Chapter 2

দেহ-মনৰ সম্বন্ধ সম্পৰ্কীয় মতবাদ


1.Name the theory which believe that there is  a cuasal relation between mind and body.

দেহ আৰু মনৰ মাজত কাৰ্যকাৰণ সম্বন্ধ থকা বুলি বিশ্বাস কৰা তত্ত্বটোৰ নাম লিখা।

উত্তৰঃ ক্ৰিয়া-প্ৰতিক্ৰিয়াবাদ।


2. What is Occasionalism?

উপলক্ষ্য়বাদ কাক বোলে?

উত্তৰঃ ডেকাৰ্টৰ দ্বৈতবাদৰ ত্ৰুটিসমূহ দূৰ কৰাৰ উদ্দেশ্য়ে ডেকাৰ্টৰ অনুগামীসকলৰ দ্বাৰা দৰ্শনৰ জগতত দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় যি মতবাদ প্ৰচলিত হৈছে তাকে উপলক্ষ্য়বাদ বোলা হয়।


3. Name the theory of mind-body relationship which is advanced by the followers of Descartes.

ডেকাৰ্টৰ অনুগামীসকলে আগবঢ়োৱা দেহ আৰু মন সম্পৰ্কীয় তত্ত্বটোৰ নাম লিখা।ট

উত্তৰঃ উপলক্ষ্য়বাদ।


4. Name any two advocates of Occasionalism?

উপলক্ষ্য়বাদৰ যিকোনো দুগৰাকী প্ৰৱক্তাৰ নাম লিখা।

উত্তৰঃ আৰ্নল্ড গেলিনেক্স আৰু নিকোলাচ মেলব্ৰাঞ্চ।


5. According to occasionalism, the relation between mind and body is possible only by the intervention of  God. Is it true?

উপলক্ষ্য়বাদ মতে কেৱল ঈশ্বৰৰ দ্বাৰা দেহ আৰু মনৰ মাজৰ সম্বন্ধ সম্ভৱ হয়। এইটো সত্য় নে? 

উত্তৰঃ হয়, সত্য়।


6. Does occasionalism believe that there is a causal relation between mind and body?

দেহ আৰু মনৰ মাজত কাৰ্যকাৰণ সম্বন্ধ আছে বুলি উপলক্ষ্য়বাদে বিশ্বাস কৰে নে?

উত্তৰঃ নকৰে।


7. What is parallelsim ?

সমান্তৰালবাদ মানে কি?

উত্তৰঃ ডেকাৰ্টৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবাদ, গেলিনেক্স আৰু মেলব্ৰাঞ্চ উপলক্ষ্য়বাদৰ প্ৰতিক্ৰিয়া হিচাপে দেহ-মন সম্পৰ্কীয় যি দাৰ্শনিক মতবাদ পোৱা যায় তাক সমান্তৰালবাদ বোলে।


6. Name any two advocates of parallelism.

সমান্তৰালবাদৰ যিকোনো দুগৰাকী প্ৰৱক্তাৰ নাম লিখা।

উত্তৰঃ লাইৱনিজ আৰু স্পিনোজাৰ।


7. Who is the propounder of double aspect theory?

দ্বিভংগীবাদৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ স্পিনোজাৰ।


8. Name any two supporters of double aspect theory?

দ্বিভংগীবাদৰ যিকোনো দুগৰাকী সমৰ্থকৰ নাম লিখা।

উত্তৰঃ হাৰ্বাট স্পেনছাৰ আৰু ডোনাল্ড ডেভিডছন।


9. Who is the propounder of pre-established harmony?

পূৰ্ব-প্ৰতিষ্ঠিত শৃংখলাবাদৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ লাইৱনিজ।


10. Spinoza's theory of mind-body relation is called........... (Fill in the blank)

স্পিনোজাৰ দেহ আৰু মন সম্পৰ্কীয় মতবাদক.............. বুলি কোৱা হয়। ( খালী ঠাই পূৰণ কৰা)

উত্তৰঃ দ্বিভংগীবাদ।


11. Leibnitz theory of mind-body relation is called............ parallelsim.

লাইৱনিজৰ দেহ আৰু মন সম্পৰ্কীয় মতবাদক.............. সমান্তৰালবাদ বুলি কোৱা হয়। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ মনোদৈহিক সমান্তৰালবাদ।


12. Why Spinoza's parallelism is called the double aspect theory?

স্পিনোজাৰ সমান্তৰালবাদক কিয় দ্বিভংগীবাদ বুলি কোৱা হয়?

