ভুল প্ৰয়োগ

তৃতীয় গোট

আৰ্হি প্ৰশ্ন

১। অতি চমু প্ৰশ্নঃ

(ক) বিভক্তি কাক বোলে?

উত্তৰঃ বাক্য়ত ব্য়ৱহৃত পদৰ লগত পদৰ সম্পৰ্ক স্থাপন কৰিবলৈ কিছুমান সৰ্গ ব্যৱহাৰ কৰা হয়। এই সৰ্গসমূহকে বিভক্তি বোলে। অৰ্থাৎ সুকীয়া সুকীয়া অৰ্থযুক্ত যিবোৰ সৰ্গ শব্দৰ লগত যোগ হৈ বাক্যত পদৰ স্থান নিৰ্ণয় কৰে, সেই সৰ্গবোৰকে বিভক্তি বোলে।

(খ) বিভক্তিৰ প্ৰধান কাম কি?

উত্তৰঃ বিভক্তিৰ প্ৰধান কাম হৈ পদৰ লগত পদৰ সম্পৰ্ক স্থাপন কৰা, অব্য়য়ৰ বাহিৰে বিশেষ্য, বিশেষণ অথবা সৰ্বনাম আদিৰ পিছত থকা।

(গ) 'তোমাৰ দেউতা ঘৰত আছেনে ?' - বাক্য়টো শুদ্ধনে?

উত্তৰঃ 'তোমাৰ দেউতা ঘৰত আছেনে ?' - বাক্য়টো শুদ্ধ নহয়।

(ঘ) শূন্য় বিভক্তি কাক বোলে?

উত্তৰঃ চকুৰে নেদেখা বা কাণেৰে নুশুনা অমূৰ্ত বিভক্তিকে শূন্য বিভক্তি বোলে।

(ঙ) প্ৰত্য়য় কাক বোলে?

উত্তৰঃ অৰ্থগত পৰিৱৰ্তন কৰা সৰ্গক প্ৰত্য়য় বোলে।

(চ) বচন নিৰপেক্ষ ৰূপ কাক বোলে?

উত্তৰঃ যি বচনে একবচন বা বহুবচন নিৰ্দিষ্টভাৱে এটাৰো অৰ্থ প্ৰকাশ নকৰে তাকে বচন নিৰপেক্ষ ৰূপ বোলে।

(ছ) অসমীয়া ভাষাত স্ত্ৰী প্ৰত্য়য় কেইটা? 

উত্তৰঃ অসমীয়া ভাষাত  '-অনী'ৰ বাহিৰে স্ত্ৰী প্ৰত্য়য় তিনিটা।

(জ) অসমীয়া ভাষাৰ এটি অবিভাজ্য় বৰ্ণৰ নাম লিখা।

উত্তৰঃ অসমীয়া ভাষাৰ এটি অবিভাজ্য় বৰ্ণৰ নাম হৈছে- চন্দ্ৰবিন্দু (ঁ)।

(ঝ) অসমীয়া ভাষাত শব্দৰ আদিত 'ঙ' বৰ্ণৰ উচ্চাৰণ আছেনে?

উত্তৰঃ অসমীয়া ভাষাত শব্দৰ আদিত 'ঙ' বৰ্ণৰ উচ্চাৰণ নাই।

(ঞ) অনুজ্ঞাবাচক ধাতু শব্দত চন্দ্ৰবিন্দু প্ৰয়োগ হয়নে?

উত্তৰঃ অনুজ্ঞাবাচক ধাতু শব্দত চন্দ্ৰবিন্দু প্ৰয়োগ নহয়।

(ট) যতি শব্দৰ অৰ্থ কি?

উত্তৰঃ যতি শব্দৰ অৰ্থ হৈছে- মানুহে কথা কৈ থকা অৱস্থাত মাজে মাজে লোৱা বিৰাম।

(ঠ) বাক্যৰ মাজত প্ৰত্যক্ষ উক্তি প্ৰয়োগৰ সময়ত কি যতি চিহ্ন ব্যৱহাৰ কৰা হয়?

উত্তৰঃ বাক্য়ৰ মাজত প্ৰত্য়ক্ষ উক্তি প্ৰয়োগৰ সময়ত বহুতে এটা এটা আৰু আ কোনোৱে দুটা দুটা উৰ্ধ্বকমা ব্যৱহাৰ কৰা হয়।

(ড) হষন্ত (্) ই ধ্বনিগতভাৱে কি অৰ্থ প্ৰকাশ কৰে।

উত্তৰঃ হষন্ত (্) ই ধ্বনিগতভাৱে ব্য়ঞ্জনান্ত প্ৰকাশ কৰে।

(ঢ) তৎসম শব্দ মানে কি?

উত্তৰঃ অসমীয়া ভাষাত কিছুমান শব্দ সংস্কৃতৰ পৰা পোনপটীয়াকৈ সোমাইছে। উচ্চৰাণৰ ক্ষেত্ৰত পাৰ্থক্য় থাকিলেও এইবোৰ শব্দ লিখাৰ ধৰণ সংস্কৃতৰ লগত একে। এইবোৰক তৎসম শব্দ বোলে।

(ণ) 'থলুৱা শব্দ' ই কি বুজায়।

উত্তৰঃ থলুৱা শব্দই স্থানীয় কোনো সামগ্ৰী, মানুহ, জীৱ-জন্তু, উদ্ভিদ আদিক বুজায় অৰ্থাৎ থলুৱা শব্দৰ অৰ্থ হৈছে স্থানীয়।


২। চমু প্ৰশ্নঃ

(ক) অসমীয়া ভাষাত বিভক্তি কেইবিধ আৰু কি কি?

