Chapter 9
লিপিৰ পৰিচয় আৰু ভাৰতীয় লিপি
অতি চমু প্রশ্নোত্তৰঃ
১। লিপি কাক বোলে?
উত্তৰ: মানুহে ভাষা ক'বলৈ মুখেৰে উচ্চাৰণ কৰা ধ্বনিসমূহক যি প্রতীকচিহ্ন বা ৰেখাচিত্ৰৰ সহায়ত লিখা বা অংকন কৰা হয়, তাকে লিপি বোলে। লিপিক বাণী বা ভাষাৰ লৈখিক প্ৰতিৰূপ বুলিব পাৰি। অর্থাৎ লিপি মানে হ'ল মানুহে মুখেৰে উচচাৰণ কৰা ধ্বনিসমূহক প্রতিনিধিত্ব কৰা প্ৰতীকচিহ্ন বা ৰেখাচিত্র।
২। লিপিৰ আভিধানিক অর্থ কি?
উত্তৰ: ব্যক্ত বাণীৰ লেখিক প্ৰতিৰূপ।
৩। বিশ্বৰ প্ৰাচীনতম লিপি কি?
উত্তৰঃ ক্যুনিফর্ম বা বাণমুখ-লিপি বিশ্বৰ প্ৰাচীনতম লিপি।
৪। পাণিনিৰ বিখ্যাত পুথিখনৰ নাম কি?
উত্তৰ: অষ্টাধ্যায়ী।
৫। 'বিশ্ব লিপিৰ ভূমিকা' পুথিখনৰ লেখক কোন?
উত্তৰঃ নাৰায়ণ দাস।
৬। 'অসমীয়া লিপি' পুথিখনৰ লেখক কোন?
উত্তৰঃ উপেন্দ্ৰনাথ গোস্বামী।
৭। 'ইবোকোৱা' আদিবাসীসকল ক'ৰ আছিল।
উত্তৰঃ উত্তৰ আমেৰিকাৰ।
৮। 'বামপুম' কি?
উত্তৰ: উত্তৰ আমেৰিকাৰ ইৰোকোৱা আদিবাসীসকলৰ মাজত প্রচলিত গ্রন্থিলিপিৰ সমপৰ্যায়ৰ সাংকেতিক পদ্ধতি। ই হ'ল শামুকৰ খোলাৰে বোৱা এক বিশেষ টঙালি।
৯। লিপিৰ বিকাশক প্ৰধানকৈ কেইটা আৰু কি কি ভাগত বিভক্ত কৰিছে?
উত্তৰ: লিপিৰ বিকাশক প্রধানকৈ ছয়টা ভাগত বিভক্ত কৰা হৈছে। যেনে- (১) চিত্র-লিপি, (২) সূত্র লিপি, (৩) প্রতীকাত্মক লিপি, (৪) ভাবমূলক লিপি, (৫) ভাবধ্বনিমূলক লিপি আৰু (৬) ধ্বনিমূলক লিপি।
১০। অসমীয়া লিপিৰ কোন লিপিৰ পৰা বিকাশ সাধন হৈছে?
উত্তৰঃ গুপ্তাকালীন ব্রাহ্মী লিপিৰ উত্তৰ ভাৰতীয় পূৰ্বী শাখাৰ পৰা।
১১। অসমীয়া লিপিৰ মূল কি?
উত্তৰ: অসমীয়া লিপি কুটিল লিপিৰে বিৱৰ্তনৰ পৰিণতি।
১২। খৰোষ্ঠী লিপিয়ে কেতিয়া বিকাশ লাভ কৰে?
উত্তৰ: আনুমানিক খ্ৰীষ্টপূর্ব পঞ্চম শতিকা মানত খৰোষ্ঠী লিপিয়ে বিকাশ লাভকৰে।
১৩। আধুনিক অসমীয়া লিপিৰ কাল কেতিয়া আৰম্ভ হয়?
উত্তৰঃ ১৮১৩ চনৰ পিছৰ পৰা।
১৪। ব্রাহ্মী লিপিৰ প্ৰাচীন নিদর্শন ক'ত পোৱা হৈছে?
উত্তৰ: নেপালৰ 'পিপৰাৱা স্তুপ' আৰু আজমিৰ জিলাৰ 'বডলী' গাঁৱৰ শিলালেখত পোৱা হৈছে।
১৫। কানাই বৰশীবোৱা শিলালিপিক কি লিপিৰ অন্তৰ্ভুক্ত কৰিব পাৰি?
উত্তৰ: 'কামৰূপী লিপি'ৰ অন্তৰ্ভুক্ত কৰিব পাৰি।
১৬। কানাই বৰশীবোৱা শিলাখণ্ডত কেইটা শ্লোক খোদিত হৈছে?
উত্তৰ: এটি শ্লোক খোদিত হৈছে।
১৭। এতিয়ালৈকে প্রাপ্ত অসমীয়া লিপিৰ প্ৰাচীনতম নিদর্শন কি?
উত্তৰ: নগাজৰী খনিকৰ গাঁও প্রস্তৰ খণ্ড লিপিখনেই হৈছে এতিয়ালৈকে প্রাপ্ত অসমীয়া লিপিৰ প্রচীনতম নিদর্শন।
১৮। 'অসমীয়া প্রাচীন লিপি' পুথিখনৰ ৰচক কোন?
উত্তৰঃ সৰ্বেশ্বৰ কটকী।
১৯। মধ্যযুগীয়া অসমীয়া লিপিৰ তিনিটা প্রধান ৰীতি বা শৈলী কি কি?
উত্তৰ: মধ্যযুগীয়া অসমীয়া লিপিৰ তিনিটা প্রধান ৰীতি বা শৈলী হ'ল-
(১) গড়গঞা,
(২) কাইথেলী আৰু
(৩) বামুণীয়া শৈলী।
২০। আধুনিক অসমীয়া লিপি বা ছপা আখৰৰ উদ্ভৱকৰ্তা বুলি কাক কোৱা হয়?
উত্তৰঃ আধুনিক অসমীয়া লিপি বা ছপা আখৰৰ উদ্ভৱকৰ্তা হ'ল আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল।
২১। উপেন্দ্রনাথ গোস্বামীয়ে লিপিৰ স্তৰক কেইটা ভাগ কৰিছে।
'উত্তৰঃ ছয়টা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল- (ক) চিত্রলিপি, (খ) সূত্র লিপি, (গ) প্রতীকাত্মক লিপি, (ঘ) ভাৱমূলক লিপি, (ঙ) ভাৱধ্বনিমূলক লিপি, (চ) ধ্বনিমূলক লিপি।
২২। 'Gems of Chinese Literature'ৰ লেখক কোন?
উত্তৰঃ এইচ গিলছ।
২৩। ধ্বনি কাক বোলে?
উত্তৰ: মানুহৰ হাঁওফাঁওৰপৰা ওলাই অহা বায়ু প্রবাহ স্বৰতন্ত্ৰী অতিক্ৰম কৰি বাকযন্ত্ৰত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন অংগৰ সঞ্চালনৰ উচ্চাৰিত বায়ুপ্রবাহৰ নামেই ধ্বনি।
২৪। ধ্বনি লিপিৰ ভাগ কেইটা?
উত্তৰ: ধ্বনি লিপিৰ ভাগ দুটা। যেনে- (ক) অক্ষৰাত্মক বা অক্ষৰ লিপি, (খ) বর্ণনাত্মক বা বর্ণ লিপি।
২৫। অক্ষৰ কি?
উত্তৰ: এটা মাথোন স্পন্দত উচ্চাৰিত নাদ বা মুখৰতাৰ ধ্বনিসমষ্টিক অক্ষৰ বোলে।
২৬। বাণমুখ লিপিৰ নিদৰ্শন প্রথম ক'ত পোৱা যায়?
উত্তৰ: এই লিপিৰ প্ৰাচীনতম নিদর্শন উদ্ধাৰ হৈছে 'উৰুক' অর্থাৎ বাইবেলত বর্ণিত 'ইৰেক' অঞ্চলত।
২৭। ব্রাহ্মী লিপিৰ ভাগ কেইটা?
উত্তৰঃ ব্রাহ্মী লিপিৰ ভাগ দুটা-
(ক) উত্তৰ ব্ৰাহ্মীলিপি,
(খ) দক্ষিণ ব্রাহ্মীলিপি।
২৮। খৰোষ্ঠী লিপিৰ প্ৰাচীনতম নিদর্শন ক'ত পোৱা যায়?
উত্তৰঃ তক্ষশীলাৰ ওচৰত পোৱা অশোকৰ শাহবাজগঢ়ী আৰু মানসেৰাৰত পোৱা যায়।
২৯। খৰোষ্ঠী লিপিৰ কিহৰ আধাৰত নিৰ্মিত হয়?
উত্তৰ: গান্ধাৰ দেশত প্রচলিত আৰামেইক লিপিৰ আধাৰত খৰোষ্ঠী লিপি নির্মিত হৈছিল।
৩০। ব্রাহ্মী লিপিৰ প্ৰপ্রাচীনতম নিদৰ্শন ক'ত পোৱা যায়?
উত্তৰঃ ব্ৰাহ্মী লিপিৰ প্ৰাচীনতম নিদর্শন নেপালৰ 'পিপৰাৱা' স্তুপ আৰু আজমিৰ জিলাৰ 'বডলি' গাঁৱৰ শিলালেখত পোৱা যায়।
৩১। আলবেৰুণীয়ে লিপি সম্পর্কে লিখা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ 'আলবেৰুণীজ ইণ্ডিয়া'।
৩২। কুটিল লিপিৰ আখৰৰ আন এটা নাম কি?
উত্তৰঃ কুটিল লিপিৰ আখৰৰ আন এটা নাম 'কুটিলাক্ষৰ'।
চমু প্রশ্নোত্তৰ:
১। লিপি বুলিলে কি বুজা?
উত্তৰ: মানুহে ভাষা ক'বলৈ মুখেৰে উচ্চাৰণ কৰা ধ্বনিসমূহক যি প্রতীকচিহ্ন বা ৰেখাচিত্ৰৰ সহায়ত লিখা বা অংকন কৰা হয়, তাকে লিপি বোলে। লিপিক বাণী বা ভাষাৰ লৈখিক প্ৰতিৰূপ বুলিব পাৰি। 'লিপি' অভিধানটিৰ প্ৰথম প্ৰয়োগ মহর্ষি পাণিনিৰ অষ্টাধ্যায়ী নামৰ ব্যাকৰণ পুথিত পোৱা যায়। সংস্কৃত 'লিপ্' ধাতুৰ লগত 'ইন্' প্রত্যয় যোগ হৈ 'লিপি' শব্দটো গঠিত হৈছে। ইয়াৰ ব্যুৎপত্তিগত অর্থ হৈছে ব্যক্ত বাণীৰ লৈখিক ৰূপ।
২। লিপিৰ কিদৰে উদ্ভৱ হয়?
উত্তৰ: মানুহৰ মগজুৰ ভাৱনা বা ঘটনা-প্রবাহক ভৱিষ্যতৰ কাৰণে স্মৃতিত ধৰি ৰাখিবলৈ কৰা প্ৰচেষ্টাই আছিল লিপি উদ্ভাৱনৰ কাৰণ। কেতিয়াবা কিবা কাৰণত কোনো এটি চিহ্নই কিবা কথা বা ঘটনাক ভবিষ্যতত মনত পেলাবলৈ কোনো এটা দাগ কোনো নির্দিষ্ট ঠাইত হাতেৰে কাটি নাইবা কিহবাৰে আঁকি দিয়া কামটোৱেই বোধকৰো লিপি উদ্ভাৱনৰ প্ৰথম আৰু আৰম্ভণ আছিল।
৩। লিপিৰ বিকাশক প্রধানকৈ কেইটা আৰু কি কি ভাগত বিভক্ত কৰিছে?
উত্তৰঃ লিপিৰ বিকাশক প্রধানকৈ ছয়টা ভাগত বিভক্ত কৰা হৈছে। যেনে- (১) চিত্র লিপি, (২) সূত্র লিপি, (৩) প্রতীকাত্মক লিপি, (৪) ভাবমূলক লিপি, (৫) ভাবধ্বনিমূলক লিপি আৰু (৬) ধ্বনিমূলক লিপি।
৪। লিপিৰ উদ্ভৱৰ কালছোৱাৰ পৰা আজিকোপতি কি কি লিপিৰ ব্যৱহাৰ কৰা হৈছে?
