ব্য়ঞ্জনধ্বনিগত বৰ্ণাশুদ্ধি
দ্বিতীয় গোট
আৰ্হি প্ৰশ্ন
১। ব্য়ঞ্জন ধ্বনি কাক বোলে?
উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণ কৰোতেঁ স্বৰধ্বনিৰ সহায় লবলগীয়া হয় তাকে ব্য়ঞ্জন ধ্বনি বোলে।
২। অসমীয়া ভাষাত ব্য়ঞ্জন ধ্বনিৰ সংখ্যা কিমানটা? কিকি?
উত্তৰঃ অসমীয়া ভাষাত ব্য়ঞ্জনধ্বনিৰ সংখ্যা ২৩ (ৱ আৰু য় কে ধৰি) টা। সেইকেইটা হ'ল-
ক, খ, গ, ঘ, ঙ, চ, জ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, ৰ, ল, ৱ, য়, স, হ।
৩। উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ অনুসৰি অসমীয়া ব্য়ঞ্জন বৰ্ণৰ এখন তালিকা যুগুত কৰা।
উত্তৰঃ নিজে কৰিবা।
৪। আখৰজোঁটনিৰ ক্ষেত্ৰত ঙ আৰু ং বৰ্ণৰ ব্য়ৱহাৰ সম্পৰ্কে লিখা।উত্তৰঃ
ঙ - নাসিক্য়, সঘোষ, পশ্চতালব্য় ধ্বনি।
ং - অনুস্বাৰটোত অশমীয়াত সুকীয়া ধ্বনিগত বৈশিষ্ট্য় নাই; ই 'ঙ' বৰ্ণৰে এটা সুকীয়া ৰূপ; ঙ বৰ্ণক পদান্তত বা অক্ষৰান্তত 'ং' আৰু স্বৰৰ মাজত 'ঙ' ৰূপে লিখা হয়; যেনে-
শিং শিঙাল
খং খঙাল
মাংস - মঙহ ইত্য়াদি। গতিকে অসমীয়া 'ভাষা লিখা চিন' যেতিয়া ইয়াকো সুকীয়া আখৰ বুলি গ্ৰহণ কৰিব লাগিব। কেতিয়াবালৈ অসমীয়া মানুহে যদি সৰ্বসন্মতিক্ৰমে অনুস্বাৰৰ প্ৰয়োগ বাদ দি কেৱল ঙ ৰেই লিখিবলৈ আৰম্ভ কৰে, তেতিয়া অৱশ্য়ে কথা সুকীয়া। বহুক্ষেত্ৰত দেখা যায় যে স্বৰৰ মাজত 'ঙ'ক 'ং' ৰূপে লিখি উচ্চাৰণটোকে বেলেগ কৰি তোলে।
যেনেঃ
ৰং ৰংৰ (হ'ব লাগে ৰঙৰ)
বেং বেংৰ (হ'ব লাগে বেঙৰ)
দলং দলংৰ (হ'ব লাগে দলঙৰ)
৫। তলৰ শব্দবোৰ অৰ্থ লিখা-
চয়, ছয়, চঁপা, ছপা, চাল, ছাল
উত্তৰঃ
চয় - সমূহ, দিবলৈ সংগ্ৰহ কৰি ৰখা এক ৰজাই আ ৰজাক দিয়া কৰ, সন্দেহ
ছয় - সংখ্যা (৬)
চঁপা - অলপ বহল আৰু দীঘলীয়া পাতেৰে এবিধ বৰ ওখ ডাঙৰ গছ
ছপা - মুদ্ৰিত, ছপোৱা
চাল - কোনো বস্তুৰ ওপৰৰ আস্বাদন বা ঢাকনি
ছাল - গছ, জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি, বাকলি।
৬। ট, ত্ত, ৎ যুক্ত কেইটামান শব্দ লিখা।
উত্তৰঃ টেঙৰ, টিকিৰা, টিপচী, টহল, টোল, উত্তৰ, উত্তম, উত্তৰাধিকাৰী, উৎস, উৎপত্তি, হঠাৎ, বিদ্য়ুৎ ।
৭। ণত্ব বিধি কাক বোলে? ণত্ব বিধিৰ এটা নিয়ম লিখা।
