আধুনিকীকৰণৰ পথত

বিষয়বস্তু ১১

১। চমু উত্তৰ লিখাঃ

ক) আধুনিক চীনৰ নিৰ্মাতা বুলি কাক কোৱা হয় ?

উত্তৰঃ আধুনিক চীনৰ নিৰ্মাতা বুলি চান-য়াৎ-সেনক কোৱা হয়।

খ) হানসকল কোন আছিল ?

উত্তৰঃ হানসকল আছিল চীনৰ প্ৰধান নৃগোষ্ঠী।

গ) নাইটো কোনান কোন আছিল ?

উত্তৰঃ নাইটো কোনান আছিল চীনদেশত বসবাস কৰা এজন জাপানী পণ্ডিত। 

ঘ) বিশ্ব তৃতীয় দীৰ্ঘতম নদীখনৰ নাম কি ?

উত্তৰঃ বিশ্ব তৃতীয় দীৰ্ঘতম নদীখনৰ নাম  হ'ল চাং-জিয়াং। 

ঙ) উত্তৰ চীন লোকৰ মূল খাদ্য়-শস্য় কি ?

উত্তৰঃ উত্তৰ চীন লোকৰ মূল খাদ্য়-শস্য় হ'ল ঘেঁহু।  

২। উত্তৰ লিখাঃ

 ক) চিয়াং-কাই শ্বেক কোন আছিল ? তেওঁ মহিলাসকলক কেইটা গুণৰ বিষয়ে কৈছিল ?

উত্তৰঃ চিয়াং-কাই-শ্বেক কুত্তমিন্টাং দলৰ মুখ্য় নেতা আছিল। তেওঁ মহিলাসকলৰ চাৰিটা আৱশ্য়কীয় গুণৰ কথা কৈছিল আৰু সেইবোৰ হ'ল-  সতীত্ব, কথা-বতৰা, বহিঃৰূপ আৰু কাম। 

খ) চান-য়াৎ-সেনৰ প্ৰধান বাণী কেইটা আৰু কি কি ?

উত্তৰঃ চান-য়াৎ-সেনৰ প্ৰধান বাণী তিনিটা আৰু সেই কেইটা হ'ল 

১) জাতীয়তাবাদ, ২। গণতন্ত্ৰ আৰু ৩। সমাজবাদ। 

গ) জাপান প্ৰধানকৈ কেইটা দ্বীপৰ সমষ্টি, আৰু সেই দ্বীপ কেইটা নাম কি ?

উত্তৰঃ জাপান প্ৰধানকৈ চাৰিটা দ্বীপৰ সমষ্টি আৰু সেই দ্বীপ কেইটা হ'ল-

১) হনচু, ২) কিউচিউ, ৩) চিকোকু আৰু ৪) হকাইডো।  

৩। চমু টোকা লিখাঃ

ক) তাইওৱানৰ কাহিনী,

উত্তৰঃ তাইওৱানৰ কাহিনীঃ চীনা সাম্য়বাদীৰ হাতত পৰাজিত হৈ চিয়াং চাইশ্বেকে ১৯৪৯  চনত ৩০০০ লাখ মাৰ্কিন ডলাৰৰ সোণৰ পুঁজি আৰু অমূল্য় শিল্প সামগ্ৰীৰ বাকচ লৈ তাইওৱান দ্বীপলৈ পলায়ন কৰি সেই ঠাইতে চীনৰ প্ৰজাতন্ত্ৰ গঠন কৰিছিল। তাইওৱান আছিল এটা জাপানী উপনিৱেশ। জাপানে চীনক পৰাজিত কৰি উপনিৱেশ স্থাপন কৰিছিল। পিছত, ১৯৪৩ আৰু ১৯৪৯ চনত কাইৰো আৰু পোষ্টডাম ঘোষণাই চীন প্ৰজাতন্ত্ৰৰ স্বীকৃতি দিছিল।     