উত্তৰ: পৃথিৱীত আজিকোপতি যিমানবোৰ লিপিৰ প্ৰচলন ঘটিছে সেই আটাইবোৰক ঘাইকৈ দুটা ভাগত ভগোৱা হৈছে- (ক) আখৰ বা বৰ্ণযুক্ত লিপি আৰু (খ) আখৰহীন বা বর্ণহীন লিপি। দেৱনাগৰী, অসমীয়া, ৰোমান আদি আখৰ বা বৰ্ণযুক্ত লিপিৰ উদাহৰণ আৰু আখৰহীন বা বর্ণহীন লিপিৰ উদাহৰণ হৈছে-চীনা, বাণমুখ আদি।
৫। ভাৰতীয় লিপিৰ উদ্ভৱৰ কালছোৱাত কি কি লিপিৰ ব্যৱহাৰ হৈছিল?
উত্তৰঃ ভাৰতীয় লিপিৰ উদ্ভৱৰ কালছোৱাত সিন্ধু লিপিৰ পাছত ব্ৰাহ্মী আৰু খৰোষ্ঠী লিপি পোৱা যায়।
৬। ব্রাহ্মী লিপিৰ বিকাশৰ স্তৰ কেইটা আৰু কি কি?
উত্তৰ: ব্রাহ্মীলিপিৰ বিকাশৰ স্তৰ প্ৰধানতঃ চাৰিটা। যেনে- (১) অশোকৰ অনুশাসনৰ লিপি, (২) কুশান যুগৰ লিপি, (৩) গুপ্ত যুগৰ লিপি আৰু (৪) প্রাচীন আঞ্চলিক লিপিৰ আদি ৰূপ।
৭। ব্রাহ্মী লিপি কোন ফালৰ পৰা লিখা হয়? ব্রাহ্মী লিপিৰ ভাগ দুটা কি কি?
উত্তৰঃ ব্রাহ্মীলিপি বাঁওফালৰ পৰা সোঁফাললৈ লিখা হয়। ব্রাহ্মীলিপিৰ ভাগ দুটা হ'ল- (১) উত্তৰ ব্ৰাহ্মী আৰু (২) দক্ষিণ ব্রাহ্মী।
৮। খ্রীষ্টিয় পঞ্চম শতিকাৰ পৰা সাম্প্ৰতিক কাললৈকে অসমীয়া লিপিৰ ক্ৰম বিকাশৰ ধাৰাটোক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?
উত্তৰ: খ্রীষ্টিয় পঞ্চম শতিকাৰ পৰা সাম্প্ৰতিক কাললৈকে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰাটোক প্রধানতঃ তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে-
(১) খ্রীষ্টিয় চতুর্থ-পঞ্চম শতিকাৰ পৰা ত্রয়োদশ শতিকালৈ পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি,
(২) খ্রীষ্টিয় ত্রয়োদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ মাজভাগলৈ মধ্যযুগীয়া অসমীয়া লিপি।
(৩) উনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈকে আধুনিক অসমীয়া লিপি।
৯। অসমীয়া লিপিৰ ইতিহাসৰ দ্বিতীয় স্তৰ অৰ্থাৎ মধ্যযুগীয়া অসমীয়া লিপি স্তৰটো কেতিয়াৰ পৰা আৰম্ভ হৈছে?
উত্তৰ: অসমীয়া লিপিৰ ইতিহাসৰ দ্বিতীয় স্তৰটি আৰম্ভ হয় খ্রীষ্টিয় ত্রয়োদশ শতিকাৰ প্রথমার্ধৰ 'কানাই বৰশী বোৱা তুৰস্কক্ষয়' শিলব ফলিখনৰ পৰা। এই ফলিখনৰ আখৰবোৰ আধুনিক আখৰৰ দৰে। ১৯১৮ চনত উত্তৰ গুৱাহাটীত আবিষ্কৃত এই লিপিখনত কামৰূপ আক্রমণ কৰিবলৈ আহি তুৰস্ক বাহিনী এটা ধ্বংসপ্রাপ্ত হোৱাৰ বৰ্ণনা দাঙি ধৰা হৈছে। উল্লেখনীয় যে সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু। ইয়াত খোদিত আখৰবোৰৰ সৈতে পূর্ববর্তী ভাস্কৰবৰ্মাৰ ডুবি আৰু নিধনপুৰ তাম্রশাসনৰ আখৰৰ তুলনা কৰিলে অসমীয়া লিপিৰ বিৱৰ্তনৰ গতিধাৰা স্পষ্ট হৈ পৰে।
১০। 'বামপুৰ'কি?
উত্তৰঃ 'বামপুৰ' হ'ল শামুকৰ খোলাবে তৈয়াৰী এক প্ৰকাৰৰ টঙালি। ইয়াত থকা খোলাবোৰৰ গঁথা আৰু সজোৱাৰ কৌশলত মনৰ ভাব বা বক্তব্য বিষয় লুকাই থাকে। উল্লেখ্য যে উত্তৰ আমেৰিকাৰ 'ইৰোকাৱা' নামৰ আদিবাসীসকলৰ মাজত প্ৰচলিত 'রামপুৰ' নামৰ সাংকেতিক পদ্ধতিটো গ্রন্থিলিপিৰ সমপৰ্যায়ৰ।
১১। গ্রন্থিলিপি বিষয়ক তথ্যৰ উল্লেখ ক'ত পোৱা যায়?
উত্তৰঃ খ্ৰীঃপূঃ ৪৯৮ ৩ গ্রীক ইতিহাসবিদ হেৰোডোটাছৰ ডেৰিয়াছৰ চাইথিয়া আক্রমণ বর্ণনাত গ্রন্থিলিপি বিষয়ক তথ্যৰ উল্লেখ পোৱা যায়।
১২। লিপি বিশেষজ্ঞসকলে লিপিৰ বিকাশৰ ইতিহাসক কেইটা স্তৰত বিভক্ত কৰিছে?
উত্তৰ: লিপি বিশেষজ্ঞসকলে উদ্ভৱ কালৰে পৰা বৰ্তমানলৈ লিপিৰ বিকাশৰ ইতিহাসক- (ক) চিত্র লিপি, (খ) ভাব লিপি, (গ) ভাব-ধ্বনিমূলক লিপি আৰু (ঘ) ধ্বনিমূলক লিপি- এই স্তৰকেইটাত বিভক্ত কৰিছে।
১৩। চিত্র লিপি কি?
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ চিত্ৰৰ সহায়ত মনৰ ভাব ধৰি ৰখা পদ্ধতিকে সাধাৰণভাৱে চিত্র লিপি বোলা হয়। ইয়াক মানুহৰ লেখক-কলাৰ প্ৰাৰম্ভিক স্তৰ বুলিব পাৰি। আদিম মানুহে প্রকৃতিৰ বিভিন্ন উপাদানৰ প্ৰতি কৌতূহলী হৈ সেইবোৰৰ চিত্ৰ আঁকিবলৈ যত্ন কৰিছিল। সাধাৰণতে পৰ্বতৰ মসৃণ শৈলপৃষ্ঠ, গুহাৰ বেৰ, অন্য কোনো বস্তুৰ মিহি ফাল আদিত এনে চিত্র অংকন কৰা হৈছিল। চিত্র লিপিৰ মূল উপাদান হৈছে চিত্র। গতিকে সেই চিত্ৰৰ মাজেৰে মানৱ আবেগ-অনুভূতি আদি বিমূর্ত ভাবৰাশি প্রকাশ পোৱাৰ কোনো থল নাই।
মেচোপটেমীয়া, গ্রীচ, ইটালী, ইজিপ্ত, পর্তুগাল, চাইবেৰীয়া, উজবেকিস্তান, ছিৰিয়া, স্পেইন, ফ্রান্স, ব্রাজিল, চীন, ভাৰত আদি পৃথিৱীৰ বিভিন্ন ঠাইত চিত্রলিপি আখ্যা দিব পৰা নানা বিষয়ৰ এনে বহু নিদর্শন উদ্ধাৰ হৈছে।
১৪। ভাব লিপি কি?
উত্তৰঃ চিত্ৰ লিপিৰে বিকশিত ৰূপ হৈছে ভাব লিপি। চিত্র লিপিত যে চিত্রহে থাকে আৰু সেই চিত্রই যে অকল নির্দিষ্ট বস্তুটোকহে বুজায়। ভাব লিপিত অংকন কৰা প্রতীকটোৱে বস্তু এটিক প্রত্যক্ষভাৱে নুবুজাই ইয়াৰ লগত জড়িত অন্তৰংগ ভাবটিকহে বুজায়; যেনে-অর্ধচন্দ্ৰৰ তলত তৰা আঁকিলে সি ৰাতিৰ অন্ধকাৰ বুজায়, চকুত পানীৰ টোপাল আঁকিলে সি দুখৰ সংবাদ দিয়ে, ইত্যাদি। এইবিধ লিপিৰ জৰিয়তে এটা সময়ত দীঘলীয়া তথা সংঘবদ্ধ ভাবো প্ৰেৰণ কৰা হৈছিল।
১৫। চিত্র লিপি আৰু ধ্বনিৰূপৰ সংমিশ্রণ বুলি কোনটো লিপিক কোৱা হয়?
উত্তৰঃ ভাব-ধ্বনিমূলক লিপিক চিত্র লিপি আৰু ধ্বনিৰূপৰ সংমিশ্রণ বুলিব পাৰি। এই স্তৰত আঁকা সৰলীকৃত ৰেখাচিত্ৰবোৰৰ কিছু অংশ চিত্রধর্মী, কিছু অংশ ভাব প্রকাশক আৰু কিছু অংশ বস্তুটিৰ ধ্বনিৰূপৰ পৰিচায়ক। অৰ্থাৎ এই লিপিৰ কেতবোৰ চিহ্নচিত্ৰৰ লেখীয়া আৰু কেতবোৰ আখৰৰ লেখীয়া।
১৬। লিপিৰ বিৱৰ্তনৰ ইতিহাসত প্ৰাচীন স্তৰৰ লিপিসমূহ কি কি?
উত্তৰঃ চিত্ৰ লিপিৰ পৰা অক্ষৰ লিপি পর্যন্ত লিপিৰ বিৱৰ্তনৰ ইতিহাসত আজিকোপতি যিমানবোৰ লিপি উদ্ধাৰ হৈছে সেইবোৰৰ ভিতৰত প্ৰাচীন স্তৰৰ লিপিসমূহ হ'ল: চুমেৰীয়, মিছৰীয়, বেবিলনীয়, হিট্টী, লেটিন, আমেৰিকাৰ মায়া, ভাৰত উপমহাদেশৰ সিন্ধু ইত্যাদি।
১৭। কোনগৰাকী বিশিষ্ট লিপি বিশেষজ্ঞই ভাৰতীয় লিপিক চিনাক্ত কৰাৰ প্ৰয়াস কৰিছে?
উত্তৰঃ বিশিষ্ট লিপি বিশেষজ্ঞ ৰাজৱলী পাণ্ডেই 'পন্নৱণাসূত্ৰ' আৰু 'ললিত বিস্তৰ'ত ১৫টা মান বিভাগ কৰি ভাৰতীয় লিপিৰ শূন্য কালছোৱা চিনাক্ত কৰাৰ প্ৰয়াস কৰিছে।
১৮। ভাৰতীয় লিপিৰ উদ্ভৱৰ কালছোৱাত তথা অশোকৰ অনুশাসনসমূহত কি কি লিপিৰ ব্যৱহাৰ হৈছিল?
উত্তৰ: ভাৰতীয় লিপিৰ উদ্ভৱৰ কালছোৱাত সিন্ধু লিপিৰ পাছত ব্রাহ্মী আৰু খৰোষ্ঠী লিপি পোৱা যায়। মগধৰাজ প্রিয়দর্শী অশোকৰ অনুশাসনসমূহত এই দুই প্ৰকাৰৰ লিপিৰ প্রয়োগ পোৱা গৈছে। অশোকৰ গিৰণাৰ, ধৌলি, জৌগড় আদি অনুশান ব্রাহ্মী লিপিত আৰু শ্বাহবাজগঢ়ী আৰু মানুহেৰা অনুশাসন খৰোষ্ঠী লিপিত ৰচিত।
১৯। 'শাৰদা লিপি' কি?
