লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

বিষয়বস্তু ২

 ১) চমু উত্তৰ লিখা।

ক) বিশ্বৰ প্ৰথম নগৰীয়া জীৱন ক'ত আৰম্ভ হৈছিল ?

উত্তৰঃ বিশ্বৰ প্ৰথম নগৰীয়া জীৱন টাইগ্ৰীচ্ আৰু ইউফ্ৰেটিছ নদীৰ মাজৰ মেছোপটেমিয়াত আৰম্ভ হৈছিল।

খ) ইতিহাস লিখন আৰম্ভ হোৱা পিছৰে পৰা  বিস্তীৰ্ণ অঞ্চলটোৰ নাম কি আছিল ?

উত্তৰঃ ইতিহাস লিখন আৰম্ভ হোৱা পিছৰে পৰা  বিস্তীৰ্ণ অঞ্চলটোৰ নাম দক্ষিণৰ নগৰাঞ্চল বুলি কোৱা হৈছিল।  

গ) কিমান চনত দক্ষিণ অঞ্চলটোক বেবিল'নিয়া বুলি কোৱা হৈছিল ?

উত্তৰঃ ২০০০ খ্ৰীঃ পূঃৰ পিছত দক্ষিণ অঞ্চলটোক বেবিল'নিয়া বুলি কোৱা হৈছিল। 

ঘ) ব্ৰ'ঞ্জ মানে কি ?

উত্তৰঃ ব্ৰ'ঞ্জ মানে হ'ল বগীতাম। 

ঙ) মেছোপটেমিয়াৰ মানুহে কিহত ফলি লিখিছিল ?

উত্তৰঃ মেছোপটেমিয়াৰ মানুহে আলতীয়া মাটিৰ ফলি লিখিছিল। 

২। উত্তৰ লিখা 

ক) মেছোপটেমিয়া সভ্য়তাক চহকী কৰা নদী দুখনৰ নাম লিখা ?

উত্তৰঃ মেছোপটেমিয়া সভ্য়তাৰ চহকী কৰা নদী দুখন নাম হ'ল

    ১) টাইগ্ৰীছ আৰু ২) ইউফ্ৰেটিছ।

খ) কিউনিৰ্ফম কি ? ইয়াক কোনটো ভাষাৰ শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰঃ কিউনিৰ্ফম মানে হ'ল চিহ্নলিপিৰ দ্বাৰা দুয়ো পিঠিত লিখা এখন মাটি ফলি। 

    কিউনিৰ্ফম শব্দটো কিউনিয়াচ্ অৰ্থাৎ 'চেপেটামূৰীয়া' আৰু ফৰ্মা অৰ্থাৎ 'আকৃতি'। ইয়াক  লেটিন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে। । 

গ) মেছোপটেমিয়াত উৎপাদিত খাদ্য়-সামগ্ৰী সমূহ কি কি আছিল ?

উত্তৰঃ মেছোপটেমিয়াত উৎপাদিত খাদ্য়-সামগ্ৰী সমূহ আছিল ঘেঁহু, মটৰ মাহ, ধান, আৰু মচুৰ মাহ। 

ঘ) দক্ষিণ মেছোপটেমিয়াত কৃষিকৰ্মৰ  সমস্য়া কি আছিল ?

উত্তৰঃ দক্ষিণ মেছোপটেমিয়াত কৃষিকাৰ্মৰ সমস্য়া আছিল তেওঁলোকে কৰা শস্য়বোৰ অত্য়াধিক পানীয়ে বোৱাই লৈ গৈছিল। তাৰ ফলত নামনি অঞ্চলত বাসকৰা সকলৰ পথাৰত পানী অভাৱ হৈছিল। সেইকাৰণে প্ৰাচীন মেছোপটেমিয়াৰ গাঁও অঞ্চলৰ ভূমি আৰু পানীৰ বাবে সমস্য়া হৈছিল। 

 ৩। প্ৰাচীন মন্দিৰবোৰ কিয় দেখিবলৈ প্ৰায় ঘৰৰ দৰে ?

