বস্তুগত ঐতিহ্য়

Chapter 8 

অনুশীলনী

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(ক) কামাখ্য়া মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত ?

উত্তৰঃ কামাখ্য়া মন্দিৰ গুৱাহাটীৰ পশ্চিমে থকা নীলাচল পাহাৰত অৱস্থিত।

(খ) ব্ৰিটিছসকলে অসমৰ কোনটো দ্বীপক 'ময়ূৰ দ্বীপ'বুলিছিল ?

উত্তৰঃ ব্ৰিটিছসকলে অসমৰ উমানন্দ মন্দিৰটোক 'ময়ূৰ দ্বীপ' বুলিছিল।

(গ) বশিষ্ট মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম কি ?

উত্তৰঃ বশিষ্ট মন্দিৰ নিৰ্মাণ কৰোৱা আহোম স্বৰ্গদেউজনৰ নাম হ'ল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ। 

(ঘ) দ-পৰ্বতীয়া মন্দিৰৰ সবাতোকৈ বিখ্য়াত শিল্পকৰ্ম কোনটো ?

উত্তৰঃ দ-পৰ্বতীয়া মন্দিৰৰ সবাতোকৈ বিখ্য়াত শিল্পকৰ্মটো হ'ল স্থাপত্য়-ভাস্কৰ্য।

(ঙ) সন্ধ্য়া, ললিতা, কান্তা, নামৰ তিনি জলধাৰাৰ সংগম অসমৰ ক'ত দেখা যায় ?

উত্তৰঃ সন্ধ্য়া, ললিতা, কান্তা নামৰ তিনি জলধাৰাৰ সংগম অসমৰ গুৱাহাটীৰ মহানগৰৰ দক্ষিণে সন্ধ্য়াচল পৰ্বতত পোৱা যায়। 

(চ) হয়গ্ৰীৱ-মাধৱ মন্দিৰ থকা পাহাৰটো নাম কি ?

উত্তৰঃ হয়গ্ৰীৱ-মাধৱ মন্দিৰ থকা পাহাৰটো হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাজোৰ মনিকূট পাহাৰ। 

(ছ) হাজোৰ কোনটো পাহাৰত পোৱামক্কা অৱস্থিত ?

উত্তৰঃ হাজোৰ গৰুড়াচল পাহাৰত পোৱামক্কা অৱস্থিত। 

(জ) অসমৰ সৰ্ববৃহৎ মানৱসৃষ্ট পুখুৰী কোনটো ?

উত্তৰঃ অসমৰ সৰ্ববৃহৎ মানৱসৃষ্ট পুখুৰী নাম আছিল জয়সাগৰ পুখুৰী।

(ঝ) কোনজন আহোম স্বৰ্গদেৱে 'ধোদৰ আলি' নিৰ্মাণ কৰিছিল ?

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহই 'ধোদৰ আলি' নিৰ্মাণ কৰিছিল।  

২। চমুটোকা লিখা।

(ক) অম্বুবাচী উৎসৱ

উত্তৰঃ অম্বুবাচী উৎসৱঃ কামাখ্য়া মন্দিৰ গুৱাহাটীৰ পশ্চিমে থকা নীলাচল পাহাৰত অৱস্থিত। এই ঠাইতে ভগৱান বিষ্ণুৱে  সুদৰ্শন চক্ৰৰে কাটি খণ্ড-বিখণ্ড কৰা সদাশিৱৰ পত্নী সতীৰ দেহৰ অংগ সেই ঠাইত পৰিছিল আৰু সেই ঠাইতে কামাখ্য়া মন্দিৰ সৃষ্টি হৈছিল। 

