ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় যুক্তি বা প্ৰমাণ

proofs for the existence of God


Chapterঃ 2 


চমু প্ৰশ্নঃ 

1. Who are the supporters of ontological argument?

তাত্ত্বিক যুক্তিৰ সমৰ্থকসকল কোন কোন?

উত্তৰঃ তাত্ত্বিক যুক্তিৰ সমৰ্থকসকল হল- ৰেণে ডেকাৰ্ট, স্পিনোজা, লাইৱনিজ, হেগেল।


2. '' God is a being than which nothing greater can be concieved'' Who is the propounder of this view?

'' ঈশ্বৰ হল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি'' -এই মতৰ প্ৰৱক্তা কোন?

উত্তৰঃ ছেন্ট এনছেলম।


3. ''God is a being than which nothing greater can be concieved'' This is the view of teleological/ ontological/ cosmological argument.

''ঈশ্বৰ হল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি'' -এই মত উদ্দেশ্য়মূলক/ তাত্ত্বিক/ বিশ্বতত্ত্বমূলক যুক্তিৰ।

উত্তৰঃ তাত্ত্বিক।


4. ''Descartes supports ontological argument for the existence of God'' Is it true?

''ডেকাৰ্ট ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিৰ সমৰ্থক'' -এইটো সত্য় নে?

উত্তৰঃ সত্য়।


5. Who was the author of 'Proslogion'?

'Prosologion' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ছেন্ট এনছেলম।


6. Who is the founder of cosmological argument?

বিশ্বতত্ত্বমূলক যুক্তিৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ থমাছ একুইনাছ।


7. 'God is Supremely perfect being'- This definition offered by-------(fill in blank)

''ঈশ্বৰ পৰম পূৰ্ণ সত্তা'' ----এই সংজ্ঞাটো আগৱঢ়াইছে----------(খালী ঠাই পূৰণ কৰা)

উত্তৰঃ ডেকাৰ্টে আগবঢ়াইছে।


8. What is cosmological argument?

বিশ্বতত্ত্বমূলক যুক্তি কাক বোলে?

উত্তৰঃ পৰিদৃশ্য়মান জাগতিক জ্ঞানক ভিত্তি কৰি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰাৰ উদ্দেশ্য়ে যি যুক্তি প্ৰয়োগ কৰা হয়, তাকে বিশ্বতত্ত্বমূলক যুক্তি বোলা হয়।


9.  Who is the supporter of teleological argument?

উদ্দেশ্য়মূলক যুক্তিৰ সমৰ্থক কোন?

উত্তৰঃ মাৰ্টিনিউ।


10. Who offered the clock analogy?

ঘড়ীৰ উপমাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ উইলিয়াম পেলে।


11. Who are the supporters of moral argument?

নৈতিক যুক্তিৰ সমৰ্থকসকল কোন কোন?

উত্তৰঃ ইমানুৱেল কান্ট, মাৰ্টিনিউ, নিউমেন, ৰাশডল আদি।


12. Write the name of two critics of the teleological argument for the existence of God.

ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্য়মূলক যুক্তিৰ দুগৰাকী সমালোচকৰ নাম লিখা।

উত্তৰঃ কান্ট আৰু হিউম।


13. What are the other types of arguments about God's existence? 

ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় যুক্তি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় যুক্তি বা প্ৰমাণ চাৰিপ্ৰকাৰৰ-

i) তাত্ত্বিক বা সত্তাত্মক যুক্তি(Ontological Argument)

ii) বিশ্বতত্ত্বমূলক বা কাৰ্য-কাৰণ যুক্তি (Cosmological or Causal Argument)

iii) উদ্দেশ্য়মূলক যুক্তি বা পৰিকল্পনামূলক যুক্তি (Teleological Argument or the Argument from Design)

iv) নৈতিক যুক্তি ( Moral Argument)