উত্তৰঃ যি বিধই বা নিয়মৰ দ্বাৰা দন্ত্য় 'ন' মূৰ্ধন্য় 'ণ'লৈ সলনি হয় তাকে ণত্ব বিধই বোলে। অসমীয়া ভাষাত ব্য়ৱহৃত সংস্কৃত শব্দবোৰত এি নিয়ম প্ৰধানকৈ খাটে। অন্য় কিছু কিছু শব্দটো নত্ব বিধিৰ নিয়ম প্ৰযোজ্য় হয়।
ঋ, ৰ, ষ - ৰ পিছত থকা gদন্ত্য় 'ন' মূৰ্ধন্য় 'ণ' হয়; যেনে - ঋণ, তৃণ, কাৰণ, কৃষ্ণ আদি।
৮। টো আৰু তো ক'ত কেতিয়া বহে লিখা।
উত্তৰঃ সপ্তমি বিভক্তি যেতিয়া দন্ত্য় 'ত' সংযোগী শব্দত যোগ হৈ 'ও' অৰ্থ নিৰ্দেশ কৰে তেতিয়া 'টো' নহৈ -'তো' হে হয়। যেনে
আমেৰিকাতো |
(আমেৰিকাত
– ও) |
কিতাপতো |
(নদীত-ও) |
আলোচনীতো |
(আলোচনীত-ও) |
আলমাৰিতো |
(আলমাৰিত-ও) |
মেজতো |
(মেজত-ও) |
দূৰতো |
(দূৰত-ও) |
বিদ্যালয়তো |
(বিদ্যালয়ত-ও) |
কাকততো |
(কাকত-ও) |
খৰালিতো |
(খৰালিত-ও) |
নদীতো |
(নদীত-ও) |
পথাৰতো |
(পথাৰত-ও) |
সাগৰতো |
(সাগৰত-ও) |
ধুমুহাতো |
(ধুমুহাত-ও) |
অসমীয়াতো |
(অসমীয়াত-ও) |
সংস্কৃততো |
(সংস্কৃতত-ও) |
ঠাণ্ডাতো |
(ঠাণ্ডাত-ও) |
গৰমতো |
(গৰমত-ও) |
সুখতো |
(সুখত-ও) |
দুখতো |
(দুখত-ও) |
অভিধানতো |
(অভিধানত-ও) |
মনতো |
(মনত-ও) |
নিৰ্দিষ্টতাবাচক প্ৰত্য়য়ৰ সংযোগত কোনো এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি নহয়। এই প্ৰত্য়য়বোৰ বিভক্তিমূলক। ইয়াত শব্দটোৰ ৰূপৰহে পৰিৱৰ্তন ঘটে। নিৰ্দ্দিষ্টকৈ বুজাবলৈ '-'টো'ৰ ব্য়ৱহাৰ হয়। যেনে-
দেহটো |
(দেহ-টো) |
মনটো |
(মন-টো) |
শৰীৰটো |
(শৰীৰ-টো) |
আলমাৰিটো |
(আলমাৰি-টো) |
বানানটো |
(বানান-টো) |
বহীটো |
(বহী-টো) |
গিলাচটো |
(গিলাচ-টো) |
কলমটো |
(কলম-টো) |
৯। 'ভাবে' আৰু 'ভাৱে'ৰ প্ৰয়োগ সম্পৰ্কে লিখা।
উত্তৰঃ লিখনিত 'ভাবে' আৰু 'ভাৱে'ৰ প্ৰয়োগত সতৰ্ক হ'ব লাগে। ইয়াৰ বিপৰীতে অৰ্থৰ বিকৃতি ঘটে। 'ভাব' এক মানসিক স্থিতি বা মানসিক অনুভৱহে। ই স্বাধীনভাৱে বাক্য়ত বহে। নঞৰ্থক পূৰ্বসৰ্গ যোগ হ'লে 'ব' গুচি 'ৱ' হয়। কেইটামান প্ৰয়োগ বাক্য় দিয়া হ'ল-
(ক) ধনেশ্বৰে ভাবে যে তেওঁহে জনা বুজা লোক।
(খ) কনকে ভাবে যে তেওঁহে সকলোবোৰ জানে।
(গ) দীপকে কথাবোৰ বাৰু মই ভবাৰ দৰে ভাবে নে নাভাবে।
ক্ৰিয়া বিশেষণ 'ভাৱে' আঘৰ শব্দটোৰ লগতহে যোগ হয়। যেনে-
(ক) শিক্ষকে ছাত্ৰ-ছাত্ৰীক কথাবোৰ সৰলভাৱে বুজাব লাগে।
(খ) স্পষ্টভাৱে কথা ক'ব পৰাটো ভাল গুণ।
