মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ


কথা ঃ স্বকীয় ৰূপ হৈ ব'হাগনো আহে ক'লৈ?

           ব্ৰহ্মপুত্ৰ দুয়ো পাৰলৈ নহয় জানো?

           এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?

গীত ঃ মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ

           কত যুগ ধৰি আহিছে প্ৰকাশি

           সমন্বয়ৰ অৰ্থ।।


           সুদুৰ কান্যকুঞ্জৰে পৰা বাৰভূঞা আহিছিলে

           সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে।

           মৰুৰ দেশৰে আজাৰী ফকীৰে

           মধুৰ জিকিৰ ৰচিলে

           দিল্লীৰ দিলোৱাৰে আহি হস্তী পুথি আঁকিলে

           পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেঁতু গঢ়িলে

           সমন্বয়ৰ দেখুৱালে  কত প্ৰকাশ স্বতঃস্ফূৰ্ত।

           দূৰৈৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে

           জাতি ধৰ্ম ভাষা সৱাকে স্বদেশ প্ৰেমেৰে বান্ধিলে

           কিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে

           সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বত ঃ স্ফূৰ্ত।।

           মহাবাহু ব্ৰহ্মপুত্ৰ,

পদ্মা নদী! 

           পদ্মা নদীৰ ধুমুহাত পৰি কত শতজন আহিলে 

           লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে

           কিছু ল'ব লাগে, কিছু দিব লাগে, জীণ যাবলে' হ'লে

           মিলিব লাগে, মিলিব লাগে, ৰবীন্দ্ৰনাথে ক'লে,

           অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত ৱোৱালে 

           অজীণ পাতকী সৱৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ।


Type Susmita Kakati

Post Id: DABP002650