বৌদ্ধিক, সাংস্কৃতিক আৰু আধ্য়াত্মিক ঐতিহ্য়

 Chapter 7

অনুশীলনী

১। (ক) 'বুৰঞ্জী' শব্দৰ অৰ্থ কি ?

উত্তৰঃ 'বুৰঞ্জী' শব্দৰ  অৰ্থ হ'ল নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল। 

(খ) দৰং ৰাজবংশাৱলীৰ প্ৰণেতা কোন ?

উত্তৰঃ দৰং ৰাজবংশাৱলীৰ প্ৰণেতা সূৰ্যখড়ি দৈৱজ্ঞ।

(গ) হস্তীবিদ্য়াৰ্ণব কোনে ৰচনা কৰিছিল ?

উত্তৰঃ হস্তীবিদ্য়াৰ্ণব সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল। 

(ঘ) শংকৰাচাৰ্যই কোনটো বিশেষ মতবাদৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ 

(ঙ) শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱত শাস্ত্ৰৰ সাৰ কাৰ পৰা পাইছিল ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱত শাস্ত্ৰৰ সাৰ মাধৱদেৱৰ পৰা পাইছিল। 

(চ) 'হস্তীবিদ্য়াৰ্ণব' পুথিৰ চিত্ৰ কোনে আঁকিছিল ?

উত্তৰঃ 'হস্তীবিদ্য়াৰ্ণব' পুথিৰ চিত্ৰ দিলবৰ আৰু দোছাইয়ে আঁকিছিল।

২। বুৰঞ্জী সাহিত্য় কি ? সমসাময়িক সমাজৰ অৱস্থা বুজাত ইয়াৰ প্ৰয়োগিকতা বৰ্ণনা কৰা।

উত্তৰঃ বুৰঞ্জী মানে নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল।  আহোম সকলৰ ৰাজত্ব কালত  বহুতো বুৰঞ্জী লিখা হৈছিল। চুকাফাই তেওঁ ৰাজসভাৰ পণ্ডিতসকলক আদেশ দিছিল যে জন্মৰ পৰা মৃত্যুলৈ সেই সকলোবোৰ খবৰ লিখি ৰখা। বুৰঞ্জীসমূহ টাই ভাষা আছিল যদিও পিছত অসমীয়া ভাষাতে লিখা হৈছিল।  

    সমসাময়িক সমাজৰ অৱস্থা বুজাত বুৰঞ্জী সাহিত্য় প্ৰয়োগিকতা হ'ল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হোৱা লগে লগে ভাগৱতকে মুখ্য় কৰি আন বহুতো পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল। শংকৰদেৱৰ 'কীৰ্ত্তন ঘোষা' আৰু মাধৱদেৱৰ 'নামঘোষা' অসমীয়া সমাজৰ ঘাই সম্পদ আছিল। মধ্য়যুগৰ অসমৰ ইতিহাস চৰ্চা কৰিবৰ কাৰণে বৈষ্ণৱ সাহিত্য়সমূহৰ পৰা সহায় ল'ব লগা হৈছিল চৰিত পুথি আৰু বংশাৱলীসমূহৰ লগত। 

    আহোম আৰু কোঁচ ৰজা ৰাজসভাত বহুতো অনুবাদ সাহিত্য়ৰ সৃষ্টি হৈছিল। কবিৰাজ চক্ৰৱৰ্তীৰ 'ব্ৰহ্ম বৈৱৰ্ত পুৰাণ' অসমীয়া অনুবাদ প্ৰধান আছিল।  

৩। অসমত ধৰ্মীয় পৰম্পৰাসমূহে কিদৰে গতি লাভ কৰিছিল আলোচনা কৰা।

উত্তৰঃ অসমত ধৰ্মীয় পৰম্পৰাসমূহে কিদৰে গতি লাভ কৰিছিল সেই বিষয়ে তলত আলোচনা কৰা হ'ল-

