বৰ্ণাশুদ্ধিৰ কাৰণ

প্ৰথম গোট

আৰ্হি প্ৰশ্ন

১। আখৰ-জোঁটনি বুলিলে কি বুজা?

উত্তৰঃ আখৰ-জোঁটনিহ'ল এক পদ্ধতিগত লিখন ৰীতি। ভাষা এটাৰ লিখন আৰু পঠনৰ ক্ষেত্ৰত বৰ্ণ প্ৰতীকৰ ব্য়ৱহৃত হয় আৰু এই বৰ্ণ প্ৰতীকসমূহে শব্দৰূপ পায়। আখৰ জোঁটনি অথবা নানান প্ৰকৰণ প্ৰতিটো ভাষাৰে বেলেগ বেলেগ হয়। নিয়মত বন্ধা থাকিলে গতি লোৱাত সুবিধা হয়। মহামুনি পাণিনীয়ে 'অষ্টাধ্যায়ী'ৰ জৰিয়তে সংস্কৃত ভাষাটোক এটা নিয়মত বান্ধিছিল। বিজ্ঞানসন্মত সুশৃংখলিত চিন্তা আৰু অসাধাৰণ শিল্প নৈপুণ্য় গুণেৰে সুসমৃদ্ধ পাণিনীৰ 'অষ্টাধ্যায়ী'ৰ প্ৰভাৱ ভাৰতীয় ব্য়াকৰণধাৰাত ইমানেই গভীৰ আছিল যে তেওঁ প্ৰতিষ্ঠা কৰা আদৰ্শৰে পৰৱৰ্তী বছৰ ধৰি ভাৰতত শতাধিক বৈয়াকৰণে কেৱল সংস্কৃতৰে নহয়, পালি-প্ৰাকৃত ভাষাৰো ব্য়াকৰণ প্ৰণয়ন কৰি ভাৰতীয় ব্য়াকৰণ ধাৰাক অত্য়ন্ত সমৃদ্ধিশালী কৰি তুলিছিল। ভাষা এটা অনুশাসনৰ মাজত থাকিলে ভাল। স্মতৰ্ব্য় যে ব্য়াকৰণভেদে এইবোৰৰ নিয়ম বেলেগ বেলেগ হয়। সেয়ে সৰ্বজনগ্ৰাহ্য় হোৱাকে এক নিয়মৰ মাজত থকাটো অতিকৈ প্ৰয়োজনীয় কথা। আমাৰ মনৰ ভাৱানুভূতি প্ৰকাশ কৰিবলৈ মুখৰ ভিতৰৰ বিভিন্ন অঙ্গৰ সঞ্চালনৰ দ্বাৰা বায়ু প্ৰৱাহৰ সহায়ত যিবোৰ ধ্বনি বা ধ্বনিসমষ্টি উচ্চাৰণ কৰে সেয়ে ভাষা। দুজন মানুহে কথা পাতোঁতে পৰস্পৰে পৰস্পৰৰ কথা-বতৰা প্ৰত্য়ক্ষে শুনে আৰু বুজি পায়; লগে লগে ভাষাৰ কাৰ্যও সম্পাদিত হয়। কিন্তু শ্ৰোতাজন ওচৰত নাখাকিলে কোৱা বা ক'ব লগা কথাখিনিকে কাগজে-কলমে লিখি জনোৱাৰ প্ৰয়োজন হয়; অৰ্থাৎ প্ৰত্য়ক্ষ উপস্থিতিত যি কথা মুখে কোৱা হ'লহেঁতেন, সেইখিনিকে চিঠিত লিখি প্ৰকাশ কৰা হয়। সাহিত্য়ত, গল্প, কবিতা, প্ৰবন্ধ আদিত লিখকৰ ভাৱানুভূতি আৰু চিন্তা-চৰ্চাই লিখিত ৰূপ পায়। গতিকে লিখিত ভা কথিত ভাষাৰে দৃশ্য়মান অৰ্থাৎ চাক্ষুষ প্ৰতীক। তেনেহ'লে দেখা পায়, ভাৰৰ মূৰ্ত্ত প্ৰতীক প্ৰধানতঃ ধ্বনি বা ধ্বনি সমষ্টিৰ দ্বাৰা গঠিত শব্দ, বাক্য় আদি আৰু গৌণ ৰূপ অৰ্থাৎ প্ৰতীকৰ প্ৰতীক হ'ল লিখিত আখৰ আু আখৰৰ সংযোজন। এই আখৰৰ সংযোজনেই হ'ল বানান বা আখৰ জোঁটনি।  

২। 'অষ্টাধ্যায়ী'ৰ ৰচক কোন?

