ভাৰতবৰ্ষৰ ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী আৰু ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতিঃ উদাৰতাবাদী, মাৰ্ক্সবাদী আৰু গান্ধীবাদী

(Approaches to the Study of Indian Politics and nature of the State in India: Liberal, Marxist and Gandhian)

অধ্যায় ১

অতি চমু প্ৰশ্ন (Objective Questions)ঃ

১) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ এটা পৰম্পৰাগত দৃষ্টিভংগীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ এটা পৰম্পৰাগত দৃষ্টিভংগীৰ নাম হল- পৰম্পৰাগত দৃষ্টিভংগী।

২) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ এটা আধুনিক দৃষ্টিভংগীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ এটা আধুনিক দৃষ্টিভংগীৰ নাম হল- সমাজতাত্ত্বিক দৃষ্টিভংগী।

৩) ৰাজনীতি অধ্যয়নৰ আটাইতকৈ পুৰণি দৃষ্টিভংগীটোৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৰাজনীতি অধ্যয়নৰ আটাইতকৈ পুৰণি দৃষ্টিভংগীটোৰ নাম হল ঐতিহাসিক দৃষ্টিভংগী।

৪) দাৰ্শনিক দৃষ্টিভংগীৰ সহায়েৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা ভাৰতীয় চিন্তাবিদ এগৰাকীৰ নাম লিখা।

উত্তৰঃ দাৰ্শনিক দৃষ্টিভংগীৰ সহায়েৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা ভাৰতীয় চিন্তাবিদ এগৰাকীৰ নাম হল- ৰাজা ৰামমোহন ৰায়।

৫) অহিংসাৰ জৰিয়তে প্ৰকৃত গণতন্ত্ৰৰ পথত অগ্ৰসৰ হব পাৰি- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ অহিংসাৰ জৰিয়তে প্ৰকৃত গণতন্ত্ৰৰ পথত অগ্ৰসৰ হব পাৰি- কথাষাৰ কোনে কৈছিল- মহাত্মা গান্ধীয়ে।

৬) ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা ভাৰতীয় চিন্তাবিদ এগৰাকীৰ নাম লিখা।

উত্তৰঃ ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা ভাৰতীয় চিন্তাবিদ এগৰাকীৰ নাম হল- ৰমিলা থাপাৰ।

৭) The History Of India গ্ৰন্থৰ লেখক কোন ?

উত্তৰঃ The History Of India গ্ৰন্থৰ লেখক হল- ৰমিলা থাপাৰ।

৮) Discovery of India গ্ৰন্থখন কোনে ৰছনা কৰিছিল ?

উত্তৰঃ Discovery of India গ্ৰন্থখন ৰছনা কৰিছিল জৱাহৰলাল নেহেৰুৱে।

৯) India Since Independence গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ India Since Independence গ্ৰন্থখনৰ লেখক হল- বিপান চন্দ্ৰ।

১০) India After Gandhi গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ India After Gandhi গ্ৰন্থখন ৰচনা কৰিছিল ৰামচন্দ্ৰ গোহে।

১১) অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীক অইন কি নামেৰে জনা যায় ?

উত্তৰঃ অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীক গাঁথনিগত দৃষ্টিভংগী বুলি জনা যায়।

১২) অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীৰ এটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীৰ এটা সীমাবদ্ধতা হল- এই দৃষ্টিভংগীৰ জৰিয়তে কৰা ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অতি সীমিত।

১৩) এন ডি পালমাৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ এন ডি পালমাৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল- 'Indian Political System' .

১৪) আইনগত দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আইনগত দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য হল- আইনগত দৃষ্টিভংগীত বিভিন্ন আসোঁৱাহ অথবা সীমাবদ্ধতা সত্ত্বেও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় আইনৰ লগতে ৰাষ্ট্ৰ পৰিচালনাৰ সৈতে জড়িত বিভিন্ন আইনগৰ দিশৰ বিকাশৰ ক্ষেত্ৰত আইনগত দৃষ্টিভংগীৰ অৱদান অতুলনীয়।

১৫) Background to Indian Law গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ Background to Indian Law গ্ৰন্থখনৰ লেখক হল- জি চি ৰেনকিন।

১৬) The Common Law in India গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ The Common Law in India গ্ৰন্থখনৰ লেখক চিটলভাৰ।

১৭) আইনগত দৃষ্টিভংগীৰ এটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ আইনগত দৃষ্টিভংগীৰ এটা সীমাবদ্ধতা হল- এটা সামাজিক-ৰাজনৈতিক ব্যৱস্থাত অন্তনিৰ্হিত হৈ থকা আভ্যন্তৰীণ মতবিৰোধ এই দৃষ্টিভংগীয়ে ব্যাখ্যা নকৰে।

১৮) সমাজতাত্ত্বিক দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সমাজতাত্ত্বিক দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য হল- সমাজতাত্ত্বিক দৃষ্টিভংগীয়ে যিকোনো এখন ৰাষ্ট্ৰৰ ৰাজনীতিক প্ৰভাৱিত কৰা সকলোবোৰ সামাজিক উপাদানৰ লগতে সামাজিক সংস্থাসমূহৰ অধ্যয়ন সামৰি লয়।

১৯) সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ভাৰতীয় ৰাজনীতি অধ্যয়ন কৰা এগৰাকী চিন্তাবিদৰ নাম লিখা।

উত্তৰঃ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ভাৰতীয় ৰাজনীতি অধ্যয়ন কৰা এগৰাকী চিন্তাবিদৰ নাম হল- বাডেন-পাৱেল।

২০) The Indian Village Community গ্ৰন্থখনৰ ৰচয়িতা কোন ?

উত্তৰঃ The Indian Village Community গ্ৰন্থখনৰ ৰচয়িতা বাডেন পাৱেল।

২১) Social Change in Modern India গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ Social Change in Modern India গ্ৰন্থখন ৰচনা কৰিছিল শ্ৰীনিবাসে।

২২) আচৰণবাদী দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আচৰণবাদী দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য হল- আচৰণবাদী দৃষ্টিভংগীয়ে মানুহৰ ৰাজনৈতিক আচৰণৰ অধ্যয়নৰ ওপৰত  গুৰুত্ব আৰোপ কৰে।

২৩) Human Nature in Politics গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ Human Nature in Politics গ্ৰন্থখনৰ লেখক হল- গ্ৰাহাম ৱালাছ।

২৪) The Process Of Government গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ The Process Of Government গ্ৰন্থখন ৰচনা কৰিছিল আৰ্থাৰ বেণ্টলিয়ে।

২৫) New Aspects of Politics গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ New Aspects of Politics গ্ৰন্থখনৰ লেখক মেৰিয়াম।

২৬) বৌদ্ধিক আধাৰশিলা মানে কি ?

উত্তৰঃ মেৰিয়ামৰ 'New Aspects of Politics', কেটলিনৰ 'The Science and Method in Politics' আৰু লাছৱেলৰ 'Psycho-Pathology and Politics' আচৰণবাদৰ তিনিখন উল্লেখনীয় গ্ৰন্থ। আচৰণবাদৰ বিকাশত মেৰিয়ামৰ অৱদান অনৱদ্য। সেয়ে তেওঁক আচৰণবাদৰ তিনিখন উল্লেখনীয় গ্ৰন্থ। আচৰণবাদৰ বিকাশত মেৰিয়ামৰ অৱদান অনৱদ্য। সেয়ে তেওঁক আচৰণবাদৰ বৌদ্ধিক পিতৃ আখ্যা দিয়া হয়। আচৰণবাদী দৃষ্টিভংগীৰ অন্যতম প্ৰবক্তা ডেভিদ ইষ্টনে আচৰণবাদৰ বৌদ্ধিক আধাশিলা নামেৰে আঠটা চাৰিত্ৰিক বৈশিষ্ট্য উদ্ভাৱন কৰে।

২৭) আচৰণবাদী দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা লেখক এগৰাকীৰ নাম লিখা।

উত্তৰঃ আচৰণবাদী দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা লেখক এগৰাকীৰ নাম হল- মেৰিয়াম।

২৮) Caste in Indian Politics গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ Caste in Indian Politics গ্ৰন্থখন ৰজনী কোঠাৰীয়ে ৰচনা কৰিছিল

২৯) ভাৰতত ৰাষ্ট্ৰৰ যিকোনো এটা প্ৰকৃতি উল্লেখ কৰা।

উত্তৰঃ ভাৰতত ৰাষ্ট্ৰৰ যিকোনো এটা প্ৰকৃতি হল- 

উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰঃ ভাৰতবৰ্ষ এখন উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ। অৰ্থাৎ ভাৰতবৰ্ষত গণতন্ত্ৰ বা জনসাধাৰণৰ শাসন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত পৰ্যায়ক্ৰমে, অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিৰ্বাচন অনুষ্ঠিত হয়। যত সকলো প্ৰাপ্তবয়স্ক ভাৰতীয় নাগৰিকে অংশগ্ৰহণৰ সুযোগ লাভ কৰে। এই নিৰ্বাচনত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে চৰকাৰৰ নীতি আৰু কাৰ্যাৱলী পৰিচালনা কৰে। নিৰ্বাচিত প্ৰতিনিধিসকলৰ দ্বাৰা গঠিত চৰকাৰখনে জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে। ভাৰতবৰ্ষত বিতৰ্ক, আলোচনা আৰু মতামত প্ৰকাশৰ স্বাধীনতা, সাৰ্বজনীয় প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতি, নিৰপেক্ষ নিৰ্বাচনৰ ব্যৱস্থা আছে। ইয়াত আইনৰ ঊৰ্ধ্বত কোনো নহয়। চৰকাৰৰ কৰ্তৃত্ব, নীতি নিৰ্ধাৰণৰ ক্ষমতা আৰু কাৰ্যকলাপ ভাৰতীয় সংবিধানৰ আৰু আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এখন উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য হল একাধিক ৰাজনৈতিক দলৰ উপস্থিতি যিটো ভাৰতবৰ্ষত আছে। ভাৰতবৰ্ষত সমাজত সমন্যায় প্ৰতিষ্ঠাৰ অৰ্থে বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। আইনৰ শাসন, সীমিত চৰকাৰ, দায়িত্বশীল চৰকাৰ আদি ভাৰত ৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। অৰ্থাৎ এখন উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ আটাইবোৰ উপাদান ভাৰত ৰাষ্ট্ৰত প্ৰতিফলিত হৈছে।

৩০) কোনে ভাৰতবৰ্ষক এখন অৰ্ধ-যুক্তৰাষ্ট্ৰ আখ্যা দিছে ?

