Chapter 11
অসমৰ তাম্ৰশাসনৰ লিপি
অতি চমু প্রশ্নোত্তৰ:
১। প্রথম তাম্রলিপিটোৰ নাম কি?
উত্তৰঃ সপ্তম শতিকাৰ ভাস্কৰ বৰ্মাৰ তাম্র লিপিখনেই প্রথম তাম্রলিপি।
২। ভাস্কৰ বৰ্মাৰ ভূৰি তাম্র লিপি কেতিয়া উদ্ধাৰ হৈছিল?
উত্তৰঃ ১৯৫০ চনত ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসন লিপিটো উদ্ধাৰ হয়।
৩। ভাস্কৰ বৰ্মাৰ ডুবি তাম্র লিপিৰ সময় কিমান?
উত্তৰঃ সপ্তম শতিকা।
৪। ভাস্কৰ বৰ্মাৰ ডুবি তাম্র লিপি ক'ত পোৱা গৈছিল?
উত্তৰঃ বৰ্তমানৰ বজালী (বৰপেটা) জিলাব পাঠশালাৰ বেল জংচনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ত এজন শ্রমিকে মাটি খান্দোতে ১৯৫০ চনত কোনোবা এটা দিনতে তাম্রশাসনৰ লিপিটো আবিষ্কৃত হয়।
৫। ভাস্কৰ বৰ্মাৰ ডুবি তাম্র ফলিখনত কিমানটা শাৰী আছে?
উত্তৰঃ ফলিখনত মুঠ শাৰীৰ সংখ্যা হ'ল ১১৭টা।
৬। ভাস্কৰ বৰ্মাৰ ডুবি তাম্র লিপিৰ কিমানটা শাৰী সংস্কৃতত লিখা আছে।
উত্তৰঃ ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসনৰ মুঠ ১১৭টা শাৰীৰ ৭৬টা শ্লোক সংস্কৃতত লিখা আছে।
৭। ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্র শাসন ক'ত উদ্ধাৰ হৈছিল।
উত্তৰঃ বর্তমান বাংলাদেশৰ শ্রী হট্ট জিলাৰ নিধনপুৰ গাঁৱত উদ্ধাৰ হয়।
৮। ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্ৰ শাসনৰ ফলি কোনে প্রথম উদ্ধাৰ কৰিছিল?
উত্তৰঃ এজন খেতিয়ক শ্রমিকে মাটি খান্দোতে প্রায় ৬০ চেন্টিমিটাৰ তলত সাতখন তাম্রফলকৰ লিপি উদ্ধাৰ কৰে।
৯। পদ্মনাথ বিদ্যাবিনোদনে কাৰ পৰা নিধনপুৰ তাম্ৰ শাসনৰ ফলি তিনিখন সংগ্রহ কৰিছিল?
উত্তৰ: খেতিয়ক গৰাকীৰ হাতত থকা ফলি তিনিখন পদ্মনাথ বিদ্যাবিনোদনে সংগ্রহ কৰি পাঠ উদ্ধাৰ কৰি 'ৰংপুৰ সাহিত্য পৰিষদ পত্রিকা'ৰ যোগেদি পাঠৰ প্ৰথম, দ্বিতীয় আৰু সপ্তম ফলি কেইখনৰ পাঠ উদ্ধাৰ কৰে।
১০। বর্তমান সময়ত নিধনপুৰ তাম্রশাসনখনত কিমানটা শাৰী পোৱা গৈছে।
উত্তৰঃ বৰ্তমানলৈ তাম্র শাসনখনত ১৪০টা শাৰী পোৱা গৈছে।
১১। ডুবি তাম্রশাসন ক'ত উদ্ধাৰ কৰা হৈছে?