উত্তৰঃ 'অষ্টাধ্যায়ী'ৰ ৰচক হৈছে মহামুনি পাণিনী।

৩। 'অসমীয়া ভাষাৰ ব্য়াকৰণ'ৰ ৰচক কোন?

উত্তৰঃ 'অসমীয়া ভাষাৰ ব্য়াকৰণ'ৰ ৰচক হৈছে- হেমচন্দ্ৰ বৰুৱা।

৪। বিশিষ্ট ধ্বনি কাক বোলে?

উত্তৰঃ সদৃশ বা অভিন্ন পৰিৱেশত কোনো এটা শব্দৰ এটা ধ্বনি আঁতৰাই   তাৰ ঠাইত আন ধ্বনি বহুৱাই দিলে যদি শব্দটোৰ অৰ্থৰ পাৰ্থক্য় সূচিত কৰে, তেতিয়া তাক বিশিষ্ট ধ্বনি বোলে।

৫। বিশিষ্ট ধ্বনিৰ অন্য় নাম কি?

উত্তৰঃ বিশিষ্ট ধ্বনিৰ অন্য় নাম হৈছে- বিভাজ্য় আৰু অবিভাজ্য় ধ্বনি।

৬। সংস্কৃতত স্বৰধ্বনি কেইটা আৰু কি কি?

উত্তৰঃ সংস্কৃত ধ্বনি ১২ টা আৰু সেইকেইটা হৈছে- 

৭। জিভাৰ অংশ অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিকেইটা কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ জিভাৰ অংশ অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ ভাগ-

(ক) সন্মুখ বা প্ৰান্তীয়
(খ) মধ্য় বা কেন্দ্ৰীয়
(গ) পশ্চ বা মূলীয়

৮। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি?

উত্তৰঃ অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্নি ৬ টা আৰু এইকেইটা হৈছে- অ, আ, ই, উ, এ, ও

৯। অসমীয়া বিশিষ্ট স্বৰধ্বনিৰ এখন তালিকা যুগুত কৰা।

উত্তৰঃ 


১০। জিভাৰ উচ্চতা অনুসৰি অসমীয়া বিশিষ্ট স্বৰকেইটাক কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ জিভাৰ উচ্চতা অনুসৰি অসমীয়া বিশিষ্ট স্বৰকেইটাৰ ভাগ-

(ক) উচ্চ
(খ) উচ্চ-মধ্য়
(গ) নিম্ন-মধ্য়
(ঘ) নিম্ন

১১। অ আৰু অ' ধ্বনি দুটাৰ প্ৰয়োগ কৰি দুটা শব্দ লিখা।

উত্তৰঃ 
ত - অ - ত = তত
দ - অ' - ম = দ'ম

১২। অসমীয়াত নিম্ন-মধ্য়, অৰ্ধাবিবৃত, সন্মুখ, বিবৃতিতোষ্ঠ ধ্বনিটো কি?

উত্তৰঃ  অসমীয়াত নিম্ন-মধ্য়, অৰ্ধাবিবৃত, সন্মুখ, বিবৃতিতৌষ্ঠ ধ্বনিটো হৈছে এ।

১৩। পুৰ আৰু পূৰ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ 
পুৰ - চহৰ, নগৰ।
পূৰ - ভৰা।

১৪। অসমীয়া ভাষাত চন্দ্ৰবিন্দু (ঁ) ৰ প্ৰয়োগ সম্পৰ্কে লিখা।

উত্তৰঃ আমাৰ আখৰ-জোঁটনি বিষয়ত সততে খেলিমেলিৰ সৃষ্টি কৰা এটা বিষয় হ'ল চন্দ্ৰবিন্দু। অসমীয়া ভাষা চৰ্চাকাৰী, আৰ্হি পাঠ চাওঁতা, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলো পক্ষই চনদ্ৰবিন্দু প্ৰয়োগত বিশেষভাৱে মনোযোগ দিব লাগে। চন্দ্ৰবিন্দুৰ সঠিক প্ৰয়োগ নোহোৱাৰ ফলত ভাষাটোত আহুকালৰ সৃষ্টি হয়। অসমীয়া ভাষাত চন্দ্ৰবিন্দু এটা ধ্বনিগত বৰ্ণ। চন্দ্ৰবিন্দু সদায় স্বৰৰ লগতহে উচ্চাৰিত হয়। স্বৰৰ অনুনাসিকতা এটা বিশিষ্ট ধ্বনি। চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থৰ পৃথকতা আনি দিয়ে।

