তৃতীয় অধ্যায়

                                                লোকতান্ত্ৰিক চীন গণৰাজ্য

১/ চীনা সভ্যতা শাসক আৰু শাসিত বিষয়ে লিখা?

উত্তৰঃ চীনা সভ্যতাক বিশ্বৰ এক পুৰণি সভ্যতা বুলি কব পাৰি। ই আনকি গ্ৰীক, বেবিলিয়ন আৰু ইজিপ্তৰ সভ্যতাতকৈও পুৰণি। খৃষ্টান সভ্যতাতকৈ বহু পুৰণি। অতি কমেও ই প্ৰায় ৭০০০ বছৰৰ পুৰণি। এই দীঘলীয়া সময়ছোৱাত কেইবাটাও ৰাজবংশই চীন দেশক শাসন কৰিছিল। ইয়াৰ ভিতৰত চৌ বংশৰ ৰাজত্বকাল অতি গুৰুত্বপূৰ্ণ।

    মাঞ্চু ৰাজবংশইচীন দেশক ১৬৬১ চনৰ পৰা ১৯১১ চনলৈ শাসন কৰিছিল আৰু চীনদেশক একত্ৰীকৰণ কৰিবলৈ সক্ষম হৈছিল। মাঞ্চু শাসকসকলে তিব্বতক তেওঁলোকৰ শাসনৰ অধীনলৈ ১৭০০ চনত, মংগোলিয়াক ১৭৬০ চনত আৰু ছিনকিয়াঙক ১৭৮৯ চনত নিজৰ শাসনৰ অধীনলৈ আনে। মাঞ্চুৰীয়াত ৰাছিয়ানসকল, শ্বানটুঙত জাৰ্মানসকল, য়াংটেজ উপত্যকাত ব্ৰিটিছসকল চীনৰ অন্য বিভিন্ন এলেকাত জাপানী আৰু ফৰাচীসকলে নিজস্ব প্ৰভাৱ সৃষ্টিৰ বাবে সফল আছিল। ১৮৪১ আৰু ১৮৫৮ চনৰ কানি যুদ্ধত ব্ৰিটিছ বাহিনীৰ বিজয়ৰ ফলস্বৰূপে চীনা সকলৰ ওপৰত চলা শোষণৰ পৰিমাণ বৃদ্ধি পাইছিল। ১৮৯৫ চনত জাপানে চীন দেশক আত্ৰুমণ কৰি ইয়াৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰে।

২/ চিয়াং কাই শ্বেইখৰ দ্বাৰা সন্মুখীন হোৱা বাধাসমূহ উল্লেখ কৰা?

উত্তৰঃ চিয়াং কাই শ্বেইখৰ দ্বাৰা সন্মুখীন হোৱা বাধাসমূহ তলত উল্লেখ কৰা হল -

(১) মাও চেং - টুঙৰ গতিশীল নেতৃত্বৰ অধীনত সাম্যবাদীসকলৰ শক্তি, (২) জাপানৰ দ্বাৰা সৃষ্টি কৰা ভাবুকিৰ ফলস্বৰূপে চিয়াঙে চীনৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষাৰ বাবে কুউমিন্টাং আৰু সাম্যবাদী সকলৰ মাজত মিত্ৰতা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু (৩) চীনা প্ৰশাসনত ব্যাপক দুৰ্নীতি।

(৪) মাওৰ কুউমিন্টাং আৰু সাম্যবাদীসকলঃ মাওৰ নেতৃত্বত সাম্যবাদীসকলে কুউমিন্টাং সকলক আক্ৰমণ কৰাৰ বাবে গেৰিলা কৌশল গ্ৰহণ কৰে। বৈপ্লৱিক লক্ষ্য পূৰণৰ বাবে তেওঁলোকে চীনা কৃষকসকলৰ পৰা সক্ৰিয় সহযোগিতা লাভ কৰিছিল। ক্ষুদ্ৰ ভূমিৰ গৰাকীসকলৰ পক্ষে ভূমি সংস্কাৰৰ বাবে মাওৰ আহবানে সাম্যবাদী আদৰ্যক অধিক জনপ্ৰিয় কৰি তুলিছিল।

৩/  চীনত সাম্যবাদী বিপ্লৱৰ বাবে জগৰীয়া হোৱা কাৰকসমূহ উল্লেখ কৰা?

উত্তৰঃ চীনত সাম্যবাদী বিপ্লৱৰ বাবে জগৰীয়া হোৱা কাৰকসমূহ তলত উল্লেখ কৰা হল -

(১) ৰাষ্ট্ৰীয়তাবাদৰ উত্থানঃ মেলকম ডি. কেনেজীয়ে এবাৰ কৈছিল, '' চীনা সাম্যবাদ চীনা ৰাষ্ট্ৰীয়তাবাদৰ সন্তান। বিদেশী শাসকৰ হাতত শোষিত হোৱাৰ পিছত আৰু তেওঁলোকৰ শাসকসকলৰ অদক্ষতা আৰু অক্ষমতাৰ ফলস্বৰূপে তেওঁলোকৰ সুস্থ চৰকাৰ প্ৰদান কৰিবলৈ অসমৰ্থ হৈছিল। ফলস্বৰূপে চীনৰ জনসাধাৰণে শোষণ আৰু দুৰ্নীতিৰ শক্তিক দূৰীকৰণ কৰাৰ বাবে সতৰ্ক হল।'' ইয়াক মাওৰ সাম্যবাদী দল অফ চাইনাৰ দ্বাৰা সঠিকভাৱে ব্যৱহাৰৰ কৰিছিল। 

(২) চিৰাং কাই শ্বেইকৰ দুৰ্বল প্ৰশাসনঃ ১৯২৯ চনত ড০ চান য়াট চেনৰ মৃত্যুৰ পিছত, চিৰাং বাই - শ্বে কুউমিন্টাঙৰ এক অবিশ্বাসী নেতা হৈ পৰিছিল। তেওঁ এজন গোড়া ৰাষ্ট্ৰীয়তাবাদী আৰু একে সময়তে সাম্যবাদী বিৰোধী অৱশ্যে এজন দায়বদ্ধ ৰাষ্ট্ৰীয়তাবাদী হোৱাৰ স্বত্বেও, তেওঁ প্ৰশাসক হিচাপে বিফল আছিল। দেশবাসীক এক দক্ষ আৰু সু-শাসন দিবলৈ তেওঁ অসমৰ্থ হৈছিল। জাপানীসকলে চীনৰ উপকূল অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে জনসাধাৰণৰ ওপৰত সাম্যবাদীসকলে প্ৰতিপত্তি স্থাপনৰ ক্ষেত্ৰত সফল হৈছিল। 

(৩) চীনদেশৰ দৰিদ্ৰতা আৰু উন্নয়নদীনতাঃ ব্য়াপক দৰিদ্ৰতা, উন্নয়নহীনতা, কম উৎপাদনশীল কৃষি, জনসাধাৰণৰ ওপৰত সামস্তবাদী শোষণ, ঘৰুৱা উদ্যোগৰ অভাৱ, কৰ্ম - সংস্থাপনহীনতা আৰু দুৰ্নীতি হল চীনা সমাজৰ কঠোৰ আৰু দুখজনক বাস্তৱতা। জাপানী আক্ৰমণৰ ফলত সৃষ্টি হোৱা চাপ, দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতি, সাম্যবাদীসকলৰ কাৰ্যকলাপ আৰু বিদেশী শক্তিৰ দ্বাৰা সৃষ্টি কৰা শোষণৰ ফলস্বৰূপে চীনা অৰ্থনীতি দুৰ্বল হৈ পৰিছিল। চীনা মুদ্ৰাৰ অৱমূল্যায়ণকৰণৰ ফলস্বৰূপে ১৯৩১ চনত এক আমেৰিকান ডলাৰৰ পৰা ৩.৪১ য়ুৱান, ১৯৪৫ চনত ১৭১০ য়ুৱান আৰু ১৯৪৮ চনত ৪৫,০০০ য়ুৱান পোৱা গৈছিল।

