প্ৰথম গোট
শংকৰদেৱৰ 'ৰুক্মিণী হৰণ' নাটৰ অন্তৰ্গত ৰুক্মিণীৰ প্ৰেমপত্ৰ
প্ৰশ্নাৱলী ঃ
অতি চমু প্ৰশ্ন ঃ
১। শংকৰদেৱৰ প্ৰথম অংকীয়া নাটকৰ নাম কি?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম অংকীয়া নাটকৰ নাম হল ৰামবিজয় ।
২। ‘অংকীয়া’ নাটৰ ব্যুৎপত্তি কি?
উত্তৰঃ অংকীয়া নাটৰ বু
৩।শংকৰদেৱৰ নাটৰ সংখ্যা কিমান?
উত্তৰঃ
৪। শংকৰদেৱৰ শেষ নাটকখনৰ নাম কি?
উত্তৰঃ শংকৰদেৱৰ শেষ নাটকখনৰ নাম হল ৰুক্মিণীহৰণ ।
৫। ৰুক্মিণীৰ প্ৰেম পত্ৰ কোনখন নাটকৰ অন্তৰ্গত?
উত্তৰঃ ৰুক্মিণীৰ প্ৰেমপত্ৰ ৰুক্মিণী হৰণ নাটৰ অন্তৰ্গত ।
৬। ৰুক্মবীৰ কোন?
উত্তৰঃ ৰুক্মবীৰ হল ভীস্মক ৰজাৰ পুত্ৰ আৰু ৰুক্মিণীৰ ককায়েক ।
৭। বেদনিধি কোন?
উত্তৰঃ বেদনিধি হল এজন ব্ৰাহ্মণ আছিল ।
৮। মদন মঞ্জৰী কোন?
উত্তৰঃ
৯। ৰুক্মিণীৰ ককায়েকৰ নাম কি?
উত্তৰঃ ৰক্মিণীৰ ককায়েকৰ নাম আছিল ৰুক্মবীৰ ।
১০। সুৰভি কোন?
উত্তৰঃ সুৰভি হল ৰুক্মিণী হৰণ নাটকৰ অন্তৰ্গত বা জড়িত হৈ থকা এগৰাকী নাৰী ।
১১। ৰুক্মিণী হৰণ নাটত কোন নগৰৰ উল্লেখ পোৱা যায়।
উত্তৰঃ ৰুক্মিণী হৰণ নাটত ভীস্মক নগৰৰ উল্লেখ পোৱা যায় ।
১২। মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত ।
১৩। শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল।
উত্তৰঃ শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল খেৰসুতী ।
১৪। শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰঃ শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল ।
১৫। শংকৰদেৱে ভকতৰ চাৰি খুঁটি মাৰি কি ৰচনা কৰিছিল।
উত্তৰঃ শংকৰদেৱে ভকতৰ চাৰিখুটি মাৰি হৰিচন্দ্ৰ উপাখ্যান ৰচনা কৰিছিল ।
১৬। শংকৰদেৱে সুৰ্যৱতীক কেতিয়া বিয়া কৰাইছিল।
উত্তৰঃ ১৪৬০ চনত শংকৰদেৱে সূৰ্যৱতীক বিয়া কৰাইছিল ।
১৭।শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম হল মন মেৰি ৰাম চৰনেহি লাগু ।
১৮। শংকৰদেৱৰ এখন কাব্য পুথিৰ নাম লিখা।
উত্তৰঃ শংকৰদেৱৰ এখন কাব্য পুথিৰ নাম হল ৰুক্মিণী হৰণ ।
১৯। শংকৰদেৱৰ অংকীয়া নাটক কেইখন?
উত্তৰঃ শংকৰদেৱৰ অংকীয়া নাটক ৬খন ।
২০। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰ কি?
উত্তৰঃ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰ হল ভগৱান শ্ৰী কৃষ্ণৰ গুণানুকীৰ্তন আৰু ঐশ্বৰিক লীলাসমূহে বৈষ্ণৱ সাহিত্যৰ অধিক ঠাই আগুৰি আছে ।
২১।শংকৰদেৱৰ ওজাপালিত কেইজন লোক থাকে?
উত্তৰঃ শংকৰদেৱৰ ওজাপালিত ৫ জন লোক আছে ।
২২। ভটিমা কেইবিধ?
উত্তৰঃ ভটিমা তিনিবিধ ।
২৩। শংকৰদেৱৰ 'ৰুক্মিণীৰ প্ৰেমপত্র' ক'ৰ পৰা লোৱা হৈছে?
উত্তৰঃ ৰুক্মিণীৰ প্ৰেমপত্ৰ শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটকৰ পৰা লোৱা হৈছে ।
২৪। শিশুপাল কোন?
উত্তৰঃ শিশুপাল চেদি ৰাজ্যৰ ৰজা আছিল ।
২৫। মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰঃ .১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল ।
২৬। মাধৱদেৱৰ বৰগীতত সংখ্যা কিমান?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ সংখ্যা আছিল ১৫৭ টা ।
২৭। মাধৱদেৱৰ নাটৰ সংখ্যা কিমান?
উত্তৰঃ
২৮। মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটকৰ অংকীয়া নাট বুলি ক'ব পাৰিনে?
উত্তৰঃ মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটকৰ অংকীয়া নাট বুলি কব নোৱাৰি ।
২৯। ‘নন্দ-যশোদাৰ কলহ' কোন নাটৰ অন্তৰ্গত?
উত্তৰঃ নন্দ-যশোদাৰ কলহ মাধৱদেশৰ অৰ্জুন ভঞ্জন নাটৰ অন্তৰ্গত ।
৩০। মাধৱদেৱৰ নাটৰ সংখ্যা কিমান?
উত্তৰঃ
৩১। ঝুমুৰা নাটৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ঋুমুৰা নাটৰ এটি বৈশিষ্ট্য হল
ক) ঋুমুৰাৰ ভাষা ব্ৰজাৱলী যদিও ইয়াক অতি সহজ-সৰল ৰূপত মাধৱদেৱে ব্যৱহাৰ কৰিছে ।
৩২। মন্ত্র সাহিত্য কোন সময়ৰ?
উত্তৰঃ মন্ত্ৰ সাহিত্য অষ্টম-নৱম শতিকাৰ সময়ৰ ।
৩৩। মন্ত্ৰ সাহিত্যৰ উদ্ভৱ স্থান ক’ত বুলি ভবা হয় ?
উত্তৰঃ মন্ত্ৰ-সাহিত্যৰ উদ্ভৱ স্থান কামৰূপ বুলি ভবা হয় ।
৩৪। নেপালৰ ধৰণী মন্ত্ৰবোৰক কি বুলি কোৱা হয়।
উত্তৰঃ
৩৫। মহাময়ূৰীৰ অৰ্থ কি ?
উত্তৰঃ
৩৬। মহাপ্ৰতি সৰা মানে কি বুজায়।
উত্তৰঃ
৩৭। বায়ুকৰতী মানে কি?
উত্তৰঃ বায়ুকৰতী মানে হল ত্ৰিজগতৰ পতি ব্ৰহ্মায়ে উচ্চাৰণ কৰা মন্ত্ৰ ।
৩৮। ব্ৰহ্মকৰৰ্তী মানে কি?
উত্তৰঃ
৩৯। ব্ৰহ্মকৰতী মন্ত্ৰক কি বুলি কোৱা হৈছে।
উত্তৰঃ
৪০। অসমীয়া মন্ত্ৰ সাহিত্যত কি কথাৰ উল্লেখ পোৱা যায়।
উত্তৰঃ
চমু প্রশ্নঃ
১। শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি আৰু ক'ত ৰচনা কৰা হৈছিল ?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হল চিহ্নযাত্ৰা আৰু এই নাটকখন অসমত ৰচনা
কৰা হৈছিল ।
২। শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি? আৰু তেওঁৰ বৰগীতত সংখ্যা কিমান?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম হল মন মেৰি চৰণেহি লাগু
৩। ৰুক্মিণী হৰণ নাটত কোনে কাক প্রেমপত্র দিছিল ?