উত্তৰঃ বিশিষ্ট লেখক কে চি হোৱেৰে ভাৰতবৰ্ষক এখন অৰ্ধ যুক্তৰাষ্ট্ৰ আখ্যা দিছে।

৩১) ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ভাৰতীয় সংবিধানত কি ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে ?

উত্তৰঃ ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ভাৰতীয় সংবিধানত অন্তভূক্ত কৰা ব্যৱস্থা সমূহ হল- ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভূক্তকৰণৰ জৰিয়তে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰি অহা হৈছে। নিৰ্দেশাত্মক নীতিত সন্নবিষ্ট সম্পত্তিৰ সমবিতৰণ, চৈধ্য বছৰ বয়সলৈ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা, জীৱন ধাৰণৰ পৰ্যাপ্ত মাধ্যম, নিৱনুৱা, বৃদ্ধাবস্থা, ৰোগ আৰু পংগুত্বৰ বিৰুদ্ধে সাহায্য আদি ব্যৱস্থাই ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰাত সহায় কৰিছে।

৩২) ভাৰতীয় সংবিধানৰ ৩০০ (ক) নম্বৰ অনুচ্ছেদত কি ব্যৱস্থাৰ কথা কোৱা হৈছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩০০ (ক) নম্বৰ অনুচ্ছেদৰ জৰিয়তে ব্যক্তিগত সম্পত্তিৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰি বুৰ্জোৱা ৰাষ্ট্ৰৰ ধাৰণাটোক অধিক প্ৰতিফলিত কৰিছে।

৩৩) ধৰ্মনিৰপেক্ষ নীতিটো কোন সংবিধান সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভূক্ত কৰা হৈছে ?

উত্তৰঃ ধৰ্মনিৰপেক্ষ নীতিটো ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভূক্ত কৰা হৈছে।

৩৪) ভাৰতক কোনে কোমল ৰাষ্ট্ৰ হিচাপে অভিহিত কৰিছে ?

উত্তৰঃ বিখ্যাত জাৰ্মান চিন্তাবিদ গুণাৰ মিৰ্ডালে ভাৰতক কোমল ৰাষ্ট্ৰ হিচাপে অভিহিত কৰিছে।

৩৫) ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ ১৯৯১ চনত আৰম্ভ কৰা হৈছিল।

৩৬) কমিউনিষ্ট পাৰ্টি অব্ ইণ্ডিয়া ৰ মতে ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰ কি ?

উত্তৰঃ কমিউনিষ্ট পাৰ্টি অব্ ইণ্ডিয়া ৰ মতে ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰ হল- এখন বৃহৎ বুৰ্জোৱাই নেতৃত্ব প্ৰদান কৰা সামন্তপ্ৰভু বুৰ্জোৱা ৰাষ্ট্ৰ।

৩৭) কমিউনিষ্ট পাৰ্তি অব ইণ্ডিয়াৰ মতে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি কি ?

উত্তৰঃ কমিউনিষ্ট পাৰ্তি অব ইণ্ডিয়াৰ মতে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি হল- এখন বৃহৎ বুৰ্জোৱাই নেতৃত্ব প্ৰদান কৰা সামন্তপ্ৰভু বুৰ্জোৱা ৰাষ্ট্ৰ।

৩৮) কমিউনিষ্ট পাৰ্টি অব্ ইণ্ডিয়া (মাৰ্ক্সিষ্ট লেনিনিষ্ট)  ৰ মতে ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰ কি ?

উত্তৰঃ দলটোৰ মতে ভাৰত ৰাষ্ট্ৰ এখন প্ৰতিক্ৰিয়াশীল ৰাষ্ট্ৰ।

৩৯) ভাৰত ৰাষ্ট্ৰ সম্পৰ্কে আলোচনা কৰা এগৰাকী ভাৰতীয় লেখকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰত ৰাষ্ট্ৰ সম্পৰ্কে আলোচনা কৰা এগৰাকী ভাৰতীয় লেখক হল- ৰজনী কোঠাৰী।

৪০) হিন্দ স্বৰাজ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ হিন্দ স্বৰাজ গ্ৰন্থখনৰ লেখক মহাত্মা গান্ধী।

৪১) ৰাষ্ট্ৰ এটা আত্মাহীন যন্ত্ৰ বুলি কোনে কৈছিল ?

উত্তৰঃ ৰাষ্ট্ৰ এটা আত্মাহীন যন্ত্ৰ বুলি মহাত্মা গান্ধীয়ে কৈছিল।

৪২) গ্ৰাম প্ৰজাতন্ত্ৰ ধাৰণাটোৰ উদ্ভাৱক কোন ?

উত্তৰঃ গ্ৰাম প্ৰজাতন্ত্ৰ ধাৰণাটোৰ উদ্ভাৱক মহাত্মা গান্ধী।

চমু প্ৰশ্ন (Short Questions)ঃ

১) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দুটা পৰম্পৰাবাদী দৃষ্টিভংগীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দুটা পৰম্পৰাবাদী দৃষ্টিভংগীৰ নাম হল- দাৰ্শনিক দৃষ্টিভংগী আৰু ঐতিহাসিক দৃষ্টিভংগী।

২) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দুটা আধুনিক দৃষ্টিভংগীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দুটা আধুনিক দৃষ্টিভংগীৰ নাম হল- সমাজতাত্ত্বিক দৃষ্টিভংগী।

৩) দাৰ্শনিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী লেখকৰ নাম উল্লেখ কৰা।

উত্তৰঃ দাৰ্শনিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী লেখকৰ নাম হল- ঋষি অৰবিন্দ আৰু স্বামী বিবেকানন্দ।

৪) ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী লেখকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ঐতিহাসিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী লেখকৰ নাম হল- এৰিষ্টটল আৰু হেগেল।

৫) অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী লেখকৰ নাম লিখা।

উত্তৰঃ অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী লেখকৰ নাম হল- এন ডি পালমাৰ, বি বি জেনাৰ।

৬) আইনগত দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় চিন্তাবিদৰ নাম লিখা।

উত্তৰঃ আইনগত দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় চিন্তাবিদৰ নাম হল- দুৰ্গা দাস, বি ৰাও।

৭) সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় চিন্তাবিদৰ নাম লিখা।

উত্তৰঃ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় লেখক হল- এম এন শ্ৰীনিবাস, ৰজনী কোঠাৰী।

৮) আচৰণবাদী দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় চিন্তাবিদৰ নাম লিখা।

উত্তৰঃ আচৰণবাদী দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় চিন্তাবিদৰ নাম হল- ৰজনী কোঠাৰী, বি বি মিশ্ৰ।

৯) ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰকৃতি অধ্যয়ন কৰা দুটা দৃষ্টিভংগী উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰকৃতি অধ্যয়ন কৰা দুটা দৃষ্টিভংগী হল- উদাৰতাবাদী দৃষ্টিভংগী, গান্ধীবাদী দৃষ্টিভংগী।

১০) ভাৰতত ৰাষ্ট্ৰৰ যিকোনো দুটা প্ৰকৃতি উল্লেখ কৰা।

উত্তৰঃ ভাৰতত ৰাষ্ট্ৰৰ যিকোনো দুটা প্ৰকৃতি হল-

ৰাষ্ট্ৰৰ চাৰিটা মৌলিক উপাদানৰ উপস্থিতিৰ পিছতো এটা কথা কব পাৰি যে ৰাষ্ট্ৰসমূহৰ প্ৰকৃতি ভিন্নধৰ্মী। কিয়নো, সমাজ, চৰকাৰ, অনুষ্ঠান আদিৰ প্ৰকৃতি ৰাষ্ট্ৰভেদে সুকীয়া। সমাজৰ প্ৰকৃতিয়ে ৰাষ্ট্ৰৰ প্ৰকৃতি নিৰ্ণয় কৰে। অৰ্থাৎ এখন ৰাষ্ট্ৰই যিখন সমাজৰ ভিতৰত থাকি কাৰ্যসম্পাদন কৰে, সেই সমাজৰ প্ৰকৃতিৰ ওপৰত ৰাষ্ট্ৰখনৰ কাৰ্যৰ প্ৰকৃতি বহু পৰিমাণে নিৰ্ভৰ কৰে।

    ভাৰতবৰ্ষ তৃতীয় বিশ্বৰ এক উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ সফলতা আৰু বিফলতা ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতবৰ্ষ এখন উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে। সেয়ে ৰাজনৈতিক দলৰ উপস্থিতি ভাৰত ৰাষ্ট্ৰৰ এক অপৰিহাৰ্য পৰিচয়। ইয়াৰ লগতে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোও ভাৰত ৰাষ্ট্ৰত প্ৰতিফলিত হৈ আহিছে। ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতিৰ বিষয়ে জানিবলৈ হলে ইয়াৰ সামাজিক আৰু আনুষ্ঠানিক আন্তঃগাঁথনিৰ লগতে সামাজিক ভেঁটিৰ বিষয়ে অধ্যয়ন কৰাৰ দৰকাৰ। ভাৰতবৰ্ষ এখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ। ভাৰতবৰ্ষই স্বতন্ত্ৰভাৱে আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰে।

১১) উদাৰতাবাদী দৃষ্টি ভংগীৰে ভাৰত ৰাষ্ট্ৰৰ অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় লেখকৰ নাম লিখা।

উত্তৰঃ উদাৰতাবাদী দৃষ্টি ভংগীৰে ভাৰত ৰাষ্ট্ৰৰ অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় লেখক হল- 

১২) মাৰ্স্কবাদী দৃষ্টিভংগীৰে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় লেখকৰ নাম লিখা।

উত্তৰঃ মাৰ্স্কবাদী দৃষ্টিভংগীৰে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি অধ্যয়ন কৰা দুগৰাকী ভাৰতীয় লেখকৰ নাম হল- শ্ৰীকান্ত দও, ৰণধীৰ সিং।

