লিপ্যন্তৰ পদ্ধতি আৰু প্ৰয়োগ

চতুৰ্থ গোট

আৰ্হি প্ৰশ্ন

১। অতি চমু প্ৰশ্ন

(ক) লিপ্যন্তৰ মানে কি?

উত্তৰঃ 'লিপ্যন্তৰ' বা 'লিপন্ত্য়ৰকৰণ'ৰ ইংৰাজী প্ৰতি শব্দ হ'ল Transliteration। অতি সহজ ভাষাত ক'বলৈ হ'লে ভাষাৰ ধ্বনি এটাক নিজৰ ভাষাত ধ্বনিগুণ বৈশিষ্ট্য়ৰে প্ৰয়োগ কৰা পদ্ধতিটোকে লিপ্যন্তৰ বা লিপ্যন্তৰকৰণ বোলে।

(খ) 'লিপ্য়ন্তৰকৰণ'ৰ ইংৰাজী প্ৰতিশব্দটো কি?

উত্তৰঃ লিপ্য়ন্তৰকৰণৰ ইংৰাজী প্ৰতিশব্দটো হৈছে Transliteration।

(গ) 'লিপ্য়ন্তৰ মানে আখৰ সলনি' কথাষাৰ সঁচানে?

উত্তৰঃ কথাষাৰ সঁচা নহয়।

(ঘ) I.P.A.-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ I.P.A.-ৰ সম্পূৰ্ণ নামটো হৈছে- International Phonetic Alphabet ।

(ঙ) অসমীয়া ভাষাত উষ্ম ধ্বনি সেইটো?

উত্তৰঃ শ, ষস স।

(চ) মহাপ্ৰাণ বুজাবলৈ অল্পপ্ৰাণ ব্যঞ্জন ধ্বনিৰ সৈতে সংযুক্ত হোৱা শ্বাসযুক্ত ধ্বনিটো কি?

উত্তৰঃ মহাপ্ৰাণ বুজাবলৈ অল্পপ্ৰাণ ধ্বনিৰ সৈতে সংযুক্ত হোৱা শ্বাসযুক্ত ধ্বনিটো হৈছে- 'h'।

(ছ) অসমীয়া ভাষাৰ একেবাৰে নিম্ন স্বৰ ধ্বনি দুটা কি?

উত্তৰঃ অ আৰু আ।

(জ) অসমীয়া ভাষাৰ নিয়ত ধ্বনি কেইটা?

উত্তৰঃ অসমীয়া ভাষাৰ নিয়ত ধ্বনি ১২ টা।  

(ঝ) অসমীয়া ভাষাত প্ৰচলিত এটি আৰবী শব্দৰ নাম লিখা।

উত্তৰঃ অসমীয়া ভাষাত প্ৰচলিত এটি আৰবী শব্দ হৈছে গোলাপ।

(ঞ) অসমীয়া ভাষাত দন্ত্য় ধ্বনিৰ উচ্চাৰণ আছেনে?

উত্তৰঃ অসমীয়া ভাষাত দন্ত্য় ধ্বনিৰ উচ্চাৰণ আছে।


২। চমু প্ৰশ্নঃ

(ক) লিপ্য়ন্তৰৰ এটি সংজ্ঞা দিয়া।

উত্তৰঃ উৎস ভাষাৰ বৰ্ণ এটা লক্ষ্য় ভাষাৰ বৰ্ণলৈ সঠিক আৰু শুদ্ধ ৰূপত ৰূপান্তৰ কৰিী ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে লিপ্য়ন্তৰ বোলে।