    কামাখ্য়া মন্দিৰত প্ৰতিবছৰে মহাসমাৰোহেৰে উদযাপিত হোৱা পূজা আৰু মেলা সমূহৰ ভিতৰত সকলোতকৈ বিখ্য়াত অম্বুবাচী মেলা। আহাৰ মাহৰ ৭ তাৰিখৰ পৰা ১০ তাৰিখলৈ এই মেলা উদযাপন কৰা হয়। আই বসুমতি ঋতুমতী হয় বুলি প্ৰাচীন লোকৰ বিশ্বাস আছে। সেই কাৰণে কামাখ্য়াধামত মহাসমাৰোহেৰে অম্বুবাচী উৎসৱ পালন কৰা হয়। অম্বুবাচীৰ দিন কেইটাত কামাখ্য়া মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে দৰ্শনাথীৰ বাবে সেই দুৱাৰ খুলি দিয়া হয়। সেই সময়তে কামাখ্য়াত ডাঙৰ মেলা অনুষ্ঠিত হয়, আৰু ইয়াকে অম্বুবাচী মেলা বোলে। 

(খ) শ্ৰীসূৰ্য পাহাৰ

উত্তৰঃ শ্ৰীসূৰ্য পাহাৰঃ শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা নগৰৰ ওচৰতে অৱস্থিত। এই পাহাৰৰ দক্ষিণ দিশলৈ এটা শিলৰ চক্ৰাকৃতি ভাস্কৰ্য আছে আৰু সেই ভাস্কৰ্য টোকে সূৰ্যৰ প্ৰতীক বুলি কোৱা হয় আৰু সেই পাহাৰটো নাম শ্ৰীসূৰ্য পাহাৰ বোলে। শ্ৰীসূৰ্য পাহাৰটোত সাতটা সৰু-ডাঙৰ পাহাৰ থকা বাবে 'সাতালি পাহাৰ' বুলিও কোৱা হয়।

     শ্ৰীসূৰ্য পাহাৰটোত বহুতো শিলত কটা মূৰ্ত্তি, শিৱলিংগ, আৰু স্তুুুপ পোৱা যায়। হিন্দু দেৱ-দেৱীৰ লগতে বৌদ্ধ আৰু জৈন মূৰ্ত্তিও পোৱা যায়। পাহাৰটোৱ ওচৰতে নিজৰা এটা পাৰত শিৱ আৰু বিষ্ণুৰ লগতে আন বহুটো মূৰ্ত্তি আৱিষ্কাৰ কৰা হৈছে। পাহাৰটোত থকা সবাতোকৈ ধুনিয়া মূৰ্ত্তিটো আছিল এটা শিলত এপাহ পদুম ফুলৰ ওপৰত দুফালে দুডাল এিশূলৰ সৈতে বাৰখন হাতৰ মূৰ্ত্তি। 

    শ্ৰীসূৰ্য পাহাৰৰ প্ৰধান আকৰ্ষণ হৈছে শিলত কটা গুহাসমূহৰ শৈল ভাস্কৰ্য সেই গুহা-ভাস্কৰ্যৰ বাবে এই পাহাৰটো জনাজাত। চেপাশিল নামৰ গুহাটোত পোৱা মূৰ্ত্তিবোৰৰ ভিতৰত আছিল এটা গণেশৰ মন্দিৰ আৰু আন এটা চন্দ্ৰৰ মূৰ্ত্তি। সেই পাহাৰত সৰ্ববৃহৎ শিৱলিংগটো ৯ ফুট দৈঘ্য়ৰ আছিল। 

 (গ) পোৱামক্কা

উত্তৰঃ পোৱামক্কাঃ পোৱামক্কা হাজোৰ গৰুড়াচৰ পাহাৰৰ শিখৰত অৱস্থিত। পাহাৰটোত ভগৱান বিষ্ণুৰ বাহন গৰুড় পক্ষীয়ে খাদ্য় গ্ৰহণ কৰিছিল বুলি এক জনশ্ৰুতি আছিল। জেঠ মাহৰ পূৰ্ণিমা তিথিত গৰুড়পক্ষী অচল হৈ এই পাহাৰত জিৰণি লৈছিল। সেই কাৰণে এই পাহাৰটোৰ নাম গৰুড়াচল হয়। 