    আহোম যুগ এটা সুদীৰ্ঘকালৰ যুগ আছিল। এয়োদশ শতিকাৰপৰা ঊনবিংশ শতিকালৈ আহোম ৰজাসকলৰ ছশবছৰীয়া শাসন আছিল। সেই সময়তে অসমৰ মানুহৰ ধৰ্মবিশ্বাসত নানা দিশত পৰিৱৰ্তন হৈছিল। অসমখনে আগুৰি থকা ভূ-খণ্ডও সম্পূৰ্ণকৈ নাছিল। ৰজা এজনৰ একাধিপত্য় প্ৰতিষ্ঠা আৰু ন্য়ায্য়ীকৰণ ধৰ্মৰ দ্বাৰা পৰিচালিত হয়। প্ৰাচীন যুগৰ কালছোৱাত সেই ধৰ্মই আছিল ব্ৰাহ্মণ্য় হিন্দুধৰ্ম। ইছলামধৰ্মী ৰাজবংশবোৰৰ বাহিৰে আন সকলো ৰাজবংশই হিন্দু ব্ৰাহ্মণ্য় ধৰ্মৰপৰা ন্য়ায্য়তা আৰু যৌক্তিকতা আয়ত্ত কৰিছিল। 

    খ্ৰীঃ এয়োদশ শতিকাৰ প্ৰথমতে ব্ৰহ্মপুত্ৰ উপত্য়কাত ব্ৰাহ্মণ্য় 'হিন্দু' ধৰ্মই আছিল প্ৰধান ধৰ্মবিশ্বাস। শিৱ, গণেশ, বিষ্ণু, লক্ষ্মী, সৰস্বতী, দুৰ্গা, আৰু ইন্দ্ৰ এই সকলোবোৰ দেৱ-দেৱীৰ পুজা-পাতল কৰি বৈদিক যাগ-যজ্ঞ প্ৰচলন কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ সময়লৈ প্ৰাচীন কালৰ সেই মঠ-মন্দিৰবোৰ পূৰ্ণ অৱস্থাৰ ৰূপত নাছিল। কোঁচ ৰাজ্যখন প্ৰতিষ্ঠাৰ কৰা সময়ত বিশ্বসিংহৰ আৰু তেওঁ পুত্ৰৰ নৰনাৰায়ণে নিৰ্মাণ কৰি উলিওৱা কামাখ্য়া দেৱীৰ মন্দিৰটো ধবংস হৈ থকা অৱস্থাত হাবি মাজত পাইছিল। 

    বৈদিক ৰীতি-নীতি আৰু ৰজাঘৰীয়া সাহায্য় শ্ৰেণীৰ ধৰ্মবিশ্বাস আৰু ক্ৰিয়া-কৰ্ম চলি থকা অৱস্থাত সাধাৰণ মানুহৰ মাজত দেৱ-দেৱী, উপ-দেৱতা, ভূত-প্ৰেতৰ বিশ্বাস চলি আছিল। নামনি ব্ৰহ্মপুত্ৰ উপত্য়কাৰ শিৱৰাজৰ পূজা চলিছিল কোঁচ, মেচ, আৰু বড়ো জনজাতীয় লোকসকলৰ মাজত। 

৪। অসমত নৱবৈষ্ণৱ আন্দোলনে কিদৰে সমাজ জীৱন আৰু সাহিত্য়-সংস্কৃতি বিকাশত ভূমিকা গ্ৰহণ কৰিছিল আলোচনা কৰা।

উত্তৰঃ অসমত নৱবৈষ্ণৱ আন্দোলনে  সমাজ জীৱন আৰু সাহিত্য়-সংস্কৃতি বিকাশত ভূমিকা গ্ৰহণ কৰিছিল। অসমত নতুন ভক্তি আন্দোলনৰ গুৰি ধৰা লোকজন আছিল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ। শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য় মাধৱদেৱ আহোম ৰাজ্য়ৰ প্ৰজাৰ আছিল। স্বৰ্গদেউ চুহুংমং দিহিঙীয়া ৰজাৰ দিনত শংকৰদেৱে প্ৰথমে ধৰ্ম সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল। জনজাতি আৰু হিন্দু সমাজৰ নিম্ন বৰ্ণৰ লোকসকলক সমাদৰ কৰি ধৰ্মীয় স্থানত তেওঁলোকক উচ্চ বৰ্ণৰ দিছিল সমানে আসন দিছিল। ধৰ্মশাস্ত্ৰসমূহৰ জটিল কথাবোৰ মানুহবোৰে বুজিব পৰাকৈ সহজ-সৰল ভাষালৈ ৰূপান্তৰ কৰিছিল। তেওঁ এহাতে বৈষ্ণৱ ধৰ্মৰ ভেটি প্ৰস্তুত কৰিছিল। 

