প্ৰতিষ্ঠানিক কাৰ্যক্ৰমঃ প্ৰধানমন্ত্ৰী, সংসদ, ন্যায়ালয় 

( Institutional Functioning : Prime Minister, Parliament, Judiciary )

অধ্যায় ৩

অতি চমু প্ৰশ্ন ( Objective Questions)ঃ


১) প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ব্যৱস্থা পোনপ্ৰথমবাৰৰ বাবে কোন ঠাইত আৰম্ভ হৈছিল ?

উত্তৰঃ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ব্যৱস্থা পোনপ্ৰথমবাৰৰ বাবে আমেৰিকাত আৰম্ভ হৈছিল।


২) ভাৰতবৰ্ষৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি পাইছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পাইছিল- চৰ্দাৰ বল্লভভাই পেটেলে।


৩) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীৰ নিয়োগৰ কথা উল্লেখ আছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৭৫(১) নং অনুচ্ছেদত প্ৰধানমন্ত্ৰীৰ নিয়োগৰ কথা উল্লেখ আছে।


৪) ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত সংসদৰ কথা উল্লেখ কৰা হৈছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ পঞ্চম অধ্যায়ত সংসদৰ কথা উল্লেখ কৰা হৈছে।


৫) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি সংসদৰ সদস্য হয় নে ?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি সংসদৰ সদস্য নহয়।


৬) ৰাষ্ট্ৰপতিয়ে কেইগৰাকী ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ ব্যক্তিক লোক সভালৈ মনোনীত কৰিব পাৰে ?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে দুগৰাকী ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ ব্যক্তিক লোক সভালৈ মনোনীত কৰিব পাৰে।


৭) লোকসভাত মুঠ আসনৰ কিমান শতাংশ অনুসূচীত জাতি-জনজাতিৰ বাবে সংৰক্ষিত আছে ?

উত্তৰঃ লোকসভাত মুঠ আসনৰ ২৮.০৩% শতাংশ অনুসূচীত জাতি-জনজাতিৰ বাবে সংৰক্ষিত আছে।


৮) ৰাজ্যসভাৰ সভাপতি কোন ?

উত্তৰঃ ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি।


৯) ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী বিৰোধী প্ৰতিৰোধ আইন সম্পৰ্কে উল্লেখ আছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১০ নং অনুসূচী দলত্যাগ প্ৰতিৰোধ আইনৰ কথা উল্লেখ আছে।


১০) সাধাৰণ সংখ্যাগৰিষ্ঠতা মানে কি ?

উত্তৰঃ এই সংখ্যাগৰিষ্ঠতাই অনুপস্থিত সদস্যক বাদ দি সংসদৰ ৫০ শতাংশতকৈ অধিক সংখ্যক সদস্যৰ উপস্থিতি আৰু ভোটদান কৰাৰ বুজায়।


১১) সংসদত মূলতঃ কেইপ্ৰকাৰৰ অধিৱেশণ পৰিলক্ষিত হয় ?

উত্তৰঃ সংসদত মূলতঃ তিনিপ্ৰকাৰৰ অধিৱেশণ পৰিলক্ষিত হয়।


১২) অৰ্থবিল কোনখন সদনত উথাপন কৰিব পাৰি ?

উত্তৰঃ অৰ্থবিল ৰাজ্যসভাৰ সদনত উথাপন কৰিব পাৰি।


১৩) প্ৰটেম স্পীকাৰ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰটেম স্পীকাৰ হল এটা পদবী। সংবিধানৰ মতে, নতুন লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হোৱাৰ ঠিক আগতে পুৰণি লোকসভাই পদত্যাগ কৰে। এই নতুন লোকসভা গঠন হোৱাৰ লগে লগে ৰাষ্ট্ৰপতিয়ে লোকসভাৰ জ্যোষ্ঠ ব্যক্তিসকলৰ মাজৰ পৰা এজনক প্ৰটেম স্পীকাৰ হিচাপে নিযুক্তি দিয়ে।


১৪) কোনো এখন বিল অৰ্থবিল হয় নে নহয়, সেইয়া কোনে নিৰ্ধাৰণ কৰিব পাৰে ?

উত্তৰঃ কোনো এখন বিল অৰ্থবিল হয় নে নহয়, সেইয়া লোকসভাই নিৰ্ধাৰণ কৰিব পাৰে।


১৫) ভাৰতবৰ্ষৰ সংসদত মূলতঃ কেইপ্ৰকাৰৰ কমিটি আছে ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদত মূলতঃ দুইপ্ৰকাৰৰ কমিটি আছে।


১৬) সংবিধানৰ কিমান নং অনুচ্ছেদত অৰ্থবিল সম্পৰ্কে আলোচনা কৰিছে ?

উত্তৰঃ সংবিধানৰ ১১০ নং অনুচ্ছেদত অৰ্থবিল সম্পৰ্কে আলোচনা কৰিছে।


১৭) কোন চনত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ আৰম্ভণি হয় ?

উত্তৰঃ ১৯৫০ চনত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়লয়ৰ আৰম্ভণি হয়।


১৮) বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেইগৰাকী সদস্য আছে ?

উত্তৰঃ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ত ৩১ গৰাকী সদস্য আছে।


১৯) ভাৰতবৰ্ষৰ ন্যায়ালয়ে কেইপ্ৰকাৰৰ লেখ জাৰি কৰিব পাৰে ?