উত্তৰঃ ৰুক্মিণী হৰণ নাটত ভীস্মক ৰজাৰ জীয়ৰী ৰুক্মিণীয়ে ভগৱান শ্ৰী কৃষ্ণক প্ৰেমপত্ৰ দিছিল ।
৪। ৰুক্মিণী হৰণ নাটত কি কি ৰসৰ উল্লেখ পোৱা যায়।
উত্তৰঃ ৰুক্মিণী হৰণ নাটত শংগাৰ আৰু বীৰ ৰসৰ উল্লেখ পোৱা যায় ।
৫। ৰুক্মিণী হৰণ নাট ৰুক্মিণীৰ প্রেমপত্ৰ বৰ্ণনা কৰা ভাষাৰ শৈলী কি?
উত্তৰঃ ৰুক্মিণী হৰণ নাট ৰুক্মিণীৰ প্ৰেমাপত্ৰ বৰ্ণনা কৰা ভাষাৰ শৈলী আছিল ব্ৰজাৱলী ।
৬। ৰুক্মিণী নাটৰ দুটা নাৰী চৰিত্ৰ উল্লেখ কৰা।
উত্তৰঃ ৰুক্মিণী হৰণ নাটৰ দুটা নাৰী চৰিত্ৰ হল
ক) সুৰভি ।
৭। মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা।
উত্তৰঃ মাধৱদেৱৰ দুখন ঋুমুৰাৰ নাম হল
ক) চোৰ ধৰা ।
খ) পিম্পৰা গুচোৱা ।
৮। মাধৱদেৱৰ অৰ্জুন ভঞ্জন নাটত থকা তিনিটা স্তৰ কি কি?
উত্তৰঃ মাধৱদেৱৰ অৰ্জুন-ভঞ্জন নাটত থকা তিনিটা স্তৰ হল
৯। অর্জুন ভঞ্জন নাটৰ মূল কি?
উত্তৰঃ
১০। অৰ্জুন ভঞ্জন নাটত কাৰ কাৰ মাজত কাজিয়া হৈছিল?
উত্তৰঃ অৰ্জুন-ভঞ্জন নাটত নন্দ আৰু যশোদাৰ মাজত কাজিয়া হৈছিল ।
১১। নলকুৱেৰ আৰু মণিগ্ৰীৱ কোন?
উত্তৰঃ নলকুৱেৰ আৰু মণিগ্ৰীৱ কুবেৰৰ দুজন পুত্ৰ আছিল ।
১২। হেমচন্দ্ৰ গোস্বামীয়ে মন্ত্ৰৰ ভাগ কিদৰে কৰিছে।
উত্তৰঃ
১৩। মন্ত্ৰ সাহিত্যৰ উদ্দেশ্য কি?
উত্তৰঃ মন্ত্ৰ সমূহ প্ৰকৃততে মুখে মুখে প্ৰচলিত গীত-পদৰ দৰে। পৰৱৰ্তী কালত গীত-পদৰ দৰেই মন্ত্ৰই লিখিত ৰূপ লাভ কৰে। মন্ত্ৰক মৌখিক সাহিত্য বোলে। গীত-পদৰ দৰে মন্ত্ৰৰ সৈতে আবৃত্তি-অভিনয় জড়িত; বেজে অভিনয় কৰি বিহঢেকীয়াৰ পাত, পচতীয়া, বিহলঙনী, নৰসিংহ, কলাকচুৰ পাত নাইবা ন-কাপোৰেৰে মন্ত্ৰ আংগিক অভিনয়সহ আবৃত্তি কৰে।
১৪। বায়ুকৰতী মন্ত্ৰত কি কি কথা পোৱা যায় ?
উত্তৰঃ বায়ুকৰতী মন্ত্ৰত প্ৰতিবিধ বায়ুৱে মানুহৰ দেহত বিভিন্ন ধৰণে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু নেতিবাচক প্ৰভাৱ পেলায় । প্ৰসুতিৰ দেহত ক্ষয়-ক্ষতি কৰা প্ৰসুতা নামৰ এবিধ বায়ু আছে । এই বায়ুবিধৰ দহটা অংগ বান্ধি বশ কৰিব বুলি বক্তা বা ওজাজনে মন্তব্য কৰিছে । মহাদেৱক স্মৰণ কৰি এই কাৰ্য কৰিব পাৰি বুলি কৈছে । ইয়াৰোপৰি পোড়া বায়ু, কোমোৰা বায়ু, জ্বৰ বায়ু, খামোচা বায়ু, বগৰা বায়ু, কালিকা বায়ু, আদি বিবিন্ন বায়ু আছে মহাদেৱক স্মৰণ কৰি নাইকিয়া কৰিব পাৰি । এই বায়ুবোৰে নিৰ্দিষ্ট লক্ষণ প্ৰকাশ কৰে । পোৰা ঘা, হাড়ৰ বেমাৰ, পেটৰ অসুখ, গৰ্ভ-নাভি,ৰ বেমাৰ-আজাৰ ইত্যাদি এইবোৰৰ লক্ষণ ।
১৫। বায়ুকৰৰ্তী কোন সময়ৰ ৰচনা আৰু ই কেনে পৰ্যায়ত ব্যৱহাৰ হয়?
উত্তৰঃ অসমীয়া ভাষাত ৰচিত মন্ত্ৰ-সাহিত্যৰ ইতিহাস হৈছে অতি প্ৰাচীন বা পুৰণি । প্ৰাচীন কালৰ পৰা মৌখিক ৰূপত মন্ত্ৰৰ প্ৰচলন চলি আহিছে । সময় পৰিৱৰ্তনৰ লগে-লগে এই মন্ত্ৰবোৰৰ স্বকীয় ৰূপ- বৈচিত্ৰৰ ক্ষেত্ৰতো বিভিন্ন পৰিৱৰ্তন হোৱা দেখা যায় । অসমৰ লিখিত মন্ত্ৰ -সাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰায়বোৰ মন্ত্ৰই প্ৰাচীন অসমীয়া ভাষাত ৰচনা কৰা হৈছে । গদ্য আৰু পদ্য উভয়তে মন্ত্ৰসমূহ ৰচনা কৰা হৈছিল ।
বায়ুকৰতী মন্ত্ৰৰ গদ্যত এক লয়ৰ আৱেশ পোৱা যায় । মন্ত্ৰ সাহিত্যৰ পৰৱৰ্তী অংকীয়া নাটকসমূহতো শংকৰদেৱে লয়যুক্ত গদ্যৰ ব্যৱহাৰ কৰিছিল । বায়ুকৰতী মন্ত্ৰৰ বাক্যবোৰত অন্ত্যধ্বনিৰ মিল থকা দেখা যায় বা দৃষ্টিগোচৰ হোৱা দেখা যায় ।
সত্যেন্দ্ৰ নাথ শৰ্মাই মন্ত্ৰবোৰক ছন্দগন্ধী বুলি কৈছে । তেওঁ কৈছে যে নিৰ্দিষ্ট যাত আৰু পূৰ্ব-পূৰ্বাঙ্গৰ দ্বাৰা সু-সংবদ্ধ ছন্দ নাই যদিও সকলো মন্ত্ৰতে ছন্দৰ লয় পোৱা যায় ।
ৰচনাধৰ্মী প্রশ্নঃ
১। অংকীয়া নাটৰ উৎপত্তিৰ বিষয়ে লিখা।
উত্তৰঃ অংকীয়া নাটৰ জন্মদাতা হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ । নৱবৈষ্ণৱ ধৰ্মপ প্ৰচাৰ কৰাৰ বাবে বা উদ্দেশ্য মহাপুৰুষজনাই অংকীয়া নাটৰ মাধ্যমেৰে জনসাধাৰণৰ অন্তৰত ভক্তিভাবৰ উন্মেষণ ঘটাবলৈ সক্ষম হৈছিল । সংস্কৃত নাট্যশাস্ত্ৰমতে অংক শব্দৰ অৰ্থ হৈছে চিহ্ন, নাটকীয় কাহিনীৰ স্তৰ চিহ্নিত কৰা বিভাগ । কিন্তু অসমীয়া অংকীয়া নাটসমূহত কাহিনীৰ স্তৰ চিহ্নিত কৰা অৰ্থত অংক শব্দটো ব্যৱহাৰ নহয় যেন বোধ হয় । চৰিত পুথিৰ নাট শব্দৰ বিকল্পৰূপে অংক শব্দটো ব্যৱহাৰ কৰা দেখা যায় ।
