোৱাৰ কাৰণেই দেহীৰামৰ এনে দশা হ'ল।




Post ID: DABP002176