(গ) ভক্তিভাৱে ঈশ্বৰক পূজা কৰিলে মনোবাঞ্চা পূৰ্ণ হয়।
(ঘ) কলিতা চাৰে কথাবোৰ ইমান সাৱলীলভাৱে বৰ্ণনা কৰে।
১০। ব্য়ঞ্জন ধ্বনি আখৰৰ সম্পৰ্ক লিখা।
উত্তৰঃ দেখাত ধ্বনি আৰু আখৰ একে যেন লাগিলেও আচলতে দুয়োৰে মাজত পাৰ্থক্য় আছে। ধ্বনি মানে বিশিষ্ট্য় ধ্বনিহে। বিশিষ্ট ধ্বনি সম্পূৰ্ণৰূপে উচ্চৰাণ ভিত্তিক, য'ত অৰ্থ পৰিৱৰ্তনৰ কথাটোও জড়িত হৈ থাকে। অসমীয়া ভাষাটোত বিশিষ্ট্য় ব্য়ঞ্জনধ্বনি একৈশটা আছে, ইয়াৰ বিপৰীতে ভাষাটোৰ বৰ্ণমালাৰ আখৰৰ সংখ্যা একচল্লিশটা। অসমীয়া ভাষাটোত প্ৰতিটো বিশিষ্ট ধ্বনিয়ে একোটা আখৰ, কিন্তু প্ৰতিটো আখৰে বিশিষ্টধ্বনি নহয়। সুকীয়াভাৱে অৰ্থপ্ৰকাশ কৰিবলৈ উচ্চাৰণৰ স্বতন্ত্ৰতাই একোটা বিশিষ্ট ধ্বনি নিৰূপণ কৰে। আখৰৰ ক্ষেত্ৰত সেয়া দেখা নাযায়। অসমীয়া ব্যঞ্জনবৰ্ণমালাত এনে বহু আখৰ আছে যিবোৰৰ উচ্চাৰণত কেতিয়াবা আ দুটা ধ্বনি একেলগে উচ্চাৰণ হয়। যেনে- ঢ়(ৰ + হ), ক্ষ (ক + খ) এইধৰণৰ ধ্বনি। কেতিয়াবা আকৌ আন এটাৰ বিকল্প উচ্চাৰণ হয়। যেনে- 'ং' টো 'ঙ'ৰ ব্য়ঞ্জনান্ত হিচাপে 'ড়' ধ্বনি 'ৰ'ৰ বিকল্প উচ্চাৰণ হিচাপে ব্যৱহাৰ দেখা যায়। তদুপৰি প্ৰয়োগ আছে যদিও অসমীয়া ভাষাত বিশুদ্ধ তালব্য আৰু মূৰ্ধন্য় ধ্বনিৰো উচ্চাৰণ নাই। কেৱল সংযুক্ত বৰ্ণ দুই-এটা উচ্চাৰণত এইবোৰ ধ্বনিৰ কেতিয়াবা উচ্চাৰণ বৈচিত্ৰততা দেখা যায়। সেইদৰে দন্ত্য়মূলীয় 'ত'ৰ ব্যঞ্জনান্ত হিচাপে খণ্ড ত্ (ৎ) অনুনাসিক উচ্চাৰণৰ বাবে ঞ বা অযোগাবহ ধ্বনি চন্দ্ৰবিন্দু (ঁ)ৰ প্ৰয়য়োগো বিশিষ্ট নহয়। এনেদৰে কৰা আলোচনাৰ পৰা জেখা যায় যে বিশিষ্ট ধ্বনিসমূহেই আচলতে নিজৰ লগতে আ আখৰবোৰকো প্ৰতিনিধিত্ব কৰি থাকে।
১১। অসমীয়া বিশিষ্ট ব্যঞ্জন ধ্বনিসমূহক প্ৰতিনিধিত্ব কৰা আখৰবোৰ কি কি লিখা।
উত্তৰঃ
বিশিষ্ট
ব্যঞ্জন ধ্বনি |
প্ৰতিনিধিত্বকাৰী
আখৰ |
/ক/ |
ক |
/খ/ |
খ |
/গ/ |
গ |
/ঘ/ |
ঘ |
/ঙ/ |
ঙ, ং |
/চ/ |
চ, ছ
(শ, ষ, স) |
/জ/ |
জ,
ঝ, য (হ্য, ্য) |
/ত/ |
ত,
ট, ৎ |
/থ/ |
ঠ, থ |
/দ/ |
ড, দ |
/ধ/ |
ঢ, ধ |
/ন/ |
ণ,
ন, ঞ |
/প/ |
প |
/ফ/ |
ফ |
/ব/ |
ব, ৱ |
/ভ/ |
ভ |
/ম/ |
ম |
/ৰ/ |
ৰ,
ড় (ৰেফ, ৰ-কাৰ) |
/ল/ |
ল |
/স/ |
শ,
ষ, স |
/হ/ |
হ, (ঃ) |