14. Name the philosopher who criticised Descarte's ontological argument.

ডেকাৰ্টৰ তাত্ত্বিক যুক্তিক সমালোচনা কৰা দাৰ্শনিক গৰাকীৰ নাম লিখা।

উত্তৰঃ কান্ট।



ৰচনাধৰ্মী প্ৰশ্ন-উত্তৰঃ


1. Explain the ontological argument for the existence of God.

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিটো ব্য়াখ্য়া কৰা।

উত্তৰঃ সত্তাত্মক বা তাত্ত্বিক যুক্তি ঈশ্বৰ অস্তিত্ব সম্পৰ্কীয় এক অভিজ্ঞতাপূৰ্ব যুক্তি। ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় যি যুক্তি বা প্ৰমাণ অনুসৰি ঈশ্বৰৰ ধাৰণাৰ পৰাই ঈশ্বৰৰ অস্তিত্ব প্ৰমাণিত হয়, তাক সত্তাত্মক বা তাত্ত্বিক যুক্তি বোলা হয়।এই যুক্তি অনুসৰি ঈশ্বৰৰ ধাৰণাৰ মাজতেই আছে ঈশ্বৰৰ অস্তিত্বৰ হেতু। ঈশ্বৰ এনে এক পৰিপূৰ্ণ সত্তা যাৰ তুলনাত আৰু অধিক পৰিপূৰ্ণ সত্তাৰ ধাৰণা কৰিব নোৱাৰি। ঈশ্বৰৰ ধাৰণা হল এক অসীম, অনন্ত, সৰ্বনিৰপেক্ষ পূৰ্ণতম আৰু পৰম চৈতন্য়ময় পুৰুষৰ ধাৰণা। মধ্য়যুগৰ ধৰ্মতাত্ত্বিক ছেন্ট এনছেলম, আধুনিক পাশ্চাত্য় দাৰ্শনিক ৰেণে ডেকাৰ্ট, স্পিনোজাৰ, লাইৱনিজ, হেগেল আদি দাৰ্শনিকসকল এই যুক্তিৰ সমৰ্থক। ইয়াৰ ভিতৰত এনছেলমে সৰ্বপ্ৰথম তাত্ত্বিক যুক্তিটোক সুন্দৰভাৱে উপস্থাপন কৰে আৰু পিছত ৰেণে ডেকাৰ্ট ইয়াক পূৰ্ণ সমৰ্থন কৰে।

                এনছেলম প্ৰদত্ত যুক্তিটোৰ মূল সূত্ৰ হল- ''এইটো হল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি।'' সহজ ভাষাত এনছেলমৰ যুক্তিটোৰ সাৰ কথা হল- ঈশ্বৰ হল সেই বৃহত্তম বা মহত্তম সত্তা যাৰ তুলনাত আৰু অন্য় কোনো বৃহত্তম বা মহত্তম সত্তাৰ কথা চিন্তা কৰিব নোৱাৰি। এনছেলমৰ মতে, যি ধাৰণা কেৱল মনৰ মাজতেই অস্তিত্বশীল সেই ধাৰণাতকৈ যি ধাৰণা মন আৰু বাস্তৱ জগতত উভয়তে অস্তিত্বশীল সেই ধাৰণা বৃহত্তম বা মহত্তম।ঈশ্বৰৰ ধাৰণা যিহেতু মন আৰু বাস্তৱত অস্তিত্বশীল গতিকে ঈশ্বৰ অস্তিত্ব সন্দেহাতীত। যদি ঈশ্বৰ বাস্তৱ সত্তা নাথাকিলেহেঁতেন, তেনেহলে আমি আন এক বস্তুৰ কথা চিন্তা কৰিব নোৱাৰিলোহেঁতেন যাৰ বাস্তৱ সত্তা আছে আৰু যি অধিকতম পূৰ্ণ। ঈশ্বৰৰ ধাৰণা যিহেতু বৃহত্তৰ পূৰ্ণ সত্তাৰ ধাৰণা, গতিকে ঈশ্বৰ কেৱল চিন্তাৰ মাজতেই নাই বাস্তৱতো অস্তিত্বশীল।

                ডেকাৰ্টে কৈছে যে, পূৰ্ণ সত্তাৰ ক্ষেত্ৰত 'অস্তিত্ব' হৈছে এটা অনিবাৰ্য গুণধৰ্ম আৰু বিধেয়। ডেকাৰ্টৰ মতে, প্ৰত্য়েক বস্তুৰে সংজ্ঞায়িত লক্ষণ হৈছে বস্তুটোৱে কিছুমান বিশেষ গুণধৰ্ম বা বিধেয়ক অন্তৰ্ভূক্ত কৰে। সেইকাৰণে ডেকাৰ্টে দাবী কৰিছে যে, অস্তিত্ব অৱশ্য়েই ঈশ্বৰৰ 'গুণধৰ্ম' বা 'বিধেয়' বুলি সংজ্ঞায়িত কৰিব লাগিব। ঈশ্বৰৰ ধাৰণা বা সংজ্ঞাৰ পৰা ঈশ্বৰৰ অস্তিত্ব অনিবাৰ্যভাৱে নিঃসৃত হয়। ত্ৰিভুজৰ সংজ্ঞাৰ পৰা যেনেদৰে 'ত্ৰিভুজৰ' তিনিটাকোণ মিলি দুই সমকোণৰ সমান' এই ধাৰণা নিঃসৃত হয়, তেনেদৰে ঈশ্বৰৰ সংজ্ঞাৰ পৰা 'ঈশ্বৰ অস্তিত্ববান' এই ধাৰণা অনিবাৰ্যভাৱে নিঃসৃত হয়।