উত্তৰঃ পাঠশালা ৰে'ল ষ্টেশ্যনৰ পৰা প্ৰায় তিনি মাইল দূৰৈত ডুবিত অৱস্থিত পৰিহৰেশ্বৰ দেৱালয়ৰ মাটি খান্দোতে জনৈক শ্রমিকে কামৰূপাধিপতি ভাস্কৰবৰ্মাই লিখোৱা ছখন তাম্রফলক উদ্ধাৰ কৰে।
১২। হায়ংখল তাম্রশাসন লিপি কাৰ আছিল।
উত্তৰঃ হৰ্জৰ বৰ্মাৰ।
১৩। হৰ্জৰ বৰ্মাৰ হায়ংখল তাম্রশাসন ক'ত পোৱা গৈছিল?
উত্তৰঃ বৰ্তমান কাৰ্বি আংলং জিলাৰ হায়ংখল নামৰ ঠাই এডোখৰত।
১৪। পদ্মনাথ বিদ্যাবিনোদনে হায়ংখল তাম্র শাসনৰ ফলিখন কেতিয়া নিজৰ হাতলৈ আনিছিল?
উত্তৰঃ ১৩৩২ ভাস্কৰাব্দত পদ্মনাথ বিদ্যাবিনোদে তামফলিখন নিজৰ হাতলৈ আনি তাৰ পাঠ উদ্ধাৰ কৰে।
১৫। তেজপুৰ তাম্ৰ শাসনৰ লেখক কোন?
উত্তৰঃ বনমাল বর্মাদের।
১৬। বনমাল বৰ্মাৰ তেজপুৰ তাম্ৰ শাসনৰ সময় কিমান?
উত্তৰ: বনমাল বৰ্মাদেৱৰ তেজপুৰ তাম্রশাসনৰ সময় খ্রীষ্টীয় নৱম শতিকা বুলি উল্লেখ কৰা হৈছে।
১৭। বনমাল বৰ্মাৰ তেজপুৰ তাম্র শাসনখন পোনতে কোনে উদ্ধাৰ কৰিছিল।
উত্তৰঃ ব্ৰিটিছৰ ৰাজত্বকালত অসমৰ শাসনকর্তা জেনেৰেল জেনকিন্চ চাহাবে।
১৮। তেজপুৰ তাম্ৰশাসনৰ ফলিখনৰ বিষয়ে জানিবলৈ ক'ত পঠিয়াইছিল?
উত্তৰ: ফলকখনৰ বিষয়ে সবিশেষ জানিবলৈ 'কলিকতাৰ এচিয়াটিক চছাইটি'ৰ কার্যালয়লৈ পঠিয়াই দিয়ে।
১৯। তেজপুৰ তাম্ৰশাসনৰ প্ৰথম পাঠ কিমান চনত প্রকাশ পাইছিল?
উত্তৰঃ ১৮৪০ চনত কলিকতাৰ 'এচিয়াটিক' চছাইটি নামৰ পত্রিকাখনত প্রথম পাঠ প্রকাশ পায়।
২০। তেজপুৰ তাম্ৰশাসনৰ ফলিখন কোন পত্রিকাত প্রকাশ হৈছিল?
উত্তৰঃ 'ৰংপুৰ সাহিত্য পৰিষদ পত্রিকা'ত।
২১। পদ্মনাথ বিদ্যাবিনোদনে তেজপুৰ তাম্রশাসনখনৰ ফলি ক'ত প্রকাশ কৰিছিল?
উত্তৰঃ পদ্মনাথ বিদ্যাবিনোদে 'ৰংপুৰ সাহিত্য পৰিষদ পত্রিকা'ত ইয়াৰ এটি উন্নত পাঠ প্রকাশ কৰি উলিয়ায়।
২২। বনমাল বৰ্মাৰ পৰ্বতীয়া তাম্ৰশাসনৰ সময় কিমান?
উত্তৰঃ খ্রীষ্টীয় নবম শতিকা।
২৩। বনমাল বৰ্মাৰ পৰ্বতীয়া তাম্রশাসনখনৰ ফলি ক'ত পোৱা গৈছিল?
