Unit 1 

অৰ্থনীতি আৰু সমাজ (৩০০ খৃঃ-পূঃ - ৩০০ খৃঃ)

Economy and Society (Circa 300 Before Common Era to 300 Common Era)


চমু  প্ৰশ্ন উত্তৰঃ 

১। কৃষি আৰম্ভণি কোন যুগত হৈছিল ?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত । 

২। ভাৰতত নৱ প্ৰস্তৰ যুগৰ আৰম্ভণি কেতিয়া হৈছিল ?

উত্তৰঃ ভাৰতত নৱ প্ৰস্তৰ যুগৰ আৰম্ভণি হৈছিল ৭০০০ খৃঃপূঃত ।

৩। নৱপ্ৰস্তৰ যুগৰ বাসিন্দাসকলে কি কি উৎপাদন কৰিছিল ?

উত্তৰঃ তেওঁলোকে শিলৰ কোৰেৰে মাটি খান্দিছিল আৰু ৰাগি, কুলথি আৰু ধান উৎপাদন কৰিছিল। গম আৰু বাৰ্লি উৎপাদন কৰিছিল । 

৪। কোনে প্ৰথম কপাহ উৎপাদন কৰিছিল ?

উত্তৰঃ সিন্ধুৰ মানুহে । 

৫। সিন্ধুৰ পৰা উৎপাদন হোৱা কপাহক গ্ৰীকসকলে কি বুলি কৈছিল ?

উত্তৰঃ চিন্দন বুলি কৈছিল ।                           

৬। ঋকবেদৰ যুগৰ কৃষকসকলক কি বোলা হৈছিল ?

উত্তৰঃ কিনচা বোলা হৈছিল । 

৭। সূদৰ্শন হ্ৰদ কাক বোলে ?

উত্তৰঃ কৃৃষকক পানী যোগান ধৰাৰ বাবে চন্দ্ৰগুপ্ত মৌৰ্য্য়ই গাৰ্ণাৰত বৃহৎ পানীৰ চৌবাচ্চা নিৰ্মাণ কৰিছিল আৰু ইয়াক সূদৰ্শন হ্ৰদ বোলা হৈছিল । 

৮। মৌৰ্য্য় ৰাজত্বকালত কেইপ্ৰকাৰৰ মাটি আছিল আৰু কি কি ?

উত্তৰঃ মৌৰ্য্য় ৰাজত্বকালত তিনিপ্ৰকাৰৰ মাটি আছিল- কৃষ্ট ( খেতি কৰিব পৰা ), অকৃষ্ট ( খেতিৰ অনুপযোগী ) আৰু স্থল ( অসাৰুৱা ) ।

৯। মৌৰ্য্য় যুগৰ প্ৰধান কৃষিজাত শস্য় কি কি ?

উত্তৰঃ গম, বাৰ্লি, ধান, কণীধান, কুঁহিয়াৰ, তিল, নানা তৰহৰ মটৰ আৰু মচুৰ মাহ ।

১০। নগৰীকৰণ কাক বোলে ?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰাম্য় সম্প্ৰদায়বোৰে নগৰলৈ উন্নীত কৰে বা নগৰীয়া কেন্দ্ৰ হিচাপে গঢ়ি উঠে । এনদৰে নগৰৰ বৃদ্ধি আৰু সম্প্ৰসাৰণকে নগৰীকৰণ বোলে ।

১১। বৈশালীৰ সদলাপুত্তত কিমান খন মৃৎ শিল্পীৰ দোকান আছিল ?

উত্তৰঃ ৫০০ খন । 

১২। বৈদিক যুগত কি কি মুদ্ৰাৰ প্ৰচলন হৈছিল ?

উত্তৰঃ নিষ্কা আৰু শতমান মুদ্ৰা । 

১৩। মেগাস্থেনিছে পাটলিপুত্ৰক কি বুলি উল্লেখ কৰিছে ? ইয়াৰ অৰ্থ কি ?