                হেগেল তাত্ত্বিক যুক্তিটোক অলপ ভিন্ন ধৰণে আলোচনা কৰিছে। হেগেলৰ মতে, চিন্তা আৰু সত্তা বা বাস্তৱতা অভিন্ন। সত্তা নিজে নিজেই অস্তিত্বশীল নহয়। ঈশ্বৰৰ নিত্য় চেতনা হিচাপে সত্তা অস্তিত্বশীল। সত্তা হৈছে স্বৰ্গীয় চিন্তাৰ বিষয়। বিশ্বজগত অসীম মনৰ বাহ্য়প্ৰকাশ হিচাপে সসীম মনৰ পক্ষে বোধগম্য়। আত্মা আৰু অনাত্মা পৰস্পৰ সম্পৰ্কিত, সিহঁত পৰমাত্মাৰ বিভিন্ন প্ৰকাশ। সেই কাৰণে চিন্তা আৰু সত্তা অভিন্ন। ''যি বাস্তৱ সি বৌদ্ধিক আৰু যি বৌদ্ধিক সি বাস্তৱ''। এই বিশ্বজগত জ্ঞাতা হিচাপে ঈশ্বৰৰ অস্তিত্ব পূৰ্বস্বীকৃত। হেগেল ঈশ্বৰৰ অস্তিত্ব ঈশ্বৰৰ ধাৰণা বা কাৰণৰ পৰা অনুমান কৰা নাই।

সমালোচনাঃ তাত্ত্বিক যুক্তি ঈশ্বৰৰ ধাৰণাৰ পৰাই ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰা চেষ্টা কৰিলেও এই যুক্তি সন্তোষজনক নহয়। ইয়াৰ বিৰুদ্ধে তলত দিয়া আপত্তি কেইটা হল-

i) গনিলনে এনছেলমৰ তাত্ত্বিক যুক্তিৰ বিৰুদ্ধে কৈছে যে, এই যুক্তিটো এটা অবান্তৰ যুক্তি। ঈশ্বৰৰ বাহিৰে যুক্তিটো অন্য়ত্ৰ প্ৰয়োগ কৰা নাযায়। গনিলনৰ মতে, যদি কাৰোবাৰ মনত পৰিপূৰ্ণ দ্বীপৰ ধাৰণা থাকে তাৰ দ্বাৰা পূৰ্ণ দ্বীপ বাস্তৱত অস্তিত্বশীল বুলি কব নোৱাৰি।

ii) কান্টৰ মতেও, কোনো এটা বস্তুৰ ধাৰণা থাকিলেই তাৰ বাস্তৱ অস্তিত্ব নাথাকিবও পাৰে। এই প্ৰসংগত কান্টৰ সুবিখ্য়াত যুক্তি হল- মোৰ পকেটত এশ ডলাৰৰ নোট আছে বুলি ধাৰণা থাকিব পাৰে; কিন্তু তাৰ দ্বাৰা এইটো প্ৰমাণিত নহয় যে সঁচাকৈ মোৰ পকেটত এশ ডলাৰৰ নোট আছে।


2. Critically discuss the teleological argument for the existence of God.

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় উদ্দেশ্য়মূলক যুক্তিটো সমালোচনাসহ আলোচনা কৰা।

