দ্বিতীয় গোটঃ অসমীয়া উপন্য়াসৰ ধাৰা


আৰ্হি-প্রশ্ন


১। উপন্যাস বুলিলে কি বুজা?

উত্তৰ ঃ 


২। উপন্যাসৰ উপাদানসমূহ কি কি?

 উত্তৰ ঃ উপন্যাসৰ উপাদানসমূহ হ'ল- কাহিনী, চৰিত্ৰ, কথোপকথন, পৰিৱেশ সৃষ্টি, ঔপন্যাসিকৰ  জীৱন দৰ্শন আদি।


৩। অসমীয়া উপন্যাসৰ অংকুৰণ কোন সময়ত হয়?

উত্তৰः অসমীয়া উপন্যাসৰ অংকুৰণ ঊনবিংশ শতিকাৰ প্ৰথম  ভাগত  হয়।


৪। ‘পিলগ্ৰীম্‌ছ প্ৰ’গেছ’ৰ অসমীয়া অনুবাদটো কি?

উত্তৰ ঃ‘পিলগ্ৰীম্‌ছ প্ৰ’গেছ’ৰ অসমীয়া অনুবাদটো হ'ল- 'জাত্ৰিকৰ  জাত্ৰা'।


৫। ‘কামিনীকান্ত'ৰ ৰচক কোন?

উত্তৰ ঃ‘কামিনীকান্ত'ৰ ৰচক এ.কে.গাৰ্নিৰ ৰচনা।


৬। ‘কামিনীকান্ত' প্ৰকাশৰ চনটো কিমান?

উত্তৰ ঃ ‘কামিনীকান্ত' প্ৰকাশৰ চনটো ১৮৭৭।


৭। 'জোনাকী' আলোচনী কোন চনত প্ৰকাশ হৈছিল?

উত্তৰ ঃ 'জোনাকী' আলোচনী ১৮৮৯ চনত প্ৰকাশ হৈছিল?


৮।পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস দুখনৰ নাম কি কি?

উত্তৰ ঃ পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস দুখনৰ নাম হ'ল- 'ভানুমতী' আৰু 'লাহৰী'।


৯। অসমীয়া উপন্যাস সম্রাট' কোন?

উত্তৰ ঃ অসমীয়া উপন্যাস সম্রাট' হেমচন্দ্ৰ বৰুৱা।


১০। 'মিৰিৰ্জীয়ৰী' কোন চনত প্ৰকাশ হৈছিল? 

উত্তৰ ঃ 'মিৰিৰ্জীয়ৰী' ১৮৯৪ চনত প্ৰকাশ হৈছিল।


১১। 'নির্মল ভকত' উপন্যাসৰ কাহিনীভাগ চমুৱাই লিখা।

উত্তৰ ঃ 'নিৰ্মল ভকত' উপন্যাসৰ কাহিনীভাগ চমুৱাই 


১২। 'হত্যাকাৰী কোন' উপন্যাসৰ ৰচক কোন?

উত্তৰ ঃ


১৩। ঔপন্যাসিক হিচাপে বীণা বৰুৱাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ ঃ


১৪। ঔপন্যাসিক হিচাপে চৈয়দ আব্দুল মালিকৰ এটি পৰিচয়মূলক টোকা লিখা।

উত্তৰ ঃ


১৫। অসমীয়া উপন্যাসৰ বোৱঁতী ধাৰাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৱদান কি? সেই সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰ ঃ


১৬। হোমেন বৰগোহাঞিয়ে অসমীয়া উপন্যাস ক্ষেত্ৰখনত কেনে অৰিহণা

যোগাইছে চমুৱাই লিখা।

উত্তৰ ঃ হোমেন বৰগোহাঞি এজন শক্তিশালী গুণসম্পন্ন ভাষাৰ উপন্যাসিক । উপন্যাসত তেওঁৰ অবদান উল্লেশযোগ্য তাৰ ভিতৰত হল 'সুবালা'(১৯৬৩) ভিন্নসুৰী উপন্যাস।'পিতাপুত্ৰ'(১৯৫৬),'কুশীলব আৰু তিমিৰতীৰ্থ,বৰগোহাঞিৰ 'lতান্ত্ৰিক'উপন্যাসখন বিষেশ।                                                                                                                                                                                                                                       


১৭। ঔপন্যাসিক হিচাপে লক্ষ্মীনন্দন বৰাৰ বিষয়ে লিখা।

উত্তৰ ঃ


১৮। অসমীয়া উপন্যাস সাহিত্যলৈ মামণি ৰয়ছম গোস্বামীৰ অৰিহণা কেনেধৰণৰ সেই বিষয়ে লিখা।