১২। যুক্তাক্ষৰ বুলিলে কি বুজা? অসমীয়া ভাষাৰ যুক্তাক্ষৰ প্ৰসংগত এটি আলোচনা আগবঢ়োৱা।
উত্তৰঃ 'যুক্তাক্ষৰ'ৰ অৰ্থ হ'ল যুক্ত বা যুটীয়া আখৰ, একেলগে লিখিত একাধিক ব্যঞ্জনবৰ্ণ। ক্ৰ, ক্ত, প্ল, ন্ত, ন্ধ, ন্দ্ৰ আদিবোৰ যুক্তাক্ষৰ।
আমাৰ অসমীয়া ভাষাটোত বিভিন্ন ধৰণৰ ব্যঞ্জনৰ যুক্তাক্ষৰ পোৱা যায়। ব্য়ঞ্জনবৰ্ণ সংযুক্ত হ'লে কেতিয়াবা আখৰৰ ৰূপৰ সাল-সলনি হয়। কেতিয়াবা প্ৰথম বৰ্ণৰ, কেতিয়াবা দ্বিতীয় বৰ্ণৰ, কেতিয়াবা দুয়োটা বৰ্ণৰে ৰূপৰ বিকৃতি ঘটে। সেইদৰে দুটাতকৈ বেছি বৰ্ণৰ সংযুক্ত ৰূপত প্ৰত্য়েকটোৰে বিকৃতি ঘটিব পাৰে। এনেদৰে বিকৃতি ঘটিলেই সংযুক্ত ব্যঞ্জনবোৰৰ কেতবোৰ চিনিব পৰা নাযায়। আনহাতে কেইটামান সংযুক্ত ব্য়ঞ্জনৰ উচ্চাৰণো সম্পূৰ্ণৰূপে বেলেগ হৈ পৰে। কেইটামান যুক্তাক্ষৰ বা সংযুক্ত ব্যঞ্জনৰ উদাহৰণ দিয়া হ'ল-
ক্ত, ক্ম, ক্য়, ঙ্ক, ঙ্গ, ক্স, খ্য়, গ্ধ, জ্ঞ, ঞ্জ, ণ্ড, ত্ত, ত্থ, ত্ৰু, স্থ, স্ত, ষ্ট, ষ্ঠ, ষ্ণ, হ্ন, ক্ষ্ম, ক্ষ্ণ, হ্ম, ঘ্ন, গ্ম, গ্ৰ, গ্ব, ঘ্ৰ,ঙ্ঘ, চ্চ, চ্ছ, চ্য, জ্জ, ব্জ, ট্ট, ট্ৰ, ড্ৰ, ড্ড, ত্ম, ত্ন, দ্দ, স্ত, দ্ভ, দ্ব, দ্ৰ, ধ্ৰ, ধ্য, ন্স, প্ৰ, প্প, প্স, ভ্য, ষ্য, ম্প, ম্ব, ম্ভ, ম্য, ম্ৰ, ৰ্ক, ৰ্খ, ৰ্গ, ৰ্ঘ, ৰ্চ, ৰ্ছ, ৰ্ট, ৰ্ড, ৰ্দ, ৰ্ত, ৰ্থ, ৰ্ব, ৰ্ম, ৰ্শ, ৰ্হ আদি।
১৩। হাইফেনৰ প্ৰয়োগ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ হাইফেনৰ সঠিক ব্যৱহাৰ নহ'লে ভাষাটো বিকৃতহে হয়। হাইফেনৰ প্ৰয়োগ ব্যৱস্থাটো ইংৰাজী ভাষাৰ পৰাহে ভাৰতীয় ভাষাত সোমাইছেহি। হাইফেন ব্যৱহাৰ কৰাৰ নিয়ম-
(ক) এটা মাত্ৰ স্বৰান্ত অক্ষৰৰ শব্দৰ পিছত অন্য় এঠা শব্দ যোগ হ'লে প্ৰথম অক্ষৰটোৰ দীৰ্ঘ মাত্ৰা ৰক্ষা কৰিবলৈ হ'লে হাইফেন দিয়াটো প্ৰয়োজন। যেনে গা-ধন, ন-অসমীয়া,ন-দি আদি।
(খ) দ্বিত্ব বা অভ্য়াস হোৱা শব্দৰ আদি অক্ষৰতো হাইফেন দিব লাগে। যেনে- জা-জলপান, হা-হমুনিয়াহ আদি।
(গ) প্ৰধান শব্দটোৰ প্ৰথম অক্ষৰ অ-ৰে অথবা অ-স্বৰযুক্ত ব্যঞ্জনেৰে আম্ভ হ'লে দ্বিত অংশ অ-ৰ সলনি অয় হয়। যেনে অয়-অলংকাৰ, বয়-বস্তু আদি।
(ঘ) এটা মাত্ৰ যুক্ত অক্ষৰৰ যুৰীয়া অনুকাৰ বা অনুৰূপ শব্দটো হাইফেন দিব লাগে। যেনে কা-কা, বু-বু-বা-বা, হো-হোৱনি আদি।
Author: Chinmay Kakati
Post ID : DABP002261