(খ) 'বৰ্ণাশুদ্ধি' শব্দটোৱে কি সূচায়।

উত্তৰঃ বৰ্ণাশুদ্ধি শব্দটোৱে বৰ্ণসমূহৰ শুদ্ধ কৰাৰ কথা সূচায়।

(গ) লিপ্য়ন্তৰৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ লিপ্য়ন্তৰকৰণ প্ৰক্ৰিয়াটো এক বিশ্বজনীন তথা সাৰ্বজনীন প্ৰক্ৰিয়া। অৰ্থাৎ লিপ্য়ন্তৰকৰণ ব্যৱস্থাটো বা পদ্ধতিগত ব্যৱস্থাটোত যিদৰে বিশ্বজনীনতা আছে সমান্তৰালভাৱে সকলোৰে তেনেকৈ গ্ৰহণযোগ্যতা থকাটো অতি আৱশ্য়ক। অসমীয়া ভাষাৰ প্ৰসংগতো একে কথাই খাটে। গতিকে আখৰ জোঁটনিত বা বৰ্ণাশুদ্ধিত শুদ্ধ ৰূপৰ লিপ্য়ন্তৰৰ দিশটোৰ ওপৰত সকলোৱে গুৰুত্ব দিয়া উচিত। তেতিয়াহে সাৰ্বজনীনতা কথাষাৰ প্ৰাসংগিক হ'ব। শব্দৰ ধাৰৰ সৈতে লিপ্য়ন্তৰকৰণ প্ৰক্ৰিয়াটোৰ সম্বন্ধ তেনেই ওচৰ চপা। অসমীয়া ভাষাৰ প্ৰসঙ্গত ক'ব পাৰি যিবোৰ শব্দ ইংৰাজী বা আন দেশী-বিদেশী ভাষাৰ যিবোৰ শব্দ নিজ ভাষাত প্ৰচলিত আৰু ইতিমধ্য়ে সাৰ্বজনীন ৰূপত গ্ৰহণযোগ্যতা লাভ কৰিছে সেই সমূহ শব্দত ব্যৱহৃত বৰ্ণ আৰু উচ্চাৰণগত বৰ্ণ প্ৰয়োগৰ ব্যৱস্থাটো শব্দ ৰূপত ধৰি ৰখাই লিপ্য়ন্তৰৰ প্ৰধান উদ্দেশ্য।

(ঘ) কূট চিহ্ন (diacritic) মানে কি?

উত্তৰঃ কূট চিহ্ন হৈছে এটা চিহ্ন, যেনে উচ্চাৰণ,  যি আখৰৰ ওপৰত বা তলত লিখা হ'লে অচিহ্নিত বা পৃথকভাৱে চিহ্নিত হ'লে একেটা আখৰৰ পৰা উচ্চাৰণৰ পাৰ্থক্য সূচায়।

(ঙ) /K/ বৰ্ণ বা অসমীয়াত /ক/ বুজাবলৈ ইংৰাজীত কি কি বৰ্ণ বা বৰ্ণ সংযোগৰ ব্যৱস্থা আছে লিখা।

উত্তৰঃ ক বৰ্ণ বুজাবলৈ ইংৰাজীত K, C, Ch, Qu ইত্য়াদি বৰ্ণৰ ব্যৱহাৰ আছে।


৩। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) লিপ্য়ন্তৰৰ স্বৰূপ ব্যাখ্যা কৰা।

উত্তৰঃ 'লিপ্য়ন্তৰ' বা 'লিপ্য়ন্তৰকৰণ'ৰ ইংৰাজী প্ৰতিশব্দ হ'ল Transliteration। অতি সহজ ভাষাত ক'বলৈ হ'লে আ ভাষাৰ ধ্বনি এটাক নিজৰ ভাষাত ধ্বনিগুণ বৈশিষ্ট্যৰে প্ৰয়োগ কৰা পদ্ধতিটোকে লিপ্য়ন্তৰ বা লিপ্য়ন্তৰকৰণ বোলে। কথাষাৰ এনেকৈও ক'ব পাৰি উৎস ভাষাৰ (Source language) বৰ্ণ এটা লক্ষ্য় ভাষাৰ (Target Language) বৰ্ণলৈ সঠিক আু শুদ্ধ ৰূপত ৰূপান্তৰ কৰি ব্যৱহাৰ কৰা প্ৰক্ৰিয়াোটকে লিপ্য়ন্তৰকৰণ বোলে।