উত্তৰঃ অসমৰ তেজপুৰ চহৰৰ একেবাৰে ওচৰত পৰ্বতীয়া নামৰ খেতিয়ক এজনে মাটি খান্দোতে তিনিখন তাম্রফলক উদ্ধাৰ কৰে।
২৪। পর্বতীয়া তাম্র শাসনখনত কিমানটা ফলক আছে?
উত্তৰঃ দুটা ফলক আছে।
২৫। বলবৰ্মাৰ নগাঁও তাম্রশাসনৰ সময় কিমান?
উত্তৰঃ খ্ৰীষ্টীয় নৱম শতিকাৰ শেষ আৰু দশম শতিকাৰ আদিভাগ।
২৬। বলবৰ্মাৰ নগাঁও তাম্রশাসন ক'ত উদ্ধাৰ হৈছিল?
উত্তৰ: অসমৰ নগাঁও জিলাৰ পুৰণি গুদামৰ সুতাৰ গাঁৱত।
২৭। ধীৰেশ্বৰ ভট্টাচাৰ্যই নগাঁও তাম্রশাসনখনৰ প্ৰথম পাঠ ক'ত প্রকাশকৰিছিল?
উত্তৰঃ 'আসাম'ত প্রকাশ কৰি উলিয়ায়।
২৮। বলবৰ্মাৰ হাওৰাঘাট শাসনৰ সময় কিমান?
উত্তৰঃ খ্ৰীষ্টীয় নৱম শতিকাৰ শেষ আৰু দশম শতিকাৰ আদি ভাগ।
২৯। বলবৰ্মাৰ হাওৰাঘাট শাসনখন ক'ত উদ্ধাৰ হৈছিল?
উত্তৰঃ বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ উত্তৰ বৰবিলত
৩০। হাওৰাঘাট শাসনখন পোনতে কোনে উদ্ধাৰ কৰিছিল?
উত্তৰঃ এজন খেতিয়কে।
৩১। হাওৰাঘাট শাসনখন কিমান চনত প্রকাশ চন্দ্ৰ আচাৰ্যৰ হাতলৈ যায়।
উত্তৰঃ ১৯৫৩ চনত তাম্রশাসনখন প্রকাশ চন্দ্ৰ আচাৰ্যৰ হাতলৈ যায়।
৩২। হাওৰাঘাট শাসনৰ কিমানটা ফলক পোৱা গৈছে।
উত্তৰঃ তিনিটা।
চমু প্রশ্নোত্তৰ:
১। ভাৰত তথা অসমত উদ্ধাৰ হোৱা তাম্রশাসনসমূহৰ পৰা কি কি কথা জানিব পাৰি?
উত্তৰঃ ভাৰত তথা অসমত অলেখ তাম্রশাসন উদ্ধাৰ হৈছে। এই তাম্রশাসনবোৰত লিপিবদ্ধ হৈ আছে তাহানিৰ ৰজা-মহাৰজাসকলে কৰা অর্থদান, ভূমিদান, গ্রামদান আদিব কথাবোৰ। এইবোৰৰ মাজতেই পোৱা যায় ৰাজনৈতিক, সাংস্কৃতিক আৰু ভৌগোলিক ইতিহাসৰ গুৰুত্বপূৰ্ণ তথ্য আৰু ৰাজবংশাবলী আদিৰ বিবিধ কথা। এইবোৰেও প্রাচীন ইতিহাস অধ্যয়নৰ প্রধান সমল হিচাপে থিয় দি আছে।
২। ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসনখন ক'ত, কেতিয়া পোৱা গৈছিল?
উত্তৰঃ ১৯৫০ চনত ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসন লিপিটো উদ্ধাৰ হয়। বৰ্তমানৰ বজালী (বৰপেটা) জিলাৰ পাঠশালাৰ ৰেল জংচনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ত এজন শ্রমিকে মাটি খান্দোতে ১৯৫০ চনত কোনোবা এটা দিনতে তাম্ৰশাসনৰ লিপিটো আবিস্কৃত হয়। উদ্ধাৰকৃত ছয়খন ফলি আছিল।
৩। ভাস্কৰ বৰ্মাৰ ডুবি তাম্রশাসনখনত মুঠ শাৰী কিমান আৰু তাৰ কিমানটা সংস্কৃতত লিখা আছে?