উত্তৰ: গুৰুমুখী, ডোগ্ৰী আদি কেতবোৰ ভাষাৰ লিপিটোক 'শাৰদা' লিপি বুলি কোৱা হয়। উত্তৰ ভাৰতৰ কাশ্মীৰ অঞ্চলত শাৰদা দেৱীক অধিষ্ঠাত্রী দেবী হিচাপে আৰাধনা কৰি অহা হয়। এই বহল অঞ্চলটোৰ নামো 'শাৰদা-মণ্ডল'। বোধকৰো শাৰদা-মণ্ডলত ব্যৱহৃত কাৰণেই এই লিপিৰ নাম 'শাৰদা লিপি' হ'ল। গুপ্তলিপিৰপৰা উদ্ভুত কুটিল লিপিৰপৰা শাৰদা লিপি ওলাইছে বুলিও কোৱা হৈছে। খৃষ্টীয় ১০ম শতিকাত ইয়াৰ নিদর্শন পোৱা গৈছে।
২০। 'সিদ্ধমাতৃকা লিপি'ৰ প্ৰধান বিশেষত্ব কি?
উত্তৰঃ খ্রীঃ ষষ্ঠ-সপ্তম শতিকাত অতিশয় কলাত্মক ৰূপেৰে সুশোভিত গুপ্ত লিপি 'সিদ্ধমাতৃকা লিপি' হিচাপে জনপ্রিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। এই লিপিৰ আৰম্ভণিতে 'ঔম্ সিদ্ধম্' শব্দগুচ্ছ লিখা থাকে বাবে ইয়াৰ আন এটা নাম 'সিদ্ধম্ লিপি'।
২১। হর্ষবর্ধনৰ পৰৱৰ্তী সময়ছোৱাত ব্রাহ্মী লিপি কি কি আঞ্চলিক ৰূপত প্রতিষ্ঠিত হয়?
উত্তৰঃ খ্রীঃ ষষ্ঠ-সপ্তম শতিকাত কনৌজৰাজ হৰ্ষৱৰ্ধনৰ ৰাজত্বকালত উত্তৰ ভাৰতত ব্রাহ্মী লিপিৰ অন্তিম ৰূপটো দেখা গৈছিল। হর্ষবর্ধনৰ পৰৱৰ্তী সময়ছোৱাত এই লিপিৰ তিনিটা আঞ্চলিক ৰূপ প্রতিষ্ঠিত হয়। সেইকেইটা হ'ল: সাদা, শ্ৰীহৰ্ষ আৰু কুটিল।
২২। পূব ভাৰতৰ সকলোবোৰ লিপিৰ মূল বুলি কোনটো লিপিক কোৱা হয়?
উত্তৰ: লিপিতত্ত্ববিদ ৰাখাল দাস বন্দোপাধ্যায়ে কুটিল লিপিকেই পূব ভাৰতৰ সকলোবোৰ লিপিৰ মূল বুলি কৈছে।
২৩। সিদ্ধমাতৃকা লিপিৰ আঞ্চলিক ৰূপ তিনিটা কি কি?
উত্তৰঃ সিদ্ধমাতৃকা লিপিৰ তিনিটা আঞ্চলিক ৰূপৰ উদ্ভৱ হয়-
(ক) শাৰদা বা উত্তৰ-পশ্চিমা,
(খ) শ্রীহর্ষ বা দক্ষিণ-পশ্চিমা আৰু উত্তৰ-মধ্যা,
(গ) কুটিল বা পূর্বী।
২৪। অসমৰ লিপি চৰ্চাৰ বাটকটীয়া বুলি কাক কোৱা হয়?
উত্তৰ: অসমৰ লিপি চৰ্চাৰ বাটকটীয়া বুলি সৰ্বেশ্বৰ কটকীক কোৱা হয়। সর্বেশ্বৰ কটকীয়ে তেওঁৰ 'অসমীয়া প্রাচীন লিপি' শীর্ষক গ্রন্থত অসমীয়া লিপিৰ উদ্ভৱ সম্পর্কে এনেদৰে লিখিছেঃ 'ব্রাহ্মী লিপি প্রথম, কুষাণ লিপি দ্বিতীয়, গুপ্ত লিপি তৃতীয় আৰু এই গুপ্ত লিপিৰ পূব ভাৰতীয় কুটিল লিপি চতুৰ্থ আৰু এই কুটিল লিপিৰ পৰিৱৰ্তন আৰু সংমিশ্রণ ঘটি কামৰূপী বা পুৰণি অসমীয়া লিপিয়ে পূর্ব ভাৰতীয় ভাষাৰ বংশলতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি আৰু এয়ে অসমীয়া লিপিৰ উৎপত্তি।'
২৫। 'লিপি'ৰ এটা গ্রহণযোগ্য সংজ্ঞা দি ইয়াৰ উৎপত্তি সম্পর্কে চমু আভাস দিয়া।
উত্তৰঃ লিপি মানে হ'ল মানুহে মুখেৰে উচচাৰণ কৰা ধ্বনিসমূহক প্রতিনিধিত্ব কৰা প্রতীকচিহ্ন বা ৰেখাচিত্র। 'লিপি' অভিধানটিৰ প্রথম প্রয়োগ মহর্ষি পাণিনিৰ অষ্টাধ্যায়ী নামৰ ব্যাকৰণ পুথিত পোৱা যায়। সংস্কৃত 'লিপ্' ধাতুৰ লগত 'ইন্' প্রত্যয় যোগ হৈ 'লিপি' শব্দটো গঠিত হৈছে। ইয়াৰ ব্যুৎপত্তিগত অর্থ হৈছে ব্যক্ত বাণীৰ লৈখিক ৰূপ। লিপিৰ বাবেই লিখিত সাহিত্য মৌখিক সাহিত্যৰ পৰা পৃথক হৈছে। কাৰণ, লিপি অবিহনে মানুহৰ মুখেৰে উচ্চাৰিত ব্যক্ত বাণী বা ভাষাৰ লিখন কাৰ্য একো কাৰণতে সম্ভৱ নহ'লহেঁতেন। অর্থাৎ লিখিত ভাষাৰ মূল ভিত্তি হৈছে লিপি; আনহাতে, কথিত ভাষা ধ্বনিৰ ওপৰত নিৰ্ভৰশীল। কোনো নির্দিষ্ট সময়ৰ ঘটনা বা মনৰ ভাব ভৱিষ্যতলৈ সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যেৰেই সম্ভৱতঃ ভাষাৰ লিখন কাৰ্যৰ আৰম্ভণি ঘটিছিল আৰু মুখেৰে উচ্চাৰিত মনৰ ভাব বহনকাৰী ধ্বনি-পদ্ধতিক লিখিত ৰূপ দিবলৈ যাওঁতে লিপিৰ সৃষ্টি হৈছিল।
খ্ৰীঃপূঃ ৬০০০ মান বছৰৰ আশে-পাশে লিপিৰ জন্ম আৰু বিকাশ হৈছিল বুলি পণ্ডিতসকলে অনুমান কৰে। আদিম মানুহৰ মনোভাব তথা ধ্যান-ধাৰণাৰ সু-সংৰক্ষণৰ প্রয়োজন পূৰণাৰ্থে এক সুদীর্ঘ প্রচেষ্টাৰ অন্ততহে লিপিৰ জন্ম আৰু বিকাশ সম্ভৱ হৈ উঠিছিল। পোনতে সভ্যতাৰ পোহৰ নেদেখা মানৱ প্ৰজাতিয়ে চকুৰে দেখা নতুন নতুন বস্তুবোৰৰ ছবি পৰ্বত-পাহাৰ, শিল, গছ-গছনি আদিৰ গাত অংকন কৰি সংৰক্ষণৰ প্ৰয়াস কৰিছিল। পৰৱৰ্তী সময়ত হাততে পোৱা কাঠ, জন্তুৰ ছাল আদি বিভিন্ন বস্তুৰ পৃষ্ঠভূমিক লিখাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ মনৰ ভাব ব্যক্ত কৰাৰ পথ উলিয়াই লৈছিল। কিন্তু সময়ৰ আঁচোৰত পুৰণি লিখন সামগ্ৰীবোৰৰ ঠাইত উন্নত মানৰ নতুন সামগ্ৰী ব্যৱহাৰ হ'বলৈ লয়।
২৬। পৃথিৱীৰ সৰ্বপ্ৰাচীন লিপি কোনটো? এই লিপি বর্তমানে প্রচলিত আছেনে?
উত্তৰঃ চিত্র লিপি, গ্রন্থি লিপি আদিক বাদ দি পৃথিবীৰ প্রাচীন লিপিমালাৰ ভিতৰত পোনতে আমি সম্ভৱতঃ মেচোপটেমীয়া অঞ্চলত বিকশিত বাণমুখ লিপিৰ নামেই ল'ব লাগিব। এই লিপিক পৃথিৱীৰ সৰ্বপ্ৰাচীন লিপি বোলা হৈছে। দেখিবলৈ বাণ বা কাঁড়ৰ আকৃতিৰ হোৱা বাবে এই লিপিৰ নাম বাণমুখ লিপি হৈছে। খ্রীঃপূঃ চতুৰ্থ সহস্রাব্দৰ আশে-পাশে এই লিপিৰ প্ৰয়োগ হৈছিল বুলি জনা গৈছে, পণ্ডিতসকলৰ মতে বাণমুখ লিপি চিত্র লিপিৰে এক বিকশিত ৰূপ। 'উৰুকা'ত প্রাপ্ত বাণমুখ লিপিৰ প্রাচীনতম নিদর্শনে ইয়াৰ ইংগিত বহন কৰে। সময়ৰ লগে লগে বাণমুখ লিপি ভাব লিপিলৈ পৰিৱৰ্তিত হয় যদিও, আক্ষৰিক স্তৰতেই হোৱা হেতুকে এই লিপিয়ে বর্ণ লিপিৰ পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ সুযোগ নাপালে। উল্লেখযোগ্য যে হমনী সম্রাটসকলে তেওঁলোকৰ নিজৰ ভাষা লিপিবদ্ধ কৰিবৰ বাবে বাণমুখ লিপিৰ আধাৰত এটা লিপিৰ সৃষ্টি কৰি লৈছিল।
২৭। লিপিৰ বিকাশৰ ইতিহাসৰ অন্তিম তথা পূর্ণ বিকশিত স্তৰটো কি? এই লিপিৰ মূল বিশেষত্ব কি?
