আদি মানৱ সমাজ

বিষয়বস্তু ১

১।  চমু উত্তৰ লিখা ঃ 

ক) পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল ? 

 উত্তৰঃ আজিৰপৰা প্ৰায় ৫.৬ নিযুত বৰ্ষ পূৰ্বে। 

খ) ১৬০,০০০ বছৰ আগতে মানুহৰ খাদ্য় কি আছিল ?

উত্তৰঃ  বনৰীয়া জন্তু, ফল-মূল আৰু বনৰীয়া শস্য় । 

গ) ১৮৫৯ চনৰ ২৪ নবেম্বত প্ৰকাশ হোৱা পুথিখনৰ নাম কি ?  

উত্তৰঃ প্ৰজাতিৰ মূল (Origin Of Speceis) । 

ঘ) প্ৰজাতিৰ মূলক পুথিখনৰ লিখক জনৰ নাম কি ? 

 উত্তৰঃ চাৰ্লচ্ ডাৰউইন ।

ঙ) হ'ম মানে কি ?

উত্তৰঃ হ'ম' লেটিন শব্দ যাৰ অৰ্থ হ'ল পুৰুষ । 

২। উত্তৰ লিখাঃ

ক)  আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত বুলিলে কি বুজা ?

উত্তৰঃ আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত মানে হ'ল আধুনিক মানৱ উৎপত্তিৰ কেইবাটাও মূলস্থানৰ পৰা এক লগ হোৱা বুলি সমৰ্থন কৰাকে বুজায়। 

খ) হ'মিনিডসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য় উল্লেখ কৰা ?

উত্তৰঃ হ'মিনিডসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য় হ'ল 

১) হ'মিনিডৰ মগজুটো ডাঙৰ আকাৰৰ,

২) হ'মিনিডে দুই ভৰিৰে খোজকাঢ়ে। 

গ) জুই আৱিষ্কাৰে আদিম মানৱক কেনেদৰে সহায় কৰিছিল ?

উত্তৰঃ জুই আৱিষ্কাৰ দ্বাৰা আদিম মানৱে নানা ধৰণৰ সহায় পাইছিল। আদিম মানৱসকলে বনৰীয়া জন্তুৰ চিকাৰ কৰি আনি জুইত পুৰি খাইছিল। জুইৰ উত্তাপে আহিলা-পাতি চেপেটা কৰাত সুবিধা হৈছিল, আৰু জুই দ্বাৰা হিংস্ৰ জীৱ-জন্তুবোৰক ভয় খুৱাই মানুহৰ পৰা আঁতৰাই ৰাখিছিল।  

ঘ) অষ্ট্ৰেল'পিথেকাচ্ মানে কি ? ইয়াৰ এটা বৈশিষ্ট্য় হ'ল ?

উত্তৰঃ অষ্ট্ৰেল'পিথেকাচ্ নামটো লেটিন শব্দ অষ্ট্ৰাল্ মানে দক্ষিণ আৰু গ্ৰীক শব্দৰ পিথেক'চ্ মানে নেগুৰহীন বান্দৰ। ইয়াৰ এটা বৈশিষ্ট্য় হ'ল

১) হ'মতকৈ ইহঁতৰ মগজুটো সৰু আছিল।     

৩) চমু টোকা লিখা।

ক) আদিম মানৱ আহিলা নিৰ্মাণ,

উত্তৰঃ আদিম মানৱ আহিলা নিৰ্মাণঃ অষ্ট্ৰাল'পিথেকাচ্সকলেই বিশ্বৰ প্ৰাচীনতম আহিলাবোৰৰ নিৰ্মাণকাৰী আছিল। মানুহে নিৰ্মাণ কৰা আহিলাবোৰ কিছুমান বান্দৰ জাতীয় প্ৰাণীৰ আছিল। খাদ্য়ৰ অন্বেষণত চিম্পাঞ্জীয়েও তাৰে কিছুমান আহিলাৰ ব্য়ৱহাৰ কৰিছিল। শিলৰ আহিলাবোৰ পুৰুষ আৰু মহিলাই নিৰ্মাণ কৰিছিল। 