চমুটোকা (Short Notes)ঃ

১) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দাৰ্শনিক দৃষ্টিভংগী।

উত্তৰঃ দাৰ্শনিক দৃষ্টিভংগী ৰাজনীতি অধ্যয়নৰ সবাতোকৈ পুৰণি দৃষ্টিভংগীৰ অন্যতম। ৱাছবিৰ মতে ৰাজনীতি অধ্যয়নৰ সম্ভৱতঃ সবাতোকৈ পুৰণি দৃষ্টিভংগী হল দাৰ্শনিক দৃষ্টিভংগী। এই দৃষ্টিভংগীয়ে সত্যৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই জ্ঞান, বাস্তৱিকতা আৰু প্ৰজ্ঞাৰ ওপৰত ভিত্তি কৰা অধ্যয়নৰ ওপৰত প্ৰতিষ্ঠিত। এই দৃষ্টিভংগীয়ে ৰাজনীতিৰ দাৰ্শনিক প্ৰকৃতিৰ আলোচনা কৰে। ই সত্য আৰু জ্ঞানৰ সন্ধানত কৰা কল্পনা। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকলে মতপ্ৰকাশ কৰে যে ৰাজনীতিৰ এটা আদৰ্শগত অথবা নৈতিক দিশ আছে। দাৰ্শনিক আলোচনাত উচিত-অনুচিতৰ প্ৰশ্ন জড়িত হৈ থাকে। দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰবক্তাসকল আছিল ভাববাদী দাৰ্শনিক। এইসকলে নৈতিকতা আৰু ধৰ্মীয় অনুশাসনক ৰাজনৈতিক জীৱনৰ বিশ্লেষণত প্ৰয়োগ কৰাৰ সমৰ্থন কৰিছিল।

    ভাৰতীয় ৰাজনীতিৰ অধ্যয়নত দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰয়োগ হৈ আহিছে। ৰাজা ৰামমোহন ৰায়ৰ পৰা মহাত্মা গান্ধীলৈ বিভিন্নজনে বিভিন্ন সময়ত এই দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতিৰ অধ্যয়ন আৰু আলোচনা কৰাৰ প্ৰয়াস কৰিছে।

    অৱশ্যে দাৰ্শনিক দৃষ্টিভংগীৰ যথেষ্ট সীমাবদ্ধতা আছে। এই দৃষ্টিভংগীৰ ভৱিষ্যৎভিত্তিকতা আৰু অবাস্তৱতামূলক প্ৰকৃতিৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই দৃষ্টিভংগীয়ে বাস্তৱিকতাৰ পৰিৱৰ্তে কল্পনাপ্ৰসূততাক অধিক গুৰুত্ব প্ৰদান কৰে বাবে ইয়াৰ জৰিয়তে কৰা ৰাজনীতিৰ অধ্যয়ন বিজ্ঞানসন্মত অথবা মূল্যবোধ নিৰপেক্ষ হব বুলিব নোৱাৰি। অৱশ্যে ৰাজনৈতিক চিন্তাৰ ইতিহাসত দাৰ্শনিক দৃষ্টিভংগীৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি।

২) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ ঐতিহাসিক দৃষ্টিভংগী।

উত্তৰঃ ৰাজনীতি অধ্যয়নৰ এক অন্যতম পৰম্পৰাগত দৃষ্টিভংগী হল ঐতিহাসিক দৃষ্টিভংগী। ইতিহাস হল অতীতৰ ৰাজনীতি। ইতিহাসে মানৱ সমাজৰ অতীতৰ ঘটনাৱলী বৰ্ণনা কৰে। বহুতো ৰাজনৈতিক চিন্তাবিদ আৰু বিজ্ঞানীয়ে মতপ্ৰকাশ কৰে যে চৰকাৰ আৰু অন্যান্য ৰাজনৈতিক অনুষ্ঠানসমূহৰ বিষয়ে ভালদৰে জানিবলৈ হলে সংগঠনসমূহৰ ঐতিহাসিক পৃষ্ঠভূমিৰ জ্ঞান থকাটো জৰুৰী। যিহেতু ইতিহাস অতীতৰ ৰাজনীতি, সেয়ে অতীতৰ ঘটনাসমূহ পৰ্ষবেক্ষণৰ জৰিয়তে অতীত আৰু বৰ্তমানৰ মাজত অন্তৰ্নিহিত ঘটনা ব্যাখ্যাৰে সাধাৰণীকৰণ কৰা হয় আৰু এই সাধাৰণীকৰণ ৰাজনীতি বিজ্ঞানত যিকোনো সিদ্ধান্ত গ্ৰহণত সহায়ক হয়। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকলৰ অন্যতম হল এৰিষ্টটল, হেগেল, মণ্টেস্কু, কাৰ্ল মাৰ্ক্স আদি। এই চিন্তাবিদসকলে বৰ্তমানৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ অতীতৰ ঘটনাৱলী আৰু এই ঘটনাসমূহৰ কাৰকসমূহ অধ্যয়ন কৰি ভৱিষ্যদ্বাণী কৰিছিল।

    অৱশ্যে ঐতিহাসিক দৃষ্টিভংগীৰো বহুত আসোঁৱাহ আছে যাৰ ফলস্বৰূপে এই দৃষ্টিভংগী বিভিন্ন দিশৰ পৰা সমালোচিত হৈ আহিছে। বৰ্ণনাত্মক হোৱা হেতুকে এই দৃষ্টিভংগীত বিশ্লেষণাত্মক চৰিত্ৰ অনুপস্থিত।

৩) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগী।

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ এক অতি পুৰণি আৰু গুৰুত্বপূৰ্ণ প্ৰাচীন দৃষ্টিভংগী হল অনুষ্ঠানকেন্দ্ৰীক দৃষ্টিভংগী। এই দৃষ্টিভংগীয়ে ঘাইকৈ চৰকাৰ আৰু ৰাজনীতিৰ অনুষ্ঠানগত দিশসমূহৰ লগতে ৰাজনৈতিক অনুষ্ঠান আৰু গাঁথনিসমূহৰ অধ্যয়ন কৰে। এইদৰে অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীয়ে ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনীতিৰ অনুষ্ঠানগত গাঁথনি, যেনে- বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা, ৰাজনৈতিক দল, স্বাৰ্থান্বেষী গোষ্ঠী আদিৰ অধ্যয়ন কৰে। এই দৃষ্টিভংগীটো পুৰণি আৰু আধুনিক ৰাজনীতি বিজ্ঞানী, উভয়ে সমৰ্থন কৰে। অতীজত এৰিষ্টটল আৰু পলিবাচে অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীৰে ৰাজনীতিৰ আলোচনা কৰিছিল। এই দৃষ্টিভংগীৰে ৰাজনীতিৰ অধ্যয়ন কৰা আধুনিক চিন্তাবিদ আৰু ৰাজনীতি বিজ্ঞানীসকলৰ ভিতৰত জেমছব্ৰাইছ, আৰ্থাৰ বেণ্টলি, ৱাল্টাৰ বাজেহট, ফাইনাৰ, মুনৰো, হেৰল্ড লাস্কি আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। আধুনিক ৰাজনীতি বিজ্ঞানীসকলে দলীয় ব্যৱস্থাক ৰাজনৈতিক ব্যৱস্থা এটাৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়াৰ বিপৰীতে সমসাময়িক লেখকসকলে বিভিন্ন স্বাৰ্থান্বেষী গোষ্ঠীকো ৰাজনৈতিক ব্যৱস্থা এটাৰ আন্তঃগাঁথনিৰ অন্তৰ্ভূক্ত কৰিছে। সেয়ে অনুষ্ঠানকেন্দ্ৰিক অথবা অনুষ্ঠানগত দৃষ্টিভংগীক গাঁথনিগত দৃষ্টিভংগী নামেৰেও জনা যায়।

    ভাতৰবৰ্ষত বিভিন্ন সময়ত বিভিন্ন লেখক, চিন্তাবিদ আৰু গৱেষকে ৰাজনৈতিক অনুষ্ঠানসমূহৰ অধ্যয়ন কৰি আহিছে। এইসকলে ভাৰতৰ সংসদ, মন্ত্ৰীসভা, ন্যায়পালিকা, ৰাজনৈতিক দল, স্বাৰ্থান্বেষী গোষ্ঠী আদিৰ অধ্যয়ন কৰাৰ লগতে বিভিন্ন গ্ৰন্থ ৰছনা কৰি আহিছে, যিবোৰৰ জৰিয়তে ভাৰতৰ ৰাজনীতিৰ বিস্তৰ জ্ঞান আহৰণ কৰিব পাৰি। তেওঁলোকৰ লেখা অথবা ৰচনাসমূহত অনুষ্ঠানগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়।

    অন্যান্য প্ৰাচীন দৃষ্টিসমূহৰ দৰে এই দৃষ্টিভংগীও বিভিন্ন ধৰণে সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই দৃষ্টিভংগীৰ বিৰুদ্ধে এক গুৰুতৰ  অভিযোগ হল- দৃষ্টিভংগীটোৱে ৰাজনৈতিক অনুষ্ঠান সমূহৰ পৰিচালনা কৰা লোকসকলৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ইয়াৰ পৰিৱৰ্তে দৃষ্টিভংগীটোৱে অনুষ্ঠানসমূহৰ গাঁথনিগত দিশটোৰ প্ৰতি অত্যাধিক গুৰুত্ব প্ৰদান কৰিছে। সেয়ে সমালোচকসকলৰ মতে এই দৃষ্টিভংগীৰ জৰিয়তে কৰা ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অতি সীমিত। আকৌ এই দৃষ্টিভংগীয়ে বিভিন্ন সময়ত হোৱা ৰাজনৈতিক আন্দোলন, হিংসাত্মক ঘটনা, প্ৰতিবাদ, যুদ্ধ আদিৰ ভূমিকাৰ অধ্যয়নো কৰা নাই বুলি সমালোচিত হৈ আহিছে। তৎসত্ত্বেও ৰাজনীতি বিজ্ঞান অধ্যয়নত এই দৃষ্টিভংগীৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি।