উত্তৰঃ লিপিৰ বিকাশৰ ইতিহাসৰ অন্তিম তথা পূর্ণ বিকশিত স্তৰটো হ'ল ধ্বনিমূলক লিপি। এই স্তৰত অংকন কৰা চিহ্ন বা প্রতীকে বস্তু বা ভাব প্রকাশ কৰাৰ সলনি মানুহৰ মুখেৰে উচ্চাৰিত ধ্বনিবোৰকহে বুজাবলৈ লয়। সেই ধ্বনি কোনো বস্তু আৰু তাৰ সৈতে জড়িত ভাব-উভয়ৰে প্রকাশক। অর্থাৎ মূর্ত-বিমূর্ত সকলো প্ৰকাৰৰ ভাব এই লিপিৰ জৰিয়তে স্বতস্ফূর্তভাৱে প্রকাশ পায়। ইয়াৰ নিদর্শন হিচাপে নাগৰী, আৰবী আদি লিপিৰ কথা ক'ব পাৰি। ধ্বনিমূলক লিপিৰ দুটা ভাগ- অক্ষৰ লিপি আৰু বৰ্ণ লিপি। সম্পূর্ণ ধ্বনি (বর্ণ) নুবুজাই মাত্র আদি আখৰটোক বুজোৱা চিহ্নকে অক্ষৰ লিপি বোলা হয়।
শব্দাংশ বা অক্ষৰৰ লৈখিক ৰূপদান এই লিপিৰ মূল বিশেষত্ব। ভাৰতীয় নাগৰী লিপি, মেচোপটেমিয়াৰ বাণমুখ আৰু চেমেৰীয় লিপি অক্ষৰ লিপিৰ প্ৰকৃষ্ট উদাহৰণ।
অসমীয়া লিপিও অক্ষৰলিপিৰ অন্য এক উৎকৃষ্ট উদাহৰণ।
২৮। গ্রন্থিলিপি কি? গ্রন্থিলিপিৰ কেইটামান উদাহৰণ দিয়া।
উত্তৰঃ সাধাৰণতে 'গ্রন্থি' শব্দই 'গাঁথি' বুজায়। কাপোৰ, ফিটা, ৰছী আদিত মৰা এনে গাঁথিয়ে মানুহক আগত সময়ত কৰিবলগীয়া বিভিন্ন কামৰ কথা মনত পেলাই দিছিল। সাধাৰণতে ৰঙা ৰঙৰ ৰছীয়ে সৈনিকৰ, হালধীয়া ৰঙৰ ৰছীয়ে সোণৰ আৰু বগা ৰঙৰ ৰছীয়ে বিয়াৰ অৰ্থ বুজাইছিল।
গ্রন্থি বা গাঁথিৰ জৰিয়তে মনৰ ভাব বা স্মৃতি সংৰক্ষণ কৰি ৰখাৰ দৰে মানুহে বিভিন্ন প্রতীকৰ সহায়তো সেই কাৰ্য সম্পাদন কৰা দেখা যায়। গ্রন্থিলিপিৰ কেইটামান উদাহৰণ হ'ল এনেধৰণৰ নামনি অসমত নৱজাতকৰ মংগল কামনা কৰি 'জ্বলাবটা' (জলকীয়া পটাত পিচি বা খুন্দি তেল-মছলা আদিৰে কৰা মিশ্রণ), নিমখ আৰু মাছ বিতৰণ কৰা নিয়ম প্রচলিত। অসমীয়া সমাজত তামোল-পাণ দি বিয়ালৈ নিমন্ত্রণ কৰা হয়। আকৌ ফতেহপুৰৰ উচ্চ হিন্দুসকলে হালধিৰে ছোৱালীৰ আৰু চুপাৰিৰে ল'ৰাৰ বিয়ালৈ নিমন্ত্রণ জনায়। কোনো বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ বাতৰি খবৰ-কাগজত প্রকাশ কৰোঁতে সেই বিশেষ বাতৰিটোৰ চাৰিওকাষে ক'লা আঁচ টানি দিয়া হয়। কোনো বিশিষ্ট ব্যক্তিৰ মৃত্যুত ৰাষ্ট্ৰীয় পতাকা কেইটামান নির্দিষ্ট দিনলৈ অর্ধনমিত কৰি ৰখা হয়। ৰে'লগাড়ীৰ যাতায়াতত বঙা আৰু সেউজীয়া ৰঙৰ নিচানৰ ব্যৱহাৰ অপৰিহাৰ্য। এই ক্ষেত্ৰত ৰঙা ৰঙে ৰে'লগাড়ী ৰখোৱাৰ আৰু সেউজীয়া ৰঙে যাবলৈ দিয়াৰ ইংগিত বহন কৰে। বিমানবন্দৰৰ ওচৰে-পাজৰে ওখ ঠাইবোৰত বা টেলিফোনৰ টাৱাৰ আদিত দিয়া ৰঙা লাইটে বিপদৰ ইংগিত দিয়ে। চাৰিআলি একোটাত আৰক্ষীয়ে হস্তমুদ্ৰাৰে মটৰ গাড়ীৰ যাতায়াত নিয়ন্ত্ৰণ কৰে।
২৯। অসমীয়া লিপিৰ মূল কুটিল লিপিৰ বিষয়ে আলোচনা কৰি ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ: অসমীয়া লিপি কুটিল লিপিৰে বিৱৰ্তনৰ পৰিণতি। ভাৰতৰ অন্যান্য প্রাদেশিক লিপিৰ তুলনাত অসমীয়া লিপিৰ ইতিহাস যথেষ্ট প্রাচীন আৰু ঐতিহ্যমণ্ডিত। চুবুৰীয়া বাংলা, ওড়িয়া, মৈথিলী আদি ভাষাত লেখন কার্য আৰম্ভ নৌহওঁতেই প্রাচীন কামৰূপ (বর্তমান অসম) ৰাজ্যত ভাষা লিখিবৰ বাবে লিপিৰ উদ্ভৱ হৈছিল। এই কাৰ্যৰ আৰম্ভণি স্বাভাৱিকতে ৰাজ পৃষ্ঠপোষকতাতে হৈছিল। বিভিন্ন প্রসংগত বিভিন্ন শাসনকর্তাই শিলৰ পিঠিত নাইবা তামৰ ফলিত ৰাজ-নির্দেশসমূহ লিখাই দিছিল।
খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈ উত্তৰ ভাৰততে পূৰ্বাঞ্চলত ব্যৱহৃত লিপিটোক কোনো কোনোৱে কুটিল লিপি বুলিব খোজে। প্রাচীন ভাৰতীয় লিপিমালাত কুটিল লিপিৰ সংজ্ঞা দাঙি ধৰা হৈছে- 'কুটিল লিপিত লম্ব ৰেখাৰ নিম্নাংশ বাঁও ফালে ঘোৰ খাইছিল' আৰু 'স্বৰমাত্রাসমূহ অধিক বেঁকা-বেঁকি আৰু দীঘল হোৱা হেতুকে ইয়াৰ নাম কুটিল।' হিন্দী ভাষাতত্ত্ববিদ ভোলানাথ তিৱাৰীয়ে আকৌ এনেদৰে উল্লেখ কৰিছে, স্বৰৰ মাত্ৰাৰ আকৃতি কুটিল বা বেঁকা হোৱা বাবে ইয়াক কুটিল লিপি বোলা হৈছে। পৰিব্রাজক আলবেৰুণীয়ে কুটিল লিপিক সিদ্ধমাতৃকাৰ আন এটা নাম বুলি কৈছে।
কুটিল লিপিৰ বৈশিষ্ট্যসমূহঃ
(ক) কুটিল লিপি সোঁফালৰ লম্ব ৰেখা ভিতৰফালে ঘোৰ খোৱা, অলংকৰণৰ বাবে শিৰোৰেখাত নিম্নমুখী ত্রিকোণৰ সৃষ্টি হোৱা;
(খ) কুটিল লিপি উত্তৰ-পূব ভাৰততে সৰ্বাধিক প্রয়োগ হৈছিল বুলি জনা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন স্থানত প্রাপ্ত শৈললেখ, তাম্রশাসন, মুদ্রা আৰু হস্তলিখিত পুথিত কুটিল শৈলীৰ পয়োভৰ দেখা যায়।
৩০। চমুটোকা লিখাঃ
(ক) চিত্রলিপি।
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ চিত্ৰৰ সহায়ত মনৰ ভাব ধৰি ৰখা পদ্ধতিকে সাধাৰণভাবে চিত্রলিপি বোলা হয়। ইয়াক মানুহৰ লেখক-কলাৰ প্ৰাৰম্ভিক স্তৰ বুলিব পাৰি। আদিম মানুহে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ প্ৰতি কৌতূহলী হৈ সেইবোৰৰ চিত্ৰ আঁকিবলৈ যত্ন কৰিছিল। সেইবোৰৰ ভিতৰত বিভিন্ন জীৱ-জন্তুৰ অৱয়ব তথা বিবিধ প্ৰকাৰৰ ৰৈখিক চিত্ৰৰ কথা উনুকিয়াব পাৰি। সম্ভৱতঃ অৰণ্যবাসী তথা যাযাবৰী আদিম মানৱে চিকাৰৰ সন্ধান কৰোঁতে পোৱা জীৱ-জন্তুৰ প্ৰতিচ্ছবি স্মৰণীয় কৰি ৰাখিবলৈকে সেইবোৰৰ চিত্ৰ আঁকিবলৈ লৈছিল। সাধাৰণতে পৰ্বতৰ মসৃণ শৈলপৃষ্ঠ, গুহাৰ বেৰ, অন্য কোনো বস্তুৰ মিহি ফাল আদিত এনে চিত্র অংকন কৰা হৈছিল। বাস্তৱতাৰ প্ৰতিফলন ঘটা এই চিত্ৰবোৰৰ মাধ্যমেৰে ঘাইকৈ দুটা উদ্দেশ্য সাধিত হৈছিল: (ক) সুকুমাৰ চিন্তা বা সৌন্দর্যবোধৰ সৃষ্টি আৰু (খ) মনৰ ভাৱ প্রকাশ। আদিম গুহাবাসী মানুহে মনত উদয় হোৱা ভাবৰাশি তথা চৌপাশৰ বিভিন্ন ঘটনাৱলী চিত্ৰৰ মাধ্যমেৰে ধৰি ৰখাৰ চেষ্টা কৰাটোৱে ওপৰত উল্লেখ কৰা দ্বিতীয়টো উদ্দেশ্য সাধনৰ ইংগিত বহন কৰে। এই পদ্ধতিয়ে আদিম মানুহ এজনৰ মনৰ ভাব আন এজনলৈ প্রেৰণ বা সম্প্ৰসাৰিত কৰাত যথেষ্ট সহায় কৰিছিল। কোনো অখ্যাত চিত্ৰকৰে অংকন কৰা জন্তু এটাৰ ছবি দেখিয়েই প্রত্যক্ষদর্শী সংগীসকলে বুজি পাইছিল, সেয়া কিহৰ চিত্র। সময়ৰ অগ্রগতিত চিত্রলিপিৰ যথেষ্ট বিকাশ ঘটে আৰু কিছু পৰিমাণে ই প্রতীকাত্মক হৈ পৰে। উদাহৰণ স্বৰূপে, 'গরু' বুজাবলৈ পৰৱৰ্তী স্তৰত গৰুৰ সম্পূর্ণ ছবিটো অংকন কৰাৰ পৰিবৰ্তে কেবল শিং দুটাৰ সৈতে মূৰটো আঁকি থোৱা হৈছিল। মেচোপটেমীয়া, গ্রীচ, ইটালী, ইজিপ্ত, পর্তুগাল, চাইবেৰীয়া, উজবেকিস্তান, চিৰিয়া, স্পেইন, ফ্রান্স, ব্রাজিল, চীন, ভাৰত আদি পৃথিৱীৰ বিভিন্ন ঠাইত চিত্রলিপি আখ্যা দিব পৰা নানান বিষয়ৰ এনে বহু নিদর্শন উদ্ধাৰ হৈছে। শৈলপৃষ্ঠৰ বাহিৰেও হাতীদাঁত, গছৰ বাকলি, জন্তুৰ ছাল, কাঠৰ ফলক, মাটিৰে নিৰ্মিত বাচন-বর্তন আদি হবেক ৰকমৰ সামগ্ৰীত