   লিপ্য়ন্তৰকৰণ প্ৰক্ৰিয়াটো এক বিশ্বজনীন তথা সাৰ্বজনীন প্ৰক্ৰিয়া। অৰ্থাৎ লিপ্য়ন্তৰকৰণ ব্যৱস্থাটো বা পদ্ধতিগত ব্যৱস্থাটোত যিদৰে বিশ্বজনীনতা আছে সমান্তৰালভাৱে সকলোৰে তেনেকৈ গ্ৰহণযোগ্যতা থকাটো অতি আৱশ্য়ক। অসমীয়া ভাষাৰ প্ৰসংগতো একে কথাই খাটে। গতিকে অসমীয়া আখৰ জোঁটনিত বা বৰ্ণাশুদ্ধিত শুদ্ধ ৰূপৰ লিপ্য়ন্তৰৰ দিশটোৰ ওপৰত সকলোৱে গুৰুত্ব দিয়া উচিত। তেতিয়াহে সাৰ্বজনীনতা কথাষাৰ প্ৰাসংগিক হ'ব। শব্দৰ ধাৰৰ সৈতে লিপ্য়ন্তৰকৰণ প্ৰক্ৰিয়াটোৰ সম্বন্ধ তেনেই ওচৰ চপা। অসমীয়া ভাষাৰ প্ৰসংগত ক'ব পাৰি যিবোৰ শব্দ ইংৰাজী বা আ দেশী-বিদেশী ভাষাৰ যিবোৰ শব্দ ৰূপত ধৰি ৰখাই লিপ্য়ন্তৰৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য়। সেয়েহে আখৰ জোঁটাবলৈ যাওঁতে উৎস ভাষা আু লক্ষ্য ভাষাৰ ধ্বনি বা বৰ্ণ উচ্চাৰণ পদ্ধতি আৰু IPA ৰ (International Phonetic Alphabet) সৈতে তাৰ সামঞ্জস্য়তাৰ জ্ঞান থকা অতি দৰকাৰ। ন'হলে লিপ্য়ন্তৰ ভূল হোৱাৰ সম্ভাৱনাই অধিক। এনেয়েও লিপ্য়ন্তৰৰ ব্যৱস্থাটো এটি জটিল ব্যৱস্থা। আন এটা ভাষাত ব্য়ৱহৃত আু উচ্চাৰিত বৰ্ণৰ শুদ্ধ ৰূপত উচ্চাৰণ জনা আৰু নিজ ভাষাত সেই বৰ্ণৰ প্ৰকৃত প্ৰয়োগ সহজ কথা নহয়। সেয়েহে পণ্ডিতসকলৰ মাজতো লিপ্য়ন্তৰ বিধিসমূহৰ ক্ষেত্ৰত ব্যক্তি বিশেষে পাৰ্থক্য় দেখা যায়। এনে পৰিৱেশত গ্ৰহণ কৰোঁতাৰ মাজত খেলিমেলিৰ সৃষ্টি হয়। সেয়েহে এই খেলিমেলিবোৰৰ যাতে সৃষ্টি নহয় অথবা সকলোৱে যাতে একে পদ্ধতি মানি চলিব পাৰে তাৰ বাবে সময়ে সময়ে ব্যক্তিৰ উপৰিও কোনো সমিতি বা জাতীয় ভাষা-সাহিত্য় সম্পৰ্কীয় দলে লিপ্য়ন্তৰকৰণৰ ওপৰত বিধি ব্যৱস্থা আগবঢ়ায় থাকে। অশমীয়া লপি্য়ন্তৰকৰণ প্ৰসংগত গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ পাঠ্য়পুথি প্ৰস্তুতি সমন্বয় সমিতিৰ উদ্য়োগত প্ৰকাশিত 'অসমীয়া আখৰ জোঁটনি' আৰু অসম সাহিত্য় সভাই 'অসমীয়া আখৰ জোঁটনিৰ উপ-সমিতিৰ সিদ্ধআন্তসমূহ' নামৰ গ্ৰন্থ দুখনৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অশমীয়া ভাষাৰ লিপ্য়ন্তৰ ব্যৱস্থাটো কিমান সমম্য়া গধুৰ। কিন্তু চিন্তনীয় কথাটো এয়াই যে এতিয়াও বহু শব্দ তথা বৰ্ণৰ সুস্থিৰতা প্ৰদানত বহুতৰে মতৰ প্ৰভেদ আছে। এটা ভাষা এটাৰ বাহিৰে কেতিয়াও শুভ নহয়। গতিকে এনে মত প্ৰভেদৰ অন্ত পেলাই সকলোৱে গ্ৰহণ কৰিব পৰা লিপ্য়ন্তৰ পদ্ধতি এটা অছিৰেই প্ৰয়োগ হ'ব লাগে। নহ'লে লিপ্য়ন্তৰ ব্যৱস্থাটো কোনো ফালে সমাধান নোহোৱা সমস্য়া হৈয়ে ভাষাটোৰ মাজত থাকি যাব, যিটো কাৰোৰে কাম্য় নহয়।