উত্তৰঃ স্পিনোজাৰ সমান্তৰালবাদক দ্বিভংগীবাদ বুলি কোৱা হয়, কাৰণ এই মতবাদ অনুসৰি দেহ আৰু মন একেই অভিন্ন সত্তাৰ দুটা দিশ মাত্ৰ, যিয়ে পৰস্পৰে পৰস্পৰক প্ৰভাৱিত নকৰা সত্ত্বেও সমান্তৰালভাৱে ক্ৰিয়া কৰে।


13. Who is the propounder of epiphenomenalism?

উপবস্তুবাদৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ থমাচ হাক্সলি।


14. Who for the first time used the term 'epiphenomenalism'?

'epiphenomenalism' শব্দটো প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছে?

উত্তৰঃ উইলিয়াম জেমচ।


15. What are the two types of epiphenomenalism?

উপবস্তুবাদৰ দুটা প্ৰকাৰ কি কি?

উত্তৰঃ i) নিদৰ্শনগত উপবস্তুবাদ

             ii) প্ৰকাৰগত উপবস্তুবাদ।


ৰচনাধৰ্মী প্ৰশ্ন-উত্তৰঃ


1. Explain occasionalism as a theory of mind-body relation.

দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় উপলক্ষ্য়বাদৰ ব্য়াখ্য়া কৰা।

উত্তৰঃ ডেকাৰ্টৰ দ্বৈতবাদৰ ত্ৰুটিসমূহ দূৰৰ কৰাৰ উদ্দেশ্য়ে ডেকাৰ্টৰ অনুগামীসকলৰ দ্বাৰা দৰ্শনৰ জগতত দেদ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় যি মতবাদ প্ৰচলিত হৈছে তাৰ নাম উপলক্ষ্য়বাদ। ডেকাৰ্ট ক্ৰিয়া-প্ৰতিক্ৰিয়াবাদৰ দোষ-ত্ৰুোটি দূৰ কৰাৰ উদ্দেশ্য়ে তেওঁৰ দুগৰাকী অনুগামী দাৰ্শনিক আৰ্নল্ড গেলিনেক্স আৰু নিকোলাচ মেলব্ৰাঞ্চ উপলক্ষ্য়বাদৰ প্ৰৱৰ্তন কৰে। দেহ-মন সম্পৰ্কীয় ডেকাৰ্টৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবাদ অনুসৰি দেহ আৰু মন দুটা পৰস্পৰ বিপৰীতধৰ্মী দ্ৰব্য়। মন আৰু দেহ পৰস্পৰ ভিন্ন ধৰ্মী দ্ৰব্য় হলেও সিহঁতৰ মাজত এক কাৰ্যকাৰণ সম্বন্ধ আছে যাৰ ফলত দেহই মনক আৰু মনে দেহক প্ৰভাৱিত কৰে। মস্তিষ্কত অৱস্থিত পিনিয়াল গ্ৰন্থিৰ সহায়ত মন আৰু দেহৰ মাজত পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পাদিত হয়। দেহ-মন সম্পৰ্কীয় কাৰ্টেছিয়ান এই মতবাদৰ ফলত দৰ্শনত যি আচলাৱস্থাৰ সৃষ্টি হয় তাক দূৰ কৰাৰ মানসৰে ডেকাৰ্টৰ অনুগামী গেলিনেক্স আৰু মেলবাঞ্চে উপলক্ষ্য়বাদ প্ৰচাৰ কৰে।