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়ালয়ে ৫ প্ৰকাৰৰ লেখ জাৰি কৰিব পাৰে।


২০) ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়সমূহৰ বিষয়ে সংবিধানৰ কোন অনুচ্ছেদ উল্লেখ আছে ?

উত্তৰঃ ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়সমূহৰ বিষয়ে সংবিধানৰ ১২৪-ৰ পৰা ১৪৭ নং অনুচ্ছেদ উল্লেখ আছে।


চমুটোকা লিখা (Write Short Note) ঃ


(ক) ন্যায়িক পুনৰীক্ষণ,

উত্তৰঃ 

(খ) ন্যায়ালয়ৰ সক্ৰিয়তা,

উত্তৰঃ ন্যায়ালয়ৰ সক্ৰিয়তাৰ ধাৰণাটো প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্ভব হৈছিল। ন্যায়ালয়ৰ সক্ৰিয়তা সম্পৰ্কে কোনো নিৰ্দিষ্ট সংজ্ঞা পোৱা নাযায় যদিও ই ন্যায়ালয়ৰ অধিক সক্ৰিয় ভূমিকাক বুজায়। ন্যায়পালিকাৰ প্ৰধান কাম হৈছে গোচৰসমূহৰ সাংবিধানিক আৰু আইন অনুসৰি বিচাৰ কৰি ৰায়দান কৰা। কিন্তু বৰ্তমান ন্যায়লয়ৰ কাৰ্য্য পৰিসৰ বৃদ্ধি পাইছে। চৰকাৰৰ আন দুটা অংগ ক্ৰমে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ নিষ্ক্ৰিয়তা আৰু অতিৰিক্ত কৰ্মৰ বাবে ন্যায়লয়ৰ সক্ৰিয়তাৰ ধাৰণাৰ উদ্ভৱ হোৱা বুলি কোৱা হয়।


(গ) চৰকাৰী হিচাব পৰীক্ষা কমিটি,

উত্তৰঃ চৰকাৰী হিচাব পৰীক্ষা কমিটি পোন প্ৰথমে গঠন হৈছিল ১৯২১ চনত ভাৰত চৰকাৰ আইন ১৯১৯ অধীনত আৰু তাৰ পাচৰ পৰাই কমিটিখন ভাৰতৰ সংসদীয় ব্যৱস্থাত প্ৰচলিত আছে। বৰ্তমান এই কমিটিৰ মুঠ সদস্য হল ২২ গৰাকী। ১৫ গৰাকী লোকসভাৰ সদস্য আৰু ৭ গৰাকী ৰাজ্যসভাৰ সদস্যৰে এই কমিটিখন গঠিত হৈছে। সদস্যসকলৰ কাৰ্য্যকাল ১ বছৰ। এই কমিটিৰ সভাপতিগৰাকী বিৰোধী দলৰ হোৱাটো বাধ্যতামূলক আৰু তেওঁক লোকসভাৰ অধ্যক্ষই নিযুক্তি দিয়ে।

    উক্ত কমিটিখনৰ মুখ্য কাৰ্য্য হল- ভাৰত চৰকাৰৰ বিনিয়োগ হিচাবে আৰু ব্যয় নিয়ন্ত্ৰক আৰু মহাহিচাব পৰীক্ষকৰ প্ৰতিবেদন পৰীক্ষা কৰা। হিচাব সংক্ৰান্ত সকলো বিষয় পৰ্যালোচনা কৰাৰ পিছত কমিটিয়ে সংসদৰ ওচৰত প্ৰতিবেদন দাখিল কৰে।


(ঘ) আনুমানিক ব্যয় পৰীক্ষা কমিটি।

উত্তৰঃ স্বাধীন ভাৰতত পোন প্ৰথমবাৰৰ বাবে ১৯৫০ চনত তেতিয়াৰ বিত্ত মন্ত্ৰী জন মাঠাই ৰ চুপাৰিছ সাপেক্ষে আনুমানিক ব্যয় পৰীক্ষা কমিটি গঠন কৰা হয়। প্ৰথমে এই কমিটিখনৰ সদস্য সংখ্যা ২৫ গৰাকী আছিল যদিও পৰৱৰ্তী সময়ত, ১৯৫৬ চনত সদস্য সংখ্যা ৩০ গৰাকী হয়। এই ৩০ গৰাকী কেৱল লোকসভাৰ সদস্য। এইখন কমিটিত ৰাজ্যসভাৰ কোনো সদস্য অন্তৰ্ভূক্ত হোৱা নাই। প্ৰতিবছৰে লোকসভাৰ সদস্যসকলৰ মাজৰ পৰা এই কমিটিৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়, যাৰ অৰ্থ হল কমিটিৰ সদস্যসকলৰ কাৰ্যকাল এবছৰ। শাসনাধিষ্ঠ দলৰ পৰা এগৰাকীব্যক্তিক লোকসভাৰ অধ্যক্ষই কমিটিৰ সভাপতি নিযুক্তি দিয়ে।

    এই কমিটিৰ কাৰ্যাৱলী হল- চৰকাৰৰ বিভিন্ন বিভাগৰ আনুমানিক ব্যয় সংক্ৰান্ত দাবীবোৰ পৰ্যালোচনা কৰা তথা কেতিয়া ব্যয় লাঘব কৰিব পাৰি সেই বিষয়ে চৰকাৰক পৰামৰ্শ দিয়া, ব্যয় সংকোচনৰ বাবে বিকল্পনীতিৰ প্ৰস্তাৱ কৰা, বিভাগীয় প্ৰশাসনৰ ক্ষেত্ৰত সাল সলনি কৰা সম্ভৱ হয় নে নহয়, ইত্যাদি আলোচনা কৰা।