    সিদ্ধপুৰুষ গিয়াছউদ্দিন আউলিয়াই পোৱামক্কাৰ প্ৰতিষ্ঠা কৰিছিল। পোৱামক্কা নামটোৰ উৎপত্তিৰ হোৱাত কেইবাটাও জনশ্ৰুতি আছে। এজনৰ মতে, প্ৰতিষ্ঠাপক সন্ত গিয়াছউদ্দিন আউলিয়াই পোৱামক্কা স্থাপন কৰা সময়ত তেখেতে পৱিত্ৰ তীৰ্থভূমি মক্কাৰ পৰা পৱিত্ৰ মাটি এপোৱা আনি মিহলি কৰি দিছিল কাৰণে সেই পোৱামক্কা নামটো হৈছিল। পোৱামক্কাত সন্ত গিয়াছউদ্দিন আউলিয়াৰ সমাধি লগতে এটা মছজিদ আছিল।  

(ঘ) আজানপীৰ দৰগাহ

উত্তৰঃ আজানপীৰ দৰগাহঃ মুছলমানসকলৰ এক পৱিত্ৰ ধৰ্মস্থান আছিল আজানপীৰ দৰগাহ। অসমত ইছলাম ধৰ্মৰ পৱিত্ৰ বাণী প্ৰচাৰ কৰিবলৈ সুদূৰ মধ্য়প্ৰাচ্য়ৰ বাগদাদৰ চাহ মিৰাণে ডেকা বয়সতে ভ্ৰাতৃ নবীসহ কেইগৰাকীমান ধৰ্মপ্ৰাণক লগত লৈ আহিছিল। তেখেতে লগৰীয়াসকলৰ সৈতে খাইবাৰ গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰিছিল।  প্ৰথমে আজমীৰত কিছুদিন থাকি গৌড় দেশেৰে অসমলৈ আহি হাজোত আছিল। আহোম ৰাজ্য়ৰ ৰাজধানী গড়গাঁৱত চূণপোৰাত থাকোতে এটা মছজিদ সাজি দিছিল, আৰু সেই মছজিদতে ধৰ্ম ৰীতি-নীতিয়ে আজান দি থলুৱা মুছলমানসকলক নামাজ পঢ়িবলৈ আহবান জনায়। সেই কাৰণে তেওঁক 'আজান ফকীৰ' নাম দিছিল।

    আজান ফকীৰে অতি কম সময়তে অসমীয়া ভাষাৰ আয়ত্ব কৰিছিল। লগতে অসমৰ বৈষ্ণৱ ধৰ্মৰ ৰীতি-নীতি গীত মাত আদি আয়ত্ব কৰিছিল।  ছন্দ আৰু লয়ত পৱিত্ৰ কোৰানৰ বাণীবোৰৰ গীত হিচাপে ৰচনা কৰিছিল, আৰু  অনাখৰী লোকসকলৰ মাজত প্ৰচাৰ কৰিছিল, সেইবোৰে আছিল 'জিকিৰ'। সেই গীতবোৰ হিন্দু-মুছমানৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। সেই বোৰ কৰাত আহোম স্বৰ্গদেউৰ মুছলমান ৰাজবিষয়া ৰূপাই দাধৰাই স্বৰ্গদেউক ফকীৰৰ বিৰুদ্ধে গুপ্তচৰ বুলি মিছাকৈ অভিযোগ দিছিল। সেই কাৰণে আজান ফকীৰৰ চকু কাঢ়ি দিখৌ নৈত চকুদুটা পেলাই দিছিল। সেই ঘটনা পিছতে দিখৌ নৈ উভতি ব'বলৈ ধৰিলে। আজান ফকীৰ কোৰাণ পাঠ কৰা ঠাইডোখৰ পানীত বুৰ যোৱা নাছিল। 

(ঙ) মালিনী থান

উত্তৰঃ মালিনী থানঃ মালিনী থান অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত অৱস্থিত প্ৰাচীন শক্তিপীঠ। সেই থান অসমৰ ধেমাজী জিলাৰ পৰা উত্তৰলৈ অৱস্থিত। আখ্য়ান মতে, বিদৰ্ভৰ ৰজা ভীষ্ম কন্য়া ৰুক্মিনীক শ্ৰীকৃষ্ণৰে হৰণ কৰি লৈ যাওঁতে সেই ঠাইতে জিৰণি লৈছিল। সেই ঠাইতে  শিৱ-পাৰ্বতীয়ে ফুলৰ মালাৰে তেওঁলোকক আদৰণি জনোৱাত শ্ৰীকৃষ্ণয়ে পাৰ্বতীক 'মালিনী' নাম দিছিল। সেই কাৰণে এই থানৰ নাম মালিনী থান হয়। 