উত্তৰঃ পলিবোথ্ৰা বুলি উল্লেখ কৰিছে । ইয়াৰ অৰ্থ হ'ল স্বাৰব নগৰ ।

১৪। কিমান শতিকাত হৰপ্পা নগৰবোৰ বিলুপ্ত হৈছিল ?

উত্তৰঃ খৃঃপূঃ ১৯ শতিকাত । 

১৫। ইন্দো-গ্ৰীকৰ বিখ্য়াত ৰজাজন কোন ?

উত্তৰঃ মিনান্দাৰ ।

১৬। কিমান শতিকাৰ পৰা ভাৰতৰ প্ৰতিটো অংশতে নগৰ গঢ়ি উঠিছিল ?

উত্তৰঃ খৃঃপূঃ ৬ষ্ঠ শতিকাৰ পৰা । 


 চমুটোকাঃ 

১। মধ্য় ভাৰত 

উত্তৰঃ  মধ্য় ভাৰত আধুনিক আৰু চত্তিছগড়ক লৈ গঠিত আছিল । মধ্য়প্ৰদেশৰ বাণিজ্য়িক কেন্দ্ৰ ইন্দোৰ এই অঞ্চলৰ আটাইতকৈ ডাঙৰ নগৰ আছিল । মধ্য় ভাৰতৰ আন প্ৰাচীন ডাঙৰ নগৰবোৰ আছিল ভূপাল আৰু ৰা.পুৰ ।চত্তিছগড়ৰ নগৰবোৰ আছিল ৰায়পুৰ, জগদলপুৰ, দুৰ্গ-ভিলাল, বিশালপুৰ, কৰ্বা, ৰজনগাঁও আৰু মধ্য়প্ৰদেশৰ অন্তৰ্গত নগৰবোৰ আছিল ইন্দোৰ,ভূপাল, জবলপুৰ, গোৱালিৱৰ, উজ্জয়িনী এই অঞ্চলৰ প্ৰধান কেন্দ্ৰ হিচাবে গঢ়ি ইঠিছিল । উজ্জয়িনী অৱন্তী ৰাজ্য়ৰ ৰাজধানী আছিল । 

            মৌৰ্য শাসনৰ পিছতে দাক্ষিণাত্য় আৰু মধ্য় ভাৰতৰ সাতবাহনসকলে ৰাজত্ব কৰিছিল। নাঙলত লোৰ ব্য়ৱহাৰ, ধান ৰোপণ, নগৰীকৰণৰ বিকাশ, লিখনি আদিয়ে সাতবাহনৰ নেতৃত্বত ৰাজ্য় গঠনৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিছিল । সাতবাহনসকলে কান্বসকলক পৰাজয় কৰি মধ্য় ভাৰতৰ বহু অংশত ক্ষমতা প্ৰতিষ্ঠা কৰিছিল । তেওঁলোকে ক্ৰমে কৰ্ণাটক আৰু অন্ধ্ৰলৈ সাম্ৰাজ্য় বিস্তাৰ কৰিছিল । 

২। শিল্পবিদ্য়া

উত্তৰঃ ভাৰতৰ শিল্পবিদ্য়া ভিন্ন প্ৰকাৰৰ আৰু ভিন্ন চৰিত্ৰৰ । ই ভাৰতৰ ইতিহাস,সংস্কৃতি আৰু ধৰ্মক চহকী কৰিছে । ভিন ভিন অঞ্চলৰ শিল্পীসকলৰ দক্ষতা আৰু নৈপুণ্য়তা শিল্পকৰ্মবোৰত প্ৰতিফলিত হৈছে আৰু অঞ্চলভেদে এই শিল্পকৰ্মবোৰৰ আৰু সামগ্ৰীবোৰৰ আকাৰ-আকৃতি আৰু ব্য়ৱস্থা পৃথক হোৱা দেখা যায়। শতিকাজুৰি হস্তশিল্প গ্ৰাম্য় সমাজত সংস্কৃতি আৰু পৰম্পৰাগত শিল্প হিচাপে খ্য়াতি অৰ্জন কৰি আহিছে । প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন পৰ্যায়ত শিল বা প্ৰস্তৰ, মাটি, তাম, লো ৰূপ, সোণ, ব্ৰঞ্জ আদি বিভিন্ন ধাতুৰ আহিলা বা সামগ্ৰী হাতেৰে প্ৰস্তত কৰাৰ উপৰিও কাঠ, বাঁহ, হাতী দাঁত, উল, এড়ী মুগা আদিৰ সামগ্ৰী বা আহিলা হস্তশিল্পৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল।