৪) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ আইনগত দৃষ্টিভংগী।

উত্তৰঃ ৰাজনীতি মূলতঃ আইনগত প্ৰক্ৰিয়া আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ সৈতে এক সংমিশ্ৰণ। ইয়াৰ কাৰণটো হল আইন আৰু চৰকাৰী অনুষ্ঠানসমূহৰ মাজৰ পাৰস্পৰিক নিৰ্ভৰশীলতা। সেয়ে ৰাজনীতি বিজ্ঞান অধ্যয়নত প্ৰাচীন অথবা পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ভিতৰত আইনগত দৃষ্টিভংগীৰ যথেষ্ট গুৰুত্ব আছে। এই দৃষ্টিভংগীয়ে আইন আৰু সংবিধানৰ দ্বাৰা সৃষ্টি কৰা ৰাজনৈতিক অনুষ্ঠানসমূহৰ গঠন আৰু কাৰ্যাৱলীৰ আলোচনা কৰাৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠানৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। এই দৃষ্টিভংগী অনুসৰি ৰাষ্ট্ৰৰ সৰ্বপ্ৰথম কাৰ্য হল- আইন প্ৰণয়ন আৰু বলবৎকৰণ। এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ সংবিধান ৰচনা, আইনগত সাৰ্বভৌমত্ব, আইনৰ পৰিসৰ আবদ্ধ চৰকাৰী অথবা ৰাজনৈতিক অনুষ্ঠানসমূহৰ কাম-কাজৰ আলোচনা কৰে। উদাহৰণস্বৰূপে ভাৰতৰ সংসদীয় ব্যৱস্থাত এখন লিখিত সংবিধান আছে যাৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুষ্ঠানসমূহে কাৰ্যসম্পাদন কৰে। আকৌ সাংসদৰ মূল কাৰ্য হল- আইন প্ৰণয়ন আৰু সংশোধন। আনহাতে সংসদৰ সৈতে একেলগে কাৰ্য সম্পাদন কৰি থকা কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ কাম হল সংসদে প্ৰণয়ন কৰা।

    ভাৰতবৰ্ষৰ ৰাজনীতি অধ্যয়নতো আইনগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিভিন্ন ৰাজনৈতিক চিন্তাবিদ, লেখক, গৱেষকৰ ৰচনাত আইনগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিভিন্ন ৰাজনৈতিক চিন্তাবিদ, লেখক, গৱেষকৰ ৰচনাত আইনগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিছে। এইসকলৰ ভিতৰত দুৰ্গা দাস বসু, এম ভি পাইলী, এম চি চিটলভাড, এ গ্লেডহিল, বি ৰাও আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।

৫) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ সমাজতাত্ত্বিক দৃষ্টিভংগী।

উত্তৰঃ সমাজতাত্ত্বিক দৃষ্টিভংগী সাম্প্ৰতিক সময়ৰ ৰাজনীতি অধ্যয়নৰ এক অবিচ্ছেদ্য দৃষ্টিভংগীত পৰিণত হৈছে। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকলৰ ভিতৰত ডেভিদ ইষ্টন, গেব্ৰিয়েল আলমণ্ড, মেক আইভাৰ আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি। তেওঁলোকৰ মতে ৰাষ্ট্ৰ ৰাজনৈতিক অনুষ্ঠানতকৈ অধিক পৰিমাণে সামাজিক অনুষ্ঠান। ব্যক্তিৰ ৰাজনৈতিক আচৰণ ভালদৰে বুজিবলৈ সমাজতাত্ত্বিক দৃষ্টিভংগী খুবেই প্ৰয়োজনীয়। সমাজাত্ত্বিক অধ্যয়নে মানুহৰ ৰাজনৈতিক আচৰণ, গোটগট আচৰণ আৰু গোট, সংস্কৃতি, সমাজৰ দৃষ্টিকোণৰ অধ্যয়ন সামৰি লয়। উল্লেখযোগ্য যে এইসমূহৰ অধ্যয়ন ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰো অন্তৰ্ভূক্ত। সংস্কৃতিয়ে বিভিন্ন ধৰণে ব্যক্তিৰ ৰাজনৈতিক আচৰণক প্ৰভাৱিত কৰে। ৰাজনীতিৰ অধ্যয়নত ৰাজনৈতিক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ৰাজনৈতিক সংস্কৃতি হল ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক বিষয় সম্পৰ্কে সমাজৰ দৃষ্টিকোণ, বিশ্বাস, আৱেগ আৰু প্ৰমূল্যবোধ। ৰাজনৈতিক সামাজিকীকৰণে এটা প্ৰজন্মৰ পৰা অইন এটা প্ৰজন্মলৈ ৰাজনৈতিক প্ৰমূল্যবোধ কঢ়িয়াই নিয়ে।

    ভাৰতৰ ৰাজনীতিত সামাজিক উপাদানসমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা অধ্যয়ন তুলনামূলকভাৱে নতুন। বিশেষকৈ স্বাধীনতা লাভৰ পিছৰ পৰাহে সমাজতাত্ত্বিক দৃষ্টিভংগীৰ জৰিয়তে ভাৰতৰ ৰাজনীতিৰ অধ্যয়ন জনপ্ৰিয় হৈ উঠে। ভাৰতীয় সমাজৰ বিভিন্ন উপাদান, যেনে- গ্ৰাম্য ব্যৱস্থা, সম্প্ৰদায়, জাতিবাদ, শ্ৰেণীবৈষম্য, ধৰ্মীয় বিশ্বাস আদিয়ে ভাৰতৰ ৰাজনীতিত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে, ইয়াৰ অধ্যয়ন ভাৰতবৰ্ষত বিভিন্ন সময়ত চলি আহিছে। বি এইচ বাডেন-পাৱেল, এল এছ এছ অ মাল্লে, এম এন শ্ৰীনিবাস আদিয়ে সমাজতাত্ত্বিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ৰাজনীতিৰ আলোচনা কৰিছে।

৬) ভাৰতৰ ৰাজনীতি অধ্যয়নৰ আচৰণবাদী দৃষ্টিভংগী।

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ আধুনিক দৃষ্টিভংগী হল আচৰণবাদী দৃষ্টিভংগী। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতি বিজ্ঞানীসকলৰ প্ৰচেষ্টাত আচৰণবাদী দৃষ্টিভংগীৰ যাত্ৰা আৰম্ভ হৈছিল। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ বহু পূৰ্বৰ পৰা এই দৃষ্টিভংগীৰ আলোচনা হৈ আছিল বুলিব পাৰি। জীৱ বিজ্ঞানী লুডউইগ ভন বাৰ্টালানফিৰ সাধাৰণ ব্যৱস্থাক তত্ত্ব আচৰণবাদী দৃষ্টিভংগীৰ ভেঁটি হিচাপে গণ্য কৰা হয়।

    ৰাজনীতি বিজ্ঞানত আচৰণবাদৰ সূত্ৰপাত ঘটে বিংশ শতিকাৰ আৰম্ভণিতে গ্ৰাহাম ৱালাছৰ ' Human Nature in Politics' আৰু আৰ্থাৰ বেণ্টলিৰ ' The Process of Government নামৰ গ্ৰন্থ দুখনৰ জৰিয়তে। ১৯০৮ চনত প্ৰকাশিত এই গ্ৰন্থ দুখনৰ ৱালাছ আৰু বেণ্টলিয়ে ৰাজনৈতিক অনুষ্ঠানসমূহৰ গুৰুত্ব হ্ৰাস কৰি ৰাজনীতিৰ অনানুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯২০ ৰ দশকটোত চাৰ্লছ ই মেৰিয়াম আৰু জি ই জি কেটলিন আৰু ১৯৩০ ৰ দশকটোত হেৰল্ড লাছৱেলে এই দৃষ্টিভংগীৰ বিকাশত যথেষ্ট অৰিহণা আগবঢ়ায়। মৰিয়ামৰ ' New Aspects of Politics, কেটলিনৰ 'The Science and Method in Politics' আৰু লাছৱেলৰ ' Psycho-Pathology and Politics' আচৰণবাদৰ তিনিখন উল্লেখনীয় গ্ৰন্থ। আচৰণবাদৰ বিকাশত মেৰিয়ামৰ অৱদান অনৱদ্য। সেয়ে তেওঁক আচৰণবাদৰ 'বৌদ্ধিক পিতৃ' আখ্যা দিয়া হয়। আচৰণবাদী দৃষ্টিভংগীৰ অন্যতম প্ৰবক্তা ডেভিদ ইষ্টনে আচৰণবাদৰ 'বৌদ্ধিক আধাৰশিলা' নামৰে আঠটা চাৰিত্ৰিক বৈশিষ্ট্য উদ্ভাৱন কৰে।

৭) ভাৰতৰ ৰাষ্ট্ৰ সম্পৰ্কীয় উদাৰতাবাদী দৃষ্টিভংগী।

উত্তৰঃ পুঁজিপতি শ্ৰেণীৰ এটা মতাদৰ্শ হিচাপে ১৭ শতিকাত উদাৰতাবাদী ৰাজনৈতিক দৰ্শনৰ জন্ম হয়। ছেবাইনৰ ভাষাত- লক আৰু জন ষ্টুৱাৰ্ট মিলৰ মাজৰ সময়ছোৱাত বিকাশহোৱা সকলো সামাজিক তত্ত্বৰ ব্যক্তিবাদে যুক্তিৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে যিটো শ্ৰেণীয়ে ঘাইকৈ ইয়াৰ সৃষ্টি কৰিছে সেই শ্ৰেণীটোৰ স্বাৰ্থৰ সৈতে বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰিছিল।

    উদাৰতাবাদী দৃষ্টিভংগীৰ তত্ত্বগত দিশটোৰ আলোচনা কৰাৰ পিছত এতিয়া আমি ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পৰ্কে উদাৰতাবাদীসকলে কেনেদৰে বিশ্লেষণ আগবঢ়াইছে ইয়াৰ আলোচনা কৰিম। আকৌ ভাৰতত ৰাষ্ট্ৰ সম্পৰ্কীয় উদাৰতাবাদী দৃষ্টিভংগীৰ সৈতে কেনেদৰে সম্পৰ্ক স্থাপন কৰিব পাৰি সেয়াও আলোচনা কৰাৰ চেষ্টা কৰা হৈছে। উদাৰতাবাদীসকলে ৰাষ্ট্ৰৰ অনুষ্ঠানগত আৰু ৰাজনৈতিক দৃষ্টিকোণৰ পৰা ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতি আলোচনা কৰিছে। ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতি সন্দৰ্ভত উদাৰতাবাদীসকলে ভাৰতত ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ বিৱৰ্তন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক মূল বিষয় হিচাপে গণ্য কৰে।

    ভাৰত ৰাষ্ট্ৰৰ আলোচনা কৰাৰ সময়ত উদাৰতাবাদী দৃষ্টিভংগীয়ে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা, প্ৰক্ৰিয়া আৰু প্ৰমূল্যবোধৰ আলোচনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ লগতে উদাৰতাবাদী অধ্যয়নে পৌৰ সমাজ, বহু সংস্কৃতিবাদ আৰু সামাজিক পুঁজিৰ ধাৰণাও স্পৰ্শ কৰি গৈছে।