ৰছনাধৰ্মী প্ৰশ্ন (Essay type Questions)ঃ


১) ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সৈতে ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰপতি সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সম্পৰ্কবোৰ হল-

প্ৰধানমন্ত্ৰী হল ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা। উচ্চপদস্থ বিষয়াসকলক নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰীয়েই ভাৰতৰ এটৰ্ণী জেনেৰেল, মুখ্য হিচাপ পৰীক্ষক, নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্যসকল আদি গুৰুত্বপূৰ্ণ পদাধিকাৰীসকলৰ নিযুক্তি ক্ষেত্ৰত ৰাষ্ট্ৰপতিক পৰামৰ্শ দিয়ে।

    শাসন সম্পৰ্কীয় বিষয়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ ৰক্ষা কৰে। প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভাৰ মাজত প্ৰধান যুগসূত্ৰ। ৰাষ্ট্ৰপতিক দেশৰ পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে অৱগত কৰি ৰাখিব লাগে। ৰাষ্ট্ৰপতিয়ে যিকোনো বিষয় প্ৰধানমন্ত্ৰীৰ জৰিয়তে মন্ত্ৰীসভাৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে।

মন্ত্ৰীসভাৰ সৈতে  ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক হল-

প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰীসভাৰ মুৰব্বী ব্যক্তি। ৰাষ্ট্ৰপতিয়ে সাধাৰণ নিৰ্বাচনত জয়ী হোৱা সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰাৰ পাচত, প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি বাকী মন্ত্ৰীসকলক নিয়োজিত কৰে। গতিকে মন্ত্ৰীসভাৰ কোনে মন্ত্ৰীত্ব লাভ কৰিব সেইয়া সম্পূৰ্ণ প্ৰধানমন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে।

    মন্ত্ৰী সকলৰ নিয়োগৰ উপৰিও তেওঁলোকৰ মাজত দপ্তৰ বিতৰণ, দপ্তৰ সাল-সলনি কৰা, কোনো মন্ত্ৰীক অপসাৰণ কৰা ইত্যাদি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে সম্পাদন কৰে।

    প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ প্ৰতিখন সভাৰে সভাপতিত্ব কৰে। সকলো মন্ত্ৰীৰ আৰু মন্ত্ৰণালয়ৰ কাৰ্য্যাৱলীৰ ওপৰত প্ৰধান মন্ত্ৰীয়ে নজৰ ৰাখে, লগতে সকলোৰে মাজত সমন্বয় স্থাপন কৰে। তাৰোপৰি মন্ত্ৰীসকলৰ মাজত কোনো মতানৈক্য হলে, আলোচনাৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীয়ে সেয়া দূৰ কৰে।


২) লোকসভা আৰু ৰাজ্যসভাৰ মাজৰ সম্পৰ্ক বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদ যদিও দুখন সদনেৰে গঠিত, কিন্তু প্ৰাধান্যৰ ক্ষেত্ৰত কিছু প্ৰভেদ দেখিবলৈ পোৱা যায়। সেয়েহে লোকসভা আৰু ৰাজ্যসভাৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ হলে আমি ঘাইকৈ তিনিটা দিশ আলোচনা কৰিব লাগিব- (ক) উভয় সদনে সমান ক্ষমতা ভোগ কৰা ক্ষেত্ৰ (খ) লোকসভাৰ প্ৰাধান্য ক্ষেত্ৰ (গ) ৰাজ্যসভাৰ প্ৰাধান্য ক্ষেত্ৰ।

লোকসভা আৰু ৰাজ্যসভাৰ সমান ক্ষমতাঃ

(ক) সকলোধৰণৰ সাধাৰণ বিল সংসদৰ উভয় সদনতে উত্থাপন কৰিব পাৰি। এনে বিল আইনত পৰিণত কৰিবলৈ হলে উভয় সদনৰ অনুমোদন প্ৰয়োজনীয়।

(খ) সংবিধান সংশোধনৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাই সমান ক্ষমতা ভোগ কৰে।

(গ) ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত উভয় সদনৰ সদস্যবৃন্দই সমানে অংশ গ্ৰহণ কৰিব পাৰে।

(ঘ) উভয় সদনৰ সদস্যই সমানেই ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, তথা উচ্চতম ন্যায়লয়ৰ বিচাৰপতিসকলৰ অপসাৰণত অংশ গ্ৰহণ কৰিব পাৰে।

(ঙ) উভয় সদনৰ সদস্যসকলে একেধৰণৰ বিশেষাধিকাৰ আৰু অব্যাহতিৰ অধিকাৰ ভোগ কৰে।


৩) ভাৰতবৰ্ষৰ সংসদৰ ক্ষমতা আৰু কাৰ্য্যাৱলী আলোচনা কৰা।

উত্তৰঃ ব্ৰিটিছ সংসদৰ দৰে ভাৰতবৰ্ষৰ সংসদ সম্পূৰ্ণ ৰূপত এখন সাৰ্বভৌম আইনসভা নহয়। ভাৰতীয় সংসদে ব্ৰিটিছ সংসদৰ দৰে সৰ্বোচ্চ আৰু অসীম ক্ষমতা ভোগ নকৰে। ভাৰতবৰ্ষৰ সংসদ সংবিধানৰ সৃষ্ট আৰু সেই গতিকে সংবিধানৰ নিয়ম নীতি মানি চলা সংসদৰ কৰ্তব্য। সংসদৰ মূল কাৰ্য্য আইন প্ৰণয়ন কৰা আৰু এই কাৰ্য সংবিধানৰ সীমাৰ ভিতৰত থাকিহে কৰিব পাৰে। সংসদ  গুৰুত্বপূৰ্ণ ক্ষমতা আৰু কাৰ্যাৱলী কেইবাটাও ভাগত ভাগ কৰিব পাৰি-