১৫। অসমীয়া ভাষাৰ স্বৰধ্বনি আৰু আখৰৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ সকলোবোৰ বিশিষ্ট ধ্বনি বা বৰ্ণই আখৰ, কিন্তু সকলোবোৰ আখৰে বৰ্ণ বা বিশিষ্ট ধ্বনি নহয়। আখৰ আু বৰ্ণ প্ৰকাৰান্তৰে অভিন্ন, অৰ্থাৎ আখৰেই বৰ্ণ আৰু বৰ্ণই আখৰ হ'ব লাগে। যি ভাষাত আখৰ আৰু বৰ্ণ একেদৰে অভিন্ন সেইভাষাৰ আখৰজোঁটনি সৰ্বোৎকৃষ্ট আৰু বিজ্ঞানসন্মত। পৃথিৱীৰ সকলো ভাষাৰ ভিতৰত একমাত্ৰ সংস্কৃত ভাষাতেইহে এনে বিজ্ঞান-সম্নত আখৰ-জোঁটনি পদ্ধতি পোৱা যায়। সেইকাৰমে সংস্কৃত ভাষাৰ উচ্চাৰণ যিয়ে ভালদৰে জানে, তেওঁৰ লিখাত বানানৰ ভূল কেতিয়াও হ'ব নোৱাৰে। কিন্তু বৰ্ণ আৰু আখৰৰ মাজত সম্পৰ্ক অটুট নাৰাখিলে খেলিমেলি লাগে আৰু ভূল হয়।

১৬। অসমীয়া স্বৰচিহ্ন সম্পৰ্কে এটি টোকা যুগুত কৰা।

উত্তৰঃ স্বৰবৰ্ণমালাত থকা স্বৰৰ মুখ্য় ৰূপকেইটা হ'ল- অ, আ, ই, ঈ, উ, ঊ, এ, ও, ঐ, ঔ । ব্য়ঞ্জনৰ লগত যোগ হ'লে 'অ' প্ৰকাশ নাপায়। যেনে- মকৰল আৰু কবৰ শব্দত শেষৰ ল আৰু ৰ-ৰ বাহিৰে  বাকীবোৰ ব্য়ঞ্জনৰ লগত অ-উচ্চৰাতি হৈছে। সেইদৰে খবৰ, মৰম, হলধৰ, অভগন ইত্য়াদি শব্দটো ব্য়ঞ্জনৰ লগত অ-স্বৰ অদৃশ্য় হৈ লাগি আছে। উল্লিখিত আখৰকেইটাৰ গৌণ প্ৰতীক বা চিহ্ন আছে। এি গৌণ প্ৰতীক বা চিহ্নকেইটা দিয়া হ'ল-

আখৰ

স্বৰচিহ্ন / গৌণপ্ৰতীক

উদাহৰণ

-

অলপ

আলাপ

ি

কিমান

দীন

সুঠাম

সূতা

হৃদয়

হেলা

মৈ

ভোমোৰা

সৌৰজগত।


অসমীয়া ভাষাত 'অ" এটা বিশিষ্ট ধ্বনি। এই ধ্বনিটো প্ৰয়োগৰ ফলত শব্দাৰ্থৰ পৰিৱৰ্তন হয়। সেয়ে অ'-কাৰ কো (') স্বৰচিহ্ন বা গৌণ প্ৰতীক হিচাপে ধৰা হয়। উদাহৰণ দিয়া হ'ল- 
ব'ল = ব + অ' + ল
বল = ব + অ + ল

একেদৰে এ আৰু এ' অসমীয়া ভাষাত দুটা সুকীয়া ধ্বনি।

১৭। আখৰ-জোঁটনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা।

উত্তৰঃ ভাষা পৰিৱৰ্তীনশীল। সময়ৰ গতিশীলতাৰ লগে লগে ভাষাৰ মাজতো কিছু কিছু আখৰ জোঁটনিৰ সমস্য়া দেখা যায়। এটা সময়ত চলিত হৈ থকা আখৰ জোঁটনি বা বৰ্ণবিন্য়াস অন্য় অন্য় সময়ত অপ্ৰচলিত বা অনুপযোগীও হৈ পৰে। সেয়ে ভাষাটোক যুগোপযোগী কৰিবলৈ সৰ্বজনগ্ৰাহ্য় আখৰ জোঁটনিৰ প্ৰয়োজনীয়তা আহি পৰে। 

Author: Chinmay Kakati

Post ID: DABP002197