Chapter 10

অসমৰ শিলালিপি


অতি চমু প্রশ্নোত্তৰ:


১। নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তুৰ খণ্ড লিপি কোন শতিকাৰ বুলি অনুমান কৰা হৈছে?


উত্তৰ: নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তব খণ্ড লিপি খ্রীষ্টিয় ষষ্ঠ শতিকাৰ শেষ ভাগ বা সপ্তম শতিকাৰ আগভাগত খোদিত হৈছিল বুলি ঠাৱৰ কৰে।


২। নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপিৰ নামকৰণ কিয় কৰা হয়?


উত্তৰ: গোলাঘাটৰ সৰুপথাৰ এলেকাৰ খনিকৰ গাঁৱৰ লুডুৰাম শইকীয়াৰ ঘৰৰ পৰা মোহিনী কুমাৰ শইকীয়াই ১৯৭২ খ্রীষ্টাব্দত এই প্রস্তুৰ লিপিখন উদ্ধাৰ কৰিছিল। প্ৰাপ্ত স্থান অনুসাৰে ইয়াৰ নাম ৰখা হয়-'নগাজৰী খনিকৰ গাঁও প্রস্তৰ খণ্ড লিপি।'


৩। সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপিৰ সময় কি?


উত্তৰঃ খ্ৰীষ্টীয় পঞ্চম শতিকা।


৪। উমাচলত প্রাপ্ত শিলৰ ফলিখন কোনে আৱিষ্কাৰ কৰে?


উত্তৰ: গুৱাহাটী চহৰৰ নীলাচল পাহাৰত অবস্থিত উমাচল যৌগিক হাস্পতালব দাঁতিতে থকা এই শিলালিপিখন ১৯৫৫ চনত পোনতে স্বামী শিৱানন্দই আৱিষ্কাৰ কৰে।


৫। উমাচল শিলালিপি কোনে, ক'ত, কেতিয়া খোদিত কৰাইছিল?

উত্তৰ: বুৰঞ্জীবিদসকলে মহাৰাজ মহেন্দ্ৰবৰ্মাৰ শাসনকাল খ্রীঃ ৪৫০-খ্রীঃ ৪৮০ বুলি ঠাৱৰ কৰিছে। গতিকে উমাচলৰ ভগৱান বলভদ্ৰৰ পূজা-সেৱাৰ অর্থে উৎসর্গীকৃত গুহা-মন্দিৰ সম্পৰ্কীয় এই শিলৰ ফলিখনি উল্লিখিত সময়ছোৱাত খোদিত কৰা হৈছিল।

৬। উমাচল শিলালিপিত শাৰী আৰু আখৰৰ সংখ্যা কিমান?

উত্তৰঃ উমাচল ফলিখনিত মুঠ ৩৩ টা আখৰ পোৱা গৈছে। পুনৰাবৃত্তি ঘটা আখৰকেইটা বাদ দিলে আখৰ সংখ্যা হয়গৈ ২৩টা। ইয়াৰে একক আখৰ ১৭টা, যুক্তাক্ষৰ ৫টা আৰু হলন্ত আখৰ এটা। অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ মতে, ১৭টা একক অক্ষৰৰ ই, ক, জ,ত, ন, ভ, ম, ৰ আৰু ৱ গুপ্তলিপিৰ আখৰৰ সৈতে অভিন্ন।

৭। বৰগংগা শিলালিপি কোনে, ক'ত প্রথমে আৱিষ্কাৰ কৰে?

উত্তৰঃ বৰগংগা শিলৰ ফলিখন কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ডবকা বজাৰৰ পৰা প্ৰায় ১৯ মাইল দূৰত অৱস্থিত এটা ভগ্নপ্রায় মন্দিৰত আছে। বৰগংগা ফলিখনব কথা পোন প্রথমে প্রত্নতাত্ত্বিক ৰাজমোহন নাথ ডাঙৰীয়াই আঙুলিয়াই দিয়ে।

৮। বৰগংগা শিলালিপিকোনে লিখাইছিল?

উত্তৰঃ ভূতি বৰ্মাই ফলিখন সঃ ২০০+৩০+৪=২৩৪, অর্থাৎ ৫৫৪ খ্রীষ্টাব্দত খোদিত কৰোৱা হৈছিল বুলি উল্লেখ কৰে। উল্লেখনীয় যে ফলিখন ভৌমবংশীয় ৰজা ভূতিবৰ্মাই নিজে লিখোৱা নাছিল; বৰং তেওঁৰ এগৰাকী 'বিষয়ামাত্য' (মন্ত্রী) অৱগুণৰ নিৰ্দেশমৰ্মেহে ইয়াক খোদিত কৰা হৈছিল।

৯। ডুবি আৰু নিধনপুৰ তাম্রশাসন কোন ৰজাই লিখাইছিল?

