আনন্দৰাম বৰুৱা
১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা মূলমন্ত্ৰ আছিল কৰ্ম।
২। আনন্দৰাম বৰুৱাই 'কামৰূপৰ ভাওনা' কথা ৰ ক'ত উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰামবৰুৱাই কামৰূপ ৰ ভাওনা কথা মহাবীৰ চৰিতত উল্লেখ কৰিছে।
৩।মানুহৰ সাৰ বস্তু কি?
উত্তৰঃ মানুহৰ সাৰ বস্তু হৈছে-জ্ঞান।
৪। আনন্দৰাম বৰুৱাই লৰাকালতেই কণ্ঠস্থ কৰা গ্ৰন্থখন কি আছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই লৰাকালতেই কণ্ঠস্থ কৰা গ্ৰন্থখন হৈছে- অমৰকোষ।
৫। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনিৰ নাম কি?
উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনিৰ নাম হৈছে-কথা-গুৰু-চৰিত।
৬। আনন্দৰাম বৰুৱা পাঠটিৰ লেখক কোন?
উত্তৰঃ আনন্দৰাম বৰুৱা পাঠটিৰ লেখক হৈছে-উপেন্দ্ৰচন্দ্ৰ লেখাৰু।
৭। আনন্দৰাম বৰুৱা ক'ত জন্ম হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা ৰজাদুৱৰ নামে এখন সৰু গাৱত জন্ম হৈছিল।
৮। কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?
উত্তৰঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ কাৰণে তেওঁ পূজনীয় হৈ থাকিব।
উত্তৰঃ অসমীয়া ৰামায়ণী সাহিত্য উপেন্দ্ৰচন্দ্ৰ লেখাৰু দেৱৰ ৰচনা।
১১। ভক্তিবিবেক কোনে সম্পাদিত কৰিছিল?
উত্তৰঃ ভক্তিবিবেক উপেন্দ্ৰ চন্দ্ৰ দেৱে সম্পাদিত কৰিছিল।
১২। ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিযোগিতাত উৰ্ত্তীণ হোৱা প্ৰথমজন অসমীয়া কোন?
উত্তৰঃ ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিযোগিতাত উৰ্ত্তীণ হোৱা প্ৰথমজন অসমীয়া হৈছে- আনন্দৰাম বৰুৱা।
১৩। আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰৰে কি কৰি থৈ গৈছে?
উত্তৰঃ আনন্দৰাম বৰুৱাইকৰ্মক্ষেত্ৰৰে জাতিসমূহৰ অনিয়াঅনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰি সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল।
১৪। আনন্দৰামৰ চৰিত্ৰৰ কি বিশেষত্বই তেওঁক মহৎ আৰু অমৰ কৰিছিল?
উত্তৰঃ আনন্দৰাম একান্তভাৱে কৰা জ্ঞান চৰ্চা কৰা বিশেষত্ব তেওঁক মহৎ আৰু অমৰ কৰিছিল।
১৫। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল?
উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল।
১৬। কেনে লোক জন্মদাতা পিতৃ-মাতৃ বা উপৰিপুৰুষসকলৰ প্ৰতি কৃতজ্ঞ হয়?
উত্তৰঃ
১৭। কোন দিশৰ পৰা আনন্দৰাম বৰুৱা স্থান উচ্চ বুলি কোৱা হৈছে?
উত্তৰঃ কৰ্মদিশৰ পৰা আনন্দৰাম বৰুৱা স্থান উচ্চ বুলি কোৱা হয়.
১৮। 'প্ৰাগজ্যোতিষপুৰ সম্ভৱম' বুলি কৈ কোন গৰাকী অসমীয়াই বিশেষ গৌৰৱ অনুভৱ কৰিছিল?
উত্তৰঃ প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল।
১৯। প্ৰকৃত কৰ্মী চিন কি?
উত্তৰঃ প্ৰকৃত কৰ্মী চিন হৈছে-যিয়ে কামৰ বাবে মান বা প্ৰসংশা নিবিচাৰিছিল।
২০। পাশ্চাত্যৰ লোকে কাৰ কৰ্ম যোগেদি প্ৰাচ্যৰ জ্ঞানৰ সোৱাদ পাইছিল?
উত্তৰঃ পাশ্চাত্যৰ লোকে আনন্দৰাম বৰুৱা কৰ্ম যোগেদি প্ৰাচ্যৰ জ্ঞানৰ সোৱাদ পাইছিল।
২১। অসমৰ লোকসকলৰ 'গৌৰৱৰ ৰবি' বুলি কাক কোৱা হয়?
উত্তৰঃ অসমৰ লোকসকলৰ গৌৰৱ ৰবি বুলি আনন্দৰাম বৰুৱাক কোৱা হয়.
২২। কোন গৰাকী জগত বিখ্যাত পণ্ডিতে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময় মানিছিল?
উত্তৰঃ মেক্স মূলাৰ নামৰ জগত বিখ্যাত পণ্ডিতে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময় মানিছিল।
চমু প্ৰশ্নাৱলীঃ মূল্যাংকন ২/৩
১। উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা?
উত্তৰঃ উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে- অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ।
২। আনন্দৰাম বৰুৱা কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰঃ আনন্দৰাম বৰুৱা স্পৃহা, কৰ্ম আৰু খ্যাতি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া।
৩। প্ৰকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে?
উত্তৰঃ প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা তেওঁ লোকৰ মহত্ত্বৰ পৰিচয় দি অতিক্ৰম কৰে।
৪। উপেন্দ্ৰচন্দ্ৰ লেখাৰু দেৱে কি কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱে অসমীয়া আৰু বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
৫। ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল?
উত্তৰঃ ভাৰত আৰু ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল।
৬। কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্ৱন কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱা কৰ্ম একনিষ্ঠভাৱে ভাৱে লিপ্ত আৰু জ্ঞান চৰ্চা অনুৰাগৰ প্ৰবল ইচ্ছা কাৰণে চিৰকুমাৰ ব্ৰত অৱলম্ৱন কৰিছিল।
৭। কেনেধৰণে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লভিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লভিছিল।
৮। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ 'সম্পাদিত গ্ৰন্থ' দুখনৰ নাম?
উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম হৈছে- ভক্তি বিবেক আৰু কথা সা
৯। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন ৷ কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল ৷ কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল ৷ এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে ৷
১১। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল ৷ ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম৷আনহাতে বিলাতলৈ গ’লে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল ৷ এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল ৷
১২। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?
উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি ৷ সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম-জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল ৷
১৩। আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল - বুজাই লিখা ৷
উত্তৰঃ আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে 'প্ৰাগজ্যোতিষপুৰসম্ভৱম' বুলি পৰিচয় দিছে ৷ "মহাবীৰ চৰিত"ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷
১৪। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ উচ্চশিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷ দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল ৷ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল ৷ এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ৷
উত্তৰঃ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে ৷ আন অসমীয়াৰ দৰে সাধাৰণ ভাবেই ডাঙৰ- দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে ৷ ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল ৷ এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল ৷ তদুপৰি যিসময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল ৷ এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল ৷ এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে ৷
২। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰঃ মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ’ল- ধৈৰ্য আৰু একাগ্ৰতা ৷ একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল ৷ এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল ৷ ল’ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা পঢ়া বিষয়টো তেওঁ একমনা আছিল ৷ সেয়েহে গোটেই "অমৰ কোষ" খনি তেওঁ ল’ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল ৷
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷
'কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ৷'
উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি "সাহিত্য সৌৰভ"ৰ অন্তৰ্গত "আনন্দৰাম বৰুৱা" নামৰ পাঠটোৰ পৰা তুলি দি হৈছে৷পাঠটিৰ লেখক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱ ৷ আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে ৷ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম৷অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ ৷ কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল ৷ বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল ৷ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল ৷
৪। আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰআদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা৷কৰ্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ ৷ জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল তেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল ৷ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল ৷ দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ৷তেওঁ য’তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে ৷ পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে ৷ তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ ৷
৫। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ৷
উত্তৰঃ নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল ৷ বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল ৷ এইসমূহৰ লগত তেওঁলোক পৰিচিত হ’ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল ৷ ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আৱদ্ধ হৈ আছিল ৷ কিন্তু ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা - A Practical English-Sanskrit Dictionary, Higher Sanskrit Grammar,Gender and Syntax, Bhavabhuti & # 39, Mahavircharitam, Saraswatikanthabharana, Namalinga-Nusasana আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ’ল ৷ তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ’ল ৷
Author_ Geetanjali bora
Post ID: DABP002154