৮) ভাৰতৰ ৰাষ্ট্ৰ সম্পৰ্কীয় মাৰ্স্কবাদী দৃষ্টিভংগী।

উত্তৰঃ উদাৰতাবাদৰ প্ৰতিক্ৰিয়াস্বৰূপে মাৰ্ক্সবাদী মতাদৰ্শৰ উদ্ভৱ হৈছিল। উদাৰতাবাদে যদিো স্বাধীনতা, মানৱ অধিকাৰ আৰু সাংবিধানিক গণতন্ত্ৰ প্ৰদানৰ কথা কয়, তথাপি এই দৃষ্টিভংগীয়ে অসমতা, শোষণ আৰু বিচ্ছিন্নতা ৰ পথ মুকলি কৰি দিয়ে। মাৰ্ক্সবাদে সমতা আৰু এখন শ্ৰেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে।

(ক) এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰক শ্ৰেণী স্বাৰ্থৰ প্ৰতিনিধি হিচাপে লক্ষ্য কৰে আৰু ই ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰিবলৈ আৰু ৰাষ্ট্ৰনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিভিন্ন শ্ৰেণীয়ে ৰাষ্ট্ৰৰ সৈতে কেনেদৰে জড়িত হয় সেয়া নিৰ্ণয় কৰাৰ চেষ্টা কৰে।

(খ) এই দৃষ্টিভংগীয়ে সমাজৰ সম্পত্তিশালী আৰু সম্পত্তিহীন শ্ৰেণীৰ বাবে ৰাষ্ট্ৰই কেনেধৰণৰ নীতি নিৰ্ধাৰণ কৰে তাক লক্ষ্য কৰাৰ চেষ্টা কৰে।

(গ) ই ৰাষ্ট্ৰৰ বিকাশৰ গতি অনুসৰণ কৰে।

(ঘ) এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ মতাদৰ্শগত প্ৰভাৱ অথবা দিকনিৰ্ণয় লক্ষ্য কৰে।

(ঙ) এই দৃষ্টিভংগিয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক অৰ্থনীতি, বিশেষকৈ বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দৰে অনুষ্ঠানৰ সৈতে ৰাষ্ট্ৰৰ নীতিসমূহৰ সম্পৰ্ক স্থাপনৰ চেষ্টা কৰে।

৯) ভাৰতত ৰাষ্ট্ৰ সম্পৰ্কীয় গান্ধীবাদী দৃষ্টিভংগী।

উত্তৰঃ মহামানৱ মহাত্মা গান্ধীয়ে ৰাষ্ট্ৰ সম্পৰ্কে নিজস্ব দৃষ্টিকোণ আগবঢ়াইছে। অৱশ্যে ৰাষ্ট্ৰ সম্পৰ্কীয় ধাৰণাটো গঢ়ি তোলাৰ সময়ত তেওঁ বিভিন্ন মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। মহাত্মা গান্ধী ৰাজনৈতিক চিন্তাবিদ নাছিল। তেওঁ ব্যক্তিগত আৰু ৰাজনৈতিক দৰ্শন সত্য আৰু অহিংসাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছে। গান্ধীজীৰ ৰাষ্ট্ৰতত্ত্ব বুলিলে ঘাইকৈ দৈনন্দিন জীৱনৰ বিভিন্ন বিষয় আৰু সমস্যা সম্পৰ্কে তেওঁৰ চিন্তা, ধাৰণা আৰু কাৰ্যাৱলীক বুজায়।

    ৰাষ্ট্ৰ সম্পৰ্কীয় গান্ধীজীৰ ধাৰণা অথবা দৃষ্টিকোণৰ মূল ভেঁটি হল তেওঁৰ অহিংসা নীতি। তেওঁৰ মতে অহিংসাৰ জৰিয়তে সত্য উপলব্ধি কৰিব পাৰি। এগৰাকী আদৰ্শবাদী হিচাপে গান্ধীজীয়ে এখন আদৰ্শ ৰাষ্ট্ৰৰ পৰিকল্পনা কৰিছিল যাক তেওঁ ৰামৰাজ্য আখ্যা দিছে। গান্ধীজীৰ ৰাষ্ট্ৰ সম্পৰ্কীয় দৃষ্টিকোণত নৈৰাজ্যবাদী লেখক লিঅ টলষ্টয়ৰ প্ৰভাৱ বহু পৰিমাণে পৰিলক্ষিত হয়। গান্ধীজীৰ পিছৰ পৰ্যায়ৰ ব্যক্তিগত সচিব আৰু জীৱনীকাৰ প্যাৰেলাল নায়াৰৰ মতে গান্ধীজীৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী সম্পূৰ্ণৰূপে টলষ্টয়ে গঢ় দিছে। ইয়াৰোপৰি ৰাষ্ট্ৰ সম্পৰ্কীয় গান্ধীজীৰ চিন্তা-ধাৰণাত ডেভিদ থৰোৰ প্ৰভাৱো যথেষ্ট পৰিমাণে পৰিছে। ১৯০৮ চনত প্ৰকাশ হোৱা হিন্দ স্বৰাজ গ্ৰন্থত গান্ধীজীৰ ৰাষ্ট্ৰ সম্পৰ্কীয় চিন্তা-চৰ্চাৰ প্ৰথম প্ৰকাশ ঘটে।

    ৰাষ্ট্ৰ সম্পৰ্কীয় চিন্তাধাৰাত গান্ধীজীয়ে বিভিন্ন মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছে। সেয়ে তেওঁক নৈৰাজ্যবাদীসকলৰ ভিতৰত ব্যক্তিবাদী, ব্যক্তিবাদীসকলৰ ভিতৰত উদাৰতাবাদী, উদাৰতাবাদীসকলৰ ভিতৰত সমাজবাদী, সমাজবাদীসকলৰ ভিতৰত মাৰ্ক্সবাদী, মাৰ্ক্সবাদীসকলৰ ভিতৰত আধ্যাত্মিকতাবাদী আখ্যা দিয়া হয়।

ৰচনাধৰ্মী প্রশ্ন (Essay type Questions) :

১। ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগীসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগীসমূহ হল-

(১) প্ৰাচীন অথবা পৰম্পৰাগত দৃষ্টিভংগী

(২) আধুনিক দৃষ্টিভংগী।

প্ৰাচীন অথবা পৰম্পৰাগত দৃষ্টিভংগী-

দাৰ্শনিক দৃষ্টিভংগী- দাৰ্শনিক দৃষ্টিভংগী ৰাজনীতি অধ্যয়নৰ সবাতোকৈ পুৰণি দৃষ্টিভংগীৰ অন্যতম। ৱাছবিৰ মতে ৰাজনীতি অধ্যয়নৰ সম্ভৱতঃ সবাতোকৈ পুৰণি দৃষ্টিভংগী হল দাৰ্শনিক দৃষ্টিভংগী। এই দৃষ্টিভংগীয়ে সত্যৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই জ্ঞান, বাস্তৱিকতা আৰু প্ৰজ্ঞাৰ ওপৰত ভিত্তি কৰা অধ্যয়নৰ ওপৰত প্ৰতিষ্ঠিত। এই দৃষ্টিভংগীয়ে ৰাজনীতিৰ দাৰ্শনিক প্ৰকৃতিৰ আলোচনা কৰে। ই সত্য আৰু জ্ঞানৰ সন্ধানত কৰা কল্পনা। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকলে মতপ্ৰকাশ কৰে যে ৰাজনীতিৰ এটা আদৰ্শগত অথবা নৈতিক দিশ আছে। দাৰ্শনিক আলোচনাত উচিত-অনুচিতৰ প্ৰশ্ন জড়িত হৈ থাকে। দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰবক্তাসকল আছিল ভাববাদী দাৰ্শনিক। এইসকলে নৈতিকতা আৰু ধৰ্মীয় অনুশাসনক ৰাজনৈতিক জীৱনৰ বিশ্লেষণত প্ৰয়োগ কৰাৰ সমৰ্থন কৰিছিল।

    ভাৰতীয় ৰাজনীতিৰ অধ্যয়নত দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰয়োগ হৈ আহিছে। ৰাজা ৰামমোহন ৰায়ৰ পৰা মহাত্মা গান্ধীলৈ বিভিন্নজনে বিভিন্ন সময়ত এই দৃষ্টিভংগীৰে ভাৰতৰ ৰাজনীতিৰ অধ্যয়ন আৰু আলোচনা কৰাৰ প্ৰয়াস কৰিছে।

    অৱশ্যে দাৰ্শনিক দৃষ্টিভংগীৰ যথেষ্ট সীমাবদ্ধতা আছে। এই দৃষ্টিভংগীৰ ভৱিষ্যৎভিত্তিকতা আৰু অবাস্তৱতামূলক প্ৰকৃতিৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই দৃষ্টিভংগীয়ে বাস্তৱিকতাৰ পৰিৱৰ্তে কল্পনাপ্ৰসূততাক অধিক গুৰুত্ব প্ৰদান কৰে বাবে ইয়াৰ জৰিয়তে কৰা ৰাজনীতিৰ অধ্যয়ন বিজ্ঞানসন্মত অথবা মূল্যবোধ নিৰপেক্ষ হব বুলিব নোৱাৰি। অৱশ্যে ৰাজনৈতিক চিন্তাৰ ইতিহাসত দাৰ্শনিক দৃষ্টিভংগীৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি।

ঐতিহাসিক দৃষ্টিভংগী- ৰাজনীতি অধ্যয়নৰ এক অন্যতম পৰম্পৰাগত দৃষ্টিভংগী হল ঐতিহাসিক দৃষ্টিভংগী। ইতিহাস হল অতীতৰ ৰাজনীতি। ইতিহাসে মানৱ সমাজৰ অতীতৰ ঘটনাৱলী বৰ্ণনা কৰে। বহুতো ৰাজনৈতিক চিন্তাবিদ আৰু বিজ্ঞানীয়ে মতপ্ৰকাশ কৰে যে চৰকাৰ আৰু অন্যান্য ৰাজনৈতিক অনুষ্ঠানসমূহৰ বিষয়ে ভালদৰে জানিবলৈ হলে সংগঠনসমূহৰ ঐতিহাসিক পৃষ্ঠভূমিৰ জ্ঞান থকাটো জৰুৰী। যিহেতু ইতিহাস অতীতৰ ৰাজনীতি, সেয়ে অতীতৰ ঘটনাসমূহ পৰ্ষবেক্ষণৰ জৰিয়তে অতীত আৰু বৰ্তমানৰ মাজত অন্তৰ্নিহিত ঘটনা ব্যাখ্যাৰে সাধাৰণীকৰণ কৰা হয় আৰু এই সাধাৰণীকৰণ ৰাজনীতি বিজ্ঞানত যিকোনো সিদ্ধান্ত গ্ৰহণত সহায়ক হয়। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকলৰ অন্যতম হল এৰিষ্টটল, হেগেল, মণ্টেস্কু, কাৰ্ল মাৰ্ক্স আদি। এই চিন্তাবিদসকলে বৰ্তমানৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ অতীতৰ ঘটনাৱলী আৰু এই ঘটনাসমূহৰ কাৰকসমূহ অধ্যয়ন কৰি ভৱিষ্যদ্বাণী কৰিছিল।