    মালিনী থানৰ অঞ্চলটো অতীতৰ চুতীয়া ৰাজ্য়ৰ অন্তৰ্গত আছিল। খনন কাৰ্যৰ জৰিয়তে সেই ঠাইত শৈল-মন্দিৰৰ ভগ্নাৱশেষৰ লগতে শিৱলিংগ, দঁতাল হাতীৰ, সিংহৰ মুৰ্ত্তি, ইন্দ্ৰমূৰ্ত্তি, নিগনিৰ, গণেশ আৰু ময়ূৰ বাহনৰ সৈতে কাৰ্ত্তিকৰ মূৰ্ত্তি, ৰথৰ সৈতে সূৰ্যমূৰ্ত্তি, ত্ৰিশূল, ঘন্টামালা পৰিহিত নন্দীমূৰ্ত্তি, দুৰ্গাদেৱীৰ মূৰ্ত্তি, আৰু কমণ্ডলুসহ যোগী মূৰ্ত্তিৰ আদি। প্ৰাচীন শক্তিপীঠ মালিনী থানলৈ প্ৰতিদিনে শ শ লোক আহিছিল। আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰোৱা, মাটি ভেটি দান দিয়া অনেক দল দেৱালয়ৰ নাম পোৱা যায়। যোগেশ্বৰ দেৱালয়, হাতীগড় দেৱালয়, ৰুদ্ৰপদ দেৱালয়, সূৰ্যমাধৱ মন্দিৰ, ধাৰেশ্বৰ শিৱমন্দিৰ, আদি। 

(চ) মৈদান

উত্তৰঃ মৈদানঃ আহোম ভাষাৰ মৈদানৰ অৰ্থ হ'ল 'মৃতকৰ ভেঁটি'। আহোম লোকসকলৰ মৃতকৰ দেহটো 'ৰুঙ্গ-ডাঙ' নামৰ উৰিয়াম গছৰ কাঠেৰে নিৰ্মিত পেৰা এটা ভিতৰত থৈ পেৰাটো নীতি-নিয়মৰ মাজেৰে সেই পেৰাটো মাটিত গাঁত খান্দি পুতি তাৰ ওপৰত মাটিৰে ওখকৈ অৰ্দ্ধ-গোলাকাৰ ভেঁটি তৈয়াৰ কৰা হৈছিল। সেই গোটেই পদ্ধতিটোৱেই হৈছে মৈদান। আহোমসকলৰ এক স্থাপত্য় শিল্পৰে হৈছে মৈদান। 

    ৰজাৰ শৱদেহটো ৰুঙ্গ-ডাঙৰ ভিতৰত ভৰাই যি ঠাইত ৰুঙ্গ-ডাঙ পোতা হ'ব সেই ঠাইত অনা হয়। সেই ঠাইত শাল কাঠৰ তক্তাৰে এটা ঘৰ সজা হয় আৰু সেই ঘৰটোকে 'কাৰেং ৰুঙ্গ-ডাঙ' বোলা হয়। পিছত সেই ঘৰটোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰা পাছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰে পৰা মৃত ৰজা শৱ দাহ কৰি সেই ছাইখিনি চৰাইদেউ পৰ্বতত পোতি থৈ মৈদান দিছিল। চৰাইদেউত বহুকেইগৰাকী ৰজা-ৰানী মৈদান দিয়া হৈছিল। 

৩। বস্তুগত ঐতিয্য় বুলিলে কি বুজা ? প্ৰাচীন অসমৰ স্থাপত্য়-ভাস্কৰ্যসমূহৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ বস্তুগত ঐতিষ্য় হ'ল 