উত্তৰঃ অসমীয়া ভাষাত বিভক্তি চাৰিবিধ আৰু সেইকেইবিধ হৈছে- নাম বিভক্তি, ক্ৰিয়া বিভক্তি, পুৰুষবাচক বিভক্তি আৰু শব্দ বিভক্তি।

(খ) পুৰুষবাচক বিভক্তি কেইবিধ আৰু কি কি?

উত্তৰঃ পুৰুষবাচক বিভক্তি তিনিবিধ আৰু সেইকেইবিধ হৈছে- Ø (শূন্য বিভক্তি); দ্বিতীয় পুৰুষৰ তুচ্চ-অৰ/-ৰ, মান্য়-আৰা/-ৰা আৰু তৃতীয় পুৰুষৰ -অক/-ক/-এক ।

(গ) অসমীয়া ভাষাত একবচনৰ ভাব প্ৰকাশক যিকোনো দুটা নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ নাম লিখা।

উত্তৰঃ অসমীয়া ভাষাত একবচন ভাব প্ৰকাশক যিকোনো দুটা নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ নাম হ'ল- টো- (ল'ৰাটো), জন- (মানুহজন)।

(ঘ) অসমীয়া ভাষাৰ স্ত্ৰীপ্ৰত্য়য় কেইটা আৰু কি কি? একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ অসমীয়া ভাষাৰ স্ত্ৰীবাচক প্ৰত্য়য় তিনিটা আৰু সেইকেইটা হৈছে- -ঈ, -নী আৰু -ৰী। উদাহৰণঃ -ঈ (বগা-ঈ) -নী (কলিতা-নী) -ৰী (বেঙু-ৰী)।

(ঙ) বিভাজ্য় আৰু অবিভাজ্য় ধ্বনি বুলিলে কি বুজা?

উত্তৰঃ বিভাজ্য় আৰু অবিভাজ্য় ধ্বনি হৈছে অসমীয়া ভাষাত ব্যৱহৃত ধ্বনি বা বৰ্ণ (স্বৰ-ব্যঞ্জন) সমূহক তাৰ প্ৰয়োগৰ ভিত্তিত ভাগ কৰা দুটা ভাগ।

(চ) তলৰ শব্দকেইটাৰ অৰ্থ প্ৰভেদ কৰা-

আচল-আঁচল, কাহ-কাঁহ, সাজ-সাঁজ, আহ-আঁহ, ধোৱা-ধোঁৱা, বান-বাণ, দবা-ডবা, হাৰ-হাড়, চল-ছল, সাপ-শাপ, পীড়া-পীড়া, খুৰা-খুড়া।

উত্তৰঃ 

ব্দ

অৰ্থ

আচল

প্ৰকৃত

আঁচল

কাপোৰৰ আগ অংশ

কাহ

ডিঙিত সুৰসুৰণিন উঠি ওলোৱা শব্দ

কাঁহ

ধাতুবিশেষ

সাজ

পোছাক

সাঁজ

সন্ধিয়া

আহ

ওচৰ চাপ

আঁহ

গছৰ ছালৰ পৰা ওলোৱা সূতাৰ দৰে এবিধ বস্তু

ধোৱা

পখাল

ধোঁৱা

জুইৰ বাষ্প

বান

বানপানী, প্লাৱন

বাণ

শৰ, কাড়

দবা

এবিধ খেল

ডবা

নামঘৰৰ মঙ্গল বাদ্য

হাৰ

পৰাজয়

হাড়

অস্থি

চল

সুবিধা

ছল

ছলনা

সাপ

সৰ্প

শাপ

অভিশাপ

পীৰা

তলত বহিব পৰা এবিধ কাঠৰ আসন

পীড়া

যন্ত্ৰনা

খুৰা

ঘোঁৰা আৰু গৰুৰ দেহৰ কঠিন অংশ

খুড়া

দেউতাকৰ ভায়েক

(ছ) হাইফেনৰ (-) ৰ ব্যৱহাৰ ক'ত হয় লিখা।

উত্তৰঃ শব্দৰ উচ্চাৰণ শুদ্ধকৈ কৰিবলৈ বা ৰাখিবলৈ আৰু দ্ব্য়ৰ্থকতা আঁতৰাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। 

(জ) দুটা তৎসম শব্দ লিখা।

উত্তৰঃ দুটা তৎসম শব্দ হৈছে- প্ৰাচীন আৰু আৰ্য।

(ঝ) ণত্ববিধি আৰু ষত্ববিধি কাক বোলে?

উত্তৰঃ ন>ণ হোৱাকে ণত্ববিধি আৰু স>ষ-লৈ পৰিৱৰ্তন হোৱাকে ষত্ববিধি বোলে।

(ঞ) সন্ধি কাক বোলে?

উত্তৰঃ ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলে।

(ট) 'ৰ'ৰ পিছত কেতিয়া 'ণ' নহৈ 'ন' প্ৰয়োগ হয়?