    (i) আইন- প্ৰণয়ন সংক্ৰান্তীয় ক্ষমতা- সংবিধানে সপ্তম অধ্যায়ত আইন প্ৰণয়ন সংক্ৰান্তীয় বিষয়সমূহ তিনিখন তালিকাত অন্তৰ্ভূক্ত কৰিছে- কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। ইয়াৰে কেন্দ্ৰীয় সূচীত অন্তৰ্ভূক্ত সকলো বিষয় যেনে- প্ৰতিৰক্ষা, বৈদেশিক বিষয়, পাৰমাণৱিক শক্তি, জনগণনা ইত্যাদিৰ ওপৰত কেৱল সংসদে আইন প্ৰণয়ন কৰিব পাৰে।

    (ii) অৰ্থ সংক্ৰান্তীয় ক্ষমতা- আৰ্থিক দিশত সংসদক সৰ্বোচ্চ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। চৰকাৰৰ আয়-ব্যয়ৰ সিদ্ধান্ত সংসদে গ্ৰহণ কৰে সংসদৰ অনুমোদন অবিহনে চৰকাৰে কোনো ব্যয় কৰিব নোৱাৰে। অৱশ্যে, অৰ্থ সংক্ৰান্তীয় বিষয়ত ৰাজ্যসভাৰ প্ৰকৃততে কোনো ক্ষমতা নাই। এই বিষয়ত সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা লোকসভাৰহে আছে। সকলো অৰ্থ সংক্ৰান্তীয় বিল কেৱল লোকসভাতহে উত্থাপিত হব পাৰে।কোনো এখন বিল অৰ্থ বিল হয় নে নহয় সেই সম্পৰ্কে সিদ্ধান্ত লোকসভাৰ অধ্যক্ষইহে গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও বছৰেকীয়া আয় ব্যয়ৰ প্ৰস্তাৱ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে লোকসভাত উত্থাপন কৰে। এই সকলোবোৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ক্ষমতা যথেষ্ট সীমিত। এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰাষ্ট্ৰপতি ৰাজ্যপাল, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সভাপতি, উচ্চতম ন্যায়লয়ৰ বিচাৰপতি আধিৰ দৰমহা, বানচ ইত্যাদি বিষয়ত যি অৰ্থ ব্যয় হয়, সেই ব্যয় সংসদৰ অনুমোদন সাপেক্ষে নহয়। ভাৰতৰ সঞ্চিত তহবিল ৰ পৰা এই অৰ্থ ব্যয় কৰা হয়। এই বিষয়ত ৰাষ্ট্ৰপতিয়ে অৰ্থ দাবী কৰে, লোকসভাই এই অৰ্থ মঞ্জুৰ কৰে আৰু ৰাজ্যসভাই তাত সন্মতি জ্ঞাপন কৰে।

(iii) সংবিধান সম্পৰ্কীয় ক্ষমতা- সংবিধানৰ অনুচ্ছেদ নং ৩৬৮ অনুসৰি সংসদৰ উভয় সদনে সংবিধান সংশাধনৰ ক্ষেত্ৰত সমান ক্ষমতা ভোগ কৰে। সংবিধান সংশোধনী বিধেয়ক এখন সংসদৰ যিকোনো এখন সদনত উত্থাপিত হব পাৰে। দুয়ো সদনৰ অনুমোদন নোহোৱাকৈ এনে বিধেয়ক আইনত পৰিণত হব নোৱাৰে।

(iv) ন্যায়িক ক্ষমতা- ভাৰতীয় সংবিধানে সংসদক অপসাৰণৰ ক্ষমতা প্ৰদান কৰিছে। সংসদে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইত্যাদি উচ্চ পদস্থ বিষয়াক অসংবিধানিক কাৰ্য্যৰ বাবে অপসাৰণৰ প্ৰস্তাৱ গৃহীত কৰি তেওঁলোকক পদচ্যুত কৰিব পাৰে। এনে প্ৰস্তাৱ এখন সদনত গৃহীত হলে আনখন সদনে বিচাৰ আদালতৰ ভূমিকা পালন কৰে। যিকোনো অপসাৰণৰ বাবে দুয়ো সদনৰ অনুমোদন বাধ্যতামূলক।

(v) নিৰ্বাচন সম্পৰ্কীয় ক্ষমতা- সংসদে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰে। সংসদে বিভিন্ন সংসদীয় কমিটিৰ সদস্যসকলকো নিৰ্বাচিত কৰে।


৪) সংসদত বিল গৃহীত কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ সংসদত সকলো আইনী প্ৰস্তাৱ বিলৰ ৰূপত উত্থাপন কৰা হয়। সকলোবোৰ বিল তিনি প্ৰকাৰত ভাগ কৰা হয় কৰি পাৰি- (i) সাধাৰণ বিল (ii) অৰ্থবিল (iii) সংবিধান সংশোধনী বিল।