অংকিত ৰেখাসৰ্বস্ব এই চিত্রলিপিবোৰৰ বিশ্বজনীন আবেদন আছে। এই কথা ঠিক যে চিত্ৰৰ সীমাবদ্ধ পৰিসৰত এটা নির্দিষ্ট পৰিবেশৰ সকলো প্ৰকাৰৰ ভাব ধৰি ৰখা সম্ভৱ নহয়; কিন্তু সেয়ে হ'লেও, ই মানুহৰ চিন্তা-শক্তিক এঢাপ আগুৱাই যোৱাত নিশ্চয়কৈ সহায় কৰে। পঢ়াশালি, চিৰিয়াখানা, চিকিৎসালয় আদিত বিভিন্ন চিত্ৰৰদ্বাৰা ছাত্ৰ-ছাত্ৰীক বা জনসাধাৰণক চিত্ৰৰ জৰিয়তে বিশেষ বিশেষ কথা কিছুমান বুজোৱাৰ প্ৰয়াস কৰিছে। বাটৰ কাষৰ বিদ্যুৎ বিতৰণৰ 'ট্রেন্সফৰ্মাৰ' বা বিদ্যুৎ বিভাগৰ বাহনত দুডাল হাড়েৰে সৈতে লাওখোলাৰ ছবি আঁকি থোৱাটো সর্বজনবিদিত। ইয়াৰ অৰ্থ সৰ্বসাধাৰণক বিজুলীৰ পৰা হ'ব পৰা সম্ভাব্য বিপদ সম্বন্ধে সাৱধান কৰি দিয়া। শিশুৰ পাঠ্যপুথিত প্রায়ে 'ছবি চাই সাধু কোৱা' জাতীয় পাঠ সন্নিবিষ্ট কৰা হয়। তেনে কিতাপ বা পাঠ্যপুথি বজাৰত তেনেই সুলভ। চীনা আৰু জাপানী ভাষাৰ লিপিক আধুনিক চিত্র লিপি বুলিলেও ভুল কৰা নহয়। কাৰণ, এই দুটা ভাষাৰ লিপিত আখৰৰ সলনি একোটাহঁত চিত্রহে ব্যৱহাৰ কৰা হয়। সি যি কি নহওক, সময়ৰ লগে লগে চিত্র লিপিৰ প্রভুত উন্নতি ঘটে আৰু ই লাহে লাহে ভাব লিপিলৈ ৰূপান্তৰিত হয়।
(খ) গ্রন্থি লিপি।
উত্তৰ: মানৱ সমাজত অতি পুৰণি কালৰে পৰা স্মৃতি-সংৰক্ষণৰ বাবে ফিটা, বছী, কমাল, গামোচা, চাদৰ আদিত গাঁথি দিয়া, বেৰত দাগ দিয়া আদি পদ্ধতিৰ প্ৰচলন হৈ আহিছে। আনকি বর্তমান সময়তো পৃথিৱীৰ বিভিন্ন স্থানত এনে পদ্ধতিৰ প্রয়োগ লক্ষ্য কৰা হয়। মনৰ ভাব ধৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা এই পদ্ধতিবোৰক গ্রন্থিলিপি আখ্যা দিয়া হৈছে। সাধাৰণতে 'গ্রন্থি' শব্দই 'গাঁথি' বুজায়। কাপোৰ, ফিটা, ৰছী আদিত মৰা এনে গাঁথিয়ে মানুহক আগত সময়ত কৰিবলগীয়া বিভিন্ন কামৰ কথা মনত পেলাই দিছিল। দক্ষিণ আমেৰিকাৰ পেৰত ৰছীত বিভিন্ন বং লগাই, ৰছী বা চামৰাৰ ফিটাত ভিন্ন ৰঙৰ সূতা বা মণি আৰি দি, দীঘল কাঠ বা বাঁহৰ মাৰিত ভিন্ন্ ভিন্ ৰঙৰ ৰছী লগাই সেইবোৰত গাঁথি দি একেডাল ৰছীতে কেইবাটাও গাঁথি দি বিভিন্ন বিষয়, ঘটনা আদি মনত ৰখাৰ উপায় উদ্ভাৱন কৰি লোৱাৰ কথা জানিব পৰা যায়। সাধাৰণতে ৰঙা ৰঙৰ ৰছীয়ে সৈনিকৰ, হালধীয়া ৰঙৰ ৰছীয়ে সোণৰ আৰু বগা ৰঙৰ ৰছীয়ে বিয়াৰ অৰ্থ বুজাইছিল। তদুপৰি, এটা গাঁথিয়ে ১০, দুটাই, ২০, একোছাই ১০০, দুকোছাই ২০০, এনে সংখ্যা বুজাইছিল। পেরুত এনে পদ্ধতিক 'কিপাচ', 'কুইপাচ', 'কুইপু' আদি নামেৰে জনা যায়। একেদৰে, উত্তৰ আমেৰিকাৰ 'ইৰোকাৱা' নামৰ আদিবাসীসকলৰ মাজত প্রচলিত 'রামপুৰ' নামৰ সাংকেতিক পদ্ধতিটো গ্রন্থিলিপিৰ সমপর্যায়ৰ। 'রামপুৰ' হ'ল শামুকৰ খোলাৰে তৈয়াৰী এক প্ৰকাৰৰ টঙালি। ইয়াত থকা খোলাবোৰৰ গঁথা আৰু সজোৱাৰ কৌশলত মনব ভাব বা বক্তব্য বিষয় লুকাই থাকে। টাংগানিকাৰ মকোদে জনগোষ্ঠীৰ মাজত ছালৰ বছীত গাঁথি দি উল্লেখযোগ্য ঘটনাৰ স্মৃতি সংৰক্ষণ কৰা আৰু সময় গণনা কৰা নিয়ম বহুকালৰ পৰা প্ৰচলিত। দক্ষিণ আমেৰিকাৰ ইন্কা সাম্ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রন্থিলিপিৰ লেখীয়া কেতবোৰ নিদৰ্শন উদ্ধাৰ হোৱা কথায়ো মানুহৰ মনৰ ভাব প্রকাশ কৰিবলৈ কিছুমান নির্দিষ্ট উপায় দূৰ অতীতৰে পৰা ব্যৱহাৰ হৈ অহাৰ ইংগিত বহন কৰে। খ্রীঃপূঃ ৪৯৮ গ্রীক ইতিহাসবিদ হেৰোডোটাছৰ ডেৰিয়াছৰ চাইথিয়া আক্রমণ বর্ণনাত গ্রন্থিলিপি বিষয়ক তথ্যৰ উল্লেখ পোৱা যায়। লিপি বিশেষজ্ঞ নাৰায়ণ দাসে উল্লেখ কৰা মতে, ডেৰিয়াচে নিজৰ সৈন্যসকলক এডাল গাঁথিযুক্ত ৰছী দি কৈছিল যে' তোমালোকে প্রতিদিনে ইয়াৰ এটাকৈ গাঁথি খুলিবা। অন্তিম গাঁথিটো খুলিবৰ দিনাও যদি মই উভতি নাহো, তেন্তে তোমালোকে দলংখন ভাঙি ঘৰলৈ উভতি যাবা।' গ্রন্থিলিপিৰ জৰিয়তে ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত বিভিন্ন কার্যও সম্পাদন কৰা হৈছিল।
গ্রন্থি বা গাঁথিৰ জৰিয়তে মনৰ ভাব বা স্মৃতি সংৰক্ষণ কৰি ৰখাৰ দৰে মানুহে বিভিন্ন প্রতীকৰ সহায়তো সেই কার্য সম্পাদনক কৰা দেখা যায়। নামনি অসমত নৱজাতকৰ মংগল কামনা কৰি 'জ্বলাবটা' (জলকীয়া পটাত পিচি বা খুন্দি তেল-মছলা আদিৰে কৰা মিশ্রণ), নিমখ আৰু মাছ বিতৰণ কৰা নিয়ম প্রচলিত। অসমীয়া সমাজত তামোল-পাণ দি বিয়ালৈ নিমন্ত্ৰণ কৰা হয়। আকৌ, ফতেহপুৰৰ উচ্চ হিন্দুসকলে হালধিৰে ছোৱালীৰ আৰু চুপাৰীৰে ল'ৰাৰ বিয়ালৈ নিমন্ত্রণ জনায়। কোনো বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ বাতৰি খবৰ-কাগজত প্রকাশ কৰোঁতে সেই বিশেষ বাতৰিটোৰ চাৰিওকাষে ক'লা আঁচ টানি দিয়া হয়। কোনো বিশিষ্ট ব্যক্তিৰ মৃত্যুত ৰাষ্ট্ৰীয় পতাকা কেইটামান নির্দিষ্ট দিনলৈ অর্ধনমিত কৰি ৰখা হয়। ৰেলগাড়ীৰ যাতায়াতত ৰঙা আৰু সেউজীয়া ৰঙৰ নিচানৰ ব্যৱহাৰ অপৰিহাৰ্য। এই ক্ষেত্ৰত ৰঙা ৰঙে ৰেলগাড়ী ৰখোৱাৰ আৰু সেউজীয়া ৰঙে যাবলৈ দিয়াৰ ইংগিত বহন কৰে। বিমান বন্দৰৰ ওচৰে-পাঁজবে ওখ ঠাইবোৰত বা টেলিফোনৰ টাৱাৰ আদিত দিয়া ৰঙা লাইটে বিপদৰ ইংগিত দিয়ে। চাৰিআলি একোটাত আৰক্ষীয়ে হস্তমুদ্ৰাৰে মটৰ গাড়ীৰ যাতায়াত নিয়ন্ত্ৰণ কৰে। দূৰৈত থকা লোক এজনে নিজৰ মনোভার ব্যক্ত কৰিবলৈ বিভিন্ন ইংগিত ব্যৱহাৰ কৰে। দৰাচলতে এই আটাইবোৰেই ভাব প্রকাশন একোটাহঁত প্রতীক মাথোন। একেদৰে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতীকী পদ্ধতিটোক প্রতীকাত্মক লিপি বুলিব পাৰি।
(গ) ভাবলিপি।
উত্তৰঃ চিত্ৰ লিপিৰে বিকশিত ৰূপ হৈছে ভাব লিপি। চিত্র লিপিত চিত্রহে থাকে আৰু সেই চিত্রই অকল নির্দিষ্ট বস্তুটোকহে বুজায়। চিত্র লিপিৰ মূল উপাদান হৈছে চিত্র। গতিকে সেই চিত্ৰৰ মাজেৰে মানৱ আবেগ-অনুভূতি আদি বিমূর্ত ভাবৰাশি প্রকাশ পোৱাৰ কোনো থল নাই। উদাহৰণ স্বৰূপে, সূৰ্যৰ চিত্ৰই অকল ঘূৰণীয়া আকৃতিৰ সূৰ্যটোকে বুজায়; কিন্তু সূর্যই যে পৃথিৱীক পোহৰ আৰু তাপ দিয়ে তেনে বিমূর্ত কথা সেই চিত্ৰৰ মাজেৰে প্ৰকাশ নাপায়। প্রকৃতপক্ষে, ছবি একোটাত অন্তর্নিহিত হৈ থকা বিমূর্ত ভাবৰাশি প্রকাশ কৰাৰ ঐকান্তিক প্রচেষ্টাৰ পৰিণতি স্বৰূপে ভাব লিপিৰ জন্ম হোৱা বুলি ক'ব পাৰি। এই পৰ্যায়ত চিত্ৰৰ স্থান ৰেখা বা চিহ্নই দখল কৰা দেখা যায়। ভাব লিপিত অংকন কৰা প্রতীকটোৱে বস্তু এটিক প্রত্যক্ষভাবে নুবুজাই ইয়াৰ লগত জড়িত অন্তৰংগ ভাবটিকহে বুজায়; যথা-অর্ধচন্দ্ৰৰ তলত তৰা আঁকিলে সি ৰাতিৰ অন্ধকাৰ বুজায়, চকুত পানীৰ টোপাল আঁকিলে সি দুখৰ সংবাদ দিয়ে, ইত্যাদি। এইবিধ লিপিৰ জৰিয়তে এটা সময়ত দীঘলীয়া তথা সংঘৱদ্ধ ভাবো প্ৰেৰণ কৰা হৈছিল।