         ডেকাৰ্টৰ দৰে উপলক্ষ্য়বাদটো এইটো বিশ্বাস কৰা হয় যে মন আৰু দেহ দুটা পৰস্পৰ বিপৰীতধৰ্মী স্বতন্ত্ৰ দ্ৰব্য়। কিন্তু এই মতবাদত মন আৰু দেহক দুটা স্বতন্ত্ৰ দ্ৰব্য় বুলি স্বীকাৰ কৰি ইহতৰ দুটাৰ মাজত কাৰ্য-কাৰণ সম্বন্ধক স্বীকাৰ কৰা নহয়। মন আৰু দেহ যিহেতু দুটা পৰস্পৰ ভিন্নধৰ্মী দ্ৰব্য়, গতিকে সিহঁতৰ মাজত কোনো ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সম্বন্ধ নাই। কিন্তু পাৰস্পৰিক ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ সম্বন্ধ নাথাকিলেও দৈহিক কোনো ঘটনাই মানসিক ঘটনাক আৰু মানসিক কোনো ঘটনাই দৈহিক ঘটনাক প্ৰভাৱিত কৰিব পাৰে। অৰ্থাৎ উপলক্ষ্য়বাদ অনুসৰি দেহ আৰু মনৰ মাজত সম্বন্ধ আছে, কিন্তু এই সম্বন্ধ ডেকাৰ্টে কোৱা দৰে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সম্বন্ধ নহয়।

        উপলক্ষ্য়বাদীসকলে কৈছে যে, দৈহিক কোনো ঘটনা ঘটিলে মানসিক পৰিৱৰ্তন ঘটে আৰু মানসিক পৰিৱৰ্তন ঘটে আৰু মানসিক পৰিৱৰ্তন ঘটিলে দৈহিক চাঞ্চল্য় ঘটে; কিন্তু এনে ঘটনা ঘটিলেও সিহঁত এটা আনটোৰ কাৰ্য বা কাৰণ নহয়, কাৰণ দেহ আৰু মন দুটা বিপৰীতধৰ্মী দ্ৰব্য়। দৈহিক আৰু মানসিক ঘটনাৰ মাজত যি সম্বন্ধ দেখা যায় সি এটা আনটোৰ কাৰ্য বা কাৰণ নহয়, এটা আনটোৰ উপলক্ষাহে মাত্ৰ। ইয়াৰ প্ৰকৃত কাৰণ হ'ল ঈশ্বৰ। ঈশ্বৰৰ হস্তক্ষেপৰ ফলত দৈহিক কোনো ঘটনা ঘটিলে লগে লগে মানসিক পৰিৱৰ্তন সাধিত হয় আৰু মানসিক কোনো ঘটনা ঘটিলে দৈহিক চাঞ্চল্য় দেখা যায়। উপলক্ষ্য়বাদে ইয়াক স্পষ্ট কৰি কৈছে যে, দৈহিক পৰিৱৰ্তন ঘটিলে সেই পৰিৱৰ্তনক উপলক্ষ্য় কৰি ঈশ্বৰ অনুৰূপ মানসিক পৰিৱৰ্তন সংঘটিত কৰে আৰু মানসিক কোনো পৰিৱৰ্তন ঘটিলে তাক উপলক্ষ্য় কৰি ঈশ্বৰে অনুৰূপ দৈহিক পৰিৱৰ্তন সংঘটিত কৰে। গতিকে মানসিক পৰিৱৰ্তনৰ প্ৰকৃত কাৰণ হল ঈশ্বৰ, পূৰ্বৱতী দৈহিক পৰিৱৰ্তন হল উপলক্ষ্য় মাত্ৰ।