    ১৯৭৩ চনত তাইওৱানৰ সাধাৰণ পুঁজিয়ে জাপানৰ পিছতে এছিয়াত দ্বিতীয় স্থান অধিকাৰ কৰিছিল। বেহা-বেপাৰ ভিত্তিৰ অৰ্থনীতি এটাও গঢ়ি উঠিছিল। ধনী আৰু দূখীয়াৰ মাজত থকা ব্য়ৱধান ক্ৰমান্বয়ে ঠেক হৈ আহিছিল। ১৯৭৫ খ্ৰীঃত চিয়াংৰ মৃত্য়ু পিছত লাহে লাহে গণতন্ত্ৰ দিশত ঢাল খাইছিল দেশখন প্ৰথম নিৰ্বাচনৰ দ্বাৰা কেৱল থলোৱা লোকসকলকে ক্ষমতাত অধিস্থিত হোৱা সুবিধা দিয়া হৈছিল। আনহাতে, বিদেশী ৰাষ্ট্ৰসমূহে তাইওৱানক চীনৰ এটা অংগ বুলি মানি লোৱা বাবে ৰাষ্ট্ৰখনৰ সৈতে কূটনৈতিক সম্বন্ধ স্থাপন ক্ষেত্ৰত সমস্য়া হৈছিল। তেওঁলোকে তাইওৱানক এখন স্বয়ংসম্পূৰ্ণ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া নাছিল। বৰ্তমান তাইওৱানসকলে কোনো বাধা নোহোৱাকৈ চীনৰ অভ্য়ন্তৰত প্ৰৱেশ কৰি বেপাৰ-বাণিজ্য় কৰাৰ সুবিধা লাভ কৰিছিল। 

খ) ১৯৭৮ চনত সংস্কাৰ সাধনৰ উদ্য়ম,

উত্তৰঃ ১৯৭৮ চনৰ সংস্কাৰ সাধনৰ উদ্য়মঃ ডেং-চি আও পিঙে এটা সমাজবাদী অৰ্থনীতিৰ আৰম্ভ কৰি তাৰ ওপৰত দলৰ সতৰ্ক দৃষ্টি ৰাখিলে। ১৯৭৮ চনত দলটোৱে মুঠ চাৰিবিধ আধুনিকীকৰণ তেওঁলোকৰ লক্ষ্য বুলি ঘোষণা কৰিলে আৰু সেই চাৰিটা হ'ল উদ্য়োগ, বিজ্ঞান, কৃষি আৰু প্ৰতিৰক্ষাৰ উন্নতি সাধন। দলীয় নীতিত আঘাত নকৰাকৈ আৱশ্য়ক হ'লে যুক্তি-তৰ্কৰ আশ্ৰয় ল'বলৈকে অনুমতি দিয়া হ'ল। ১৯৭৮ খ্ৰীঃত ৫ ডিচেম্বৰত 'পঞ্চম আধুনিকীকৰণ' প্ৰচাৰ চলোৱা হয় যে, গণতন্ত্ৰ অবিহনে আধুনিকীকৰণ অসম্ভৱ। 

    ১৯৪৯ চনত ৪ মে আন্দোলনৰ সত্তৰতম বাৰ্ষিকৰ বহু সংখ্য়ক বুদ্ধিজীৱি লোক একগোট হৈ চৰকাৰক আবেগিক বিধিসমূহৰ অন্ত পেলাই এক মুকলি মুৰীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ আহবান জনালে। বিভিন্ন সামাজিক গোষ্ঠীৰ মাজত ক্ৰমবৰ্ধমান অনৈকতা, আঞ্চলিক দলাদলি আৰু পুৰুষ মহিলাৰ নীতি সংক্ৰান্ত বৈষম্য়তাই সামাজিক উৎকন্ঠা বৃদ্ধি কৰিছে। 

গ) ঔদ্য়োগিক শ্ৰমিকসকল,

উত্তৰঃ ঔদ্য়োগিক শ্ৰমিকসকলঃ ১৮৭০ খ্ৰীঃত বিভিন্ন উদ্য়োগত শ্ৰমিকৰ সংখ্য়া আছিল ৭ লাখ আৰু ১৯১৩ খ্ৰীঃত ইয়াৰ সংখ্য়া হৈছিল ৮ লাখ। সকলো শ্ৰমিকে কেতবোৰ গোটত ভাগ হৈ কাম কৰিছিল। ৫ জনতকৈ কম শ্ৰমিকৰ দ্বাৰা গঠিত এনে গোটবোৰত মেচিন আৰু বিদ্য়ুৎ নোহোৱাকৈ উৎপাদনৰ কাম সম্পূৰ্ন কৰা হৈছিল। মহিলা আধুনিক কাৰখানাসমূহৰ মুঠ শ্ৰমিকৰ সংখ্য়া আধাতকৈ বেছি আছিল। ১৯০০ পৰা জাপানৰ পুৰুষ শ্ৰমিকৰ সংখ্য়া বৃদ্ধি হৈছিল আৰু ১৯৩০ চনত পুৰুষৰ সংখ্য়া মহিলাতকৈ বেছি হয়। ইয়াৰ ফলত কাৰখানাসমূহৰ আয়তন বৃদ্ধি পাবলৈ ধৰিলে।