উত্তৰঃ ফলিখনত মুঠ শাৰীৰ সংখ্যা হ'ল ১১৭টা। এই ১১৭টা শাৰীৰ ৭৬টা সংস্কৃতত লিখা শ্লোক আৰু অন্যবোৰ গদ্যত ৰচিত।
৪। ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্রশাসনখন কোনে কেতিয়া উদ্ধাৰ কৰিছিল।
উত্তৰ: ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্রশাসন লিপি বর্তমান বাংলাদেশৰ শ্রী হট্ট জিলাৰ নিধনপুৰ গাঁৱত এজন খেতিয়ক শ্রমিকে মাটি খান্দোতে প্রায় ৬০ চেন্টিমিটাৰ তলত সাতখন তাম্রফলকৰ লিপি উদ্ধাৰ কৰে।
৫। হৰ্জৰ বৰ্মাৰ হায়ংখাল তাম্রশাসন কোনে ক'ত পাইছিল?
উত্তৰঃ বৰ্তমান কাৰ্বি আংলং জিলাৰ হায়ংখল নামৰ ঠাই এডোখৰত এগৰাকী কাৰ্বি লোকে মাটি এটুকুৰা চিকনাই পূজা-সেৱা কৰিবলৈ যাওঁতে ইটাৰ গাঁথনিৰ ভিতৰত এডাল শিকলিৰে বন্ধা তিনিখন তাম্রফলি পায়।
কাৰ্বিলোকজনে উদ্ধাৰকৃত তিনিখন তাম্রফলিৰ এখন নিজৰ বাবে ৰাখি এজন বঙালী বা হিন্দুস্থানী কুলীক আৰু আন এখন লংকাৰ বৰ্মণ নামৰ লোক এজনক দিয়ে। বৰ্মণৰ হাতত থকা তাম্রফলকখন মণিচৰণ বৰ্মণে হস্তগত কৰি তাৰ বিতং বৰ্ণনাৰ বাবে শিলচৰৰ জগন্নাথ দেৰ ওচৰলৈ পঠিয়াই দিয়ে। ১৩৩২ ভাস্কৰাব্দত পদ্মনাথ বিদ্যাবিনোদে তামফলিখন নিজৰ হাতলৈ আনি তাৰ পাঠ উদ্ধাৰ কৰে।
৬। বনমাল বৰ্মাৰ তেজপুৰ তাম্রশাসনখন কোনে কেতিয়া উদ্ধাৰ কৰিছিল?
উত্তৰ: ব্ৰিটিছৰ ৰাজত্বকালত অসমৰ শাসনকর্তা জেনেৰেল জেনকিন্চ চাহাবে তেজপুৰৰ একেবাৰে ওচৰত এটা স্থানত ৰাজ মোহৰযুক্ত ছাপ লগোৱা আঙুঠিৰে গঁথা তিনিখন তাম্রযুক্ত ফলক এখন উদ্ধাৰ কৰে।
৭। তেজপুৰ তাম্রশাসনখনৰ প্ৰথম পাঠ ক'ত, কেতিয়া প্রকাশ হেছিল?
উত্তৰঃ তেজপুৰ তাম্ৰশাসনৰ ফলকখন ১৮৪০ চনত কলিকতাৰ 'এচিয়াটিক' চছাইটি নামৰ পত্রিকাখনত প্রথম পাঠ প্রকাশ পায়। পণ্ডিত কমলাকান্ত আৰু সাৰদা প্রসাদে ১৮৪০ চনত কলিকতাৰ 'এচিয়াটিক চছাইটি' নামৰ পত্রিকাত প্ৰকাশ পোৱা পাঠৰ মূল আৰু ইংৰাজী অনুবাদ কৰিছিল। ইয়াৰ পাছত পদ্মনাথ বিদ্যাবিনোদে 'ৰংপুৰ সাহিত্য পৰিষদ পত্রিকা'ত ইয়াৰ এটি উন্নত পাঠ প্রকাশ কৰি উলিয়ায়। উক্ত পাঠটোবে মুকুন্দ মাধৱ শর্মা আৰু ডিম্বেশ্বৰ শৰ্মাৰ সম্পাদিত 'কামৰূপ শাসনাৱলী' গ্ৰন্থখনত অন্তর্ভুক্ত হৈছে।
৮। বনমাল বৰ্মাৰ পৰ্বতীয়া তাম্রশাসনখন ক'ত, কেতিয়া উদ্ধাৰ হৈছিল?
