অধ্যায় 12

জ্যামিতিৰ অংকন ( Geometrical Construction )

অনুশীলনী 12 (A) 


1. 7.2 ছেমি. দৈৰ্ঘৰ এডাল ৰেখাখণ্ড AB দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত AB সমান দৈৰ্ঘৰ এডাল ৰেখাখণ্ড XY অংকন কৰা ।


2. MN = 4.2 ছেমি. । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এডাল ৰেখাখণ্ড AB অংকন কৰা যাব যাৰ দৈৰ্ঘ্য MNৰ দুগুণ ।


3. 5.3 ছেমি. আৰু 2.7 ছেমি. দৈৰ্ঘ্যৰ দুডাল ৰেখাখণ্ড ক্ৰমে AB আৰু CD দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এডাল ৰেখাখণ্ড PQ অংকন কৰা যাতে PQ = AB + CD হয় ।


4. 7.5 ছেমি. আৰু 4.2 ছেমি. দৈৰ্ঘ্যৰ দুডাল ৰেখাখণ্ড ক্ৰমে AB আৰু CD দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত আন এডাল ৰেখাখণ্ড XY অংকন কৰা যাতে XY = AB - CD হয় ।


5. এডাল যিকোনো ৰেখা AB আঁকা । ABত যিকোনো এটা বিন্দু P লোৱা । এতিয়া AB ৰ লগত লম্ব হোৱাকৈ P বিন্দুত এডাল ৰেখা অংকন কৰা ।


6. এডাল যিকোনো ৰেখা AB আঁকা । এটা যিকোনো বহিঃবিন্দু P লোৱা । Pৰ পৰা ABৰ ওপৰত এডাল লম্ব অংকন কৰা ।


7. 7 ছেমি. দৈৰ্ঘৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰা ।


8. 9.2 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে চাৰিভাগ কৰা ।


9. 6.8 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB আঁকি তাৰ লম্ব সমদ্বিখণ্ডকডাল অংকন কৰা ।


10. 6.5 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড PQ আঁকা । ৰেখাখণ্ডডালৰ প্ৰান্তবিন্দু P আৰু Q ত দুডাল লম্ব অংকন কৰা ।



Question Type By- Himadree Bora  


Post ID: DABP001912