উত্তৰঃ  -নী/-অনী প্ৰত্য়য়যুক্ত শব্দ থাকিলে 'ৰ'ৰ পিছত 'ণ' ৰ সলনি 'ন' প্ৰয়োগ হয়।

(ঠ) দুটা 'ৱ' যুক্ত অসমীয়া শব্দ লিখা।

উত্তৰঃ গাৱঁলীয়া আৰু কাৱৈ।

(ড) দুটা উপসৰ্গৰ নাম লিখা একোটাকৈ উপসৰ্গযুক্ত শব্দ লিখা।

উত্তৰঃ দুটা উপসৰ্গৰ নাম হৈছে উপ আৰু অপ।

উপঃ উপকাৰ।

অপঃ অপকাৰ।

(ঢ) 'হঁত' প্ৰত্য়য় কেতিয়া প্ৰয়োগ হয়?                               

উত্তৰঃ অসমীয়া ভাষাত ব্যক্তিবাচক কোনো কোনো ৰূপৰ পাছত '-হঁত' ব্যৱহাৰ হয়।

(ণ) আদৰৰ ভাব প্ৰকাশ কৰা দুটা নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ উল্লেখ কৰা।

উত্তৰঃ আদৰৰ ভাব প্ৰকাশ কৰা দুটা নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ নাম হৈছে- নি আৰু খনি।

৩। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) বিভক্তি প্ৰয়োগত হ'ব পৰা ভূল সম্পৰ্কে উদাহৰণসহ লিখা।

উত্তৰঃ 

অশুদ্ধ বা ভূল

শুদ্ধ হব লাগে

১। তোমাৰ মামাহীখুলশালীমামা ভিনিহিবৌভনী

তোৰ মাৰ/ মাহীয়েৰ/ খুলশালীয়েৰ/ মামাৰ/ ভিনিয়েৰ/ বৌয়েৰ/ ভনীয়েৰ

২। তেওঁৰ পুত্ৰ/ বোৱাৰী

তেওঁৰ পুতেক/ বোৱাৰীয়েক ইত্য়াদি।


অসমীয়া কাৰকৰ বিভক্তি অৰ্থাৎ শব্দ বিভক্তিৰ সংখ্যা ৬ টা। সেইকেইটা হ'ল প্ৰথমা -এ/ -ই, দ্বিতীয়া -ক/ -অক, তৃতীয়া -ৰে/ -দি, চতুৰ্থী -লৈ/ -অলৈ, ষষ্ঠী -ৰ/ -অৰ আৰু সপ্তমী -ত/-অত। কাৰকভেদেও বিভক্তিও সুকীয়া সুকীয়া যদিও আজিকালি সততে বহুতেই দ্বিতীয়, চতুৰ্থী আৰু সপ্তমী বিভক্তি ইটোৰ সিটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা দেখা যায়। যিটো সাধাৰণতে ব্যাকৰণৰ ৰীতি মতে ভূল। যেনে 'মই ঘৰলৈ যাওঁ'। এই বাক্য়টোৰে আন দুই ধৰণৰ প্ৰয়োগ দেখা যায়- 'মই ঘৰত যাওঁ' বা 'মই ঘৰক যাওঁ'। বহু সময়ত আকৌ বিভক্তিয়েই প্ৰয়োগ কৰা নহয়। বিশেষকৈ আজিকালিৰ যুৱক/যুৱতীসকলৰ মুখত এনে বিভক্তিহীন বাক্যৰ বৰ সুলভ-

ভূল প্ৰয়োগ

শুদ্ধ প্ৰয়োগ

বজাৰ যাওঁ

বজাৰলে যাওঁ

হোষ্টেল যাওঁ

হোষ্টেললৈ যাওঁ

কলেজ যাওঁ

কলেজলৈ যাওঁ


কেতিয়াবা আকৌ দ্বিতীয়া বিভক্তিৰো অুপস্থিতি দেখা যায়। যেনে- 'সমুখত বলীয়াটো (-ক) দেখি সকলোৱে ভয় খালে' অথবা 'পুলিচ (-অক)  দেখি সকলো পলাল।' সপ্তী বিভক্তি প্ৰয়োগৰ বেলিকাও একেই কথা 'সাপ(-অত) কেতিয়াও বিশ্বাস নকৰিবা।' শব্দৰ শেষত 'ও' থাকিলে আৰু তাৰ পিছত যিকোনো কাৰক বিভক্তি লগ লাগিলে 'ও' গুচাই স্বাভাৱিকভাৱেই 'ৱ' লিখা উচিত। যেনে- 'আমি গাৱঁৰ মানুহ', 'তুমি গোসাইগাঁৱলৈ গৈছানে', 'বহু দিনেই হ'ল মই নগাঁৱলৈ নোযোৱা', 'সৰু নদী নাৱৰেই পাৰ হ'ব পাৰি', 'পাৱে (পাও) পৰি হৰি'..... ইত্য়াদি। অৱশ্য়ে সৰ্বনামৰ ক্ষেত্ৰত এই নিয়ম নাখাটে। যেনে- তেওঁৰ, তেওঁলৈ ইত্য়াদি।