উত্তৰঃ বনমাল বৰ্মাদেৱৰ পৰ্বতীয়া তাম্রশাসন অসমৰ তেজপুৰ চহৰৰ একেবাৰে ওচৰত পৰ্বতীয়া নামৰ খেতিয়ক এজনে মাটি খান্দোতে উদ্ধাৰ কৰে।
৯। বলবৰ্মাৰ নগাঁও তাম্রশাসনখন কোনে কেতিয়া উদ্ধাৰ কৰিছিল?
উত্তৰ: অসমৰ নগাঁও জিলাৰ পুৰণি গুদামৰ সুতাৰ গাঁৱৰ এজন খেতিয়কে কলং পাৰৰ খেতি মাটি এডৰা চহ কৰোতে তিনিখন ধাতৱযুক্ত অংগুৰীয়ক গথাঁ শাসনৰ ফলিখন পায়।
১০। বল বৰ্মাৰ নগীও তাম্রশাসন কোনে উদ্ধাৰ কৰি কাৰ হাতত দিছিল।
উত্তৰঃ এই শাসনৰ ফলিখন এজন পুলিচ ইনস্পেক্টৰে হস্তগত কৰি মহামহোপাধায় ধীৰেশ্বৰ ভট্টাচাৰ্যক দিয়ে।
১১। নগাঁও তাম্র শাসনখন 'এচিয়াটিক ছ'ছাইটিত কোনে, কেতিয়া প্ৰেৰণ কৰিছিল?
উত্তৰ: ১৮৯৫ চনত চাৰ এডোৱাৰ্ড গেইট চাহাবে নগাঁও তাম্রশাসনৰ ফলিখন 'এচিয়াটিক চছাইটি' লৈ প্ৰেৰণ কৰে। পুৰণি লিপিতত্বববিদ ড০ হর্ণলি চাহাবে তাম্রশাসনৰ সম্পূৰ্ণ পাঠ আৰু তাৰ ইংৰাজী অনুবাদ উক্ত জাৰ্ণেলখনত প্রকাশ কৰি উলিয়ায়।
১২। বলবৰ্মাৰ হাওৰাঘাট শাসনখন কোনে, কেতিয়া উদ্ধাৰ কৰিছিল?
উত্তৰঃ বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ উত্তৰ বৰবিলত এজন খেতিয়কে মাটি খান্দোতে তিনিখন তাম্রপট্টযুক্ত শাসনখন পায়।
১৩। হাওৰাঘাট শাসনখন কোনে কোন উপাযুক্তৰ হাতত অর্পণ কৰিছিল?