(৪) সাম্যবাদী আন্দোলনৰ ব্যাপক জনপ্ৰিয়তা আৰু শক্তিঃ ৰাছিয়াৰ সাম্যবাদী বিপ্লৱ (১৯১৭) ৰ প্ৰভাৱৰ অধীনত চীনৰ সাম্যবাদী দল ১৯২০ চনত গঠন কৰা হৈছিল। এই দলৰ জন্ম হোৱাৰ ফলস্বৰূপে চীনদেশত মাৰ্ক্সাবাদী - লেনিনবাদী আদৰ্শ জনপ্ৰিয়তা হৈ পৰিছিল। সাম্যবাদী দলে সাম্যবাদী আদৰ্শৰ সম্প্ৰসাৰণ কৰাৰ লগতে চীনদেশত সামাজিক বিপ্লৱৰ সৃষ্টি কৰাৰ বাবে চেষ্টা কৰিলে। এই পদক্ষেপত চীনা সাব্যবাদী দলে ছোভিয়েট সাম্যবাদীসকলৰ পৰা সক্ৰিয় সমৰ্থন আৰু সহযোগিতা লাভ কৰিছিল।

(৫) চীনা সাম্যবাদীসকলৰ বাবে ছোভিয়েট সমৰ্থনঃ চীনদেশত সামাজিক বিপ্লৱ স্থাপনৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদীসকলে যথেষ্ট শক্তি আৰু নীতি - নিৰ্দেশনা প্ৰদান কৰিছিল। চীনদেশত সাম্যবাদৰ বৰ্দ্ধিত জনপ্ৰিয়তাক এছিয়া আৰু সমগ্ৰ বিশ্বতে সাম্যবাদৰ সম্প্ৰসাৰণৰ বাবে ছোভিয়েট ৰাছিয়াই এক সুযোগ বুলি গণ্য কৰিলে। চীনা জনসাধাৰণে ছোভিয়েট ৰাছিয়াৰ পৰা সকলো ধৰণৰ সহযোগিতা গ্ৰহণ কৰি সমাজবাদৰ যোগেদি দৰিদ্ৰতা, শোষণ আৰু দুৰ্নীতি পৰা মুক্ত হোৱাৰ পথ হিচাপে ভাবিলে। 

৪/ ১৯৬০ দশকৰ চীনা সাংস্কৃতিক বিপ্লৱৰ বিষয়ে লিখা?

উত্তৰঃ সমাজবাদী শিক্ষা অভিযানৰ সময়ছোৱাত মাও - চু - টুঙে এক পৰিকল্পিত সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে জনসাধাৰণৰ চিন্তা - ধাৰাৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰিলে। সমাজবাদৰ দিশত সাংস্কৃতিক বিপ্লৱ এক উল্লেখযোগ্য স্তৰ বুলি তেওঁ গণ্য কৰিলে। লি শ্বু চিৰ দৰে মাওৰ সমালোচকে কব খোজে যে সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে মাওে গ্ৰেট লিপ ফৰৱাৰ্ড বিফলতাৰ ফলত হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। 

    ১৯৬৫ চনৰ শেষৰ মাহকেইটাৰ পৰা মাওবাদী সাংস্কৃতিক স্বেচ্ছাসেৱক ৰেড গাৰ্ডসকলে ব্যাপক প্ৰস্ততি আৰম্ভ কৰিছল। তেওঁলোকক নিয়োগ কৰি শিক্ষিত আৰু প্ৰশিক্ষিত কৰা হৈছিল। ১৯৬৬ চনৰ আৰম্ভণি লিঅ ফৈদে পেকিং পৌৰসভাৰ শাসন হেৰুওৱাৰ ফলস্বৰূপে সেই বছৰৰে মাজভাগত সাংস্কৃতিক বিপ্লৱ সংগঠিত হোৱাৰ পৰিৱেশৰ সূচনা হল। ১৯৬৬ চনৰ আগষ্ট মাহত ৰেড গাৰ্ডসকলে পেকিঙৰ সংবেত হৈ পুঁজিবাদী সকলক আক্ৰমণ কৰিবলৈ ধৰিলে। হিংসা, সন্ত্ৰাস, খং আৰু প্ৰতিশোধৰ পৰিৱেশে বিৰাজ কৰিলে। পুঁজিবাদীসকলক আক্ৰমণ কৰাৰ নামত বিপ্লৱৰ বিৰোধীসকলৰ ওপৰত আক্ৰমণ কৰা হল। ৰেড গাৰ্ডসকলে এক ধ্বংসাত্মক আৰু হিংসাত্মক গৃহযুদ্ধত অৱতীৰ্ণ হল। ১৯৬৭ চনৰ ২৫ আগষ্ট তাৰিখে তেওঁ ৰেড গাৰ্ড আৰু জনসাধাৰণক সেনাবাহিনীৰ সমৰ্থন কৰিবলৈ আহবান জনালে। ১৯৬৮ চনৰ মাৰ্চ মাহত অত্যাধিক বাওঁপন্থী আন্দোলনে শক্তিশালী স্থিতি লাভ কৰে আৰু মাও তথা লিঅ গোটৰ মাজত সংঘাত অধিক বৃদ্ধি পালে। প্ৰথমতে, সেনা বাহিনীৰ বৰ্দ্ধিত ভূমিকাক সীমাবদ্ধ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল।

৫/ সাংস্কৃতিক বিপ্লৱৰ পদক্ষেপসমূহ উল্লেখ কৰা?

উত্তৰঃ সাংস্কৃতিক বিপ্লৱৰ পদক্ষেপসমূহ তলত উল্লেখ কৰা হল -

(১) লিঅ' শ্ব' চিৰ নেতৃত্বাধীন মাওৰ বিৰোধীসকলক নিৰ্মূল কৰা। লিঅ' শ্ব' চিৰ সমৰ্থক বেইজিঙৰ মেয়ৰকো আঁতৰ কৰা হল।

(২) আওপুৰণি ধাৰণা আৰু ৰীতি - নীতিৰ দূৰীকৰণ কৰি নিজৰ ঘৰুৱা শোষণকাৰী াৰু পৰম্পৰাগত শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া। এইসমূহ শোষণকাৰী শ্ৰেণী আৰু সমাজত ইয়াৰ কোনো স্থান নাই।

(৩) মাওৰ চিন্তাসমূহ বিশেষকৈ ৰেড বুকত উল্লেখ কৰা চিন্তাসমূহক জনপ্ৰিয়, পোষকতা আৰু অনুসৰণ কৰা।

(৪) সাংস্কৃতিক বিপ্লৱৰ সময়ত সকলো সামৰিক তথা অসামৰিক ব্যক্তিসকলে সহজ সৰল জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল।

(৫) উমৈহতীয়া শিক্ষা প্ৰদান আৰু সামাজিকীকৰণৰ বাবে উমৈহতীয়া বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছিল।

৬/ সাংস্কৃতিক বিপ্লৱৰ ফলাফলসমূহ উল্লেখ কৰা?