  বিভক্তিৰ এটা প্ৰধান ভাগ হ'ল ক্ৰিয়া বিভক্তি। এই ক্ৰিয়া বিভক্তি প্ৰয়োগতো কেতিয়াবা ভূল ব্যৱহাৰ হোৱা দেখা যায়। বিশেষকৈ অশমাপিকা ক্ৰিয়া বিভক্তি প্ৰয়োগত এই ভূল হোৱাৰ সম্ভাৱনা অধিক। অসমীয়া ভাষাত সমাপিকা ক্ৰিয়াবাচক এটা অ্য়তম বিভক্তি হ'ল 'এ'/'য়'। যেনে- 'সি খায়', 'তাই যায়' ইত্য়াদি। কিন্তু সমাপিকা 'খায়',অথবা 'যায়' ক্ৰিয়া পদত অশমাপিকাৰ অ্থ প্ৰকাশ কৰিবলৈ হ'লে 'য়' গুচাই 'ই' প্ৰয়োগ কৰিব লাগে। যেনে- 'মই ভাত খাই স্কুললৈ যাম'। 'সি চিনেমা চাই ভাল নাপায়' ইত্য়াদি। কিন্তু বহুলোকে এই পাৰ্থক্য়লৈ গুৰুত্ব নিদিয়াকৈ ভুলকৈ বাক্য ব্যৱহাৰ কৰে। তলৰ উদাহৰণকেইটা চাওঁক-

ভূল প্ৰয়োগ

শুদ্ধ প্ৰয়োগ

১। মই গান গায় ভাল পাওঁ।

মই গান গাই ভাল পাওঁ

২। সি মোলৈ চায় আছে।

সি মোলৈ চাই আছে।

৩। দেউতাৰ পৰা মই সময় মতেই পইচা পায় থাকোঁ।

৩। দেউতাৰ পৰা মই সময় মতেই পইচা পাই থাকোঁ।


এইখিনিতে বিভক্তিযুক্ত পদৰ ক্ৰমৰ কথাটিও মনকৰিবলগীয়া। যিকোনো পদ বাক্যৰ যিকোনো স্থানত বা ক্ৰমত সজালেই সেই বাক্য়ই প্ৰকৃত অৰ্থ প্ৰকাশ নকৰিব পাৰে। কাষৰ বাক্যটোলৈ মন কৰক 'সি মোক বহুত সহায় কৰিছে'- এই বাক্যটোত 'সি' কৰ্তাই 'কৰিছে' ক্ৰিয়া-পদৰ সংগতি স্থাপনত'মো'ৰ সৈতে সম্বন্ধযুক্ত কৰাত '-ক' বিভক্তিয়ে সহায় কৰিছে। সেইফালৰ পৰা বাক্যটো শুদ্ধ। তদুপৰি অসমীয়া ভাষাৰ সাধাৰণ বাক্য গঠন প্ৰণালী হ'ল কৰ্তা + কৰ্ম + ক্ৰিয়া। অৰ্থাৎ 'সি' কৰ্তাই 'সহায়' কৰ্মটি 'কৰিছে' ক্ৰিয়াৰ দ্বাৰা সম্পদান কৰিছে। বাক্য়ৰ এই স্বাভাৱিক গাঠনিও বাক্যটিত ৰক্ষিত হৈছে। কিন্তু যদি 'কৰিছে মোক সি সহায় বহুত' হিচাপে পদসংগতি ৰক্ষা কৰাবলৈ চেষ্টা কৰা হয়, তেতিয়া সি বিভক্তিযুক্ত পদ হ'লেও পদৰ সংগতি ৰক্ষা কৰিব নোৱাৰিব। অৰ্থাৎ বাক্য়টো ভুল হিচাপে প্ৰতিপন্ন হ'ব। গতিকে পদ সংগতিৰ ওপৰতো সততে দৃষ্টি ৰখা ভাল।

(খ) অসমীয়া ভাষাৰ পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্ৰত্য়য় কেইটাৰ ব্যৱহাৰ সম্পৰ্কে লিখা। 

উত্তৰঃ নিজে কৰিবা।

(গ) নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে? যিকোনো পাঁচটা নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ প্ৰয়োগ সম্পৰ্কে উদাহৰণসহ লিখা।

উত্তৰঃ কোনো প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ দেখুৱাই দিবলৈ ব্যৱহাৰ কৰা প্ৰত্যয়ক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে। 

-টোঃ আজিকালি ডেকাচামৰ মুখত য'তে ত'তে 'টো' প্ৰত্যয় ব্যৱহাৰ কৰা দেখা যায়। যেনে ভাতটো, দালিটো, চবজিটো, মাংসটো, কিতাপটো, পাহাৰটো ইত্য়াদি। কিন্তু এনে প্ৰয়োগ শুদ্ধ নহয়। 'টো' প্ৰত্য়য়ৰ ক্ষেত্ৰত আৰু এটা কথা মনকৰিবলগীয়া। সেয়া হ'ল কোনো ধৰণ স্ত্ৰীবাচক শব্দতে টো প্ৰত্য়য় যোগ নহয়। 