    প্ৰত্যেক বিলেই নিম্নলিখিত পৰ্যায়কেইটাৰ মাজেৰে গৃহীত হব লাগে-

(i) প্ৰথম পাঠ- সাধাৰণ বিল সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। এনে বিলমন্ত্ৰী সকলে বা সংসদৰ যিকোনো সদস্যই উত্থাপন কৰিব পাৰে। কোনো সদস্যই বিল উত্থাপন কৰিব বিচাৰিলে সদনৰ পৰা অনুমতি বিচাৰিব লাগে। যেতিয়া সদনে অনুমতি প্ৰদান কৰে তেতিয়া বিলৰ প্ৰস্তাৱকে বিলখনৰ শিৰোনামা আৰু উদ্দেশ্য ব্যাখ্যা কৰি বিলখন সদনত উত্থাপন কৰে। বিলখন সম্পৰ্কে কোনোধৰণৰ আলোচনা এই স্তৰত কৰা নহয়। বিলখন উত্থাপন কৰাৰ পাচত বিলখন ৰাজপত্ৰত প্ৰকাশ কৰা হয়।

(ii) দ্বিতীয় পাঠ- বিল এখন আইনত পৰিণত কৰা প্ৰক্ৰিয়াত এই স্তৰ অতি গুৰুত্বপূৰ্ণ। এই স্তৰত বিলখন তন্ন তন্নকৈ পৰ্যালোচনা কৰা হয় আৰু ইয়ে বিলখন আইনত পৰিণত কৰাত এটা পৰিপূৰ্ণ ৰূপ প্ৰদান কৰে। এই স্তৰে মান তিনিটা উপস্তৰ অন্তৰ্ভূক্ত কৰিছে।

(iii) তৃতীয় পাঠ- এই স্তৰত বিলখনৰ কোনোধৰণৰ সংশোধনী প্ৰস্তাৱ গৃহীত কৰা নহয়। লগতে বিলখন সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হব নে প্ৰত্যাহাৰ কৰা হব কেৱল সেই সম্পৰ্কে আলোচনাসমূহতে সীমিত থাকে। যদি উপস্থিত সদস্যৰ গৰিষ্ঠ সংখ্যকেই বিলখন গ্ৰহণ কৰে তেনেহলে বিলখন সদনত গৃহীত হোৱা বুলি ধৰা হয়। ইয়াৰ পাচত সদনৰ সভাপতিৰ দ্বাৰা বিলখনে অনুমোদন লাভ কৰে আৰু বিলখন আনখন সদনৰ অনুমোদন তথা গ্ৰহণযোগ্যতাৰ বাবে পঠিওৱা হয়। বিল এখন সংসদত তেতিয়াহে গ্ৰহণ হোৱা বুজায় যেতিয়া বিলখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে।


৫) ভাৰতবৰ্ষৰ সংসদৰ কমিটি ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ ব্যৱস্থাত দুই প্ৰকাৰৰ কমিটিৰ ব্যৱস্থা আছে- (ii) স্থায়ী কমিটি (ii) অস্থায়ী কমিটি। তলত কেইখন মান গুৰুত্বপূৰ্ণ কমিটিৰ বিষয়ে আলোচনা কৰা হল-

(i) চৰকাৰী হিচাব পৰীক্ষা কমিটি- চৰকাৰী হিচাব পৰীক্ষা কমিটি পোন প্ৰথমে গঠন হৈছিল ১৯২১ চনত ভাৰত চৰকাৰ আইন ১৯১৯ ৰ অধীনত আৰু তাৰ পাচৰ পৰাই কমিটিখন ভাৰতৰ সংসদীয় ব্যৱস্থাত প্ৰচলিত আছে। বৰ্তমান এই কমিটিৰ মুঠ সদস্য হল ২২ গৰাকী। ১৫ গৰাকী লোকসভাৰ সদস্য আৰু ৭ গৰাকী ৰাজ্যসভাৰ সদস্যৰে এই কমিটিখন গঠিত হৈছে। সদস্যসকলৰ কাৰ্য্যকাল ১ বছৰ। এই কমিটিৰ সভাপতিগৰাকী বিৰোধী দলৰ হোৱাটো বাধ্যতামূলক আৰু তেওঁক লোকসভাৰ অধ্যক্ষই নিযুক্তি দিয়ে।

    উক্ত কমিটিখনৰ মুখ্য কাৰ্য্য হল- ভাৰত চৰকাৰৰ বিনিয়োগ হিচাবে আৰু ব্যয় নিয়ন্ত্ৰক আৰু মহাহিচাব পৰীক্ষকৰ প্ৰতিবোদন পৰীক্ষা কৰা। হিচাব সংক্ৰান্ত সকলো বিষয় পৰ্যালোচনা কৰাৰ পিছত কমিটিয়ে সংসদৰ ওচৰত প্ৰতিবেদন দাখিল কৰে।

(ii) আনুমানিক ব্যয় পৰীক্ষা কমিটি- স্বাধীন ভাৰতত পোন প্ৰথমবাৰৰ বাবে ১৯৫০ চনত তেতিয়াৰ বিত্ত মন্ত্ৰী জন মাঠাই ৰ চুপাৰিছ সাপেক্ষে আনুমানিক ব্যয় পৰীক্ষা কমিটি গঠন কৰা হয়। প্ৰথমে এই কমিটিখনৰ সদস্য সংখ্য ২৫ গৰাকী আছিল যদিও পৰৱৰ্তী সময়ত, ১৯৫৬ চনত সদস্য সংখ্য ৩০ গৰাকী হয়। এই ৩০ গৰাকী কেৱল লোকসভাৰ সদস্য। এইখন কমিটিত ৰাজ্যসভাৰ কোনো সদস্য অন্তৰ্ভূক্ত হোৱা নাই। প্ৰতিবছৰে লোকসভাৰ সদস্যসকলৰ মাজৰ পৰা এই কমিটিৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়, যাৰ অৰ্থ হল কমিটিৰ সদস্যসকলৰ কাৰ্যকাল এবছৰ। শাসনাধিষ্ঠ দলৰ পৰা এগৰাকী ব্যক্তিক লোকসভাৰ অধ্যক্ষই কমিটিৰ সভাপতি নিযুক্তি দিয়ে।