মহাপুৰুষ শংকৰদেৱৰ পূৰ্বে নাট ৰচনাৰ কোনো তথ্য বা প্ৰমাণ পোৱা নাযায় । সেইফালৰ পৰা শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱাত নিশ্চয় দ্বিমত নাই । মহাপুৰুষ শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিছিল সংস্কৃত নাটকৰ আৰ্হিত, কিন্তু সংস্কৃত নাটকক সম্পূৰ্ণৰূপে অনুকৰণ কৰি তেওঁ নাটকসমূহ ৰচনা কৰা নাছিল । নাট সৃষ্টি কৰাৰ ক্ষেত্ৰত সংস্কৃত নাটকৰ পৰা সমল গ্ৰহণ কৰিলেওঁ শংকৰদেৱে পূৰ্বৰে পৰা অসমত প্ৰচলিত পুতলা নাচ আৰু ওজাপালিৰ বিভিন্ন উপকৰণক অংকীয়া নাটৰ মাজত সংস্থাপিত কৰিছিল । অংকীয়া নাটকৰ পূৰ্বে অসমত মূলতঃ পুতলা নাচ আৰু ওজাপালিৰ বিস্তৃ প্ৰচলন লক্ষ্য কৰা দেখা যায় । পুতলা নাচ অসমৰ এটা বিশেষ অনুষ্ঠান । সাম্প্ৰতিক সময়তো এই অনুষ্ঠানৰ প্ৰাসংগিকতা আৰু প্ৰচলন লক্ষ্য কৰা যায় । অকল অসমতে নহয় গোটেই ভাৰতবৰ্ষত এই অনুষ্ঠানৰ প্ৰচলন আছে । মহাভাৰতৰ উদ্যোগপৰ্ব আৰু বনপৰ্বতো পুতলা নাচৰ উল্লেখ পোৱা যায় । পুতলা নাচৰ দ্বাৰা এটা কাহিনী ৰূপায়িত কৰা হয় । এই অনুষ্ঠানত সুত্ৰধাৰে আঁৰ কাপোৰৰ আঁৰত থাকি সুক্ষ্ম ৰচী টানি পুতলাবোৰ নচুৱায় আৰু পেঁপা বজাই পুতলাৰ বিভিন্ন অৱস্থাত বিভিন্ন মাত উলিয়ায় । পৰিস্থিতি সাপেক্ষে বা পৰিস্থিতি অনুসৰি তেওঁ পুতলাক কন্দুৱায়, হহুৱায় আৰু যুদ্ধ কৰায় । পুতলাসমূহৰ প্ৰৱেশ, প্ৰস্থানকে আদি কৰি সমগ্ৰ দায়িত্ব সূত্ৰধাৰৰ ওপৰতে ন্যস্ত কৰা হয় । পুতলা নাচৰ দৰে ওজাপালিও অসমৰ আন এটি প্ৰাচীন লোক অনুষ্ঠান ।অসমীয়া লোক-সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ওজাপালিৰ বৰ্তমান সময়তো প্ৰচলন আছে । অসমীয়া সমাজৰ বিভিন্ন ধৰ্মীয়, মাংগলিক অনুষ্ঠানত বৰ্তমানেও ওজাপালি পৰিৱেশন কৰাৰ পৰম্পৰা আছে । এই ওজাপালি অনুষ্ঠানত অতি কমেও পাচজন লোক থাকে । এজন ওজা, এজন ডাইনাপালি, আৰু তিনিজন পালি - ইয়াৰ ওজাই গীত লগাই দিয়ে আৰু পালিসকলে দোহাৰে । পদৰ মাজেৰে ওজাই কাহিনীক আগবঢ়াই নিয়াৰ লগতে বিভিন্ন মুদ্ৰাৰেও কাহিনীটো দৰ্শকৰ বুজাবলৈ যত্ন কৰে । তাৰোপৰি কাহিনী দৰ্শকৰ বোধগম্য কৰিবলৈ ওজাই ডাইনাপালিৰ লগত সংলাপৰো প্ৰক্ষেপন ঘটায় । ওজাপালিত গীত, নৃত্য,মুদ্ৰা আৰু সংলাপ এই চাৰিটা বস্তুৰ অৱস্থিতি আছে আৰু ইয়ে ওজাপালিক অৰ্ধ নাটকীয় গুণ বিশিষ্ট কৰিছে ।
মহাপুৰুষ শংকৰদেৱে সংস্কৃত নাটকৰ আৰ্হিত আৰু ওজাপালি অনুষ্ঠানক এক বিশেষ সংস্কাৰিত ৰূপ প্ৰদান কৰি অংকীয়া নাট নামৰ বিশেষ ধাৰাৰ নাট সৃষ্টি কৰে । উল্লেথ্য যে, পুতলা নাচ, ওজাপালিৰ বিষয়ে কৰা সুক্ষ্ম পৰ্যহেক্ষণৰ ফলশ্ৰতিস্বৰূপে অংকীয়া নাটৰ জন্ম । ভগৱান শ্ৰী কৃষ্ণৰ ঐশ্বৰিক লীলা প্ৰকাশিত জনসাধাৰণৰ অন্তৰত ভক্তিভাৱৰ সৃষ্টি কৰাই হল এই অংকীয়া নাটকৰ অন্যতম এটা বৈশিষ্ট্য ।
২। অংকীয়া নাটৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা।
উত্তৰঃ অংকীয়া নাটৰ বৈশিষ্ট্যবোৰ হল হল
ক) সূত্ৰধাৰৰ প্ৰাধান্যঃ সংস্কৃত নাটকৰ অনুকৰণত শংকৰদেৱে অংকীয়া নাটকত সূত্ৰধাৰ সৃষ্টি কৰিছে যদিও সংস্কৃত নাটকৰ সূত্ৰধাৰৰ লগত অংকীয়া নাটৰ সূত্ৰধাৰৰ কাৰ্যপ্ৰণালী একে নহয় । সংস্কৃত নাটকৰ সূত্ৰধাৰে নান্দী পাঠ কৰি নাটকৰ প্ৰস্তাৱনা আগবঢ়াই মঞ্চৰ পৰা আতৰি যায় । অংকীয়া নাটৰ সূত্ৰধাৰজনে নাটৰ আৰম্ভণিৰ পৰা শেষলৈ মঞ্চত উপস্থিত থাকি তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰে ।
১। নান্দী আৰু প্ৰাৰম্ভিক ভটিমাৰ আবৃত্তি আৰু তাৰ লগে লগে ভক্তিজ্ঞাপক নৃত্য কৰে ।
২। সংগীৰ লগত কৰা প্ৰসংগত নাটৰ নাম আৰু অভিনয় দৰ্শনৰ ফলকথন ।
বৰ্ণম
৩। আধুনিক অসমীয়া নাটকৰ স্মাৰকৰ দৰে কোন চৰিত্ৰই কি সময়ত কি কাৰ্য কৰিব লাগে তাৰ নিৰ্দেশ প্ৰদান কৰে ।
৪। মুক্তিমংগল ভটিমাৰ যোগেদি নাটৰ পৰিসমাপ্তি ।
৫। নাটকত অন্তৰ্ভূক্ত হৈ থকা সকলো দৃশ্য মঞ্চত অভিনয় উপস্থাপনেৰে প্ৰদৰ্শন কৰাত অসুবিধা হয় । মঞ্চত অভিনয় দেখুৱাব নোৱাৰা ঘটনাবোৰ সূত্ৰধাৰে বৰ্ণণা কৰি দৰ্শকক কাহিনীৰ সৈতে এক কৰি ৰাখে ।
খ) কাব্যধৰ্মী গাত, শ্লোক আৰু পয়াৰৰ প্ৰাধান্য ঃ গীত ,শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্যতা অংকীয়া নাটকৰ এটা বিশেষ বৈশিষ্ট্য । অংকীয়া নাটৰ আৰম্ভণি আৰু সামৰণিতেই যে অকল গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হয় । অংকীয়া নাটত প্ৰয়োগ হোৱা গীতবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি ।