    অৱশ্যে ঐতিহাসিক দৃষ্টিভংগীৰো বহুত আসোঁৱাহ আছে যাৰ ফলস্বৰূপে এই দৃষ্টিভংগী বিভিন্ন দিশৰ পৰা সমালোচিত হৈ আহিছে। বৰ্ণনাত্মক হোৱা হেতুকে এই দৃষ্টিভংগীত বিশ্লেষণাত্মক চৰিত্ৰ অনুপস্থিত।

অনুষ্ঠানকেন্দ্ৰীক দৃষ্টিভংগী- ৰাজনীতি বিজ্ঞানৰ এক অতি পুৰণি আৰু গুৰুত্বপূৰ্ণ প্ৰাচীন দৃষ্টিভংগী হল অনুষ্ঠানকেন্দ্ৰীক দৃষ্টিভংগী। এই দৃষ্টিভংগীয়ে ঘাইকৈ চৰকাৰ আৰু ৰাজনীতিৰ অনুষ্ঠানগত দিশসমূহৰ লগতে ৰাজনৈতিক অনুষ্ঠান আৰু গাঁথনিসমূহৰ অধ্যয়ন কৰে। এইদৰে অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীয়ে ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনীতিৰ অনুষ্ঠানগত গাঁথনি, যেনে- বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা, ৰাজনৈতিক দল, স্বাৰ্থান্বেষী গোষ্ঠী আদিৰ অধ্যয়ন কৰে। এই দৃষ্টিভংগীটো পুৰণি আৰু আধুনিক ৰাজনীতি বিজ্ঞানী, উভয়ে সমৰ্থন কৰে। অতীজত এৰিষ্টটল আৰু পলিবাচে অনুষ্ঠানকেন্দ্ৰিক দৃষ্টিভংগীৰে ৰাজনীতিৰ আলোচনা কৰিছিল। এই দৃষ্টিভংগীৰে ৰাজনীতিৰ অধ্যয়ন কৰা আধুনিক চিন্তাবিদ আৰু ৰাজনীতি বিজ্ঞানীসকলৰ ভিতৰত জেমছব্ৰাইছ, আৰ্থাৰ বেণ্টলি, ৱাল্টাৰ বাজেহট, ফাইনাৰ, মুনৰো, হেৰল্ড লাস্কি আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। আধুনিক ৰাজনীতি বিজ্ঞানীসকলে দলীয় ব্যৱস্থাক ৰাজনৈতিক ব্যৱস্থা এটাৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়াৰ বিপৰীতে সমসাময়িক লেখকসকলে বিভিন্ন স্বাৰ্থান্বেষী গোষ্ঠীকো ৰাজনৈতিক ব্যৱস্থা এটাৰ আন্তঃগাঁথনিৰ অন্তৰ্ভূক্ত কৰিছে। সেয়ে অনুষ্ঠানকেন্দ্ৰিক অথবা অনুষ্ঠানগত দৃষ্টিভংগীক গাঁথনিগত দৃষ্টিভংগী নামেৰেও জনা যায়।

    ভাতৰবৰ্ষত বিভিন্ন সময়ত বিভিন্ন লেখক, চিন্তাবিদ আৰু গৱেষকে ৰাজনৈতিক অনুষ্ঠানসমূহৰ অধ্যয়ন কৰি আহিছে। এইসকলে ভাৰতৰ সংসদ, মন্ত্ৰীসভা, ন্যায়পালিকা, ৰাজনৈতিক দল, স্বাৰ্থান্বেষী গোষ্ঠী আদিৰ অধ্যয়ন কৰাৰ লগতে বিভিন্ন গ্ৰন্থ ৰছনা কৰি আহিছে, যিবোৰৰ জৰিয়তে ভাৰতৰ ৰাজনীতিৰ বিস্তৰ জ্ঞান আহৰণ কৰিব পাৰি। তেওঁলোকৰ লেখা অথবা ৰচনাসমূহত অনুষ্ঠানগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়।

    অন্যান্য প্ৰাচীন দৃষ্টিসমূহৰ দৰে এই দৃষ্টিভংগীও বিভিন্ন ধৰণে সমালোচনাৰ সন্মুখীন হৈ আহিছে। এই দৃষ্টিভংগীৰ বিৰুদ্ধে এক গুৰুতৰ  অভিযোগ হল- দৃষ্টিভংগীটোৱে ৰাজনৈতিক অনুষ্ঠান সমূহৰ পৰিচালনা কৰা লোকসকলৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ইয়াৰ পৰিৱৰ্তে দৃষ্টিভংগীটোৱে অনুষ্ঠানসমূহৰ গাঁথনিগত দিশটোৰ প্ৰতি অত্যাধিক গুৰুত্ব প্ৰদান কৰিছে। সেয়ে সমালোচকসকলৰ মতে এই দৃষ্টিভংগীৰ জৰিয়তে কৰা ৰাজনীতিৰ অধ্যয়নৰ পৰিসৰ অতি সীমিত। আকৌ এই দৃষ্টিভংগীয়ে বিভিন্ন সময়ত হোৱা ৰাজনৈতিক আন্দোলন, হিংসাত্মক ঘটনা, প্ৰতিবাদ, যুদ্ধ আদিৰ ভূমিকাৰ অধ্যয়নো কৰা নাই বুলি সমালোচিত হৈ আহিছে। তৎসত্ত্বেও ৰাজনীতি বিজ্ঞান অধ্যয়নত এই দৃষ্টিভংগীৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি।

আইনগত দৃষ্টিভংগী- ৰাজনীতি মূলতঃ আইনগত প্ৰক্ৰিয়া আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ সৈতে এক সংমিশ্ৰণ। ইয়াৰ কাৰণটো হল আইন আৰু চৰকাৰী অনুষ্ঠানসমূহৰ মাজৰ পাৰস্পৰিক নিৰ্ভৰশীলতা। সেয়ে ৰাজনীতি বিজ্ঞান অধ্যয়নত প্ৰাচীন অথবা পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ভিতৰত আইনগত দৃষ্টিভংগীৰ যথেষ্ট গুৰুত্ব আছে। এই দৃষ্টিভংগীয়ে আইন আৰু সংবিধানৰ দ্বাৰা সৃষ্টি কৰা ৰাজনৈতিক অনুষ্ঠানসমূহৰ গঠন আৰু কাৰ্যাৱলীৰ আলোচনা কৰাৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠানৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। এই দৃষ্টিভংগী অনুসৰি ৰাষ্ট্ৰৰ সৰ্বপ্ৰথম কাৰ্য হল- আইন প্ৰণয়ন আৰু বলবৎকৰণ। এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ সংবিধান ৰচনা, আইনগত সাৰ্বভৌমত্ব, আইনৰ পৰিসৰ আবদ্ধ চৰকাৰী অথবা ৰাজনৈতিক অনুষ্ঠানসমূহৰ কাম-কাজৰ আলোচনা কৰে। উদাহৰণস্বৰূপে ভাৰতৰ সংসদীয় ব্যৱস্থাত এখন লিখিত সংবিধান আছে যাৰ ওপৰত ভিত্তি কৰি চৰকাৰী অনুষ্ঠানসমূহে কাৰ্যসম্পাদন কৰে। আকৌ সাংসদৰ মূল কাৰ্য হল- আইন প্ৰণয়ন আৰু সংশোধন। আনহাতে সংসদৰ সৈতে একেলগে কাৰ্য সম্পাদন কৰি থকা কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ কাম হল সংসদে প্ৰণয়ন কৰা।

    ভাৰতবৰ্ষৰ ৰাজনীতি অধ্যয়নতো আইনগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিভিন্ন ৰাজনৈতিক চিন্তাবিদ, লেখক, গৱেষকৰ ৰচনাত আইনগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিলক্ষিত হয়। বিভিন্ন ৰাজনৈতিক চিন্তাবিদ, লেখক, গৱেষকৰ ৰচনাত আইনগত দৃষ্টিভংগীৰ প্ৰভাৱ পৰিছে। এইসকলৰ ভিতৰত দুৰ্গা দাস বসু, এম ভি পাইলী, এম চি চিটলভাড, এ গ্লেডহিল, বি ৰাও আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।

আধুনিক দৃষ্টিভংগী-

সমাজতাত্ত্বিক দৃষ্টিভংগী- সমাজতাত্ত্বিক দৃষ্টিভংগী সাম্প্ৰতিক সময়ৰ ৰাজনীতি অধ্যয়নৰ এক অবিচ্ছেদ্য দৃষ্টিভংগীত পৰিণত হৈছে। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকলৰ ভিতৰত ডেভিদ ইষ্টন, গেব্ৰিয়েল আলমণ্ড, মেক আইভাৰ আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি। তেওঁলোকৰ মতে ৰাষ্ট্ৰ ৰাজনৈতিক অনুষ্ঠানতকৈ অধিক পৰিমাণে সামাজিক অনুষ্ঠান। ব্যক্তিৰ ৰাজনৈতিক আচৰণ ভালদৰে বুজিবলৈ সমাজতাত্ত্বিক দৃষ্টিভংগী খুবেই প্ৰয়োজনীয়। সমাজাত্ত্বিক অধ্যয়নে মানুহৰ ৰাজনৈতিক আচৰণ, গোটগট আচৰণ আৰু গোট, সংস্কৃতি, সমাজৰ দৃষ্টিকোণৰ অধ্যয়ন সামৰি লয়। উল্লেখযোগ্য যে এইসমূহৰ অধ্যয়ন ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰো অন্তৰ্ভূক্ত। সংস্কৃতিয়ে বিভিন্ন ধৰণে ব্যক্তিৰ ৰাজনৈতিক আচৰণক প্ৰভাৱিত কৰে। ৰাজনীতিৰ অধ্যয়নত ৰাজনৈতিক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ৰাজনৈতিক সংস্কৃতি হল ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক বিষয় সম্পৰ্কে সমাজৰ দৃষ্টিকোণ, বিশ্বাস, আৱেগ আৰু প্ৰমূল্যবোধ। ৰাজনৈতিক সামাজিকীকৰণে এটা প্ৰজন্মৰ পৰা অইন এটা প্ৰজন্মলৈ ৰাজনৈতিক প্ৰমূল্যবোধ কঢ়িয়াই নিয়ে।