উত্তৰ ঃ


১৯। ঔপন্যাসিক হিচাপে অৰুণ শৰ্মাৰ বিষয়ে লিখা।

উত্তৰ ঃ


২০। 'অসমীয়া উপন্যাসৰ ধাৰা' এই শিতানত এটি আলোচনা যুগুত কৰা।

উত্তৰঃ উপন্যাস সাহিত্য পাশ্চাত্য এবিধ অংগ । 'জোনাকী ' যুগত (১৮৮৯-১৯৪৫)অসমীয়া উপন্যাসৰ আৰম্ভণি হয়।সেই সময়ৰে পৰা আজিলৈ উপন্য়াস সাহিত্যই জনপ্ৰিয়তা লাভ কৰিছে।

            জোনাকী যুগতে  উপন্যাস সাহিত্যৰ চৰ্চা হয় যদিও 'অৰুণোদই' যুগতে ইয়াৰ ক্ষীণ সুত্ৰপাত হৈছি্ল। মিছনেৰীয়ে ছপা  কৰা 'অৰুণোদই' সংবাদপত্ৰত অনুদিত উপন্যাস ছপা হৈছিল।১৮৮১ চনত ইংৰাজ লেখক জন ব্য়ানিয়ানৰ 'PILGRIMS PROGRESS' খন অসমীয়া ভাষাত ছেগা-চোৰোকাকৈ প্ৰকাশ হৈছিল ।ইয়াৰ উপৰি 'ফুলমণি আৰু কৰুণা , 'কামিনীকান্ত', 'এলোকেশী বেশ্যাৰ বিষয় ' আৰু 'সুধৰ্মাৰ  উপাখ্যান'ত অসমীয়া পাঠকে 'উপন্যাসৰ সোৱাদ সেৰেকাকৈ হ'লেও পাইছিল। এইবোৰ ঠিক উপন্যাসৰ শাৰীত পেলাব নোৱাৰি,ধৰ্মপ্ৰচাৰৰ কাৰণে একোটা কাহিনী অতি সৰূপত লিখি উলিয়াইছিল মাথোন।

            পদ্মনাথ গোহাঞি বৰুৱাৰ 'ভানুমতী'য়ে আধুনিক অসমীয়া উপন্যাসৰ জম্ম দিয়ে যদিও অসমীয়া উপন্য়াস প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈ হাতত। পদ্মনাথগোহাঞি বৰুৱা ' লাহৰী'(১৮৮৯)আৰু ভানুমতী ,লক্ষ্মীনাথ বেজবৰুৱা 'পদুমকুঁৱৰী  এই তিনিখনেই বুৰঞ্জী কাহিনীৰ আধাৰত ৰচিত উপন্যাস ।গোহাঞি বৰুৱা আৰু বেজবৰুৱাই পিছলৈ এই চৰ্চা কৰে।

                    ভানুমতী,লাহৰী আৰু পদুমকুঁৱৰীত উপন্যাস হিচাপে ক্ৰটি-বিচ্যুতি আছিল যদিও,এইকেইখন উপন্যাসে অসমীয়া উপন্যাস সাহিত্যৰ আৰম্ভণি কৰে।ৰজনীকান্ত বৰদলৈ তেওঁ পোনতে মিৰি(মিছিং) সমাজৰ পটভূমিত জংকি আৰু পানেইৰ বিফল কৰুণ পৰিণতি বৰ্ণাই 'মিৰিজীয়ৰী'(১৮৯৫)ৰচনা কৰে । বৰদলৈদেৱে অসম বুৰঞ্জীৰ কৰুণ আৰু ধ্ৱংসাত্মক অধ্যায় মানৰ আক্ৰণণ,মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱাদ্ৰোহ আদিৰ পটভূমিত নখন উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যৰ  এই শাখাটো প্ৰতিষ্ঠিত আৰু অধিক জনপ্ৰিয় কৰি তোলে। তেওঁৰ ৰচিত 'ৰহদৈ লিগিৰী,ৰংগিলী,তাম্ৰেশ্বৰী মন্দিৰ,দন্দুৱাদ্ৰোহ,নিৰ্মল ভকত,ৰাধা-ৰুক্মিণীৰ ৰণৰ পটভূমি বুৰঞ্জী।মনোমতী বৰদলৈৰ শিথিলবিন্যস্ত কাহিনীৰ শ্ৰেষ্ঠ উদাহৰণ।

                বুৰঞ্জীমূলক উপন্যাসৰ ধাৰাটো ত্ৰিছৰ দশকলৈ ছেগা-চোৰোকাকৈ চলি থাকি শেষত ক্ষীণ হয়গৈ। দণ্ডিনাথ কলিতাৰ ফুল(১৯০৮),গণবিপ্লৱ(১৯৪০),হৰেশ্ব শৰ্মা বৰুৱাৰ 'কুসুম কুমাৰী'(১৮৯৯), আদি যুদ্ধপূৰ্ব যুগৰ বুৰঞ্জীমূলক উপন্যাস।