উত্তৰঃ প্ৰাচীন মন্দিৰবোৰ দেখিবলৈ প্ৰায় ঘৰৰ দৰে আছিল ইয়াৰ কাৰণ প্ৰাচীন অধিবাসী সকলে তেওঁলোকৰ গাঁৱৰ নিৰ্বাচিত স্থানত মন্দিৰবোৰ নিৰ্মাণ কৰিছিল। তাৰে প্ৰাচীনতম মন্দিৰটো নোপোৱা ইটাৰে নিৰ্মাণ কৰা এটা সৰু মঠ আছিল। মন্দিৰবোৰত বিভিন্ন দেৱ-দেৱীৰ বাসস্থান আছিল। চন্দ্ৰদেৱতা উৰ্ আৰু ইনান্না ( প্ৰেমৰ দেৱতা আছিল) ৰ প্ৰধান আছিল। পিছত মুকলি প্ৰাঙ্গনৰ চাৰিওফালে বহুতো কোঠাৰ সৈতে ইটাৰে মন্দিৰবোৰ ডাঙৰ কৈ নিৰ্মাণ কৰিলে। 

    দেৱীগৰাকীয়ে পূজাৰ মূল উপলক্ষ আছিল। প্ৰাচীন মন্দিৰ কিছুমান মজিয়াত মাছৰ কাঁইটৰ ডাঠ তৰপ পোৱা গৈছিল। দেৱতা সকললৈ ভক্তসকলে বিভিন্ন শস্য়, দৈ আৰু মাছ লৈ আনিছিল। দেৱতাজনেই গাওঁখনৰ খেতিপথাৰ, ছাগলী আৰু মৎস্য়-পাম এইবোৰৰ আনুষ্ঠানিক গৰাকী আছিল। পিছলৈ শস্য় মৰণা মৰা, খুন্দা, ঊলৰ কাপোৰ বোৱা, এইবোৰ কাম মন্দিৰ প্ৰাঙ্গনতে কৰা হৈছিল। তেনে দৰে পিছলৈ সেই মন্দিৰবোৰ মুখ্য় নগৰীয়া অনুষ্ঠানলৈ পৰিণত হৈছিল।    

৪। প্ৰাচীন কাহিনীবোৰৰ পৰা মেছোপটেমিয়া সভ্য়তা বিষয়ে আমি কি জানিব পাৰোঁ ?

উত্তৰঃ প্ৰাচীন কাহিনীবোৰৰ পৰা মেছোপটেমিয়া সভ্য়তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

   প্ৰাচীন অধিবাসী সকলে তেওঁলোকৰ গাঁৱৰ নিৰ্বাচিত স্থানত মন্দিৰবোৰ নিৰ্মাণ কৰিছিল। তাৰে প্ৰাচীনতম মন্দিৰটো নোপোৱা ইটাৰে নিৰ্মাণ কৰা  এটা সৰু মঠ আছিল। মন্দিৰবোৰত বিভিন্ন দেৱ-দেৱীৰ বাসস্থান আছিল। চন্দ্ৰদেৱতা উৰ্ আৰু ইনান্না ৰ প্ৰধান আছিল। পিছত মুকলি প্ৰাঙ্গনৰ চাৰিওফালে বহুতো কোঠাৰ সৈতে ইটাৰে মন্দিৰবোৰ ডাঙৰ কৈ নিৰ্মাণ কৰিলে। 

    ৫০০০ খ্ৰীঃপূঃ পৰা দক্ষিণ মেছোপটেমিয়াত মানৱ বসতি বিকাশ ঘটিছিল। সেইবোৰৰ পৰা বিশ্বৰ প্ৰথম নগৰখন উত্থান হৈছিল। প্ৰাচীন মেছোপটেমিয়া গাওঁ অঞ্চলত পানী আৰু ভূমি বাবে মানুহৰ মাজত মতানৈক্য় হৈছিল। মেছোপটেমিয়া মানুহে আলতীয়া মাটিৰ ফলিত লিখিছিল। এজন মানুহে সেই মাটিৰ এখন হাতে ডাঙিব পৰা কৰি লৈ মাটি বোৰ হেঁচি হেঁচি ফলি দৰে চেপেটা কৰি লৈছিল। মেছোপটেমিয়া ঐতিহাসিক স্থানবোৰত শ শ লিখা ফলি উদ্বাৰ হৈছিল। 

    মেছোপটেমিয়া অতি কম লোকে লিখা-পঢ়া জানিছিল। কাৰণ লিখা-পঢ়াবোৰ তেওঁলোকৰ কাৰণে সহজ নাছিল। পঢ়িবলৈ হলে তেওঁলোকে বহুতো চিহ্নলিপি জানিব লগা হৈছিল আৰু সেই চিহ্নবোৰ বহুত তান আছিল। তেওঁলোকৰ কোনোৱা ৰজাই যদি লিখা-পঢ়া জানিছিল তেওঁ জনা কথাবোৰ এখন ফলিত অতি গৰ্বৰে লিখি ৰাখিছিল। 

৫। মেছোপটেমিয়া নগৰৰ মানুহৰ জীৱন সম্পৰ্কে এটি টোকা লিখা ?