-ঈঃ -ঈ যদিও স্ত্ৰীবাচক প্ৰত্যয় তথাপি বৃত্তিধাৰী লোক সম্প্ৰদায়ক বুজাবলৈ এই প্ৰত্য়য়টো ব্যৱহাৰ কৰা হয়। তেতিয়া সি স্ত্ৰীৰ অৰ্থ প্ৰকাশ নকৰে। যেনে, বেপাৰ + ঈ = বেপাৰী, দোকান + ঈ + দোকানী ইত্য়াদি।

-অনিঃ ই বিস্তাৰিত অৰ্থ প্ৰকাশ কৰে। যেনে, ধান-অনি = ধাননি, ফুল-অনি = ফুলনি, মাহ-অনি = মাহনি ইত্য়াদি।

-অনীঃ এই প্ৰত্য়য়ে স্ত্ৰীবাচক শব্দৰ অৰ্থ প্ৰকাশ কৰে। সেইবাবে এই প্ৰত্য়য়টোক স্ত্ৰীপ্ৰত্য়য় বোলে। উদাহৰণস্বৰূপে, কমাৰ-অনী = কমাৰনী, চাকৰ-অনী = চাকৰনী, উকিল-অনী = উকিলনী ইত্য়াদি।

(ঘ) অসমীয়া ভাষাৰ বহুবচন প্ৰত্য়য়ৰ প্ৰয়োগ সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ অসমীয়া ভাষাত বহুবচন বুজাবলৈ কেইবাটাও প্ৰত্য়য় আছে। এই প্ৰত্য়য়বোৰক বহুবনবাচক প্ৰত্য়য় বোলে। অসমীয়া ভাষাত বহুবচনবাচক প্ৰধান প্ৰত্য়য় কেইটামান হ'লー -বোৰ, -বিলাক আৰু -হঁত। '-বোৰ' য'ত ব্যৱহাৰ কৰা হয় 'বিলাক' ত'তেই ব্যৱহাৰ কৰা হয় যদিও -বোৰ, -বিলাকতকৈ কিছু পৰিমাণে তুচ্চ অৰ্থ প্ৰকাশ কৰে। সেইমতেই প্ৰত্য়য় দুটা ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা উচিত। যেনে- মানুহবোৰ, কিতাপবোৰ, চৰাইবোৰ, সেইদৰে মানুহবিলাক, কিতাপবিলাক, চৰাইবিলাক ইত্য়াদি। মন কৰিবলগীয়া কথা এইটোৱে যে আজিকালি বহুতে -বোৰ, -বিলাক আৰু -লোক এই প্ৰত্য়য় তিনিটাক প্ৰথম পুৰুষৰ বহুবচনবাচক 'আমি' সৰ্বনামৰ সৈতে ব্যৱহাৰ কৰা দেখা যায়। অসমীয়া ভাষাত ব্যক্তিবাচক কোনো ৰূপৰ পাছত '-হঁত' ব্যৱহাৰ হয়। যেনে- কুমাৰহঁথ, ল'ৰাহঁত, ছোৱালীহঁত ইত্য়াদি। -হঁথ প্ৰত্য়য়ে সাধাৰণতে তুচ্চাৰ্থ প্ৰকাশ কৰিলেও পৰিয়ালৰ আপোন মানুহৰ ক্ষেত্ৰত '-হঁত' প্ৰত্য়য়ে মৰম আৰু আদৰৰ অৰ্থহে প্ৰকাশ কৰে। যেনে- দেউতাহঁত, মাহঁত, মামাহঁত, পেহাহঁত, পেহীহঁত ইত্য়াদি। '-হঁত' প্ৰত্য়য়ে আপোন মানুহৰ অৰ্থত আদৰ মৰম বুজালেও সম্বন্ধ নথকা লোকৰ সৈতে -হঁতে কেতিয়াও তেনে অৰ্থ প্ৰকাশ নকৰে। গতিকে তেনে প্ৰসংগত -হঁত প্ৰয়োগ নকৰাই ভাল। অৱশ্য়ে গালি অৰ্থত জন্তু বুজোৱা ৰূপৰ পাছত -হঁত প্ৰত্য়য় ব্যৱহাৰ কৰা হয়। যেনে- গৰুহঁত, কুকুৰহঁত, গাধহঁত ইত্যাদি। অসমীয়া ভাষাত আজিকালি আন এটা বহুবচনৰ প্ৰত্য়য় ব্যৱহাৰ দেখা গৈছে। সেইটো হ'ল '-খন'। -খন সমান্তৰালভাৱে নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ো।