১। ভক্তি প্ৰধান, গুৰু গম্ভীৰ ভটিমা ।
২। নাট্য কাহিনীৰ অংগীভূত ৰাগ-তালযুক্ত ।
৩। বৰ্ণনাত্মক পয়াৰ ।
অংকীয়া নাটত ব্যৱহাৰ হোৱা গীতবোৰৰ সাংগীতিক মূল্য থকাৰ উপৰিও সাহিত্যিক মূল্যও অতি উচ্চস্তৰৰ ।
গ) ভাষা ঃ অংকীয়া নাটৰ এক অতি উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ । ব্ৰজাৱলী ভাষা কোনো বিশেষ অঞ্চলৰ কথিত ভাষাৰ নহয় । ই মধ্যযুগীয় বৈষ্ণৱ কবিসকলে গঢ়ি লোৱা এটা কৃত্ৰিম সাহিত্যিক ভাষা । বিদ্যাপতিৰ পদ্যাৱলীসমূহত যি ভাষা প্ৰয়োগ কৰিছিল সেই ভাষাৰ লগত কবিসকলে স্বকীয় ভাষা আৰু আন দুই-এঠাইৰ দুই-চাৰিটা শব্দ সংযোজন কৰি এই নতুন ভাষাৰ সৌধ নিৰ্মাণ কৰিছে । মৈথিলী ভাষাৰ লগত অসমীয়া প্ৰকাশন ৰীতি বা ঠাচ আৰু শব্দাৱলী সংযোগ কৰি অসমীয়া ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছে । অংকীয়া নাটত প্ৰয়োগ হোৱা এই ভাষাটোক ব্ৰজাৱলী ভাষা এইকাৰণেই কোৱা হৈছে যে এই ভাষাৰ মাধ্যমেৰে কৃষ্ণৰ ব্ৰজধামৰ লীলা প্ৰকাশ কৰা হৈছে ।
ঘ) লয়যুক্ত গদ্য ঃ লয়যুক্ত গদ্যৰ প্ৰয়োগ অংকীয়া নাটৰ এটা অন্যতম বৈশিষ্ট্য । অংকীয়া নাটতেই প্ৰথম গদ্যৰ প্ৰয়োগ হোৱা দেখা যায । অৱশ্যে, অসমীয়া , গদ্যই শংকৰদেৱৰ পৰৱৰ্তী ভট্টদেৱৰ হাততহে এক বিশুদ্ধ ৰূপ লাভ কৰে । শংকৰদেৱৰ অংকীয়া নাটত প্ৰয়োগ কৰা গদ্যই কথ্যৰীতিক অনুসৰণ নকৰি এক লয়হে ব্যঞ্জিত কৰিছে । বাক্যবোৰত অন্ত্যধ্বনিৰ মিল আৰু অনুপ্ৰাসৰ উপস্থিতি অতিকৈ গুৰুত্বপূৰ্ণ ।
৩। ৰুক্মিণী হৰণ নাটৰ ৰুক্মিণীৰ প্রেমপত্র কাহিনী বৰ্ণনা কৰা।
উত্তৰঃ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ এখন অতি উল্লেখযোগ্য নাটক হল ৰুক্মিণী হৰণ । ৰুক্মিণী হৰণ নামৰ শ্ৰী মন্ত শংকৰদেৱৰ এখন কাব্যপুথিও আছে । কাব্যখনৰ সৈতে নাটকখনৰ কিছু কিছু ক্ষেত্ৰত সাদৃশ্য আৰু আৰু কিছুমান ক্ষেত্ৰত বৈসাদৃশ্য দেখিবলৈ পোৱা যায় । ৰুক্মিণী হৰণ নামৰ নাটকখনত সুৰভি আৰু হৰিদাসৰ ভাটৰ পৰা ইতিমধ্য জানিব পৰা গৈছে যে কৃষ্ণ আৰু ৰুক্মিণীয়ে পৰস্পৰৰ ৰূপ-গুণৰ বিষয়ে জানিব পাৰে আৰু দুয়ো-দুয়োৰে প্ৰতি আকৃষ্ট হয় । পিছৰ সময়ছোৱাত ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে ৰুক্মিণীৰ বিয়া ঠিক কৰিলে ছেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত । এই বিয়াত ৰুক্মিণী সুন্দৰীৰ অলপো সন্মতি নাছিল । সেইকাৰণে ৰুক্মিণীয়ে বেদনিধি নামৰ এজন ব্ৰাহ্মণৰ দ্বাৰা এই খবৰটো কৃষ্ণৰ ওচৰলৈ পঠিয়ায় । এই কথা গম পাই কৃষ্মই ভীস্মক ৰজাৰ ৰাজ্যলৈ আহি ৰুক্মিণীক হৰণ কৰি লৈ যায় । ৰুক্মিণীৰ ককায়েক আৰু আন আন প্ৰজাসকলে কৃষ্ণৰ লগত যুদ্ধত অৱৰ্তীণ হৈছিল যদিও কৃষ্ণই সকলোকে পৰাস্ত কৰে । নাটকখনৰ মূল বা প্ৰধান কাহিনী এইখিনিয়েই ।
ৰুক্মিণীৰ প্ৰেমপত্ৰ কিছু বৰ্ণনা তলত উল্লেখ কৰা হল
হে পৰমেশ্বৰ, সকলো দেৱতা, মানুহে তোমাৰ বন্দনা কৰে, তোমাৰ পাদপদ্মত পাপৰ পৰা মুক্তি বিচাৰি আৰাধনা কৰে ।
হে নাৰায়ণ, তোমাৰ চৰণত মই শৰণ লৈছো, ৰুক্মিণীয়ে হাতজোৰ কৰি প্ৰণাম জনালো-- এইখিনিয়ে মোৰ আপোনাৰ ওচৰত নিবেদন ।
হে স্বামী, ভিক্ষুকৰ মতে তোমাৰ ৰূপ-গুণৰ কথা শুনি মই দেহে-মনে প্ৰাণে তোমাক স্বামীৰূপে গ্ৰহণ কৰিছো, কিন্তু পাপী শিশুপালে মোক বিয়া কৰাবলৈ আহি আছে, যিদৰে সিংহই অনা বস্তু নিবৰ বাবে শিয়ালে চুপি থাকে । এই কথা ভাবি মোৰ ভয়তে প্ৰাণ যোৱাৰ নিচিনা হৈছে । মই জানো প্ৰভূ যে মই তোমাৰেই দাসী, সেইকাৰণেই তুমি মোক সোনকালে লৈ যোৱা ।
তুমি হয়তো কবা যে মই ৰাজ অন্তেষপুৰত থাকো, তোমাক মই কেনেকৈ দেখা পাম, কিন্তু ইয়াৰ উপায়ো মই তোমাক কও শুনা -বিয়াৰ আগে-আগে মই ভৱানী মন্দিৰলৈ যাম আৰু তুমি সেই ঠাইৰ পৰা মোক হৰণ কৰি নিবা ।
যদি তুমি মোক অৱহেলা কৰি মোক লৈ নোযোৱা তোমাক সাক্ষী কৰি মই প্ৰাণ ত্যাগ কৰিম তথাপিও মই পাপী শিশুপালৰ ছাঁ মই ভৰিৰে স্পৰ্শ নকৰো । মে প্ৰাণনাথ, এই কথাটো জানি তোমাৰ দাসীক উদ্ধাৰ কৰা । ৰুক্মিণী প্ৰেমাপত্ৰ মূল কথা এইখিনিয়েই । এই পত্ৰখনত কৃষ্ণৰ প্ৰেমত আতুৰ ৰুক্মিণীৰ মনৰ অনুভূতিৰ প্ৰকাশ ঘটিছে ।