            শিল্পবিদ্য়াই মৌৰ্য যুগত বিশেষ সাফল্য় লাভ কৰিছিল।সেই যুগৰ সাহিত্য় বেদৰ বিভিন্ন প্ৰকাৰৰ শিল্পীৰ বিষয়ে উল্লেখ কৰিছে । দিঘানিকায়ত প্ৰায় দুই ডজন বৃত্তিৰ বিৱৰণ আছে । মহাবস্তুত ৩৬ প্ৰকাৰৰ শিল্পীকৰ্মী ৰাজগৃহত বাস কৰা বুলি উল্লেখ কৰিছে। মিলিন্দ পন্থত ৭৫ বিধ বৃত্তিৰ উল্লেখ কৰিছে আৰু ইয়াৰে ৬০ বিধ বৃত্তি বিভিন্ন শিল্পবিদ্য়াৰ লগত সম্পৰ্কিত। কাঠ শিল্পবিদ্য়াৰ লগত সম্পৰ্কিত । কাঠ শিল্প পুৰণি ভাৰতৰ এটা গুৰুত্বপূৰ্ণ শিল্প । 

৩। মুদ্ৰা গঢ়ন 

উত্তৰঃ প্ৰাচীন কালৰে পৰা ভাৰতৰ মুদ্ৰা বিনিময়ৰ মাধ্য়ম হিচাবে প্ৰচলন হৈ আহিছে । যেতিয়া অন্তদেৰ্শীয় আৰু বৈদেশিক বাণিজ্য়িক সম্প্ৰসাৰণ হৈছিল তেতিয়া বাণিজ্য়িত মুদ্ৰা প্ৰচলন হৈছিল মৌৰ্য্য় যুগৰ পিছত হে । ভাৰতৰ প্ৰথম মুদ্ৰা তৈয়াৰ কৰিছিল পঞ্চম খৃঃপূঃত আৰু সেই মুদ্ৰাবোৰ আছিল ছাপ থকা বা বিন্ধ পকা ভিন্ন আকাৰৰ । বৰ্দ্ধমান মহাবীৰ আৰু গৌতম বুদ্ধৰ নাম অসংখ্য় নগৰ যেনে পাটলিপুত্ৰ, ৰাজগৃহ, চম্পা আদিৰ সৈতে জড়িত । এই নগৰবোৰত বহুতো শিল্পী আৰু ব্য়ৱসায়ীয়ে কাম কৰিছিল যিসকলে প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্য়ৱহাৰ কৰিছিল , তেওঁলোকে প্ৰথমবাৰৰ বাবে পূব উত্তৰ প্ৰদেশ আৰু বিহাৰত  মুদ্ৰা  প্ৰচলন কৰিছিল। মুদ্ৰাৰ ব্য়ৱহাৰে ব্য়ৱসায় বাণিজ্য়িত স্বাভাৱিকতে সুযোগ প্ৰদান কৰিছিল । ব্য়ৱসায় বাণিজ্য়িত মুদ্ৰা ব্য়ৱহাৰৰ উপৰিও নগৰ ৰাজ্য়ত মুদ্ৰাৰে ৰাজহ সংগ্ৰহ কৰিছিল । মুদ্ৰাবোৰ বিভিন্ন ধাতুৰে যেনে-তাম, ৰূপ, সোণ আৰু সীহীৰে প্ৰস্তুত কৰা গৈছিল । পোৰা মাটিৰে মুদ্ৰাৰ ঠাচ সজা হৈছিল । কিন্তু পিছত ৰজা ঐশ্বৰীক শক্তি, ৰজাৰ নাম বা চিহ্ন আৰু সময় ধাৰণ কৰিছিল । মুদ্ৰাবোৰ বিভিন্ন উদ্দেশ্য়ত ব্য়ৱহাৰ কৰা হৈছিল যেনে- দান, পৰিশোধ, বিনিময়ৰ মাধ্য়ম হিচাবে । অৱশ্য়ে মুদ্ৰাত বৈদেশিক প্ৰভাৱ পৰিলক্ষিত হৈছিল । বৈদিক সাহিত্য়ত নিষ্কা আৰু শতমান মুদ্ৰাৰ নাম পোৱা যায় । ধাতুৰ দ্বাৰা প্ৰস্তুত কৰা মুদ্ৰা প্ৰথম দেখা গৈছিল গৌতম বুদ্ধৰ সময়ত । প্ৰাচীন মুদ্ৰা ৰূপৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল । সেই মুদ্ৰাবোৰ ছাপ থকা বা বিন্ধা থকা অৱশ্য়ে কিছুপৰিমানে তামৰ মুদ্ৰা প্ৰচলন হৈছিল । সেইবোৰত পাহাৰ, গছ, মাছ, ষাড়গৰু , হাতী আৰু সৰ্পৰ চিত্ৰৰ দাগ আছিল । মৌৰ্য্য় যুগত ভিন্ন ধাতুৰ মুদ্ৰা ব্য়ৱহাৰ হৈছিল।

ৰচনাধৰ্মী প্ৰশ্ন উত্তৰঃ 

১। তামিলাকামত নগৰীকৰণৰ উত্থানৰ প্ৰক্ৰিয়া বিষয়ে লিখা ।

উত্তৰঃ তামিলনাডু আৰু কেৰেলাক সামৰি এটা স্পষ্ট সাংস্কৃতিক অঞ্চল হিচাপে তামিলাকাম বা তামিল ৰাজ্য়ৰ চিনাক্তকৰণ এটা সাহিত্য়ৰ গোটৰ ওপৰত ভিত্তি কৰি সঙ্গম সাহিত্য় হিচাবে কৰা হৈছে। এই সাহিত্য়বোৰে জীৱনৰ অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত এটা সাহিত্য়ৰ খনি গঠন কৰিছে । বিভিন্ন জোখৰ প্ৰাকৃতিক গুহাত উদ্ধাৰ কৰা এলানি ৮০-৯০ খন শিলালিপি আছিল গুৰুত্বপূৰ্ণ পৰিচয় । আদি ঐতিহাসিক যুগত , কিছুমান স্থানত একগোট হোৱা এটা প্ৰধান  সাংস্কৃতিক নতুন ধাৰাৰ উপস্থিতি প্ৰত্য়ক্ষ কৰিছিল । সেই সময়তে বেছি সংখ্য়ক স্থানে তেওঁলোকৰ মেগালিথিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছিল । শ শ কবৰস্থান, স্মৃতি চিহ্ন আৰু বাসস্থান সংযোগ হৈ মেগালিথিক সংস্কৃতি, লৌহ সঁজুলি আৰু কলা আৰু ৰঙা পাত্ৰৰে ই এটা বিশেষ বৈশিষ্ট্য়পূৰ্ণ হৈছিল । আভ্য়ন্তৰীণ আৰু উপকূলীয় অসংখ্য় ঠাইত সিচঁৰিত হৈ থকা প্ৰমাণৰ পৰা নগৰীকৰণৰ পুনৰ নিৰ্মাণ কৰা হৈছিল । 

            ইতিহাসবিদ আৰু স্থাপত্য়কাৰসকল নগৰীকৰণৰ উৎপত্তিৰ ক্ষেত্ৰত আৰু ৰাজ্য় গঠনৰ সৈতে ই জড়িত হয় নে নহয় সেই বিৰ্তকৰ ওপৰত দুভাগত বিভক্ত হৈ পৰিছিল । ই আভ্য়ন্তৰীণ বিকাশৰ ফল নাছিল কিন্তু এটা আন্তঃ-আঞ্চলিক বাণিজ্য় আৰু ভূমধ্য় সাগৰীয় অঞ্চলৰ সৈতে সাগৰীয় বাণিজ্য়ৰ বাবে সাধাৰণ বিকাশ আছিল । প্ৰাচীন ঐতিহাসিক তামিলাকামত কোনো ৰাজ্য় গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল আৰু সমাজ প্ৰধানকৈ জনগোষ্ঠীয় প্ৰকৃতিৰ আছিল । উৎপাদনৰ সম্পৰ্ক আত্মীয়ৰ ভিত্তিত আছিল আৰু ৰাজনৈতিক গাঁঠনি বৰমূৰীয়া বা মুখিয়াল পৰ্যায়ত আছিল । দক্ষি ভাৰতৰ নগৰবাদ বা নগৰ বিল্পৱ স্থানীয়ভাৱে গঢ়ি উঠিছিল । সঙ্গম উৎসৰ ভিত্তিত নিৰ্ণয় কৰিব পাৰি যে প্ৰাচীন ঐতিহাসিক যুগত কোনো ধৰণৰ ৰাজ্য় গঠন প্ৰক্ৰিয়া আৰমভ হোৱা নাছিল । এই যুগত নহৰীকৰণৰ প্ৰক্ৰিয়া আৰ্থ-সামাজিক অৱস্থাত প্ৰতিষ্ঠা হৈছিল । এনে জৈৱ-বৈচিত্ৰ্য়ৰে ভৰা সমাজ ব্য়ৱস্থাক টিনায় বোলে । টিনায় হ'ল সঙ্গম সাহিত্য়ৰ সৃষ্টি । আদিম তামিলাকামত সমাজ আত্মীয়তাৰ ভিত্তিত গঠিত হৈছিল । পৰিৱেশৰ সৈতে মানুহ খাপ খুৱাই চলাটোৱেই টিনায়ৰ ধাৰণা । কাৰ্যত ৪টা গুৰুত্বপূৰ্ণ উৎপাদনৰ ৰূপ আছিল-পশুধন পালন, কৃষিৰ স্থানান্তৰকৰণ, সাধাৰণ বস্তু উৎপাদন আৰু নাঙলেৰে কৃষি কাৰ্য সম্পাদন । নদীৰ পাৰৰ সেমেকা ঠাই বা সমভূমি বা মৰুটামত পৰিৱৰ্তনৰ কাৰকবোৰক স্বীকাৰ কৰা হৈছিল । এনে অঞ্চলত পৰৱৰ্তী পৰ্যায়ত নাঙলেৰে কৃষি কৰিছিল আৰু নতুন কৃষি সম্পৰ্কীয় গোটৰ উত্থান হৈছিল যেনে- ব্ৰাক্ষণ পৰিয়াল বা বাসস্থান বা যুঁজাৰুৰ বাসস্থান সৃষ্টি হৈছিল । নেইটাল বা উপকূলীয় মণ্ডলত মাছ ধৰাৰ উপৰিও লোণ কাৰখানা আৰু ক্ৰমে বাণিজ্য় অৰ্থনৈতিক কাম-কাজৰ ভেটি হৈ পৰিছিল । টিনাই বোৰ যদিও আৰ্থ-সামজিক ক্ষেত্ৰত সমান নাছিল, সেইবোৰ সাংগঠনিক ক্ষেত্ৰত জনজাতীয় আছিল । আত্মীয় গোট বা জ্ঞাতি-কুটুম্ব আছিল উৎপাদনৰ ক্ষেত্ৰখনৰ প্ৰধান ভেটি আৰু মৰুটামত শ্ৰমৰ সামাজিক বিভাজন নাছিল । ইয়াত পৰিয়ালেই সংগঠিত ৰূপ লৈছিল আৰু উৎপাদনৰ নিয়ন্ত্ৰণ কৰিছিল । নগৰীকৰণৰ প্ৰধান বৈশিষ্ট্য় সামাজিক বিভাজন এই অঞ্চলবোৰত নাছিল । ইয়াত বিশেষ হস্তশিল্পৰ উৎপাদনৰ বিকাশ হৈছিল যেনে- ধাতু শিল্প, বোৱা-কটা আৰু লোণ প্ৰস্তুত কৰা আৰু ইয়াক স্থানীয় বিনিময় আান্ত-আঞ্চলিক বিতৰণ আৰু দীৰ্ঘ দূৰত্বৰ বাণিজ্য়ৰ বাবে প্ৰস্তুত কৰা হৈছিল । চেৰা, চোল আৰু পাণ্ড্য় আদি শাসক শ্ৰেণীয়ে সামাজিক-ৰাজনৈতিক আধিপত্য়ৰ কাৰণে সাগৰীয় বাণিজ্য়ৰ ওপৰত নিৰ্ভৰ কৰিছিল বৌদ্ধ মঠৰ দৰে অনুষ্ঠানবোৰৰ প্ৰভাৱ নগৰীকৰণৰ ক্ষেত্ৰত নাছিল। সঙ্গম সাহিত্য়ত বিনিময় ভিন্ন পৰ্যায়বোৰ নিত্য় ব্য়ৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত এটা বিনিময় অৰ্থনীতি প্ৰতিখলিত হৈছিল। বিনিময়ৰ এই কেন্দ্ৰবোৰে প্ৰকাশ কৰে যে এই কেন্দ্ৰবোৰৰ প্ৰায়ভাগেই নদীৰ পাৰত অৱস্থিত আৰু কিছুমান নদীৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থিত । এই ঠাইবোৰৰ ভিতৰত উপকূল অঞ্চলত বাণিজ্য় সম্প্ৰসাৰণ হোৱাৰ লগে লগে পুহাৰ, মাদুৰাই আৰু ভাঞ্চি আদি স্থান বাণিজ্য়িক কেন্দ্ৰলৈ পৰিৱৰ্তন হৈছিল । এনেদৰে বিভিন্ন প্ৰকাৰৰ বাসস্থানৰ উল্লেখ সঙ্গম সাহিত্য়ত কৰা হৈছে । গতিকে এই সময়ছোৱাত অকল বাসস্থানৰ সংখ্য়া বৃদ্ধি হৈছিল এনে নহয় ভিন্ন প্ৰকাৰৰ সামগ্ৰীও বৃদ্ধি হৈছিল । এই কাৰকবোৰক বিশ্লেষণ কৰিলে দেখা যায় যে বাসস্থানৰ বিভিন্ন ভাগত উন্নত বৃত্তিৰ সৈতে জন ঘনত্বৰ উমান পোৱা যায় । ভূমধ্য়সাগৰীয় বিশ্বৰ সৈতে বাণিজ্য় সম্প্ৰসাৰণ হোৱাৰ ফলত বন্দৰ আৰু নগৰৰ বৃদ্ধি পাইছিল । এই স্থানবোৰ বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে যেনে- বজাৰ নগৰ, বাণিজ্য়িক কেন্দ্ৰ আৰু আভ্য়ন্তৰীণ কেন্দ্ৰ বা নগৰ/ চহৰ। সামগ্ৰীৰ ভিন ভিন ভাগৰ দাবীৰ ওপৰত গুৰুত্ব দি ভিন্ন সামগ্ৰীৰ বজাৰ বা বিশেষ বণিকৰ সৃষ্টিৰ বিৱৰণ সঙ্গম সাহিত্য়ত পোৱা গৈছে । সেয়ে সঙ্গম সাহিত্য়ত বিশেষ মানদণ্ডবিশিষ্ট ইণ্ট্ৰা-টিনাই বিনিময়ৰ উল্লেখ কৰা হৈছে । সংগুলামন্দ কদুমনলৰ তামিল-ব্ৰাহ্মি লিপিত নিগম বা বণিক সংঘৰ উল্লেখ কৰা হৈছে । এই সংঘৰ অন্তৰ্ভুক্ত বণিকসকলে জৈন আৰু বৌদ্ধ ভিক্ষুসকললৈ গুহা উপহাৰ দিছিল ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Author: Monikongkona Saikia 



Post ID: DABP001848