  (ক) মঠ-মন্দিৰ, দৌল-দেৱালয়, মছজিদ। (খ) ঘৰ-দুৱাৰ,

  (গ) পুখুৰী,    (ঘ) মৈদান,

  (ঙ) গড়     (চ) শিলা-সাঁকো, আৰু

  (ছ) আলি-পদূলি।

 প্ৰাচীন অসমৰ স্থাপত্য়-ভাস্কৰ্যসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    প্ৰাচীন অসমৰ মঠ-মন্দিৰ, দেৱালয় এইবোৰ ভগ্নাৱশেষ স্থাপত্য়-ভাস্কৰ্যৰ নিদৰ্শনৰূপে গুৱাহাটীৰ,দেওপানী, গোৱালপাৰা, নগাঁও, তেজপুৰ, কাছমাৰী, মালিনীথান আৰু নুমলীগড় আদি এইসমূহ ঠাই সিঁচৰিত হৈ আছে। সেই বোৰ নিৰ্মাণ কৰোতে মাটি, বালি, শিল আৰু ইটাৰ ব্য়ৱহাৰ কৰিছিল। শিলৰ টুকুৰা বোৰত দেৱ-দেৱীৰ মূৰ্ত্তি, পশু-পক্ষী আৰু গছ-লতা আদি ছবি খোদিত কৰা হৈছিল। ইয়াৰ উপৰিও ৰূপ, সোণ, পিতল আৰু তামেৰে দেৱ-দেৱীৰ মূৰ্ত্তি তৈয়াৰ কৰা হৈছিল। 

    মধ্য়যুগৰ অসমৰ মঠ-মন্দিৰ ইটাৰে ব্য়ৱহাৰ কৰা হয়। তাক অতি কম পৰিমাণে শিল আৰু পোৰামাটিৰ ব্য়ৱহাৰ কৰা হয়। আহোম ৰাজত্বকালত থলুৱা কৌশলেৰে 'কৰাল্' নামৰ এবিধ ইটা গঁথা, চিমেন্ট শিল কামত ব্য়ৱহাৰ কৰে। 

 ৪। আহোম যুগৰ স্থাপত্য়-ভাস্কৰ্যৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ আহোম যুগৰ স্থাপত্য়-ভাস্কৰ্যৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    আহোম যুগত সাধাৰণ প্ৰজাই দুচলীয়া বাঁহ-কাঠৰ ঘৰত বসবাস কৰিছিল। তেওঁলোকে প্ৰথমে চাংঘৰত বাস কৰিছিল। সেই অভ্য়াসটো তেওঁলোকে পিছত এৰিছিল। সেই লোকসকলে কাঠ-বাঁহ খুঁটা, ফুল-লতা আৰু জীৱ-জন্তু মুৰ্ত্তি ব্য়ৱহাৰ কৰি তাত হেঙুল-হাইতালৰ ৰং সানি শুৱনি কৰি তুলিছিল। বুৰঞ্জীত উল্লেখ আছিল যে আহোম ৰজাই বৰাহীসকলৰ আৰ্হিৰে ৰাজকাৰেঙটো দুটপীয়াকৈ সাজিছিল। 

    গড়গাঁৱৰ কাৰেংঘৰঃ বৰ্তমান শিৱসাগৰ নগৰৰ পৰা পূবলৈ গড়গাঁও অৱস্থিত। আহোম যুগৰ গড়গাওঁৰ কাৰেংঘৰটোৱেই এতিয়ালৈকে অক্ষত অৱস্থাত আছে। আগতে কাৰেংঘৰটো বাঁহ-কাঠেৰে নিৰ্মাণ কৰিছিল, সেই কাৰণে  কাৰেংঘৰটোক হোলোংঘৰ বুলি কোৱা হয়। হোলোংঘৰটো দীঘল ১২০ হাত আৰু পথালিয়ে ৩০ হাত আছিল। .