    সংগীত, বাদ্য়, আৰু নৃত্য় আদিৰ সকলোতে নৱবৈষ্ণৱ যুগৰ দান আছিল। ই অসমত এটা নতুন জীৱন, নতুন ৰাষ্ট্ৰ আৰু নতুন সাহিত্য় দান কৰিছিল। বৈষ্ণৱ গুৰুসকলে তেওঁলোকৰ শিল্প-সাহিত্য় গঢ়ি তুলিছিল। তেনেদৰে জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীসমূহৰ মিলন গঢ়ি উঠিল। নৱবৈষ্ণৱ ধৰ্মই অসমীয়া জাতীয় জীৱনক সকলো দিশৰপৰা সজাই-পৰাই তুলিছিল। 

৫। অসমীয়া সাংস্কৃতিক জীৱনত চিত্ৰকলাৰ গুৰুত্ব সম্পৰ্কে এক টোকা যুগুতোৱা।

উত্তৰঃ অসমীয়া সাংস্কৃতিক জীৱনৰ চিত্ৰকলাৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ'ল

    প্ৰাচীন কালৰে পৰা মানুহে মনোৰঞ্জন দূৰীকৰণৰ অৰ্থে সুকুমাৰ কলাসমূহৰ আশ্ৰয় লৈ আহিছে। সেই সুকুমাৰ কলাসমূহৰ ভিতৰত নৃত্য়, গীত, বাদ্য়, আৰু চিত্ৰ। 

    চিত্ৰকলাঃ আদিম মানুহে নিজকে সজাই তুলিবলৈ দেহৰ বিভিন্ন অংশত বিভিন্ন চিত্ৰ অংকন কৰিছিল। যুদ্ধশৈলী আৰু চিকাৰ নীতি সেই ঘটনাবোৰ তেওঁলোকে গুহাৰ দেৱালত অংকন কৰি ৰাখিছিল। সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হৰ্ষবৰ্ধনলৈ উপহাৰ দিছিল। ছবি আঁকিবৰ কাৰণে প্ৰয়োজন হোৱা আহিলাসমূহ যেনে- চৰাই পাখি, ঘোঁৰাৰ নেজৰ নোম আৰু কপাহ প্ৰভৃতিৰে তুলিকা সাজি লোৱা হয়। এইবোৰ প্ৰাথমিক সমলৰ পৰা প্ৰস্তুত কৰি উলিওৱা পুথিখন হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত 'আদি দশম স্কন্ধ ভাগৱত'।  

    অসমৰ চিত্ৰশৈলী তিনি প্ৰকাৰৰ, আৰু সেই কেইটা - ১) সত্ৰীয়া, ২) সাধাৰণ অলংকাৰ আৰু ৩) ৰজাঘৰীয়া। শঙ্কৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ মাধ্য়মেৰে সাতখন বৈকুন্ঠৰ চিত্ৰপট আঁকি অনাখৰী লোকসকলৰ মাজত প্ৰদৰ্শন কৰিছিল। শঙ্কৰদেৱে নাটক বুজাবলৈ 'যাত্ৰা' শব্দ ব্য়ৱহাৰ কৰিছিল। 'চিহ্নযাত্ৰা' মানে হ'ল চিত্ৰৰ যোগেদি দেখুওৱা নাটক।   

৬। সংগীত কি ? বিভিন্ন প্ৰকাৰৰ বাদ্য়যন্ত্ৰৰ উল্লেখেৰে অসমত সংগীতৰ ক্ৰমবিকাশ আলোচনা কৰা।