(ঙ) চন্দ্ৰবিন্দু (ঁ) ৰ প্ৰয়োগ সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ আনুনাসিক বৰ্ণযুক্ত (যেনে, ন, ম, ঙ, ঞ, ং ইত্য়াদি) তৎসম শব্দ পৰিৱৰ্তন ঘটি যিবোৰ তদ্ভৱ শব্দ উৎপত্তি হৈছে সেই শব্দবোৰত সদায় আনুনাসিক বৰ্ণৰ ঠাইত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়। যেনে আঞ্চল-আঁচল, কন্টক-কাংইট, কম্পন-কঁপনি, দন্ত-দাঁ, হংস-হাঁহ ইত্য়াদি। প্ৰথম পুৰুষৰ (একবচন হওক বা বহুবচন হওক) বিভক্তি 'ও' সদায় চন্দ্ৰবিন্দুযুক্ত (ওঁ) হয় বা হ'ব লাগে। যেনে- খাওঁ, যাওঁ, দিওঁ, লওঁ, কৰোঁ, দেখোঁ, ধৰোঁ ইত্যাদি। মনকৰিবলগীয়া এইটোৱে যে এনে পৰিৱেশতো (চন্দ্ৰবিন্দু) ব্যৱহাৰ নহয় যদিহে 'ও'-যুক্ত বৰ্ণটো আনুনাসিক হয়। যেনে, শুনো, বান্ধো, গনো ইত্য়াদি। চন্দ্ৰবিন্দু স্বৰযুক্ত ব্যঞ্জন ধ্বনি অৰ্থাৎ ব্যঞ্জন বৰ্ণটোৰ ওপৰতহে ব্যৱহাৰ হয়, স্বৰ চিহ্নটোৰ ওপৰত নহয়। যেনে- গাঁৰি, কুঁৱা, গাঁত, ঘোঁৰা, মাথোঁ ইত্য়াদি। কোনো ধাতুৰ ওপৰত -ওতা বা -ওতে থাকিলে সি চন্দ্ৰবিন্দুযুক্ত (-ওঁতা, -ওঁতে) হয়। যেনে- খাওঁতা, লওঁতা অথবা যাওঁতে, দেখোঁতে, লওঁতে ইত্য়াদি। এনেবোৰ শব্দৰূপত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অতিকে আৱশ্য়ক।

(চ) আখৰ জোঁটনিত যতি চিহ্নৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ মানুহে কথা কওঁতে মাজে মাজে বিৰাম লয়। এই বিৰামকে বহল অৰ্থত যতি বোলে। লেখকে লিখোতেও ভাব আৰু অৰ্থ প্ৰকাশ কৰোঁতে যতি চিন ব্য়ৱহাৰ কৰে। অৱশ্য়ে লিখা কথাৰ যতি লগ লগা বা যতি প্ৰয়োগৰ কিছুমান নিয়ম আছে। যিবোৰ নিয়ম মানি নচলিলে ভাব, অৰ্থৰ লগতে শব্দ বা বাক্য়ৰ গাঁথনি ভূল হয়।

 যি অংশত 'অ'-ৰ উচ্চাৰণ কিছুপৰিমাণে উৰ্ধ্ব বা উচ্চ হয় ত'তেই উৰ্ধ্বকমাযুক্ত অ'-ৰ প্ৰয়োগ হয়। অসমীয়া অ আৰু অ' 一 দুয়োটাই বিশিষ্ট ধ্বনি তালিকাযুক্ত। যিহেতু দুয়োটা ধ্বনিয়েই শব্দৰ অৰ্থ পৰিৱৰ্তন কৰিব পৰা ক্ষমতা আছে। সেয়েহ অ-ৰ ঠাইত অ' বা অ' -ৰ ঠাইত অ প্ৰয়োগ কৰিব নোৱাৰি, কৰিলে অৰ্থ বিকৃত হৈ পৰিব। বাক্য়ৰ ক্ষেত্ৰত ব্যৱহৃত উৰ্ধ্বকমাৰ কথাটো হ'ল আনৰ উক্তি প্ৰত্য়ক্ষ ৰূপত উদ্ধৃতি কৰিলে সাধাৰণে উৰ্ধ্বকামৰ ভিতৰত দিয়া হয়। বাক্যত ব্যৱহৃত উৰ্ধ্বকমাৰ ক্ষেত্ৰত বহুতৰ মতে সুকীয়া সুকীয়া। যেনে- প্ৰত্য়ক্ষ উক্তিত বহুতে এটা এটা আৰু আন কোনোৱে আকৌ দগুটা দুটা উৰ্ধ্বকমা ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে প্ৰত্য়ক্ষ উক্তি এটা উৰ্ধ্বকমাৰ মাজতে ৰখা ভাল। উদ্ধৃতিৰ মাজত উদ্ধৃতি থাকিলেহে দুটা উৰ্ধ্বকমাৰ ব্যৱহাৰ বাঞ্ছনীয়। যেনে- "ৰামে কৈছিল- 'যদু ঘৰলৈ যাব'।"

   শব্দৰ উচ্চাৰণ শুদ্ধকৈ ৰাখিবলৈ আৰু দ্ব্য়ৰ্থকতা আঁতৰাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। হাইফেন তেতিয়া অপৰিহাৰ্য হৈ পৰে যেতিয়া- 

(ক) এখ অক্ষৰযুক্ত স্বৰান্ত শব্দৰ পিছত আন শব্দৰ সংযোগ হয়। যেনে গা-লাগি, লো-মাটি, ন-অসমীয়া, ন-গাওঁ, ন-পঘা, ব-বটিয়া, সু-ফভল, সু-পুৰুষ আদি।

(খ) কেতবোৰ অভ্য়াস শব্দ গঠনতো হাইফেন ব্যৱহাৰ হয়। যেনে- জা-জলপা, চাল-চলন, মা-মচলা, বা-বাতৰি, বা-বিচনী, পা-পইচা, আ-অলংকাৰ, বা-বতাহ, ডা-ডাঙৰীয়া ইত্য়াদি। এনেদৰে এখ অক্ষৰযুক্ত আ কেতবোৰ অভঅয়াস শব্দ গঠনতো হাইফেন প্ৰয়োগ হয়। যেনে-- বু-বহু বা-বা, হাৰ্-হাৰ্ হিৰ্-হিৰ্, পাৰ্-পাৰ্ পিৰ্-পিৰ্, পান্-পান্ পিন্-পিন্, পান্-পান্ পুন্-পুন্, কা-কা আদি।

