Chapter 3
মানসিক ঘটনা সম্পৰ্কীয় মতবাদ 




চমু প্ৰশ্ন-উত্তৰঃ

1. Who is the propounder of behaviourism?
আচৰণবাদৰ প্ৰৱৰ্তক কোন?
উত্তৰঃ জে.বি. ওৱাটছন।


2. Behaviourism is a materialistic/ spiritualistic theory of mental event. (Choose the correct option)
আচৰণবাদ মানসিক ঘটনা সম্পৰ্কীয় এটি জড়বাদী/ আধ্য়ত্মবাদী মতবাদ। (শুদ্ধ বিকল্পটো বাচি উলিওৱা)
উত্তৰঃ জড়বাদী।


3. Who at first used the term 'behaviourism'?
Behaviourism শব্দটো প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছে?
উত্তৰঃ জে.বি. ওৱাটছন।


4. State Watson's two arguments against convetional psychology.
প্ৰথাৰগত মনোবিজ্ঞানৰ বিৰুদ্ধে ওৱাটচনে আগবঢ়োৱা যুক্তি দুটা কি কি?
উত্তৰঃ প্ৰথাৰগত মনোবিজ্ঞানৰ বিৰুদ্ধে ওৱাটচনে আগবঢ়োৱা যুক্তি দুটা হল-
i) অদৃশ্য় বা অস্পৃশ্য় মনক চৰম সত্তা বুলি স্বীকাৰ কৰিলে মনোবিদ্য়া কেৱল এক তত্ত্ব হিচাপে ৰৈ থাকিব। ই বৈজ্ঞানিক আলোচনা হব নোৱাৰিব।

ii) প্ৰথাৰগত মনোবিদ্য়াৰ অন্তদৰ্শন পদ্ধতি মনোদৰ্শনৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী পদ্ধতি নহয়।


5. 'Psychology is a science of behaviour'. Who made this statement?
''মনোবিজ্ঞান হল আচৰণ সম্পৰ্কীয় বিজ্ঞান।'' এই উক্তিটো কাৰ?
উত্তৰঃ জে.বি. ওৱাটছন।


6. What is 'S---R' according to Watson?
ওৱাটচনৰ মতে 'S---R' মানে কি?
উত্তৰঃ ওৱাটচনৰ মতে 'S---R' মানে হল- উত্তেজক-প্ৰতিক্ৰিয়া।


7. What is meaning of 'behaviour' according to Watson?
ওৱাটচনৰ মতে 'আচৰণ'ৰ অৰ্থ কি?
উত্তৰঃ ওৱাটচনৰ মতে 'আচৰণ'ৰ অৰ্থ হল- উদ্দীপকত উদ্দীপনা বা প্ৰতিক্ৰিয়া।


8. Name any two advocate of behaviourism.
আচৰণবাদৰ যিকোনো দুজন প্ৰৱক্তাৰ নাম লিখা।
উত্তৰঃ আচৰণবাদৰ যিকোনো দুজন প্ৰৱক্তাৰ নাম হল- গিলবাৰ্ট ৰাইল আৰু লুডউগ উইটগেনষ্টাইন।


9. Who is the propounder of 'dispositional behaviourism'?
প্ৰৱনতামূলক আচৰণবাদৰ প্ৰৱৰ্তক কোন?
উত্তৰঃ গিলবাৰ্ট ৰাইল।


10. Was Ryle a behaviourism?
ৰাইল এগৰাকী আচৰণবাদী নে?
উত্তৰঃ হয়।


11. Identity theory is a materialistic/ spiritualistic theory of mental event.(Choose the correct option)
অভিন্নতাবাদ মানসিক ঘটনা সম্পৰ্কীয় এটি জড়বাদী/ আধ্য়াত্মবাদী মতবাদ।  (শুদ্ধ বিকল্পটো বাচি উলিওৱা) 
উত্তৰঃ জড়বাদী মতবাদ।