    ৰংপুৰৰ তলাতল ঘৰঃ আহোম যুগৰ স্থাপত্য়কলাৰ সবাতোকৈ শ্ৰেষ্ঠ নিৰ্দশন আছিল তলাতল ঘৰ। ৰাজধানী ৰংপুৰ সকলোতকৈ বিখ্য়াত ভৱন দুটা আছিল আৰু সেই কেইটা হ'ল ৰংঘৰ আৰু তলাতল ঘৰ। তলাতল ঘৰটো স্বৰ্গদেউ ৰুদ্ৰসিংহই এক অংশ সজাইছিল, আৰু সম্পূৰ্ণকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। সেই ৰাজকাৰেংটো ইটাৰে সাতটা তলা আছিল বাবে ইয়াক তলাতল ঘৰ বুলি কোৱা হয়। সেই ঘৰটোৰ তিনি তলা মাটিৰ তলত আৰু চাৰি তলা তাৰ ওপৰত সজা হৈছিল।  

 মৈদানঃ আহোম ভাষাৰ মৈদানৰ অৰ্থ হ'ল 'মৃতকৰ ভেঁটি'। আহোম লোকসকলৰ মৃতকৰ দেহটো 'ৰুঙ্গ-ডাঙ' নামৰ উৰিয়াম গছৰ কাঠেৰে নিৰ্মিত পেৰা এটা ভিতৰত থৈ পেৰাটো নীতি-নিয়মৰ মাজেৰে সেই পেৰাটো মাটিত গাঁত খান্দি পুতি তাৰ ওপৰত মাটিৰে ওখকৈ অৰ্দ্ধ-গোলাকাৰ ভেঁটি তৈয়াৰ কৰা হৈছিল। সেই গোটেই পদ্ধতিটোৱেই হৈছে মৈদান। আহোমসকলৰ এক স্থাপত্য় শিল্পৰে হৈছে মৈদান। 

    ৰজাৰ শৱদেহটো ৰুঙ্গ-ডাঙৰ ভিতৰত ভৰাই যি ঠাইত ৰুঙ্গ-ডাঙ পোতা হ'ব সেই ঠাইত অনা হয়। সেই ঠাইত শাল কাঠৰ তক্তাৰে এটা ঘৰ সজা হয় আৰু সেই ঘৰটোকে 'কাৰেং ৰুঙ্গ-ডাঙ' বোলা হয়। পিছত সেই ঘৰটোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰা পাছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰে পৰা মৃত ৰজা শৱ দাহ কৰি সেই ছাইখিনি চৰাইদেউ পৰ্বতত পোতি থৈ মৈদান দিছিল। চৰাইদেউত বহুকেইগৰাকী ৰজা-ৰানী মৈদান দিয়া হৈছিল। 

 ৫। আহোম যুগৰ পুখুৰী শিল্পৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ আহোম যুগৰ পুখুৰী শিল্পৰঃ আহোমৰ ৰাজত্বকালৰ জয়সাগৰ, অঠাইসাগৰ, গৌৰীসাগৰ আৰু ৰুদ্ৰসাগৰ। অসমত আহোমসকলৰ পুখুৰী শিল্পৰ সুকীয়া বৈশিষ্ট্য় আছে যেনে শিৱসাগৰ, জয়সাগৰ আৰু গৌৰীসাগৰ এনে দৰে কেইবাটাও ডাঙৰ পুখুৰী প্ৰায় আঢ়ৈশ- তিনিশ বছৰৰ আগতে খন্দা হৈছিল। সেই পুখুৰীকেইটাত কোনো দিনে পানী কমি যোৱা বা শুকাই যোৱা নাছিল। আন পুখুৰীতকৈ এই পুখুৰী কেইটা পানী পৰিষ্কাৰ আছিল। আহোম যুগৰ কেইটামান বিশাল পুখুৰী হ'ল 

    জয়সাগৰ পুখুৰীঃ বৰ্তমান শিৱসাগৰ নগৰৰ দক্ষিণে এই পুখুৰী অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী ৰংপুৰৰ দক্ষিণে জেৰেঙা পথাৰত মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ১৬১৯ খ্ৰীঃত ৩ আঘোণ তাৰিখে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল। জয়সাগৰ পুখুৰীটো আহোম যুগৰ সৰ্ববৃহৎ পুখুৰী আছিল। পুখুৰীটো মাটি কালি ২১০ পুৰা ১ বিঘা ২ কঠা ১০ লোচা আছিল। 