উত্তৰঃ উদ্দেশ্য়মূলক যুক্তি ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় আন এটা অভিজ্ঞতাভিত্তিক যুক্তি। এই যুক্তিৰ মূল ভিত্তি হল জাগতিক নিয়ম-শৃংখলা। জাগতিক নিয়ম, শৃংখলা, সামঞ্জস্য়, ঐক্য়, পৰিকল্পনা ইত্য়াদিৰ প্ৰতি আকৃষ্ট হৈ ইয়াত ঈশ্বৰৰ অস্তিত্ব প্ৰমাণৰ চেষ্টা কৰা হয়। এই জগত হল এনেকুৱা এক পৰিকল্পিত জগত যি কোনো উদ্দেশ্য় সিদ্ধিৰ বাবেহে সৃষ্টি হৈছে। গতিকে উদ্দেশ্য়ক স্বীকাৰ কৰিলে উদ্দেশ্য় সাধন কৰ্তা বা পৰিকল্পক জনেই হৈছে ঈশ্বৰ। জন হিকৰ মতে, ঈশ্বৰ অস্তিত্ব সম্পৰ্কীয় যুক্তিবোৰৰ ভিতৰত উদ্দেশ্য়মূলক যুক্তি সকলোতকৈ জনপ্ৰিয়।  ভাৰতৰ বেদ শাস্ত্ৰৰ পৰা আৰম্ভ কৰি প্লেটোৰ 'Timeaus' গ্ৰন্থলৈ এই যুক্তিৰ পৰিধি পৰিব্য়াপ্ত। থমাছ একুইনাছ যি পাঁচটা যুক্তিৰ উল্লেখ কৰিছে তাৰ ভিতৰত শেষৰটোত এই উদ্দেশ্য়মূলক যুক্তি পৰিলক্ষিত হয়। একুইনাছৰ এই শেষ যুক্তিটো হল- '' প্ৰাকৃতিক উদ্দেশ্য়ৰ সাক্ষ্য়প্ৰমাণৰ ভিত্তিত এক স্বৰ্গীয় পৰিকল্পনাকাৰীৰ অস্তিত্ব স্বীকাৰ।'' অধ্য়াপক ৰাইটৰ মতে, সৰলতা আৰু সংগতিয়েই এই যুক্তিৰ মূল আকৰ্ষণ।

                    উদ্দেশ্য়মূলক যুক্তিৰ এজন প্ৰধান সমৰ্থক হল মাৰ্টিনিউ। মাৰ্টিনিউয়ে যুক্তি দেখুৱাইছে যে,নিৰ্বাচন, সংগঠন আৰু স্তৰভেদ-এই তিনিটাই হল বৌদ্ধিক পৰিকল্পনাৰ মূল চাবি-কাঠি। এজন বৌদ্ধিক পৰিকল্পক নিজৰ বস্তুক নিৰ্বাচন কৰে, সিহঁতক সংগঠিত কৰে আৰু স্তৰভেদ অনুসাৰে সিহঁতক স্থাপিত কৰা হয়। মাৰ্টিনিউৰ মতে, জাগতিক বস্তুবোৰ পৰ্যবেক্ষণ আৰু বিশ্লষণ কৰিলে দেখা যায় জগতৰ প্ৰতি প্ৰত্য়েকটো বস্তুতে এটা সুনিৰ্দিষ্ট নিয়ম-শৃংখলা ক্ৰিয়া কৰিছে। জাগতিক বস্তুবোৰত প্ৰচুৰ পৰিমাণে নিৰ্বাচন, সংগঠন স্তৰভেদ লক্ষ্য় কৰা যায়। পৃথিৱী, পৰ্বত-পাহাৰ, সাগৰ-সমূদ্ৰ, চন্দ্ৰ-সূৰ্য, উদ্ভিদ, প্ৰাণীদেহ আৰু মানৱদেহ  আদি কিছুমান সুনিৰ্দিষ্ট উপাদানেৰে গঠিত যিবোৰ এটা আনটোৰ লগত সুসামঞ্জস্য়তা বজাই ৰাখে।মন জীৱন আৰু নাৰ্ভাছ ছিচটেমৰ ওপৰত নিৰ্ভৰশীল। জীৱন আকৌ জড়পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল। মুঠতে জগতৰ বিভিন্ন স্তৰৰ বস্তুৰ মাজত এটা ক্ৰমবন্ধন লক্ষ্য় কৰা যায়। জাগতিক বস্তুবোৰৰ মাজত যি নিৰ্বাচন, সংগঠন আৰু স্তৰভেদ লক্ষ্য় কৰা যায় তাৰ পৰা এইটো প্ৰমাণিত হয় যে, এইবোৰ হৈছে এজন বৌদ্ধিক পৰিকল্পকৰ কাৰ্য।