উত্তৰঃ ডুবি আৰু নিধনপুৰ তাম্রশাসন কামৰূপাধিপতি ভাস্কৰবৰ্মাই লিখোৱা ছখন তাম্রফলক। ফলিকেইখনৰ সময় সপ্তম শতিকাৰ আদিভাগ বুলি সহজে অনুমান কৰিব পাৰি। ভাস্কৰবৰ্মাই প্ৰদান কৰা আন এক তাম্রানুশাসন বর্তমান বাংলাদেশৰ অন্তর্গত শ্রীহট্ট জিলাত উদ্ধাৰ হৈছে।

১০। ডুবি আৰু নিধনপুৰ তাম্ৰশাসনত খোদিত থকা শাৰী আৰু আখৰৰ সংখ্যা কিমান?

উত্তৰঃ ফলিকেইখনৰ মুঠ ১১৭টা শাৰীত ৭৬টা সংস্কৃত শ্লোক আৰু বাকী অংশত গদ্য খোদিত কৰা হৈছে।

১১। হৰ্জৰবৰ্মাদেৱৰ শৈললেখখনি কোন ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে?

উত্তৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী ভৈৰৱপদ দেৱালয়ৰ ওচৰৰ ধেনুখানা পাহাৰৰ এটা বিয়াগোম শিলত খোদিত এই শিলালিপিখন পোনতে ছাৰ এডৱার্ড গেইট চাহাবে ১৮৯৩ খ্রীষ্টাব্দত পোহৰলৈ আনে।

১২। 'কানাই বৰশীবোৱা শিলৰ তুৰষ্ক-ক্ষয়ৰ ফলি'খনৰ আখৰৰ প্ৰধান বৈশিষ্টসমূহ কি কি?

উত্তৰঃ 'কানাই বৰশীবোৱা শিলৰ তুৰন্ধ-ক্ষয়ৰ ফলি 'খনৰ আখৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল-ইয়াত 'ক্ষ' আখৰে সম্পূৰ্ণ আধুনিক ৰূপ লৈছে আৰু শ, ম, ত, ক আদি আখৰ আধুনিক আখৰৰ লগত প্রায় একে।

১৩। কানাই বৰশী বোৱা শিলৰ ফলিত উল্লেখ থকা তুৰস্ক বাহিনীৰ সেনাধ্যক্ষ কোন আছিল?

উত্তৰঃ কানাই বৰশী বোৱা শিলৰ ফলিত উল্লেখ থকা তুৰস্ক বাহিনীৰ সেনাধ্যক্ষ আছিল মহম্মদ-ই-বস্তিয়াৰ।

১৪। গছতল স্তম্ভলিপি কোনে, ক'ৰপৰা উদ্ধাৰ কৰিছিল?

উত্তৰ: নগাঁৱৰ ডবকাৰ পৰা প্ৰায় মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অবস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা অষ্টকোণী শৈলস্তম্ভত খোদিত এই লিপিখন অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰিছিল।

চমু প্রশ্নোত্তৰ:

১। নগাজৰী খনিকৰ গাঁও প্রস্তৰখণ্ড লিপিখনৰ আখৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। 

উত্তৰ: গোলাঘাটৰ সৰুপথাৰ এলেকাৰ খনিকৰ গাঁৱৰ লুডুৰাম শইকীয়াৰ ঘৰৰ পৰা মোহিনী কুমাৰ শইকীয়াই ১৯৭২ খ্ৰীষ্টাব্দত এই প্রস্তুৰ লিপিখন উদ্ধাৰ কৰিছিল। 'নগাজৰী খনিকৰ গাঁও প্রস্তুৰ খণ্ড' ফলিখনৰ আখৰবোৰ ভাস্কৰবৰ্মাৰ তাম্ৰশাসনৰ আখৰতকৈ কিছু পুৰণি বুলি অনুমান কৰে আৰু ফলিখন খ্রীষ্টিয় ষষ্ঠ শতিকাৰ শেষ ভাগ বা সপ্তম শতিকাৰ আগভাগত খোদিত হৈছিল বুলি ঠাৱৰ কৰে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ তেতিয়াৰ সঞ্চালক প্রতাপচন্দ্ৰ চৌধুৰীৰ মতে, 'ফলিখনৰ কিছুমান আখৰ যেনে- ক, খ, জ, দ, প, ব, ভ, ম, ৰ আৰু হ অতি পুৰণি ধৰণৰ। আনকি গুপ্ত আৰু প্ৰাপ্ত প্রথম-দ্বিতীয় শতিকাৰ কুশান-কলিংগ (খাৰভেলৰ হাতীগুম্‌ফা শিলালিপি) লিপিৰ লগত এইবোৰৰ কিছু সমিল দেখা যায়।' দীনেশ চন্দ্ৰ সৰকাৰৰ দৃষ্টিত এই ফলিখনিৰ অক্ষৰবোৰ পঞ্চম শতিকাৰ।