(খ) লিপ্য়ন্তৰৰ প্ৰধান সমস্য়াবোৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ লিপ্য়ন্তৰকৰণৰ আটাইতকৈ প্ৰধান সমস্য়া হ'ল I.P.A. ত সন্নিৱিষ্ট ধ্বনি প্ৰতীকসমূহৰ প্ৰকৃত উচ্চাৰণৰ অজ্ঞানতা। জগতৰ এনে কোনো ব্যক্তি নাই যে I.P.A. ৰ অন্তৰ্ভুক্ত প্ৰতিটো ধ্বনি বা বৰ্ণ তাৰ ধৰণ, কৰণ আৰু গুণ ৰক্ষা কৰি উচ্চাৰণ কৰিব পাৰে। সেইফালৰ পৰা চাবলৈ গ'লে লিপ্য়ন্তৰকৰণৰ বাবে লোকজন অশ্য়েই উচ্চ প্ৰশিক্ষিত হ'ব লাগিব, যিটো হয়তো সম্ভৱ নহয়। ফলত শুদ্ধ লিপ্য়ন্তকৰণৰ আশা কৰা টান।

    দ্বিতীয়তে, যিবোৰ বিদেশী শব্দ ইতিমধ্য়ে লক্ষ্য় ভাষাৰ  সৈতে মিলি আপোন বা এক হৈ গৈছে সেই শব্দবোৰৰ লিপ্য়ন্তৰ কৰোঁতে লক্ষ্য় ভাষাৰ উচ্চাৰণ মতে কৰা হ'ব নে উৎস ভাষাৰ উচ্চাৰণ মতে কৰা হ'ব সেই সম্পৰ্কেও বহুতৰে দ্বিধাবোধৰ জন্ম হয়। বহুতে ভাবে যে নিজৰ অৰ্থাৎ লক্ষ্য় ভাষাৰ উচ্চাৰণ ব্যৱস্থাটোৰ মতেই লিপ্য়ন্তৰকৰণ কৰা উচিত বা যুক্তি সংগত; আন এচামে আকৌ উৎস ভাষাৰ উচ্চাৰণ ৰূপটোৰ মতেই লিপ্য়ন্তৰকৰণ কৰাৰ পক্ষপাতি। দুয়োটাতে সমস্য়া আছে। প্ৰথমটো মত অনুসৰণন কৰা মানেই প্ৰকৃত উচ্চাৰণৰ পৰা আঁতৰি থকা, আনহাতে দ্বিতীয়টো মত অনুসৰণ কৰিবলা গ'লে তেওঁ অৱশ্য়েই উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত হোৱা দৰকাৰ। কিন্তু এনে অভিজ্ঞলোক আছেনো কেইজন! এনেবেৰ কথাৰ বাবেই ইংৰাজীকে আদি কৰি বহু বিদেশী শব্দ নানান পণ্ডিতৰ কলমত বিভিন্ন ৰূপত লিখিত ৰূপ পাই আহিছে। অসমীয়া ভাষাৰ লিপ্য়ন্তৰকৰণত এনে অলেখ উদাহৰণ আছে। উদাহৰণস্বৰূপে ইংৰাজী Shakespear শবূ্দটোৰ অসমীয়া ভাষাৰ বহুজনৰ লিপ্য়ন্তৰত ভিন্ন ৰূপত লিখিত ৰূপ পাইছে। যেনে- শ্বেইক্সপিয়াৰ, শ্বেইক্ছপিয়াৰ, শ্য়েইকছ্পিয়াৰ ইত্য়াদি। অসমীয়াত কেৱল ইংৰাজী শব্দৰেই যে লিপ্য়ন্তৰ হয় সেই কথা নহয়। বহু আবী-ফাৰ্চী শব্দও অসমীয়াত ব্যৱহাৰ হৈ আহিছে। সেইবোৰ শব্দৰ মূত মতে অসমীয়াত লিপ্য়ন্তৰকৰণত যথেষ্ট অসুবিধা আছে। উদাহৰণ স্বৰূপে আবী ফাৰ্চীৰ পৰা অহা অসমীয়াত প্ৰচলিত 'গোলাপ'ক যদি 'গোলাব', 'কিতাপ'ক, 'কিতাব' অথবা 'গৰীব'ক 'ঘৰীব' কৰিবলৈ গ'লে কি বিড়ম্বনা হ'ব পাৰে, সি সকলোৰে জ্ঞাত। গতিকে আন বিদেশীয়ে হওক অথবা ইংৰাজীয়ে হওক লিপ্য়ন্তৰ বিধি বা নিৰ্দেশনা অতি স্পষ্ট হ'ব লাগে।