(গ) কেতবোৰ বিশেষ্য় শব্দ গঠনতো হাইফেন ব্যৱহাৰ কৰা হয়। বিশেষকৈ বিশেষ্য শব্দটোৰ সৈতে লক্ষণ বিন্য়াসৰ সময়ত। যেনে- কুট-কৌশল, কাল-সন্ধ্য়া, চাহ-মেল, আধি-মানৱ, কপাল-ফুটা, পানী-শালি আদি।

(ঘ) বৰ্ণ, বৰ্গ বা কাৰ অথবা কাৰন্ত বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। যেনে- ব-বৰ্ণ/বৰ্গ, ত-বৰ্ণ/বৰ্গ, আ-কাৰ, ই-কাৰন্ত ইত্য়াদি।

   ব্যঞ্জনান্ত উচ্চাৰণ বুজাবলৈ কেয়িতাবা হসন্ত আৱশ্যম্ভাৱী হৈ পৰে। যেনে- বদ্অভ্য়াস, সদ্ভাৱ আদি। ব্য়ঞ্জনান্ত উচ্চৰাণ হ'লেও প্ৰতিটো ব্যঞ্জনান্ত উচ্চাৰণতে হসন্ত ব্যৱহাৰ কেতিয়াও নহয়। যেনে- বদনাম, সংগতি ইত্য়াদি। অৱশ্য়ে ধাতু বুজাবলৈ হসন্ত প্ৰয়োগ কৰা হয়। যেনেঃ √ কৰ্, √দেখ্ ইত্য়াদি।

   বিভিন্ন বিশেষ্য, বিশেষণ, সৰ্বনাম আদি শব্দ মালা গঁথাৰ দৰে গাংটি গ'লে প্ৰত্য়েকৰে অ্তৰে অন্তৰে অৰ্ধযতি অৰ্থাৎ কমা ব্যৱহাৰ হয়। যেনেঃ 'হৰি, যদু, মধু, সীতা, গীতা আৰু মই অহাকালি চিনেমা চাবলৈ যাম'।

  বিভিন্ন সৰু সৰু বাক্য় একেলগ কৰি গ'লেও কমা প্ৰয়োগ হয়। যেনেঃ " 'মই যাম, তুমি আহিবা, সি আহিব'一 প্ৰতিটো বাক্য়ই একো একোটা ভৱিষ্যত কালবাচক বাক্য়।" সেইদৰে কমাতকৈ কিছু বেছি আৰু  দাৰিতকৈ কিছু কম সময় ৰ'লে ছেমিক'লন (;), প্ৰসঙ্গ সলনি কৰিলে ক'লন (ঃ), পূৰ্ণভাব প্ৰকাশ কৰিলে দাৰি (।), বিস্ময়, সন্দেহ আধি ভাব প্ৰকাশ কৰিলে ভাববোধন (!), দ্ৰষ্টব্য় প্ৰসঙ্গত তৰা চিন (*) আধি ব্যৱহাৰ কৰা হয়।

(জ) তৎসম শব্দৰ বানানত ণত্ববিধি আৰু ষত্ববিধিৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ  তৎসম শব্দৰ বানানত ণত্ববিধিৰ ভূমিকা হৈছে- ৎসম শব্দৰ ক্ষেত্ৰত ঋ, ষ আৰু ৰ-ৰ পিছত সদায় 'ণ' হয়। যেনেঃ স্বৰ্ণ, কৰ্ণ, বৰ্ণ, তৰুণ, চৰণ, কৰ্ষণ, কৃষ্ণ ইত্য়াদি। 'ট' বৰ্গৰ পূৰ্বৰ 'ন' তৎসম শব্দ গঠনত স্বাভাৱিকভআৱে 'ণ' হয়। যেনে- কন্টক, কন্ঠ, দণ্ড, ভাণ্ড, মণ্ড, পাষণ্ড, কুণ্ড ইত্যাদি। প্ৰ, পৰা, পৰি আদি উপসৰ্গৰ পিছত ন>ণ হয়। যেনে- প্ৰণৱ, প্ৰণিপাত, প্ৰণয়ন, প্ৰণাম, পৰিণয়, পৰিণহন ইত্যাদি। 'ক্ষ'ৰ পিছত ন>ণ হয়। যেনে- ক্ষীণ, ক্ষণ, ক্ষুণ্ণ, তী৭্ণ, দক্ষিণ ইত্য়াদি। পৰ, পাৰ, উত্তৰ, নাৰ, ৰাম আদি শব্দৰ পিছত 'আয়ন' শব্দ লগ লাগিলে 'আয়ন'ৰ ন>ণলৈপৰিৱৰ্তন হয়। যেনে- পৰায়ণ, উত্তৰায়ণ. নাৰায়ণ, নাৰায়ণী, ৰামায়ণ, ৰামায়ণী ইথ্য়াদি। কিছুমান তৎসম শব্দত আকৌ স্বাভাৱিকতে 'ণ' প্ৰয়োগ হৈ আহিছে। যেনে- অণু, বীণা, বাণ, পণ, গণ, লৱণ, কঙ্কণ, বণিক ইত্য়াদি।