মুকুন্দ মাধর শর্মাব মতে, 'উমাচল শিলালিপি আৰু বৰগংগা শিলালিপিৰ সৈতে এই লিপিৰ সাদৃশ্য আছে। তথাপি ব আৰু ৱ আখৰৰ পাৰ্থক্য ৰখালৈ চাই...ইয়াক সংস্কৃত ভাষাত লিখিত এতিয়ালৈকে আৱিষ্কৃত অসমৰ প্ৰাচীনতম লিপি বুলি ভাবিবৰ অৱকাশ আছে।' কোনো কোনো বুৰঞ্জীবিদে এই লিপিৰ সৈতে চতুর্থ শতিকাৰ সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলেখৰ চ. ম, মা, মু, বা, হা আদি আখৰৰ হুবহু মিল লক্ষ্য কৰিছে। এনে মিললৈ লক্ষ্য কৰি কোনো কোনো লিপিবিদে আলোচ্য লিপিখনক চতুর্থ শতিকাৰ শেষভাগৰ বুলি ধৰিব খোজে।

২। উমাচল শৈল লিপিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৯৫৫ চনত উমাচল শৈললিপি উদ্ধাৰ হয়। ফলিৰ শাৰীত সম্পূৰ্ণ হোৱা এই শৈল ফলিৰ মুঠ অক্ষৰ সংখ্যা ৩৩টা। লিপিৰ একক অক্ষৰ ১৭টা, যুক্তাক্ষৰ ৫টা আৰু হলন্ত এটা। অক্ষৰ সমূহৰ ভিতৰত ই, ক, জ, ত, ন, ভ, ম, ৰ আৰু ব- এই নটা অক্ষৰ গুপ্তলিপিৰে অভিন্ন, বাকী অক্ষৰ কেইটাৰ ৰূপ প্রাক গুপ্তযুগৰ বুলি অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাদেৱে মত পোষণ কৰিছে।

৩। আমবাৰী শিলালিপিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৰ্তমান শতাব্দীৰ ষাঠিৰ দশকতে গুৱাহাটীৰ আমবাৰীত টেক্সটাইল ইনষ্টিটিউটব ভেটি খান্দোতে এজন শ্রমিকে এচলা শিলত খোদিত এই লিপিখন পাইছিল। বর্তমানে এই শিলালিপিখনি অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত। ফলিৰ আখৰ সমূহত উত্তৰ ভাৰতীয় ব্রাহ্মী, দেবনাগৰী আৰু পুৰণি অসমীয়া অক্ষৰৰ ত্রিবেণী সংগম সাধিত হৈছে। ফলিখনিত মুঠতে ছয় শাৰী লেখা আদিত্য-সম-শ্রীসমুদ্র পাল/ৰাজ্যে। প্রবল সবাসিক/সত্র সগুণকৃয়া সম্বাসীন/বোলে দান পুঞঞ্জন সজ/যোগীহাটী / সক ঈশ বাণ চক্র / মূঢ় ভণতি/' অন্তৰংগ প্ৰমাণৰ পৰা গম পোৱা যায় যে শিলালিপিখন ১২৩২ খ্ৰীষ্টাব্দৰ।

৪। কানাই বৰশী বোৱা শিলৰ ফলি কোনে কি উদ্দেশ্যত লিখাইছিল?