সমালোচনাঃ  

      ডেকাৰ্টৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবাদৰ ত্ৰুটিসমূহ দূৰ কৰাৰ উদ্দেশ্য় উপলক্ষ্য়বাদ প্ৰৱৰ্তনকৰা এই মতবাদতো ডেকাৰ্টৰ মতবাদৰ দৰে কিছুমান ত্ৰুটি পৰিলক্ষিত হয়। উপলক্ষ্য়বাদ দাৰ্শনিকভাৱে  যুক্তিসন্মত মতবাদ হিচাপে বিবেচনা কৰা নহয়। উপলক্ষ্য়বাদত ডেকাৰ্টৰ দোষ-ত্ৰুটিৰ আলোচনা কৰিবলৈ হে স্পিনোজৰ অদ্বৈতবাদৰ বাট মুকলি কৰি দিছে। ইয়াত দেহ আৰু মনৰ মাজৰ সম্বন্ধৰ মূল কাৰণ হিচাপে ঈশ্বৰক চিনাক্ত কৰা হৈছে। কিন্তু ঈশ্বৰৰ দ্ধাৰা মানুহৰ দৈহিক আৰু মানসিক কাৰ্যত হস্তক্ষেপ কৰা বিষয়টো ধৰ্মতত্ত্বৰ ক্ষেত্ৰত ত্বীকাৰ কৰা নহয়। প্ৰত্য়েক মানসিক ঘটনাৰ ক্ষেত্ৰত ঈশ্বৰক টানি অনাটো অলৌকিক কথা। ইয়াৰ ফলত ঈশ্বৰৰ অৱস্থান দাসত পৰিণত হয়। অলৌকিক ব্য়াখ্য়া যৌক্তিক দিশৰ পৰা কম মূল্য়ৱান আৰু প্ৰত্য়েক মূহুৰ্ততে ঈশ্বৰক দেহ- মনৰ সম্পৰ্ক স্থাপনত ব্য়স্ত ৰখা এক উদ্ভট কল্পনাৰ বাহিৰে আন একো নহয়। গতিকে উপলক্ষ্য়বাদ দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় এটা দাৰ্শনিক বিচাৰ বিযুক্তি মতবাদ। এই মতবাদ 'নিৰ্বোধ মান্তিক ব্য়ৱহাৰ' দোষত দোষিত।


2. দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় সমান্তৰালবাদ ব্য়াখ্য়া কৰা।

 উত্তৰঃ ডেকাৰ্টৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবাদ, গেলিন্ক্সে আৰু মেলব্ৰাধত উপলক্ষ্য়বাদৰ প্ৰক্ৰিয়া হিচাপে দেহ- মন সম্পৰ্কীয় যি দাৰ্শনিক মতবাদ দেখা যায় তাক সমান্তৰালবাদ বোলা হয়। সমান্তৰালবাদ অনুসৰি দেহ মন পৰস্পৰ নিৰপেক্ষ, এটাই আনটোক প্ৰভাৱিত নকৰে। গতিকে ডেকাৰ্টে ভবাৰ দৰে দেহ আৰু মনৰ মাজত কোনো ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্ভৱ নহয়। অৱশ্য়ে সমান্তৰালবাদী সকলে এইটো স্বীকাৰ কৰিছে যে প্ৰত্য়েক মানসিক ক্ৰিয়াৰ প্ৰতিৰূপে এটাকৈ দৈহিক ক্ৰিয়া আছে আৰু একোটাকৈ দৈহিক ঘটনাৰ বিপৰীতে এটাকৈ মানসিক ক্ৰিয়া পোৱা যায়। কিন্তু দৈহিক ঘটনাৰ বিপৰীতে একোটাকৈ মানসিক ক্ৰিয়া থাকিলেও বা মানসিক ক্ৰিয়াৰ প্ৰতিৰূপে একোটাকৈ দৈহিক ঘটনা থাকিলেও সিঁহতে এটাই আনটোক প্ৰভাৱিত নকৰে।