৪। ৰুক্মিণী হৰণ নাটৰ ৰুক্মিণীৰ প্ৰেমপত্ৰৰ মাজেৰে কি কি ৰস প্ৰকাশ পাইছে বৰ্ণনা কৰা।
উত্তৰঃ ৰুক্মিণীৰ প্ৰেমাপত্ৰ নাটকখনত শৃংগাৰ ৰসে ভূমুকি মাৰিছে । ৰুক্মিণী হৰণ নাটকখনৰ মূল ৰস শৃংগাৰ আৰু বীৰ । নাটকখন শ্ৰী মন্ত শংকৰদেৱৰ শেষ বয়সৰ ৰচনা বাবেই শৃংগাৰ ৰস ৰূপায়ণত এটা পৈণত দৃষ্টিভংগী দৃষ্টিগোচৰ হয় । ৰুক্মিণীৰ অভিব্যক্তিৰ পৰা গম পোৱা যায় যে ৰুক্মিণীয়ে কৃষ্ণক সাধাৰণ হিচাপে ভাৱি লোৱা নাই । কৃষ্ণ কেতিয়াও সাধাৰণ প্ৰেমিক নহয় । ৰুক্মিণীয়ে কৃষ্ণক শ্ৰী পৰমেশ্বৰৰ সুৰাসুৰ বন্দিত প্ৰপন্নজনতাৰণ নাৰায়ণ শ্ৰী কৃষ্ণ বুলিহে ভাবিছে ।
শ্ৰী কৃষ্ণ হল ভগৱান আৰু ৰুক্মিণী হল ভক্তা । ৰুক্মই নিৰাশ কৰাত ৰুক্মিণীয়ে নিজেই ভগৱানৰ চৰণ সেৱাৰ পৰা বঞ্চিত হোৱা বুলি কৈছে । কৃষ্ণৰ চৰিত্ৰটিৰ ক্ষেত্ৰত নাটকখনত দ্বৈত ৰূপ পৰিলক্ষিত হয় । এফালে পৰমেশ্বৰ পৰম-পুৰুষ আৰু আনফালে মানবীয় অনুভূতি সম্পন্ন পুৰুষ ।
অংকীয়া নাটৰ গদ্যৰ বৈশিষ্ট্য ৰক্ষিত হোৱা দৃষ্টিগোচৰ হয় । গদ্যই ব্্যঞ্জিত কৰা এক বিশেষ লয় ইয়াত দৃষ্টিগোচৰ হয় । নাটকখনত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ কৰা হৈছে । ঠায়ে-ঠায়ে অতি কম পৰিমাণে সংস্কৃত শব্দৰ প্ৰয়োগো অতি মন কৰিবলগীয়া আছিল ।
৫। অর্জুন ভঞ্জন নাটত নন্দ-যশোদাৰ কলহৰ কাহিনীভাগ বৰ্ণনা কৰা।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা অৰ্জুন ভঞ্জন নাটকখন পুৰণি অসমীয়া নাট্য সাহিত্যৰ এটা অনবদ্য কীৰ্তি আছিল । অৰ্জুন ভঞ্জন নাটকৰ বাহিৰেও মাধৱদেৱৰ আন নাট্যধৰ্মী ৰচনাক নাটক হিচাপে বিভূষিত কৰাৰ বিপৰীতে ঋুমুৰা হিচাপে নামাকৰণ কৰা হৈছে ।
অৰ্জুন ভঞ্জন নাটকখনত এটা পূৰ্ণাংগ কাহিনী দেখিবলৈ পোৱা যায় । কাহিনীটো বিকাশৰ বাবে তিনিটা স্তৰ দেখা যায় ।
ভগৱান শ্ৰীকৃষ্ণৰ অত্যাচাৰৰ পৰা উপায় বিচাৰি যশোদাই কৃষ্ণক উৰালত বান্ধি থলে । উৰালৰ বন্ধন লৈ কৃষ্ণ দুই বন্দী জীৱক মুক্তি দিবলৈ আগবাঢ়িল । কুবেৰৰ দুজন পুত্ৰ নলকুবেৰআৰু মণিগ্ৰীৱ নাৰদৰ শাপত যমলাৰ্জুন হৈ আছিল । দুয়োজনকে মহামুনি নাৰদে বৰ দিছিল যে কৃষ্ণৰ হাততেই তেওঁলোকৰ মুক্তি হব ।
দুয়োজনকে মুক্তি দিবলৈ শ্ৰী কৃষ্ণ আগবাঢ়িল । উৰল লৈ কৃষ্ণ আগবাঢ়িল । গছ দুডালৰ মাজত উৰলটো ৰৈ গল । কৃষ্মই বল প্ৰয়োগ কৰাত দুয়োডাল প্ৰকাণ্ড গছ ুভালি পৰিল । প্ৰচণ্ড শব্দই গোটেই অঞ্চলটো কপাই তুলিছিল । সেই গছ দুডালৰ মাজৰ পৰা নলকুবেৰ আৰু মণিগ্ৰীৱ ওলাই আহি কৃষ্ণক আৰাধনা কৰি গুচি গল ।
গছ দুডাল উভালি পৰা প্ৰচণ্ড শব্দ শুনি নন্দ আৰু গোৱালসকল আহি সেই ঠাইডোখৰত উপস্থিত হল আৰু গঠ দুডাল উভালি পৰা দেখিলে । নন্দই দেখিলে যে দুডাল প্ৰকাণ়্ গছৰ মাজত কৃষ্ণ সোমাই আছে উৰলৰ বন্ধনৰ সৈতে । ঘটনা দেখি নন্দ প্ৰচণ্ডভাৱে ক্ৰোধান্বিত হল । তেওঁ কৃষ্ণৰ বন্ধন খুলি কোচত উঠাই ললে আৰু যশোদাক গালি পাৰিব ধৰিলে । নিৰ্দয় বাবে যশোদাই শ্ৰী কৃষ্ণক এনেকৈ শাস্তি দিব পাৰিছে । গৰুৰ পঘাৰে অতি কৰুণভাৱে কৃষ্ণক বান্ধি ৰাখিছে । নিজৰ জীৱনতকৈ তেওঁ কৃষ্ণক ভাল পায়, কৃষ্ণই তেওঁৰ জীৱনৰ সৰ্বস্ব, আৰু সেই কৃষ্ণক যশোদাই এনেকৈ শাস্তি দিয়াটো তেওঁ কেতিয়াও মানি লব নোৱাৰে । নন্দই কৈছে যে তেওঁৰ ঘৰত দুগ্ব বা গাখীৰৰ অভাৱ নাই । তাৰ পিছতো অলপ মাখন খোৱাৰ অপৰাধত যশোদাই কৃষ্ণক শাস্তি দিছে । ইয়াৰ বাবে তেওঁ যশোদাক কেতিয়াও ক্ষমা নকৰে ।
নন্দই কৈছে তেওঁ কোনোদিন কাকো একো অপকাৰ কৰি পোৱা নাই সেইকাৰণে প্ৰকাণ্ড গছ দুডাল উভালি পৰাৰ পিছতো তেওঁৰ পুত্ৰৰ প্ৰাণ ৰক্ষা পৰিছে । নন্দই কৃষ্ণক কৈছে যে তোমাৰ সকলো বিপদ দুৰ হৈ গল । নন্দই কৃষ্ণক কোলাত তুলি ললে , গাৰ পৰা ধুলি-বালিবোৰ আতৰাই দি গলে-মুখে চুমা খালে, নন্দৰ দুচকুৰে আনন্দৰ চকুপানী ওলাই আহিল ।
৬। অর্জুন ভঞ্জন নাটৰ স্তৰ কেইটা আৰু কি কি? কোন স্তৰত নন্দ-যশোদা কলহটো পোৱা যায় ৷ সেই স্তৰটোৰ বৰ্ণনা কৰা।
উত্তৰঃ অৰ্জুন-ভঞ্জন নাটৰ স্তৰ ৩ টা আৰু সেইকেইটা হল
প্ৰথম স্তৰট গোপীসকলৰ দধি মথা কাৰ্যত কঙ প্ৰকাশ কৰি যশোদাই নিজে দধি মথন কামত লাগিছিল । যশোদাই গোপীসকলক শাস্তি প্ৰদান কৰে । গোপীসকলৰ অত্যন্ত প্ৰিয় কৃষ্ণই এই কাৰ্যত যথেষ্ট দুখ পায় আৰু যশোদাৰ সৈতে স্নেহসিক্ত বিৰোধত লিপ্ত হয় ।