চিত্ৰৰ জৰিয়তে মানুহৰ মুখনিঃসৃত ধ্বনিক বাস্তৱ ৰূপ দিয়া কোনোপধ্যেও সম্ভর নহয়। গতিকে ভাব লিপিত ধ্বনি বুজাবলৈ ৰেখাচিত্র বা আন কেতবোৰ চিহ্নৰ ব্যৱহাৰহে লক্ষ্য কৰা যায়। দৃশ্যমান বস্তুৰ মগজুত অংকিত ছবিখনৰ ৰেখাচিত্ৰৰ অংকন ভাব লিপিব ঘাই বিশেষত্ব। চীন দেশৰ ভাব লিপিত মুখনিঃসৃত বাক্য বুজাবলৈ মুখৰ লগত বাষ্পৰ প্রতীক আৰু বক্ততা বুজাবলৈ মুখ আৰু বাষ্পৰ লগত জিভাৰ প্ৰতীক সংযোগ কৰা হৈছিল। পৰৱৰ্তী কালত দীঘলীয়া সংবাদ প্ৰেৰণাৰ বাবে ভাব লিপিৰ সহায় লোৱা হৈছিল। মানব ইতিহাসত তাৰ অনেক উদাহৰণ বিচাৰি পোৱা যায়। বর্তমান সময়তো ভাব লিপিৰ বহুল প্রয়োগ লক্ষ্য কৰিব পাৰি। বাটত থকা দলং, উপপথ, বাটৰ কেঁকুৰি আদি বুজাবলৈ ব্যৱহাৰ কৰা ৰেখাচিত্ৰসমূহ ইয়াৰ ইয়াৰ প্ৰকৃষ্ট উদাহৰণ।
(ঘ) ভাব-ধ্বনিমূলক লিপি।
উত্তৰঃ লিপিৰ বিকাশৰ পৰৱৰ্তী স্তৰটো হৈছে ভাব-ধ্বনিমূলক লিপি। এই লিপিক চিত্ৰ লিপি আৰু ধ্বনিৰূপৰ সংমিশ্রণ বুলিব পাৰি। এই স্তৰত আঁকা সৰলীকৃত ৰেখাচিত্ৰবোৰৰ কিছু অংশ চিত্রধর্মী, কিছু অংশ ভাব প্রকাশক আৰু কিছু অংশ বস্তুটিৰ ধ্বনিৰূপৰ পৰিচায়ক অর্থাৎ, এই লিপিৰ কেতবোৰ চিহ্নচিত্ৰৰ লেখীয়া আৰু কেতবোৰ আখৰৰ লেখীয়া মেচোপটেমীয়া, হিট্টী, ইজিপ্ত আদি অঞ্চলত প্রাপ্ত প্রাচীন অভিলেখবোৰত ব্যৱহৃত লিপি আচলতে ভাব-ধ্বনিমূলক লিপিহে। 'মিছৰৰ চিত্ৰ-প্রতীক লিপিত আকাশৰ চিত্ররূপ আকাশবাচক 'পতা' এই ধ্বনিৰূপত ব্যৱহাৰ হোৱাটো এইখিনিতে স্মৰণীয়।' সিন্ধু সভ্যতান হৰপ্পা আৰু মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা চীল-মোহৰৰ লিপি ভাৱ-ধ্বনিমূলক লিপি অথবা মিশ্ৰ ৰীতিৰ উদাহৰণ বুলি কোনো কোনো লিপিবিদে ক'বলৈ বিচাৰে। আধুনিক চীনা লিপিও এই পৰ্যায়ৰ। উদাহৰণ স্বৰূপে, চীনা ভাষাত 'ফ্যাং' শব্দটোৱে নাও, ঠাই, বোৱা-কটা আদি বুজায়। চীনা ভাব-ধ্বনিমূলক লিপিত নাৱৰ সৈতে পৃথিৱী আঁকিলে সি ঠাই বুজায় আৰু নাৱৰ সৈতে ৰেচমৰ ছবি অংকন কৰিলে সি বোৱা-কটাৰ অৰ্থ প্রকাশ কৰে।
(ঙ) ধ্বনিমূলক লিপি।
উত্তৰঃ লিপিৰ বিকাশৰ ইতিহাসৰ অন্তিম তথা পূর্ণ বিকশিত স্তৰটো হ'ল ধ্বনিমূলক লিপি। এই স্তৰত অংকন কৰা চিহ্ন বা প্রতীকে বস্তু বা ভাব প্রকাশ কৰাৰ সলনি মানুহৰ মুখেৰে উচ্চাৰিত ধ্বনিবোৰকহে বুজাবলৈ লয়। সেই ধ্বনি কোনো বস্তু আৰু তাৰ সৈতে জড়িত ভাব-উভয়ৰে প্ৰকাশক। অৰ্থাৎ মূর্ত-বিমূর্ত সকলো প্ৰকাৰৰ ভাব এই লিপিৰ জৰিয়তে স্বতঃস্ফূর্তভাৱে প্ৰকাশ পায়। ইয়াৰ নিদৰ্শন হিচাপে নাগৰী, আৰবী আদি লিপিৰ কথা ক'ব পাৰি। ধ্বনিমূলক লিপিৰ দুটা ভাগ: অক্ষৰ লিপি আৰু বৰ্ণ লিপি। সম্পূর্ণ ধ্বনি (বর্ণ) নুবুজাই মাত্ৰ আদি আখৰটোক বুজোৱা চিহ্নকে অক্ষৰ লিপি বোলা হয়। 'অক্ষ'ৰ মানে হ'ল স্বৰৰ দ্বাৰা নিৰ্মিত একোটা ধ্বনিগোট। ইংৰাজীত ইয়াৰ প্রতিশব্দ হৈছে-'Syllable'। অক্ষৰ লিপিত প্রয়োগ হোৱা চিহ্নবোৰে ধ্বনি (বৰ্ণ) বুজোৱাৰ সলনি একোটাহঁত অক্ষৰৰহে (Syllable) প্রতিফলন ঘটায়। হিব্রু ভাষাত 'আলেফ', মানে 'গরু'। এই 'গৰু' অর্থসূচক চিনটোৱে ফিনিচীয় লিপিৰ মাজেৰে বাট বুলি গৈ গ্রীক বর্ণমালাত 'আল্ল্ফা' লিপিৰ ৰূপ পৰিগ্ৰহ কৰিছে। গতিকে ক'ব পাৰি যে শব্দাংশ বা অক্ষৰৰ লৈখিক ৰূপদান এই লিপিৰ মূল বিশেষত্ব। ভাৰতীয় নাগৰী লিপি, মেচোপটেমিয়াৰ বাণমুখ আৰু চেমেৰীয় লিপি অক্ষৰ লিপিৰ প্ৰকৃষ্ট উদাহৰণ উদাহৰণ। অসমীয়া লিপিও অক্ষৰলিপিৰ অন্য এক উৎকৃষ্ট উদাহৰণ। কাৰণ অসমীয়াত ক, খ, চ, আদি চিহ্নই প্রকৃতপক্ষে ক+খ, খ+অ, চ+অ আদি ধ্বনি (বর্ণ) সমষ্টিকহে বুজায়। অর্থাৎ, অসমীয়া লিপিত ব্যৱহৃত ক, খ, চ আদি একক ব্যঞ্জনবোৰে দেখাত একোটা গাইগুটীয়া বৰ্ণক বুজোৱা যেন লাগিলেও সেইবোৰৰ প্ৰতিটোৰে সৈত একোটাকৈ 'অ' স্বৰ জড়িত হৈ আছে। কিন্তু বর্ণমালা তেনে নহয়। এই লিপিত প্রতিটো চিহ্নই একোটা বিশেষ ধ্বনি (বর্ণ) সূচায়। ৰোমান লিপি বৰ্ণলিপিৰ প্ৰকৃষ্ট উদাহৰণ। উত্তৰ মিছৰীয় লিপি, ফিনিচীয় লিপি আদি বৰ্ণলিপিৰ আন কেতবোৰ উদাহৰণ। মুঠতে, লিপিৰ বিকাশৰ ইতিহাসত বর্ণলিপি হ'ল ধ্বনিমূলক লিপিৰ অন্তিম স্তৰ।
(চ) ব্রাহ্মী লিপি।
উত্তৰঃ ব্রাহ্মী হ'ল প্রাচীন ভাৰতৰ এটা উল্লেখযোগ্য লিপি। খ্রীঃপূঃ পঞ্চম শতিকাৰ পৰা তিনিশ পঞ্চাশ খ্রীষ্টাব্দলৈ ব্যৱহাৰ হোৱা ব্ৰাহ্মী লিপিৰ প্ৰাচীনতম নিদর্শন নেপালৰ 'পিপৰাৱা স্তূপ' আৰু আজমিৰ জিলাৰ 'বডলী' গাঁৱৰ শিলালেখানত পোৱা গৈছে। ভাৰতীয় ধাৰণা মতে স্বয়ং ব্ৰহ্মা ইয়াৰ নিৰ্মাতা কাৰণে লিপিবিধৰ নাম ব্রাহ্মী। চীনা বিশ্বকোষ 'ফা-রান-শু-লিন'ৰ মতেও ব্রহ্মাই প্রথমে ব্যৱহাৰ কৰা কাৰণেই ইয়াৰ নাম ব্রাহ্মী হয়। ব্ৰহ্মজ্ঞান ৰক্ষাৰ কাৰণে ব্যৱহাৰ হোৱা হেতু ব্রাহ্মী নাম হোৱা মন্তব্যও পোৱা যায়।
ব্রাহ্মী লিপিৰ উৎপত্তি ভাৰতত নে বিদেশত তাক লৈও পণ্ডিতসকলৰ মাজত মতভেদ আছে। চিত্রলিপি, ভাবলিপি আৰু ভাব ধ্বনিমূলক লিপিৰ সমাহাৰ সিন্ধুলিপিৰ পৰাই ব্রাহ্মীৰ বিকাশ হোৱাৰ সম্ভাৱনা বেছি। ৩৫০ খ্রীষ্টাব্দৰ পাছত ব্রাহ্মী- উত্তৰ ব্ৰাহ্মী আৰু দক্ষিণ ব্রাহ্মী- এই দুটা ভাগত বিভক্ত হয়। উত্তৰ ব্ৰাহ্মীৰ পৰা গুপ্ত লিপি আৰু গুপ্তলিপিৰ পৰা কুটিল লিপি তথা কুটিল লিপিৰ পৰাই প্ৰায়বোৰ ভাৰতীয় আঞ্চলিক লিপিৰ জন্ম হৈছে। আনহাতে, দক্ষিণ ব্রাহ্মীৰ পৰা শ্ৰীলংকা, ম্যানমাৰ, কোৰিয়া আদি দেশৰ লিপিৰ বিকাশ হৈছে।
ব্রাহ্মী লিপি বাঁওফালৰ পৰা সোঁফাললৈ লিখা হয়। ইয়াৰ গঢ় সুন্দৰ আৰু সুপৰিকল্পিত। ব্রাহ্মীৰ বিকাশৰ স্তৰ চাৰিটা হ'ল- (১) অশোকৰ অনুশাৰনৰ লিপি, (২) কুশান যুগৰ লিপি, (৩) গুপ্ত যুগৰ লিপি আৰু (৪) প্রাচীন আঞ্চলিক লিপিৰ আদি ৰূপ।
(ছ) খৰোষ্ঠী লিপি।
উত্তৰ: সম্রাট অশোকৰ শাসনসমূহত ব্যৱহাৰ হোৱা চাৰিপ্ৰকাৰ লিপিৰ ভিতৰত খৰোষ্ঠী অন্যতম। পাকিস্তানৰ মাসেহা আৰু শাহ্বাজগড়ী নামে ঠাইত উদ্ধাৰ হোৱা চৈধ্যখন ধর্মলিপিয়েই বর্তমানলৈ পোৱা খৰোষ্ঠী লিপিৰ প্ৰাচীনতম নিদর্শন। অশোকৰ পাছত ভাৰত-যৱন, শক, কুশান আদি ৰজাসকলে খৰোষ্ঠী লিপি ব্যৱহাৰ কৰিছিল। খৰোষ্ঠী নামটোক লৈ কেবাটাও মতবাদ পোৱা যায়। গাধৰ (খৰ) ছালত লিখা বাবে গাধৰ ছাল অর্থাৎ 'খৰপৃষ্ঠ'ৰ খৰোষ্ঠী; গাধ বা 'খৰ'ৰ ওঁঠৰ নিচিনা হোৱাৰ বাবে খৰোষ্ঠী; হিব্রু ভাষাৰ 'খৰোশেথ' অর্থাৎ খোদাই কৰা বা লিখাৰ পৰা খৰোষ্ঠী আদি মত প্রচলিত আছে। ইয়াৰ উৎপত্তিস্থলক লৈও পণ্ডিতসকলৰ মাজত মতভেদ আছে।
