সামন্তবাদৰ পৰা পৰিৱৰ্তন (পুঁজিবাদলৈ)

Transition From Feudalism (to Capitalism)

প্ৰথম অধ্যায়

চমু প্ৰশ্ন উত্তৰঃ 

১। কিমান খৃঃত কাৰ মৃত্যুৰ পাছত ফ্ৰান্সত পোন প্ৰথমবাৰৰ বাবে সামন্তবাদৰ উত্থান হৈছিল?

উত্তৰঃ ৮১৪ খৃঃত সম্ৰাট চাৰ্লেমাগনিৰ মৃত্যুৰ পিছত ফ্ৰান্সত পোন প্ৰথমবাৰৰ বাবে সামন্তবাদৰ উত্থান হৈছিল।


২। কোনটো শ্ৰেণীক ন'বল বা সম্ভ্ৰান্ত শ্ৰেণী নামেৰে জনা গৈছিল?

 উত্তৰঃ মধ্যস্থতাকাৰী শ্ৰেণীটোকে ন'বল বা সম্ভ্ৰান্ত শ্ৰেণী নামেৰে জনা গৈছিল।


৩। সামন্তবাদ মানে কি?

উত্তৰঃ সামন্তবাদ মানে এটা ভূমি পট্টা বা ভূমিৰ স্থায়ী দখল পদ্ধতি।


৪। পাইকান বা ফিফ বা ফিউদাম মাটি কাক বোলা হৈছিল?

উত্তৰঃ ৰজাই চৰ্তসাপেক্ষে ন'বলসকলক দিয়া ভূমি ভাগক পাইকান মাটি বা যুদ্ধত সহায় কৰাৰ চৰ্তত লাভ কৰা বিহীন মাটি অৰ্থাৎ এই ভূমি ভাগক পাইকান মাটি বা ফিফ বা ফউদাম বোলা হৈছিল।


৫। শাখা পাইকান ভূমি কাক বোলে?

উত্তৰঃ ন'বলৰ অধীনত থকা ভূমি ভাগক পুনৰ বিভিন্ন উপ-ভাগত ভাগ কৰি বিতৰণ কৰা অংশটোক শাখা পাইকান ভূমি বোলা হৈছিল।


৬। ভূ-স্ফামীৰ ৰায়ত কাক বোলা হৈছিল?

উত্তৰঃ যিসকল কৃষক আৰু দাসে পথাৰত কাম কৰিছিল সেইসকলক ভূ-স্ফামীৰ ৰায়ত বোলা হৈছিল।


৭। প্ৰতিজন খেতিয়ক বা দাসে ভূ-স্ফামীৰ পৰা সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত ইয়াৰ বিনিময়ত কৃষকসকলে কি কৰিব লাগিছিল?

উত্তৰঃ প্ৰতিজন খেতিয়ক বা দাসে ভূ-স্ফামীৰ পৰা সুৰক্ষা লাভ কৰিছিল। ইয়াৰ বিনিময়ত কৃষকজনে- (১) কমেও তিনিদিন ভূ-স্ফামীৰ পথাৰত মজুৰী বিহীনভাৱে কাম কৰিব লাগিছিল, (২) কৃষকজনে ভোগ কৰা মাটি ডৰাৰ ৰাজহৰ এটা অংশ ভূ-স্ফামীৰ হাতত অৰ্পণ কৰিব লাগিছিল আৰু (৩) শস্য ভূমি লাভৰ বাবে ধন দিব লাগিছিল আৰু ভূ-স্ফামীৰ জাত মিলত ৰুটিৰ বাবে গম গুৰা কৰিব লাগিছিল।


৮। ৰেনেচাঁ যুগৰ প্ৰধান বৈশিষ্ট্যবোৰ কি?

উত্তৰঃ ৰেনচাঁ যুগৰ প্ৰধান বৈশিষ্ট্যবোৰ আছিল- মানুহ সৌন্দৰ্য্য আৰু শ্ৰেষ্ঠ সাহিত্যৰ মূলৰ প্ৰতি আকৃষ্ট হৈছিল আৰু নৱজাগৰণৰ এই দিশটোক মানৱতাবাদ বুলি জনা যায়। এই মানৱতাবাদী পুৰুষবোৰেই আছিল শ্ৰেষ্ঠ বা বিখ্যাত পণ্ডিতসকল।


৯। মানৱতাবাদৰ পিতৃ কোন?