উত্তৰঃ মেছোপটেমিয়া নগৰৰ মানুহৰ জীনৱৰ সম্পৰ্কে তলত উল্লেখ কৰা হ'ল

    মেছোপটেমিয়া প্ৰাচীনতম নগৰবোৰ ৩০০০ খ্ৰীঃ পূঃ বছৰৰ পুৰণি ব্ৰ'ঞ্জ যুগৰ আছিল। নগৰবিলাক বৃহৎ সংখ্য়ক মানুহৰ স্থান নহয় ই অৰ্থনৈতিক বিকাশৰ এক উচ্চ পৰ্যায়কো বুজায়। এটা অঞ্চল খাদ্য়-দ্ৰব্য় উৎপাদনৰ উচ্চ পৰ্যায় পালে বৃহৎ জনতাই এটা ঠাইতে গোট হোৱাত সুবিধা হয়। নগৰীয়া অৰ্থনীতিৰ ভিতৰত খাদ্য়-দ্ৰব্য় উৎপাদন, ব্য়ৱসায়-বাণিজ্য়, শিল্পকৰ্ম আৰু বহুতো ধৰণৰ সেৱা সেইবেৰত পৰে। তাৰ কাৰণে নগৰীয়া মানুহৰ আত্মনিৰ্ভৰশীলতা লোপ পাই অন্য়ৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। তেওঁলোকে ছীল-মোহৰ তৈয়াৰ কৰা বাঢ়ৈ এজনক ব্ৰঞ্জৰ আহিলাৰ প্ৰয়োজন হয়। সেইবোৰ তেওঁ নিজে প্ৰস্তুত নকৰে। তেওঁ মোহৰবোৰৰ ওপৰত সুন্দৰকৈ নক্সা কটাটো ৰত্ন-পাথৰৰ ব্য়ৱহাৰ নহয়।

    মেছোপটেমিয়া খাদ্য়-সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত চহকী আছিল যদিও খনিজাত সম্পদৰ ক্ষেত্ৰত অতি দুখীয়া আছিল। পাত্ৰ নাইবা অলংকাৰ আদি তৈয়াৰ বাবে প্ৰয়োজন হোৱা ধাতুৰ স্থায়ীৰ ভাণ্ডাৰ নাছিল। অলংকাৰ বাবে পৰ্যাপ্ত পৰিমাণে মণি-মুক্তা পোৱা নাছিল। তেওঁলোকৰ অপৰ্যাপ্ত বস্তু খাদ্য়-সামগ্ৰীৰ বিনিময়ত পাৰস্য় উপ-সাগৰৰ সিপাৰৰ পৰা উন্নত কাঠ, বগীতাম, সোণ, ৰূপ, তাম আৰু অন্য়ান্য় মণি-মুক্তা আদি বেপাৰ-বাণিজ্য়ৰ মাধ্য়মেৰে আহৰণ কৰিছিল। 

    প্ৰত্য়েক মানৱ-সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ টান শব্দ ব্য়ৱহাৰ কৰা হৈছিল সেইবোৰ সমষ্টিকে ভাষা বুলি কোৱা হৈছিল। সেইবোৰে হৈছে মৌখিক ভাৱ-বিনিময়। মেছোপটেমিয়া মানুহে আলতীয়া মাটিৰ ফলিত লিখিছিল। তেওঁলোকে সেই মাটি এখন হাতত ধৰাকৈ দাঙিব পৰা কৰি হাতত লৈ সেই মাটিখিনি হেঁচি হেঁচি ফলি আকাৰত চেপেটা কৰি লৈছিল। ফলিখন সেমেকা আৰু কোমল হৈ থাকিব লাগিব। ফলিখন শুকাই গলে কিউনিৰ্ফম চিহ্নলিপিবোৰ খাঁজ বহুৱাৱ পৰা নাছিল।  

Post ID : DABP002328