    ভাৰতৰ ৰাজনীতিত সামাজিক উপাদানসমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা অধ্যয়ন তুলনামূলকভাৱে নতুন। বিশেষকৈ স্বাধীনতা লাভৰ পিছৰ পৰাহে সমাজতাত্ত্বিক দৃষ্টিভংগীৰ জৰিয়তে ভাৰতৰ ৰাজনীতিৰ অধ্যয়ন জনপ্ৰিয় হৈ উঠে। ভাৰতীয় সমাজৰ বিভিন্ন উপাদান, যেনে- গ্ৰাম্য ব্যৱস্থা, সম্প্ৰদায়, জাতিবাদ, শ্ৰেণীবৈষম্য, ধৰ্মীয় বিশ্বাস আদিয়ে ভাৰতৰ ৰাজনীতিত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে, ইয়াৰ অধ্যয়ন ভাৰতবৰ্ষত বিভিন্ন সময়ত চলি আহিছে। বি এইচ বাডেন-পাৱেল, এল এছ এছ অ মাল্লে, এম এন শ্ৰীনিবাস আদিয়ে সমাজতাত্ত্বিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ৰাজনীতিৰ আলোচনা কৰিছে।

আচৰণবাদী দৃষ্টিভংগী- ৰাজনীতি বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ আধুনিক দৃষ্টিভংগী হল আচৰণবাদী দৃষ্টিভংগী। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতি বিজ্ঞানীসকলৰ প্ৰচেষ্টাত আচৰণবাদী দৃষ্টিভংগীৰ যাত্ৰা আৰম্ভ হৈছিল। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ বহু পূৰ্বৰ পৰা এই দৃষ্টিভংগীৰ আলোচনা হৈ আছিল বুলিব পাৰি। জীৱ বিজ্ঞানী লুডউইগ ভন বাৰ্টালানফিৰ সাধাৰণ ব্যৱস্থাক তত্ত্ব আচৰণবাদী দৃষ্টিভংগীৰ ভেঁটি হিচাপে গণ্য কৰা হয়।

    ৰাজনীতি বিজ্ঞানত আচৰণবাদৰ সূত্ৰপাত ঘটে বিংশ শতিকাৰ আৰম্ভণিতে গ্ৰাহাম ৱালাছৰ ' Human Nature in Politics' আৰু আৰ্থাৰ বেণ্টলিৰ ' The Process of Government নামৰ গ্ৰন্থ দুখনৰ জৰিয়তে। ১৯০৮ চনত প্ৰকাশিত এই গ্ৰন্থ দুখনৰ ৱালাছ আৰু বেণ্টলিয়ে ৰাজনৈতিক অনুষ্ঠানসমূহৰ গুৰুত্ব হ্ৰাস কৰি ৰাজনীতিৰ অনানুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯২০ ৰ দশকটোত চাৰ্লছ ই মেৰিয়াম আৰু জি ই জি কেটলিন আৰু ১৯৩০ ৰ দশকটোত হেৰল্ড লাছৱেলে এই দৃষ্টিভংগীৰ বিকাশত যথেষ্ট অৰিহণা আগবঢ়ায়। মৰিয়ামৰ ' New Aspects of Politics, কেটলিনৰ 'The Science and Method in Politics' আৰু লাছৱেলৰ ' Psycho-Pathology and Politics' আচৰণবাদৰ তিনিখন উল্লেখনীয় গ্ৰন্থ। আচৰণবাদৰ বিকাশত মেৰিয়ামৰ অৱদান অনৱদ্য। সেয়ে তেওঁক আচৰণবাদৰ 'বৌদ্ধিক পিতৃ' আখ্যা দিয়া হয়। আচৰণবাদী দৃষ্টিভংগীৰ অন্যতম প্ৰবক্তা ডেভিদ ইষ্টনে আচৰণবাদৰ 'বৌদ্ধিক আধাৰশিলা' নামৰে আঠটা চাৰিত্ৰিক বৈশিষ্ট্য উদ্ভাৱন কৰে।

২। ভাৰতৰ ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহ হল-

৩। ভাৰতৰ ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগীসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ৰাজনীতি অধ্যয়নৰ আধুনিক দৃষ্টিভংগীসমূহ হল-

৪। ভাৰতৰ ৰাজনীতি অধ্যয়নৰ আচৰণবাদী দৃষ্টিভংগীৰ সমালোচনাত্মক আলোচনা কৰা।

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ আধুনিক দৃষ্টিভংগী হল আচৰণবাদী দৃষ্টিভংগী। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতি বিজ্ঞানীসকলৰ প্ৰচেষ্টাত আচৰণবাদী দৃষ্টিভংগীৰ যাত্ৰা আৰম্ভ হৈছিল। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ বহু পূৰ্বৰ পৰা এই দৃষ্টিভংগীৰ আলোচনা হৈ আছিল বুলিব পাৰি। জীৱ বিজ্ঞানী লুডউইগ ভন বাৰ্টালানফিৰ সাধাৰণ ব্যৱস্থাক তত্ত্ব আচৰণবাদী দৃষ্টিভংগীৰ ভেঁটি হিচাপে গণ্য কৰা হয়।

    ৰাজনীতি বিজ্ঞানত আচৰণবাদৰ সূত্ৰপাত ঘটে বিংশ শতিকাৰ আৰম্ভণিতে গ্ৰাহাম ৱালাছৰ ' Human Nature in Politics' আৰু আৰ্থাৰ বেণ্টলিৰ ' The Process of Government নামৰ গ্ৰন্থ দুখনৰ জৰিয়তে। ১৯০৮ চনত প্ৰকাশিত এই গ্ৰন্থ দুখনৰ ৱালাছ আৰু বেণ্টলিয়ে ৰাজনৈতিক অনুষ্ঠানসমূহৰ গুৰুত্ব হ্ৰাস কৰি ৰাজনীতিৰ অনানুষ্ঠানিক প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯২০ ৰ দশকটোত চাৰ্লছ ই মেৰিয়াম আৰু জি ই জি কেটলিন আৰু ১৯৩০ ৰ দশকটোত হেৰল্ড লাছৱেলে এই দৃষ্টিভংগীৰ বিকাশত যথেষ্ট অৰিহণা আগবঢ়ায়। মৰিয়ামৰ ' New Aspects of Politics, কেটলিনৰ 'The Science and Method in Politics' আৰু লাছৱেলৰ ' Psycho-Pathology and Politics' আচৰণবাদৰ তিনিখন উল্লেখনীয় গ্ৰন্থ। আচৰণবাদৰ বিকাশত মেৰিয়ামৰ অৱদান অনৱদ্য। সেয়ে তেওঁক আচৰণবাদৰ 'বৌদ্ধিক পিতৃ' আখ্যা দিয়া হয়। আচৰণবাদী দৃষ্টিভংগীৰ অন্যতম প্ৰবক্তা ডেভিদ ইষ্টনে আচৰণবাদৰ 'বৌদ্ধিক আধাৰশিলা' নামৰে আঠটা চাৰিত্ৰিক বৈশিষ্ট্য উদ্ভাৱন কৰে।

৫। ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতি আৰু বৈশিষ্ট্যৰ আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰৰ ধাৰণাটো ৰাজনীতি বিজ্ঞানৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ধাৰণা। পুৰণি কালত অধিকাংশ ৰাজনৈতিক চিন্তাবিদ আৰু ৰাজনীতি বিজ্ঞানীয়ে ৰাজনীতি বিজ্ঞান আৰু ৰাষ্ট্ৰৰ সমাৰ্থভাৱে ব্যৱহাৰ কৰিছিল। বিংশ শতিকাৰ প্ৰথমাৰ্ধ্বৰ শেহলৈকে ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিৰ ভিতৰত ৰাষ্ট্ৰ আৰু ইয়াৰ বিভিন্ন দিশ, পৰিয়াল, জাতি, বিভিন্ন ব্যক্তিগত সংস্থা আৰু গোষ্ঠী অন্তৰ্ভূক্ত হৈ আছিল। উদাহৰণস্বৰূপে ড॰ গাৰ্ণাৰে ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে এইদৰে- ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰত আৰু ৰাষ্ট্ৰতেই শেষ। ৰাষ্ট্ৰৰ মৌলিক উপাদান চাৰিটা হল- জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ড চৰকাৰ আৰু সাৰ্বভৌমত্ব।

    ৰাষ্ট্ৰ এক স্থিতিশীল ধাৰণা নহয়। অতীজৰ পৰা ৰাষ্ট্ৰ ধাৰণাটো বিভিন্ন সময়ত বিভিন্ন পৰিৱৰ্তন হৈ আহিছে। পশ্চিমৰ আধুনিক যুগৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰৰ ধাৰণাৰ বিস্তৰ পৰিৱৰ্তন হৈ অহাৰ ফলস্বৰূপে চৰম ৰাজতন্ত্ৰ পৰিণত হৈছে সাংবিধানিক ৰাজতন্ত্ৰত, যত ব্যক্তি হিচাপে ৰজাৰ প্ৰতি জনসাধাৰণৰ আনুগত্য ৰূপান্তৰিত হৈছে অনুষ্ঠান হিচাপে ৰজাৰ প্ৰতি আনুগত্যত। সেয়ে ইংলেণ্ডত ৰজা আৰু ৰাজসত্ত্বা দুটা ভিন্ন ধাৰণা হিচাপে আলোচিত হয়। বৰ্তমানৰ ৰাষ্ট্ৰৰ ধাৰণাটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছে ৰাজসত্ত্বা দুটা ভিন্ন ধাৰণা হিচাপে আলোচিত হয়। বৰ্তমানৰ ৰাষ্ট্ৰৰ ধাৰণাটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছে গণতান্ত্ৰিক শাসন ব্যৱস্থা। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ধাৰণাৰ উদ্ভৱে জাতি-ৰাষ্ট্ৰ আৰু বিশ্ব-ৰাষ্ট্ৰ ধাৰণাৰ মাজত পৃথকীকৃত সীমা হিচাপে কাৰ্য সম্পাদন কৰিছে।