   শেল আৰু ধনু-কাঁড়ৰ ৩৫,০০০ বছৰ আগতে ব্য়ৱহাৰ কৰিছিল। শেল আৰু ধনু-কাঁড়ৰ দ্বাৰা মানুহে জন্তু চিকাৰ কৰিছিল। সেইবোৰৰ পৰা মানুহে জন্তু চিকাৰ কৰি জীৱন যাপন কৰিছিল। চিকাৰ কৰি লৈ অহা মাংসবোৰ তেওঁলোকে হাড় গুচাই ধোঁৱা দি বহুত দিনলৈ সাঁচি ৰখা হৈছিল। তেনে দৰে তেওঁলোকে খাদ্য়বস্তু বোৰ সাঁচি ৰাখিব পৰা হৈছিল। নোম থকা জন্তু ছালবোৰৰ পৰা তেওঁলোকে কাপোৰ নিৰ্মাণ কৰিছিল। শহা পহুৰ হাড়েৰে বটালি তৈয়াৰ কৰিছিল। 

খ) আধুনিক মানৱ,

উত্তৰঃ আধুনিক মানৱঃ আধুনিক মানৱ উৎপত্তিৰ স্থান নিৰ্ণয়ৰ বিষয়টো অতি বিতৰ্কিত। আধুনিক মানৱ উৎপত্তিৰ কেইবাটাও মূলস্থানৰ পৰা একলগ হোৱা বুলি সমৰ্থন কৰে। ইয়াকে আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত বুলি কোৱা হয়। আনটো আৰ্হিমত অনুসৰি কেৱল আফ্ৰিকা মহাদেশ এক মূল স্থান বুলি বিশ্বাস কৰিছে। আধুনিক মানৱে বিশ্বৰ বিভিন্ন স্থানত বিভিন্ন সময়ত আত্মপ্ৰকাশ কৰিছিল। 

   আফ্ৰিকাৰ বাহিৰে বিশ্ব কোনো স্থানতে আধুনিক মানৱৰ যিকোনো প্ৰকাৰৰ আদিৰূপ পোৱা নাযায়। ইয়াৰ যুক্তি হ'ল আধুনিক মানৱৰ দেহতাত্ত্বিক আৰু জন্মতাত্ত্বিক একজাতীয়তা। বহুত ভিন্নতা সত্ত্বেও আধুনিক মানৱৰ মাজত সীমাহীন একজাতীয়তা অন্তনিৰ্হিত হৈ আছে। ইয়াৰ মূল কাৰণ হ'ল, আধুনিক মানৱ আফ্ৰিকাৰ এটা অঞ্চলৰ সকলো পূৰ্বপুৰুষৰেই বংশধৰ। 

৪। আদিম মানৱে কেনেদৰে খাদ্য় আহৰণ কৰিছিল  ?

উত্তৰঃ আদিম মানৱে বিভিন্ন উপায়েৰে খাদ্য় আহৰণ কৰিছিল। তেওঁলোকে প্ৰথমে বনৰীয়া জন্তুবোৰ চিকাৰ কৰি খাদ্য় আহৰণ কৰিছিল। আদিম মানুহসকলে সন্ধাৰ তথ্য় সংগ্ৰহ কৰি জন্তু আৰু মাছ চিকাৰ কৰি খাইছিল। সংগ্ৰহ মানে হ'ল নানা ধৰণৰ উদ্ভিদজাতৰ খাদ্য়বস্তু যেনে - বাদাম আৰু নাৰিকল, অন্য়ান্য় বনৰীয়া ফল-মূল । আদিম লোকসকলে সৰু-সুৰা জন্তু কেৰ্কেটুৱা, পোক-পতঙ্গৰ আদি সেইবোৰ খাইছিল। 