এই কমিটিৰ কাৰ্যাৱলী হল- চৰকাৰৰ বিভিন্ন বিভাগৰ আনুমানিক ব্যয় সংক্ৰান্ত দাবীবোৰ পৰ্যালোচনা কৰা তথা কেতিয়া ব্যয় লাঘব কৰিব পাৰি সেই বিষয়ে চৰকাৰক পৰামৰ্শ দিয়া, ব্যয় সংকোচনৰ বাবে বিকল্পনীতিৰ প্ৰস্তাৱ কৰা, বিভাগীয় প্ৰশাসনৰ ক্ষেত্ৰত সাল-সলনি কৰা সম্ভৱ হয় নে নহয়, ইত্যাদি আলোচনা কৰা।

(iii) চৰকাৰী উদ্যেগ সংক্ৰান্তীয় কমিটিঃ কৃষ্ণ মেনন কমিটিৰ পৰামৰ্শ অনুসৰি ১৯৬৪ চনত চৰকাৰী উদ্যেগ সংক্ৰান্ত কমিটি গঠন কৰা হৈছে। আৰম্ভণিতে, এই কমিটিৰ সদস্য সংখ্যা আছিল ১৫ গৰাকী, কিন্তু ১৯৭৪ চনত সদস্য সংখ্যা ২২ গৰাকী লৈ বৃদ্ধি পায়। ১৫ গৰাকী লোকসভাৰ সদস্য আৰু ৭ গৰাকী ৰাজ্যসভাৰ সদস্যৰে এই কমিটি গঠন কৰা হৈছে। সদস্যসকলৰ কাৰ্য্যকাল ১ বছৰ। এইখিনিতে উল্লেখ কৰিব লাগিব কেৱল লোকসভাৰ সদস্যসকলৰ মাজৰ পৰাহে অধ্যক্ষই এই কমিটিৰ সভাপতি নিযুক্তি দিব পাৰে। ৰাজ্যসভাৰ সদস্য এই কমিটিৰ সভাপতি হব নোৱাৰে।

এই কমিটিৰ কাৰ্য্যসমূহ হল- চৰকাৰী উদ্যেগ সমূহৰ প্ৰতিবেদন আৰু হিচাব পৰীক্ষা কৰা। এইবোৰৰ বিষয়ে ব্যয় নিয়ন্ত্ৰক আৰু মহাহিচাব পৰীক্ষকৰ প্ৰতিবেদন কৰা, এই অনুষ্ঠানসমূহ ব্যৱসায়িক আৰু বাণিজ্যিক নীতি অনুসাৰে পৰিচালিত হৈছে নে নাই তাক আলোচনা কৰা ইত্যাদি।


৬) ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানে উচ্চতম ন্যায়ালয়ক বহুতো গুৰুত্বপূৰ্ণ ক্ষমতা আৰু কাৰ্যাৱলী প্ৰদান কৰিছে, যি সমূহক মূলতঃ চাৰিটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগসমূহ হৈছে-

    (১) মৌলিক অধিকাৰ ক্ষেত্ৰ, (২) আপীল ক্ষমতা, (৩) পৰামৰ্শদান ক্ষমতা, (৪) নিৰ্দেশ, আদেশ আৰু লেখ জাৰি কৰাৰ ক্ষমতা। তলত ইয়াৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰা হল-

(১) মৌলিক অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়লয়ে যিবোৰ মোকৰ্দ্দমাৰ শুনানি পোনপটীয়াকৈ গ্ৰহণ কৰে, সেয়াই হৈছে উচ্চতম ন্যায়লয়ৰ মৌলিক অধিকাৰ ক্ষেত্ৰ। মৌলিক অধিকাৰ ক্ষেত্ৰত অন্তৰ্গত বিষয়সমূহ হল-

    (ক) ভাৰত চৰকাৰ এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ, (খ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ, (গ) ভাৰত চৰকাৰ বা কোনো এক ৰাজ্য বা ততোধিক ৰাজ্য চৰকাৰ আৰু আন পক্ষে এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ। এই সকলোবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ একচেটিয়া অধিকাৰ/ ক্ষমতা আছে, যি আন কোনো উচ্চ ন্যায়ালয়ৰ হাতত নাই।

    সংবিধানৰ ৭১ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কত উদ্ভৱ হোৱা যিকোনো বিবাদ মীমাংসাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ হাতত অৰ্পন কৰা হৈছে আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই চূড়ান্ত।

(২) আপীল সম্পৰ্কীয় ক্ষমতাঃ উচ্চতম ন্যায়ালয় হৈছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ আপীল  আদালত আৰু ই নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীলৰ শুনানি গ্ৰহণ কৰিব পাৰে। উচ্চতম ন্যায়ালয় আপীল সম্পৰ্কীয় ক্ষমতা মূলতঃ চাৰিটা ক্ষেত্ৰত ভগাব পাৰি। সেই ভাগসমূহ হল-