দ্বিতীয় স্তৰত স্তন পান কৰি থকা কৃষ্ণক যশোদাই কোলাৰ পৰা নমাই দিয়ে । কৃষ্ণই খঙতে মাখনৰ পাত্ৰ ভাঙি বহুতো উৎপাত কৰে । যশোদাই খঙতে কৃষ্ণক উৰালত বান্ধি থয় । কৃষ্ণই উৰাল চোঁচৰাই লৈ যাওতে যমলাৰ্জুন গছ উভালি যায় ।
নাটকখনৰ তৃতীয় স্তৰথ নন্দ-যশোদাৰ গৃহকন্দলৰ চিত্ৰ অংকন কৰা হৈছিল । দ্বিতীয় স্তৰত নন্দ-যশোদাৰ কলহটো পোৱা যায় ।
সেই সেতৰটো হল
কৃষ্ণৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে যশোদাই শ্ৰী কৃষ্ণক উৰালত বান্ধি থলে । উৰালৰ বান্ধটো লৈ কৃষ্ণ দুই বন্দী জীৱক মুক্তি দিবলৈ আগবাঢ়িল । কুবেৰৰ দুজন পত্ৰ নলকুবেৰ আৰু মণিগ্ৰীব নাৰদৰ শাপত যমলাৰ্জুন হৈ আছিল । দুয়োজনকে মহামুনি নাৰদে বৰ দিছিল যে যে কৃষ্ণৰ হাততেই তেওঁলোকে মুক্তি পাব । সেইকাৰণে কৃষ্ণই দুয়োজনকে মুক্তি দিবলৈ আবাঢ়ি গৈছিল । উৰল গছ লৈ কৃষ্ণ আগবাঢ়িল । গছ দুডালৰ মাজত উৰালটো লৈ গল । কৃষ্ণই বল প্ৰয়োগ কৰাত দুয়োডাল প্ৰকাণ্ড গছ উভালি পৰিল । প্ৰচণ্ড শব্দই গোটেই অঞ্চলটো কপাই তুলিছিল । সেই গছৰ মাজৰ পৰা নলকুৱেৰ আৰু মণিগ্ৰীব ওলাই আহি কৃষ্ণক স্ততি কৰি গুচি গল ।
গছডাল উভালি পৰা প্ৰচণ্ড শব্দ কৰি নন্দ আৰু গোৱালসকল আহি সেই ঠাইত উপস্থিত হল আৰু গছ দুডাল উভালি পৰা দেখিছে । নন্দই দেখিলে যে বৃক্ষৰ মাজত কৃষ্ণ সোমাই আছে উৰলৰ বন্ধনৰ সৈতে । ঘটনা দেখি নন্দ প্ৰচণ্ডভাৱে ক্ৰোধান্বিত হল ।
তেওঁ কৃষ্ণক বান্ধি থোৱা পঘাৰ গাঠি খুলি কোচত উঠাই ললে আৰু যশোদাক গালি পাৰিবলৈ ধৰিলে । নিৰ্দয় হোৱাৰ বাবে যশোদাই এনেদৰে কৃষ্ণক শাস্তি দিব পাৰিছে । গৰুৰ পঘাৰে কৃষ্ণক অতি নিদাৰুণভাৱে বান্ধি ৰাখিছে । নিজৰ জীৱনতকৈ তেওঁ কৃষ্ণক ভাল পায় । কৃষ্ণই তেওঁৰ জীৱনৰ সৰ্বস্ব , আৰু সেই কৃষ্ণক যশোদাই এনেকৈ শাস্তি দিয়াটো তেওঁ মানি লব নোৱাৰে । নন্দই কলে যে তেওঁৰ ঘৰত দুগ্ধৰ অভাৱ নাই, তাৰ পিছতো অলপ মাখন খোৱাৰ অপৰাধত যশোদাই কৃষ্ণক শাস্তি দিছে । ইয়াৰ কাৰণে যশোদাক তেওঁ কেতিয়াও ক্ষমা নকৰে ।
নন্দই কৈছে যে তেওঁ কোনোদিন কাকো একো অপকাৰ কৰা নাই । সেইকাৰণে দুডাল ডাঙৰ গছ উভালি পৰাৰ পাছতো তেওঁৰ পুত্ৰ প্ৰাণ ৰক্ষা পৰিছে । নন্দই কৃষ্ণক কোলাত তুলি ললে , গাৰ পৰা ধুলি-বালিবোৰ আঁতৰাই দি গালেমুখে চুমা খালে । নন্দৰ দুচকুৱেদি আনন্দৰ চকুপানী ওলাই আহিল ।
যশোদাই কৃষ্ণক উৰালত বান্ধি থওতে খেলৰ লগৰীয়া গোপ বালকসকলেও নিৰূপায় হৈ বৰ দুখ মনেৰে কৃষ্ণৰ অৱস্থাটো চাই আছিল । কেনেকৈ যমলাৰ্জুনৰ ধ্বংস হল , দুই বন্দীৰ মৃত্যু আদি সকলো ঘটনা লগৰীয়াসকলে চাই আছিল । লগৰীয়াসকলে সকলো ঘটনা নন্দক বিৱৰি কলে । গোপৰ বালকসকলৰ পৰা কৃষ্ণৰ অপাৰ মহিমাৰ কথা জানিব পাৰি নন্দ পুনৰ ক্ৰোধিত হল । নন্দই যশোদাক গালি পাৰিব ধৰিলে -- ঐ দাসী, বান্দী, তই মোৰ মৰমৰ পুত্ৰ কৃষ্ণক এটা সৰু অপৰাধতে গৰুৰ পঘাৰে শত্ৰুক বান্ধি ৰখাৰ দৰে বান্ধি ৰাখিছে । ৰাক্ষসী, মোৰ ঘৰত দুগ্ধৰে নদী বোঁৱাই দিব পাৰো । তাৰ পিছতো অলপ দধিৰ কাৰণে তই কৃষ্ণক অত্যাচাৰ কৰিছ । নন্দই এনেদৰে তৰ্জন-গৰ্জন কৰি থাকোতে যশোদায়ো মনে-মনে বহি নাথাকিল । যশোদাই নন্দক উভতি ধৰিলে । কাৰ আগত খঙ দেখুৱাইছে বুলি নন্দক প্ৰশ্ন কৰিলে । যশোদাই নন্দক বুঢ়া, ৰাখোৱাল বুলি গালি পাৰিছে । যশোদাই ঘৰৰ কাম কৰাত যশোদাৰ কিমান কষ্ট সেয়া তাই নিজেহে জানে-আচলতে যশোদাক গালি পৰাৰ নন্দৰ কোনো অধিকাৰেই নাই ।
নন্দ-যশোদাৰ কলহ অংশটোৰ মূল কথা এইখিনিয়ে । ইয়াত নন্দৰ পুত্ৰ কৃষ্ণৰ প্ৰতি অপত্য স্নেহৰ নিদৰ্শন প্ৰকাশিত হৈছে । যশোদা চৰিত্ৰৰ দ্বৈত স্বৰূপ উদ্ভাসিতহৈছে নন্দক উদ্দেশ্যি কোৱা কথাখিনিৰ অন্তৰালত এগৰাকী কৰ্মপটু আদৰ্শ গৃহিণী, স্নেহময়ী মাতৃৰ পৰিচয় পোৱাৰ বিপৰীতে সন্তানক বূলৰ শাস্তি দিয়া কঠোৰতম ৰূপৰো পৰিচয় পোৱা যায় ।
৭। মন্ত্ৰ সাহিত্যৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰঃ অসম বুলিয়েই নহয়, মানৱ সমাজত মন্ত্ৰৰ প্ৰচলন কেতিয়াৰ পৰা হল তাক সঠিকভাৱে কোনেও কব পৰা নাই । মানৱ সভ্যতাৰ আদিম স্তৰতে মন্ত্ৰৰ আৰম্ভণি হৈছিল । সময় পৰিৱৰ্তনৰ লগে-লগে মন্ত্ৰবোৰে নতুন ভাষাৰ আৱেশ আঁকোৱালি লোৱা পৰিলক্ষিত হয় । তন্ত্ৰ-মন্ত্ৰৰ দেশ হিচাপে প্ৰাচীন কালত কামৰূপক ইংগিত কৰা হৈছিল বা বুজোৱা হৈছিল ।