                সমান্তৰালবাদ অনুসৰি দেহ আৰু মনৰ মাজত কাৰ্যকাৰণ সম্বন্ধ নাথাকিলেও অৱশ্য়ে এক ধৰণৰ সংগতি আছে। পূৰ্বপৰ ঘটি যোৱা দৈহিক ক্ৰিয়াবোৰৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ আছে, কিন্তু দৈহিক ক্ৰিয়া আৰু মানসিক ক্ৰিয়াৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ নাই। দৈহিক আৰু মানসিক ক্ৰিয়াৰ মাজত আছে কেৱল সংগতি। এটা উদাহৰণৰ সহায়ত বিষয়টো স্পষ্ট কৰা হ'ল। ধৰা হ'ল, চলমান দুটা নিখুঁত ঘড়ী আছে। সিহঁতে একে সময় দিয়ে, একেলগে চলে। কিন্তু ইয়াৰ দ্ধাৰা এইটো অনুমান কৰা তুল হ'ব সিহঁত দুটাৰ মাজত কাৰ্যকাৰণ সম্বন্ধ আছে। কাৰণ এটা ঘড়ী চলাৰ লগে লগে আনটো চলে। ঘড়ী দুটাৰ মাজত যদি কিবা সম্বন্ধ আছে সি হ'ল সংগতি বা অনুৰূপতা সম্বন্ধ। ইয়াৰ বাবে দায়ী ঘড়ী ভিতৰত থকা যন্ত্ৰপাতি।

সমান্তৰালবাদ বুলিলে বুজায় সেই মতবাদক যি মতবাদ অনুসৰি---

(i) দেহ আৰু মন পৰস্পৰ নিৰপেক্ষ সম্পূৰ্ণ দুটা ভিন্ন তত্ত্ব। গতিকে সিহঁতৰ ক্ৰিয়াসমূহ নিৰপেক্ষভাৱে চলি থাকে।

(ii) দেহ আৰু মন পৰস্পৰে পৰস্পৰক প্ৰভাৱিত নকৰে। সিহণতৰ মাজত কোনে ক্ৰিয়া প্ৰতিক্ৰিয়া নাই।

(iii) দৈহিক আৰু মানসিক ঘটনাৰ মাজত কোনে কাৰ্যকাৰণ সম্বন্ধ নাই। এটা দৈহিক ঘটনাৰ পৰৱৰ্তী দৈহিক ঘটনাৰ সৃষ্টি কৰে আৰু এটা মানসিক ঘটনা পৰৱৰ্তী মানসিক অৱস্থাক উৎপন্ন কৰে।

(iv) দেহ আৰু মনৰ মাজত আছে সংগতি। দেহ আৰু মনৰ মাজত ঘটা ঘটনাবোৰসমান্তৰালভাৱে চলি থাকে।

            পাশ্চাত্য় দৰ্শনত সমান্তৰালবাদৰ সমৰ্থক হিচাপে লাইৱনিজ আৰু স্পিনোজাৰ নাম পোৱা যায়। লাইৱনিজৰ সমান্তৰালবাদ 'মনোদৈহিক সমান্তৰালবাদ' হিচাপে পৰিচিত আৰু স্পিনোজাৰ সমান্তৰালবাদ 'দ্বৈভংগীবাদ' হিচাপে জনা যায়।ষ্টাউট লাইৱনিজৰ মনোদৈহিক সমান্তৰালবাদক সমৰ্থন কৰিছে আৰু হাৰ্বাট স্পেনছাৰে, ডোনাল্ড ডেভিডছন আদি দাৰ্শনিকসকল স্পিনোজাৰ দ্বিভংগীবাদক গ্ৰহণ কৰিছে।

       বুদ্ধিবাদী দাৰ্শনিক লাইৱনিজৰ জাগতিক শৃংখলা, ঐক্য় ধাৰাবাহিকতা সম্পৰ্কীয় মতবাদৰ পূৰ্বপ্ৰতিষ্ঠিত শৃংখলাবাদ। তেওঁৰ মনোদৈহিক সমান্তৰালবাদ প্ৰৱৰ্তন কৰিছে মনাততত্বৰ আধাৰত। এই মতবাদত দেহৰ আৰু মনৰ মাজত কোনে কাৰ্য-কাৰণ সম্বন্ধ বিহীনভাৱে ইহঁতৰ মাজৰ সম্বন্ধক ব্য়াখ্য়া কৰা হৈছে। লাইৱনিজৰ মনাততত্ত্ব অনুসৰি এই জগত অসংখ্য়া মনাতেৰে গঠিত। জড়বস্তু, মন আৰু ঈশ্বৰ আদি সকলো বিষয়েই মনাতৰ দ্ধাৰা গঠিত। লাইৱনিজৰ মতে, মনাতৰ মাজত শৃংখলা আৰু সামজ্ঞস্য় আছে। কিন্তু এই শৃংখলা পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া নহয়, এই শৃংখলা সম্পূৰ্ণৰূপে ঈশ্বৰৰ ৰচনাৰ ওপৰত আধাৰিত।

           সমান্তৰালবাদৰ আন এটা ৰূপ পোৱা যায় স্পিনোজাৰ দৰ্শনত। দেহ আৰু মন সম্বন্ধ সম্পৰ্কীয় স্পিনোজাৰ সমান্তৰালবাদ 'দ্বিভংগীবাদ' নামেৰে পৰিচিত। ৰেনে ডেকাৰ্টক ক্ৰিয়া-প্ৰতিক্ৰয়াবাদ আৰু উপলক্ষ্য়বাদৰ প্ৰতিক্ৰিয়া স্বৰূপে স্পিনোজাৰ সমান্তৰালবাদৰ উদ্ভৱ হয়। স্পিনোজাৰ মতে, দ্ৰব্য় এক আৰু অসীম। এই দ্ৰব্য়ই ঈশ্বৰ আৰু প্ৰকৃতি। দ্ৰব্য় বা ঈশ্বৰৰ অসংখ্য়া গুণৰ ভিতৰত মানুহে মাত্ৰ দুটা গুণক জানিব পাৰে- বিস্তৃতি বা জড় আৰু চেতন বা চিন্তন। মানৱ দেহৰ জড় বা বিস্তৃতি আৰু মন হল অজড় চেতন সতা। ডেকাৰ্টৰ ক্ৰিয়া- প্ৰতিক্ৰিয়াবাদৰ বিৰোধিতা কৰি তেওঁ তেওঁ কৈছে যে দেহ আৰু মন দুটা ভিন্ন সতা নহয়। ইহঁত দুটা একেই দ্ৰব্য় বা ঈশ্বৰৰ গুণ। একেই দ্ৰব্য়ৰ গুণ হোৱাত দেহ আৰু মনৰ মাজত একেদৰে ক্ৰিয়া, ঘটি থাকে, একেদৰেই সিহঁতৰ মাজত পৰিৱৰ্তন সাধিত হয়। অৰ্থাৎ দেহ আৰু মন  সদায় সমান্তৰালভাৱে ক্ৰিয়া কৰে।


3. দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় উপবস্তুবাদ ব্য়াখ্য়া কৰা।

উত্তৰঃ উপবস্তুবাদ দেহ আৰু মনৰ সমৃন্ধ সম্পৰ্কীয় এক জড়বাদী মতবাদ। জড়বাদ অনুসৰি জড়ই জগতৰ পৰমতত্ত্ব। জড় আৰু জড়শক্তিৰ বাহিৰে এই জগতত আন কোনো তত্ত্ব নাই। মন বা আত্মা জড়ৰ  পৰাই উদ্ভৱ এক তত্ত্ব। অৰ্থাৎ মন হ'ল জড়ৰ পৰা উৎপন্ন এক বস্তু। জড়বাদী এক মতবাদ হিচাপে উপবস্তুবাদতো এইটো বিশ্বাস কৰা হয় যে মন হ'ল জড় উপবস্তু। গতিকে মনৰ কোনো স্বতন্ত্ৰ অস্তিত্ব নাই আৰু সেয়েহে মনৰ সকলো কোনো স্বতন্ত্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াও নাই। জড়ই মুখ্য় বস্তু য'ৰ পৰা সমগ্ৰ জীৱদেহ পৰিচালিত হয়, মন হ'ল জড়ৰে উপজাত বস্তু। গতিকে দেহ হৈছে মুখ্য় আৰু মন জড়ৰ বা দেহৰ উপজাত বস্তু হিচাপে মন হ'ল গৌণ।