    আদিম মানৱ লোকসকলে প্ৰথমতে বনৰীয়া জন্তুবোৰ চিকাৰ কৰি আনি কেচাঁৰে খাইছিল। কাৰণ তেওঁলোকে সেই সময়ত জুই ব্য়ৱহাৰ কৰিব পৰা নাছিল। পিছত তেওঁলোকে যেতিয়া জুই ব্য়ৱহাৰ কৰিব পাৰিছিল তেতিয়া পৰাই সেই লোকসকলে বনৰীয়া জন্তুবোৰ জুইত পুৰি খাইছিল। 

৫। সক্ৰিয় মূল্য়াংকন কলা-কৌশলৰ নক্সাটোৰ আহিলা নিৰ্মাণৰ দ্বাৰা সবল হোৱা প্ৰক্ৰিয়া বোৰ কি কি ?

উত্তৰঃ আহিলা নিৰ্মাণৰ দ্বাৰা সবল হোৱা প্ৰক্ৰিয়া বোৰ হ'ল -

    ক) মগজুৰ আকাৰ আৰু ক্ষমতা বৃদ্ধি,

    খ) চিকাৰ কৰা সমান্তৰালকৈ খাদ্য়বস্তুৰ সন্ধানৰ লগতে দূৰত্বৰ নিৰীক্ষণ আৰু খোজকঢ়াৰ ক্ষমতা,

    গ) আহিলা, কেঁচুৱা বা অন্য়ান্য় বস্তু কঢ়িয়াবলৈ হাত দুখন মুক্ত হ'ল, আৰু 

৬। হাড্জাসকলৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ হাড্জাসকলৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    হাড্জাসকল আছিল এটা খাদ্য়-সংগ্ৰাহক চিকাৰী গোট। তেওঁলোকে এটা লুণীয়া পানীৰ সৰোবৰ এয়াচিৰ দাঁতি-কাষৰীয়া অঞ্চলত বসবাস কৰিছিল। প্ৰথম আছিল পূব-হাড্জা অঞ্চলটোঃ সেই অঞ্চলটো একাচিয়া কাঁইটীয়া জুটুলা গছেৰে ভৰা এটা শুকান শিলাময় অঞ্চল আছিল যদিও বনৰীয়া ফলমূলৰ ক্ষেত্ৰত চহকী আছিল। সেই অঞ্চলটোত বনৰীয়া জীৱ-জন্তু বহুত বেছি আছিল। ১৯ শতিকাৰ আগলৈকে তেওঁলোকৰ অৱস্থাৰ একেই আছিল। সেই ঠাইত হাতী, জিৰাফ, গড়, হৰিণা, বান্দৰ, ম'হ, জেব্ৰা, সিংহ, হায়েনা, আৰু চিতাবাঘ আদি সকলো বনৰীয়া জন্তু আছিল। হাড্জাসকলে হাতীৰ বাহিৰে আন সকলোবোৰ জন্তু চিকাৰ কৰি খাইছিল। সেই ঠাইত বহুতটো বনৰীয়া জন্তু আছিল বাবে দৈনিক মাংস খাই থাকিলেও কোনো দিনে শেষ কৰিব পৰা নাছিল।   

    শিপা, আলু, নুনিজাতীয় ফল আৰু বাওবাব্ গছৰ ফল আদি সেইবোৰ উদ্ভিদজাতৰ খাদ্য়দ্ৰব্য় আছিল। সেই সকলোবোৰ সাধাৰণ মানুহে দেখা পোৱা নাছিল। কোনো ঋতুতে উদ্ভিদজাতৰ খাদ্য়বোৰ অভাৱ হোৱা নাছিল। বাৰিষা আৰু শীতকালত সেইবোৰ বেলেগ বেলেগ প্ৰকাৰৰ আছিল। হাড্জাসকলে সাত প্ৰজাতিৰ মৌৰ ৰস আৰু পলু খাইছিল। হাড্জাসকলে ৫-৬ কিঃমিঃ দূৰত্বৰ পৰা পানী আনিব লগা হৈছিল। তেওঁলোকে কোনো দিনেই মুকলি ঘাঁহনিত শিবিৰ বনোৱা নাছিল। তেওঁলোকে শিবিৰবোৰ সদায়ে ডাঙৰ গছ বা পাথৰ সেই দুয়োবিধৰ মাজত শিবিৰবোৰ স্থাপন কৰিছিল। 