উত্তৰঃ ১৯৫৩ চনত তাম্রশাসনখন প্রকাশ চন্দ্ৰ আচাৰ্যৰ হাতলৈ অহাৰ পাছত এম, এম চক্রবর্তীয়ে শাসনখন লৈ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত গণেশ চন্দ্ৰ ফুকনৰ হাতত অর্পণ কৰে।
১৪। ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্রশাসন বর্তমান ক'ত কিদৰে সংৰক্ষিত হৈ আছে।
উত্তৰঃ ভাস্কৰ বৰ্মাৰ নিধনপুৰ তাম্রশাসন লিপি বৰ্তমান বাংলাদেশৰ শ্রী হট্ট জিলাৰ নিধনপুৰ গাঁৱত এজন খেতিয়ক শ্রমিকে মাটি খান্দোতে প্রায় ৬০ চেন্টিমিটাৰ তলত সাতখন তাম্রফলকৰ লিপি উদ্ধাৰ কৰে। খেতিয়ক শ্রমিক গৰাকীয়ে সাতখন ফলিৰ চাৰিখন আনৰ ওচৰত বিক্ৰী কৰে আৰু তিনিখন তাম্ৰফলি তেওঁৰ হাতত ৰাখি থয়। খেতিয়ক গৰাকীৰ হাতত থকা ফলি তিনিও খন পদ্মনাথ বিদ্যাবিনোদনে সংগ্ৰহ কৰি পাঠ উদ্ধাৰ কৰি 'ৰংপুৰ সাহিত্য পৰিষদ পত্রিকা'ৰ যোগেদি পাঠৰ প্ৰথম, দ্বিতীয় আৰু সপ্তম ফলি কেইখনৰ পাঠ উদ্ধাৰ কৰে। বিদ্যাবিনোদনে চাৰি বছৰ পাছত ষষ্ঠ ফলিখন পাই তাৰ পাঠ 'নবযুগ' আৰু 'প্ৰতিভাৰ' জৰিয়তে প্রকাশ কৰে। ইয়াৰ প্ৰায় তিনিমাহ পাছত তৃতীয় ফলিখন উদ্ধাৰ হয় আৰু তৃতীয়ফলিৰ সৈতে ষষ্ঠ ফলিখনৰ পাঠ 'এপিগ্রাফিয়া ইন্ডিকা ত প্ৰকাশ কৰাৰ লগে লগে ভাৰতীয় পুৰাতত্ববিদসকলে নিধনপুৰ তাম্র ফলিখনৰ বিষয়ে সবিশেষ জানিবলৈ সমর্থ হয়। পাছলৈ চতুৰ্থফলিখন উদ্ধাৰ কৰি আটাইবোৰ ফলি 'কামৰূপ শাসনাৱলী'ত সন্নিৱিষ্ট কৰিছে। তাম্রশাসন ফলিৰ চতুৰ্থ আৰু ষষ্ঠ ফলি দুখন অসম ৰাজ্যিক সংগ্ৰহালয়ত আৰু বাকী ফলিকেইখন শ্রীহট্টত বসবাস কৰা বাবু পবিত্ৰ নাথ দাসৰ হাতত সংৰক্ষিত অৱস্থাত আছে।
১৫। ডুবি তাম্ৰশাসনত কাৰ বিষয়ে কি বিষয় খোদিত কৰা হৈছে?
উত্তৰ: মহাৰাজ ভাস্কৰবৰ্মাই ৬০৬ খ্ৰীষ্টাব্দত প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ ৩৪৮-৬৪৯ খ্রীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। গতিকে ফলিকেইখনৰ সময় সপ্তম শতিকাৰ আদিভাগ বুলি সহজে অনুমান কৰিব পাৰি।
ডুবি তাম্রশাসন বা ফলকত সংযোজিত হৈ থকা ভাস্কৰবৰ্মনৰ মোহৰত পুষ্যবৰ্মনক 'মহাৰাজধিৰাজ' আৰু 'প্রাগজ্যোতিষৰ অধিপতি' বুলি উল্লেখ আছে। 'মহাৰাজধিৰাজ' উপাধি গ্রহণে পুষ্যবৰ্মনৰ স্বতন্ত্ৰ অৱস্থানক উনুকিয়ায়। ধাৰণা কৰিব পাৰি যে আৰম্ভণি সময়ত পূষ্যবর্মন গুপ্তসকলৰ অধীনষ্ঠ ৰজা আছিল। কিন্তু পিছৰ পৰ্য্যায়ত তেওঁ এজন স্বাধীন ৰজা হৈ পৰে আৰু কামৰূপক এক গুৰুত্বপূৰ্ণ অৱস্থালৈ উন্নীত কৰে।