    ৰাষ্ট্ৰৰ চাৰিটা মৌলিক উপাদানৰ উপস্থিতিৰ পিছতো এটা কথা কব পাৰি যে ৰাষ্ট্ৰসমূহৰ প্ৰকৃতি ভিন্নধৰ্মী। কিয়নো, সমাজ, চৰকাৰ, অনুষ্ঠান আদিৰ প্ৰকৃতি ৰাষ্ট্ৰভেদে সুকীয়া। সমাজৰ প্ৰকৃতিয়ে ৰাষ্ট্ৰৰ প্ৰকৃতি নিৰ্ণয় কৰে। অৰ্থাৎ এখন ৰাষ্ট্ৰই যিখন সমাজৰ ভিতৰত থাকি কাৰ্যসম্পাদন কৰে, সেই সমাজৰ প্ৰকৃতিৰ ওপৰত ৰাষ্ট্ৰখনৰ কাৰ্যৰ প্ৰকৃতি বহু পৰিমাণে নিৰ্ভৰ কৰে।

    ভাৰতবৰ্ষ তৃতীয় বিশ্বৰ এক উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ সফলতা আৰু বিফলতা ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল। ভাৰতবৰ্ষ এখন উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে। সেয়ে ৰাজনৈতিক দলৰ উপস্থিতি ভাৰত ৰাষ্ট্ৰৰ এক অপৰিহাৰ্য পৰিচয়। ইয়াৰ লগতে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোও ভাৰত ৰাষ্ট্ৰত প্ৰতিফলিত হৈ আহিছে। ভাৰতত ৰাষ্ট্ৰৰ প্ৰকৃতিৰ বিষয়ে জানিবলৈ হলে ইয়াৰ সামাজিক আৰু আনুষ্ঠানিক আন্তঃগাঁথনিৰ লগতে সামাজিক ভেঁটিৰ বিষয়ে অধ্যয়ন কৰাৰ দৰকাৰ। ভাৰতবৰ্ষ এখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ। ভাৰতবৰ্ষই স্বতন্ত্ৰভাৱে আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰে।

ভাৰতৰাষ্ট্ৰৰ প্ৰকৃতি প্ৰতিফলিত কৰা বৈশিষ্ট্যসমূহ হল-

১) উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ- ভাৰতবৰ্ষ এখন উদাৰতাবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ। অৰ্থাৎ ভাৰতবৰ্ষত গণতন্ত্ৰ বা জনসাধাৰণৰ শাসন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

৬। ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পৰ্কীয় উদাৰতাবাদী দৃষ্টিভংগীৰ সমালোচনাত্মক আলোচনা কৰা।

উত্তৰঃ পুঁজিপতি শ্ৰেণীৰ এটা মতাদৰ্শ হিচাপে ১৭ শতিকাত উদাৰতাবাদী ৰাজনৈতিক দৰ্শনৰ জন্ম হয়। ছেবাইনৰ ভাষাত- লক আৰু জন ষ্টুৱাৰ্ট মিলৰ মাজৰ সময়ছোৱাত বিকাশ হোৱা সকলো সামাজিক তত্ত্বৰ ব্যক্তিবাদে যুক্তিৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে যিটো শ্ৰেণীয়ে ঘাইকৈ ইয়াৰ সৃষ্টি কৰিছে সেই শ্ৰেণীটোৰ স্বাৰ্থৰ সৈতে বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰিছিল। ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱ আছিল উদাৰতাবাদৰ বিষয় যাৰ জৰিয়তে পূৰ্বৰ ভূস্বামী অথবা অভিজাততন্ত্ৰৰ চিৰাচৰিত আধিপত্য নস্যাৎ কৰি উদীয়মান মধ্যবিত্ত শ্ৰেণী অথবা পুঁজিপতিসকলৰ আধিপত্য স্থাপন হয়। আৰম্ভণিৰ সময়ছোৱাত উদাৰতাবাদ প্ৰধানকৈ ব্যক্তিবাদী চৰিত্ৰৰ আছিল আৰু এই দৰ্শন লক আৰু জেৰেমী বেন্থামৰ ৰাজনৈতিক ধাৰণাত প্ৰতিফলিত হৈছিল। আৰম্ভণিৰ উদাৰতাবাদে মুক্ত বজাৰ আৰু ব্যক্তিৰ সৰ্বাধিক স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। এনে এক দৰ্শনত ৰাষ্ট্ৰৰ কাৰ্যকলাপৰ পৰিসৰ যথেষ্ট সীমিত আছিল।

সামগ্ৰিকভাৱে উদাৰতাবাদী মতাদৰ্শই দুটা গুৰুত্বপূৰ্ণ বিষয়ত মনোনিৱেশ কৰে। এই দিশ দুটা হল- ব্যক্তিৰ স্বতন্ত্ৰতা আৰু সীমিত ৰাষ্ট্ৰৰ ধাৰণা। ব্যক্তিবাদী উদাৰতাবাদৰ প্ৰবক্তাসকলে ব্যক্তিক ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰে। এইসকলৰ মতে ব্যক্তিৰ পৰাই সকলো আৰম্ভ হৈ ব্যক্তিলৈ সকলো উভতি আহে।

৭। ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পৰ্কীয় মার্ক্সবাদী দৃষ্টিভংগীৰ সমালোচনাত্মক আলোচনা কৰা।

উত্তৰঃ উদাৰতাবাদৰ প্ৰতিক্ৰিয়াস্বৰূপে মাৰ্ক্সবাদী মতাদৰ্শৰ উদ্ভৱ হৈছিল। উদাৰতাবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে মাৰ্ক্সবাদী মতাদৰ্শৰ উদ্ভৱ হৈছিল। উদাৰতাবাদে যদিও স্বাধীনতা, মানৱ অধিকাৰ আৰু সাংবিধানিক গণতন্ত্ৰ প্ৰদানৰ কথা কয়, তথাপি এই দৃষ্টিভংগীয়ে অসমতা, শোষণ আৰু বিচ্ছিন্নতা ৰ পথ মুকলি কৰি দিয়ে। মাৰ্ক্সবাদে সমতা আৰু এখন শ্ৰেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে। জাৰ্মান মণীষী কাৰ্ল মাৰ্ক্সে বিকাশ সাধন কৰা বৈজ্ঞানিক সমাজবাদ অথবা মাৰ্ক্সবাদৰ অন্যান্য প্ৰবক্তাসকলৰ ভিতৰত ফ্ৰিডৰেক এংগেলছ,লেনিন, ষ্টেলিন, মাও চে টুং, এণ্টনিও গ্ৰামছি আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।

    মাৰ্ক্সৰ তত্ত্ব ঘাইকৈ ঐতিহাসিক বস্তুবাদ অথবা ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যাৰ ওপৰত আধাৰিত। মাৰ্ক্সৰ মতে অৰ্থনৈতিক অথবা বস্তুবাদী কাৰক ইতিহাসৰ মূল চালিকা শক্তি। উৎপাদন সম্পৰ্কৰ ওপৰত ভিত্তি কৰি সমাজৰ অৰ্থনৈতিক গাঁথনিটো গঢ় লৈ উঠে। এই গাঁথনিটোৰ ওপৰতে বিভিন্ন অতি গাঁথনি গঢ় লৈ উঠে আৰু ইয়াৰ ভিতৰত ৰাষ্ট্ৰ অন্যতম। অৰ্থনৈতিক গাঁথনিৰ পৰিৱৰ্তনে অন্যান্য অতি গাঁথনিৰ লগতে ৰাষ্ট্ৰৰো পৰিৱৰ্তন সাধন কৰে।  অৰ্থাৎ ৰাষ্ট্ৰ এটা স্থিতিশীল ধাৰণা নহয়। ই পৰিৱৰ্তিত পৰিৱেশৰ সৈতে পৰিৱৰ্তন হয়।

৮। ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্পৰ্কীয় গান্ধীবাদী দৃষ্টিভংগীৰ সমালোচনাত্মক আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰ সম্পৰ্কীয় গান্ধীজীৰ ধাৰণা অথবা দৃষ্টিকোণৰ মূল ভেঁটি হল তেওঁৰ অহিংসা নীতি। তেওঁৰ মতে অহিংসাৰ জৰিয়তে সত্য উপলব্ধি কৰিব পাৰি। এগৰাকী আদৰ্শবাদী হিচাপে গান্ধীজীয়ে এখন আদৰ্শ ৰাষ্ট্ৰৰ পৰিকল্পনা কৰিছিল যাক তেওঁ ৰামৰাজ্য আখ্যা দিছে। গান্ধীজীৰ ৰাষ্ট্ৰ সম্পৰ্কীয় দৃষ্টিকোণত নৈৰাজ্যবাদী লেখক লিও টলষ্টয়ৰ প্ৰভাৱ বহু পৰিমাণে পৰিলক্ষিত হয়। গান্ধীজীৰ ৰাষ্ট্ৰ সম্পৰ্কীয় দৃষ্টিকোণত নৈৰাজ্যবাদী লেখক লিঅ টলষ্ট্ৰয়ৰ প্ৰভাৱ বহু পৰিমাণে পৰিলক্ষিত হয়। গান্ধীজীৰ পিছৰ পৰ্যায়ৰ ব্যক্তিগত সচিব আৰু জীৱনীকাৰ প্যাৰেলাল ন্যায়াৰৰ মতে গান্ধীজীৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী সম্পূৰ্ণৰূপে টলষ্টয়ে গঢ় দিছে। ইয়াৰোপৰি ৰাষ্ট্ৰ সম্পৰ্কীয় গান্ধীজীৰ চিন্তা-ধাৰণাত ডেভিদ থৰোৰ প্ৰভাৱো যথেষ্ট পৰিমাণে পৰিছে। ১৯০৮ চনত প্ৰকাশ হোৱা হিন্দ স্বৰাজ গ্ৰন্থত গান্ধীজীৰ ৰাষ্ট্ৰ সম্পৰ্কীয় চিন্তা-চৰ্চাৰ প্ৰথম প্ৰকাশ ঘটে।

    ইতিমধ্যে উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰ সম্পৰ্কীয় চিন্তাধাৰাত গান্ধীজীয়ে বিভিন্ন মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছে। সেয়ে তেওঁক নৈৰাজ্যবাদীসকলৰ ভিতৰত ব্যক্তিবাদী, ব্যক্তিবাদীসকলৰ ভিতৰত উদাৰতাবাদী উদাৰতাবাদীসকলৰ ভিতৰত সমাজবাদী,সমাজবাদীসকলৰ ভিতৰত মাৰ্ক্সবাদী, মাৰ্ক্সবাদীসকলৰ ভিতৰত আধ্যাত্মিকতাবাদী আখ্যা দিয়া হয়।

Question type- Leena Kakati
Answered by- Leena Kakati

Post ID: DABP002242