    পূব-হাড্জা অঞ্চলৰ লোকসকলে সেই ঠাই ভূমি আৰু সম্পদৰ ওপৰত কোনো দিনেই অধিকাৰ বিচৰা নাছিল। হাড্জা ভূমিত যিকোনো ব্য়ক্তিয়ে য'তে ইচ্ছা সেই ঠাইতে বাস কৰিব পাৰিছিল। তেওঁলোকে জন্তু  চিকাৰ কৰিব পাৰিছিল চিকাৰ কৰা ওপৰটো কোনো ধৰণৰ বাধা নাছিল। তেওঁ ৮০ শতাংশই উদ্ভিদজাৰ খাদ্য় আছিল আৰু ২০ শতাংশৰ মাংস আৰু মৈ অধিকাৰ কৰিছিল। বাৰিষা কালত সেই শিবিৰবোৰ সৰু আৰু আঁতৰে আঁতৰে সাজিছিল। খৰালি কালত সেই শিবিৰবোৰ থূপ কৰি ডাঙৰ কৈ সাজিছিল। কোনো ক্ষেত্ৰতে তেওঁলোকৰ  খাদ্য় অভাৱ হোৱা নাছিল।

৭। তুষাৰ যুগ কেতিয়া অন্ত পৰিছিল, আলোচনা কৰা ?

উত্তৰঃ ১৩,০০০ বছৰৰ আগতে তুষাৰ যুগ অন্ত পৰিছিল।

   তুষাৰ যুগ অন্ত পৰা পিছতে পৃথিৱীৰ বাতাৱৰণত তুলনামূলক- ভাৱে এক গৰম আৰু সেমেকা অৱস্থাৰ উন্মেষ ঘটিছিল। তাৰ ফলতে ঘেঁহু আৰু ধান তৃণজাতীয় শস্য়ৰ বাবে উপযোগী প্ৰাকৃতিৰ পৰিৱেশ সৃষ্টি হৈছিল। ছাগলী, ভেড়া, ঘোঁৰা, গাধ, গাহৰি, গৰু-ম'হ আদি বৃদ্ধি হৈছিল। আদিম মানৱ সমাজেও অপৰ্যাপ্ত পৰিমাণে তৃণভূমি আৰু বনৰীয়া জন্তু পোৱা অঞ্চলবোৰত বসবাস কৰিবলৈ সেই ঠাইবোৰ পচন্দ কৰিবলৈ ধৰিলে। তাৰ পিছৰে পৰা স্থায়ী মানৱ সমাজে বছৰৰ বেছিভাগ কাল সেই স্থানতে বাস কৰিবলৈ ধৰিলে। 

    ভূমধ্য়সাগৰীয় উপকূলৰ পৰা ইৰাণৰ জাগ্ৰ'চ পৰ্বতলৈকে বিস্তৃত ডাঙৰ অংশটোৰ নাম ফাৰ্টাইল্ ক্ৰেচেণ্ট ( FRertile Cresent )। ১০,০০০ বছৰ আগতে কৃষিকৰ্ম আৰু পশুপালনৰ ক্ষেত্ৰত ই এক অন্য়তম বিখ্য়াত অঞ্চল আছিল। কৃষিকৰ্মৰ আৰম্ভৰ হোৱা লগে লগে একেটা স্থানতে দীৰ্ঘদিন ধৰি বসবাস কৰা মানুহৰ সংখ্য়া বাঢ়ি গৈছিল। 



Post ID : DABP002327