12. Name two advocates of identity theory?
অভিন্নতাবাদৰ দুগৰাকী প্ৰৱক্তাৰ নাম লিখা।
উত্তৰঃ হাৰ্বাট ফাইগল আৰু আৰ্মষ্ট্ৰং।


13. What are two meaning of identity?
অভিন্নতাৰ অৰ্থ দুটা কি কি?
উত্তৰঃ অভিন্নতাৰ অৰ্থ দুটা হল-
i)বিশেষ বৈশিষ্ট্য়সমূহ হুবহু এক
ii) সংখ্য়াগত অভিন্নতা


14. What are two types of identity theory?
অভিন্নতাৰ ৰূপ দুটা কি কি?
উত্তৰঃ অভিন্নতাৰ ৰূপ দুটা হল- 
i) প্ৰকাৰগত বা জাতিগত অভিন্নতা
ii) নিদৰ্শনগত অভিন্নতা


15. What is type-type identity theory?
প্ৰকাৰগত বা জাতিগত অভিন্নতা মানে কি?
উত্তৰঃ জাতিগত বা প্ৰকাৰগত অভিন্নতাত মন আৰু মস্তিষ্কৰ মাজৰ নিয়মতান্ত্ৰিক সম্পৰ্কৰ কঠোৰতাৰ দাবী কৰা হয়।


16. What is token-token identity theory?
নিৰ্দশনগত অভিন্নতাবাদ মানে কি?
উত্তৰঃ মানসিক অৱস্থাৰ, যন্ত্ৰণাবোধৰ এটি বিশেষ অৱস্থাৰ লগত দৈহিক অৱস্থাৰ, স্নায়ুতন্ত্ৰৰ উদ্দীপনা হোৱাৰ এটা বিশেষ অৱস্থাৰ যি অভিন্নতা তাকে নিদৰ্শনগত অভিন্নতা বোলা হয়।


17. What is functionalism?
ক্ৰিয়াবাদ বা কাৰ্যবাদ কাক বোলে?
উত্তৰঃ মনোবিজ্ঞানৰ যি মতবাদত মানসিক ক্ৰিয়া যথাযথ আলোচনা কৰা হয়, তাকে ক্ৰিয়াবাদ বা কাৰ্যবাদ বোলা হয়।


18. Who is regarded as the pioneer of functionalism?
ক্ৰিয়াবাদৰ বাটকটীয়া কোন?
উত্তৰঃ উইলিয়াম জেমছ।


19. Who is the author 'Principle of Psychology'?
'Principle of Psychology' গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰঃ উইলিয়াম জেমছ।


20. Name any two advocates of functionalism.
ক্ৰিয়াবাদৰ যিকোনো দুজন প্ৰৱক্তাৰ নাম লিখা।
উত্তৰঃ জন ডিৱী( John Dewey) আৰু জেমছ ৱাৰ্ড (J. Ward)।



21. Wittgenstein is an advocate of functionalism/ identity theory/ behaviourism.
                                                                                              (Choose the correct option)
উইটগেনষ্টাইন হল ক্ৰিয়াবাদ/ অভিন্নতবাদ/ আচৰণবাদৰ প্ৰৱক্তা।
                                                                                           (শুদ্ধ বিকল্পটো বাচি লোৱা)
উত্তৰঃ আচৰণবাদৰ প্ৰৱক্তা।



22. Gilbert Ryle is an advocate of functionalism/ identity theory/ behaviourism.
                                                                                                         (Choose the correct option)
গিলবাৰ্ট ৰাইল হল ক্ৰিয়াবাদ/ অভিন্নতাবাদ/ আচৰণবাদৰ প্ৰৱক্তা।
উত্তৰঃ আচৰণবাদৰ প্ৰৱক্তা।