উত্তৰঃ সাংস্কৃতিক বিপ্লৱৰ ফলাফলসমূহ তলত উল্লেখ কৰা হল -

(১) ইয়াৰ দ্বাৰা সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে চীনদেশত মাও - চে - টুঙৰ সৰ্ব্বোচ্চতা পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ দ্বাৰা মাওৰ সকলো সমালোচনা আৰু বিৰোধিতাক মষিমূৰ কৰিবলৈ বিচৰা হৈছিল।

(২) ৰেড গাৰ্ড আৰু বৈপ্লৱিক সমিতিসমূহৰ নেতাসকল চীনদেশৰ নতুন ৰাজনৈতিক সম্ভ্ৰান্ত শ্ৰেণী হিচাপে আৱিৰ্ভাৱ হৈছিল। চীনা সাম্যবাদী দলৰ জৰিয়তে ক্ষমতা প্ৰয়োগৰ দ্বাৰা ইয়াৰ ভূমিকা অধিক স্পষ্ট, নিশ্চিত আৰু অধিক হৈ পৰিছিল।

(৩) ই চীনা সৈন্যবাহিনী - দ্যা পিপলছ লিবাৰেশ্যন আৰ্মীৰ অবিৰত ভূমিকা চীনা ৰাজনৈতিক ব্যৱস্থাত পুনৰ নিশ্চিত কৰি তুলিছিল। চীনা সাম্যবাদী দলৰ ক্ষমতা প্ৰয়োগৰ দ্বাৰা ইয়াৰ ভূমিকা অধিক স্পষ্ট, নিশ্চিত আৰু অধিক হৈ পৰিছিল।

(৪) সাংস্কৃতিক বিপ্লৱে আৰ্থ - সামাডিক উন্নয়ন প্ৰক্ৰিয়াক বিৰূপভাৱে ক্ষতিগ্ৰস্ত কৰিছিল।

(৫) সাংস্কৃতিক বিপ্লৱৰ সময়ছোৱাত সমাজৰ সকলো শ্ৰেণীৰ বিশেষকৈ সংখ্যালঘুসকলে ৰেড গাৰ্ডৰ হাতত বহুতো কষ্ট আৰু অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল।

৭/ চীনৰ সাংবিধানিক বিকাশৰ বিষয়ে লিখা?

উত্তৰঃ বিশ্বৰ সমগ্ৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত চীনৰেই আটাইতকৈ দীঘলীয়া ইতিহাস আছে। এই দেশৰ সকলো জাতি - জনগোষ্ঠী একত্ৰিত হৈ একচমৎকাৰী সংস্কৃতি সৃষ্টি কৰাৰ লগতে এক গৌৰৱময় বিপ্লৱী পৰম্পৰাৰ সূচনা কৰিছিল। সামন্তবাদী চীন দেশ ১৮৪০ চনৰ পিছৰে পৰা ক্ৰমান্বয়ে অৰ্দ্ধ ঔপনিবেশিক আৰু অৰ্দ্ধ - সামন্তবাদী ৰাষ্ট্ৰলৈ পৰিণত হৈ পৰিছিল। ইয়াৰ পিছত চীন দেশৰ জনসাধাৰণে গণতন্ত্ৰ আৰু স্বাধীনতাৰ কাৰণে ঐতিহাসিক যুদ্ধত লিপ্ত হব লগা হৈছিল। চীনৰ জনসাধাৰণে তেতিয়ালৈকে সাম্ৰাজ্যবাদ আৰু সামন্তবাদক সম্পূৰ্ণৰূপে ওফৰাই পেলোৱাৰ ঐতিহাসিক সম্পূৰ্ণ ৰূপে সমাধা কৰি তুলিব পৰা নাছিল। 

    চীন হৈছে এখন এককেন্দ্ৰিক আৰু সাম্যবাদী ৰাষ্ট্ৰ আৰু ইয়াৰ সংবিধানত উল্লেখ থকা অনুসৰি এই ৰাষ্ট্ৰখনে ''সাম্যবাদক চীন দেশৰ বৈশিষ্ট্যৰ ভেটিত গঢ়ি তুলি সমাজবাদৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব'' যত ''চীনৰ সাম্যবাদী দলে নেতৃত্ব বহন কৰিব আৰু মাৰ্ক্সবাদ - লেলিনবাদ, মাও জেটুঙৰ চিন্তাধাৰা আৰু ডেং জিয়াওপিঙৰ তত্বই দেখুওৱা পথৰে অগ্ৰসৰ হব।'' চীনৰ এই ৰাজনৈতিক প্ৰক্ৰিয়াক চীনা সাম্যবাদী দলৰ ৮৬.৭ মিলিয়ন সদস্যই আগুৱাই নিছে। চীনৰ এই ৰাজনৈতিক প্ৰক্ৰিয়াক দিগদৰ্শন কৰে ১৯৮২ চনত বলবৎকৰা চীনা সাম্যবাদী দলৰ সংবিধানৰ লগতে দেশৰ সংবিধানে। চাইনীজ সাম্যবাদী দলৰ সংবিধানখন ২০০২ চনত আৰু ৰাষ্ট্ৰীৰ সংবিধানখন ১৯৮৮, ১৯৯৩, ১৯৯৯ আৰু ২০০৪ চনত সংশোধন কৰা হৈছিল। 

৮/ ১৯৪৭ চনৰ চীন গণৰাজ্যৰ সংবিধানৰ বিষয়ে লিখা?

উত্তৰঃ ১৯৪৬ চনৰ ২৫ ডিচেম্বৰ তাৰিখে নানকিঙত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সংবিধান পৰিষদত চীন গণৰাজ্যৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। ইয়াক ১৯৪৭ চনৰ ১জানুৱাৰী তাৰিখৰ পৰা বলবৎ কৰা হৈছিল আৰু সেই বছৰৰে ২৫ ডিচেম্বৰৰ পৰা এই সংবিধানখনক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল। এই সংবিধানত প্ৰস্তাৱনাৰ উপৰিও ১৭৫ টা অনুচ্ছেদ আৰু ১৪ টা অধ্যায় আছিল। এই সংবিধানে শাসন ব্যৱস্থাৰ বাবে পাঁচটা শাখা সামৰি এখন কেন্দ্ৰীয় চৰকাৰ আৰু এক স্থানীয় শাসন সামৰি এখন কেন্দ্ৰীয় চৰকাৰ আৰু এক স্থানীয় শাসন ব্যৱস্থাৰ সৃষ্টি কৰিছিল। 

    চীনৰ ১৯৮২ চনৰ সংবিধানখনক ডেংগিষ্টৰ সংবিধান হিচাপে জনা যায়, যত ডেং জিয়াঅপিঙে চীনক আধুনিকীকৰণ কৰা সম্পৰ্কে আদৰ্শ প্ৰতিফলিত হৈছিল। উদাহৰণস্বৰূপে - সামাজিক স্থবিৰতা, অৰ্থনৈতিক উন্নয়ন আৰু বহিঃবিশ্বৰ বাবে নিজৰ দেশৰ চাৰিসীমা মুকলি কৰি দিছিল। চীনে ইয়াৰ যোগেদি অবৰিত আৰু যান্ত্ৰণাদায়কভাৱে সাম্যবাদৰ নিজস্ব এটা ধাৰাৰ অন্বেষণ কৰাৰো প্ৰয়াস কৰিছিল। সংবিধানৰ অনুচ্ছেদ ১৮ নং জৰিয়তে আনুষ্ঠানিকভাৱে চীনত বৈদেশিক বিনিয়োগ আৰু এনে বিনিয়োগক সুৰক্ষিত কৰি ৰখাৰ সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে। ১১ নং ৰ দ্বাৰা আইনৰ গণ্ডীৰ ভিতৰত সমাজবাদী অৰ্থনীতিৰ পৰিপূৰক হিচাপে এক ব্যক্তিগত অৰ্থনীতিৰো বিকাশৰ অনুমতি প্ৰদান কৰিছিল। ১০ নং অনুচ্ছেদত চীন গণৰাজ্যৰ সংবিধানত প্ৰথমবাৰৰ বাবে চীনত ভূমি স্বত্বৰ সংজ্ঞা আগবঢ়োৱা হৈছিল। 