খ্রীষ্টপূর্ব পঞ্চম শতিকামানতে বিকাশ লাভ কৰা খৰোষ্ঠী লিপি প্রথমতে সোঁফালৰ পৰা বাঁওফাললৈ লিখাৰ নিয়ম আছিল যদিও পাছলৈ সেই নিয়ম সলনি হয়। এই লিপি অত্যন্ত ঘঁহাই লিখা হয়। তদুপৰি দীর্ঘস্বৰৰ অনুপস্থিতি আৰু সংযুক্ত ব্যঞ্জনৰ সংখ্যাও কম পোৱা যায়।
(জ) কুটিল লিপি।
উত্তৰঃ ৩৫০ খ্ৰীষ্টাব্দৰ পাছত ব্রাহ্মীলিপি দুটা ভাগত বিভক্ত হয়- (১) উত্তৰ ব্ৰাহ্মী আৰু (২) দক্ষিণ ব্রাহ্মী লিপি। ব্রাহ্মীৰ উত্তৰ শৈলীৰ পৰা গুপ্তলিপিৰ উদ্ভৱ হয়। এই গুপ্ত লিপিৰ ক্ৰমবিকাশৰ ফলত কুটিল লিপিৰ জন্ম হয়। ইয়াৰ সময়সীমা খ্ৰীঃ ষষ্ঠৰ পৰা নৱম শতিকা বুলি অনুমান কৰা হৈছে। কুটিল লিপিৰ লম্ব ৰেখাৰ নিম্নাংশ বাঁওফালে ঘোৰ খাইছিল আৰু স্বৰ মাত্ৰাসমূহ অধিক বেঁকা-বেঁকি আৰু দীঘল হোৱা হেতু ইয়াৰ নাম কুটিল। অ, আ, ঘ, প, ম, য়, য আৰু স-ব শিৰোৰেখা দ্বিধা বিভক্ত হোৱাৰ উপৰি প্ৰতিটো অংশই নিজাকৈ ত্রিকোণাকাৰ ৰেখা শিৰ পাতি লোৱা দেখা যায়। এই কুটিল লিপিৰ পৰা পূর্ব ভাৰতৰ লিপিসমূহ যেনে- মৈথিলী, অসমীয়া, বঙালী, আৰু ওড়িয়া লিপিৰ উদ্ভৱ আৰু বিকাশ ঘটিছে বুলি কোৱা হয়। নেপালৰ নোৱাৰী লিপি কুটিল লিপিৰ পৰাই উদ্ভব হোৱা। কোনো কোনোৱে কুটিল লিপিৰ পৰাই অসমীয়া লিপিৰ জন্ম হৈছে বুলি ক'ব খোজে।
(ঝ) কুষাণ লিপি।
উত্তৰ: মগধৰ মৌৰ্যবংশৰ ৰজা প্রিয়দর্শী অশোকৰ অনুশাসনসমূহ ঘাইকৈ ব্রাহ্মী লিপিত খোদিত। অশোকৰ পৰৱৰ্তী সময়ত শক আৰু ক্ষত্ৰপ ৰজাসকলৰ হাতত ব্রাহ্মীলিপিৰ ভালেখিনি পৰিবৰ্তন হয়। খ্রীষ্টীয় প্রথম-দ্বিতীয় শতিকাত ভাৰতত কুষাণ বংশই ৰাজ্য স্থাপন কৰে। ভাৰতৰ স্বাধীন ৰাজ্য স্থাপন কৰা ইউ চি জাতি লাহে লাহে পাঁচটা ভাগত বিভক্ত হয়। তাৰে এটা ভাগৰ নাম হ'ল কুষাণ। কুষাণৰাজ কোজল কদ্ফিচেচে আন চাৰিওটা ভাগক পৰাস্ত কৰি ভাৰতত কুষাণ সাম্রাজ্য প্রতিষ্ঠা কৰে। এওঁৰ পিচত কনিষ্ক, বসিষ্ক, হুৱিষ্ক আৰু বাসুদেৱ ৰাজপাটত বহে। ব্রাহ্মী লিপিৰ বিকাশত এই কুষাণ বংশৰ ৰাজত্বকালৰ বিশেষ ভূমিকা আছে। এই ৰাজবংশৰ পৃষ্ঠপোষকতাত ব্রাহ্মী লিপিৰ যথেষ্ট উন্নতি হয় আৰু ই কলাত্মক ৰূপ অর্জন কৰে। কুষাণ ৰাজবংশৰ হাতত পৰিৱৰ্তিত হোৱা বাবে সময়ত ব্রাহ্মী লিপি 'কুষাণ লিপি'ৰূপে জনাজাত হয়। উত্তৰ ভাৰতৰ মথুৰা, সাঁচী, কৌশাম্বী, সহেথ-মহেথ আদি স্থানত এই লিপিৰ কেতবোৰ আঞ্চলিক শৈলীয়েও বিকাশ লাভ কৰে। লিপিবিদসকলে কুষাণকালীন ব্রাহ্মী লিপিৰ দুটা ভিন্ন শৈলী লক্ষ্য কৰিছেঃ পশ্চিমা শৈলী আৰু পূর্বী শৈলী। এই দুই শৈলীৰ পাৰ্থক্য প্ৰধানকৈ ৰক্ষিত হৈছে শ, ল, হ আৰু স আখৰত। লিপিবিদ ঠাকুৰ প্ৰসাদ বৰ্মাই আকৌ এই লিপিৰ আন দুটা ভাগৰ কথা উল্লেখ কৰিছে ৰাজপৃষ্ঠপোষকতাত খোদিত চৰকাৰী শৈলী আৰু ব্যক্তিগত উদ্যোগত খোদিত বেচৰকাৰী শৈলী। এই একেটা সময়তে দক্ষিণ-পশ্চিম ভাৰততো ব্রাহ্মী লিপিৰ বিকাশ সাধন হয় আৰু সেই অঞ্চলত ই অধিক ই অধিক কলাত্মক ৰূপ পৰিগ্ৰহ কৰে। দক্ষিণৰ ইক্ষাকু আৰু পল্লৱ লেখমালাৰ লিপিৰ সৈতে উত্তৰ ভাৰতীয় ব্রাহ্মী লিপিৰ সুদৃঢ় সম্পৰ্কৰ কথা পণ্ডিতসকলে উপযুক্ত নিদর্শনেৰে দাঙি ধৰিছে। উত্তৰ ভাৰতত লিপি খোদনৰ কাম যথেষ্ট পৰিমাণে হৈছিল বাবে এই অঞ্চলত লিখা কাম কিছু খৰ গতিৰে কৰিবলগীয়া হৈছিল। সেইবাবে এই অঞ্চলৰ লিপিত আখৰৰ বক্রতাই গা কৰি উঠাৰ সুবিধা পায়। আনহাতে যিবোৰ ঠাইত লিখোৱা কামৰ পৰিমাণ তাকৰ আছিল সেইবোৰত পূৰ্বৰ গঢ়তেই লিপি উৎকীর্ণ কৰা হৈছিল। এইটো যুগত ৰাজনীতি আৰু ধৰ্মনীতিৰ ফালৰ পৰা মথুৰাৰ গৌৰৱ তুংগত থকা হেতুকে আমি ক'ব পাৰো যে ব্রাহ্মী লিপিৰ বিকাশৰ ইতিহাসত মথুৰাৰ এক সুকীয়া আসন আছে। ব্রাহ্মী লিপিৰ তুলনাত কুষাণ লিপিয়ে ভালেমান দিশত কলাত্মক ৰূপ পৰিগ্ৰহ কৰে। পূর্ববর্তী ব্রাহ্মী লিপিৰ অনুভূমিক আৰু লম্বৰেখাবোৰ আছিল পোন। কিন্তু কুষাণ লিপিৰ ৰেখাবোৰ বেঁকা আৰু বর্তুলাকৃতিৰ।
(ঞ) গুপ্তলিপি।
উত্তৰ: খ্রীষ্টিয় চতুর্থ শতিকাত মগধত মৌর্য সাম্ৰাজ্যৰ পতন ঘটাৰ পাছত গুপ্ত ৰাজবংশই প্রতিষ্ঠা লাভ কৰে। শক, হুন আদি বিদেশী শত্রুক পৰাস্ত কবি চন্দ্ৰগুপ্ত, কুমাৰগুপ্ত, পুৰুগুপ্ত, বুধগুপ্ত, নৰসিংহগুপ্ত, বিষ্ণুগুপ্ত আদি গুপ্ত সম্রাটে নিজৰ সাম্রাজ্য বিস্তাৰ কৰা লগে লগে ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দিশৰ ভালেমান পৰিবৰ্তন ঘটায়। এই বংশৰ ৰজাসকলৰ ৰাজত্বকালত ব্রাহ্মী লিপিৰো ভালেখিনি পৰিবৰ্তন সাধিত হয় আৰু একাধিক নতুন শৈলীৰ আত্মপ্রকাশ ঘটে। মুঠতে, আৰ্যাৱৰ্তত গুপ্ত ৰজাসকলৰ শাসন কালত ব্রাহ্মী লিপিৰ যিটো ৰূপ লেখন কলাত ব্যবহৃত হৈছিল, কালক্রমত সিয়েই গুপ্তকালীন ব্রাহ্মী বা সাধাৰণভাৱে গুপ্ত লিপিৰূপে জনাজাত হয়। কালানুক্রমিকভাবে এই লিপিক দুটা ভাগত ভগোৱা হৈছে-খ্রীষ্টিয় চতুর্থ শতিকাত প্রচলিত আদি গুপ্ত লিপি আৰু তাৰ পৰৱৰ্তী সময়ত (ষষ্ঠ শতিকা পর্যন্ত) প্রচলিত পৰৱৰ্তীকালৰ গুপ্ত লিপি। অৱশ্যে এই কথা ঠিক যে উল্লিখিত দুই শৈলী মৌর্য সম্রাট অশোকৰ দিনৰ ব্ৰাহ্মা লিপিতে কিন্তু প্রকট হৈ পৰিছিল।
হর্ণলে চাহাবে আদি স্তৰৰ গুপ্ত লিপিক উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় শৈলীত বিভক্ত কৰিছে। তেওঁৰ দৃষ্টিত এই দুই শৈলীৰ মাজৰ ভিন্নতা প্রকাশক অক্ষৰটি হৈছে 'ম'। আনহাতে আদি গুপ্তকালীন লিপিকো আকৌ দুটা ভাগত ভগোৱা হৈছে: পূর্বী আৰু পশ্চিমা। এই দুই প্ৰকাৰৰ শৈলীৰ ঘাই পাৰ্থক্য 'শ' অক্ষৰটি বুলি চিহ্নিত হৈছে। সি যি কি নহওক, খ্রীষ্টিয় পঞ্চম শতিকামানৰ পৰা লেখন সামগ্রী তথা কলা-কৌশলৰ উন্নতি, শৈলকাৰ বা লিপিকাৰসকলৰ অলংকৰণৰ প্ৰতি ধাউতি, সৰলীকৰণৰ স্পৃহা ইত্যাদি কাৰণত গুপ্ত লিপিৰ শেহতীয়া ৰূপটোৰ পৰা ভাৰতবৰ্ষত আঞ্চলিক বা প্রাদেশিক লিপিমালাৰ বিকাশ ঘটে।
পাশ্চাত্য পণ্ডিত বুহলাৰে আকৌ খ্রীষ্টিয় চতুর্থ-পঞ্চম শতিকাৰ কালছোৱাৰ উত্তৰ ভাৰতীয় ব্রাহ্মীলিপি বা গুপ্তলিপিক তিনিটা ভাগত বিভক্ত কৰিছে।
(১) পূর্বীশৈলীঃ (সমুদ্র গুপ্তৰ এলাহাবাদৰ স্তম্ভৰেখা; স্কন্ধ গুপ্তৰ সহাম শৈললেখ)।
(২) পশ্চিমা শৈলীঃ (বক্র বৃত্তাকাৰহস্ত লেখ; স্কন্ধ গুপ্তৰ ইন্দোৰ তাম্রলেখ আৰু ভিতৰি স্তম্ভলেখ; দ্বিতীয় স্কন্ধগুপ্তৰ মথুৰালেখ)।
( ৩) পশ্চিমা কৌণিক শৈলী: (কৌণিক স্মাৰক শৈলী: কুমাৰগুপ্তৰ বিলসদ
অভিলেখ আৰু চন্দ্ৰগুপ্তৰ মেহৰৌলী স্তম্ভলেখ। আখৰৰ কৌণিক রূপ এই শৈলীৰ বিশেষত্ব)। এই শৈলীকেইটাৰ ভিন্নতা অনা আখৰকেইটা হ'ল-শ, ল আৰু হ।
পুৰালিপিবিদ ৰাখালদাস বন্দোপাধ্যায়ে আদি গুপ্ত যুগৰ লিপিক (১) পূর্বী, (২) পশ্চিমা, (৩) দক্ষিণা আৰু (৪) মধ্য এছীয়- এই চাৰিটা ভাগত বিভক্ত কৰিছে। তেওঁৰ মতে, পূৰ্বী আৰু পশ্চিমা শৈলীৰ মাজত পাৰ্থক্য অনা অক্ষৰকেইটা হৈছে-ম, ল, শ, স আৰু হ। পৰৱৰ্তী সময়ত পশ্চিমা শৈলীয়ে পূর্বী শৈলীক সম্পূর্ণরূপে গ্রাস কৰে। খ্রীষ্টিয় ষষ্ঠ শতিকাত খোদিত বোধগয়াৰ অনুশাসনখনি ইয়াৰ উৎকৃষ্ট উদাহৰণ।