    শিৱসাগৰ পুখুৰীঃ শিৱসাগৰ নগৰৰ প্ৰায় মাজ-মজিয়াত এই পুখুৰীটো অৱস্থিত। ১৭৩৩ খ্ৰীঃত স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকা কুঁৱৰীয়ে শিৱসাগৰ পুখুৰীটো খন্দাইছিল। পুখুৰীটোৰ মুঠ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লোচা আছিল। 

৬। মধ্য়যুগৰ অসমৰ আলি-পদূলিসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ মধ্য়যুগৰ অসমৰ আলি-পদূলিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    মধ্য়যুগত অসমৰ ঐতিহাসিক আলি-পদূলিৰ সংখ্য়া যথেষ্ট পৰিমাণে নাছিল। প্ৰধান ঠাইসমূহক সংযোগ কৰি সীমিত সংখ্য়কহে আছিল। প্ৰাচীন কামৰূপ ৰাজ্য় ৰজা আহোম যুগলৈকে ৰজাসকলৰ শক্তিশালী নৌ-সেনাবাহিনী থকা মাৰ নাও, চ'ৰা নাও, বৰ নাও, খেল নাও, জাপ নাও, মগৰি নাও, হিলৈ চ'ৰা নাও, পাৰ নাও আদি বহুটো নাও থকাটোৱে এই নদীপথ আৰু অন্য়ান্য় জলপথসমূহৰ বিপুল পৰিমাণে ব্য়ৱহাৰ হয়। 

    ৰাজআলি ভিতৰত দৈয়াং-ধনশিৰি উপত্য়কাত কছাৰীসকলৰ শাসনকালৰ টেঙানি পৰা চিচুপানী ধনশিৰি-দৈয়াং তিনিটা ইটাৰে ৰাজআলিৰ আৰু কছাৰী ৰাজ্য়ত উন্নতমানৰ আলি-পদূলি থকা প্ৰমাণ পোৱা যায়। গোহাঁই কমল আলি 'টোৱে কোচ ৰাজ্য়ৰ উন্নত আলি-পদূলিৰ বিষয়ে উল্লেখ কৰিছে। 

    বৰআলিঃ স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালত বৰআলি ৰাজধানী গড়গাঁৱৰ পৰা দিখৌ নৈ পাৰ হৈ ব্ৰহ্মপুত্ৰৰ কাষেৰে দক্ষিণ পাৰেদি নেঘেৰীটিং দেৰগাঁৱলৈকে আছিল। 

    ধোদৰ আলিঃ ধোদৰ আলি স্বৰ্গদেউ গদাধৰ সিংহই নাহৰকটীয়াৰ ওচৰৰ জয়পুৰৰ পৰা গোলাঘাটৰ কমাৰগাঁৱলৈকে নিৰ্মাণ কৰিছিল। সেই আলিটো এলেহুৱা প্ৰজাৰ শ্ৰমেৰে গঢ়া হৈছিল আৰু সেই বাবে এই আলিটো নাম ধোদৰ আলি।

    চেউনি আলিঃ স্বৰ্গদেউ জয়ধবজ সিংহই ( ১৬৪৮-১৬৪১ খ্ৰীঃ) চেউনি আলিটো নিৰ্মাণ কৰিছিল। সেই আলিটো নিৰ্মাণৰ দায়িত্ব স্বৰ্গদেউ বাদুলী ফুকনক দিছিল। বাদুলী ফুকনে আলিটো নিৰ্মাণ কৰোতে পথৰ কাষত চাউনি পাতি বনুৱা ৰাখি সেই পথ নিৰ্মাণ কৰা বাবে চেউনি আলি নাম দিয়া হয়।  

৭। আহোম যুগৰ গড় আৰু শিলা-সাঁকোসমূহৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ আহোম যুগৰ গড় আৰু শিলা-সাঁকোসমূহৰ বিষয়ে আলোচনা কৰা হ'ল