পদ্ম বৰকটকীৰ 'কোনো  খেদ নাই' (১৯৬০),সতীশ ভট্টাচাৰ্যৰ 'সাঁচিপাতৰ পুথি',ধীৰেণ বৰঠাকুৰৰ 'বাঈ চাহেবা'(১৯৭৮)দেবেন্দ্ৰ নাথ আচাৰ্য 'কালপুৰুষ'(১৯৭৮) আদি হ'ল যুদ্ধোত্তৰ যুগত ৰচিত উপন্যাস।

                    দৈৱচন্দ্ৰ তালুকদাৰ উপন্যাস 'ধুঁৱলি-কুঁৱলি'(১৯২২), 'অপূৰ্ণ', 'আগ্নেয়গিৰি'(১৯২৪),  'বিদ্ৰোহ' (১৯৩৯), 'আদৰ্শ পীঠ'(১৯৪১) এই  উপন্যাসসমূহৰ মূল বিষয়বস্তু আছিল অসহযোগ আৰু স্বদেশী আন্দোলনৰ মাদকতা আৰু অস্পৃশ্যতা বৰ্জন।

কবি হিতেশ্বৰ বৰুৱাৰ 'মালিতা' (১৯১৪),স্নেহলতা ভট্টাচাৰ্যৰ 'বীণা' (১৯২৬),দীননাথ শৰ্মাৰ 'সংগ্ৰাম, 'ঊষা'(আৱাহনত ধাৰাবাহিকৰূপে প্ৰকাশিত),কমলেশ্বৰ চলিহাৰ 'বালিগড়া' (১৯২৬) আদি  উপন্যাস সমূহ জোনাকী যুগৰ ভিতৰৰ অৱদান।

স্বাধীনতা লাভৰ কেইবাবছৰলৈ উপন্যাস প্ৰকাশিত হোৱা  নাছিল; কিন্ত সেই শূন্যতাপূৰ্ণ কৰে মহম্মদ পিয়াৰে এলানি উপন্যাসেৰে।'প্ৰীতি উপহাৰ' (১৯৪৭), ' সংগ্ৰাম'(১৯৪৮), 'মৰহা ফুল',জীৱন নৈৰ জাঁজি' (১৯৪৯) আৰু 'হেৰুৱা স্বৰ্গ' (১৯৫২) আদিয়ে পিয়াৰ চাহাবক সাহিত্যৰ বুৰঞ্জীত এখন বিশিষ্ট আসন দিছে ।

                প্ৰফুল্লদত্ত গোস্বামীৰ নতুন অভিব্য়ঞ্জনাৰ উপন্যাস 'কেঁচাপাতৰ কঁপনি' (১৯৫০), অসমৰ আৰ্থ-সামাজিক অৱস্হা প্ৰতিফলন ঘটা হিতেশ ডেকাৰ  'আজি মানুহ'  (১৯৫২),  'নতুন পথ' (1956),  ' ভাৰাঘৰ '(১৯৫৭),  'মাটিকাৰ' (1958) ইত্যাদি 'বাস্তৱবাদ পুষ্ট উপন্যাস।ৰাধিকামোহন গোস্বামীৰ  'চাকনৈয়া' (১৯৫০), 'বা-মাৰলি (১৯৫৮ )আদি উল্লেখ যোগ্য।যোগেশ দাসৰ   'ডাৱৰ আৰু লাই' (১৯৫৫),  'জোনাকী জুই'(১৯৫৬), 'নি্ৰুপায় নিৰুপায়'(১৯৬৩) আৰু 'অবৈধ'(১৯৭৫) উল্লেখযোগ্য।চৈয়দ আব্দুল মালিক তেওঁৰ 'ছৱিঘৰ'(১৯৫৯), 'সুৰুজমখীৰ স্বপ্ন'(১৯৫৯), 'ৰূপতীৰ্থৰ যাত্ৰী' (১৯৬৩) 'ধন্য নৰতনু ভাল'(১৯৮৭), 'স্বাতী নক্ষত্ৰৰ ভষ্ম (১৯৮৮) আদি। 'ৰূপতীৰ্থৰ যাত্ৰী' ৰূপকোঁৱৰ' জোতিপ্ৰসাদৰ জীৱলৰ আধাৰত ৰচিত। হোমেন বৰগোহাঞৰ   ' সুবালা' আৰু' পিতাুপুত্ৰ' আদি  উল্লেখযোগ্য।

              বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য  'ৰাজপথে ৰিঙিয়ায়' (১৯৫৭), 'ইয়াৰইঙ্গম' (১৯৬৩) 'আই' (১৯৫৮),'মৃতুঞ্জয়' (১৯৬৪) আদি কৃতিত্বপূৰ্ণ ৰচণা।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answer By - Himashree Bora.