আহমদ হাছান দানীয়ে আদি স্তৰৰ গুপ্তলিপিক উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় এই দুই ভাগত ভগাই দেখুৱাইছে। তেওঁ উত্তৰ ভাৰতীয় লিপিমালাক আঞ্চলিক ভিত্তিত (ক) পূর্বী, (খ) পূর্বী মালৱা আৰু (গ) মথুৰা- এই তিনিটা সুকীয়া শৈলীত বিভক্ত কৰি আলোচনা কৰিছে। ইয়াৰ ভিতৰত পূৰ্বী মালৱা শৈলী অধিক কলাত্মক। খ্রীষ্টিয় চতুর্থ-পঞ্চম শতিকাত দক্ষিণী শৈলীৰ দ্রুত বিকাশ সাধিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত প্রত্ন আঞ্চলিক লিপিমালা গা কৰি উঠে। ইয়াৰ অন্যতম কাৰণ হ'ল কলমৰ ব্যৱহাৰ। এই কালত আখৰ লিখিবলৈ কলম ব্যৱহাৰ হোৱাটো বিশেষভাবে লক্ষ্যণীয়। ইয়াৰ ফলত লেখন কলাৰ প্ৰভূত উন্নতি ঘটে। কাৰণ কলমৰ প্ৰয়োগৰ ফলত অক্ষৰৰ শিৰোৰেখাত স্পষ্টভাৱে ত্রিকোণৰ সৃষ্টি হয়; যাক নখমূৰী বা গোঁজমূৰী অক্ষৰ আখ্যা দিয়া হৈছে। তদুপৰি, শৈলকাৰসকলৰ অলংকৃত অক্ষৰৰ প্ৰতি তীব্র হেঁপাহ আৰু দ্রুতগতিৰে অথচ সৰলীকৃত ৰূপেৰে লেখাৰ প্ৰতি ধাউতিয়ে প্রত্ন-আঞ্চলিক লিপিৰ উদ্ভৱ ত্বৰান্বিত কৰি তোলা বুলি আহমদ হাছান মন্তব্য কৰিছে। পঞ্চম শতিকাৰ পাছৰে পৰা উত্তৰ ভাৰতীয় লিপিত দণ্ডৰ তলফালে পাদচিহ্নৰ সৃষ্টি হয় আৰু পাছলৈ ই পুচ্ছলৈ পৰিবৰ্তিত হোৱা দেখা যায়। আনহাতে, ষষ্ঠ শতিকাৰ অন্তিম ভাগত কলমৰ দ্রুত প্ৰয়োগৰ ফলত অক্ষৰৰ ৰেখাবোৰ পূৰ্বতকৈ খীণ আৰু ঘন হৈ পৰে। ইয়াৰ ফলত আখৰবোৰ যথেষ্ট অলংকৃত হৈ উঠে। দক্ষিণ ভাৰতত আকৌ কলমৰ সলনি তালপাতত লোৰ শলাকাৰে বর্তুলাকাৰে আখৰ লিখা হৈছিল। লিপিকাৰসকলৰ অলংকৰণৰ প্ৰতি হেঁপাহ আৰু সৌন্দৰ্যবোধৰ স্পৃহাই উত্তৰ ভাৰতীয় গুপ্তলিপিক যথেষ্ট সুন্দৰ কৰি তোলে। ইয়াৰ পৰিণতি স্বৰূপে উত্তৰ ভাৰতত নতুনকৈ কুটিল লিপিয়ে আত্মপ্রকাশ কৰে।
(ট) মধ্যযুগীয়া অসমীয়া লিপি।
উত্তৰঃ খ্রীষ্টিয় ত্রয়োদশ শতিকাৰ প্ৰথমার্ধত খোদিত উত্তৰ গুৱাহাটীৰ 'কানাই বৰশীবোৱা তুৰন্ধ-ক্ষয়ৰ শিলৰ ফলি'ৰ আখৰক মধ্যযুগীয়া অসমীয়া লিপিৰ প্ৰথম নিদৰ্শনৰূপে সাব্যস্ত কৰিব পাৰি। ত্রয়োদশ শতিকাৰ আন আন লিপি হ'ল- আমবাৰী শিলালিপি, যচাগীতিকোষ আৰু দোহাকোষ পঞ্জীৰ লিপি। চতুর্দশ শতিকাত গছতলত স্তম্ভলিপি, পুৰুষোত্তম দাসৰ ৰাউতকুছি তাম্রশাসন, সধয়াপুৰীশ্বৰ মাধৱদেৱৰ নীলাচল তাম্রলেখ আদিত মধ্যযুগীয় আখৰ বা লিপিৰ ৰূপ পোৱা যায়। ষোড়শ শতাব্দীৰ লিপিৰ নিদৰ্শন-কামাখ্যা মন্দিৰৰ শিলৰ ফলি, মহাৰাজ নৰনাৰায়ণৰ মুদ্রালিপি, হয়গ্ৰীৱ মাধৱৰ শিলৰ ফলি আদি। ষোড়শ শতাব্দীত অসমত বহুলভাবে দুবিধ লিপিৰ- টাই-আহোম লিপি বা 'অসমাক্ষৰ' আৰু পুৰণি অসমীয়া 'হেন্দুৱান' বা 'হিন্দুঅক্ষৰ'ৰ প্ৰচলন আছিল। মধ্যযুগীয়া অসমীয়া লিপিক- গড়গঞা, কায়থেলী আৰু বামুণীয়া- এই তিনি ভাগত ভাগ কৰা দেখা যায়। মধ্যযুগীয়া অসমীয়া লিপিয়ে কোঁচ, আহোম আদি ৰজা আৰু বৈষ্ণৱ সত্রানুষ্ঠানৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। লিপি কাক বোলে? লিপিৰ উদ্ভৱ ক'ত, কেতিয়া, কেনেদৰে হৈছিল তাৰ এটি আভাস দাঙি ধৰা।
উত্তৰ: মানুহে ভাষা ক'বলৈ মুখেৰে উচ্চাৰণ কৰা ধ্বনিসমূহক যি প্রতীকচিহ্ন বা ৰেখাচিত্ৰৰ সহায়ত লিখা বা অংকন কৰা হয় তাকে লিপি বোলে। লিপিক বাণী বা ভাষাৰ লৈখিক প্রতিৰূপ বুলিব পাৰি। অর্থাৎ লিপি মানে হ'ল মানুহে মুখেৰে উচচাৰণ কৰা ধ্বনিসমূহক প্রতিনিধিত্ব কৰা প্ৰতীকচিহ্ন বা ৰেখাচিত্র। 'লিপি' অভিধানটিৰ প্ৰথম প্ৰয়োগ মহর্ষি পাণিনিৰ 'অষ্টাধ্যায়ী' নামৰ ব্যাকৰণ পুথিত পোৱা যায়। সংস্কৃত 'লিপ্' ধাতুৰ লগত 'ইন্' প্রত্যয় যোগ হৈ 'লিপি' শব্দটো গঠিত হৈছে। ইয়াৰ ব্যুৎপত্তিগত অর্থ হৈছে ব্যক্ত বাণীৰ লৈখিক ৰূপ। লিপিৰ বাবেই লিখিত সাহিত্য মৌখিক সাহিত্যৰ পৰা পৃথক হৈছে। কাৰণ, লিপি অবিহনে মানুহৰ মুখেৰে উচ্চাৰিত ব্যক্ত বাণী বা ভাষাৰ লিখন কাৰ্য একো কাৰণতে সম্ভৱ নহ'লহেঁতেন। অর্থাৎ, লিখিত ভাষাৰ মূল ভিত্তি হৈছে লিপি; আনহাতে, কথিত ভাষা ধ্বনিৰ ওপৰত নিৰ্ভৰশীল। কোনো নির্দিষ্ট সময়ৰ ঘটনা বা মনৰ ভাব ভৱিষ্যতলৈ সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যেৰেই সম্ভৱতঃ ভাষাৰ লিখন কাৰ্যৰ আৰম্ভণি ঘটিছিল আৰু মুখেৰে উচ্চাৰিত মনৰ ভাব বহনকাৰী ধ্বনি-পদ্ধতিক লিখিত ৰূপ দিবলৈ যাওঁতে লিপিৰ সৃষ্টি হৈছিল।
মানুহৰ মনৰ ভাব প্রকাশ কৰাৰ বা মানৱ সমাজত পাৰস্পৰিকভাৱে যোগাযোগ কৰাৰ সর্বোৎকৃষ্ট মাধ্যম হৈছে ভাষা। ভাষাৰ বাবেই মানৱ সভ্যতাৰ বিকাশ সম্ভৱ হৈ উঠিছে। মানুহৰ এই ভাষা পোনতে মৌখিকভাৱে প্রবাহিত হৈছিল। মানৱ সমাজৰ বিৱৰ্তনৰ কোনো এটা স্তৰত মৌখিক ভাষাই লিখিত ৰূপ পৰিগ্ৰহ কৰে। খ্ৰীঃপূঃ ৬০০০ মান বছৰৰ আশে-পাশে লিপিৰ জন্ম আৰু বিকাশ হৈছিল বুলি পণ্ডিতসকলে অনুমান কৰে। প্রকৃতপক্ষে, আদিম মানুহৰ মনোভাব তথা ধ্যান-ধাৰণাৰ সু-সংৰক্ষণৰ প্ৰয়োজন পূৰণাৰ্থে এক সুদীর্ঘ প্রচেষ্টাৰ অন্ততহে লিপিৰ জন্ম আৰু বিকাশ সম্ভৱ হৈ উঠিছিল। আদিম মানৱে খাদ্য সংগ্ৰহকাৰী স্তৰত জীৱ-জন্তু চিকাৰ কৰি, প্ৰকৃতিৰ বুকুৰ পৰা ফল-মূল আহৰণ কৰি জীৱন নিৰ্বাহ কৰিছিল। এই কালত প্ৰকৃতিৰ বুকুত সংঘটিত দুৰ্যোগৰ পৰা হাত সাৰিবলৈ মানুহ নামৰ প্ৰজাতিবিধে পৰ্বত-পাহাৰ, গুহা, গছৰ ধোন্দ আদিত আশ্রয় লৈছিল। পোনতে সভ্যতাৰ পোহৰ নেদেখা মানৱ প্রজাতিয়ে প্রকৃতিৰ বিভিন্ন পৰিঘটনাক তেওঁলোকে ভয়মিশ্রিত কৌতূহলী দৃষ্টিৰে লক্ষ্য কৰিছিল। এই কৌতূহলৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে তেওঁলোকে শিলৰ মসৃণ পিঠিত, গুহাৰ বেৰত বিভিন্ন চিত্র অংকন কৰি কৰিছিল। তদুপৰি চকুৰে দেখা নতুন নতুন বস্তুবোৰৰ ছবি পৰ্বত-পাহাৰ, শিল, গছ-গছনি আদিৰ গাত অংকন কৰি সংৰক্ষণৰ প্ৰয়াস কৰিছিল। পৰৱৰ্তী সময়ত হাততে পোৱা কাঠ, জন্তুৰ ছাল আদি বিভিন্ন বস্তুৰ পৃষ্ঠভূমিক লিখাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ মনৰ ভাব ব্যক্ত কৰাৰ পথ উলিয়াই লৈছিল। এনেদৰে তেওঁলোকে প্ৰকৃতিৰ বিভিন্ন সম্পদ-জোন, বেলি, তৰা; চিকাৰ কৰোঁতে পোৱা বিভিন্ন জীৱ-জন্তু; বাস্তব জীবনত ঘটা বিবিধ ঘটনা আদি চিত্রায়িত কৰাৰ প্ৰয়াস কৰিছিল। দৰাচলতে মানব-সভ্যতাৰ বিৱৰ্তনত মনৰ ভাব ধৰি ৰাখিবলৈ লিপিৰ অংকুৰণ এনে চিত্ৰবোৰৰ জৰিয়তেই আৰম্ভ হৈছিল। কিন্তু সময়ৰ আঁচোৰত পুৰণি লিখন সামগ্ৰীবোৰৰ ঠাইত উন্নতমানৰ নতুন সামগ্ৰী ব্যৱহাৰ হ'বলৈ লয়।