    (ক) সংবিধানিক বিষয়ৰ আপীল

    (খ) দেৱানী বিষয়ৰ আপীল

    (গ) ফৌজদাৰী বিষয়ৰ আপীল

    (ঘ) বিশেষ অনুমতিৰ মাধ্যমত আপীল



৭) ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয় সমূহৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ২১৪ নং অনুচ্ছেদৰ পৰা অনুচ্ছেদ ২৩১ নং লৈ ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ কথা উল্লেখ কৰা আছে। অনুচ্ছেদ ২১৪ নং অনুসৰি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ এখন উচ্চ ন্যায়ালয় থাকিব, যদিও কিছুমান ৰাজ্যৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয়ৰো ব্যৱস্থা আছে। উদাহৰণস্বৰূপে, গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে অসম, অৰুণাচল প্ৰদেশ নাগালেণ্ড, ন্যায়াধীশ আৰু মিজোৰামৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয়। অনুচ্ছেদ ২১৬ অনুসৰি উচ্চ ন্যায়ালয়সমূহত এজন মুখ্য ন্যায়াধীশ আৰু আন কেইবাজনো ন্যায়াধীশলৈ উচ্চ ন্যায়ালয় গঠন হব। ন্যায়াধীশসকলৰ সংখ্যা ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে।

    ভাৰতবৰ্ষৰ উচ্চন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ-

(ক) মৌলিকক্ষমতাঃ উচ্চ ন্যায়ালয়ক সংসদ তথা ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচনৰ লগত জড়িত বিষয়, ৰাজহ সংক্ৰান্তীয় বিষয়, মৌলিক অধিকাৰ বলবৎ কৰা, বিবাহ, কোম্পানী আইন, আদালত অবমাননা আদি ক্ষেত্ৰত মৌলিক ক্ষমতা প্ৰদান কৰা হৈছে।

(খ) লেখ ক্ষমতাঃ উচ্চমত ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়তো বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, প্ৰতিৰোধ, কৈফিয়ৎ তলৱী উৎপ্ৰেষণ আদি লেখ জাৰি কৰাৰ ক্ষমতা আছে।

(গ) আপীল ক্ষমতাঃ দেৱানী আৰু ফৌজাদাৰী গোচৰৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি। দেৱানী গোচৰৰ ক্ষেত্ৰত জিলা জজ আৰু সহকাৰী জিলা জজৰ প্ৰদত্ত ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰা হয়। ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত জিলা স্তৰৰ জজ বা অতিৰিক্ত জজৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি।

(ঘ) নিম্ন আদালত নিয়ন্ত্ৰণঃ উচ্চ ন্যায়ালয়ে নিম্ন আদালত সমূহক, নীতি নিয়ম, কাৰ্য্য় পদ্ধতি ইত্যাদিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পাৰে।


৮) ৰাজহুৱা স্বাৰ্থ জনিত গোচৰৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ভাৰতীয় আইন অনুসৰি ৰাজহুৱা স্বাৰ্থজনিত গোচৰ হৈছে জনস্বাৰ্থ ৰক্ষাৰ বাবে কৰা গোচৰ। ই হৈছে এনে এক গোচৰৰ ব্যৱস্থা,যাৰ দ্বাৰা আদালতৰ মজিয়াত ভূক্তভোগী পক্ষই নিজে গোচৰ ৰুজো নকৰি স্বয়ং আদালত বা বেচৰকাৰী পক্ষই গোচৰ দিব পাৰে। ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ বাবে এইটো প্ৰয়োজনীয় নহয় যে, ভূক্তভোগী লোকে নিজেই তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱাৰ বাবে আদালতৰ ওচৰ চাপিব লাগিব। এনেধৰণৰ ঘটনা তেতিয়া ঘটিব পাৰে, যেতিয়া ভূক্তভোগী পক্ষৰ মোকদমা আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় তথ্য বা সমল নাথাকে বা কোনো কাৰণবশতঃ তেওঁলোকৰ আদালতৰ সহায় লোৱাৰ স্বাধীনতা দমন কৰা হয়।

    ৰাজহুৱা স্বাৰ্থজনিত গোচৰ হৈছে আইনী সহায়ত আন্দোলনৰ এক কৌশলগত লক্ষ্য যাৰ উদ্দেশ্য হৈছে দুৰ্বল, দুখীয়া শ্ৰেণীৰ লোকসকলে যাতে ন্যায় পোৱাৰ পৰা বঞ্চিত নহয়, সেয়া সুনিশ্চিত, সেয়া সুনিশ্চিত কৰা। ১৯৮১ চনৰ উচ্চতম ন্যায়ালয়ত চলা গোচৰৰ সময়ত এইটো কোৱা হৈছে যে ন্যায়বিচাৰ সহজলভ্য তথা সকলোৰে বাবে উপলব্ধ কৰাৰ বাবে প্ৰযুক্তিগত বাধা সমূহ আঁতৰোৱা উচিত। এই ধৰণৰ যুক্তিয়ে ন্যায়ালয়ক জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষা কৰাত সুবিধা প্ৰদান কৰে।