                    উপবস্তুবাদত দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কত কোৱা হয়, যে মন হ'ল দেহৰ উপবস্তু বা উপজাত পদাৰ্থ। দেহৰ লগত মনৰ সম্পৰ্ক শৰীৰৰ লগত তাৰ ছাঁৰ সম্পৰ্কৰ দৰে। শৰীৰ চঞ্চল হ'লে যিদৰে ছাঁ চঞ্চল হয়, তেনেদৰে দেহ চঞ্চল হ'লে মন চঞ্চল হয়, কিন্তু ছাঁ চঞ্চল হ'লে শৰীৰ চঞ্চল হ'ব-- এনে কথা কোৱা নাযায়। গতিকে দৈহিক ঘটনা মানসিক ঘটনাৰ কাৰণ, কিন্তু মানসিক ঘটা দৈহিক ঘটনা কাৰণ নহয়। মানসিক ঘটনা দৈহিক ঘটনাৰ ছাঁ-মাত্ৰ। দৈহিক ঘটনাৰ ওপৰত ক্ৰিয়া কৰাৰ কোনো ক্ষমতা মনৰ নাই। এইদৰে দেখা যায় যে, উপবস্তুবাদত একমুখী কাৰণতাক বিশ্বাস কৰা হয়।

                        উপবস্তুবাদৰ প্ৰৱৰ্তক হিচাপে আধুনিক দৰ্শনত থমাচ হাক্সলিৰ নাম পোৱা যায়। তদুপৰি, আধুনিক মনোদৰ্শনত হাগছন এই মতবাদৰ প্ৰচাৰ কৰিছে। কিন্তু  'Epiphenomenalism' শব্দটো ব্য়ৱহাৰ কৰে উইলিয়াম জেমছ। সাধাৰণতে  'Epi-phe-nomenalism' শব্দটোৰ দ্ধাৰা 'অতিৱৰ্তী মানসিক অৱস্থাকে' বুজোৱা হয়। কিন্তু দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় আলোচনাত ইয়াক মনক দেহৰ উপবস্তু হিচাপে ব্য়ৱহাৰ কৰা হৈছে। উপবস্তু হ'ল অনে তত্ত্ব যাৰ কাৰ্য  কৰাৰ কোনো ক্ষমতা নাথাকে। উপবস্তুবাদে মনক দেহৰ উপবস্তু বুলি গণ্য় কৰে। গতিকে 'উপবস্তু' শব্দটোৱে মনৰ দেহ নিভৰ্ৰতাবা মানসিক অৱস্থাক দৈহিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীলতাকে ইয়াক প্ৰতিপাদিত কৰা হৈছে।

                            উপবস্তুবাদ দুি ধৰণৰ হ'ব পাৰে-- নিদৰ্শনগত উপবস্তুবাদ আৰু প্ৰকাৰগত উপবস্তুবাদ। চি. ডি, ব্ৰড উপবস্তুবাদৰ এনে শ্ৰেণীকৰণ উল্লেখ কৰিছে। নিদৰ্শনগত উপবস্তুবাদ ্নুসৰি এটা মানসিক ঘটনা কেতিয়াও কাৰণ হ'ব নোৱাৰে। আনহাতে, প্ৰকাৰগত উপবস্তুবাদ অনুসৰি কোনো ঘটনাই মানসিক প্ৰকাৰৰ সদস্য়াৰূপে কোনো কিছুৰে কাৰণ হ'ব নোৱাৰে। প্ৰকাৰগত উপবস্তুবাদৰ ঘনিষ্ঠভাৱে জড়িত আন এটি মতবাদ হ'ল ধৰ্মগত উপবস্তুবাদ। এই মতবাদ অনুসৰি কোনো মানসিক ধৰ্ম-বিশিষ্টৰূপে কোনো ঘটনাই আন কোনো ঘটনাৰ কাৰণ হ'ব নোৱাৰে। গতিকে দেখা যায় যে, উপবস্তুবাদত দৈহিক আৰু মানসিক ঘটনা অৰ্থাৎ দেহ আৰু মনৰ সম্বন্ধত সদায় এটা কথা কোৱা হয় যে মানসিক ঘটনা কেতিয়াও দৈহিক বা অন্য় কোনো ঘটনাৰ কাৰণ হ'ব নোৱাৰে।