    তৃতীয়তে, লিপ্য়ন্তৰকৰণ বহু সময়ত পণ্ডিত বিষেষজ্ঞৰ মত পাৰ্থক্য়ও জটিল তথা সমস্য়া গধুৰ কৰি তোলে। উচ্চাৰণৰ অজ্ঞানতাৰ কথাটোতো বাদেই কুট-চিহ্ন প্ৰয়োগ কৰা অথবা নকৰা, হ্ৰস্ব-দীৰ্ঘ, দ্বি-স্বৰ ধ্বনিৰ প্ৰয়োগ আদিৰ ক্ষেত্ৰতো পণ্ডিত-বিশেষজ্ঞ বিশেষে পাৰ্থক্য় দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ বিদেশী আখৰ জোঁটনি হ্ৰস্বই হওক অথবা দীৰ্ঘই হওক অসমীয়াত লিখিলে সেইবোৰ সদায় হ্ৰস্ব স্বৰতহে লিপ্য়ন্তৰ কৰিব লাগে। যেনে- Mechine মেশ্বিন, Deam- ডিম, Shoe- শ্বু, ইত্য়াদি। কিন্তু সাহিত্য় সভাৰ আকৰ জোটনি হ্ৰস্ব-দীৰ্ঘ দুয়োটা হোৱাত বাধা নাই। যেনে- i = ই/ঈঃ bee = বী, bill = বিল, তেনেদৰে U = উ/ঊঃ put = পুত, do = দু ইত্যাদি। এনে ৰীতি নিশ্চয় কম সমস্য়া নহয়।

(গ) লিপ্য়ন্তৰৰ সমস্য়াসমূহৰ কিবা সমাধান সুত্ৰ আছে নে লিখা।

উত্তৰঃ লিপ্য়ন্তৰকৰণ জটিলতা দূৰ কৰিবলৈ গোলোকচন্দ্ৰ গোস্বামীয়ে কেইটামান কথাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছে। কথাকেইটা চমুকৈ এনেধৰণৰ- 


(খ) কোন ভাষাৰ পৰা কোন ভাষালৈ লিপ্যন্তৰ কৰা হ'ব? এই ক্ষেত্ৰত দুয়োটা ভাষাৰ ধ্বনি বা বৰ্ণ সমষ্টিৰ উচ্চাৰণ ধৰণ, গুণ আদি জানি লোৱা দৰকাৰ। এই সময়ত এই দুই ভাষাৰ বাহিৰে অন্য় ভাষাৰ ধ্বনি জ্ঞান প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই।

(ঘ) অসমীয়া স্বৰধ্বনিৰ তালিকাখন I.P.A. ত তালিকাভুক্ত কৰা।

উত্তৰঃ  


(চ) লিপ্য়ন্তৰৰ পদ্ধতিসমূহৰ ক্ষেত্ৰত অসমীয়া সাহিত্য় সভা আৰু গুৱাহাটী বিশ্ববিদ্যালয় প্ৰস্তুতি সমন্বয় সমিতিৰ মাজত থকা পাৰ্থক্য়বোৰ বিচাৰ কৰা।

উত্তৰঃ নিজে কৰিবা।

Author: Chinmay Kakati




Post Id:DABP002374