তৎসম শব্দৰ বানানত ষত্ববধিৰ ভূমিকা হৈছে- অ আৰু আ স্বৰৰ বাহিৰে অন্য় স্বৰযুক্ত ব্যঞ্জনান্ত ক্ আৰু ৰ্-ৰ পিছত স>ষ হয়। যেনে- শ্ৰদ্ধাভাজনেষু, শ্ৰীচৰনেষু, বিপ্ৰকৰ্ষ, বিমৰ্ষ ইত্য়াদি। উপসৰ্গযুক্ত শব্দৰ পিছত কোনো তৎসম শব্দত স>ষ হয়। যেনে- পৰিষ্কাৰ, পৰিষদ, নিষেধ, নিষ্কৰ, নিষ্কাম, অধিষ্ঠান, অভিষেক, সুষম ইত্য়াদি। সংযুক্ত বৰ্ণৰ ক্ষেত্ৰত ট/ঠ/ণ-ৰ আগত স>ষ হয়। ষেনে- কষ্ট, দুষ্ট, প্ৰতিষ্ঠান, কৃষ্ণ আদি। ঋ/ৰ-ৰ পিছত 'স' তৎসম শব্দ গঠনত 'ষ' হয়। যেনে- তৃষ্ণা, কৃষঅণা, কৰ্ষণ, কৃষক আদি। কিছুমান তৎসম শব্দত আকৌ স্বাভাৱিকতা স>ষ হয়।যেনে- ভুষণ, বিশেষণ, ষোড়শ, ভাষা, বিষম, বাষ্প, পুষ্প, শেষ, মেষ, ষট্, আষাঢ় ইত্য়াদি।

(ঝ) থলুৱা শব্দ গঠনৰ নিয়মসমূহৰ বিষয়ে লিখা।

উত্তৰঃ থলুৱা শব্দ গঠনৰ নি.মসমূহ হৈছে-

১। থলুৱা থলুৱা বা দেশজ ণত্ববিধি আৰু ষত্ববিধিৰ নিয়ম বহু সময়ত মানি লোৱা নহয় যদিও বহু শব্দত আখৰে আখৰে মানি অহাও হৈছে। তেনে আখৰে আখৰে  মানি অহাও হৈছে। তেনে শব্দ কেইটামান হ'ল- উৰণ, ঘূৰণ, ভৰণি, ধৰণ, জৰুণ, জোৰণ, বৰষুণ ইত্য়াদি।

২। দুটা শব্দ সংযোগ হ'লে অৱশঅয়ে 'ণ' নহয়। যেনে- মৰনৈ, দমন, ভৰানৈ ইত্য়াদি।

৩। -নী/-অনী প্ৰত্য়য়যুক্ত শব্দত কেতিয়াও 'ণ' নহয়, 'ন'-হে হয়। যেনে- কুমাৰনী, কঁহাৰনী, কুমাৰনী ইত্য়াদি।

৪। অসমীয়া থলুৱা ভাষা গঠনত 'ৱ' বৰ্ণৰ প্ৰভাৱ যথেষ্ট বেছি। কেইটামান উদাহৰণ হ'ল- দাৱনী, চাৱনি, হালোৱা, জালোৱা, শেৱালী, মায়াৱী, দুৱাৰ, পুৱা, জীৱন, গাছুৱৈ, মাছুৱৈ ইত্য়াদি।

৫। অসমীয়া ভাষাত এনে কেইটামান পুলিঙ্গবাচক শব্দ আছে যিবোৰ ই-কাৰান্ত।  এই শভ্দবোৰক স্ত্ৰীবাচক ৰূপ কৰিবলৈ যাওঁতে ঈ-কাৰ ব্যৱহাৰ কৰা হয়। যেনে- পোৱালি>পোৱালী, ৰান্ধনি>ৰান্ধনী, সখি>সখী ইত্য়াদি।

৬। কেতিয়াবা বিশেষ্য ৰূপক বিশেষণ ৰূপলৈ পৰিৱৰ্তনৰ সময়ত ই/ঈ প্ৰত্য়য় লগ লগোৱা হয়। যেনে- নামী, দামী, ডকাইতী, কবিৰাজী ইত্য়াদি।

৭। ব্যৱসায় আৰু বৃত্তিবাচক শব্দৰ পাছত সদায় ঈ-কাৰহে হয়। যেনে- বেপাৰী, কাকতী, দোকানী, মালী, ব্যৱসায়ী, যোগী, চিকাৰী, ইত্য়াদি।

৮। ভাষা-ভাষী বা বাসী অৰ্থত আ/ঈ ব্যৱহাৰ হয়। যেনে- অশমীয়া, নগা, উড়িয়া, নেপালী, মণিপুৰী, বিহাৰী, বাঙালী, গুজৰাটী, ৰাজস্থানী ইত্য়াদি।

(ঞ) ভাষাৰ বা শব্দৰ ভুল কিয় হয় অসমীয়া ভাষাৰ আধাৰত ব্যাখ্য়া কৰা।

উত্তৰঃ নিজে কৰিবা।

Author: Chinmay Kakati





Post ID : DABP004523