সমালোচনাঃ উদ্দেশ্য়মূলক যুক্তি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব নোৱাৰে। কাৰণ এই মতবাদৰ কেইটামান ত্ৰুটি আছে-

i) ইমানুৱেল কান্ট উদ্দেশ্য়মূলক যুক্তিৰ বিৰুদ্ধে কৈছে যে, ঈশ্বৰ হৈছে এক অতীন্দ্ৰিয় সত্তা যাক কোনোপধ্য়েই এই সসামী ইন্দ্ৰিয়গ্ৰাহ্য় জগতৰ পৰা প্ৰমাণ কৰিব নোৱাৰি। উদ্দেশ্য়মূলক যুক্তিত ঈশ্বৰৰ অস্তিত্ব জাগতিক শৃংখলাৰ ভিত্তি প্ৰমাণ কৰা চেষ্টা কৰা হয়। এই যুক্তি খুব বেছি এজন স্বৰ্গীয় কৰ্তাৰ  প্ৰমাণ কৰিব পাৰে যিয়ে পূৰ্ব-অস্তিত্বশীল জড়পদাৰ্থৰ আলমত জগতক সৃষ্টি কৰিছে। ই এইটো প্ৰমাণ কৰিব নোৱাৰে যে ঈশ্বৰেই জড়পদাৰ্থৰ সৃষ্টি কৰ্তা।

ii) হিউমৰ মতে জগতত মংগল, শৃংখলা যেনেদৰে আছে, তেনেদৰে অমংগল আৰু বিশৃংখলাও আছে। গতিকে জগতখন কেৱল এজন ঈশ্বৰৰ দ্বাৰা সৃষ্ট হব নোৱাৰে। সংঘাতপূৰ্ণ জগতখন হয় বহু ঈশ্বৰৰ দ্বাৰা সৃষ্ট নহলে এজন দূৰ্বল আৰু অপৰিপূৰ্ণ ঈশ্বৰৰ দ্বাৰা সৃষ্ট।

iii) হিউমৰ মতে, ঈশ্বৰৰ ধাৰণা হল আমাৰ মানসিক ধাৰণা। দৰাচলতে ঈশ্বৰ নাম কোনো সত্তা নাই। হিউমে ঈশ্বৰক মানৱীয় মনৰ সৃষ্টি বুলি উল্লেখ কৰিছে যাক মানৱৰ আশা-আকাংশাৰ পৰিতৃপ্তিৰ কাৰক হিচাপে উল্লেখ কৰা হয়। গতিকে জগতখন ঈশ্বৰৰ পৰিকল্পনাৰ দ্বাৰা পৰিচালিত এইটো কথা গ্ৰহণযোগ্য় নহয়।

iv) জগতত যি পৰিকল্পনা বা সামঞ্জস্য়ৰ লক্ষ্য় কৰা যায় সি ঈশ্বৰক বাদ দি প্ৰাকৃতিক নিয়মৰ দ্বাৰাও ব্য়াখ্য়া কৰা যায়। উদ্দেশ্য়মূলক যুক্তি অনুসাৰে জগতখন এটা উদ্দেশ্য়ৰ ফালে গতি কৰিছে। কিন্তু জড়বাদীসকলে এনে উদ্দেশ্য়ৰ কথা নামানে।তেওঁলোকৰ মতে, যান্ত্ৰিক বা স্বাভাৱিক নিয়মানুসাৰে জাগতিক সকলো ঘটনা সংগটিত হয়।


4. Explain critically the cosmological proof for the existence of God.

ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় বিশ্বতত্বমূলক যুক্তিটো সমালোচনা সহ ব্য়াখ্য়া কৰা।