৯/ লোকতান্ত্ৰিক চীন গণৰাজ্যৰ চৰকাৰৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ লোকতান্ত্ৰিক চীন গণৰাজ্যৰ চৰকাৰৰ মৌলিক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল -

(১) সমাজবাদী ৰাষ্ট্ৰঃ সংবিধানে চীন গণৰাষ্ট্ৰক এক সমাজবাদী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে, ই শ্ৰমিক আৰু কৃষকসকলৰ মৈত্ৰীৰ ভিত্তিত প্ৰতিষ্ঠিত। সংবিধানৰ ১ নং অনুচ্ছেদত উল্লেখ আছে যে শ্ৰমিক আৰু কৃষকৰ মৈত্ৰীৰ ওপৰত প্ৰতিষ্ঠিত আৰু জনতাৰ গণতান্তিক একনায়কত্ববাদেৰে পৰিচালিত লোকতান্ত্ৰিক চীন গণৰাজ্য এখন সমাজবাদী ৰাষ্ট্ৰ সংবিধানে কোনো সংস্থা বা ব্যক্তিৰ সমাজবাদী নীতিৰ বিৰুদ্ধে কাৰ্যকলাপক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।

(২) জনসাৰ্বভৌমত্বঃ চীন গণৰাজ্যত ৰাষ্ট্ৰৰ জনগণৰ হাতত ৰাষ্ট্ৰৰ ক্ষমতা অৰ্পণ কৰা হৈছে। এই ক্ষমতা জনগণে ইয়াৰ জাতীয় গণ কংগ্ৰেছ আৰু স্থানীয় গণ কংগ্ৰেছ সমূহৰদ্বাৰা প্ৰয়োগ কৰে। চীন গণৰাজ্য গণতান্ত্ৰিক কেন্দ্ৰীকৰণবাদ নীতি প্ৰয়োগ কৰা হৈছে। নাগৰিকসকলৰ দ্বাৰা পৰিচালিত গণতান্ত্ৰিক ব্যৱস্থাৰ ৰক্ষাৰ ভাৰ লোৱাৰ উপৰিও ৰাষ্ট্ৰই সকলো ধৰণৰ বিশ্বাসঘাতকতা আৰু বিপ্লৱৰ পৰিপন্থী কাৰ্যক দমন কৰিব আৰু বিশ্বাসঘাতক বা বিপ্লৱ বিৰোধী লোকক শাস্তিৰ বিধান দিব। 

(৩) এককেন্দ্ৰিক চৰকাৰঃ লোকতান্ত্ৰিক চীন গণৰাজ্যৰ সংবিধানে চীনত এককেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। প্ৰশাসনীয় সুচলতাৰ অৰ্থে কেতবোৰ প্ৰাদেশিক আৰু স্থানীয় স্বায়ত্তশাসিত গোট আছে ইবিলাকে সংবিধানৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ পৰাহে ক্ষমতা আহৰণ কৰে, গতিকে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন অনুসৰি আঞ্চলিক বা প্ৰাদেশিক চৰকাৰসমূহৰ ক্ষমতা আৰু সাংবিধানিক মৰ্যাদাৰ পৰিমাণ হ্ৰাস বা বৃদ্ধি কৰিব পাৰে।

(৪) এক সদনযুক্ত আইনসভাঃ চীন লোকতান্ত্ৰিক গণৰাজ্যত জাতীয় জন - কংগ্ৰেছক ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ সৰ্বোচ্চ অংগৰ সন্মান দিয়াৰ উপৰি ই ৰাষ্ট্ৰৰ একমাত্ৰ বিধায়িনী কৰ্তৃত্বৰ তলত থকা পৌৰসভা, সশস্ত্ৰবাহিনী আৰু বিদেশত থকা চীনা বাসিন্দাসকলৰদ্বাৰা এই জাতীয় গণকংগ্ৰেছ গঠন কৰা হয়। জাতীয় গণকংগ্ৰেছ এক - সদন বিধায়ী অংগ হিচাপে ৰখা হৈছে।

(৫) ন্যায়পালিকাঃ চীন লোকতান্ত্ৰিক গণৰাজ্যত তিনি শ্ৰেণীৰ ন্যায়পালিকা দেখিবলৈ পোৱা যায়। সৰ্বোচ্চ গণ ন্যায়ালয়, স্থানীয় লোক ন্যায়ালয় আৰু বিশেষ লোক ন্যায়ালয় - এই তিনিপ্ৰকাৰৰ আদালতৰ ন্যায়াধীশসকলক চাৰিবছৰৰ বাবে নিৰ্বাচন কৰা হয়। চীনত কম খৰচত আৰু খৰতকীয়াভাৱে ন্যায় বিচাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। আদালতৰ বিচাৰ কাৰ্য সংখ্যালঘু লোকসকলৰ ভাষাত চলোৱা হয়। ইয়াৰ মুখ্য ন্যায়বাদী সমগ্ৰ দেশত তথা ৰাষ্ট্ৰপৰিষদৰ সকলো স্থানীয় অংগৰ লোকে বা নাগৰিকসকলে যথাযথভাৱে আইন পালন কৰা দৰকাৰ। 

১০/ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা?

উত্তৰঃ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে তলত আলোচনা কৰা হল -

১/ ৰাষ্ট্ৰীয় গণ কংগ্ৰেছে আৰু ৰাষ্ট্ৰীয় গণ কংগ্ৰেছৰ অধিৱেশন স্থগিত থকাৰ সময়ত স্থায়ী সমিতিয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ ওপৰত ভিত্তি কৰি চীনৰ উপপ্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, বিভিন্ন বিভাগ আৰু আয়োগৰ মন্ত্ৰীসকল আৰু সচিব প্ৰধানসকলক নিযুক্তি দিয়ে।

২/ ৰাষ্ট্ৰীয় পৰিষদৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰিষদৰ সভা আহবান কৰে আৰু বৈঠকত সভাপতিত্ব কৰে। পৰিষদৰ সভাপতি হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰিষদৰ বিভিন্ন আলোচনাসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে।

৩/ প্ৰধানমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰীসকলক সংশ্লিষ্ট বিভাগসমূহৰ কাম - কাজ সম্পৰ্কে যাৱতীয় পৰামৰ্শ দিয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় সাধন কৰিব লাগে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীক উপ - প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল আৰু সচিবপ্ৰধানে সহায় - সহযোগিতা আগবঢ়াব লাগে।

৪/ চীনৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ বিচাৰ - বিবেচনাৰে বিভিন্ন বিভাগসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ কাৰ্য - কলাপসমূহ পৰ্যালোচনা, পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। সেয়েহে কোৱা হয় যে ৰাষ্ট্ৰীয় পৰিষদৰ সফলতা বহু পৰিমাণে প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্ব আৰু নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে।

৫/ চীনৰ প্ৰকৃত কাৰ্যপালিকাৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীয়ে চীনৰ বৈদেশিক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনবিলাকত প্ৰধানমন্ত্ৰীজনে চীন গণৰাজ্যৰ মুৰব্বী হিচাপ অংশগ্ৰহণ কৰি নিজ ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।

১১/ চীন গণৰাজ্যৰ আইনসভাৰ বিষয়ে লিখা?

উত্তৰঃ ৰাষ্ট্ৰীয় গণ কংগ্ৰেছঃ জাতীয় গণকংগ্ৰেছ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অংগ। তদুপৰি ই ৰাষ্ট্ৰৰ একমাত্ৰ বিধায়ীমণ্ডল। পূৰ্বৰ ছোভিয়েট ৰুচিয়াৰ সৰ্বোচ্চ বিধায়ীমণ্ডলৰ সৰ্বোচ্চ ছোভিয়েটৰ লগত ইয়াক ৰিজাব পাৰি। ইয়াৰ কাৰ্যাৱলীক সাংবিধানিক, বিধায়ী, কাৰ্যপালিকা সম্পৰ্কীয়, নিৰ্বাচন সম্পৰ্কীয় আৰু ন্যায়পালিকা সম্পৰ্কীয় কেইবাটাও ভাগত ভাগ কৰিব পাৰি। একমাত্ৰ বিধায়ীমণ্ডল হিচাপে ই আইন প্ৰণয়ন কৰে।

    গঠনঃ জাতীয় গণকংগ্ৰেছ এক - সদনীয় বিধায়ীমণ্ডল। প্ৰদেশ, স্বায়ত্ত - শাসিত অঞ্চলসমূহ, কেন্দ্ৰীয় কৰ্তৃত্বৰ তলত থকা পৌৰসভা, সশস্ত্ৰবাহিনী আৰু বিদেশত থকা চীনা বাসিন্দাসকলৰ নিৰ্বাচিত প্ৰতিনিধিসকল ইয়াৰ সদস্য। জাতি, প্ৰজাতি, পুৰুষ, স্ত্ৰী, ব্যৱসায়, সমাজৰ গুৰিগোষ্ঠী, ধৰ্মবিশ্বাস, শিক্ষা, সম্পত্তি, বাসকালৰ দীৰ্ঘতা আদিৰ ওপৰত কোনো ব্যৱধান নাৰাখি ১৮ বছৰ বয়সপ্ৰাপ্ত সকলো নাগৰিক জাতীয় গণকংগ্ৰেছলৈ নিৰ্বাচিত হোৱাৰ বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ দিয়া হৈছে। মুঠ সদস্য সংখ্যা, সংখ্যালঘু সম্প্ৰদায়ৰ সদস্য সংখ্যা আৰু সদস্যসকলৰ নিৰ্বাচন পদ্ধতি সম্বন্ধে নিৰ্বাচন সম্পৰ্কীয় আিনত নিৰ্দেশ দিয়া হৈছে।

    ক্ষমতা আৰু কাৰ্যৱলীঃ চীনৰ জাতীয় গণকংগ্ৰেছৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ আলোচনা কৰিলে ইয়াৰ প্ৰথম গুৰুত্বপূৰ্ণ ক্ষমতা সংবিধান সংশোধনীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়। লোকচীনৰ সংবিধান লিখিত সংবিধানৰ শ্ৰেণীৰত অন্তৰ্ভুক্ত কৰিব কৰিব পাৰিলেও ইয়াৰ সংশোধন পদ্ধতি সংবিধানত সাধাৰণভাৱে উল্লেখ কৰা হৈছে। কাৰণ সংশোধনৰ বাবে সমুদায় সদস্য সংখ্যাৰ মাত্ৰ দুই - তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ আৱশ্যক।

    আন সম্পৰ্কীয় আৰু আন বিলবিলাকৰ ক্ষেত্ৰত ই সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰদ্বাৰা গৃহীত হয়। জাতীয় গণকংগ্ৰেছক ৰাষ্ট্ৰৰ একমাত্ৰ বিধায়িনী অংগ হিচাপে। মৰ্যাদা দিয়া হৈছে। ই সংবিধানৰ প্ৰয়োগ আৰু আন সংবিধান ভংগকাৰী বা বিৰোধী যিকোনো সিদ্ধান্ত ওপৰত চকু ৰাখে। সংবিধান পালন কৰাটো প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য।  

১২/ চীনৰ বিচাৰ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা?

উত্তৰঃ চীনৰ বিচাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল -

(১) বিচাৰপতিসকলৰ দায়িত্বশীলতাঃ চীনৰ সৰ্বোচ্চ গণ আদালত ইয়াৰ কাৰ্যাৱলীৰ বাবে জাতীয় গণকংগ্ৰেছ আৰু স্থায়ী সমিতিৰ ওপৰত দায়িত্বশীল। বিভিন্ন স্তৰত আঞ্চলিক গণ আদালতসমূহো ইয়াৰ ব্যতিক্ৰম নহয়।

(২) কেন্দ্ৰীভূত ন্যায়বিভাগঃ চীনৰ ন্যায়বিভাগ হৈছে কেন্দ্ৰীভূত। ইয়াৰ বিচাৰকসকলৰ স্বাধীন কৰ্তৃত্ব নাই। তেওংলোক আইনৰ অধীন। ইয়াৰ প্ৰধান কাম হৈছে সমাজবাদী শত্ৰুক বিনাশ কৰা। চীনৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত চৰকাৰৰ অন্যান্য অংগৰ নিয়ন্ত্ৰণ থাকে।

(৩) সমাজবাদী ব্যৱস্থাক ৰক্ষা কৰাঃ চীনৰ বিচাৰ ব্যৱস্থা হৈছে সমাজবাদী আদৰ্শৰ ৰক্ষা কৱচ। ই চীনৰ ৰাজনৈতিক ব্যৱস্থাৰ এটা আহিলাস্বৰূপ।

(৪) অপৰাধীক নিৰ্যাতন কৰা নিষিদ্ধঃ চীনৰ সংবিধান সংশোধনীৰ জৰিয়তে কোনো অপৰাধীক নিৰ্যাতন কৰাটো নিষিদ্ধ কৰিছে।

(৫) আইনৰ প্ৰাধান্যঃ চীনৰ সংবিধানে সকলো ক্ষেত্ৰতে আইনৰ ওপৰত প্ৰাধান্য দিছে। বিচাৰকসকলেও আইন অনুসৰিহে বিচাৰ কাৰ্য সম্পন্ন কৰে।

(৬) বিচাৰ বিভাগীয় সমিতিঃ চীনত বিশেষ গুৰুত্বপূৰ্ণ আৰু জটিল গোচৰৰ বিষয়ে পৰামৰ্শ দানৰ বাবে আদালতসমূহৰ বিচাৰ বিভাগীয় সমিতি গঠন কৰাৰ ব্যৱস্থা আছে।

(৭) আপীলৰ ব্যৱস্থাঃ নিম্ন আদালতৰ ৰায়ৰ বিপৰীতে কোনো পক্ষই ঊৰ্ধ্বতন আদালতত আপীল বিচাৰৰ ব্যৱস্থা আছে।

(৮) অধিবক্তাৰ সীমিত ভূমিকাঃ চীনত অধিবক্তাৰ ভূমিকা তেনেই নগণ্য। ইয়াত বেচৰকাৰী অধিবক্তাৰ স্থান নাই। অধিবক্তা নিয়োগৰ ক্ষেত্ৰত চৰকাৰে ভূমিকা পালন কৰে। তেওঁলোকৰ প্ৰধান দায়িত্ব ব্যক্তিক সহায় কৰা।

(৯) বিচাৰ কাৰ্যত জনগণৰ ভূমিকাঃ কোনো গুৰুত্বপূৰ্ণ গোচৰৰ বিষয়ে জনগণে আলোচনা কৰিব পাৰে াৰু সংশ্লিষ্ট বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে, যাৰ জৰিয়তে বিচাৰ বিভাগৰ কাৰ্যত জনগণে অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে।

(১০) সংবিধান আৰু আইনৰ ৰক্ষকঃ চীন ন্যায়পালিকাই সংবিধান ব্যাখ্যা কৰাৰ ক্ষমতা নাই। ইয়াক ন্যায়িক সমীক্ষাৰ ক্ষমতাও প্ৰদান কৰা নাই। সেয়ে চীনৰ ন্যায়পালিকা সংবিধান আৰু আইনৰ ৰক্ষক নহয়। ন্যপালিকাই আইনৰ অধীনতহে কাৰ্য সম্পাদনা কৰিব পাৰে।

১৩/ চীনৰ বিচাৰ বিভাগৰ দায়িত্বসমূহ উল্লেখ কৰা?

উত্তৰঃ চীনৰ বিচাৰ বিভাগৰ দায়িত্বসমূহ তলত উল্লেখ কৰা হল -

(১) নাগৰিকৰ অধিকাৰসমূহৰক্ষা কৰা, (২) সৰ্বহাৰা শ্ৰেণীৰ একনায়কত্ববাদৰ অধীনত প্ৰতিষ্ঠিত সমাজবাদী ব্যৱস্থাৰ সুৰক্ষা দিয়া, (৩) সমাজবাদী আইন-শৃংখলা আৰু জন শৃংখলা ৰক্ষা কৰা, (৪) সমাজ, সম্পত্তি আৰু নাগৰিকৰ আইনসংগত সম্পত্তিৰ ৰক্ষণা - বেক্ষণ দিয়া, (৫) চীনৰ নাগৰিসকলক দেশৰ সংবিধান আৰু আইন মানি চলিবলৈ শিক্ষা প্ৰদান কৰা, (৬) চীনত সমাজবাদী ভেটি সুদৃঢ় কৰা, (৭) চীনৰ সমাজবাদী বিপ্লৱ আৰু সমাজবাদী গঠন কাৰ্যৰ সাফল্যৰ ফালে লৈ যোৱা। এই দায়িত্বসমূহ পালন কৰি চীনৰ বিচাৰ বিভাগে সমাজবাদৰ ভেটি সুদৃঢ় কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।

১৪/ চীনৰ গণৰাজ্যৰ ন্য়ায়পালিকাৰ আদালতসমূহৰ নাম লিখা?

উত্তৰঃ চীনৰ গণৰাজ্যৰ ন্যায়পালিকাৰ আদালতসমূহক তিনি ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হল - (ক) স্থানীয় গণ আদালত, (খ) বিশেষ গণ আদালত আৰু (গ) সৰ্বোচ্চ গণ আদালত।

১৫/ স্থানীয় গণআদালতৰ ভাগসমূহ কি কি?

উত্তৰঃ স্থানীয় গণআদালতৰ ভাগসমূহ হল - (ক) মূল গণ আদালত,(খ) মধ্যস্থ গণ আদালত আৰু (গ) উচ্চ, গণ আদালত।

১৬/ চীন গণৰাজ্যৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে লিখা?

উত্তৰঃ চীন গণৰাজ্যৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) সমতাৰ অধিকাৰঃ চীনৰ সকলো জাতিৰ নাগৰিক আইনৰ চকুত সমান আৰু জাতি, লিংগ, জীৱিকা, বংশ মৰ্যাদা, ধৰ্মীয় বিশ্বাস, শিক্ষা, সম্পত্তি, মৰ্যাদা আদিৰ ভিত্তিত নাগৰিকসকলৰ মাজত কোনো ধৰণৰ বৈষম্যমূলক াচৰণ কৰিব নোৱাৰিব।

(২) জিৰণীৰ অধিকাৰঃ শ্ৰমিকৰ স্বাস্থ্য আৰু উৎপাদন বৃদ্ধি এি দুয়োটা কথাৰ প্ৰতি লক্ষ্য ৰাখি চীনা সংবিধানত জিৰণীৰ অধিকাৰো সন্নিৱিষ্ট কৰা হৈছে। এই অনুচ্ছেদৰ অন্তৰ্গত ৰাষ্ট্ৰই শ্ৰমিকৰ কামৰ সময় নিৰ্দ্ধাৰণ কৰিছে আৰু অৱকাশ বা বন্ধৰ সময় নিৰ্দ্ধাৰণ কৰিছে।

(৩) অৱসৰ গ্ৰহণৰ অধিকাৰঃ চীনা সংবিধানে শ্ৰমিকৰ অৱসৰ গ্ৰহণক এক মৌলিক অধিকাৰ হিচাবে স্বীকৃতি দিছে। সংবিধান অনুসৰি অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰত্যেকজন শাসকক ৰাষ্ট্ৰই জীৱন ধাৰণাৰ নিশ্চয়তা প্ৰদান কৰিব লাগে।

(৪) সমালোচনা কৰা অধিকাৰঃ সংবিধান অনুসৰি চীনা নাগৰিকসকলে চৰকাৰৰ যিকোনো বিভাগৰ কাম - কাজ সমালোচনা কৰিব পাৰে আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব পাৰে। কিন্ত চৰকাৰক সমালোচনা কৰোতে তথ্য বিকৃত কৰা কুৎসা ৰচনা কৰাটো নিষিদ্ধ কৰা হৈছে।

(৫) ব্যক্তিগত মৰ্যদা আৰু সন্মান ৰক্ষাৰ অধিকাৰঃ সংবিধানৰ ৩৮ নং অনুচ্ছেদে নাগৰিকক ব্যক্তিগত মৰ্যাদা আৰু সন্মানৰ অধিকাৰ প্ৰদান কৰিছে। যি কোনো ৰূপত কৰা পৰনিন্দা, অপমানসূচক গালি আৰু মিচা অভিযোগৰ বিৰুদ্ধে নাগৰিকক সুৰক্ষা প্ৰদান কৰা হৈছে।

১৭/ ১৯৮২ চনৰ চীনা সংবিধানত উল্লেখিত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহৰ বিষয়ে লিখা?

উত্তৰঃ ১৯৮২ চনৰ চীনা সংবিধানত উল্লেখিত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ তলত আলোচনা কৰা হল -

(১) কাম কৰাৰ দায়িত্বঃ নাগৰিকৰ কাম কৰা অধিকাৰ প্ৰদান কৰিছে যদিও একে সময়তে প্ৰত্যেক নাগৰিকে সামৰ্থ অনুসৰি কামত আত্মনিয়োগ কৰাটো এক পবিত্ৰ কৰ্তব্য বুলি ঘোষণা কৰা হৈছে।

(২) শিক্ষা আহৰণৰ দায়িত্বঃ শিক্ষা লাভ কৰাটো প্ৰত্যেক নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছে যদিও একে সময়তে শিক্ষা আহৰণ কৰি নিজকে ৰাষ্ট্ৰৰ সেৱাত আত্মনিয়োগ কৰিব পৰাকৈ সামৰ্থবান কৰি তোলাটো এক পৰিত্ৰ কৰ্তব্য বুলি ঘোষণা কৰিছে।

(৩) ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰা দায়িত্বঃ সকলো নাগৰিকে ৰাষ্ট্ৰীয় আৰু সমাজৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰিব লাগে। অন্য নাগৰিকৰ আইন সংঙ্গত অধিকাৰ আৰু স্বাধীনতা যাতে ভংগ বা উলংঘা কৰা নহয় তাৰ প্ৰতিলক্ষ ৰখাটো প্ৰত্যেক নাগৰিকৰ সাংবিধানিক দায়িত্ব।

(৪) ৰাষ্ট্ৰীয় একতা ৰক্ষা কৰাঃ লোকতান্ত্ৰিক চীন গণৰাজ্য পৃথক প্ৰথা, ৰীতি নীতি পৃথক ভাষা আৰু বিশ্বাস অনুসৰি পৰিচালিত হোৱা ৫৬ টা সৰু বৰ উপজাতিক লৈ গঠিত হৈছে। বিভিন্ন উপজাতিবিলাকৰ মাজত থকা ৰাজনৈতিক ঐক্য আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰাটো প্ৰত্যেক চীনা নাগৰিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংবিধানিক দায়িত্ব।

(৫) চীনৰ সন্মান আৰুন মৰ্য্যদা অক্ষুণ্ণ ৰখাৰ দায়িত্বঃ মাতৃভূমিৰ সন্মান, নিৰাপত্তা আৰু স্বাৰ্থ ৰক্ষা কৰাটো প্ৰত্যেকজন চীনা নাগৰিকৰ সাংবিধানিক দায়িত্ব। প্ৰত্যেকজন চীনা নাগৰিকে উল্লেখিত উদ্দেশ্যত নিজকে সমৰ্পিত কৰিব লাগে।

১৮/ লোকতান্ত্ৰিক চীন গণৰাজ্যৰ সাম্যবাদী দলৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ লোকতান্ত্ৰিক চীন গণৰাজ্যত এটা মাত্ৰ ৰাজনৈতিক দল আছে। চীনা সংবিধানে সাম্যবাদী দলৰ বাহিৰে কোনো ৰাজনৈতিক দলক স্বীকৃতি দিয়া নাই। ১৯৮২ চনৰ সংবিধানত সাম্যবাদী দলৰ বিষয়ে স্পষ্টভাষাৰে আলোচনা কৰা হোৱা নাই যদিও ইয়াৰ পূৰ্বৰ চীনা সংবিধানে সাম্যবাদী দলক সাংবিধানিক স্বীকৃতি প্ৰদান কৰিছিল। 

    ১৯২১ চনত চীনা সাম্যবাদী দল গঠিত হৈছিল। মাত্ৰ ১৩ জন প্ৰতিনিধিৰে দলৰ প্ৰথমখন অধিবেশন চাংহাইত অনুষ্ঠিত হৈছিল। ১৯২১ চনৰ পৰা ১৯৩৫ চনৰ মাজৰ সময়ছোৱাত চীনা সাম্যবাদী দলে বিশেষ শক্তি বা সমৰ্থন আহৰণ কৰিব পৰা নাছিল। ১৯৩৪ চনৰ ঐতিহাসিক লংমাৰ্চৰ পাছৰ পৰা মাও - জে - ডুং ৰ নেতৃত্বত সাম্যবাদী দলে দোপত - দোপে শক্তি সামৰ্থ আৰু জনপ্ৰিয়তা আহৰণ কৰিছিল আৰু ১৯৪৯ চনত বৰ্তমান চীন গণৰাজ্যৰ ৰাজনৈতিক ক্ষমতা আহৰণ কৰিছিল।

    সাম্যবাদী দলঃ চীনৰ সাম্যবাদী দলৰ সাধাৰণ কাৰ্যতালিকাত ইয়াক জাতীয় জীৱনৰ সকলো দিশত ত্ৰুটিহীন নেতৃত্বৰ ভূমিকা দিয়া দৈছে। ইয়াৰ ভূমিকা আৰু ঐক্য বিৰোধী বিৰোধী সকলো ধৰণৰ বিভাজনকাৰী শক্তিৰ বিপক্ষে সংগ্ৰাম কৰাটো সাম্যবাদী দলে কৰ্তব্য। লোকতান্ত্ৰিক চীনত একমাত্ৰ ৰাজনৈতিক দলটিক স্বীকৃতি দিয়া হৈছে। দলীয় সংগঠন আৰু বিষয়াসকলৰ কেন্দ্ৰীয় পৰিচালনাৰ অধীনত ই এটা শৃংখলাবদ্ধ দলত পৰিণত হৈছে। দলীয় আদৰ্শ এই চৰকাৰৰ মতবাদ হিচাপে গ্ৰহণ কৰা হৈছে। দলৰ আদৰ্শ ইয়াৰ সভ্য আৰু সভ্যভুক্ত নোহোৱা আন সকলো লোকে সমানে পালন কৰা কৰ্তব্য।

১৯/ চীনৰ ৰাজনৈতিক ব্যৱস্থাত সাম্যবাদী দলৰ ভূমিকা বিষয়ে লিখা?

উত্তৰঃ চীনৰ ৰাজনৈতিক ব্যৱস্থাত সাম্যবাদী দলৰ ভূমিকা বিষয়ে তলত আলোচনা কৰা হল -

(ক) বিপ্লৱৰ প্ৰৱৰ্তক আৰু ৰক্ষক হিচাপে দলৰ ভূমিকাঃ লোকতান্ত্ৰিক চীন গণৰাজ্যৰ পৰা ঔপনিৱেশিককতাবাদ, সামন্তবাদ আৰু পুঁজিবাদৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত সাম্যবাদী দলে নিজকে বিপ্লৱৰ প্ৰৱৰ্তক বুলি উপস্থাপন কৰিব বিচাৰে। চীনৰ সংবিধানৰ প্ৰস্তাৱটোত এই বুলি ঘোষণা কৰা হৈছে যে '' In the year 1949, after more than a century of Heroic Struggle, the Chinese People led by the Communist Party. Finally achieved their victory in the peoples revolution against Imperialism, Feudalism and Bureaucratic Capitalism. '' চীনৰ সাম্যবাদী দলৰ নেতৃত্বত সূচনা কৰা বিপ্লৱৰ সফলতা সম্বন্ধে ব্যাখ্যা কৰি (Liu-Shao-Chi) য়ে কৈছিল - প্ৰথমতে, চীন গণৰাজ্য বিদেশী সাম্ৰাজ্যবাদৰ অধীনত এক উপনিৱেশিক বা নিৰ্ভৰশীল ৰাষ্ট্ৰৰ মৰ্যাদাত থাকিবলগীয়া নহয়। দ্বিতীয়তে, পুৰণিকলীয়া সামন্তবাদী সমাজ ব্যৱস্থাৰ চীনত অৱসান ঘটিল। তৃতীয়তে, ৰাষ্ট্ৰখনৰ দীৰ্ঘদিনীয়া বিশৃংখলতাৰ ওৰ পৰিল। চতুৰ্থতে, চীনৰ জনসাধাৰণৰ ৰাজনৈতিক ক্ষমতাবিহীন এক জটিল পৰিস্থিতিৰ অৱসান হৈছিল।

(খ) শিক্ষক, অভিভাৱক আৰু অনুপ্ৰেৰণাৰ উৎস হিচাপে দলৰ ভূমিকাঃ সাম্যবাদী দলে চীনৰ জনসাধাৰণৰ পথ প্ৰদৰ্শক, শিক্ষক, অভিভাৱক আৰু অনুপ্ৰেৰণা দাতা হিচাপে কাম কৰে। সাম্যবাদী বিপ্লৱৰ আৱশ্যকতা সম্বন্ধে দলে চীনৰ জনসাধাৰণক অৱগত কৰাব লাগে আৰু এই ক্ষেত্ৰত সাহস, নিয়মানুৱৰ্তিতা আৰু উৎসৰ্গীত কৰাৰ জ্বলন্ত উদাহৰণো দাঙি ধৰিব লাগে। জাতীয়তাবাদৰ উৎসৰ্গীত কৰিব পৰাকৈ দলে জনসাধাৰণক শিক্ষিত কৰি তুলিব লাগে।

 (গ) চৰকাৰ হিচাপে দলৰ ভূমিকাঃ চীনৰ চৰকাৰক সাম্যবাদী দলে নেতৃত্ব দিয়াৰ লগতে যাৱতীয় নিৰ্দেশনা প্ৰদান প্ৰদান কৰে। বাহ্যিক ক্ষেত্ৰত চালে দল আৰু চৰকাৰ দুয়োটা পৰস্পৰ পৃথক যেন বোধ হয়। দুয়োটাৰে পৃথক পৃথক সংগঠন আছে। তাত্ত্বিতভাৱে দলে চৰকাৰৰ বাহিৰত থাকি কাম কৰে। কিন্ত এজন শিক্ষক তথা নেতৃত্বৰ গৰাকী হিচাপে দলে চৰকাৰৰ ভিতৰত প্ৰধান চালিকাশক্তি হিচাপে কাম কৰে। চৰকাৰৰ নীতি সিদ্ধান্ত আদি দলীয় নেতৃবৃন্দৰ দ্বাৰা পৰিচালিত আৰু নিৰ্ধাৰিত হয়।

২০/ ইংলেণ্ড আৰু চীন গণৰাজ্যৰ ন্যায়িক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ইংলেণ্ড আৰু চীন গণৰাজ্যৰ ন্যায়িক ব্যৱস্থাৰ বৈশিষ্ট্যসমূ তলত উল্লেখ কৰা হল -

(১) ইংলেণ্ডৰ ন্যায় ব্যৱস্থাত বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ ন্যায় ব্যৱস্থা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে ৱেলচ বা স্কটলেণ্ডৰ ন্যায়পালিকাৰ লগত উত্তৰ ায়াৰলেণ্ডৰ ন্যায়পালিকাৰ গঠনৰ পাৰ্থক্য াছে। আনহাতে, চীন প্ৰজাতন্ত্ৰত সকলো অঞ্চলতে একেধৰণৰ ন্যায়িক ব্যৱস্থাৰ প্ৰচলন আছে।

(২) বিচাৰকৰ স্বাধীনতাৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰ মাজত পাৰ্থক্য আছে। স্বাধীনভাৱে ন্যায়াধীশসকলে চীনদেশৰ ন্যায়াধীশৰ তুলনাত বেছি স্বাধীনতা উপভোগ কৰে। স্বাধীনভাৱে কাৰ্য নিৰ্বাহ কৰে।

(৩) ইংলেণ্ডৰ ন্যায়পালিকাৰ বিচাৰকসকলকবিভিন্ন সা - সুবিধাৰ লগতে উচ্চ হাৰত বেতন দিয়াৰ ব্যৱস্থা আছে। আনহাতে, চীনৰ বিচাৰকসকলক নামমাত্ৰ বেতন দিয়াৰহে ব্যৱস্থা আছে। যিহেতু চীন এখন সাম্যবাদী ৰাষ্ট্ৰ।

(৪) ইংলেণ্ডৰ ন্যায় ব্যৱস্থাত চৰকাৰী আৰু বেচৰকাৰী দুয়োবিধ উকীলে বিচাৰ কাৰ্য সম্পাদন কৰিব পাৰে। চীন গণৰাজ্যৰ ন্যায় ব্যৱস্থাত বেচৰকাৰী উকীলৰ ব্যৱস্থা নাই। সকলো ন্যায় বিচাৰ চৰকাৰী উকীলে সম্পন্ন কৰে।

(৫) ইংলেণ্ডৰ ন্যায় ব্যৱস্থাত ৰাজনৈতিক দলৰ হস্তক্ষেপ দেখা নাযায়। কিন্ত চীন গণৰাজ্যৰ ন্যায় বিভাগত সাম্যবাদী দলৰ হস্তক্ষেপ দেখিবলৈ পোৱা যায়। সেয়ে ইংলেণ্ডৰ তুলনাত চীনৰ ন্যায়পালিকা অতি দুৰ্বল।

(৬) চীন গণৰাজ্যৰ ন্যায় ব্যৱস্থাত প্ৰকিউৰেটৰৰ ব্যৱস্থা আছে। কিন্ত ইংলেণ্ডৰ ন্যায় বিভাগত এনে ব্যৱস্থা পৰিলক্ষিত নহয়।

২১/ ইংলেণ্ড আৰু চীন গণৰাজ্যৰ ন্যায়িক ব্যৱস্থাৰ সাদৃশ্যসমূহ কি কি?

উত্তৰঃ ইংলেণ্ড আৰু চীন গণৰাজ্যৰ ন্যায়িক ব্যৱস্থাৰ সাদৃশ্যসমূহ হল -

(১) দুয়োখন ৰাষ্ট্ৰৰ ন্যায়পালিকাৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা নাই। গতিকে দুয়োখন ৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয় সংসদে প্ৰণয়ন কৰা কোনো আিনক সংবিধান বিৰোধী বুলি ঘোষণা কৰিব নোৱাৰে।

(২) দুয়োখন ৰাষ্ট্ৰৰ বিচাৰ ব্যস্থাত আত্মপক্ষৰ সমৰ্থনৰ সুবিধা আছে। অভিযুক্ত ব্যক্তিয়ে আত্মপক্ষৰ সমৰ্থনৰ বাবে উকীলৰ সহায় লব পাৰে।

(৩) দুয়োখন দেশৰ ন্যায় ব্যৱস্থাত পৃথক প্ৰশাসনীয় আদালতৰ ব্যৱস্থা নাই। অৱশ্যে বৰ্তমান ইংলেণ্ডত প্ৰশাসনীয় াদালত কিছু পৰিমাণো গা কৰি উঠিছে।

(৪) ইংলেণ্ডত ফৌজদাৰী গোচৰৰ বিচাৰ জুৰীৰ সহায় কৰা ব্যৱস্থা আছে। ঠিক সেইদৰে চীন গণৰাজ্যৰ ন্যায়পালিকাতো পৰামৰ্শদাতা বিচাৰকে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত আদালতত সহায় কৰে।

(৫) দুয়োখন ৰাষ্ট্ৰৰ ন্যায়বিচাৰ মুকলিকৈ কৰা হয়। ইয়াত বিচাৰ গোপনে কৰাৰ ব্যৱস্থা দেখা নাযায়। 

২২/ চীন আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ বিষয়ে লিখা?

উত্তৰঃ চীন আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়িক ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় ভিত্তিত গঠিত। কিন্ত চীনৰ ন্যায়িক ব্যৱস্থা অবিভক্ত আৰু একীভূত।

(২) চীন আৰু আমেৰিকা দুয়োখন ৰাষ্ট্ৰতে উচ্চতম গণ আদালত বুলি কোৱা হয়। কিন্ত আমেৰিকা যুক্তৰাষ্ট্ৰত ন্যায়পালিকাৰ শীৰ্ষত আছে উচ্চতম ন্যায়ালয়।

(৩) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। তেওঁলোকে আজীৱন সেই পদত অধিষ্ঠিত হৈ থাকিব পাৰে। অৱশ্যে ৭০ বছৰ বয়সপ্ৰাপ্ত সকলো ন্যায়াধীশে অৱসৰগ্ৰহণ কৰিবলৈ বাধ্য। আনহাতে চীন গণৰাজ্যত বিচাৰকসকলক আইন সভাই ৫ বছৰৰ কাৰণে নিৰ্বাচন কৰে। আইনসভাই বিচাৰকসকলক নিৰ্দিষ্ট সময়ৰ আগতে অপসাৰণো কৰিব পাৰে।

(৪) চীন গণৰাজ্যৰ উচ্চতম গণআদালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ দৰে শক্তিশালী নহয়। কিন্ত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চীন গণৰাজ্যৰ ন্যায়পালিকাই বিশেষ ভূমিকা পালন কৰে।

(৫) চীন গণৰাজ্যৰ বিচাৰ ব্যৱস্থাত প্ৰকিউৰেটৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এনে ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰত দেখিবলৈ পোৱা নাযায়া। চীন গণৰাজ্যত অধিবক্তাৰ বিশেষ ভূমিকা নাই। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষ গুৰুত্ব আছে।

Type - Boby Bora


Post ID : DABP002899