উত্তৰঃ ১১২৭ শকত, অর্থাৎ ১২০৬ খ্রীষ্টাব্দত মহম্মদ-ই-বতিয়াৰৰ নেতৃত্বত এটা বিশাল তুৰস্ক বাহিনী কামৰূপ ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছিল। সেই সময়ত কামৰূপৰ ৰজা আছিল মহাৰাজ পৃথু। এইগৰাকী ৰজাৰ সবল নেতৃত্বত কামৰূপী সৈন্যবাহিনীয়ে উল্লিখিত শকৰ চ'ত মাহৰ ১৩ তাৰিখে উক্ত তুৰস্ক বাহিনীটোক সমুলঞ্চে ধ্বংস কৰিবলৈ সমর্থ হৈছিল। ইতিহাসবিদসকলৰ মতে এইটোৱে আছিল মুছলমানসকলৰ প্ৰথম কামৰূপ বা অসম ৰাজ্য আক্রমণ। ৰণ জয়ৰ এই স্মৃতি যুগমীয়া কৰিবৰ উদ্দেশ্যে সম্ভৱতঃ এই শিলৰ ফলিখন লিখোৱা হৈছিল।

৫। কানাই বৰশী বোৱা শিলৰ ফলিখনৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ ১১২৭ শকত, অর্থাৎ ১২০৬ খ্রীষ্টাব্দত মহম্মদ-ই-বস্তিয়াৰৰ নেতৃত্বত এটা বিশাল তুৰস্ক বাহিনী কামৰূপ ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছিল। সেই সময়ত কামৰূপৰ ৰজা আছিল মহাৰাজ পৃথু। এইগৰাকী ৰজাৰ সবল নেতৃত্বত কামৰূপী সৈন্যবাহিনীয়ে উল্লিখিত শকৰ চ'ত মাহৰ ১৩ তাৰিখে উক্ত তুৰস্ক বাহিনীটোক সমুলঞ্চে ধ্বংস কৰিবলৈ সমর্থ হৈছিল। ইতিহাসবিদসকলৰ মতে এইটোরে আছিল মুছলমানসকলৰ প্ৰথম কামৰূপ বা অসম ৰাজ্য আক্রমণ। ৰণ জয়ৰ এই স্মৃতি যুগমীয়া কৰিবৰ উদ্দেশ্যে সম্ভৱতঃ এই শিলৰ ফলিখন লিখোৱা হৈছিল।

কামৰূপৰ ৰজাই লিখোৱা এইখন তাৰিখযুক্ত দ্বিতীয়খন শিলৰ ফলিৰূপে চিহ্নিত হৈছে। প্রথমখন তাৰিখযুক্ত ফলি হ'ল-হৰ্জৰবৰ্মাৰ তেজপুৰ শৈললিপি। তিনি শাৰীত সম্পূর্ণ ফলিখনৰ পাঠ তলত উল্লেখ কৰা হ'ল

(১) শাক ১১২৭

(২) শাকে তুৰগযুগ্মেশে মধুমাসত্রয়োদেশ।

(৩) কামৰূপং সমাগত্য তুৰষ্কা; ক্ষয়মাযযুঃ।।

ফলিত থকা কথাখিনিৰ অৰ্থ তলত দিয়া ধৰণৰঃ

১১২৭ শকৰ চ'ত মাহৰ ১৩ দিনৰ দিনা কামৰূপলৈ অহা তুৰস্কসকল ধ্বংসপ্রাপ্ত হৈছে।


৬। গছতল স্তম্ভলিপিখনৰ শৈলকাৰ কোন আৰু ইয়াত কি ঘটনাৰ উল্লেখ আছে?

উত্তৰঃ ইয়াৰ শৈলকাৰগৰাকীৰ নাম হৈছে শ্রীবিষ্ণু বাসধৰ। লিপিতত্ত্ববিদ পণ্ডিত ৰাজমোহন নাথ ডাঙৰীয়াৰ মতে, বিশ্বসুন্দৰদেৱ আছিল কাছাৰ, জয়ন্তীয়া আৰু লংকা অঞ্চলৰ এগৰাকী শক্তিশালী ৰজা। তেওঁ ম্লেছসকলক পৰাস্ত কৰি ডবকাত ১১৪৯ শকৰ ৮ ব'হাগত এক যজ্ঞ পাতে আৰু এই স্তম্ভলিপিখন লিখোৱায়। উপেন্দ্রনাথ গোস্বামীৰ মতে, অসম আক্ৰমণ কৰিবলৈ অহা বিশাল স্লেছ বাহিনী এটাক অসমীয়া সৈন্যই পৰাস্ত কৰাৰ কথা ইয়াত আছে। ৰণ জয়ৰ আনন্দত সাধাৰণ শৈলকাৰ এজনে এই স্তম্ভলিপিখন খোদিত কৰিছিল বুলি ভাবিবৰ অৱকাশ নিশ্চয় আছে।