    ১৯০৯ চনত ১০০ তকৈ শ্ৰমিকক কৰ্মসংস্থান দিয়া কাৰখানাৰ সংখ্য়া আছিল ১০০০ তকৈ বেছি। ১৯২০ চনত  ইয়াৰ সংখ্য়া ২০০০ আৰু ১৯৩০ চনত ৪০০০ জন হয়। ৫ জনতকৈ ক'ম সংখ্য়ক শ্ৰমিকেৰে গঠিত ঔদ্য়োগিক গোটৰ মুঠ সংখ্য়া ৫,৫০,০০০ লৈ বৃদ্ধি পায়। জাপানৰ প্ৰথমখন প্ৰতিনিধিমূলক সদনৰ সভ্য় হিচাপে নিৰ্বাচিত তানাকা চজো নামৰ ব্য়ক্তিৰ ১৮৯৭ চনত ৮০০ জন গ্ৰামবাসীৰ সৈতে চৰকাৰক ব্য়ৱস্থা ল'বলৈ বাধ্য় কৰিলে। জাপানৰ ঔদ্য়োগিক প্ৰদূষণৰ বিৰুদ্ধে এইটোৱেই আছিল প্ৰথম বিক্ষোভ।

৪। চীন আৰু জাপানে গ্ৰহণ কৰা আধুনিকতাৰ পথ দুটা চমুকৈ বৰ্ণনা কৰা ?

উত্তৰঃ চীন আৰু জাপানে গ্ৰহণ কৰা আধুনিকতাৰ পথ দুটা বিষয়ে তলত আলোচনা কৰা হ'ল 

    চীন আৰু জাপানৰ ঐতিহাসিক অৱস্থাৰ বেলেগ বেলেগ হোৱা বাবে তেওঁলোকৰ স্বাধীনতা লাভ কৰা আৰু আধুনিক জাতিৰ হিচাপে নিজকে গঢ়াৰ পদ্ধতিৰ মাজতো যথেষ্ট পাৰ্থক্য় আছিল। জাতীয়তাবাদে দেশখনত এটা দমনমূলক চৰকাৰ থকাতহে সহায় কৰিছিল। পশ্চিমীয়া সাম্ৰাজ্য়বাদী শক্তিসমূহৰ দ্বাৰা নিষ্পেষিত এটা পৰিৱেশতহে জাপানৰ আধুনিকীকৰণ কাৰ্যসূচী ৰূপায়িত হৈছিল। জাপানে নিজৰ সমস্য়াসমূহ নিজেই সমাধানৰ পথ বিচাৰি লৈছিল পশ্চিমক অনুকৰণ কৰা লগতে। কিছুমান জাপানী লোকে এছিয়াক পশ্চিমৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে আশা কৰিছিল।

    চীনাসকলৰ আধুনিকীকৰণৰ পথটো সম্পূৰ্ণ সুকীয়া আছিল। জাপানী আৰু অন্য়ান্য় বিদেশী শক্তিসমূহৰ মাজত চেপা খাই ৰৈছিল। ১৯ আৰু ২০ শতিকাৰ গুৰুত্বপূৰ্ণ বিষয় আছিল মানুৰ দ্বাৰা পৰম্পৰাসমূহৰ প্ৰত্য়াখ্য়ান। সাম্য়বাদী আৰু তেওঁলোকৰ অন্য়ান্য় সমৰ্থনকাৰীসকলৰ মতে পৰম্পৰাক জীয়াই ৰখা কোনো মূল্য় নাই। কাৰণ ই সাধাৰণ লোকৰ দৰিদ্ৰতাক আবদ্ধ কৰি থয়। মহিলাসকলক দমন কৰে আৰু দেশখনকো অনুন্নত অৱস্থাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। ঐতিহাসিক খামুচ মাৰি ধৰি থাকিও চীনে উন্নতি পথত আগুৱাই যাবলৈ সক্ষম হৈছিল। 

 




Post ID : DABP005777