শংকৰাচাৰ্যই অষ্টম-নৱম শতিকাত ৰচনা কৰা জীৱনীত কামৰূপৰ মায়া-মন্ত্ৰৰ কথা উল্লেখ কৰিছে । এই কামৰূপতে শংকৰাচাৰ্যৰ লগত অভিনৱ গুপ্ত নামৰ শাক্ত পণ্ডিকৰ লগত তৰ্কযুদ্ধ হৈছিল । যুদ্ধত অভিনৱগুপ্ত পৰাস্ত হয় আৰু এই পৰাজয়ৰ পোতক তুলিবলৈ মন্ত্ৰৰ জৰিয়তে তেওঁ শংকৰাচাৰ্যৰ দেহত ভগন্দৰ ৰোগৰ সৃষ্টি কৰে আৰু এই ৰোগতে কবি শংকৰাচাৰ্যৰ মৃত্যু হয় । মুছলমান বুৰঞ্জী, বৌদ্ধ সাধনমালা আদি গ্ৰন্থত কামৰূপৰ যাদু বিদ্যা আৰু তন্ত্ৰ-মন্ত্ৰৰ মাহাত্ম্যৰ বিষয়ে বিৱৰণ পোৱা যায় । কামৰূপ যে মন্ত্ৰ পীঠ ভূমি তাক শংকৰদ্বিগ্বিজয়, আলমগীৰ নামা, বাহাৰি স্থান, ই- ঘায়বী, ইবনবটুতাৰ ভ্ৰমণ বৃত্তান্ত, বৌদ্ধ সাধনমালা, দৰং ৰাজবংশাৱলী আদি গ্ৰন্থই স্বীকাৰ কৰে । ষোড়শ শতিকাত ৰচিত যোগিনীতন্ত্ৰতো কামৰূপৰ মন্ত্ৰ মাহাত্ম্যৰ কথা উল্লেখ কৰা আছে ।
সতেন্দ্ৰ নাথ শৰ্মাৰ মতবাদ উপৰিও দেৱতা-অপদেৱতা, ভূত-প্ৰেত, ডাইনী যখিনী আদিৰ কু-প্ৰভাৱৰ ফলত হোৱা বেমাৰ-আজাৰ, শত্ৰু বৃদ্ধি, ধন নাশ আদি দূৰ কৰাৰ উদ্দেশ্যে মন্ত্ৰবোৰ প্ৰয়োগ কৰা হয় । প্ৰাচীন কালৰ পৰা প্ৰচলিত এই মন্ত্ৰবোৰৰ ব্যৱহাৰ বৈষ্ণৱ যুগত কিছু পৰিমাণে কমি অহা দেখা যায় । সাপে খোৱা গোবিন্দ আতৈক সাপে খোটাত তেওঁ ৰাম-নামকে মন্ত্ৰৰূপে উচ্চাৰি পোৱা যায় । যি নহওক মন্ত্ৰবোৰৰ জৰিয়তে বা দ্বাৰা জণসাধাৰণে যে বিভিন্ন ধৰণে আত্মৰক্ষাৰ কাৰণে চেষ্টা কৰিছিল ।
মন্ত্ৰবোৰত অপদেৱতা বা অপশক্তিৰ উপৰিও দেৱতাসমূহেও স্থান পাইছে । চহা মানুহৰ বিশ্বাস আছিল যে এই দেৱতা সমূহৰ অপৰিসীম মাহাত্মাই তেওঁলোকক নানা ধৰণৰ অপায়-অমংগলৰ পৰা ৰক্ষা কৰিব ।
মন্ত্ৰবোৰত ছন্দৰ উপস্থিতিৰ দিশতো আঙুলিয়াই দিছে । মন্ত্ৰবোৰত নিৰ্দিষ্ট যতি আৰু সু-সংবদ্ধ ছন্দ নাই যদিও সকলো মন্ত্ৰতে ছন্দৰ লয় পোৱা যায় । অন্ত্যানুপ্ৰাস বা শেষবৰ্ণৰ মিল বহুতো মন্ত্ৰত দেখা যায় । মন্ত্ৰবোৰত ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ কাহিনীৰ উপস্থিতি দেখা যায় । এনে গ্ৰন্থৰ বিশেষ প্ৰসংগৰ উল্লেখ মানুহৰ মনত বিশ্বাস জন্মোৱাৰ বাবে ব্যৱহাৰ হৈছে । মন্ত্ৰ সাহিত্যৰ মাজত লোক বিশ্বাস, লোক মানসিক চিত্ৰ, ধৰ্ম বিশ্বাস বিচাৰি পোৱা যায় । কিছুমান মন্ত্ৰত আমাৰ সমাজত প্ৰচলিত দৈত্য-দানৱ, ভূত-প্ৰেত, আদি বিচিত্ৰ অপদেৱতাৰ অপায়-অমংগলৰ বিৱৰণ দেখা যায় । আকৌ কিছুমান মন্ত্ৰত বিভিন্ন দেৱ-দেৱীৰ পূজা-উপাসনা পদ্ধতিৰ বিৱৰণ আছে । এই দেৱ-দেৱীৰ সু-দৃষ্টিত মানুহৰ কি কি উপকাৰ সাধন হব পাৰে তাৰ বৰ্ণণা বিতংভাৱে কৰা হৈছে । মন্ত্ৰবোৰ কথিত ভাষাত ৰচিত । ইয়াৰ ভাষাত উজনিৰ ঠাচ বিচাৰি পোৱা যায় । নগাঁওৰ মায়ং অঞ্চল প্ৰাচীন কালৰ পৰা তন্ত্ৰ-মন্ত্ৰত আগবঢ়া । এই অঞ্চলৰ ভাষাৰ অৱলম্বনত মন্ত্ৰবোৰ ৰচিত হৈছিল বুলি ঠাৱৰ কৰিব পাৰি ।
৮। মন্ত্ৰ সাহিত্য ক’ত কিদৰে উদ্ভৱ হৈছিল লিখা।
উত্তৰঃ
৯। বায়ু কৰতী মন্ত্ৰ সাহিত্যৰ বিষয়ে লিখা।
উত্তৰঃ যেতিয়া দেৱ-দৈত্যবোৰে সাগৰ মন্থন কৰিছিল । তেতিয়াই তিনিশ তেষষ্ঠি বায়ুৰ জন্ম হৈছিল । ইয়াত ব্যৱহাৰ হোৱা বায়ু শব্দ নেতিবাচক হিচাপে ব্যৱহাৰ হৈছে । মূলতঃ বিভিন্ন প্ৰকাৰৰ ব্যাধিক বুজাবলৈ বায়ু শব্দটিৰ ব্যৱহাৰ কৰা হৈছে । মন্ত্ৰটিৰ বক্তাই ব্ৰহ্মা , বিষ্ণু, মহেশ্বৰৰ চৰণক চিন্তা কৰি এই তিনিশ তেষষ্ঠি বায়ুক নাশ কৰিব পাৰি বুলি মন্তব্য কৰিছে । এই তিনিশ তেষষ্ঠি বায়ুৰ জন্মকথা কবলৈও সাজু আছে । আচলতে প্ৰতিবিধ বায়ুৱে মানৱ দেহত বিভিন্ন ধৰণে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু নেতিবাচক প্ৰভাৱ পেলায় । প্ৰসুতিৰ দেহত ক্ষয়-ক্ষতি কৰা প্ৰসুতা নামৰ এবিধ বায়ু আছে । এই বায়ুবিধৰ দহটা অংশ বান্ধি বশ কৰিব বুলি বক্তা বা ওজাজনে মন্তব্য কৰিছে । মহাদেৱক স্মৰণ কৰি এই কাৰ্য কৰিব পাৰি বুলি কৈছে । ইয়াৰ উপৰিও পোড়া বায়ু, কোমোৰা বায়ু, জ্বৰ বায়ু, খামোচা বায়ু, বগৰা বায়ু, কালিকা বায়ু, আদি বিভিন্ন বায়ু আছে । মহাদেৱক স্মৰণ কৰি নাইকিয়া কৰিব পাৰি । এই বায়ুবোৰে নিৰ্দিষ্ট লক্ষ্যণ প্ৰকাশ কৰে । পোৰা ঘা, হাড়ৰ বেমাৰ, পেটৰ অসুখ, গৰ্ভ-নাভিৰ আজাৰ ইত্যাদি এইবোৰৰ লক্ষণ । মহাভাৰত ৰামায়ণ আৰু প্ৰাচীন বিভিন্ন কাব্যৰ যুদ্ধৰ বৰ্ণনাত বিভিন্ন বাণৰ উল্লেখ পোৱা যায় । যোদ্ধাসকলে ধনুকাড় নিক্ষেপ কৰাৰ শক্তি বিশেষ মন্ত্ৰ উচ্চাৰণ কৰিছিল আৰু মন্ত্ৰ বিশেষে কাড়বোৰে বিশেষ শক্তি প্ৰদৰ্শন কৰি শত্ৰুপক্ষক ধৰাক্ষয়ী কৰিছিল । জুই সৃষ্টি কৰাৰ বাবে অগ্নিবাণ, প্ৰচণ্ড বতাহ, সৃষ্টি কৰাৰ বাবে বায়ুবাণ ইত্যাদিৰ উল্লেখ পোৱা যায় । এয়াই যে মানুহৰ অনিষ্ট সাধন কৰিব পৰা এনেধৰণৰ বিভিন্ন বাণক মন্ত্ৰৰ দ্বাৰা ধৰাক্ষায়ী কৰিব পাৰি । বায়ুকৰতী মন্ত্ৰ পাঠটিত কালকূট কুমন্দ্ৰ বাণ, আবেলিৰ বাণ, চুৰবাণ, চন্দ্ৰবাণ, অৰ্দ্ধবাণ ,উৰ্দ্ধবাণ কোৰাণবাদ, ব্ৰহ্মবাণ, চকু, কাণ, ওঁঠ জিভা, সপ্তশৰীৰৰ বাণৰ উল্লেখ আছে । এইবোৰ বাণক ওজাই ৰাম, ব্ৰক্ষা, বিষ্ণু, মহেশ্বৰ আদিৰ নিৰ্দেশত নিঃশেষ কৰি লংকা পাৰ কৰা বুলি কৈছে । ব্ৰহামায়ে বেদ উচ্চাৰণ কৰাৰ সময়ত বায়ুদেৱতা আহি তাত উপস্থিত হৈছিল । ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰো আহি তাত উপস্থিত হৈছিল । দেৱীয়ে প্ৰথমতে ব্ৰহ্মাক সুধিলে যে বায়ুসমূহৰ জন্ম কিদৰে হল । ব্ৰহ্মাই কলে যে এই প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত নাই আৰু এই কথা মহাদেৱক সুধিবলৈ কলে । দেৱী গৈ কৰযোৰে মহাদেৱক কলে হে মুণ্ডমালাধাৰী মহাদেৱ, ব্ৰহ্মাই উচ্চাৰণ কৰি থকা বায়ুমন্ত্ৰবোৰ কৰ পৰা আহিছে , যাক ব্ৰহ্মাই বেদৰ মাজত আবদ্ধ কৰি ৰাখিছে । যেতিয়াই বায়ুমন্ত্ৰবোৰ উচ্চাৰিত হয়, তেতিয়া চৈধ্য ভূৱন কপি উঠে, দেৱতাসকল ত্ৰাসিত হৈ উঠে । পিশাচ, উট, ভালুক, হাতী, সিংহ,বাঘ, বৰাহ পশু-পক্ষী আদি ভয়তে পলাব ধৰে । সেইকাৰণে বায়ুক নাশ কৰাটো অতি প্ৰয়োজন । এই ৩৬৪ টা বায়ু ত্ৰিভূৱনৰ চাৰিওফালে আছে, পশু-পক্ষীৰ মাজতো আছে । বায়ুবোৰ বিভিন্ন ঠাইত খণ্ড- খণ্হৈ আছে । এই বায়ু বিষবোৰক ধ্বংস কৰাৰ আগত ভালদৰে চিনি পোৱাটো খুৱ প্ৰয়োজন । গৌৰিৰাজে যিদৰে বায়ুবোৰ ধ্বংস কৰিছিল সেই উপায় অৱলম্বন কৰাটো খুব প্ৰয়োজনীয় । ব্ৰহ্মাৰ নিৰ্দেশমতে তেওঁৰ মানসপুত্ৰসকলেও বায়ুক বিনাশ কৰিছিল । এই বায়ুমন্ত্ৰবোৰ আকাশত দেৱতাসকলে প্ৰচাৰ কৰিছিল , মহাদেৱৰ চৰণত ধ্যান কৰি বিভিন্ন ব্যাধি বিনাশ কৰিছিল । এবাৰ বায়ুই বায়ু বিষ, বাহন, পিশাচ, হৰা, মন্দকৰা কুমন্দ্ৰ গাঠি , চুচণ্ড ৰোগ ব্যাধি বিচাৰি কৈলাশলৈ গৈছিল । গোটেই কৈলাস কপি উঠিছিল । মহাদেৱে বায়ু যোৱা দেখি বায়ুমন্ত্ৰক কাকুতি কৰিলে আৰু সেইসময়ত দেৱী গৈ তাত উপস্থিত হল আৰু সকলো বায়ুৰ বিনাশ সাধন কৰিলে ।
বাল্মিকীয়ে সীতাৰ দুই সন্তান লৱ-কুশক অন্যান্য শিক্ষা দিয়াৰ উপৰি বায়ুমন্ত্ৰও শিকাইছিল । যিয়ে পিছৰ সময়ত অৰ্দ্ধবায়ু, অপবায়ু, খণ্ডবায়ু, আকাশীবায়ু, পতালী বায়ু, ৰসবাসু আদিকে ধৰি চৈষষ্ঠি বায়ুক নিঃশেষ কৰিবলৈ সক্ষম হৈছিল । হনুমানে যেতিয়া এই পৃথিৱীত জন্মিছিল, বিভিন্ন বাণক লাভ কৰাৰ শক্তি আহৰণ কৰিছিল । বায়ুমন্ত্ৰ উচ্চাৰণ কৰি হনুমানে বায়ুবোৰক দমন কৰিছিল । হৰবিষ, খৰবিষ, অন্তবিষ, দান্তবিষ, চণ্ডবিষ, ওৰবিষ, জানুবিষ, শিৰবিষ, কপালবিধ, চক্ষুবিধ, নাসিকাবিষ, কৰ্ণ বিষ, মুখ বিষ আদি বিভিন্ন ৰোগ বায়ুৰ কু-প্ৰভাৱৰ বাবে হয় । একেদৰে কুমন্ত্ৰ নাশ কৰাৰ বাবেও বায়ুমণ্ডলৰ আশ্ৰয়তহে পৰিত্ৰাণ পাব পাৰি ।
১০। মন্ত্ৰ সাহিত্যৰ গদ্য তথা ভাষাশৈলীৰ বিষয়ে লিখা।
উত্তৰঃ অসমত প্ৰচলিত মন্ত্ৰসমূহক তলত উল্লেখ কৰা মতে শ্ৰেণীবিভাজন কৰিব পৰা যায় ।
ক) পাপ আঁতৰাবৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰ ।
খ) দেও-ভূত পিশাচ খেদিবলৈ ব্যৱহাৰ কৰা মন্ত্ৰ ।
গ) সৰ্প বিষ আঁতৰাবৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰ ।
ঘ) গ্ৰহ-নক্ষত্ৰৰ দোষ আৰু জীৱ-জন্তুৰ ভয় আঁতৰাবলৈ ব্যৱহাৰ কৰা মন্ত্ৰ ।
ঙ) বেমাৰ-আজাৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰ ।
ইয়াৰ উপৰিও কৰতী মন্ত্ৰ নামৰ এবিধ মন্ত্ৰৰ ব্যৱহাৰ আছে । ঠিক তেনেদৰে কোনো কৰ্ম নষ্ট কৰিবলৈ ওভতা মন্ত্ৰ নামৰ এবিধ মন্ত্ৰৰ প্ৰয়োগ কৰাৰ উদাহৰণ আছে । এই মন্ত্ৰবোৰৰ উপৰি অসমীয়া ভাষাত এনে কিছুমান মন্ত্ৰ পোৱা যায় যিবোৰ মন্ত্ৰ প্ৰেম-প্ৰণয়, বিচ্ছেদ-কন্দল,অপায়-অমংগল সৃষ্টিৰ বাবে ব্যবহাৰ কৰা হয়। এই শ্ৰেণীৰ মন্ত্ৰক কুমন্ত্ৰক বুলিব পাৰি ।
Question Type By - Kishor Nath
Answer
type_ Ali rani kakati ( Ba in History major )
Post ID : DABP004489
0 Comments