উত্তৰঃ সংগীত মানে হ'ল গীত, বাদ্য় আৰু নৃত্য়। ভাৰতত সংগীতৰ দুটা ধাৰাত প্ৰচলিত হৈ আহিছে আৰু সেই কেইটা আছিল (ক) মাৰ্গী আৰু (খ) দেশী। মাৰ্গী সংগীতত স্বৰ, পদ আৰু তাল এই সকলোবোৰ কঠোৰ নিয়মৰ  দ্বাৰা নিয়ন্ত্ৰিত। আনহাতে, দেশী সংগীত হ'ল সৰ্বসাধাৰণ মনোৰঞ্জনৰ অৰ্থে পৰিৱেশন কৰা সংগীত।  বিভিন্ন প্ৰকাৰৰ বাদ্য়যন্ত্ৰৰে অসমত সংগীতৰ ক্ৰমবিকাশ কৰা হয়, যেনে

      লোকবাদ্য়ঃ গীত আৰু নৃত্য় লগত সংগত কৰিবলৈ বাদ্য়যন্ত্ৰ প্ৰয়োজন। আগৰে পৰা ৰাজ্য়ত এনেবোৰ বাদ্য়যন্ত্ৰ পৰিৱৰ্তিত ৰূপত প্ৰচলিত হৈ আছে। সেইবোৰ লোকবাদ্য়ৰ ভিতৰত আছিল বাঁহী, পেঁপা, ঢোল, তাল, বীণা, গগণা, মৃদংগ, খোল, দবা, আৰু শংখ। 

      অৱনদ্ধ বাদ্য়ঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে উৎসৱ-পাৰ্বণত ঢোল ব্য়ৱহাৰ কৰে। যেনে- বিহু, আলি-আই-লৃংগাৰ দৰে ঢোলৰ ছেওত সকলোৱে দেহ মন উৎসৱ মুখৰ হৈ উঠে। বিভিন্ন প্ৰকাৰৰ ঢোল আছে যেনে বৰঢোল, ঢেপাঢোল, কামৰূপী ঢোল আৰু জয়ঢোল। সেই শ্ৰেণীৰ বাদ্য়ৰ ভিতৰত আছিল দবা, ঢোলক, নাগাৰা, ঢাক, ডগৰ আৰু মৃদংগ। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া লোক সকলৰ মাজত ভক্তিৰসৰ নিজৰা বোৱাৰ কাৰণে যি নৃত্য়-গীত-বাদ্য়ৰ ব্য়ৱহাৰ কৰিছিল, তাৰে ভিতৰত খোল আছিল প্ৰধান। 

    সুষিৰ বাদ্য়ঃ কোনো বিশেষ মাধ্য়মৰ মাজেদি বতাহ নিৰ্গত কৰি শব্দ উৎপাদন আৰু সুৰ সঞ্চাৰ কৰিব পৰা বাদ্য়ই হৈছে সুষিৰ বাদ্য়। শংখৰ হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন সুষিৰ বাদ্য়। ইয়াৰ ভিতৰত প্ৰধান হ'ল বাঁহী, কালি, শিঙা, পেঁপা, সুতুলি আৰু গগনা। 

    ততবাদ্য়ঃ ততবাদ্য় বোৰ হ'ল প্ৰাচীন সাহিত্য়ত বিপঞ্চি, ৰুদ্ৰক বিলাস, আৰু ৰুদ্ৰ বীণৰ। তাঁৰৰ গুঞ্জনৰ সুৰ সঞ্চাৰ কৰা বাদ্য় সমূহেই হ'ল তাতবাদ্য়। সেই শ্ৰেণীৰ বাদ্য়বোৰ যেনে  লাও টোকাৰী, আনন্দ লহৰী, আৰু দোতৰা বা টোকাৰী। আৰু আনটো হ'ল 

    ঘনবাদ্য়ঃ ধাতু, কাঠ আৰু বাঁহ  নিৰ্দিষ্ট জোখত কাটি পৰস্পৰে  আঘাত কৰি যি শব্দ উৎপাদন কৰা হয় সেইবোৰে হৈছে ঘনবাদ্য়। যেনে সৰুকাঁহ, বৰকাঁহ,তাল, ঘন্টা, জুনুকা,খঞ্জৰী আৰু নপুৰ।  



Author By- Chayanika Das