    গড়ঃ প্ৰাচীন কালৰে পৰা গড় নিৰ্মাণ কৌশলতোয়ে অসম আগবঢ়াই আছিল। শত্ৰুক ভেঁটিবৰ বাবে বিভিন্ন সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলত মাটিৰে এই গড়বোৰ নিৰ্মাণ কৰিছিল। আহোমসকলৰ গড় নিৰ্মাণ কৌশল আছিল অতি উচ্চ মানৰ। আহোমসকলে গড় আৰু কোঁঠ মাৰি যুদ্ধ কৰিছিল। তেওঁলোকে নগৰৰ চাৰিওফালে খাৱৈ খান্দি গড় মাৰিছিল। গড়ৰ বোৰৰ ওপৰত চাৰিওফালে ডাঠকৈ কোটোহা বাঁহ ৰুই দিছিল, কাৰণ শত্ৰুৱে গড় বগাই উঠিলেও কোটোহা বাঁহ অতিক্ৰম কৰিব নোৱাৰে।

    বৰকলা ৰংপুৰ আৰু গড়গাঁও আদি এই নগৰৰ চাৰিওফালে গড় আছে। প্ৰায়বোৰ গড় মাটিৰে মাৰিছিল। কিছুমান গড় মাটি লগতে ইটাও দিছিল। গড়বোৰ যথেষ্ট ওখ, বহল আৰু সেইবোৰৰ ওপৰখন আলি দৰে সমান আছিল। আহোম যুগত বহুতো গড় নাম পোৱা যায় আৰু সেইবোৰ হ'ল  ৰাঙলী গড়, মোমাই কটা গড়, মাছখোৱা গড়, কোটোহা গড়, শিমলুগড়, চামধৰা গড়, চোৱাতল গড়, চিন্তামণি গড়, আৰু হাতী গড় এনেদৰে বহুতো গড় পোৱা যায়। 

    শিলা-সাঁকোঃ ষোড়শ শতিকা মানৰ পৰা আহোম ৰজাসকলে শিলা-সাঁকো নিৰ্মাণ কাম আৰম্ভ কৰিছিল। আহোম যুগৰ উন্নত স্থাপত্য় কলা নৈ, জান-জুৰি নিৰ্মাণ কৰা শিলা-সাকোঁসমূহ। যাতায়তৰ পথৰ পৰা নৈ, জান-জুৰিৰ  ওপৰত ইটা, চটীয়া শিল, গোটা শিল আৰু লঠিয়া শিল আদিৰ  'কৰাল্' ব্য়ৱহাৰ কৰি ইটা আৰু শিলেৰে গাঁথি এই শিলা-সাঁকোবোৰ নিৰ্মাণ কৰিছিল। আহোম যুগৰ কাৰিকৰ শিলাকুটীয়াসকলে একে ৰাতিৰ ভিতৰতে এখন শিলা-সাঁকোৰ নিৰ্মাণ কৰিছিল। কিছুমান শিলৰ সাঁকোৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    নামদাঙৰ শিলৰ সাঁকোঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৩ খ্ৰীঃত নামদাং নৈখনৰ ওপৰত শিলৰ সাঁকোৰ নিৰ্মাণ কৰিছিল। এটা বৃহৎ শিলৰ মাজেৰে সুৰংগ উলিয়াই এই সাঁকোটো নিৰ্মাণ কৰিছিল। সেই সাঁকাটো ২০২ ফুট দীঘল, ২১.৫ ফুট বহল আৰু ৫.৫ ফুট ডাঠ আছিল। 

    নাফুকৰ শিলা-সাকোঁঃ  ১৭২৩ খ্ৰীঃত স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱলীয়ে নাফুকৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। 

    দৰিকা শিলা-সাকোঁঃ স্বৰ্গদেউ প্ৰতাপ সিংহই দৰিকা শিলা-সাঁকোখন নিৰ্মাণ কৰিছিল। বৰ্তমান গড়গাঁৱৰ পৰা পূবলৈ দৰিকা নৈ ওপৰত নিৰ্মাণ কৰিছিল।

দিজৈখনা শিলা-সাঁকোঃ স্বৰ্গদেউ গদাধৰ সিংহই দৰিকা শিলা-সাঁকোৰ পিছত এই শিলা-সাঁকোৰ নিৰ্মাণ কৰিছিল। 


 

 Author By- Chayanika Das