স্তম্ভলিপিখনত খোদিত কথাখিনিৰ অৰ্থ এনে ধৰণৰ : সীমা এৰি যবনবোৰ ডবকালৈ গৈছে। (শক) ১ ২৮৪ বেদাষ্ট ৰাশি (সংখ্যা) গণনা। শৈলকাৰ শ্রীবিষ্ণুবাসধৰ। এটা বিশাল ম্লেছ (বাহিনী) এই ঠাইৰ পৰা উজাইছে। চোৱা তিনি হাজাৰ বঙাল শত্রু ইয়াত বহু কাৰ্যৰ (কৌশলৰ) যোগে ফান্দত পৰিছে। তোমালোক আটায়ে জানি থোৱা। ব'হাগৰ জলেবে নদী উপচি আছে। পঞ্চকাষ্ঠ বাদ্যযন্ত্রই ৰোেল কৰক। জলসেনাই শত্রুক ভাটীৰ জলান্ত পর্যন্ত খেদাই দিয়ক।

৭। গছতল স্তম্ভলিপিখনত থকা আখৰ আৰু ভাষাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ: নগাঁৱৰ ডবকাৰ পৰা প্ৰায় মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অৱস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা অষ্টকোণী শৈলস্তম্ভত খোদিত এই লিপিখন অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰিছিল।

স্তম্ভলিপিখনৰ আখৰবোৰ অলপো স্পষ্ট নহয়। ইয়াৰ ভাষা সংস্কৃত হ'লেও, ইয়াত অনেক বর্ণ-প্রমদ লক্ষ্য কৰা যায় আৰু ইয়াত বিশ্বসুন্দৰদেৱৰ নাম উল্লেখ আছে। লিপিতত্ত্ববিদ পণ্ডিত ৰাজমোহন নাথ ডাঙৰীয়াৰ মতে, বিশ্বসুন্দৰদেৱ আছিল কাছাৰ, জয়ন্তীয়া আৰু লংকা অঞ্চলৰ এগৰাকী শক্তিশালী ৰজা। তেওঁ ম্লেছসকলক পৰাস্ত কৰি ডবকাত ১১৪৯ শকৰ ৮ ব'হাগত এক যজ্ঞ পাতে আৰু এই স্তম্ভলিপিখন লিখোৱায়।

অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ তেতিয়াৰ সঞ্চালক প্রতাপচন্দ্ৰ চৌধুৰী ডাঙৰীয়াই ভট্টশালী, ৰাজমোহন নাথ আদি পণ্ডিতে আগবঢ়োৱা স্তম্ভলেখখনৰ পাঠ সম্পর্কীয় পূর্বানুমান সম্পূর্ণ অশুদ্ধ বুলি প্ৰমাণ কৰে আৰু নতুনকৈ ইয়াৰ পাঠ পূৰ্ণাংগ ৰূপত উদ্ধাৰ কৰে। স্তম্ভলেখখনৰ ভাষা সংস্কৃত নহয়, বৰং পুৰণি অসমীয়া গদ্যহে। ইয়াত কোনো বিশ্বসুন্দৰদেৱৰ উল্লেখ হোৱা নাই, বৰং মুছলমানৰ অসম আক্ৰমণৰ ঘটনা এটি বর্ণিত হৈছে। সেই আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল অথবা কোনগৰাকী মুছলমান সেনাধ্যক্ষৰ নেতৃত্বত এই আক্রমণ সংঘটিত হৈছিল তাৰ কোনো উল্লেখ ইয়াত পোৱা নাযায়। পাল বংশৰ সৈতে সম্পর্কিত কোনো ভূঞা অথবা কোনোবা বৰাহী বজাৰ শাসনকালত এই স্তম্ভলিপিখন লিখোৱা বুলি অনুমান কৰিছে। স্তম্ভলিপিখনত ব্ৰজাৱলী ভাষাৰ 'দেখহু' আদি ৰূপ পোৱা গৈছে।