উত্তৰঃ মানৱতাবাদৰ পিতৃ আছিল পেট্ৰাক আৰু শ্ৰেষ্ঠ সাহিত্যৰ গুণজ্ঞান কৰি তেওঁ সকলোৰে পূজ্য হৈ পৰিছিল।


১০। ইৰাচ্মাচ তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ইৰাচ্মাচ তেওঁৰ বিখ্যাত গ্ৰন্থ 'Praise Of Folly' য়ে মধ্যযুগীয় ধ্যান ধাৰণাৰ ওপৰত প্ৰচণ্ড আঘাত হানি মানৱতাৰ আদৰ্শ ইউৰোপত প্ৰতিষ্ঠা কৰিছিল।


১১। ১৪ শতিকাৰ এক বিশেষ বৈশিষ্ট্য কি?

উত্তৰঃ ১৪ শতিকাৰ এক বিশেষ বৈশিষ্ট্য বা চৰিত্ৰ আছিল সামন্তীয় অৰ্থনীতিৰ সংকটৰ এটা গুৰুত্বপূৰ্ণ কাৰণ চাৰ্ফ সকলৰ কৃষি ক্ষেত্ৰৰ পৰা পলায়ন।


১২। ডোব্বেৰ গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰৰ এটা সংক্ষিপ্ত বিৱৰণ দিছে লিখা।

উত্তৰঃ ডোব্বেৰ গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰৰ এটা সংক্ষিপ্ত বিৱৰণ দিছে বা ধাৰণা দিছে যেনে- (১) নিম্ন পৰ্য্যায়ৰ প্ৰযুক্তিবিদ্যা অৰ্থাৎ উৎপাদনৰ আহিলাবোৰ সাধাৰণ আৰু কম-ব্যয়বহুল বা কম খৰচী। উৎপাদন কাৰ্য্য চৰিত্ৰগতভাৱে সম্পূৰ্ণ ব্যক্তিগত। (২) উৎপাদন পৰিয়াল আৰু গাওঁ-সম্প্ৰদায়ৰ প্ৰয়োজন অনুসৰিহে, বজাৰৰ কাৰণে নহয়। (৩) গৰাকীৰ সম্পত্তিত কৃষি কাৰ্য্য। (৪) ৰাজনৈতিক বিকেন্দ্ৰীকৰণ। (৫) কিছু পৰিমাণে সেৱামূলক ভূ-স্বামীয়ে ভূমি স্বৰ্তসাপেক্ষে দখল। (৬) অধীন জনতাৰ সৈতে সম্পৰ্ক ৰাখি ন্যায়িক বা অৰ্ধ-ন্যায়িক ক্ষমতাৰ গৰাকীৰ দ্বাৰা দখলীস্বত্ব গ্ৰহণ।


১৩। চমুটোকা লিখা।

(ক) সামন্ত জীৱন

উত্তৰঃ সামন্ত জীৱনঃ সেই সময়ত ৰজাৰ সীমিত ক্ষমতা আছিল আৰু তেওঁৰ ৰাজ্য সকলো প্ৰজাৰ সৈতে কোনোমতে সংস্পৰ্শলৈ আহিব পৰা নাছিল। তেওঁৰ ৰাজ্যৰ প্ৰজাৰ ৰাজভক্তি দুটা ভাগত বিভক্ত হৈ পৰিছিল অৰ্থাৎ তেওঁলোকে ৰজা আৰু ন'বল দুয়োজনৰ প্ৰতি আনুগত্য দেখুৱাব লগা হৈছিল। যিহেতু ৰজাৰ সামৰিক বাহিনীৰ সংখ্যা অতি তাকৰ সেয়ে ৰজাই ন'বল বা তেওঁৰ অধীনস্থসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। তেওঁৰ ৰাজহৰ প্ৰধান উৎস আছিল তেওঁৰ নিজৰ অংশত থকা ভূমি ভাগ। ক্ৰমশঃ তেওঁৰ অধীনস্থ ন'বলসকল শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ অভাৱত দুৰ্বল হৈ পৰিছিল। যি সময়ত ৰজাই প্ৰজাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব পৰা নাছিল সেই সময়ত ন'বলসকলে প্ৰজাৰ নিচেই ওচৰত আছিল আৰু প্ৰজাসকলে ন'বলসকলৰ প্ৰতিও আনুগত্য প্ৰকাশ কৰিছিল। 