4. Critically discuss epiphenomenalism.

উপবস্তুবাদৰ সমালোচনামূলক আলোচনা কৰা।

উত্তৰঃ উপবস্তুবাদ দেহ আৰু মনৰ সম্বন্ধ সম্পৰ্কীয় সন্তোষজনক মতবাদ নহয়। ইয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ আপত্তি আছে। এইবোৰ তলত উল্লেখ কৰা হল-

i) ব্য়ৱহাৰিক জীৱনত উপবস্তুবাদ সন্তোষজনক মতবাদ নহয়। উপবস্তুবাদ মতে, মানসিক ক্ৰিয়া শাৰীৰিক ক্ৰিয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰে। কিন্তু আমি এইটো স্পষ্টকৈ লক্ষ্য় কৰোঁ যে আমাৰ ইচ্ছাই শাৰীৰিক গতিশীল কৰি তোলে। আমাৰ মনত যদি এই চিন্তা জাগ্ৰত হয় যে এই স্থান ত্য়াগ কৰি অন্য় এক স্থানত গতি কৰিব লাগে, তেনেহলে লগে লগে আমাৰ শৰীৰ গতিশীল হৈ পৰে আৰু আমি অন্য়ত্ৰ যাবলৈ আৰম্ভ কৰোঁ। গতিকে ব্য়ৱহাৰিক জীৱনৰ ঘটনাৰ লগত উপবস্তুবাদৰ কোনো মিল নাই।

ii) উপবস্তবাদ এক জড়বাদী মতবাদ। গতিকে ইয়াত জড়বাদৰ সকলো দোষ নিহিত আছে। জড়বাদ অনুসৰি জড়ই পৰম তত্ত্ব। কিন্তু জড়বাদৰ এই মতবাদ সত্য় নহয়। জড়ক জগতৰ মূলত তত্ত্ব বুলি ভাবিলে মন, আত্মা, ঈশ্বৰ, পৰমাত্মা ইত্য়াদি ধৰ্মীয় আৰু আধ্য়াত্মিক তত্ত্বসমূহৰ ব্য়াখ্য়া দিয়া সম্ভৱ নহয়।

iii) চিকিৎসা বিজ্ঞানীসকলে মনক দেহৰ উপবস্তু হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। কাৰণ তেওঁলোকৰ মতে, এনে বহু ব্য়াধি আছে যিবোৰ প্ৰকৃততে মনস্তাত্ত্বিক, দেহৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। মন যদি দেহৰ উপবস্তু হলেহেতেন, তেনেহলে মানসিক ঘটনাৰ বিশ্লষণৰ মাধ্য়মত মানসিক ব্য়াধিৰ চিকিৎসা কৰা সম্ভৱ নহলহেতেন।

iv) বৰ্তমান মনোবিজ্ঞানীসকলে মনক স্নায়ুতন্ত্ৰৰ কাৰ্যকলাপৰ লগত অভিন্ন ৰূপত গণ্য় কৰাৰ পক্ষপাতী নহয়। সঠিক কাৰ্যকলাপৰ বাবে উন্নত স্নায়ুতন্ত্ৰৰ প্ৰয়োজন হলেও মনক স্নায়ুতন্ত্ৰৰ সমষ্টি হিচাপে গণ্য় কৰা যুক্তিযুক্ত নহয়।

v) পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞানৰ বাহিৰেও যে অন্য়ান্য় বিজ্ঞান, যেনে- জীৱবিজ্ঞান, মনোবিজ্ঞান প্ৰভৃতিত যে বাস্তৱ বিষয় সম্পৰ্কে আলোচনা কৰা হয়, এইটো স্বীকাৰ নকৰিলে বিজ্ঞানৰ এটা বিভাগৰ প্ৰতি অযথা পক্ষপাতিত্ব আৰু অন্য়ান্য় বিভাগৰ প্ৰতি অযৌক্তিক উদাসীনতা প্ৰদৰ্শন কৰা হব।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answer: Jipika Hazarika



Post ID: DABP001988