ৰচনাধৰ্মী প্ৰশ্ন-উত্তৰঃ


1. Explain and examine behaviourism.
আচৰণবাদ বা ব্য়ৱহাৰবাদ ব্য়াখ্য়া আৰু পৰীক্ষা কৰা।
উত্তৰঃ আচৰণবাদ বা ব্য়ৱহাৰবাদ মানসিক ঘটনাৰ সম্পৰ্কীয় এটি জড়বাদী মতবাদ। আচৰণবাদৰ প্ৰধান প্ৰৱক্তা হল চিকাগো বিশ্ববিদ্য়ালয়ৰ অধ্য়াপক জে.বি.ওৱাটছন। অৱশ্য়ে এইক্ষেত্ৰত এটা কথা উল্লেখযোগ্য় যে আচৰণবাদী তত্ত্বটো প্ৰথমে উল্লেখ কৰে থৰ্নডাইক নামৰ জীৱবিজ্ঞানীয়ে। আধুনিক মনোদৰ্শনত গিলবাৰ্ট ৰাইল আৰু লুডউগ উইটগেনষ্টাইন আচৰণবাদৰ সমৰ্থন কৰি নিজ নিজ দাৰ্শনিক মতবাদ আগবঢ়াইছে।
                আচৰণবাদত মানসিক ঘটনাবোৰক দৈহিক আচৰণৰ মাধ্য়মত ব্য়াখ্য়া কৰা হয়। আচৰণবাদত কোৱা হয় যে, মানসিক ঘটনাবোৰক যদি দৈহিক আচৰণৰ মাধ্য়মত ব্য়াখ্য়া কৰা যায়, তেনেহলে দেহ-মনৰ সম্পৰ্কীয় সম্বন্ধীয় সকলো সমস্য়াৰ অৱসান ঘটে। মানসিক ঘটনাবোৰ যিহেতু দৈহিক আচৰণৰ দ্বাৰা প্ৰকাশিত, গতিকে দেহৰ অতিৰিক্তভাৱে মনৰ স্বতন্ত্ৰ অস্তিত্ব স্বীকাৰ কৰাৰ কোনো প্ৰয়োজন নহয়। অৰ্থাৎ আচৰণবাদৰ সাৰকথা হল- মন দেহ অতিৰিক্তভাৱে আন একো নহয়; মানসিক ঘটনাবোৰ দৈহিক আচৰণৰ মাধ্য়মত প্ৰকাশিত হোৱা হেতু আমি দৈহিক আচৰণৰ বাহিৰে মানসিক সত্তা বা মন বুলি কোনো জ্ঞান লাভ নকৰোঁ। এই মতবাদ অনুসৰি চিন্তা, অনুভূতি, ইচ্ছা ইত্য়াদিক অভিব্য়ক্ত কৰাৰ যি ভাষা তাৰ নিশ্চয় অৰ্থ আছে। কিন্তু এই অৰ্থক কেৱলমাত্ৰ দেহবাচক আচৰণৰ সহায়ত প্ৰকাশ কৰা যায়। আচৰণবাদৰ উদ্ভৱ হয় মন সম্পৰ্কীয় প্ৰথাগত মতবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে।  প্ৰথাগত মতবাদৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে আচৰণবাদৰ প্ৰতিষ্ঠাতা ওৱাটছন। তেওঁ প্ৰথাগত মনোবিদ্য়াৰ বিৰুদ্ধে নিন্মোক্ত যুক্তিসমূহ উল্লেখ কৰে-i) অদৃশ্য় বা অস্পৃশ্য় মনক চৰম সত্তা বুলি স্বীকাৰ কৰিলে মনোবিদ্য়া কেৱল এক তত্ত্ব হিচাপে ৰৈ থাকিব। ই বৈজ্ঞানিক আলোচনা হব নোৱাৰিব। ii) প্ৰথাগত মনোবিদ্য়াৰ অন্তদৰ্শন পদ্ধতি মনোদৰ্শনৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী পদ্ধতি নহয়। এই পদ্ধতিৰ দ্বাৰা শিশু বা পগলা কাৰোৰে মনৰ খবৰ জনা সম্ভৱ নহয়।
                ওৱাটছনৰ মতে,মনোবিদ্য়া মন সম্পৰ্কীয় বিজ্ঞান নহয়, মনোবিজ্ঞান হল আচৰণ সম্পৰ্কীয় বিজ্ঞান। ওৱাটছন 'আচৰণ' শব্দটোক বিশেষ অৰ্থত ব্য়ৱহাৰ কৰিছে। তেওঁৰ মতে, আচৰণ হল উদ্দীপকত উদ্দীপনা বা প্ৰতিক্ৰিয়া, অৰ্থাৎ উত্তেজক আৰু প্ৰতিক্ৰিয়াৰ সম্বন্ধই আচৰণ। যি প্ৰতিক্ৰয়াক মানসিক বুলি বিবেচনা কৰা হয়, সি আচলতে উত্তেজক বা উদ্দীপকৰ প্ৰয়োগৰ প্ৰতিক্ৰিয়া। উদাহৰণস্বৰূপে, ৰাছিয়ান জীৱবিজ্ঞানী পাভল'ভে এক পৰীক্ষাত দেখুৱাইছে যে খাদ্য়বস্তু দেখাৰ পিছত কুকুৰৰ জীভাৰ পৰা ওলোৱা লালটি, কুকুৰৰ মনৰ ক্ৰিয়া বুলি ভবা হলেও আচলতে খাদ্য়ৰ পৰিৱৰ্তে এটি শব্দৰ দ্বাৰাও কুকুৰৰ জীভাত লালটি উৎপাদন কৰা যায়। সেইকাৰণে তেওঁ খাদ্য়ৰ লগত শব্দৰ উদ্দীপকো প্ৰয়োগ কৰিছে আৰু পৰৱৰ্তী কালত খাদ্য়ক বাদ দি কেৱল শব্দৰ উত্তেজকৰ দ্বাৰাও কুকুৰৰ মুখত লালটি উৎপান কৰি দেখুৱাইছে।
                গিলবাৰ্ট ৰাইল তেওঁৰ বিখ্য়াত গ্ৰন্থ 'The Concept of Mind' ত আচৰণবাদ সমৰ্থন কৰে। তেওঁ ওৱাটছনৰ বিপৰীতে প্ৰৱণতামূলক আচৰণবাদ প্ৰৱৰ্তন কৰে। ডেকাৰ্টৰ দেহ-মনৰ দ্বৈতবাদক সমালোচনা কৰি তেওঁ দেহ-অতিৰিক্ত মনৰ অস্তিত্ব অস্বীকাৰ কৰে। তেওঁ ওৱাটছনৰ পদ্ধতিগত আচৰণবাদৰ বিপৰীতে দৰ্শনসন্মত আচৰণবাদ প্ৰতিষ্ঠা কৰে। ৰাইলৰ মতে, মানসবৃত্তিসমূহক প্ৰত্য়ক্ষগ্ৰাহ্য় দৈহিক আচৰণৰ মাধ্য়মত ব্য়াখ্য়া কৰে। ৰাইল দেহ-অতিৰিক্ত আত্মা বা মনৰ অস্তিত্ব স্বীকাৰ কৰে। তেওঁ মানসিক ঘটনাসমূহক প্ৰত্য়ক্ষগ্ৰাহ্য় আচৰণৰ পৰিৱৰ্তে কৰ্ম-প্ৰৱতাৰ বা আচৰণ-প্ৰৱণতাৰ মাধ্য়মত ব্য়াখ্য়া কৰে। মানসিক ঘটনা সমূহক সঠিক অৰ্থ নিৰ্ধাণেই হল ৰাইলৰ প্ৰৱণতামূলক আচৰণবাদৰ উদ্দেশ্য়।



2. Explain and examine Identity theory.
অভিন্নতাবাদৰ ব্য়াখ্য়া আৰু পৰীক্ষা কৰা।
উত্তৰঃ মানসিক আৰু দৈহিক ঘটনা সম্পৰ্কীয় জড়বাদৰ এক বিশেষ দাৰ্শনিক মতবাদ হল অভিন্নতাবাদ বা অভেদতত্ত্ব। এই মতবাদ অনুসৰি মানসিক ঘটনা আৰু দৈহিক ঘটনা অভিন্ন। মানুহৰ চিন্তা, অনুভূতি, ইচ্ছা আৰু অন্য়ান্য় মানসিক ঘটনা বা প্ৰক্ৰিয়াসমূহ দৈহিক ঘটনা বা প্ৰক্ৰিয়াৰ লগত অভিন্ন, মানসিক আৰু দৈহিক ঘটনাৰ মাজত কোনো পাৰ্থক্য় নাই। সাম্প্ৰতিক কালত হাৰ্বাট ফাইগল, প্লেছ, আৰ্মষ্ট্ৰং, স্মাৰ্ট প্ৰভৃতি দাৰ্শনিকসকল অভিন্নতাবাদক সমৰ্থন কৰিছে।
                    অধ্য়াপক হচপাৰ্ছ 'অভিন্ন' শব্দটোক দুটা ভিন্ন অৰ্থৰ উল্লেখ কৰি অভিন্নতাবাদক বুজাবলৈ চেষ্টা কৰিছে-
i) 'অভিন্ন' শব্দটো দুটা বস্তুৰ 'বিশেষ বৈশিষ্ট্য় সমূহ হুবহু এক' এই অৰ্থত প্ৰয়োগ কৰিব পৰা যায়। এই অৰ্থত বস্তু দুটাৰ দেশ আৰু কালগত অৱস্থানক বৈশিষ্ট্য় হিচাপে গণ্য় কৰা নহয়। উদাহৰণস্বৰূপে, আমি যেতিয়া কওঁ যে দুটা মাৰ্বল অভিন্ন, তেতিয়া আমি তাৰ দ্বাৰা এইটো কব বিচাৰো যে মাৰ্বল দুটাৰ সকলো বৈশিষ্ট্য়ই এক আৰু অভিন্ন। মাৰ্বল দুটাৰ মাজত আকাৰ, ওজন, ৰং, কাঠিন্য় ইত্য়াদি সকলো একে হলে মাৰ্বল দুটাক অভিন্ন  বোলা হয়।

ii) 'অভিন্ন' শব্দটোৰ আন এটা অৰ্থ আছে। এই অৰ্থত 'অভিন্ন' বুলিলে 'সংখ্য়াগত অভিন্নতাকে' বুজোৱা হয়। যেতিয়া কোৱা হয় যে 'প্ৰভাত তৰাই সন্ধ্য়া তৰা', তেতিয়া সিহঁতৰ সংখ্য়াগত অভিন্নতাকে বুজোৱা হয়। প্ৰাচীন কালত মানুহৰ মাজত এই ধাৰণা প্ৰচলিত আছিল যে 'প্ৰভাত তৰা' আৰু 'সন্ধ্য়া তৰা' দুটা ভিন্ন নক্ষত্ৰ; কিন্তু এতিয়া আমি জানিব পাৰিছোঁ যে সেই দুটা একেই শুক্ৰগ্ৰহৰ নাম।
             মানসিক আৰু দৈহিক ঘটনাসমূহৰ অভিন্নতা বা তাদাত্ম্য় এনেকুৱা নহয়। কাৰণ প্ৰভাত তৰা আৰু সন্ধ্য়া তৰাৰ মাজত সময়ৰ অভিন্নতা বা তাদাত্ম্য় নাই; কিন্তু মানসিক ঘটনা আৰু দৈদিক ঘটনাৰ মাজত সময়ৰ অভিন্নতা আছে। এই অভিন্নতা এনেকুৱা নহয় যে এটা সময়ত ঘটিলে সি মানসিক ঘটনা আৰু আন এটা বেলেগ সময়ত ঘটিলে সি দৈহিক ঘটনা। মানসিক আৰু দৈহিক ঘটনা উভয়ে একে সময়তে ঘটে। গতিকে সিহঁতৰ মাজত সময়ৰ অভিন্নতা আছে আৰু এই অৰ্থতে সিহঁত অভিন্ন।
                    অভিন্নতাবাদীসকলে দুই ধৰণে মানসিক আৰু দৈহিক ঘটনাসমূহৰ মাজত অভিন্নতাৰ কথা কয়। এটা হল প্ৰকাৰগত বা জাতিগত অভিন্নতা আৰু আনটো হল নিদৰ্শনগত অভিন্নতা। জাতিগত বা প্ৰকাৰগত অভিন্নতাত মন আৰু মস্তিষ্কৰ মাজৰ নিয়মতান্ত্ৰিক সম্পৰ্কৰ কঠোৰতাৰ দাবী কৰা হয়। এই দাবী অনুসাৰে এক জাতীয় মানসিক অৱস্থা বা প্ৰক্ৰিয়াৰ লগত নিয়মতান্ত্ৰিকভাৱে বিশেষ এক জাতৰ মস্তিষ্কৰ বা স্নায়ুতন্ত্ৰৰ সম্বন্ধ থাকে। এই মতবাদ অনুসৰি কোনো এক মানসিক প্ৰকাৰৰ অন্তৰ্ভূক্ত অৱস্থা আচলতে কোনো এক ভৌতিক বা দৈহিক প্ৰকাৰেই হয়। এইদৰে মানসিক আৰু ভৌতিক অৱস্থাক কিছুমান দাৰ্শনিকে মানসিক প্ৰকাৰ আৰু ভৌতিক প্ৰকাৰৰ অভিন্নতা বুলি ঘণ্য় কৰে। জাতিগত বা প্ৰকাৰগত অভিন্নতাবাদ গ্ৰহণযোগ্য় হব নোৱাৰে। দুটা প্ৰজাতিৰ মাজত একে মানস প্ৰকাৰ থাকিলেও সিহঁতৰ মাজত একেই ভৌতিক শৰীৰ নাথাকিবও পাৰে। যেনে- যিকোনো প্ৰজাতিৰ জীৱৰ মাজত বেদনা প্ৰকাৰৰ মানসিক অৱস্থা লক্ষ্য় কৰিব পৰা যায়, সেই প্ৰজাতিৰ মাজত ভৌতিক শৰীৰ যি প্ৰকাৰ থাকে সি একেবাৰে ভিন্ন হব পাৰে। জাতিগত বা প্ৰকাৰগত অভিন্নতাবাদীসকলে মন আৰু মস্তিষ্কৰ নিয়মতান্ত্ৰিক যি কঠোৰতা দাবী কৰে, সিও গ্ৰহণযোগ্য় নহয়।
                নিদৰ্শনগত অভিন্নতাবাদত কোৱা হয় যে যিকোনো এটা মানসিক অৱস্থা কোনো নহয় কোনো ভৌতিক বা দৈহিক অৱস্থাৰ লগত অভিন্ন। এই মতবাদত মানসিক আৰু ভৌতিক অৱস্থাৰ মাজত কোনো দৃঢ় নিয়ম নাথাকে। মানসিক অৱস্থাৰ, যন্ত্ৰাণাবোধৰ এটি বিশেষ অৱস্থাৰ লগত দৈহিক অৱস্থাৰ, স্নায়ুতন্ত্ৰৰ উদ্দীপনা হোৱাৰ এটা বিশেষ অৱস্থাৰ যি অভিন্নতা তাকে নিদৰ্শনগত অভিন্নতা বোলা হয়। জাতিগত বা প্ৰকাৰগত অভিন্নতাবাদৰ লগত তুলনা কৰিলে দেখা যায় যে, প্ৰকাৰগত অভিন্নতাবাদত এক নিৰ্দিষ্ট প্ৰকাৰ বা জাতৰ মানসিক অৱস্থাৰ লগত এটা নিৰ্দিষ্ট জাতৰ দৈহিক অৱস্থাৰ অভিন্নতাৰ কথা কোৱা হয়; কিন্তু নিদৰ্শনগত অভিন্নতাবাদত এক বিশেষ মানসিক অৱস্থাৰ লগত আন এটা বিশেষ দৈহিক অৱস্থাৰ অভিন্নতাৰ কথা কোৱা হয়।




3. Explain and examine Functionalism.
ক্ৰিয়াবাদ বা কাৰ্যবাদ ব্য়াখ্য়া আৰু পৰীক্ষা কৰা।
উত্তৰঃ ক্ৰিয়াবাদ বা কাৰ্যবাদ হল মানসিক ক্ৰিয়া বা ঘটনা সম্পৰ্কীয় মতবাদ। মনৰ কাৰ্য কি, মনে কি কৰে, ইত্য়াদি বিষয়ৰ আলোচনাই ক্ৰিয়াবাদ। অৰ্থাৎ ক্ৰিয়াবাদত মানসিক ক্ৰিয়াৰ আলোচনা কৰা হয়। ক্ৰিয়াবাদ অনুসাৰে মনোবিজ্ঞানৰ কাম মানুহৰ মনৰ বা জটিল মানসিক অৱস্থাক সৰল উপাদানত বিশ্লষণ কৰা নহয়; মনোবিজ্ঞানৰ কাম হল মানসিক ক্ৰিয়াৰ যথাযথ আলোচনা। মনোবিজ্ঞানৰ যি মতবাদত মানসিক ক্ৰিয়া যথাযথ আলোচনা কৰা হয়, তাকে ক্ৰিয়াবাদ বা কাৰ্যবাদ বোলা হয়। ক্ৰিয়াবাদৰ অনুসৰি মানুহৰ মন এক গতিশীল, ক্ৰিয়াশীল বিষয়, গতিকে মনৰ স্বৰূপ বা প্ৰকৃতি জনাৰ একমাত্ৰ মাধ্য়মত হল মানসিক ক্ৰিয়াৰ আলোচনা। ক্ৰিয়াবাদৰ পথপ্ৰদৰ্শক হিচাপে উইলিয়াম জেমছক গণ্য় কৰা হয়। জেমছ তেওঁৰ 'Principle of Psychology' নামৰ গ্ৰন্থত মানৱ মনৰ গঠন আৰু ক্ৰিয়া সম্পৰ্কে আলোচনা কৰে। এই গ্ৰন্থত তেওঁ ক্ৰিয়াবাদ নামৰ মানসিক ঘটনা সম্পৰ্কীয় এক মতবাদ প্ৰতিষ্ঠা কৰে আৰু সমসাময়িক বহুতো দাৰ্শনিক জেমছৰ এই মতবাদৰ দ্বাৰা প্ৰভাৱিত হয়। জন ডিৱী(John Dewey), এঞ্জেল (Angell), জেমছ ৱাৰ্ড (J. Ward) , ষ্টাউট (Stout) আদি দাৰ্শনিকসকল ক্ৰিয়াবাদৰ সমৰ্থক।
                    ক্ৰিয়াবাদ মতে, এটা মানসিক ঘটনা বা অৱস্থাক বুজিবলৈ হলে আমি চাব লাগিব সেই মানসিক অৱস্থা বা ঘটনাৰ ক্ৰিয়াগত ভূমিকা কি? অৰ্থাৎ আমি চাব লাগিব মানসিক অৱস্থা বা ঘটনাৰ লগত সেই ব্য়ক্তিৰ প্ৰত্য়ক্ষগত সংবেদন, তেওঁৰ আচৰণ আৰু বিভিন্ন মানসিক অৱস্থাৰ ক্ৰিয়াগত সম্বন্ধ কেনেকুৱা। ক্ৰিয়াবাদীসকলে মানসিক আচৰণৰ লগত ব্য়ক্তিৰ সংবেদন আদিৰ সম্বন্ধ ব্য়াখ্য়া কৰাৰ বাবে গাড়ীৰ কাৰবোৰেটৰ বা ষ্টেপলাৰৰ উদাহৰণ উল্লেখ কৰিছে।         
                ক্ৰিয়াবাদত মনক কম্পিউতাৰৰ দৰে ব্য়াখ্য়া কৰিছে। প্ৰতিটো মানসিক ঘটনাই যন্ত্ৰসদৃশ্য় দৈহিক ঘটনা। যেনে- ভয়, আতঙ্ক, বিশ্বাস, বাসনা ইত্য়াদি হল মানসিক ঘটনা; কাৰণ এইবোৰ সামগ্ৰিকভাৱে মানুহৰ দেহৰ এটি কাৰণগত মাধ্য়স্থতাৰ ভূমিকা পালন কৰে। সেইকাৰণে ক্ৰিয়াবাদত প্ৰতিটো মানসিক ঘটনাক কম্পিউটাৰ যন্ত্ৰৰ দৰে ব্য়াখ্য়া কৰা হয়। এই মতবাদত প্ৰতিটো মানসিক ঘটনাক 'মস্তিষ্কৰ গণনজনিত অৱস্থা' বুলি গণ্য় কৰা হয়। ইয়াত কোৱা হয় যে 'মস্তিষ্কৰ টুৰিং যন্ত্ৰাৱস্থা' মানসিক অৱস্থাৰ কাৰণগত ব্য়াখ্য়া দিয়ে।  

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)














Post ID: DABP002039