(খ) সামন্তবাদৰ পতন

উত্তৰঃ সামন্তবাদৰ পতনঃ ১৩ শতিকাৰ আৰম্ভণিতে সামন্তবাদৰ পতন হৈছিল। যিহেতু সামন্তবাদ অসমতা, অত্যাচাৰ, শোষণ আৰু অমানুষিক আচৰণৰ ওপৰত প্ৰতিষ্ঠিত আছিল, গতিকে ইয়াৰ পতন অনিবাৰ্য্য আছিল। সময় অতিবাহিত হোৱাৰ লগে লগে অৱস্থাৰ পৰিৱৰ্তন হৈছিল। ১৪ শতিকাত কৃষক আৰু চাৰ্ফসকলে উচ্চ হাৰত মজুৰী দাবী কৰিছিল যিহেতু কলা মৃত্যু নামে জনাজাত মহামাৰীৰ আৱিৰ্ভাৱৰ ফলত অসংখ্য প্ৰজাৰ মৃত্যু হৈছিল আৰু তেওঁলোকে পথাৰত কাম কৰিবলৈ অস্ফীকাৰ কৰিছিল। যাতনাভোগী আৰু অসন্তুষ্ট কৃষক আৰু চাৰ্ফসকলে ভূ-স্ফামীসকলৰ বিৰুদ্ধে ১৩৮১ খৃঃত ইংলেণ্ডত বিদ্ৰোহ গঢ়ি তুলিছিল কিন্তু কৃতকাৰ্য্য হ'ব পৰা নাছিল।


(গ) নৱজাগৰণ

উত্তৰঃ নৱজাগৰণঃ মধ্যযুগৰ পৰা আধুনিক যুগলৈ হোৱা পৰিবৰ্তনত আটাইতকৈ গুৰুত্বপূৰ্ণ চিহ্নটো আছিল নৱজাগৰণ নামে জনাজাত এটা বিখ্যাত বৌদ্ধিক আন্দোলন। নৱজাগৰণ মানেই আছিল শ্ৰেষ্ঠ শিক্ষাৰ পুনৰ উত্থান। এনে জাগৰণ ১৩ শতিকাতেই আৰম্ভ হৈছিল যেতিয়াই ইউৰোপীয়ান পণ্ডিতসকলে পাহৰণিৰ গৰ্ভত জাহ যাবলৈ ধৰা আৰু অৱহেলিত গ্ৰীকো-ৰোমান অতীত সংস্কৃতিৰ সাধনা আৰু গুণ-গান আৰম্ভ কৰিছিল। ১৪৫৩ খৃঃত অটোম্যান তুৰ্কীসকলে কনষ্টান্টিনোপল দখল কৰাৰ পিছত ইটালীত আশ্ৰয় লোৱা গ্ৰীক পণ্ডিত আৰু জ্ঞানী লোকসকলৰ সক্ৰিয় সহযোগত শ্ৰেষ্ঠ সাহিত্যৰ প্ৰতি ধাউতি বৃদ্ধি হৈছিল।গ্ৰীকসকলৰ অধ্যয়নৰ ফলত কবৰস্থ্য হৈ থকা এখন নতুন সংস্কৃতি আৰু নতুন চিন্তাৰ জগত উন্মোচিত হৈছিল। 


(ঘ) আৱিষ্কাৰৰ যুগ

উত্তৰঃ আৱিষ্কাৰৰ যুগঃ এই সময়ছোৱাত হোৱা কিছুমান বৈজ্ঞানিক আৱিষ্কাৰে সেই সময়ৰ বৈজ্ঞানিক ধ্যান ধাৰণাৰ প্ৰতি থকা উদ্যমতে প্ৰতিফলিত কৰে। ছপাশালৰ আৱিষ্কাৰে গ্ৰন্থ প্ৰকাশত আৰু সমগ্ৰ ইউৰোপত শিক্ষাৰ প্ৰসাৰ লাভত সহায় কৰিছিল। সেই সময়লৈ ছপাশালৰ অভাৱত জ্ঞান অকল ধৰ্মযাজকসকলৰ মাজত সীমাবদ্ধ আছিল। কিন্তু নৱজাগৰণৰ ফলত জ্ঞান পুৰুষ আৰু মহিলা সকলো শিক্ষিত লোকেৰে উমৌহতীয়া সম্পদ ৰূপে পৰিগণিত হৈছিল। এনেদৰে সংস্কাৰ আন্দোলনৰ বীজ ৰোপণ কঠিয়াতলী প্ৰস্তুত হৈ পৰিছিল। তাৰোপৰি বন্দুক বাৰুদৰ আৱিষ্কাৰে সমৰসজ্জাৰ বৈপ্লবিক পৰিৱৰ্তন আনিছিল আৰু ইয়ে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ দুৰ্গত আশ্ৰয় লোৱা সামন্ত শ্ৰেণী দুৰ্বল হৈ পৰিছিল। 