উপেন্দ্রনাথ গোস্বামীয়ে লিপিৰ ভাষালৈ লক্ষ্য কৰি সেই সময়ত অসমত ব্ৰজাৱলী সদৃশ ভাষা এটাৰ প্ৰচলন আছিল বুলি সম্ভাবনা দেখুৱাইছে। যদি সেয়ে হয়, তেন্তে শংকৰদেৱ, মাধৱদেৱ আদি বৈষ্ণৱ গুৰুসকলৰ গণ মাধ্যম স্বৰূপ নাট আৰু বৰগীতত ব্যৱহৃত ব্ৰজাৱলী ভাষা বাহিৰৰ পৰা অহা নহয়; বৰং তাৰ ঘাই শিপা অসমতে আছিল বুলি মানি ল'ব লাগিব। 

৮। গছতল স্তম্ভলিপিখনত থকা বিষয় বস্তুৰ এটি টোকা লিখা।

উত্তৰ: নগাঁৱৰ ডবকাৰ পৰা প্ৰায় মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অৱস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা অষ্টকোণী শৈলস্তম্ভত খোদিত এই লিপিখন অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰিছিল।

স্তম্ভলিপিখনত খোদিত কথাখিনি এনে ধৰণৰঃ শিমা (সীমা) এৰিয়া যৱান (যরন) ডৱাকত গয়ত (শক) ১২৮৪ বেদান্ত বাসী (বাশি) গণন। ইতি শ্রীবিষ্ণৱাসধৰ শৈলকাৰ। শকত ম্লেচ্ছ ইথান উযাসাঁ। দেখহু শতাত্রিশ বঈৰ বঙাল বহুকার্য (ত) ইহাত ফন্দ। বহাখ জল। তোসভ সঞ্জাত যাস। দিজল শ্রী। পঞ্চ কাথ্য (পঞ্চকার্য) বাদা বোল জল-সেনাই বৈৰীক ভাথি জলান্তশেক খদাবি (খেদাবি)।

ইয়াৰ অৰ্থ এনেদৰে নিৰূপণ কৰা হৈছেঃ সীমা এৰি যবনবোৰ ডবকালৈ গৈছে। (শক) ১২৮৪ বেদাষ্ট বাশি (সংখ্যা) গণনা। শৈলকাৰ শ্রীবিষ্ণুবাসধৰ। এটা বিশাল স্লেছ (বাহিনী) এই ঠাইৰ পৰা উজাইছে। চোৱা তিনি হাজাৰ বঙাল শত্রু ইয়াত বহু কাৰ্যৰ (কৌশলৰ) যোগে ফান্দত পৰিছে। তোমালোক আটায়ে জানি থোৱা। ব'হাগৰ জলেৰে নদী উপচি আছে। পঞ্চকাষ্ঠ বাদ্যযন্ত্রই ৰোল কৰক। জলসেনাই শত্রুক ভাটীৰ জলান্ত পর্যন্ত খেদাই দিয়ক।

৯। চমুটোকা লিখাঃ

(ক) উমাচল শিলালিপি।

উত্তৰ: গুৱাহাটী চহৰৰ নীলাচল পাহাৰত অৱস্থিত উমাচল যৌগিক হাস্পতালৰ দাঁতিতে থকা এই শিলালিপিখন ১৯৫৫ চনত পোনতে স্বামী শিৱানন্দই আৱিষ্কাৰ কৰে। বুৰঞ্জীবিদসকলে মহাৰাজ মহেন্দ্ৰবৰ্মাৰ শাসনকাল খ্রীঃ ৪৫০-খ্রীঃ ৪৮০ বুলি ঠাৱৰ কৰিছে। ফলিখনিত মুঠ ৩৩ টা আখৰ পোৱা গৈছে। পুনৰাবৃত্তি ঘটা আখৰকেইটা বাদ দিলে আখৰ সংখ্যা হয়গৈ ২৩ টা। ইয়াৰে একক আখৰ ১৭ টা, যুক্তাক্ষৰ ৫ টা আৰু হলন্ত আখৰ এটা। অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ মতে, ১৭ টা একক অক্ষৰৰ ই, ক, জ, ত, ন, ভ, ম, ৰ আৰু ব গুপ্তলিপিৰ আখৰৰ সৈতে অভিন্ন। আনহাতে বাকী আখৰকেইটাৰ গঢ় প্ৰাক্ গুপ্ত যুগৰ।

মাত্ৰ চাৰিটা শাৰীযুক্ত এই ফলিখনৰ মূল পাঠ তলত উল্লেখ কৰা হ'লঃ

(১) মহাৰাজাধিৰাজ শ্রী-

(২) সুৰেন্দ্ৰৱৰ্ম্মণা কৃতম্

(৩) ভগবতঃ বলভদ্র-

(৪) স্বামিনায় ইদং গুহং [-।।]