    ভাৰতবৰ্ষত ৰাজহুৱা স্বাৰ্থজনিত গোচৰ মূলতঃ পৰিবেশ সম্বন্ধীয় বিষয় সম্পৰ্কে কৰা দেখা যায়। উদাহৰণস্বৰূপে, এটা গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাৰ্থজনিত গোচৰ হৈছে M.C. Mehta Vs. Union of India। এই গোচৰ আৰম্ভ হৈছিল দিল্লীত যেতিয়া Shriram Food and Fertilizer Ltd. Complex ৰ পৰা অলিয়াম গেছ নিৰ্গত হৈছিল। এই ঘটনা সংঘটিত হৈছিল ১৯৮৪ চনৰ ভূপাল গেছ বিপৰ্যয়ৰ ঠিক পিছত আৰু ই সকলোকে শংকিত কৰি তুলিছিল। বহুতো লোক অসুস্থ হোৱাৰ উপৰি এজনৰ মৃত্যুও হৈছিল। এই সময়ত এম চি মেহতা নামৰ জনস্বাৰ্থ মুক্তিয়াৰ হস্তক্ষেপৰ এই ঘটনা ন্যায়ালয়ৰ ওচৰ পোৱাৰ লগতে, ন্যায়ালয়ে পৰিৱেশ সংৰক্ষণ তথা পৰিৱেশ প্ৰদূষণৰ ফলত যি বিপৰ্য্যয় হৈছে সেই সম্পৰ্কে ৰায় দান কৰে।

    ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাত ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ গুৰুত্ব অপৰিহাৰ্য। এই ব্যৱস্থাই দুৰ্বল শ্ৰেণীৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ উপৰিও তেওঁলোকক ন্যায় প্ৰদান কৰাতো সুবিধা কৰি দিছে। তদুপৰি দলীয় ৰাজনীতিৰ জটিলতাৰ বাবে কেতিয়াবা চৰকাৰে স্পৰ্শকাতৰ বিষয়সমূহত গুৰুত্ব াৰোপ কৰা দেখা নাযায়, সমূহ ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ দ্বাৰা ন্যায়ালয়ৰ দৃষ্টি গোচৰ কৰিব পাৰি।


৯) ভাৰতীয় সংবিধানত উচ্চতম ন্যায়ালয়ৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত উচ্চতম ন্যায়ালয়ৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহ হৈছে-

১) নিয়োগ ব্যৱস্থাঃ নিয়োগ ব্যৱস্থাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহু পৰিমাণে ৰক্ষা কৰিব পাৰি। ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ন্যায়াধীশসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশৰ পৰামৰ্শ লব পাৰে। এনে কৰাৰ ফলত নিযুক্তি প্ৰক্ৰিয়া ৰাজনৈতিক প্ৰভাবৰ পৰা মুক্ত কৰি ৰাখিব পাৰি।

(২) কাৰ্য্যকালৰ সুৰক্ষাঃ উচ্চতম ন্যায়ালয় আৰু উচ্চন্যায়ালয়ৰ বিচাৰক সকলক ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে যদিও, তেওঁ নিজৰ একচেতিয়া সিদ্ধান্তৰ দ্বাৰা তেওঁলোকক অপসাৰণ কৰিব নোৱাৰে। ইয়াৰ বাবে সংসদৰ অনোমোদন আৱশ্যকীয়। গতিকে বিচাৰকৰ চাকৰিৰ স্থায়িত্ব থাকে। এটা নিৰ্দিষ্ট বয়স পৰ্যন্ত তেওঁলোকৰ চাকৰি কৰাৰ অধিকাৰক মানি লোৱা হৈছে। এনেদৰে চাকৰিৰ স্থায়িত্ব ৰক্ষা কৰি ন্যায়ালয়ৰ স্বাধীনতা সুৰক্ষিত কৰা হৈছে।

(৩) অপসাৰণঃ ভাৰতবৰ্ষৰ সংবিধানে কোনো ন্যায়াধীশ অসাংবিধানিক কাৰ্য্যত লিপ্ত হলে অপসাৰণ কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে। কোনো কাৰণতে শাসকীয় দলে এই ব্যৱস্থাৰ অপব্যৱহাৰ কৰিব নোৱাৰে। সংবিধানৰ এই ব্যৱস্থাৰ ফলত বিচাৰ বিভাগৰ স্বাধীনতা ৰক্ষা কৰাত সহায়ক হৈছে।

(৪) দৰমহা আৰু বানচঃ বিচাৰ বিভাগীয় স্বাধীনতা তথা নিৰপেক্ষতা ৰক্ষাৰ বাবে বিচাৰকসকলৰ উপযুক্ত দৰমহা দিয়াটো প্ৰয়োজন। ন্যায়াধীশ সকলৰ দৰমহা, পেঞ্চন বা আন আন বানচসমূহ সংসদে তেওঁলোকৰ কাৰ্য্যকালত কোনো কাৰণতেই কমাব নোৱাৰে। অৱশ্যে বিত্তীয় সংকটৰ বাবে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে, ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলৰ দৰমহাকে ধৰি বিভিন্ন সা-সুবিধা কৰ্তন কৰিব পাৰে।

(ঙ) বিচাৰকসকলৰ আচৰণ সম্পৰ্কে আলোচনা কৰিব নোৱাৰিঃ ভাৰতীয় সংবিধানে সংসদ বা বিধানসভাত ন্যায়াধীশসকলৰ দায়িত্ব পালনৰ ক্ষেত্ৰত দেখুওৱা আচৰণবিধি সম্পৰ্কে আলোচনা  কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। কেৱল অপসাৰণৰ গোচৰ উত্থাপিত হলেহে সংসদত ন্যায়াধীশৰ আচৰণৰ কথা আলোচনা কৰিব পাৰি।



Question Type- Leena Kakati 

Answered by- Leena Kakati

Post ID: DABP002244