উত্তৰঃ বিশ্বতত্ত্বমূলক যুক্তি বা কাৰ্য-কাৰণ যুক্তি ঈশ্বৰ অস্তিত্ব সম্পৰ্কীয় এক অভিজ্ঞতা ভিত্তিক যুক্তি। পৰিদৃশ্য়মান জাগতিক জ্ঞানক ভিত্তি কৰি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰাৰ উদ্দেশ্য়ে যি যুক্তি প্ৰয়োগ কৰা হয়, তাক  বিশ্বতত্ত্বমূলক যুক্তি বোলা হয়।বিশ্বতত্ত্বমূলক যুক্তি জাগতিক পৰিঘটনাৰ লগত সম্পৰ্কিত। বিশ্বজগতক ব্য়াখ্য়া কৰাৰ পৰিপ্ৰেক্ষিতত এই যুক্তিয়ে ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰাৰ চেষ্টা কৰে। বিশ্বতত্ত্বমূলক যুক্তি অনুসৰি জাগতিক সকলো বস্তুৰে আপতিক বা সাম্ভাৱ্য় আৰু পৰনিৰ্ভৰ। কিন্তু এই আপতিক বা পৰনিৰ্ভৰ বস্তুবোৰ নিশ্চয় এটা অনিবাৰ্য বা স্বাধীন সত্তাৰ ওপৰত নিৰ্ভৰশীল। এই স্বনিৰ্ভৰ আৰু অনিবাৰ্য সত্তা হল ঈশ্বৰ। তদুপৰি, এই জগতখন হল আপেক্ষিক বা সাপেক্ষ। গতিকে এই সাপেক্ষ জগতখন নিশ্চয় এনে এটা সত্তাৰ ওপৰত নিৰ্ভৰশীল যি নিৰপেক্ষ পৰম সত্তা।

                জন হিকে একুইনাছৰ বিশ্বতত্ত্বমূলক যুক্তিৰ মূল বক্তব্য়ক এনেদৰে উপস্থাপন কৰিছে, '' এই জগতৰ সকলোবোৰেই আপতিক বা সাম্ভাৱ্য়- অৰ্থাৎ এইটো প্ৰত্য়েকটো বিষয় ক্ষেত্ৰত সত্য় যে, হয় বস্তুটোৰ অস্তিত্ব নাছিল নহলে অন্য় কিবা প্ৰকাৰে সি অস্তিত্বশীল আছিল।প্ৰত্য়েক বস্তুৰে নিজৰ বাহিৰে আন কিবাক নিৰ্দেশ কৰে। ছেন্ট থমাছ একুইনাছে যুক্তি দৰ্শায় যে, যদি সকলো বস্তুৰেই আপতিক হয়, তেনেহলে নিশ্চয় এনে এটা সময় আছিল যেতিয়া একোৱে অস্তিত্বশীল নাছিল। এনে ক্ষেত্ৰত কোনো বস্তুৰে অস্তিত্ব নাথাকিলেহেঁতেন যদি কাৰণতা বুলি একো নাথাকিলেহেঁতেন। যিহেতু বস্তুবোৰ অস্তিত্ববান, গতিকে এনেকুৱা নিশ্চয় কিবা আছে যাক আমি ঈশ্বৰ বুলি কওঁ''।

ওৱাই মাছিয়ে (Y. Masih) একুইনাছৰ বিশ্বতত্বমূলক যুক্তিক কেইটামান স্তৰৰ মাধ্য়মত ব্য়াখ্য়া কৰিছে-

i) জাগতিক সকলো বস্তুৰে আপতিক। প্ৰতিটো বস্তুৰে এটা এটাকৈ বিনাশ হয়।

ii) কালৰ অসীমত ক্ৰমত এটা সময়ত সকলো বস্তুৱে বিলীন হৈ যায়। গতিকে এটা সময়ত কোনো বস্তুৰে অস্তিত্ব নাথাকিব। সেইকাৰণে সেইসময়ত জগতখন কেৱল শূন্য় বা খালি হৈ আছিল।

iii) যদি এটা সময়ত জগতখন সম্পৰ্ণৰূপে শূণ্য় বা খালী হয়, তেনেহলে এতিয়াও জগতখন খালী হৈ থাকিলেহেঁতেন যাৰ পৰা কোনো বস্তুৰে সৃষ্টি নহলহেতেন।

iv) কিন্তু নিশ্চয় কিবা এটা আছে। গতিকে এই 'কিবা'টোৱে আন কিবাৰ ওপৰত নিৰ্ভৰ কৰিছে যি আপতিক নহয়। অৰ্থাৎ এইটো এনে এটা সত্তা যি কোনো সময়তে কালৰ অসীম ক্ৰমত বিনাশ নহয়।

v) গতিকে এই কিবা বস্তুটো এটা অনিবাৰ্য সত্তা হব। এইটো এনে এক অনিবাৰ্য সত্তা যি সকলো আপতিক বস্তুৰে ভিত্তি।

vi) এই অনিবাৰ্য সত্তাটোৱেই ঈশ্বৰ।

সমালোচনাঃ

i) বিশ্বতত্ত্বমূলক যুক্তিৰ বিৰুদ্ধে কান্টে অভিযোগ কৰিছে এই বুলি যে আমি সসীম সত্তা গতিকে আমাৰ জ্ঞান ইন্দ্ৰিয়গ্ৰাহ্য় জগততে সীমাবদ্ধ আৰু আমাৰ এই সীমীত অভিজ্ঞতাৰ পৰা  অসীম ঈশ্বৰৰ জ্ঞান লাভ কৰা সম্ভৱ নহয়। জাগতিক সাপেক্ষ আৰু নিৰ্ভৰশীল বস্তুৰ অস্তিত্বৰ পৰা পৰম নিৰপেক্ষ পূৰ্ণ সত্তাৰ অস্তিত্ব অনুমান কৰা নাযায়।

ii) হিকৰ মতে, বিশ্বতত্ত্বমূলক যুক্তিৰ 'অনিবাৰ্যতাৰ' ধাৰণাটো অবোধ্য়। কোনো বস্তুৰ পক্ষে অনিবাৰ্য হোৱাটো অসম্ভৱ। কেৱল বচন যৌক্তিকভাৱে অনিবাৰ্য হব পাৰে। গতিকে ঈশ্বৰক যৌক্তিকভাৱে অনিবাৰ্য বুলি কোৱা ভাষাৰ অপব্য়ৱহাৰৰ আন একো নহয়।

iii) নিগমন অনুমানৰ দিশৰ পৰাও এই যুক্তি বৈধ নহয়। নিগমন অনুমানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে ইয়াৰ সিদ্ধান্ত কেতিয়াও আশ্ৰয়বাক্য়তকৈ অধিক ব্য়াপক হব নোৱাৰে। কিন্তু বিশ্বতত্ত্বমূলক যুক্তিত আপতিক, সসীম সত্তাৰ পৰা অনিবাৰ্য আৰু অসীম সত্তাৰ ধাৰণা কৰা হৈছে। যি নিগমনাত্মক যুক্তিৰ বিৰোধী।


5. Discuss william Paley's analogy of watch.

উইলিয়াম পেলেৰ ঘড়ীৰ উপমাটো আলোচনা কৰা।

উত্তৰঃ উইলিয়াম পেলে তেওঁৰ 'Natural Theolgy : or Evidences of the Existence and Attributes of the Deity collected from the Appearances of Nature' (1802) গ্ৰন্থত পৰিকল্পনামূলক যুক্তি বা উদ্দেশ্য়মূলক যুক্তিৰ সবিস্তাৰ আলোচনা কৰিছে। তেওঁ এই যুক্তি দাঙি ধৰিবলৈ গৈ ঘড়ীৰ উপমাৰ সহায় লৈছে। উইলিয়াম পেলেৰ মতে, জগতখন এটি নিখুত পৰিকল্পনা যি কোনো এটা উদ্দেশ্য় সাধনৰ নিমিত্তে গতি কৰিছে। জগতখন যেন এটা জটিল ঘড়ী সদৃশ। ঘড়ী প্ৰস্তুত কৰ্তা যেনেদৰে তাৰ নিজৰ পৰিকল্পনা অনুসাৰে সময়ৰ গণনাৰ উদ্দেশ্য়ে বিভিন্ন যন্ত্ৰাংশ একত্ৰিত কৰি ঘড়ী প্ৰস্তুত কৰিছে, তেনেদৰে ঈশ্বৰেও অসংখ জড় পদাৰ্থৰ সমন্বয়ত তাৰ নিজৰ পৰিকল্পনা অনুসৰি কোনো এক বিশেষ উদ্দেশ্য় সাধনৰ নিমিত্তে জগতখনৰ সৃষ্টি কৰিছে।

                    পেলে ঘড়ীৰ লগত জগতৰ উপমা স্থাপন কৰিবলৈ গৈ গুৰুত্বপূৰ্ণ মন্তব্য় কৰিছে। প্ৰথমতে, আমি ঘড়ী আগতে নেদখিলেও আমাৰ অনুমান কেতিয়াও দুৰ্বল নহয়। গতিকে আমি পোনপটীয়া অভিজ্ঞতাৰ পৰা জানিব নোৱাৰিম যে ঘড়ীটো মানৱীয় বুদ্ধিৰ সৃষ্টি। দ্বিতীয়তে, যদিও আমি মাজে-সময়ে দেখোঁ যে ঘড়ীটোৱে সঠিকভাৱে কাম কৰা নাই, তথাপি ঘড়ীৰ পৰা ঘড়ী নিৰ্মাণ কৰ্তাৰ অনুমান অবৈধ বুলি বিবেচিত নহব। তৃতীয়তে, যদিও আমি ঘড়ীৰ কিছুমান অংশৰ ক্ৰিয়াক আৱিষ্কাৰ কৰিবলৈ সক্ষম নহওঁ, তথাপি আমাৰ অনুমানক হেয় প্ৰতিপন্ন কৰিব নোৱাৰি।

            পেলে ঘড়ীৰ লগত জগতৰ তুলনা কৰি কৈছে যে, ঘড়ীৰ দৰে প্ৰাকৃতিক জগতখনো এটা জটিল ঘটনা। ঘড়ীৰ দৰেই কোনো বৌদ্ধিক সত্তাৰ দ্বাৰা জগতখন পৰিকল্পিত। সৌৰজগতৰ গ্ৰহবোৰৰ আৱৰ্তন, পৃথিৱীৰ ঋতুচক্ৰ, প্ৰাণীৰ জটিল দেহাবয়ৱ আৰু দেহৰ বিভিন্ন অংগ-প্ৰত্য়ংগৰ মাজৰ সম্পৰ্ক ইত্য়াদি সকলোৱে নিৰ্দেশ কৰে যে এটা সুশৃংখল পৰিকল্পনা অনুসাৰে জগতখন সৃষ্টি হৈছে। এই প্ৰসংগত পেলে মানৱ দেহক উদাহৰণ হিচাপে লৈছে। মানৱ দেহৰ মস্তিষ্ক এটা গুৰুত্বপূৰ্ণ অংশ। মানৱ মস্তিষ্কৰ মাজত সহস্ৰ কোষ একত্ৰিত হৈ সুসংবদ্ধৰূপে পাৰস্পৰিক ক্ৰিয়া সম্পাদিত কৰিছে। মানৱ দেহৰ চকু যেন এক অসাধাৰণ গতিশীল কেমেৰা যাৰ আছে নিজে নিজেই খাপ খুৱাই লোৱা লেন্স, ৰঙৰ সংবেদন শক্তি, একেৰাহে অনেক ঘন্টা ধৰি কাম কৰাৰ ক্ষমতা। পেলেৰ মতে, এনেকুৱা এটা জটিল কাৰ্যকৰী মানৱ দেহ আকস্মিকভাৱে উৎপত্তি হব নোৱাৰে।

          পেলেৰ ঘড়ীৰ উপমা সন্তোষজনক নহয়। সমালোচকসকলৰ মতে, পেলে ঘড়ীৰ উপমাৰ দ্বাৰা ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা নাই। পেলেৰ যুক্তিত ঘড়ীৰ লগত জগতক তুলনা কৰা হৈছে সাদৃশ্য়ানুমানৰ ভিত্তিত। কিন্ত আমি জানোঁ যে, সাদৃশ্য়ানুমানৰ সিদ্ধান্ত সকলো সময়তে সম্ভাৱনামূলক। পেলেৰ যুক্তি সাদৃশ্য়ানুমান হোৱা বাবে ই ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব নোৱাৰে; বৰং ইয়াৰ বিপৰীতে এই যুক্তিয়ে ঈশ্বৰৰ সম্ভানৱনাহে প্ৰমাণ কৰিব পাৰিছে।এই যুক্তিত ঈশ্বৰক ঘড়ীৰ সৃষ্টি কৰ্তাৰ লগত তুলনা কৰি জগতক ঘড়ীৰ লগত একে বুলি ভবা হৈছে। এই যুক্তি গ্ৰহণযোগ্য় তেতিয়া হলহেঁতেন, যদিহে ঘড়ী আৰু জগতৰ মাজত একৰূপতা বা অভিন্নতা থাকিলেহেঁতেন। কিন্তু ঘড়ী আৰু জগতৰ মাজত সাদৃশ্য়তকৈ বৈসাদৃশ্য়হে অধিক। জগতক ঘড়ীৰৰ দৰে স্বীকাৰ কৰিলে জগতৰ নৈতিকতা, ধৰ্ম আৰু আধ্য়াত্মিকতাৰ ব্য়াখ্য়া দিয়া নাযায়। গতিকে পেলেৰ এই উপমা ত্ৰুটিপূৰ্ণ।




                                                                                                            


Post ID : DABP002794

Answer: Jipika Hazarika