(ঙ) ধৰ্মীয় সংস্কাৰ

উত্তৰঃ ধৰ্মীয় সংস্কাৰঃ মধ্যযুগৰ খৃষ্টানসকল ৰোমান কেথলিক চাৰ্চৰ দ্বাৰা অতিকৈ প্ৰভাৱাম্বিত হৈছিল। কোনোৱে গীৰ্জানুষ্ঠানৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ সাহস কৰা নাছিল। তাৰোপৰি ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বীৰ সৈতে ফেৰ মৰাটো কোনোৱে কল্পনা কৰিব পৰা নাছিল। পুৰোহিতৰ শিক্ষাবোৰ ৰোমান কেথলিক গীৰ্জাৰ অনুগামীসকলে বিনা প্ৰতিবাদে মানি চলিব লাগিছিল। লেটিন ভাষাত ৰচিত ধৰ্ম গ্ৰন্থবোৰ সাধাৰণ লোকৰ বাবে বোধগম্য নাছিল কিয়নো তেওঁলোকৰ কোনো শিক্ষা দীক্ষা নাছিল। আধুনিক যুগৰ লগে লগে সাধাৰণ মানুহৰ অজ্ঞতা আৰু নিৰক্ষৰতা দূৰ হৈছিল ছপাশালৰ আৱিষ্কাৰ ফলত সাধাৰণ লোকে নিজৰ ভাষাত ৰচিত বা নিজৰ ভাষালৈ অনূদিত ধৰ্ম গ্ৰন্থ পঢ়াৰ সুযোগ লাভ কৰিছিল আৰু নিজৰ ধৰ্মৰ বিষয়ে প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিছিল।


(চ) নগৰৰ প্ৰতিষ্ঠা

উত্তৰঃ নগৰৰ প্ৰতিষ্ঠাঃ মধ্যযুগত বহুতো সৰু সৰু নগৰ আছিল। এই নগৰবোৰ সামন্ত প্ৰভুৰ দুৰ্গৰ কাষতে নাইবা খৃষ্টান গীৰ্জাৰ কাষতে অৱস্থিত আছিল। এই নগৰবোৰৰ নিৰাপত্তা সামন্ত নেতাজনৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তেওঁলোকেই এই দুৰ্গবোৰ নিয়ন্ত্ৰণ কৰিছিল। সেই সময়ত মানুহৰ অভাৱ অতি কম আছিল আৰু প্ৰজাই স্থানীয় বজাৰৰ পৰা তেওঁলোকৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছিল। আধুনিক যুগৰ আৰম্ভণিৰ লগে লগে আৰু নতুন নতুন আৱিষ্কাৰ হোৱাৰ ফলত, ইউৰোপৰ মানুহে ভাৰত আৰু আমেৰিকাৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিছিল। সেই সময়ত আমেৰিকাক 'নতুন বিশ্ব' বুলি কোৱা হৈছিল। আমেৰিকাৰ পৰা ইউৰোপলৈ সোণ, ৰূপ আৰু আন বহুতো মূল্যবান সামগ্ৰী আমদানি কৰা হৈছিল।


(ছ) জাতীয় ভাৱৰ সম্প্ৰসাৰণ

উত্তৰঃ জাতীয় ভাৱৰ সম্প্ৰসাৰণঃ মধ্যযুগৰ ইউৰোপৰ মানুহৰ মাজত জাতীয়ভাৱ বা ধাৰণা নাছিল, কাৰণ তেওঁলোক ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী পোপৰ প্ৰতি গভীৰ আনুগত্য প্ৰকাশ কৰিব লাগিছিল। তাৰোপৰি তেওঁলোকে ডাঙৰীয়া আৰু ভূ-স্ফামীৰ সৈতেহে বেছিকৈ সম্পৰ্ক ৰক্ষা কৰিছিল। প্ৰজাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নথকা শাসকবোৰৰ সৈতে সাধাৰণ প্ৰজা বা কৃষকসকলৰ কোনো ৰাজভক্তি বা আনুগত্য নাছিল। প্ৰকৃত অৰ্থত ভূ-স্ফামী বা সামন্তসকলেই আছিল একমাত্ৰ গৰাকী। আনহাতে মধ্যযুগত সাধাৰণ প্ৰজা আৰু ন'বলসকল অশিক্ষিত আছিল। পুৰোহিতসকলৰ মাজতহে শিক্ষা ব্যৱস্থা সীমাবদ্ধ আছিল আৰু সেইবাবে উপযুক্ত শিক্ষাৰ অভাৱত তেওঁলোকৰ মাজত জাতীয় ধাৰণাৰ সৃষ্টি হোৱা নাছিল।



Author: Pompi Hazarika





Post ID: DABP004365