পণ্ডিত ডিম্বেশ্বৰ শৰ্মাই কামৰূপশাসনাবলীত ফলিখনত প্রয়োগ হোৱা 'ভগৱত': বলভদ্র স্বামিনঃ' বা 'ভগবতে বলভদ্রস্বামিনে' আৰু 'ইদং গুহং'ৰ সলনি 'ইয়ং গুহা' হব লাগিছিল বুলি উল্লেখ কৰাটো এই প্রসংগত উল্লেখযোগ্য। 

ফলিখনত লিখা কথাখিনিৰ অৰ্থ এনে ধৰণৰঃ এই গুহা (মন্দিৰ) ভগবান বলভদ্র স্বামীৰ অর্থে মহাৰাধিৰাজ শ্রীসুৰেদ্ৰবৰ্মাৰ দ্বাৰা নিৰ্মিত।।

(খ) হৰ্জৰবৰ্মাৰ তেজপুৰ শৈললেখ।

উত্তৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী ভৈৰবপদ দেৱালয়ৰ ওচৰৰ ধেনুখানা পাহাৰৰ এটা বিয়াগোম শিলত খোদিত এই শিলালিপিখনৰ আখৰ প্ৰায় তিনি ইঞ্চি জোখৰ।

মহাৰাজ হর্জৰবৰ্মাই লিখোৱা এই ফলিখনত মুঠ দহোটা শাৰী পোৱা গৈছে। শেষৰ শাৰীটোত গুপ্তাব্দ ৫১০ বুলি লিখা আছে। গেইট চাহাবে শিলালিপিখনৰ ফটো সংগ্ৰহ কৰে যদিও, তাৰ পাঠোদ্ধাৰত ব্যর্থ হৈ সেই পাঠ হর্ণলী চাহাবলৈ প্রেৰণ কৰে। হৰ্ণলী চাহাবো এই ক্ষেত্ৰত বিফল হয়। ইয়াৰ প্রায় পাঁচ-ছয় বছৰমানৰ পাছত ব্লখে ফলিখনৰ নাম আৰু শেষৰ বাক্যটি পঢ়িবলৈ সমর্থ হয়। ১৯০৫ চনত পুৰালিপিবিদ কেইলহর্ণ চাহাবে জার্মান গবেষণা পত্রিকা এখনত আলোচ্য ফলিখনৰ দুই-তিনিটামান শাৰীৰ পাঠোদ্ধাৰ কৰি সেই বিষয়ে এটি প্রবন্ধ প্রকাশ কৰে। 'A History of Assam'ৰ প্ৰথম সংস্কৰণত গেইট চাহাবে এই ফলিখনৰ সময় আৰু ইয়াৰ স্রষ্টা হৰ্জৰবৰ্মাৰ নাম উল্লেখ কৰে। ১৯১৭ চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্রীয়ে ফলিখনৰ পূৰ্ণ পাঠ উদ্ধাৰ কৰি ইংৰাজী অনুবাদসহ 'বিহাৰ আৰু উৰিষ্যা বিচাৰ্ছ ছ'চাইটি'ৰ পত্রিকাৰ ডিচেম্বৰ সংখ্যাত প্রকাশ কৰে। ১৯২২ চনত প্রাচ্যতত্ত্ববিদ নগেন্দ্র নাথ বসুবে 'Social History of Assam'ৰ প্ৰথম খণ্ডত ফলিখনৰ মূল পাঠ আলোকচিত্রসহ প্রকাশ কৰে। পৰৱৰ্তী সময়ত পদ্মনাথ বিদ্যাবিনোদে ইয়াৰ এটা অধিক গ্রহণযোগ্য পাঠ প্রকাশ কৰি উলিয়ায়।

ফলিখনৰ মূল পাঠ তলত উল্লেখ কৰা হ'ল:

(১) স্বস্তি হাকগ্নেশ্বৰপুৰাৱস্থিতস্বভুজবল [মদ] ওঁ।

(২) দগিৰ্ব্বিত মহ [1] ৰাজাধিৰাজপৰমেশ্বৰপৰমভট্টা [ব] ক পৰ [মমা] হেশ্বৰ

(৩) শ্রীহৰ্জৰবৰ্মদেৱস্য বর্দ্ধমানবিজয়ৰাজ্যে মহাসামন্তসে [না] ধ্যক্ষ

(৪) শ্রীসুচিত্তস্য অধিকাৰদিনে কৈবর্ত্তনৌ [কু] ক্ষি স্বভক্ষসাধিনী

(৫) নৌৰজ্জ তস্য নাক্কজোসী শুদ্ধ ব্যাবহাৰশচোদ্ভুত তত্র নৌবজ্জক নহি তত্ প্রবিস্ত

(৬) সাবর্ণী শ্রীচিত্তধৰদক্ষ ভট্টজিউ দিনজী লহিলী ঝা দক্ষা [1] দম্ব [1] সী দলাকবা

(৭) ইত্যেতে বলধ্যক্ষা সামন্ত শিলাকুট্টকরলেয়া পঞ্চং কুলশংকৰ ভট্টপুত্রসোমদেবাদয়ঃ। ভূচ [তু]

(৮) ৰ্দ্দিক্ সীমাকৃত প্রাক্ সলিলক্ষাৰভক্ষভূভূদ্ভাগ পশ্চিম্যাং নাক্কজোসয়াম্যাং প্ৰৱৰভূমিত্যবৰপ-

(৯) [ৰ্বত্য উত্তৰা] দ্বহিৰ্বাহকাত্ যঃ চ্যবনং কৰোতি তস্য পঞ্চবুট্টিকাং গৃহীতব্যমিতিঃ।।

(১০) গুপ্ত ৫১০।

(গ) ভূতিবৰ্মাৰ বৰগংগা শিলালেখ।

উত্তৰঃ বৰগংগা কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এটা টিলাৰ ওপৰত এটা ভগ্নপ্রায় মন্দিৰৰ দুৱাৰমুখত সামান্য ফাঁকেৰে দুটা বৃহৎ শিলাখণ্ড আছে। ইয়াৰে বাওঁফালে থকা প্রায় ২২ ফুট দীঘল, ৭ ৰ পৰা ১২ ফুট বহল শিলাখণ্ডটোৰ ভিতৰফালে চাৰ শাৰীৰ এখন শিলৰ ফলি আছে। ফলিখনৰ কথা পোন প্রথমে প্রত্নতাত্ত্বিক ৰাজমোহন নাথ ডাঙৰীয়াই আঙুলিয়াই দিয়ে।

এই শিলালিপিখন ভৌমবংশীয় ৰজা ভূতিবৰ্মাই তেওঁৰ এগৰাকী 'বিষয়ামাত্য' (মন্ত্রী) অবগুণৰ নির্দেশমর্মে খোদিত কৰা হৈছিল। বুবঞ্জীবিদসকলৰ মতে ভূতিবৰ্মাৰ ৰাজত্বকাল আনুমানিক ৫১৮-৫৪২ খ্রীষ্টাব্দত। উল্লেখ্য যে ফলিখনৰ আখৰ উমাচল শৈললেখৰ সৈতে অভিন্ন। মাত্র য় আখৰটোত সামান্য প্রভেদ লক্ষ্য কৰা যায়। উল্লেখনীয় যে ফলিখনৰ আখৰ উমাচল শৈললেখৰ সৈতে অভিন্ন। মাত্র য় আখৰটোত সামান্য প্রভেদ লক্ষ্য কৰা যায়।

ফলিখনিৰ পাঠ এনে ধৰণৰঃ

(১) স্বস্তি [।।] শ্রীপৰমদৈৱতপৰমভট্টাৰকমহাৰা [জ]

(২) ধিবাজাশ্বমেধয়াজিন [:] শ্রীভূতিবৰ্ম্মস্য পাদান্

(৩) আয়ুষ্কামাং বিজয়ামাত্য অবগুণস্য

(৪) ইদং আশ্রমং [1]

ইয়াৰ অৰ্থ এনে ধৰণৰঃ স্বস্তি। পৰমেশ্বৰ উপাসক, পৰম ভট্টাৰক, অশ্বমেধযাজী, মহাৰাজাধিৰাজ শ্রীভূতিৱৰ্মাদেৱপাদৰ দীর্ঘায়ু কামনা কৰি বিষয়ামাত্য অৱগুণৰ এই আশ্রম (অর্থাৎ তেওঁ এই আশ্রম নিৰ্মাণ কৰিছিল)।।

(ঘ) কানাই বৰশী বোৱা তুৰস্ক ক্ষয়ৰ শিলৰ ফলি।

উত্তৰ: